গোট ১: গদ্য: 

ধনৰ ব্যৱহাৰ - সত্যনাথ বৰা

আৰ্হি প্ৰশ্ন (মূল্যাংক-১)

১) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণলোকৰ দুই ধৰ্ম ৷


২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?

উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হৈছে -আয় অনুসৰি ব্যয় কৰা ৷


৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন ৷


৪) মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ ল’ব লগা হয় ৷


৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।


 চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।


২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

উত্তৰঃ আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে। তেওঁলোকৰ মতে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন।


৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়।


৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

উত্তৰঃ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ বাবেও কৃপণালি কৰে।


৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল-

ক) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে।

খ) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল।


 দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫) 

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

উত্তৰঃ অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কাম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে৷এয়াই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল।


২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলৰে। মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷ খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।


৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায়। কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰিব লগীয়া হয়। ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মৰ্যাদা হেৰুৱায়, মনৰ সুখ-শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে। ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায়। সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই ল’ব নালাগে।


 8।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷

উত্তৰ: লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ। প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা-ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে। দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে। নিজৰ ঘৰত এখন আঞ্জা, আনৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ’লে এখোজো নোলায়। মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হ’ব নিদিয়ে, কাৰণ তেনেহ’লে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয়।

 

৫। "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"। - ব্যাখ্যা কৰা 

উত্তৰ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে।


 লেখক পৰিচয় 

১)সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল।


২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম 'গীতাৱলী' আৰু এইখন ১৮৮৮ চনত প্ৰকাশ পাইছিল।


৩) 'বহল ব্যাকৰণ' কাৰ ৰচনা ?

উত্তৰঃ 'বহল ব্যাকৰণ' সত্যনাথ বৰাৰ ৰচনা।


৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম 'আকাশ ৰহস্য'।


৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷

উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম - 'কেন্দ্ৰসভা', 'সাহিত্য বিচাৰ', 'সাৰথি', 'চিন্তাকলি'।


৬) সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?

উত্তৰঃ সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ ১৯০১ চনৰ সম্পাদক আছিল।


৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?

উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে।


ব্যাখ্যা কৰা - 

"ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ" -মূল্যাংক ৫

উত্তৰঃ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answer by: Sangeeta Das

Colours by: Jyotish Kakati (11-05-2022)

Check by- Punya Hazarika.


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------