Chapter 5
ভাৰতীয় আদর্শত বৈৰাগী
(ক) অতি চমু প্ৰশ্নঃ
১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?
উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।
২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল 'বেদ'।
৩। কর্ম কৰা কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?
উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদ্গীতাত কর্মযোগ বুলি কৈছে।
৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?
উত্তৰঃ তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম হ’ল 'কামসেন্দূৰ'।
৫। তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ'ল 'সত্য' আৰু 'ধর্ম'। অর্থাৎ সত্য ক'বা আৰু ধর্ম আচৰণ কৰিবা ।
৬। 'পঞ্চপুষ্প' পুথিখনৰ ৰচক কোন?
উত্তৰঃ 'পঞ্চপুষ্প' পুথিখনৰ ৰচক হ'ল- তীৰ্থনাথ শর্মা।
৭। লেখকে কেনে ত্যাগক প্রকৃত ত্যাগ নহয় বুলি কৈছে?
উত্তৰঃ নোহোৱাৰ নেলাগে বোলা ত্যাগক লেখকে প্রকৃত ত্যাগ নহয় বুলি কৈছে।
৮। তৈত্তিৰীয় উপনিষদৰ মতে কোনো ব্যক্তিৰ বাবে কর্ষনীয় গুন দুটা কি কি?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ মতে, কোনো ব্যক্তিৰ বাবে দুটা মুখ্য গুণ বা কর্ষণীয় গুণ হ'ল — সত্য আৰু ধর্ম।
৯। কৰ্মযোগৰ মূলকথা কি?
উত্তৰঃ ত্যাগৰ ভাবনা লৈ, আজ্জু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ নিজৰ ভাগ্য অনুসাৰে ভোগ কৰা আৰু তাৰ বাবে কৰ্ম কৰাটোৱেই কর্মযোগৰ মূল কথা। গীতা মতে, মানুহে কামনা-আসক্তিবিহীনভাৱে নিজৰ কৰ্তব্য পালন কৰিব লাগে।
১০। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?
উত্তৰঃ ঋকবেদৰ মন্ত্রসমূহ আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এখন আদৰ্শ উজ্জ্বল আৰু সমৃদ্ধ সমাজৰ ৰূপ দেখা পোৱা যায়, য'ত মানুহে শান্তি, একতা, ন্যায় আৰু ধৰ্মৰ ভিত্তিত জীৱন যাপন কৰে।
(খ) চমু প্ৰশ্নঃ
১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন, সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কি ভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা সূচাইছে।
২। 'শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’ মানে কি?
উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত উল্লেখিত 'শ্ৰদ্ধয়া দেয়ম্’ মানে হ'ল শ্ৰদ্ধাৰে দান কৰা আৰু 'অশ্রদ্ধয়া অদেয়ম্' মানে হ'ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে। এনে ভাৱ দান কৰা -নকৰা সমান।
৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থবান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত ,পৰাজয় বৰণৰ তুল্য। থাকিও সংযত ভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই প্ৰকৃত ত্যাগ।
৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধিবাক্য হিচাপে আছে 'ভূঞ্জীথাঃ', নিষেধ বাক্য মা গৃধঃ। ইয়াৰ অৰ্থ হ’ল ভোগ কৰা আৰু সেই ভোগ ত্যাগ কৰিহে কৰিব লাগে।
৫। ‘অতিথি দেৱো ভৱ’ মানে কি?
উত্তৰঃ ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে-'মাতৃ দেৱো ভৱ' 'আচার্য দেৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। এই ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাই। অতিথি দেৱতাৰ তুল্য। সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অর্জন কৰাৰ উপদেশ পাইছে আৰু আচার্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আর্জন অর্পিত কৰিব লাগে।
৬। প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?
উত্তৰঃ প্ৰকৃততে ত্যাগ বুলিলে বুজায়— থাকিও সংযমিতভাৱে ভোগ কৰা আৰু নিজৰ সম্পদ, সুখ-সুবিধা আনৰ সৈতে সংবিভাজনৰ জৰিয়তে সমৃদ্ধিৰ সঠিক গতি নিশ্চিত কৰা।
আৰু বৈৰাগ্য বুলিলে বুজায়—কোনো বস্তু, ব্যক্তি বা ভোগৰ উপৰি আসক্তি নাথাকি, পালেও তাত নিৰাসক্ত হৈ থাকিব পৰা মানসিকতা।
এইদৰে, ত্যাগ আৰু বৈৰাগ্য মানে সকলো এৰি দিয়া নহয়, বৰং ই এক উচ্চতৰ মানসিক অৱস্থা, য’ত ব্যক্তি নিজৰ মুল্যবোধ, সংযম আৰু সহভাগিতাৰ দ্বাৰা জীৱনলৈ আগবাঢ়ে।
৭। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?
উত্তৰঃ ঋকবেদৰ মন্ত্রসমূহ আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এখন উজ্জ্বল আৰু সমৃদ্ধ সমাজ গঠন কৰাৰ এক শক্তিশালী অভিলাষ প্ৰকাশ পাইছে। এই আদর্শ হ’ল কর্মৰ আদৰ্শ—য’ত জীৱনৰ উৎকৰ্ষ সাধন কৰাটো মূল লক্ষ্য। এই মন্ত্রবোৰত কেৱল কৰ্ম কৰিবলৈ উৎসাহ দিয়া নহয়, বৰঞ্চ কেনেকৈ মন-মনোবৃত্তিক শুদ্ধ কৰি কৰ্ম কৰিব লাগে—সেই কৌশল বা মনোভাৱৰ উন্নয়নকেই উপদেশ দিয়া হৈছে।
পিছলৈ এই কৰ্মপথ বা কৰ্মধাৰাকেই ভাগৱদ গীতাত 'যোগ' বা 'কর্মযোগ' নামেৰে ব্যাখ্যা কৰা হৈছে, য’ত নিঃস্বাৰ্থভাবে কৰ্ম কৰি আধ্যাত্মিক মুক্তিলৈ আগবাঢ়িবলৈ উৎসাহ দিয়া হৈছে।
৮। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ?
উত্তৰঃ তৈত্তিৰীয় উপনিষদত গুৰু বা আচার্যই ব্যক্তিজীৱনৰ দায়িত্বৰ ক্ষেত্ৰ ক্ৰমে বিস্তাৰিত কৰি ব্যক্তি, পৰিয়াল আৰু সমাজৰ ওপৰত তেওঁৰ কৰ্তব্য স্মৰণ কৰাইছে। তাত কোৱা হৈছে—‘মাতৃ দেৱো ভৱ’, ‘পিতৃ দেৱো ভৱ’, ‘আচার্য দেৱো ভৱ’, ‘অতিথি দেৱো ভৱ’, যাৰ জৰিয়তে পিতৃ-মাতৃৰ জৰিয়তে পৰিয়ালৰ, আচার্য আৰু অতিথিৰ জৰিয়তে সমাজৰ প্ৰতি দায়িত্বৰ কথা উল্লেখ কৰা হৈছে।
এই আদর্শৰ আধাৰত সংসাৰত প্ৰৱেশ কৰা যুৱসকলক এই উপদেশ দিয়া হৈছে যে, তেওঁলোকে উপাৰ্জন কৰা ধন কেৱল নিজৰ সুখ-সুবিধাৰ বাবে নহয়, পৰিয়ালৰ কল্যাণৰ বাবে নহয়, সমাজৰ উন্নতিৰ বাবে—যাৰ প্ৰতিনিধি হ’ল আচার্য আৰু অতিথি—তেওঁলোকৰ প্ৰতিটো উৎসৰ্গা কৰিব লাগে। এইদৰে উপনিষদে এক সমগ্ৰ সমাজমুখী দৃষ্টিভংগিৰ শিক্ষা দিয়ে।
৯। নিত্য অধ্যয়ণৰ গুৰুত্ব কেনেকুৱা?
উত্তৰঃ গুৰুৱে সত্য আৰু ধর্ম—এই দুই মহৎ গুণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি, প্ৰতিদিনে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা সোঁৱৰাইছে। তেওঁ উল্লেখ কৰে যে এই নিত্য অধ্যয়ন সভ্য, শৃংখলাবদ্ধ আৰু নৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। ই কেৱল জ্ঞান অৰ্জনৰ উপায় নহয়, বৰং এক উন্নত আচৰণ গঢ়ি তুলাৰ ভিত্তি।
এই অধ্যয়নক গুৰুৱে খাব খোৱাৰা দৰে নিত্য কৰণীয়, অৰ্থাৎ—যি দৰে জীৱিত থাকিবলৈ খোৱা-শোৱাটো এৰিব নোৱাৰি, তেনেদৰে জ্ঞান অৰ্জন তথা নৈতিক উন্নতিৰ বাবে এই অধ্যয়নো সদায় কৰিবই লাগিব—বুলি উল্লেখ কৰিছে। সেয়েহে, অধ্যয়ন হৈছে এক জীৱনভৰীয়া কৰ্তব্য, যি ব্যক্তিজীৱনৰ উৎকৰ্ষৰ মূল চাবিকাঠি।
১০। ধন-সম্পদ বৃদ্ধি সম্পর্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে?
উত্তৰঃ উপনিষদত ধন-সম্পদৰ বৃদ্ধি সম্পৰ্কে স্পষ্টভাৱে উপদেশ দিয়া হৈছে যে, ধন আহৰণ মংগলজনক উদ্দেশ্যে, সৎপথে আৰু নৈতিকতাৰে কৰা উচিত। উপনিষদে কয়, ধন-সম্পদ সংগ্ৰহ কৰাটো নিজে কেৱল ভোগ কৰিবলৈ নহয়, বৰং ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ সমাজ, পৰিয়াল আৰু ব্যক্তিগত কল্যাণৰ বাবে ব্যৱহাৰযোগ্য হৈ উঠিব লাগে।
ইয়াত দানৰ পৰম্পৰাৰো বিশেষ গুৰুত্ব দিয়া হৈছে। স্ব-অর্জিত ধন কিমান সংবিভাজ্য হ’ব লাগে, কিমান অংশ সমবেদনা, লজ্জা, বন্ধুত্ব আৰু প্ৰেমৰে দান কৰিব লাগে—সেয়া উপনিষদে স্পষ্টকৈ ব্যাখ্যা কৰিছে। এই দান শাস্ত্ৰবিধি, লোকলজ্জা, আৰু নৈতিক বোধৰ আধাৰত হওঁক বুলি কোৱা হৈছে।
সমসাময়িকভাৱে, তৈত্তিৰীয় উপনিষদ এই ধাৰণাক অধিক স্পষ্ট কৰি কয় যে, ধন আহৰণ কেৱল নিজৰ সুখৰ বাবে নহয়। এই ধন-সম্পদ নিজৰ কাৰণে, পৰিয়ালবৰ্গৰ কাৰণে, আৰু সমাজৰ কাৰণে—যাৰ প্ৰতিনিধি হ’ল আচার্য আৰু অতিথি—তেওঁলোকৰ হিতৰ উদ্দেশ্যে অৰ্পণযোগ্য হব লাগে।
এইদৰে, উপনিষদে এক সাম্য, নৈতিকতা আৰু উত্তৰদায়ী জীৱনৰ দিশে পথ দেখুৱাইছে।
১১। উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা
উত্তৰঃ উপনিষদৰ কৰ্মযোগত এই কথা প্ৰকাশ কৰা হৈছে যে, মানুহে সত্য আৰু ধর্মৰ দৰে কৰ্ষণীয় গুণ দুটা আগত ৰাখি, কৰ্ম প্ৰবৃত্তিৰে জীৱন যাপন কৰি এশ বছৰ জীয়াই থকাৰ ইচ্ছা ৰাখিব লাগে। কাৰণ আমি শৰীৰধাৰী, আৰু শৰীৰধাৰীয়ে কৰ্ম ব্যতীত জীৱন অতিবাহিত কৰিব নোৱাৰে। সেইবাবে উপনিষদে উপদেশ দিয়ে — কৰ্ম কৰা, কিন্তু ফলৰ আসক্তিত লিপ্ত নহ’ব। এই নিৰাসক্ত ভাৱে কৰ্ম কৰাৰ শিক্ষাই হৈছে কৰ্মযোগৰ মূল সাৰ।
ওপৰঞ্চি প্ৰশ্নঃ
১। তীর্থনাথ শৰ্মা দেৱৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ তীর্থনাথ শৰ্মা দেৱৰ জন্ম ১৯১১ চনত হৈছিল।
২। তীর্থনাথ শৰ্মা কোন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?
উত্তৰঃ তীর্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
৩। তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ ১৯৭১ চনত অনুষ্ঠিত হোৱা মাকুম অধিবেশনৰ সভাপত আছিল।
৪। তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ পঞ্চপুষ্প, ভক্তিবাদ ।
৫। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ।
৬। পাঠটিত কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'ব কৈছে?
উত্তৰঃ দেৱকার্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্থ নহ'ব কৈছে।
৭। ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে ?
উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।
৮। বেদ কেইখন আৰু কি কি?
উত্তৰঃ বেদ চাৰিখন। সেইকেইখন হ'ল -ঋক্ বেদ, যজুঃৰ্বেদ, সামবেদ আৰু অথর্ববেদ।
৯। ভগৱদ্গীতাৰ মূল বাণী কি?
উত্তৰঃ ভগৱদ্গীতাৰ মূল বাণী হ'ল কর্মই ধর্ম।
১০। চাৰি আশ্ৰম কি কি?
উত্তৰঃ চাৰি আশ্ৰম হ'ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
১১। দুখন উপনিষদৰ নাম লিখা।
উত্তৰ: দুখন উপনিষদৰ নাম হৈছে- তৈত্তিবীয় উপনিষদ আৰু ঈশোপনিষদ
(গ) দীঘল প্ৰশ্নঃ
১। 'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ'-কথাষাৰ বহলাই লিখা।
উত্তৰঃ বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। 'বেদ' শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই।পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধর্ম গ্ৰন্থয়েই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা।
বেদৰ অন্তিম অংশ বেদান্তত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়।বিভিন্ন ভাৰতীয় দর্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম, দর্শন, সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে।
২। চাৰি আশ্ৰম বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।
ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। এইয়াই হৈছে চাৰি আশ্ৰমৰ মূল।
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা কৈছে?
উত্তৰঃ প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।
ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। কিন্তু এই বৈৰাগ্য নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থবান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য। আকাংক্ষিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদর্শত বৈৰাগ্য বুলি কোৱা হয়।
৪। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?
উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে উপদেশ দিছিল এনেদৰে-
বিদ্যার্থীসকলে সত্য ক'ব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ'ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে। সত্যৰ পৰা, ধর্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত হ'ব নালাগে। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কার্য কৰিব লাগে কিন্তু ধর্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে। পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে। এওঁলোকক সদায় দেৱতাৰ দৰে মান্য কৰিব লাগে। যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।
উপার্জিত ধন, সম্পদ কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, লগতে কিভাৱে দান কৰিব লাগে সেই কথাও বিদ্যার্থীক সোঁৱৰাই দিছে।
এনে আদর্শৰ দ্বাৰা জীৱন সংগ্ৰামত খোজ দিবৰ বাবে গুৰুৱে বিদ্যার্থীক উপদেশ দিছে।
৫। ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষ এখন আদর্শ দেশ।ভাৰতীয় আদর্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। তাৰ লগে লগে বৈৰাগ্য অর্থাৎ বিষয়ৰ ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদর্শৰে অন্য এক ধাৰা। জীৱনত কর্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধর্ম।কাম কৰিও নিৰাসক্ত ভাৱে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। ইয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।
ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত স্ব-উপার্জিত ধন, সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কি ভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা উল্লেখ কৰিছে।
বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন-যাপনৰ পৃথক পৃথক প্ৰণালী আছে। ভাৰতীয় সভ্যতা সংস্কৃতিত এক আদর্শ নিহিত হৈ আছে আৰু এই আদর্শ গঢ়ি উঠিছে বেদক কেন্দ্ৰ কৰি। বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বেদ চাৰিখন যেনে- ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথর্ববেদ। এই বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা।
ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে জ্ঞান আহৰণৰ সময়, য'ত গুৰুয়ে শিষ্য সকলক বেদৰ মন্ত্ৰ, প্ৰাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰ সমূহ, কৰ্ম কৰাৰ কৌশল আদিৰ উপদেশ প্ৰদান কৰে। গাৰ্হস্থই গৃহস্থী জীৱনৰ কৰ্তব্য সমূহৰ কথা ব্যক্ত কৰে। ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। লগতে গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে 'সত্য' আৰু 'ধর্ম 'এই দুটা আচৰণ সদায় মানি চলিব,সততাৰে ধন উপার্জন কৰিব,পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব ,ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিবলৈ উপদেশ দিছে।
ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ এই তিনিটা কথা সোঁৱৰাই দিছে-'মাতৃ দেৱো ভৱ' 'আচার্য দেৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। এই ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাই। সেয়ে সংসাৰত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ নিজৰ আৰু পৰিয়ালৰ বাবে ধন সম্পদ অর্জন কৰাৰ উপদেশ পাইছে আৰু আচার্য অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ বাবেও তেওঁৰ আর্জন অর্পিত কৰিব লাগে।
শেষত কোৱা হৈছে যে কামৰ বাহিৰে আন কোনো উপায় নাই।নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন।
৬। তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।
উত্তৰঃ তৈত্তিৰীয় উপনিষদত গুৰু বা আচার্যই যি উপদেশ দিছে, তাৰ মূল আৰু প্ৰথম শিক্ষা হৈছে — ‘সত্য’ আৰু ‘ধর্ম’। এই দুটা গুণেই ব্যক্তিগত জীৱনৰ নৈতিক ভিত্তি আৰু সামাজিক জীৱনৰ কল্যাণমূলক দিশ নিৰ্ধাৰণ কৰে। সত্য আৰু ধৰ্ম সমাজ আৰু ব্যক্তিৰ বাবে সমানভাৱে কৰ্ষণীয়, কাৰণ এই গুণবোৰে জীৱনক কল্যাণময়, আনন্দময় আৰু পাৰত্ৰিকভাৱে গৌৰৱময় কৰে। এই দুই গুণকেই বিদ্যা লাভৰ চূড়ান্ত উদ্দেশ্য হিচাপে দৰ্শোৱা হৈছে। সেয়েহে আচার্যে শিষ্যক উপদেশ দিয়ে — প্ৰতিদিন অধ্যয়ন কৰা, যি খোৱাদোৱা বা শোৱাসকলৰ দৰে জীৱনৰ এক নিত্য কর্তব্য। এই অধ্যয়ন সভ্যতাৰ উন্নয়ন আৰু উন্নত আচৰণৰ বাবে অপৰিহাৰ্য।
এই নৈতিক উপদেশ দিয়াৰ পিছতহে গুৰুৱে শিষ্যক উপদেশ দিয়ে যে, তেওঁলোক সৎপথত থাকি ধন-সম্পদ উপাৰ্জন কৰিব, কিন্তু সেই ধন কেৱল নিজৰ বাবে নহয় — সামাজিক আৰু পৰিয়ালিক দায়বদ্ধতাৰ সৈতে।উপনিষদত গুৰুৰ উপদেশৰ এক বিশেষ দিশ হৈছে — ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ নিজৰ পৰা পৰিয়াললৈ, আৰু পৰিয়ালৰ পৰা সমাজলৈ বিস্তৃত হ’ব লাগে। এই কথা ‘মাতৃ দেৱো ভৱ, আচার্য দেৱো ভৱ, অতিথি দেৱো ভৱ’ — এই মন্ত্রসমূহৰ যোগেদি প্ৰকাশ কৰা হৈছে। ইয়াত মাতৃ-পিতৃয়ে পৰিয়ালৰ, আৰু আচার্য-অতিথিয়ে সমাজৰ দায়িত্ব প্ৰতিনিধিত্ব কৰে।
সেয়েহে উপনিষদৰ মতে, সংসাৰত প্ৰৱেশ কৰা যুৱকজনে নিজৰ অৰ্জন কেৱল নিজৰ বা পৰিয়ালৰ সুখ-সুবিধাৰ বাবে নহয়, বরঞ্চ সমাজৰ মংগলৰ বাবে আচার্য আৰু অতিথিৰ ৰূপত সমাজকো অংশীদাৰ কৰিব লাগে।এইদৰে, তৈত্তিৰীয় উপনিষদৰ গুৰু-উপদেশসমূহে বিদ্যাৰ্থীৰ সন্মুখত এক নৈতিক, কৰ্মনিষ্ঠ, সমাজ-সংলগ্ন জীৱনৰ আদৰ্শ চিত্ৰ প্ৰস্তুত কৰি তোলে
৭। প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম
উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ ৰচিত 'ভাৰতীয় আদৰ্শত বৈৰাগ্য' পাঠৰ পৰা গৃহীত। এই কথাৰ জৰিয়তে বোঝাব বিচৰা হৈছে যে, ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ, আৰু এই দুয়োটা মূলতে এক বিশেষ মনোধৰ্ম। এই ত্যাগ — কেৱল নোপোৱাৰ বেদনা বা হাবাথুৰি খাই উদ্ভূত বিৰক্তিৰ ফলত হোৱা বৈৰাগ্য নহয়। আৰু এই ত্যাগ কোনো অপ্ৰয়োজনীয় বা অস্তিত্বহীন বস্তুৰ পৰিত্যাগও নহয়। এনে ত্যাগ বা বৈৰাগ্য জীৱন-সংগ্রামত পৰাজয় স্বীকাৰ কৰাৰ সমান।
সঁচা ত্যাগ হ’ল — থাকিও মনক সংযত কৰি ভোগ কৰা, আৰু সেই ভোগৰ মাজতো সমবণ্টনৰ মনোভাৱৰে সমৃদ্ধিৰ সদ ব্যৱহাৰ কৰা। এই মনোভাবেই প্ৰকৃত ত্যাগ। ঠিক তেনেদৰে, কোনো বস্তু বা সম্পদ লাভ কৰিও যদি মন নিৰাসক্ত থাকে, তেনেহ’লে সেইটোহে আদৰ্শ বৈৰাগ্য। সেয়েহে, ত্যাগ আৰু বৈৰাগ্য — এই দুয়োটা আচৰণ জীৱনৰ বাহ্যিক ব্যৱহাৰৰ নহয়, মনৰ গভীৰ নিয়ন্ত্রণ আৰু সজাগতাৰে গঠিত মনোধৰ্ম। ভাৰতীয় আদৰ্শত এই মনোধৰ্মই মানুহক উচ্চতাৰ পথ দেখুৱায়।