অধ্যায় ৪


 NEW UPDATE-2022 


ক্ষমতাৰ  বিকল্প কেন্দ্ৰ


Edit This Post



প্ৰশ্নাৱলীঃ

১। সময়ানুক্ৰমিকভাৱে তলত দিয়াবোৰ সজোৱাঃ

(ক) চীনৰ বিশ্ব বাণিজ্য সন্থাত যোগদান

(খ)  EEC প্ৰতিষ্ঠাপন

(গ) ইউৰোপীয়ান ইউনিয়ন প্ৰতিষ্ঠা      

(ঘ)  ARF- ৰ জন্ম ।

উত্তৰঃ  (খ)  EEC প্ৰতিষ্ঠাপন ( ১৯৫৭), (গ) ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিষ্ঠা (১৯৯২), (ঘ)  ARF- ৰ জন্ম ( ১৯৯৪) , (ক) চীনৰ বিশ্ব বাণিজ্য সন্থাত যোগদান (২০০১) ।


২। 'এছিয়ান পথ'ৰ অৰ্থ হ'ল-

(ক) এছিয়ান সদস্যসকলৰ জীৱন-শৈলীৰ প্ৰতিফলন ।

(খ) এছিয়ানৰ সদস্যসকলৰ মাজত সহযোগিতাৰ বাৰ্তালাপ।

(গ) এছিয়ানৰ সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি।

(ঘ) এছিয়ানৰ সদস্যসকলক সংযোগ কৰা পথ।

উত্তৰঃ  (ক) এছিয়ান সদস্যসকলৰ জীৱন-শৈলীৰ প্ৰতিফলন।


৩। তলত দিয়াবোৰৰ কোনখন দেশে Open Door নীতি গ্ৰহণ কৰিছিল-

(ক) চীন     

(খ) ইউৰোপীয়ান সংঘ    

(গ) জাপান      

(ঘ) ইউ. এছ. এ

উত্তৰঃ  (ক) চীন।


৪। খালী ঠাই পূৰ কৰা-

(ক) ভাৰত আৰু চীনৰ মাজত ১৯৬২ চনৰ সীমাৰ কাজিয়া আছিল বিশেষকৈ অৰুণাচল প্ৰদেশ  আৰু  লাডাখৰ আকচাই চীন  আঞ্চলিক ।

(খ) ARF প্ৰতিষ্ঠা হৈছিল ১৯৯৪ ।

(গ) চীনে দ্বিপাক্ষিক সম্বন্ধত সোমাইছিল আমেৰিকাৰ সৈতে (এখনপ্ৰখ্যাত দেশ ১৯৭২ চনত) ।

(ঘ) ARF এছিয়ানৰ সংগঠন যি নিৰাপত্তাৰ যোগাযোগ কৰিছিল।


৫। আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্য কি ?

উত্তৰঃ আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হ'ল একোটা অঞ্চলৰ ঐতিহাসিক, ভৌগোলিক আৰু প্ৰাকৃতিক সম্পদৰ সুযোগ-সুবিধা গ্ৰহণ কৰি দেশসমূহৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ এক নব্য ধাৰা গঢ়ি তোলা। এই সংগঠন বা সংস্হাসমূহে এককভাৱে দেশৰ কথা ভবাতকৈ সহযোগিতাৰ ভিত্তিত একোটা অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰে।


৬। আঞ্চলিক সংগঠন গঠনত ভৌগোলিক প্ৰভাৱ কি?

উত্তৰঃ আঞ্চলিক সংগঠন গঠনত ভৌগোলিক ক্ষেত্ৰৰ এক বৃহৎ প্ৰভাৱ বা ভূমিকা দেখা যায়। বিশেষকৈ আঞ্চলিক সংগঠন সমূহ একটো নিৰ্দিষ্ট অঞ্চলক ভিত্তি কৰি সেই অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ বাবে গঢ়ি উঠে। কোনো সময়ত এটা নিৰ্দিষ্ট অঞ্চলক কেন্দ্ৰ কৰি ইয়াৰ ওচৰ পাজৰৰ অঞ্চলসমূহ একত্ৰিত হৈ আঞ্চলিক সংগঠন গঢ়ি তোলে। উদাহৰণস্বৰূপে ১৯৯২ চনত ইউৰোপৰ দেশসমূহ একত্ৰিত কৰি ইউৰোপীয় ইউনিয়ন গঠন কৰা হয় আৰু ১৯৬৭ চনত দক্ষিণ-পূব এছিয়াৰ ৫ খন ৰাষ্ট্ৰক লৈ ASEAN সংগঠনটো গঠন কৰা হয়। অৰ্থাৎ এই সংগঠনবোৰ কেৱল ওচৰ পাজৰ অঞ্চল বা ৰাষ্ট্ৰ বা একেখন ড়মহাদেশৰ ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ গঢ়ি উঠে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ ভিন্ন অঞ্চল বা ৰাষ্ট্ৰসমূহেৰে নহয়।


৭। এছিয়ান ২০২০ চনৰ উপাদানবোৰ কি কি ?

উত্তৰঃ এছিয়ানে এক অতি গুৰুত্বপূৰ্ণ আঞ্চলিক সংগঠন হিচাপে দ্ৰুতভাৱে বৃদ্ধি পাইছে। এছিয়ানৰ লক্ষ্য ২০২০ য়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছিয়ানৰ বাবে বহিৰ্মুখী দৃষ্টিভঙ্গীৰ ভূমিকা নিৰ্ধাৰণ কৰিছে। এছিয়ান ২০২০ চনৰ উপদানসমূহ হ'ল বৰ্হিমুখী দৃষ্টিভঙ্গী, শান্তিপূৰ্ণ সহাৱস্হান, সুস্থিৰতা আৰু উন্নয়ন, পাৰস্পৰিক সহোগিতা আৰু এই উপাদান সমূহেৰে এছিয়ানৰ ৰাষ্ট্ৰসমূহৰ বিভিন্ন ক্ষেত্ৰত উন্নতি আৰু পাৰস্পৰিক সহযোগিতাৰ বৃদ্ধি কৰা।


৮। এছিয়ান সম্প্ৰদায়ৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা এছিয়ান সম্প্ৰদায়ৰ বহুতো লক্ষ্য আৰু উদ্দেশ্য আছে । তলত সেইসমূহ উল্লেখ কৰা হ'ল-

(ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা ;

(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা;

(গ) বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাক ৰক্ষণাবেক্ষণ দিয়া ;

(ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা ;

(ঙ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা।


৯। চীনৰ বৰ্তমান অৰ্থনীতি ইয়াৰ অধিকাৰ অৰ্থনীতি (Communal Economy) ৰ পৰা প্ৰভেদ কি ?

উত্তৰঃ চীনৰ বৰ্তমান অৰ্থীনীতি আৰু ইয়াৰ অধিকাৰ অৰ্থনীতি অৰ্থাৎ পূৰ্বৰ অৰ্থনীতিৰ মাজত কিছুমান প্ৰভেদ পৰিলক্ষিত হয়। সেইয়া হ'ল-

(ক) চীনৰ অধিকাৰ অৰ্থনীতিয়ে আমদানিৰ পৰিৱৰ্তে ঘৰুৱা পণ্যৰ ওপৰত নি্ৰ্ভৰশীল হোৱাৰ নীতিত গুৰুত্ব দিছিল। কিন্ত চীনৰ বৰ্তমানৰ অৰ্থনীতিয়ে বৰ্হি দেশৰ সৈতে সম্পৰ্ক প্ৰতিষ্ঠা কৰি চীনৰ প্ৰয়োজনীয় সামগ্ৰীৰ অন্য দেশৰ পৰা আমদানিৰ ওপৰত গুৰুত্ব দিয়ে।

(খ) চীনৰ অধিকাৰ অৰ্থনীতিয়ে বৈদেশিক বিনিয়োগ আৰু মুক্ত বিশ্ব অৰ্থ ব্যৱস্থাৰ পোষকতা আৰু গ্ৰহণ কৰা নাছিল। কিন্ত চীনৰ বৰ্তমান অৰ্থনীতিয়ে মুক্ত বিশ্ব অৰ্থনীতিৰ পোষকতা কৰে আৰু অৱলম্বন কৰে।

(গ) চীনৰ অধিকাৰ অৰ্থনীতিয়ে দেশীয় অৰ্থনীতিত বজাৰ ব্যৱস্থাৰ পোষকতা কৰা নাছিল কিন্ত চীনৰ বৰ্তমান অৰ্থনীতিয়ে এই বজাৰ ব্যৱস্থাৰ পোষকতা কৰে আৰু অনুকৰণ কৰে।

    এনেদৰে চীনৰ বৰ্তমান অৰ্থনীতি আৰু অধিকাৰ অৰ্থনীতিৰ মাজত বহুতো প্ৰভেদ বা পাৰ্থক্য দেখিবলৈ পোৱা যায়।


১০। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল ?

উত্তৰঃ চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুং ।


১১। ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমস্যাবোৰ কেনেদৰে সমাধা কৰিছিল ? ইউৰোপীয় সংঘ গঠনৰ প্ৰচেষ্টা আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধই ইউৰোপৰ দেশসমূহৰ সকলো ক্ষেত্ৰতে ব্যাপক ক্ষতি সাধন কৰে। এই যুদ্ধৰ ফলত ইউৰোপৰ দেশসমূহৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰে।ফলত এই দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্যাপক সমস্যাৰ সন্মুখীন হয়। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অৰ্থাৎ এই সমস্যা সমূহ সমাধান কৰিবলৈ ইউৰোপীয় দেশসমূহে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা মাৰ্শ্বাল আঁচনিৰ অধীনত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ব্যাপক হাৰত অৰ্থনৈতিক সাহায্য গ্ৰহণ কৰে। তাৰোপৰি পূব ইউৰোপৰ দেশসমূহক বাদ দি ইউৰোপৰ বহুবোৰ দেশে নিজৰ নিৰাপত্তা আৰু উন্নতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন NATO সামৰিক মিত্ৰজোঁটত অংশগ্ৰহণ কৰে। মাৰ্শ্বাল আঁচনিৰ অধীনত পশ্চিম ইউৰোপৰ অৰ্থনৈতিক পুনৰ নিৰ্মাণ বাবে ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা গঠন কৰা হয়। এই সন্থাক পশ্চিম ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ মঞ্চ বা মাধ্যম হিচাপ ব্যৱহাৰ কৰে আৰু এই সন্থাই দেশসমূহৰ মাজৰ বাণিজ্য প্ৰসাৰিত কৰাতো অৰিহণা যোগাই। এই সহযোগিতাৰ অংশ স্বৰূপে ১৯৪৯ চনত দ্যা কাউন্সিল অব ইউৰোপ গঠন কৰা হয়। এই সংগঠনে ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। তাৰ পিছত ইউৰোপীয় সংসদ গঠন কৰা হয় যি ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে।এনেদৰে ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইয়াৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছিল আৰু পদক্ষেপ লৈছিল।

        দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আৰম্ভ হোৱা শীতল যুদ্ধই ইউৰোপৰ দেশসমূহৰ     মাজত এক ধৰণৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰে । প্ৰথমে সকলো ইউৰোপৰ দেশেসমূহ একত্ৰিত হৈ অৰ্থনৈতিক উন্নতি, সহযোগিতা আৰু বাণিজ্যিক প্ৰসাৰতা বাবে ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা গঠন কৰে; দ্বিতীয়তে ৰাজনৈতিক সহযোগিতা বাবে ১৯৪৯ চনত দ্যা কাউন্সিল অব ইউৰোপ; তৃতীয়তে ১৯৫৭ চনত ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় আৰু চতুৰ্থতে সেই দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ হকে ইউৰোপীয় সংসদ গঠন কৰে। এনেদৰে ছোভিয়েট সংঘৰ পতনৰ পাছত ইউৰোপৰ দেশসমূহৰ মাজৰ একত্ৰীকৰণ প্ৰক্ৰিয়াই দ্ৰুত গতি লাভ কৰে আৰু অৱশেষত উক্ত ঐক্যবদ্ধ প্ৰচেষ্টাৰ অন্তত ১৯৯২ চনত উক্ত ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ ইউৰোপীয় সংঘ গঠন কৰে। এই সংঘই ইউৰোপৰ দেশসমূহৰ মাজত একাধিক উমৈহতীয়া নীতি আৰু সহযোগিতা নিমাৰ্ণত যথেষ্ট অৰিহণা যোগালে।


১২। ইউৰোপীয়ান সংঘক এটা প্ৰতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰা হ'ল। এই আঞ্চলিক অৰ্থনৈতিক সংঘক শক্তিশালী কৰাৰ ওপৰৰ উক্তিটো প্ৰতিপন্ন কৰা।

উত্তৰঃ ছোভিয়েট সংঘৰ পতনৰ পিছত ১৯৯২ চনত ইউৰোপৰ দেশসমূহ একত্ৰিত হৈ আঞ্চলিক সংগঠন ইউৰোপীয় সংঘৰ গঠন কৰে। এই সংগঠন প্ৰতিষ্ঠা কৰাৰ মূল কাৰণ হ'ল ইউৰোপৰ অঞ্চল সমূহৰ বা ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক, বাণিজ্যিক, সাংস্কৃতিক সহযোগিতা স্হাপন কৰি এই ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিক সবলভাৱে পুনৰস্থাপন কৰি সৰ্বাংগীণ দিশত বিকাশ আৰু উন্নতি সাধন কৰা। ইয়াক ইউৰোপীয় ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ নিজৰ উন্নতি আৰু বিকাশৰ  বাবে এক শক্তিশালী সংঘ হিচাপে গঢ়ি তোলে। এই সংগঠনক ইউৰোপীয় দেশসমূহৰ মাজত উমৈহতীয়া নীতি আৰু সহযোগিতা নিৰ্মাণৰ বাবে এক মঞ্চ হিচাপ ব্যৱহাৰ কৰা হয়। এই সমূহৰ ভিতৰত অন্যতম হ'ল- উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি, ন্যায় আৰু দেশীয় স্বাৰ্থৰ প্ৰসাৰণৰ আধাৰত গঢ়ি তোলা সহযোগিতা তথা এক উমৈহতীয়া বা একক ইউৰোপীয় মুদ্ৰাৰ প্ৰচলন।

      ইউৰোপীয় সংঘক এই আশা বা উদ্দেশ্য আগত ৰাখিয়েই গঠন কৰা হ'ল যাতে ই ইউৰোপীয় দেশ সমূহৰ মাজত সহযোগিতা আৰু ঐক্যতাৰ সৃষ্টি কৰি উক্ত দেশসমূহৰ সৰ্বাংগীণ বিকাশ সাধন কৰি ভৱিষ্যৎ সুৰক্ষিত কৰি তোলে। মূখ্যতে যাতে দ্বিতীয় বিশ্বৰ ফলত ইউৰোপৰ দেশসমূহৰ ভাঙি পৰা অৰ্থনীতিক পুনৰুদ্ধাৰ কৰি শক্তিশালীৰূপে গঢ়ি তোলে। আৰু বাস্তৱত সেয়া পৰিলক্ষিতও হয়। সাম্প্ৰতিক সময়ৰ আন্তৰ্জাতিক ৰাজনীতিলৈ চালে যায় যে ইউৰোপীয় সংঘই অৰ্থনৈতিক,ৰাজনৈতিক,কূটনৈতিক আৰু সামৰিক এই সকলোবোৰ দিশতে গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ইউৰোপীয় অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি আৰু আজি ইউৰোপীয় সংঘৰ বাণিজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত তিনিগুণ বেছি শক্তিশালী।

    উক্ত ধৰণেৰে বহুতো উদ্দেশ্য ৰাখিয়েই ইউৰোপৰ দেশসমূহে ঐক্যবদ্ধভাৱে ইউৰোপীয় সংঘক এটা প্ৰতিভাসম্পন্ন শক্তিশালী আঞ্চলিক সংগঠন হিচাপে গঠন কৰা হ'ল।


১৩। ভাৰত আৰু চীনৰ বৰ্তমানৰ অৰ্থনৈতিক উন্নয়নে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সমৰ্থ । তুমি উক্তিটো সমৰ্থন কৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ ভাৰত আৰু চীন দুয়োখন ৰাষ্ট্ৰই এছিয়াৰ একো একোটা প্ৰতিপত্তিসম্পন্ন শক্তি। সাম্প্ৰতিক কালত দুয়োখন ৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। দুয়োখন দেশেই নিজৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব বুজি উঠিছে। দুয়োখন দেশৰ অৰ্থনীতিয়েই বৰ্তমান আন্তৰ্জাতিক ৰাজনীতিত যথেষ্ট স্বীকৃতি লাভ কৰিছে আৰু দুয়োখন দেশেই এছিয়াৰ অৰ্থনীতি তথা ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিছে।গতিকে ভাৰত আৰু চীন এছিয়াৰ লগতে পৃথিৱীৰ ভিতৰতে দুখন ডাঙৰ আৰু শক্তিশালী অৰ্থনীতি।

      সেয়ে মই ভাৱো যে ভাৰত আৰু চীনৰ অৰ্থনৈতিক উন্নয়নে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হ'ব। কাৰণ একক শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে চীন আৰু ভাৰতত উৎপাদিত পণ্যয়ো বৰ্তমান পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। যেনে ভাৰতৰ আৰু চীনৰ ধান, ভাৰতৰ অসমৰ চাহপাত, পাটমোগাৰ কাপোৰ সমগ্ৰ বিশ্বতেই বিখ্যাত। চীনৰ অৰ্নীতিৰ এনে উন্নতিয়ে বিশ্বত আধিপত্য লাভ কৰি থকা এক মেৰুযুক্ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। তদুপৰি চীন আৰু ভাৰতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো বৃহৎ পৰিমাণে উন্নতি সাধন কৰিছে, আগুৱাই গৈছে আৰু বিশ্বৰ প্ৰেক্ষাপটত স্হান দখল কৰিবলৈ সক্ষম হৈছে।দুয়ো ৰাষ্ট্ৰই বিশেষকৈ চীনে প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষভাৱে চমক দেখুৱাবলৈ সক্ষম হৈছে।চীন আৰু ভাৰতৰ বহুতো প্ৰযুক্তি কৌশল বৰ্তমান আমেৰিকাৰ লগতে বহু ৰাষ্ট্ৰই অনুসৰণ কৰে ।তদুপৰি চীন আৰু ভাৰতৰ অৰ্থনীতিয়ে ক্ৰমান্বয়ে এছিয়া বিশেষকৈ দক্ষিণ এছিয়াৰ অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰি তোলাৰ প্ৰচেষ্টা চলাইছে আৰু তাৰ ফলত এই অঞ্চলৰ আৰ্থ-ৰাজনৈতিক ঘটনা প্ৰৱাহৰ ওপৰতো দুয়ো দেশৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে।তদুপৰি চীনে লেটিন আমেৰিকা তথা আফ্ৰিকাৰ দেশসমূহৰ লগতো ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে সেই দেশসমূহত বিনিয়োগ কৰি তথা বিভিন্ন ধৰণে সাহায্য প্ৰদান কৰি তৃতীয় বিশ্বৰ এক শক্তিশালী অৰ্থনৈতিক নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিশ্ব অৰ্থনীতিতো চীনে তৃতীয় বিশ্বৰ নেতৃত্ব গ্ৰহণ কৰিছে। ১৯৯১ চনৰ ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰত আৰু চীন দুই ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত এক ভাল সম্পৰ্ক গঢ়ি উঠে। ১৯৯২ চনত  দুই ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৩৩৮ নিযুত মাৰ্কিন ডলাৰ আৰু ২০০৬ চনত এই পৰিমাণ হয় ১৮ বিলিয়ন মাৰ্কিন ডলাৰ। ১৯৯৯ চনৰ পৰা চীন আৰু ভাৰতৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাব ধৰিছে। বিশ্ব বাণিজ্য সংস্হাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰত আৰু চীনে একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে। এই দুই শক্তিশালী দেশৰ একক প্ৰচেষ্টাতকৈ ঐক্যবদ্ধ প্ৰচেষ্টাই এক মেৰুৰ বিশ্বৰ অৰ্থনীতিৰ সৈতে অতি সহজভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব আৰু তাৰ বাবে প্ৰয়োজন হ'ব দুই ৰাষ্ট্ৰৰ মাজত ঐক্যতা আৰু সহযোগিতাৰ।


১৪। আঞ্চলিক অৰ্থনৈতিক সংঘক শক্তিশালী কৰাৰ ওপৰত উক্তিটো প্ৰতিপন্ন কৰা ।

উত্তৰঃ 


১৫। চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল । (হয় অথবা নহয় লিখা )

উত্তৰঃ


আৰ্হি প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১) অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান আলোচনা কৰা ।

উত্তৰঃ


২) শ্ৰেষ্ঠ জাতীয় সংগঠন হিচাপে ইউৰোপীয়ান সংঘৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ১৯৯২ চনত ইউৰোপীয় দেশসমূহে ঐক্যবদ্ধভাৱে উমৈহতীয়া উন্নতি আৰু প্ৰগতিৰ বাবে গঠন কৰা ইউৰোপীয়ান সংঘক শ্ৰেষ্ঠ জাতীয় সংগঠন হিচাপে গণ্য কৰা হয়। ইয়াক শ্ৰেষ্ঠ জাতীয় সংগঠন বুলি কোৱাৰ অন্তৰালত বহুতো থল আছে। কাৰণ মূখ্যতে দ্বিতীয় বিশ্ব যুদ্ধৰ ফলত ভাঙি পৰা  ইউৰোপীয় দেশসমূহৰ অৰ্থনীতিক পুনৰুদ্ধাৰ আৰু পুনৰস্হাপন কৰাত এই সংগঠনে মূখ্য ভূমিকা পালন কৰিছিল। কেৱল অৰ্থনৈতিক উন্নয়নে নহয় ৰাজনৈতিক উন্নয়ন, ইউৰোপৰ দেশসমূহৰ মাজত সহযোগিতা, ঐক্যতা, বাণিজ্যিক সম্পৰ্ক প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো ই এক গুৰুত্বপূৰ্ণ মঞ্চ বা মাধ্যম হিচাপে ভূমিকা পালন কৰি আহিছে। ইউৰোপীয়ান সংঘই ইউৰোপৰ দেশসমূহৰ মাজত একাধিক উমৈহতীয়া নীতি আৰু সহযোগিতা নিৰ্মাণত অৰিহণাত যোগালে।এই সমূহৰ ভিতৰত অন্যতম হ'ল- উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি , ন্যায় আৰু দেশীয় স্বাৰ্থৰ প্ৰসাৰণৰ আধাৰত গঢ়ি তোলা সহযোগিতা তথা এক উমৈহতীয়া বা একক ইউৰোপীয় মুদ্ৰাৰ প্ৰচলন।

      তদুপৰি ই ক্ৰমে ৰাজনৈতিক ক্ষেত্ৰতো ভূমিকা পালন কৰিবলৈ ধৰে।বহুবোৰ জাতি-ৰাষ্ট্ৰক লৈ গঠিত ইউৰোপীয় সংঘই এখন জাতি ৰাষ্ট্ৰৰ নিচিনাকৈ কাম কৰিবলৈ আৰম্ভ কৰে। আনকি ইউৰোপীয় সংঘই এখন উমৈহতীয়া সংবিধান প্ৰণয়নৰো প্ৰচেষ্টা চলায় যদিও এই ক্ষেত্ৰত ব্যৰ্থ হয়। তথাপি এই দেশসমূহৰ মাজত এতিয়া বহুবোৰ উমৈহতীয়া উপাদান আছে। তাৰ ভিতৰত অন্যতম হ'ল উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্ৰতিষ্ঠা দিন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ইউৰোপীয় মুদ্ৰা ইউৰো। ইউৰো বৰ্তমান মাৰ্কিন ডলাৰৰ সমানেই গুৰুত্বপূৰ্ণ। ইউৰোপীয় সংঘই ইউৰোপৰ দেশসমূহক পৃথিৱীৰ অন্য দেশৰ লগত মোকাবিলা কৰিবলৈ উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তাবিষয়ক নীতিও প্ৰস্ত্তত কৰি উলিয়াইছে। তদুপৰি ছোভিয়েট সংঘৰ পতনৰ পৰৱৰ্তীকালত পূৰ্বে ছোভিয়েট সংঘৰ মিত্ৰজোঁটত থকা ইউৰোপীয় দেশসমূহকো ইউৰোপীয় সংসদে আদৰি লৈছে।

      তদুপৰি সাম্প্ৰতিক সময়ৰ আন্তৰ্জাতিক ৰাজনীতিলৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে ইউৰোপীয় সংঘই অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক এই সকলোবোৰ দিশতে উল্লেযোগ্য ভূমিকা পালন কৰি গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে। ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল বিশ্বৰ আটাইতকৈ বৃহৎ অৰ্থনীতি। বৰ্তমান ইউৰোপীয় সংঘৰ বাণিজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যতকৈ তিনিগুণ শক্তিশালী আৰু ই আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় লেন-দেন বা বিবাদৰ সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰ বা চীনতকৈ  ই অধিক দৃঢ়তাৰে নিজৰ মত  সাবস্ত্য কৰিব পাৰে। তাৰোপৰি ইউৰোপীয় মুদ্ৰা ইউৰোৱে আজি মাৰ্কিন মুদ্ৰা ডলাৰক আন্তৰ্জাতিক ৰাজনীতিত প্ৰত্যাহ্বান জনাব পাৰিছে। বিশ্ব বাণিজ্য সন্থাৰ মঞ্চতো ইউৰোপীয়ান সংঘই শক্তিশালী অৰ্থনৈতিক গোট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। তাৰোপৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়ত ইউৰোপীয় সংঘই প্ৰভাৱ বৃদ্ধি কৰিছে। নিজৰ অৰ্থনৈতিক ক্ষমতা আৰু কূটনৈতিক কৌশলেৰে ইউৰোপীয় সংঘই বহুবোৰ আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মানৱ অধিকাৰৰ প্ৰশ্নত চীনৰ লগত হোৱা আলোচনা বা পৰিৱেশ ৰক্ষণাবেক্ষণৰ প্ৰশ্নত আন্তৰ্জাতিক স্তৰত হোৱা প্ৰচেষ্টাত ইউৰোপীয় সংঘৰ ভূমিকা যথেষ্ট শক্তিশালী।

     উক্ত ধৰণেৰে ইউৰোপৰ দেশসমূহৰ উন্নতি,প্ৰগতি,সৰ্বাংগীণ বিকাশ আৰু সহযোগিতাৰ বাবে ইউৰোপীয় সংঘই শ্ৰেষ্ঠ জাতীয় সংগঠন হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কৰি আছে।


৩) চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ চীন এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ ভিতৰতে এক বৃহৎ শক্তি। অৰ্থনৈতিকভাৱে চীন বিশ্বৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰ। বৰ্তমান সময়ত চীনৰ অৰ্থনীতিয়ে দ্ৰুতগতিত বৃহৎ উন্নতি সাধন কৰি বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ স্হান দখল কৰিবলৈ সক্ষম হৈছে।চীনৰ অৰ্থনীতি এইদৰে উন্নতমুখী হোৱাৰ অন্তৰালত বহুতো কাৰণ অন্তনিৰ্হিত হৈ আছে। তলত সেই কাৰণ সমূহ ব্যাখ্যা কৰা হ'ল-

(ক) চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ মূলতে হ'ল চীনৰ উৎপাদিত পণ্যই বিশ্বৰ বজাৰত লাভ কৰা অপৰিসীম গুৰুত্ব। যেনে ভাৰতৰ উৎপাদিত সামগ্ৰীতকৈ চীনৰ উৎপাদিত সামগ্ৰীৰ দাম কম হোৱাৰ লগতে প্ৰযুক্তিগতভাৱে এনে সামগ্ৰীৰ মান উন্নত হোৱাৰ বাবে ভাৰতৰ বজাৰত চীনৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ যথেষ্ঠ পয়োভৰ আৰু সমাদৰ লাভ কৰিছে;

(খ) তদুপৰি চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ অন্য এটা কাৰণ হ'ল চীনৰ অৰ্থনীতিয়ে ক্ৰমান্বয়ে দক্ষিণ এছিয়াৰ অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰি তুলিছে ফলত এই অঞ্চলৰ আৰ্থ-ৰাজনৈতিক ঘটনা প্ৰৱাহৰ ওপৰত চীনৰ প্ৰভাৱ বিস্তাৰিত হৈছে;

(গ) চীনে জাপান আমেৰিকা,ৰাছিয়াৰ আৰু দক্ষিণ-পূব এছিয় জাতিসং সৈতে ঘৰ সৈতে গঢ়ি তোলা ঘনিষ্ঠ সম্পৰ্কইয়ো চীনৰ অৰ্থনীতিক প্ৰসাৰ আৰু উন্নতি সাধন হোৱাত যথেষ্ট সহায় কৰিলে; 

(ঘ) তদুপৰি চীনৰ অৰ্থনৈতিক উন্নতিৰ অন্য এক কাৰণ হ'ল চীনে লেটিন আমেৰিকা তথা আফ্ৰিকাৰ দেশসমূহৰ লগত গঢ়ি তোলা ঘনিষ্ঠ সম্পৰ্ক। যিয়ে চীনক সেই দেশসমূহত বিনিয়োগ কৰি এক শক্তিশালী অৰ্থনীতি গঢ়ি তোলাত যথেষ্ট সহায় কৰিছে;

(ঙ) অন্য এক গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ কাৰণ হ'ল সূচনা কৰা বজাৰ অৰ্থনীতি যাৰ ভিত্তিত চীনে বৈদেশিক বিনিয়োগ আৰম্ভ কৰিলে আৰু বৃদ্ধি কৰিলে যাৰ ফলত দেশৰ বৈদেশিক মুদ্ৰা বৃদ্ধি পালে আৰু চীনৰ অৰ্থনীতিৰ যথেষ্ট উন্নতি সাধন হ'ল;

(চ) চীনৰ বিশ্ব বাণিজ্য সংস্থাত অংশগ্ৰহণ আৰু সদস্যপদ গ্ৰহণেও চীনৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ঠ উন্নয়নমুখী পৰিৱৰ্তন আনিলে যাৰ জৰিয়তে চীনে বিশ্ব অৰ্থনীতিৰ সৈতে নিজক একত্ৰিত কৰি তুলিলে;

(ছ) চীনৰ উন্নতমুখী হোৱাৰ অন্য এক কাৰণ উল্লেখ কৰিব পাৰি সেয়া হ'ল চীনৰ দেশীয় সম্পদ ব্যৱহাৰ কৰি উদ্যোগীক অৰ্থনীতিৰ আধাৰ নিৰ্মাণ কৰি তোলাৰ নীতি যিয়ে ইয়াৰ অৰ্থনীতি তৃতীয় বিশ্বৰ দেশসমূহতকৈ যথেষ্ট উন্নত কৰি তুলিল আৰু আগবঢ়াই  নিলে।

        উক্ত ধৰণেৰে চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ বহুতো কাৰণ পৰিলক্ষিত হয়।


৪) আছিয়ান ( ASEAN) কি ? আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ 


৫) ASEAN ( Association of South-East Asian Nation)- লক্ষ্য আৰু সফলতাৰ বৰ্ণনা কৰা।

উত্তৰঃ ১৯৬৭ চনত গঠিত হোৱা জাতীয় সংস্থা ASEAN ক বহুতো লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি গঠন কৰা হৈছিল। অৰ্থাৎ এই সংস্থাৰ বহুতো লক্ষ্য আছে। তলত সেইসমূহ উল্লেখ কৰা হ'ল-

(ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা;

(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা;

(গ) বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাক ৰক্ষণাবেক্ষণ দিয়া;

(ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা;

(ঙ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা

    এনেদৰে এছিয়ান সংস্থাৰ বহুতো লক্ষ্য আৰু বাস্তৱতে ই সেই সমূহ পূৰণ কৰিবলৈও যথেষ্ট সক্ষম হৈছিল। ASEAN ক অৰ্থনৈতিক সংস্থা হিচাপেপ্ৰতিষ্ঠা কৰা হৈছিল আৰু আজিও ই এক অৰ্থনৈতিক সংস্থা হিচাপে বৰ্তি আছে। এছিয়ানে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰাত সচাকৈয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে। এছিয়ানে পৃথিৱীৰ ৮ শতাংশ জনসংখ্যাক সামৰি লয় আৰু ২০০৩ চনত ইয়াৰ মুঠ  GDP হ'ল আমেৰিকাৰ ৮৭০০ বিলিয়ন ডলাৰ। এছিয়ানে মুক্ত বাণিজ্য অঞ্চল গঠন কৰি শ্ৰমিক আৰু চাকৰিৰ ব্যৱস্থা কৰে। আমেৰিকা আৰু চীনে এছিয়ানৰ লগত এই মুক্ত বাণিজ্য অঞ্চলৰ বিষয়ে বন্দৱস্ত কৰিবলৈ আগবাঢ়ি আহিছে। আলোচনাৰ অংশীদাৰ হিচাপে ভাৰত আৰু চীনে এছিয়ানত যোগদান কৰাৰ পিছত এছিয়ানে বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক কেন্দ্ৰীয় শক্তিৰ ফেৰ মৰাত সফল হৈছে। এনেদৰে বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে এছিয়ানে ইয়াৰ অন্তৰ্গত অঞ্চলসমূহৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাক ৰক্ষণাবেক্ষণ দিয়াতো বহু পৰিমাণে সফল হৈছে। তদুপৰি চীন আৰু ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো সফল হৈছে। ২০০৩ চনৰ লৈকে এছিয়ানে বহু চুক্তি সম্পাদন কৰে আৰু এই চুক্তিৰ জৰিয়তে সদস্য ৰাষ্ট্ৰবিলাকে শান্তি, নিৰপেক্ষতা, সহযোগিতা, অ-হস্তক্ষেপ আৰু সাৰ্বভৌমত্বৰ অধিকাৰক সন্মান প্ৰদৰ্শন কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ হয়। এনেদৰে উমৈহতীয়া আঁচনি বা চুক্তিৰ দ্বাৰা ই সদস্য ৰাষ্ট্ৰসমূহৰ আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সফল হৈছে। তদুপৰি এছিয়ানে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিছে।

      বৰ্তমান এছিয়ান সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিকাশৰ আঞ্চলিক সহযোগিতাৰ এক এজেন্সি হিচাপে কাম কৰি আছে। এছিয়ানে হ'ল একমাত্ৰ মঞ্চ য'ত এছিয়াৰ দেশ আৰু প্ৰধান শক্তিসমূহে এই অঞ্চলৰ ৰাজনৈতিক আৰু নিৰাপত্তাজনিত বিষয় সমূহ আলোচনা কৰিব পাৰে।

    এনেদৰে এছিয়ান সংস্থাই ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ পূৰণৰ ক্ষেত্ৰত বহু দূৰ সফল হৈছে।


৬) আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত?

উত্তৰঃ দক্ষিণ পূব এছিয়াৰ দেশসমূহে নিজৰ উন্নয়ন আৰু বিকাশৰ বাবে ১৯৬৭ চনত প্ৰতিষ্ঠা কৰা ASIAN ক আন্তৰ্জাতিক সম্প্ৰদায়ত অধিক শক্তিশালী কৰি তুলিবৰ বাবে বা ইয়াৰ শক্তি বৃদ্ধি কৰিবৰ বাবে বহুতো ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰিব পাৰি। এনে কিছুমান ব্যৱস্থাৱলী তলত উল্লেখ কৰা হ'ল যিবোৰ এছিয়ানৰ উন্নয়ন আৰু শক্তি বৃদ্ধিৰ কাৰণে গ্ৰহণ কৰা উচিত-

(ক) এছিয়ানক অধিক শক্তিশালী কৰি গঢ়ি তুলিবলৈ এই সংস্থাত অংশগ্ৰহণ কৰিবলৈ অধিক ৰাষ্ট্ৰক উৎসাহ জনাব লাগিব;

(খ) এছিয়ানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ অধিক বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব যাৰ দ্বাৰা ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠতা আৰু ঐক্যতা বৃদ্ধি হ'ব যিয়ে এছিয়ানক শক্তিশালী কৰি তুলিব;

(গ) এছিয়ানৰ সংঘাত নিৰাময় পদ্ধতিৰ উন্নতি সাধন কৰি ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত চলিত অৰ্থনৈতিক সংঘাত আৰু বিবাদ পুনৰ বিশ্লেষণ কৰি সেই সমূহ দূৰ কৰিব লাগিব;

(ঘ) তদুপৰি ইউৰোপীয় সংঘৰ দৰে এছিয়ানৰো কিছুমান আন্তঃৰাষ্ট্ৰীয় গাঁঠনি বা ব্যৱস্থা আৰু অনুষ্ঠানৰ গঠন আৰু প্ৰতিষ্ঠা কৰিব লাগিব যেনে- সকলো সদস্য ৰাষ্ট্ৰৰ বাবে উমৈহতীয়া মুদ্ৰা, উমৈহতীয়া সংসদ, উমৈহতীয়া বজাৰ আৰু উমৈহতীয়া বৈদেশিক আৰু সুৰক্ষা ব্যৱস্থা আদি।

     উপৰিউক্ত ধৰণেৰে আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধি কৰিবলৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কৰাতো উচিত যিয়ে এছিয়ানক আন্তৰ্জাতিক প্ৰেক্ষাপটত ইউৰোপীয়ান ইউনিয়নৰ দৰে এক শক্তিশালী সংগঠন হিচাপে গঢ়ি তুলিব। 


৭) চীন-ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ চীন আৰু ভাৰত দুইখন ৰাষ্ট্ৰই এছিয়াৰ লগতে বিশ্বৰ ভিতৰতে দুখন শক্তিশালী ৰাষ্ট্ৰ। পূৰ্বতে চীন আৰু ভাৰতৰ মাজত কোনো সম্পৰ্ক গঢ়ি উঠা নাছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত আৰু চীনে বিদেশী বহিষ্কাৰ কৰাৰ পিছত দুয়োখন দেশৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল। কিছুদিনৰ বাবে “হিন্দী-চীনা ভাই-ভাই” শ্ল'গানে এক আশাপ্ৰদ ভৱিষ্যতৰ ইংগিত বহন কৰিছিল। কিন্ত দুয়োখন দেশৰ মাজত থকা সীমা বিবাদে এই আশা প্ৰতিহত কৰিলে। ১৯৫০ চনত চীনে তিব্বতক লৈ দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠে আৰু অৰুণাচল প্ৰদেশ আৰু ১৯৬২ চনত লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি দুয়ো দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটে। ১৯৭৬ চন পযৰ্ন্ত দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল হৈ পৰে। কিন্ত লাহে লাহে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত হ'বলৈ ধৰে। ১৯৭০ৰ দশকত হোৱা নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি ঘটে। দুয়ো ৰাষ্ট্ৰৰ মাজত সীমাবিবাদ নিষ্পত্তি কৰিবৰ বাবে ১৯৮১ চনত কেইবালানিও আলোচনাৰ অনুষ্ঠিত কৰে।

      শীতল যুদ্ধৰ অৱসানৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই এক নতুন দিশ লয়। দুই ৰাষ্ট্ৰই নিজৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব বুজি উঠে। ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰা চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগালে। তেতিয়াৰ পৰা দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বপূৰ্ণ ভাব বৰ্তাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। বাণিজ্য প্ৰসাৰণৰ বাবে দুই ৰাষ্ট্ৰৰ মাজৰ সীমান্তৰ চাৰিটা অঞ্চল মুকলি কৰি দিয়া হৈছে। ১৯৯৯ চনৰ পৰা চীন আৰু ভাৰতৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাবলৈ ধৰিছে আৰু এই ঘটনাই দুই ৰাষ্ট্ৰৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কটোক অধিক সুদৃঢ় কৰি তোলাত অৱদান আগবঢ়াইছে। ২০০৬ চনত দুই দেশৰ মাজৰ দ্বি-পাক্ষিক বাণিজ্যৰ পৰিমাণ হয় ৩৩৮ নিযুত মাৰ্কিন ডলাৰ।

     সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান-প্ৰযুক্তিৰ সহযোগিতাৰ বাবে চীন আৰু ভাৰতৰ মাজত বহু চুক্তিও সম্পাদিত হয়। শেতীয়াকৈ দুয়োখন ৰাষ্ট্ৰই সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতা কৰাৰ নীতি গ্ৰহণ কৰিছে।বিশ্ব বাণিজ্য সংস্থাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰত আৰু চীনে একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে। চীন আৰু ভাৰতৰ মাজত থকা সংঘাত আৰু বিবাদৰ মূল কাৰণ হ'ল সীমাবিবাদ। সেয়ে দুয়ো দেশৰ মাজত থকা সীমাবিবাদ সমাধানৰ বাবে বিভিন্ন পৰ্যায়ত আলোচনা অনুষ্ঠিত হৈ আহিছে। এই ক্ষেত্ৰত সামৰিক সহযোগিতাও বৃদ্ধি পাইছে। দুয়োখন ৰাষ্ট্ৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছে। কিন্ত দুয়ো পক্ষৰ মাজত এতিয়াও বিবাদৰ কিছুমান উৎস আছে। 

      এনেদৰে চীন আৰু ভাৰতৰ মাজত পূৰ্বতে যদিও এক ভাল সম্পৰ্ক নাছিল কিন্ত সেই সম্পৰ্কৰ এতিয়া পৰিৱৰ্তন ঘটিছে আৰু দুই ৰাষ্ট্ৰৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে।


৮) ইউৰোপীয়া সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ কি ? বিশদভাৱে আলোচনা কৰা ।

উত্তৰঃ


৯) চীন আৰু ভাৰতৰ সম্পৰ্ক মূল্যায়ন কৰা।

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ লৈকে চীন আৰু ভাৰতৰ মাজত বিশেষ সম্পৰ্ক নাছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত আৰু চীনে বিদেশী শক্তি বহিষ্কাৰ কৰাৰ পাছত দুয়ো দেশৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল। কিন্ত দুয়োখন দেশৰ মাজত থকা সীমা বিবাদে এই আশা প্ৰতিহত কৰিলে। ১৯৭৬ চন পৰ্যন্ত দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল আছিল। কিন্ত লাহে লাহে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তন আৰু উন্নতি ঘটে। ১৯৭০ ৰ দশকত হোৱা নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হয়।

       চীন আৰু ভাৰতৰ মাজত সংঘাতৰ মূল কাৰণ হ'ল সীমা। এই সীমাবিবাদ সমাধানৰ উদ্দেশ্যে দুয়ো দেশে ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰে। শীতল যুদ্ধৰ অৱসানৰ পিছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কই নতুন গতি লাভ কৰে।  ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণে দুই দেশৰ মাজৰ সম্পৰ্কৰ আৰু অধিক উন্নতি সাধনত অৰিহণা যোগাই। তেতিয়াৰ পৰাই দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাব বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে। প্ৰকৃততে দুয়ো দেশৰ মাজত পাৰস্পৰিক লাভালাভ আৰু নিৰাপত্তাৰ ভিত্তিতে ক্ৰমাৎ এইদৰে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। তদুপৰি পৰস্পৰ মাজত সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান-প্ৰযুক্তিৰ সহযোগিতাৰ বাবেও দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হয় যাতে ইয়াৰ দ্বাৰা দুই পক্ষই লাভাৱান্বিত হবও পাৰে আৰু এক ভাল সম্পৰ্কও বৰ্তি থাকে। পৰস্পৰ মাজত বাণিজ্যিক লেন দেনৰ বাবেও দুই ৰাষ্ট্ৰই সীমান্তৰ চাৰিটা অঞ্চল মুকলি কৰি দিছে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি ৩০শতাংশ হাৰত বৃদ্ধি পাবলৈ ধৰিছে। তাৰোপৰি চীনৰ বাবে ভাৰত বহু লাভৱান। বৰ্তমান সময়ত উত্তৰ-পূব ভাৰত, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত চীনত উৎপাদিত ইলেক্ট্ৰনিক সামগ্ৰীৰ যথেষ্ট পয়োভৰ ঘটিছে। ভাৰতত উৎপাদিত সামগ্ৰীতকৈ চীনৰ উৎপাদিত সামগ্ৰীৰ দাম কম হোৱাৰ বাবে আৰু প্ৰযুক্তিগতভাৱে এনে সামগ্ৰীৰ মান উন্নত হোৱাৰ বাবে ই ভাৰতৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এনেদৰে পৰস্পৰ লাভালাভ, সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থৰ বাবে চীন আৰু ভাৰতৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিছে। কাৰণ দুই পৰস্পৰৰ বাবে লাভদায়ক । কিন্ত দুই ৰাষ্ট্ৰৰ মাজত সংঘাৰ অন্ত এতিয়াও হোৱা নাই। এনে বহু ক্ষেত্ৰ আছে যাক লৈ দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানো বিবাদৰ সৃষ্টি হৈ থাকে সেই সমূহ হ'ল যেনে- সীমা বিবাদ , ব্ৰহ্মপুত্ৰ নদীত চীনে প্ৰস্তত কৰা নদী বান্ধক আদিক লৈ। 

      এনে বহু বিবাদ আছে যদিও দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমান এক যথেষ্ট ভাল সম্পৰ্ক বৰ্তি আছে।


১০) ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্যপদৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ ১৯৫৭ চনৰ ২৫ মাৰ্চত ৰোম চুক্তিৰ আধাৰত ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায় গঠন কৰা হয়। এই চুক্তিত বেলজিয়াম, ফ্ৰান্স, ইটালী,লাস্কেমৰ্বাগ, নেডাৰলেণ্ড, ওৱেষ্ট জাৰ্মানী আদি দেশে অংশগ্ৰহণ কৰে। ইয়াৰ  পিছত আৰু বহুতো ৰাষ্ট্ৰই ইয়াত অংশগ্ৰহণ কৰে যেনে ডেনৰ্মাক, আয়াৰলেণ্ড, গ্ৰীচ, স্পেইন, অষ্ট্ৰেলীয়া  আদি । ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায় হ'ল এক আঞ্চলিক সংস্থা। এই সম্প্ৰদায় বা কমিটি খন গঠন কৰাৰ উদ্দেশ্য হ'ল ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা সকলো প্ৰতিবন্ধকতা দূৰ কৰি অৰ্থনৈতিক সহযোগিতা গঢ়ি তোলা আৰু এখন উমৈহতীয়া বৰ্হি বাণিজ্যিক নীতি প্ৰস্তত কৰা। এই সমাজে বা সম্প্ৰদায়ে সকলো বাণিজ্যিক বাধা-বিঘিনি আঁতৰাই এখন উমৈহতীয়া বজাৰ স্হাপন কৰে । ১৯৯২ চনত ইউৰোপীয় সংঘ গঠন হোৱাৰ পিছত ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ক এই অনুষ্ঠানৰ সৈতে সংযোজন কৰি ইয়াক নতুন কৈ নামাকৰণ কৰা হয় ইউৰোপীয়ান সম্প্ৰদায়। ২০০৯ চনত ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ আনুষ্ঠানিকভাৱে সমাপ্তি ঘটে আৰু এই অনুষ্ঠানক ইউৰোপীয় সংঘই সম্পূৰ্ণৰূপে নিজৰ অধীন কৰি লয়।অৰ্থাৎ ই মাত্ৰ ১৯৫৭ চনৰ পৰা ২০০৯ চনৰ লৈকেহে স্বতন্ত্ৰভাৱে বৰ্তি থাকিল।


১১) ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সফলতাৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ ১৯৫৭ চনৰ ২৫ মাৰ্চত ৰোম চুক্তিৰ জৰিয়তে বেলজিয়াম, ফ্ৰান্স, ইটালী, নেডাৰলেণ্ড, লাস্কেমবাৰ্গ, ওৱেষ্ট জাৰ্মানী আদি দেশ একত্ৰিত হৈ ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ গঠন কৰে। এই সমাজ বা সম্পদায়ৰ গঠনৰ মূল উদ্দেশ্য আছিল ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সকলো অৰ্থনৈতিক প্ৰতিবন্ধকতা দূৰ কৰি অৰ্থনৈতিক সহযোগিতা গঢ়ি তোলা। এই ক্ষেত্ৰত এই সমাজ যথেষ্ট পৰিমাণে সফলো হৈছিল। ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ে ইয়াৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সকলো বাণিজ্যিক বাধা দূৰ কৰি এখন উমৈহতীয়া বজাৰ স্হাপন কৰে। তদুপৰি ই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু ঐক্যতা স্হাপনৰ ক্ষেত্ৰতো বহু দূৰ সফল হয়। ১৯৫৭ চনত ৬ খন ইউৰোপীয় ৰাষ্ট্ৰৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে গঠন হোৱা এই সমাজে অৱশেষত আজিৰ ইউৰোপীয় সংঘৰ পথ প্ৰসস্ত কৰে। ই ইয়াৰ সদস্যসমূহৰ মাজত সকলো পণ্য সামগ্ৰী, শ্ৰমিক,সকলো সেৱাৰ বাবে এখন মুক্ত আৰু প্ৰতিবন্ধিহীন বজাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। ২০০৯ চনত ইউৰোপীয় অৰ্থনৈতিক সমাজক আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰূপে ইউৰোপীয় সংঘৰ অন্তৰ্ভুক্ত কৰা হয়। কিন্ত গঠনৰ কালৰ পৰা বৰ্তমান লৈকে ইউৰোপীয় সংঘৰ অধীন হিচাপে ইয়াৰ ২৮ খন সদস্য ৰাষ্ট্ৰই সহযোগিতাৰে বাণিজ্য, সংঘাত,সন্ত্ৰাসবাদ আদি সকলো দিশত একত্ৰিতভাৱে থিয় দি আছে। বৰ্তমান পৰিৱৰ্তনশীল শ্ৰমিক বজাৰ, পণ্য সামগ্ৰী মুক্ত পৰিবহণ, সেৱা আৰু মূলধনে বিশ্বৰ ভিতৰতে ইউৰোপীয় সংঘক একমাত্ৰ সৰ্ব বৃহৎ বজাৰ হিচাপে প্ৰতিষ্ঠিত কৰি তুলিছে। শেষতীয়াকৈ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰতিবেদন অনুসৰি ইউৰোপীয় সংঘৰ মুঠ জিডিপি হ'ল ১৬,৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ যি বিশ্বৰ মুঠ জিডিপিৰ ২২.৮ শতাংশ।

  এই সকলোবিলাকৰ মূলতে হ'ল ইউৰোপীয় সংঘৰ পথ প্ৰসস্ত কৰ্তা ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়। সেয়ে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ক আমি বহু দূৰ সফল হৈছে বুলি ক'ব পাৰো।


চমুটোকাঃ

১) ইউৰোপীয়ান সংঘৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ইউৰোপীয়ান সংঘৰ বহুতো বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। তলত তাৰে কিছুমান উল্লেখ কৰা হ'ল-

(ক) ইউৰোপীয় সংঘৰ গঠন কৰে ইউৰোপীয় ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাঙি পৰা এই দেশসমূহৰ অৰ্থনীতিক পুনৰ স্থাপনৰ বাবে;

(খ) ইউৰোপীয় সংঘ এক অতি-ৰাষ্ট্ৰীয় সংস্থা। অৰ্থাৎ ই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে;

(গ) ইউৰোপীয় সংঘৰ অৰ্থনীতি হ'ল বিশ্বৰ সৰ্ব বৃহৎ অৰ্থনীতি;

(ঙ) ইউৰোপীয় সংঘ কেৱল অৰ্থনৈতিক চৰিত্ৰসম্পন্নই নহয় ই ৰাজনৈতিক চৰিত্ৰযুক্তও। বহুবোৰ জাতি-ৰাষ্ট্ৰক লৈ গঠিত এই সংস্থাই এখন জাতি ৰাষ্ট্ৰৰ দৰে কাম কৰে।

    উপৰিউক্ত ধৰণৰে ইউৰোপীয় সংঘৰ বহুতো বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।


২) ভাৰত আৰু চীনৰ মাজৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ পূ্ৰ্বৰ লৈকে চীন আৰু ভাৰতৰ মাজত  বিশেষ কোনো সম্পৰ্ক নাছিল। স্বাধীনতাৰ পিছত দুই দেশৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল। কিন্ত দুইখন দেশৰ মাজৰ সীমাবিবাদে এই আশা প্ৰতিহত কৰিলে। ১৯৭০ দশকৰ পৰাহে চীন আৰু ভাৰতৰ সম্পৰ্কটোৰ উন্নতি ঘটে। ১৯৭০ৰ দশকত হোৱা নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি হয়। চীন আৰু ভাৰতৰ মাজৰ সংঘাত আৰু বিবাদৰ মূল কাৰণ হ'ল সীমা বিবাদ। সেয়ে সীমাবিবাদ নিষ্পত্তি কৰাৰ লক্ষ্যৰে ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়। শীতল যুদ্ধৰ অৱসানৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন গতি লাভ কৰে। ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰে। তেতিয়াৰ পৰাই দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে। চীন আৰু ভাৰতৰ মাজত বাণিজ্যিক ক্ষেত্ৰতো যথেষ্ট এক ভাল সম্পৰ্ক গঢ়ি উঠিছে।বাণিজ্য প্ৰসাৰণৰ বাবে সীমান্তৰ চাৰিটা অঞ্চল দুই দেশে মুকলি কৰি দিছে। সাংস্কৃতিক আৰু বিজ্ঞান-প্ৰযুক্তিৰ সহযোগৰ বাবেও দুই দেশৰ মাজত চুক্তি সম্পাদিত হৈছে। ১৯৯৯ চনৰ পৰা দুই ৰাষ্ট্ৰৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাইছে। শেহতীয়াকৈ দুয়ো দেশে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্ৰসমূহতো সহযোগিতা কৰাৰ নীতি গ্ৰহণ কৰি আহিছে।

     এনেদৰে চীন আৰু ভাৰতৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। কিন্ত দুই ৰাষ্ট্ৰৰ মাজত সীমা বিবাদৰ এতিয়াও অন্ত পৰা নাই।


৩) ভাৰত-চীনৰ সীমা বিবাদৰ চমু আভাস দিয়া।

উত্তৰঃ চীন আৰু ভাৰতৰ সম্পৰ্কত ব্যাঘাত জন্মোৱা এক মূল উৎস হ'ল দুই দেশৰ মাজত থকা সীমা বিবাদ। এই লৈ দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটি থাকে। ১৯৫০ চনত চীনে তিব্বতক নিজৰ কৰ্তৃত্বলৈ অনাৰ প্ৰশ্নত তথা চীন আৰু ভাৰতৰ মাজৰ সীমাৰ চূড়ান্তকৰণৰ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠে। ১৯৬২ চনত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সৃষ্টি হয়। সীমা বিবাদ নিষ্পত্তিৰ লক্ষ্যেৰে দুই ৰাষ্ট্ৰৰ মাজত ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়। ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীত চীন ভ্ৰমণৰ পিছৰ পৰা দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা চলাই আহিছে।


৪) ভাৰত আৰু চীনৰ মাজৰ প্ৰধান উত্তেজিত কৰাৰ বিষয় কি কি?

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা চীন আৰু ভাৰতৰ মাজত এক যথেষ্ট ভাল সম্পৰ্ক গঢ়ি উঠিছে। তথাপিও কিন্ত দুই ৰাষ্ট্ৰৰ মাজত এতিয়াও বহুতো বিষয়ক লৈ সংঘাত আৰু উত্তেজনাই বিৰাজ কৰি আছে। তলত সেই সমূহ বিষয় উল্লেখ কৰা হ'ল-

(ক) সীমা বিবাদঃ চীন আৰু ভাৰতৰ মাজৰ সীমা বিবাদ হৈছে দুই ৰাষ্ট্ৰৰ মাজত সংঘাত আৰু উত্তেজনাৰ এক মূল কাৰণ। ১৯৬২ চনত দুই ৰাষ্ট্ৰৰ মাজত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হয়। বৰ্তমানো এই সীমা বিবাদ সমস্যাৰ অন্ত পৰা নাই।

(খ) চীন আৰু পাকিস্তানৰ সম্পৰ্কঃ চীন আৰু পাকিস্তানৰ মাজত থকা সুসম্পৰ্কও ভাৰতৰ বাবে এক শংকা আৰু উত্তেজনাৰ বিষয়। কাৰণ পাকিস্তান হৈছে ভাৰতৰ অন্যতম শত্ৰু আৰু চীনে পাকিস্তানৰ পাৰমাণৱিক শক্তি প্ৰতিষ্ঠাত অৰিহণা যোগাইছে বুলি ভাৰতে বিশ্বাস কৰে। 

(গ) চীনৰ ব্ৰহ্মপুত্ৰত নদীবান্ধৰ প্ৰস্ত্ততিঃ চীন আৰু ভাৰত বিশেষকৈ উত্তৰ-পূব ভাৰতৰ সংঘাত আৰু উত্তেজনাৰ অন্য এক বিষয় বা কাৰণ হ'ল চীনে ব্ৰহ্মপুত্ৰ নদী ভেঁটি বান্ধ নিৰ্মাণৰ প্ৰস্ত্ততি চলোৱা কাৰ্য।চীনৰ এনে পদক্ষেপে ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈ সমূহৰ পানীৰ গতি হ্ৰাস কৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে। এই লৈ দুই পক্ষৰ মাজত উত্তেজনাৰ সৃষ্টি হয়।

     এনেদৰে ভাৰত আৰু চীনৰ মাজত শংকা আৰু উত্তেজনা সৃষ্টি হোৱাৰ বহুকেইটা কাৰণ বা বিষয় আছে।


৫) ইউৰোপীয় সংঘই কেনেদৰে ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰে?

উত্তৰঃ  ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্ব যুদ্ধৰ ফলত ভাঙি পৰা অৰ্থনীতিক পুনৰস্হাপন আৰু স্ব-উন্নয়নৰ বাবে একত্ৰিত হৈ ১৯৯২ চনত ইউৰোপীয় সংঘৰ জন্ম দিয়ে। এই সংঘই সেই অনুসৰি ইউৰোপীয় দেশ সমূহৰ মাজত ঐক্য স্থাপন আৰু  সৰ্বাংগীন উন্নয়নৰ মূল মঞ্চ হিচাপে কাম কৰি আহিছে। এই সংস্হাই কেৱল অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰা নাই তাৰোপৰি ই ৰাজনৈতিক আৰু কূটনৈতিক দিশতো প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই সংস্থাই প্ৰতিষ্ঠাৰ পিছৰে পৰা সময় বাগৰাৰ লগে লগে এক ৰাজনৈতিক চৰিত্ৰ আহৰণ কৰে। বহুবোৰ জাতি-ৰাষ্ট্ৰক লৈ গঠিত ইউৰোপীয় সংঘই এখন জাতি ৰাষ্ট্ৰৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে। তদুপৰি ই এখন উমৈহতীয়া সংবিধান প্ৰণয়নৰো প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়। তথাপি এই দেশসমূহত বৰ্তমানো বহু উমৈহতীয়া উপাদান আছে যেনে- উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্ৰতিষ্ঠা দিৱস আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ ইউৰোপীয় মুদ্ৰা ইউৰো। তদুপৰি উৰোপীয় সংঘৰ আধাৰত ইউৰোপীয় দেশসমূহে পৃথিৱীৰ অন্য দেশৰ লগত মোকাবিলা কৰিবলৈ উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তাবিষয়ক নীতিও প্ৰস্তত কৰি উলিয়াইছে। ছোভিয়েট সংঘৰ পতনৰ পৰৱৰ্তীকালত পূৰ্বে ছোভিয়েট সংঘৰ মিত্ৰজোঁটত থকা ইউৰোপীয় দেশসমূহকো ইউৰোপীয় সংসদে আদৰি লৈছে।

  সাম্প্ৰতিক কালৰ ৰাজনীতিতো ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। ইউৰোপীয় দুখন দেশ বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় সংঘৰ বহুবোৰ ৰাষ্ট্ৰই অস্হায়ী সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰে। ফলত নিৰাপত্তা পৰিষদৰ সিদ্ধান্ত নিৰ্ণয়ত ইউৰোপীয় সংঘৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে। বহুক্ষেত্ৰত এই সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিকো নিৰাপত্তা পৰিষদত প্ৰভাৱান্বিত কৰা পৰিলক্ষিত হয়। কূটনৈতিক কৌশলেৰেও ইউৰোপীয় সংঘই বহু আন্তৰ্জাতিক সমস্যা আৰু প্ৰত্যাহ্বানৰ সময়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ সাব্যস্ত কৰা দেখা যায়। উদাহৰণস্বৰূপে মানৱ অধিকাৰৰ প্ৰশ্নত চীনৰ লগত হোৱা আলোচনা বা পৰিৱেশ ৰক্ষণাবেক্ষণৰ প্ৰশ্নত আন্তৰ্জাতিক স্তৰত হোৱা প্ৰচেষ্টাত ইউৰোপীয় সংঘৰ ভূমিকা যথেষ্ট শক্তিশালী। এনেদৰে ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত যথেষ্ট প্ৰভাৱ কৰে।


৬) ইউৰোপীয় সংসদ বুলিলে কি বুজা?

উত্তৰঃ ইউৰোপীয় সংসদেই হ'ল ইউৰোপীয় সংঘৰ আটাইতকৈ ডাঙৰ অংগ।এই সংসদ ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিৰে গঠিত হয়।দেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ভিত্তিত প্ৰত্যেক দেশৰ বিধানমণ্ডলৰ সদস্যসকলে সংসদৰ সদস্যক নিৰ্বাচিত কৰে। বৰ্তমান ইয়াৰ সদস্য সংখ্যা ৭৩২ জন।

         ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ বাবে এই সংসদৰ গঠন কৰা হয়। এই ইউৰোপীয় সংসদে ইউৰোপীয় পৰিষদৰ লগত যুটীয়াভাৱে আইন প্ৰণয়ন কৰে। কমিছন আৰু পৰিষদৰ ওপৰত এই সংসদে নিয়ন্ত্ৰণ চলায়। সংসদে পৰিষদলৈ বিভিন্ন বিষয়ৰ পৰামৰ্শও আগবঢ়াব পাৰে। ছোভিয়েট সংঘৰ পতনৰ পৰৱৰ্তীকালত পূৰ্বে ছোভিয়েট সংঘৰ মিত্ৰজোঁটত থকা ইউৰোপীয় দেশসমূহক ইউৰোপীয় সংসদে আদৰি লয়। এই সংসদে প্ৰকৃততে ইউৰোপীয় দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণত বহু দূৰ সফল হয়। ইউৰোপীয় সংঘৰ সৰ্ববৃহৎ অংগৰূপে ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।


৭)  ১৯৭০ চনৰ পৰা চীনৰ নীতিৰ প্ৰধান পৰিৱৰ্তনবিলাক কি কি ?

উত্তৰঃ ১৯৭০ চনৰ পৰা চীনৰ নীতি আৰু আঁচনিত যথেষ্ট পৰিৱৰ্তন আহে। তাৰে ভিতৰত প্ৰধান কিছুমান পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল-

(ক) ১৯৭২ চনত চীনে অতদিনে বৰ্জন কৰি অহা মাৰ্কিন অৰ্থনীতিৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

(খ) অন্য এক পৰিৱৰ্তন হ'ল চীনৰ প্ৰধানমন্ত্ৰী চৌ-এন-লায়ৰ নেতৃত্বত ১৯৭৩ চনত চাৰিটা খণ্ড- কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডৰ আধুনিকীকৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হয়।

(গ)  ১৯৭৮ চনত চীনে নিজৰ অৰ্থনৈতিক উন্নয়নৰ হেতু অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰে। যাৰ জৰিয়তে চীনৰ অৰ্থনীতিৰ দ্ৰুত প্ৰসাৰণ আৰম্ভ হয় আৰু ই বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি ৰূপে থিয় দিয়ে।

(ঘ) ১৯৮২ চনত চীনে কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ ফলত কৃষিৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ বিকাশো ত্বৰান্বিত হয়।

(ঙ) ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্ৰহণ কৰে।উপৰিউক্ত ধৰণেৰে ১৯৭০ চনৰ পৰা চীনৰ নীতিতত পৰিৱৰ্তন ঘটে।


অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) ১৯৭৮ চনৰ আগত আৰু পাছত চীনে অনুসৰণ কৰা দুটা নীতি লিখা।

উত্তৰঃ ১৯৭৮ চনৰ আগত চীনে গ্ৰহণ কৰা এটা নীতি হ'ল-  চীনে ১৯৭৩ চনত কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি তথা সামৰিক খণ্ডত আৰম্ভ কৰা আধুনিকীকৰণ প্ৰক্ৰিয়া  আৰু তেনেদৰে ১৯৭৮ চনৰ পাছত অনুসৰণ কৰা এটা নীতি হ'ল- ১৯৮২ চনত  কৃষিখণ্ডত আৰম্ভ কৰা ব্যক্তিগতকৰণ প্ৰক্ৰিয়া। 


২) ইউৰোপীয়ান সংঘৰ দুটা দুৰ্বলতা কি কি ?

উত্তৰঃ ইউৰোপীয় সংঘৰ দুটা দুৰ্বলতা হ'ল-

(ক) ইউৰোপীয় সংঘৰ এক মূখ্য দুৰ্বলতা হ'ল যে ই কিছুমান ক্ষেত্ৰত, বিশেষকৈ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ আইন-শৃংখলাৰ দৰে প্ৰশ্নত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰে;

(খ) তাৰোপৰি এই সংস্থাৰ অন্য এক দুৰ্বলতা হ'ল যে ই সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিল নীতিৰ ক্ষেত্ৰতো মাত মাতিব আৰু হস্তক্ষেপ কৰিব নোৱাৰে।


৩) চীনৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

৪) ASEAN ৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ  ASEAN ৰ দুটা মূল উদ্দেশ্য হ'ল-

(ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা;

(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।


৫)  ASEAN ৰ দুটা সফলতা লিখা।

উত্তৰঃ ASEAN ৰ দুটা সফলতা হ'ল-

(ক) এছিয়ানে ভাৰত আৰু চীন আদি দেশৰ অংশগ্ৰহণৰ পিছত বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক কেন্দ্ৰীয় শক্তিক ফেৰ মৰাত সফল হৈছে;

(খ) এছিয়ানে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিকাশ সাধন আঞ্চলিক সহযোগিতাৰ মঞ্চ হিচাপে যথেষ্ট পৰিমাণে সফল হৈছে। কাৰণ ইয়ে হ'ল এছিয়াৰ একমাত্ৰ ৰাজনৈতিক মঞ্চ য'ত এছিয়াৰ দেশ আৰু প্ৰধান শক্তিসমূহে এই অঞ্চলৰ ৰাজনৈতিক আৰু নিৰাপত্তাবিষয়ক বিষয়সমূহ আলোচনা কৰিব পাৰে।


৬) ASEAN-ৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ASEAN ৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) এছিয়ান হ'ল দক্ষিণ-পূব এছিয়াৰ ৫খন ৰাষ্ট্ৰই একত্ৰিত হৈ গঠন কৰা আঞ্চলিক সংগঠন;

(খ) এছিয়ান হৈছে এক অৰ্থনৈতিক সংস্থা।


৭) ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) ইউৰোপীয়ান সংঘ হ'ল ইউৰোপীয় দেশসমূহৰ একত্ৰিতকৰণৰ জৰিয়তে জন্ম হোৱা এক সংঘ বা সংগঠন;

(খ) ইউৰোপীয় সংঘ এক অতি-ৰাষ্ট্ৰীয় সংস্থা। অৰ্থাৎ ই জাতিৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে।


৮) ইউৰোপীয়ান সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ইউৰোপীয়ান সংঘৰ দুটা উদ্দেশ্য হ'ল-

(ক) ইউৰোপীয় সংঘৰ মূল উদ্দেশ্য হ'ল ইউৰোপীয় দেশসমূহৰ মাজত একতা, সহযোগিতা আৰু শান্তি প্ৰতিষ্ঠা কৰা;

(খ) ইউৰোপীয় সংঘৰ আন এক উদ্দেশ্য হ'ল ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা।


৯) ভাৰত আৰু চীনৰ মাজৰ কাজিয়াৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰত আৰু চীনৰ মাজৰ কাজিয়াৰ দুটা প্ৰধান কাৰণ হ'ল-

(ক) ভাৰত আৰু চীনৰ মাজৰ কাজিয়া বা সংঘাতৰ মূল কাৰণ হ'ল সীমা বিবাদ;

(খ) দুই ৰাষ্ট্ৰৰ মাজৰ কাজিয়াৰ অন্য কাৰণ হ'ল ব্ৰহ্মপুত্ৰ নদীত চীনৰ নদীবান্ধ নিৰ্মাণৰ প্ৰস্ততি।

 

১০) ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা।

উত্তৰঃ ইউৰোপীয় সংঘ গঠনৰ বহুতো কাৰণ আছে। তাৰে দুটা কাৰণ হ'ল-

(ক) ইউৰোপীয় সংঘ প্ৰতিষ্ঠাৰ এক মূল কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ মাজত একতা,সহযোগিতা আৰু শান্তি প্ৰতিষ্ঠা কৰা;

(খ) এই সংঘ গঠনৰ অন্য কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক,ৰাজনৈতিক,সাংস্কৃতিক, সামৰিক আদি সকলো ক্ষেত্ৰত বিকাশ আৰু উন্নতিৰ এক মঞ্চ গঠন  কৰা যি হ'ল ইউৰোপীয় সংঘ।


১১) ইউৰোপীয়ান সংঘৰ দুটা অংগৰ নাম লিখা।

উত্তৰঃ ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম হ'ল-

(ক) ইউৰোপীয় সংসদ আৰু (খ) ইউৰোপীয় পৰিষদ।


বস্তুনিষ্ঠ প্ৰশ্নাৱলীঁঃ

১) আছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল ?

উত্তৰঃ 


২) ভাৰত আছিয়ান (ASEAN)ৰ এখন সদস্য ৰাষ্ট্ৰ । (হয় অথবা নহয় লিখা )

উত্তৰঃ 


৩) ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ ASEAN ৰ সম্পূৰ্ণ অৰ্থ হ'ল-  Association of South-East Asian Nations।


৪) ASEAN ৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ASEAN ৰ এখন সদস্য ৰাষ্ট্ৰ হ'ল ইন্দোনেচিয়া।


৫) কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত “Open Door Policy” নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৭৮ চনত চীনে “Open Door Policy” নীতি গ্ৰহণ কৰিছিল।


৬) চীনে কেতিয়া বিশ্ব বাণিজ্য সন্থাৰ সদস্য হৈছিল?

উত্তৰঃ চীনে ২০০১ চনত বিশ্ব বাণিজ্য সন্থাৰ সদস্য হৈছিল।


৭) ইউৰোপীয়ান সংঘৰ সদস্য ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উত্তৰঃ ইউৰোপীয়ান সংঘৰ এখন সদস্য ৰাষ্ট্ৰ হ'ল জাৰ্মানী।


৮) কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল?

উত্তৰঃ ১৯৮২ চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল।


৯) কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৮৮ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল।


১০) ইউৰোপীয়ান সংঘৰ মুদ্ৰাক কি কয়?

উত্তৰঃ ইউৰোপীয়ান সংঘৰ মুদ্ৰাক ইউৰো বোলা হয়।


১১) ১৯৯২ চনত কোনখন আঞ্চলিক সংগঠন গঠন হৈছিল?

উত্তৰঃ ১৯৯২ চনত ইউৰোপীয় সংঘৰ গঠন হৈছিল।


১২) এছিয়াৰ এটা প্ৰধান শক্তিৰ নাম লিখা।

উত্তৰঃ এছিয়াৰ এটা প্ৰধান শক্তিৰ  হ'ল চীন।



শুদ্ধ উত্তৰ দিয়াঃ 

১)  আণৱিক বোমা নিক্ষেপণৰ ফলত দ্বিতীয় মহাসমৰত তলত দিয়া কোনখন দেশ ধ্বংসপ্ৰাপ্ত হৈছিল? 

(ক) জাৰ্মানী  (খ) জাপান   (গ) ইংলেণ্ড   (ঘ) ইটালী

উত্তৰঃ  (খ) জাপান । 


২) চীনক কৃষি ব্যক্তিগতকৰণ কৰা হৈছিল- 

(ক) ১৯৮৮   (খ) ১৯৮২   (গ) ১৯৭৬   (ঘ) ১৯৭৮ চনত

উত্তৰঃ (খ) ১৯৮২ চনত।


৩) ইউৰোপীয়ান সংঘ স্থাপনৰ কৰা হৈছিল-

(ক) ১৯৯২ চনত   (খ) ১৯৯০   (গ) ১৯৯৪   (ঘ) ১৯৯৬ চনত

উত্তৰঃ  (ক) ১৯৯২ চনত ।


৪) তলত দিয়া কোনখন ৰাষ্ট্ৰ ইউৰোপীয়ান সংঘৰ সদস্য নহয়-

(ক) গ্ৰেট ব্ৰিটেইন   (খ) জাৰ্মানী    (গ) ভাৰত   (ঘ) ফ্ৰান্স

উত্তৰঃ (গ) ভাৰত ।


বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ লিংককো ক্লিক কৰক


Author: Nikita Chetia (Charaideo, Assam) 

MA in Political Science