উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

MAIN CONTENT


    👉MCQ Online Exam

    👉Text Book PDF

    👉MCQ Answer

    👉Short Question Answer

    👉YouTube Video

অনুশীলনীঃ


1) খালী ঠাই পূৰ কৰা।

ক) প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইতে অভয়াৰণ্য বুলি কোৱা হয়।

খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়।

গ) জলবায়ু  ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।


2) এটাৰ পৰা আনটোক পৃথক কৰা।

ক) বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।

উত্তৰঃ


খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।

উত্তৰঃ




গ) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি।

উত্তৰঃ



ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল।

উত্তৰঃ


৩) বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।

ক) বন্যপ্ৰাণী

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বহুত প্ৰভাৱ পৰে তাৰ ভিতৰতঃ-

১) খাদ্য বস্তুৰ নাটনি হব।

২) বন্যপ্ৰাণীৰ থকা ঠাই বা বাসস্থান কমি আহিব।

৩) খাদ্য আৰু বাসস্থানৰ সন্ধানত বন্যপানী বোৰ মানুহৰ বসতি স্থানলৈ ওলাই আহিব ফলত মানুহৰ লগত সংঘাট হব।


খ) পৰিৱেশ।

উত্তৰঃ পৰিৱেশৰ ওপৰত ও বহুত প্ৰভাৱ পৰিব 

১) বায়ুমণ্ডল কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব।

২) বৰষুণ কম/ অনিয়মীত হব।

৩) ভূমিস্থলন হব।

৪) গোলকীয় উত্তাপ বৃদ্ধি হব।

৫) বতৰৰ পৰিৱৰ্তন হব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব।


গ) গাঁও (গ্ৰাম্য অঞ্চল)

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত গাঁও অঞ্চলতোও বহুত প্ৰভাৱ পৰিব।

১) বনাঞ্চল ধ্বংসৰ ফলত বতৰৰ পৰিৱৰ্তন হ'ব ফলত বৰষুণৰ পৰিমাণ কমি  যাব কাৰণে খেতিয়কৰ খেতি কৰাত অসুবিধা হব।

২) মাটিৰ উৰ্বৰতা শক্তি কমিব ফলত শস্যৰ উৎপাদন কমিব।

৩) ইন্ধন হিচাপে ব্যৱহাৰ কৰা খৰিৰ নাটনি হ'ব।

৪) বতৰৰ পৰিৱৰ্তনৰ ফলত বানপানীৰ সমস্যাই দেখা দিব।


ঘ) নগৰ (নগৰীয়া অঞ্চল)

উত্তৰঃ বনাঞ্চলৰ ধ্বংস নগৰ অঞ্চলত ও বহুত পৰিমাণে প্ৰভাৱ পেলায়।

১) বতৰৰ পৰিৱৰ্তনৰ কাৰণে অনিয়মিত বৰষুণ হ'ব, ফলত নগৰ অঞ্চলত কৃত্ৰিম বৰষুণ হয়।

২) বায়ুমণ্ডল প্ৰদূৰ্ষণ যঠেষ্ট হব ফলত প্ৰাণীবোৰে বিশুদ্ধ বায়ু নাপাব।


ঙ) পৃথিৱী 

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱ সমূহ তলত আলোচনা কৰা হ’ল-

১) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ’ব।

২) বতৰৰ পৰিৱৰ্তন হ’ব।

৩) বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে, বানপানী ভূমিস্থলন দেখা যাব।

৪) কিছুমান ঠাইত অত্যাধিক খৰাংৰ ফলত মৰুভূমিত পৰিণত হব।


চ) উত্তৰ প্ৰজন্ম

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্ৰজন্মৰ ওপৰত পৰা প্ৰভাৱসমূহ হ’ল – 

১) গোলকীয় উত্তাপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব।

২) বানপানী, মাটিৰ খহনীয়াৰ দৰে দুৰ্যোগবোৰে উত্তৰ প্ৰজন্মক ক্ষতি কৰিব।

৩) জৈৱ বৈচিত্ৰতা ধ্বংশৰ লগতে পৰিৱেশতন্ত্ৰত পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোগ কৰিব।


৪) কি হ’ব পাৰে যদি

ক) আমি গছ কাটি গৈ থাকোঁ,

উত্তৰঃ যদি আমি গছ কাটি গৈ থাকোঁ তেতিয়া আমাৰ বনাঞ্চল ধ্বংস হৈ যাব, ফলত-

১) পৃথিৱীৰ উষ্ণতা আৰু প্ৰদৃষণৰ মাত্ৰা বাঢ়িব।

২) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যিয়ে পৃথিৱীৰ উষ্ণতা বঢ়োৱাত সহায় কৰিব।

৩) ভূগৰ্ভস্থ পানী পৃষ্ঠও তললৈ নামিব।

৪) প্ৰাকৃতিক ভাৰসাম্য নষ্ট হব।

৫) বৰষুণৰ পৰিমাণ কমিব আৰু মাটিৰ উৰ্বৰতা কমি যাব ফলত বানপানী, খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগ দেখা দিব।


খ) প্ৰাণীৰ অৱাসস্থলী বিঘ্নিত হয়,

উত্তৰঃ প্ৰাণীৰ অৱাসস্থলী বিঘ্নিত হোৱাৰ ফলত-

১) প্ৰণীসমূহ বনাঞ্চললৈ ওলাই আহিব।

২) প্ৰাণীসমূহৰ খাদ্যত নাটনি হব।

৩) প্ৰাণীসমূহৰ ক্ৰমান্বয়ে সংখ্যা কমি আহি এসময়ত বিলুপ্তি হ’ব।

৪) চোৰাং-চিকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।


গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।

উত্তৰঃ মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থকাৰ ফলত-

১) মাটিৰ ক্ষয়ভৱন হ’ব।

২) মাটিৰ উৰ্বৰতা শক্তি কমি যাব।

৩) পানীধাৰণ ক্ষমতা কমি যাব।

৪) ভূ-পৃষ্ঠৰ পৰা ভূ-গৰ্ভলৈ পানীৰ গতি কমি যাব।


৫) চমুকৈ উত্তৰ দিয়া

(ক) জীৱ বৈচিত্র্যক আমি কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰঃ জীৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্যত সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ যিকোনো এটাৰ ক্ষতি হ’লে খাদ্য-শৃংখলত প্ৰভাৱ পৰিব ফলত প্ৰাকৃতিক ভাৰসাম্য নষ্ট হবওঁ পাৰে। গতিকে আমি জীৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিব লাগে। 


(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভাৱে সুৰক্ষিত নহয়, কিয়? 

উত্তৰঃ ইয়াৰ কাৰণ হ’ল- বন্যপ্ৰাণীবোৰ চোৰাং-চিকাৰীৰ দ্বাৰা নিধন হয়। দ্বিতীয়তে কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি কাঠ আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়।

কেতিয়াবা বানপানীৰ সময়ত প্ৰাণীবোৰে ওখ ঠাই ,বিচাৰি ফুৰোতে মৃত্যুৰ মুখতো পৰে।


(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ? 

উত্তৰঃ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কাৰণ তেওঁলোকে খাদ্য, আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে।

তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰা আহৰণ কৰে।


(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি? 

উত্তৰঃ বনাঞ্চল ধ্বংস প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োটা কাৰণে হয়।

প্ৰাকৃতিক কাৰণঃ  বনজুই আৰু প্ৰচণ্ডখৰাং

মানৱসৃষ্ট কাৰণঃ খেতি কৰিবলৈ মাটি উলিওৱা, ঘৰ আৰু কল-কাৰখানা নিৰ্মাণ কৰিবলৈ, ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে  ইত্যাদি।

বনাঞ্চল ধ্বংসৰ পৰিণতিঃ বায়ুমণ্ডলত co2 (কাৰ্বন-ডাই-অক্সাইড) ৰ পৰিমাণ বেছি। পৃথিৱীৰ উষ্ণতা বঢ়া। বৰষুণৰ পৰিমাণ কমি যোৱা। মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা ভূমিস্খলন হোৱা আদি।


(ঙ) ৰেড ডেটা বুক কি? 

উত্তৰঃ ৰেড ডেটা বুক হ’ল সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।


(চ) পৰিভ্রমণ বুলিলে কি বুজা ? 

উত্তৰঃ চৰাইবোৰৰ নিজা আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অনুকুল জলবায়ুৰ অঞ্চললৈ কণী পাৰিবৰ বাবে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। ইয়াকে পৰিভ্ৰমণ বোলে।


(৬) কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিতনে ? আলোচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা। 

উত্তৰঃ কাৰাখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা উচিত নহয়। ইয়াৰ পৰা বহু ধৰণৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে-

১) কাৰ্বন-ডাই-অক্সাইডৰ (co2) পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায়।

২) পৃথিৱীৰ উষ্ণতা বাঢ়ি যায়।

৩) বৰষুণৰ পৰিমাণ কমি যায় আৰু বতৰৰ পৰিৱৰ্তণ আহে।

৪) মাটিৰ উৰ্বৰতা কমি যায় লগতে মাটিৰ ক্ষয়ীভৱন বাঢ়ি যায়।

৫) খৰাং বতৰৰ সৃষ্টি হয়।

৬) পৰিৱেশ প্ৰদুষণ বাঢ়ি যায়।

৭) ভূমিস্থলন, বানপানীৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ দেখা দিয়ে। 


(৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা ? তোমালোকে গ্রহণ কৰা কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ কাৰ্যৰ তালিকা তলত দিয়া হ’ল –

১) গছ পুলি ৰোপনৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় যতন লোৱাৰ ব্যৱস্থা কৰিম।

২) গছ কটাৰ পৰা বিৰত থাকিম। প্ৰয়োজনত গছ কাটিলেও পুনৰ গছ ৰোৱাৰ ব্যৱস্থা কৰিম।

৩) জনসাধাৰণৰ মাজত গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাৰ লগতে গছ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰিম।

৪) কগজ বঢ়োৱা, পুনৰবাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰত্ব দিম।


৮ ) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে ফলত ই গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰে। সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কম হয়। ফলত খৰাং বতৰৰ সৃষ্টি হয়। 


৯ ) তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ----> অৱস্থানঃ গোলাঘাট, নগাওঁ, শোণিতপুৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যান   ------> অৱস্থানঃ ডিব্ৰুগড়, তিনিচুকীয়া

নামেৰী ৰাষ্ট্ৰীয় উদ্যান   --------> অৱস্থানঃ শোণিতপুৰ

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান -------> অৱস্থানঃ ওদালগুৰি, শোণিতপুৰ


১০) কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ এক নৈ কাগজ বনাবলৈ ১৭ জোপা পৈনত গছৰ প্ৰয়োজন। কগজ বচোৱা মানে গছকে বচোৱা হয়।

কাগজ বচোৱা মানে অকল গছকে বচোৱা নহয়, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি আৰু পানীও বচোৱা হয়। ইয়াৰ বাহিৰেও কাগজ প্ৰস্তুত কঁৰোতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰা হয়।


Hirak Jyoti Mahanta

SPELLING CHECK
              BY
           DIKHA
Spelling check by Shristi Mahanta