গতায়ুস

                 

নিশাৰ শৃংখলাবোৰ ধীৰ

ইয়াৰ প্ৰতিটো টুকুৰাত সাৰ পাই,

ক্লান্ত আত্মাৰ আটাহ ,জীৱনৰ উদ্বেগ।

উচুপনিত বাগৰে , শোকৰ প্ৰতিপাহ ফুল।


 ক্লান্ত আত্মাৰ পথাৰত পোখা দি উঠে 

এটি এটি  ৰঙা কবিতা।

ইয়াৰ প্ৰতিটো ক্ষণত মৃত্যু হয় অপযশৰ এটি এটি দেহ।


কিহৰ বাবে তোৰ উশাহৰ ইমান দাম..?

দপদপাই উঠে আবেগে থলুৱা জীৱনৰ ক্লান্ত ৰূপ দেখি ।হেৰৌ...শেষ হৈ নাযাঅ' কিয় l কাৰ সৃষ্টিৰ অপেক্ষাত

 আৰু উজাগৰ এৰাতি।

                       শ্ৰী নৱজ্যোতি দাস