অধ্যায় ৭
Chapter 7
ভাৰতবৰ্ষ আৰু অসমৰ প্ৰথমিক শিক্ষা
কার্যাৱলীঃ ১
১। ভাৰতবৰ্ষৰ পুৰণি শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতৰ শিক্ষা ব্যৱস্থা অতি পুৰণি। আমাৰ দেশৰ শিক্ষা ব্যৱস্থাক আমি প্ৰধানতে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সেয়া হল প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থা, বৃটিছসকলৰ সময়ৰ আধুনিক শিক্ষাব্যৱস্থা আৰু স্বাধীনোত্তৰ কালৰ শিক্ষাব্যৱস্থা। এই তিনিওটা ভাগৰ শিক্ষাব্যৱস্থাৰে কেতবোৰ স্বকীয় ব্যৱস্থা আছে। দৰাচলতে বৰ্তমানৰ আমাৰ দেশৰ শিক্ষাব্যৱস্থাৰ মূল ভেট ভেটি হল প্ৰাচীন দেশীয় শিক্ষাব্যৱস্থা। প্ৰাথমিক শিক্ষা হৈছে মানৱ জীৱনৰ প্ৰথম আনুষ্ঠানিক শিক্ষা। বিভিন্ন ঘটনা-পৰিঘটনা অতিক্ৰম কৰি আমাৰ দেশৰ প্ৰাথমিক শিক্ষাই বৰ্তমান ৰুপ লাভ কৰিছে। সেয়েহে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পাছৰ সময়ছোৱাত আমাৰ দেশৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ অধ্যয়ন কৰাটো অত্যন্তই প্ৰয়োজনীয়।
আমাৰ দেশীয় শিক্ষা ব্যৱস্থাৰ আৰম্ভণি প্ৰধানতে ধৰ্মৰ ভিত্তিত গঢ় লৈ উঠিছিল। বৃটিছসকল অহাৰ বহু পূৰ্বে আমাৰ দেশত নিজ শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছিল। যিহেতু হিন্দু ধৰ্মক সনাতন ধৰ্ম হিচাপে অভিহিত কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থাৰ আৰম্ভণিও হিন্দু ধৰ্মক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। বেদ আৰু অন্যান্য ধৰ্মগ্ৰন্থসমূহৰ ভিত্তিত গঢ়ি উঠা শিক্ষাক বৈদিক শিক্ষা স্বৰূপে অভিহিত কৰা হৈছে।
২। ভাৰতবৰ্ষৰ পুৰণি শিক্ষাৰ অনুষ্ঠানসমূহৰ নাম উল্লেখ কৰা ।
উত্তৰঃ ভাৰতবৰ্ষৰ পুৰণি শিক্ষাৰ অনুষ্ঠানসমূহ হল-
১) গুৰুকূল পদ্ধতি
২) পাঠশালা
৩) টোল
৪) সত্ৰ
৫) মোক্তাৱ
৬) মাদ্ৰাছা
৭) মণিটৰিয়েল ব্যৱস্থা
৩। ড ° এনডু বেল কোন আছিল ? তেওঁ কি পদ্ধতি উদ্ভাৱন কৰিছিল ?
উত্তৰঃ ড° এনডু বেল এজন বৃটিছ শিক্ষাবিদ আছিল। তেওঁ মনটৰিয়েল পদ্ধতি উদ্ভাৱন কৰিছিল।
৪। শ্ৰীৰামপুৰ ত্ৰয়ৰ সদস্য কোন কোন আছিল ?
উত্তৰঃ শ্ৰীৰামপুৰ ত্ৰয়ৰ সদস্য কেইজন হল-
১) উইলিয়াম কেৰী
২) উইলিয়াম ৱাৰ্ড
৩) জছোৱা মাৰ্চমেন
কার্যাৱলীঃ ২
১। ১৮১৩ চনৰ চাৰ্টাৰ আইনত সােমাই দিয়া গুৰুত্বপূর্ণ দফাটো কি ?
উত্তৰঃ ১৮১৩ চনত চাৰ্টাৰ আইনত সান্নিবিষ্ট কৰা দফাটো হল যে এতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্যৰ পুনৰ উথান আৰু উন্নতিৰ কাৰণে শিক্ষিত ভাৰতীয় সকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ উন্নতিৰ কাৰণে এক লাখ টকা আছুটীয়াকৈ ৰখা হব।
২। প্রাচ্য শিক্ষাৰ ওপৰত সমালােচনা কৰােতে লর্ড মেকলে প্রকাশ কৰা উক্তিটো উল্লেখ কৰা।
উত্তৰঃ
৩। ১৮৫৪ চনৰ উডৰ ঘােষণাপত্ৰখনক কিয় ‘ মেগ্নাকার্টা ’ আখ্যা দিয়া হয় ?
উত্তৰঃ
৪। ফলাফলভিত্তিক অনুদানৰ আভ্যন্তৰীণ দৃষ্টিভংগী কি আছিল ? ইয়াক কোনে প্রবর্তন কৰিছিল । আৰু কোনে বাতিল কৰিছিল ?
উত্তৰঃ
৫। গােখলেৰ বিলখন আইনসভাৰ তৰ্কত যােৱাৰ আগতে গােখলে নিজেই কি মত পােষণ কৰি উক্তি দিছিল ?
উত্তৰঃ প্ৰস্তাৱবোৰ হল-
১) ভাৰতবৰ্ষত ৬-১০ বছৰ বয়সলৈ লৰা-ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলকভাৱে প্ৰৱৰ্তন কৰিব লাগে।
২) যিবোৰ অঞ্চলত ৩৩ শতাংশ লৰাই শিক্ষালাভ কৰি আছে তেনে অঞ্চলত এই আইন বিশেষভাৱে প্ৰণয়ন কৰিব লাগে।
৩) শিক্ষাৰ খৰচৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষই ১ শতাংশ আৰু প্ৰাদেশিক চৰকাৰে ২ শতাংশ বহন কৰিব লাগে। অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ খৰচৰ ক্ষেত্ৰত ১ঃ২ শতাংশ উভয় পক্ষই গ্ৰহণ কৰিব লাগিব।
৪) শিক্ষাৰ বাবে এটা সুকীয়া বিভাগ খুলি কেইজনমান সদস্যক লৈ এজন সচিব পৰ্যায়ৰ মুৰব্বী কাৰ্য নিৰ্বাহক পৰিষদৰ পৰা নিযুক্তি দিব লাগে। বিভাগে প্ৰাথমিক শিক্ষা খৰচ সম্পৰ্কীয় যাৱতীয় এখন বাজেট প্ৰস্তুত কৰিব। ইয়াৰ উপৰিও প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি সম্পৰ্কে খতিয়ান দাঙি ধৰিব লাগিব।
৫) প্ৰাথমিক শিক্ষা বিস্তাৰৰ দায়িত্ব অকল প্ৰাদেশিক চৰকাৰৰ ওপৰতে ন্যস্ত নকৰি কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ দায়িত্ব বহন কৰিব লাগে।
৬। বুনিয়াদী শিক্ষা অকৃতকার্য হােৱাৰ কাৰণসমূহ কি কি ?
উত্তৰঃ বুনিয়াদী শিক্ষাৰ অকৃতকাৰ্য হোৱাৰ কাৰণবোৰ হল-
১) ভাৰত স্বাধীন হোৱাৰ পাছত কংগ্ৰেছে বুনিয়াদী শিক্ষা আইন পাছ কৰিছিল যদিও তাৰ নীতিবোৰ কাৰ্যকৰী কৰাৰ প্ৰতি চৰকাৰ উদাসীন আছিল।
২) সাধাৰণ লোকে এই আঁচনিৰ মৰ্ম উপলব্ধি কৰিব পৰা নাছিল। মানুহৰ মনত কিছুমান ধাৰণা সোমাইছিল যে এই শিক্ষাই শিক্ষাৰ্থীক বনুৱাহে বনাব।
৩) সাধাৰণ মানুহে বুনিয়াদ শিক্ষাৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰিছিল।
৪) এই শিক্ষা ব্যয়বহুল।
প্রশ্নাবলীঃ
১। ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থাৰ এটি চমু আভাষ দিয়া ।
উত্তৰঃ ভাৰতৰ শিক্ষা ব্যৱস্থা অতি পুৰণি। আমাৰ দেশৰ শিক্ষা ব্যৱস্থাক আমি প্ৰধানতে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সেয়া হল প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থা, বৃটিছসকলৰ সময়ৰ আধুনিক শিক্ষাব্যৱস্থা আৰু স্বাধীনোত্তৰ কালৰ শিক্ষাব্যৱস্থা। এই তিনিওটা ভাগৰ শিক্ষাব্যৱস্থাৰে কেতবোৰ স্বকীয় ব্যৱস্থা আছে। দৰাচলতে বৰ্তমানৰ আমাৰ দেশৰ শিক্ষাব্যৱস্থাৰ মূল ভেট ভেটি হল প্ৰাচীন দেশীয় শিক্ষাব্যৱস্থা। প্ৰাথমিক শিক্ষা হৈছে মানৱ জীৱনৰ প্ৰথম আনুষ্ঠানিক শিক্ষা। বিভিন্ন ঘটনা-পৰিঘটনা অতিক্ৰম কৰি আমাৰ দেশৰ প্ৰাথমিক শিক্ষাই বৰ্তমান ৰুপ লাভ কৰিছে। সেয়েহে স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পাছৰ সময়ছোৱাত আমাৰ দেশৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ অধ্যয়ন কৰাটো অত্যন্তই প্ৰয়োজনীয়।
আমাৰ দেশীয় শিক্ষা ব্যৱস্থাৰ আৰম্ভণি প্ৰধানতে ধৰ্মৰ ভিত্তিত গঢ় লৈ উঠিছিল। বৃটিছসকল অহাৰ বহু পূৰ্বে আমাৰ দেশত নিজ শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিছিল। যিহেতু হিন্দু ধৰ্মক সনাতন ধৰ্ম হিচাপে অভিহিত কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থাৰ আৰম্ভণিও হিন্দু ধৰ্মক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। বেদ আৰু অন্যান্য ধৰ্মগ্ৰন্থসমূহৰ ভিত্তিত গঢ়ি উঠা শিক্ষাক বৈদিক শিক্ষা স্বৰূপে অভিহিত কৰা হৈছে।
২। চমুকৈ লিখাঃ
( ক ) গুৰুকুল প্রথা
উত্তৰঃ প্ৰাচীন বৈদিক শিক্ষা গুৰুকূল আশ্ৰমক কেন্দ্ৰ কলি গঢ় লৈ উঠিছিল। গুৰুকূলত শিক্ষা আৰম্ভ কৰাৰ আগেয়ে উপনয়ন নামৰ এক অনুষ্ঠান তিনিদিনৰ বাবে উদ্যাপন কৰা হৈছিল। ৮-ৰ পৰা ১২ বছৰ বয়সৰ শিষ্যই গুৰুত্ব গৃহত বৈদিক শিক্ষা লাভৰ বাবে উপনয়ন যোগেদি প্ৰৱেশ কৰিব পাৰে। গুৰুকূলত ৮-ৰ বছৰ কাল শিষ্যই গুৰুৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল। গুৰুকুল আশ্ৰমত শিষ্যসকলে দৈনন্দিন কাৰ্যস্বৰূপে গুৰুৱে শুই উঠাৰ পূৰ্বে উঠিব লাগিছিল, বাচন চাফা কৰা, যজ্ঞৰ বাবে খৰি সংগ্ৰহ কৰা, পূজাৰ বাবে ফুল গোটোৱা, অন্ন সংগ্ৰহ কৰাৰ দায়িত্ব পালন কৰিব লাগিছিল। ইয়াৰ উপৰিও গুৰুগৃহত তেওঁলোকে সহজ-সৰল জীৱন যাপন কৰিছিল আৰু প্ৰতিদিনে শিষ্যসকলে দুবাৰকৈ ভিক্ষা সংগ্ৰহ কৰিব লাগিছিল। ভিক্ষা সংগ্ৰহ কৰাটো এক নৈতিক অনুশাসন স্বৰূপে গণ্য কৰা হৈছিল।
( খ ) পাঠশালা।
উত্তৰঃ প্ৰাচীন ভাৰতীয় শিক্ষাৰ এক প্ৰসিদ্ধ অনুষ্ঠান হল পাঠশালা। প্ৰধানতে হিন্দুসমাজৰ লৰা-ছোৱালীৰ শিক্ষা প্ৰদানৰ বাবে এই অনুষ্ঠান গঢ় লৈ উঠিছিল। পাঠশালাত সংস্কৃত ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। এই শিক্ষানুষ্ঠানৰ শিক্ষকসকল বিদগ্ধ পণ্ডিত আছিল আৰু তেওঁলোকৰ শিক্ষাদান কাৰ্যও অতুলনীয় আছিল। পাঠশালা অনুষ্ঠান সাধাৰণতে মঠ-মন্দিৰবোৰত স্থাপন কৰা হৈছিল আৰু কিছুমান পাঠশালাৰ নিজস্ব মাটি আৰু ঘৰ-দুৱাৰ আছিল। দেশৰ শাসনকৰ্তা, সমাজৰ ঐশ্বৰ্যশালী ব্যক্তি আৰু সৰ্বসাধাৰণ লোকৰ অৰ্থ সাহাৰ্যৰ এই অনুষ্ঠানবোৰ চলি আছিল।
পাঠশালাত প্ৰধানকৈ ৰামায়ণ, মহাভাৰত, সাহিত্য, বিজ্ঞান, অংক, ব্যাকৰণ আদিৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিষয়বোৰৰ মাধ্যমেৰে প্ৰদান কৰা পাঠশালাৰ শিক্ষাৰ মূল লক্ষ্য আছিল হিন্দু শিশুসকলক ধৰ্মীয় শিক্ষাৰ দ্বাৰা উপযুক্ত পণ্ডিত স্বৰূপে গঢ় দি তোলা।
( গ ) টোল
উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষত উচ্চ শিক্ষা প্ৰদানৰ এক অনুষ্ঠান হল টোল আৰু ই হিন্দু ধৰ্মকেন্দ্ৰীক আছিল। টোলসমূহত প্ৰধানতে সংস্কৃত ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। সমগ্ৰ ভাৰতবৰ্ষতে টোলৰ শিক্ষা প্ৰচলন আছিল যদিও বেনাৰস, কাশী, উজ্জয়িনী, মিথিলা আদিত টোলৰ শিক্ষা বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছিল। টোলসমূহৰ প্ৰশাসনিক ব্যৱস্থা শিক্ষকপ্ৰধান আছিল আৰু অতি কম শিক্ষাৰ্থীয়ে টোলসমূহত শিক্ষাগ্ৰহণ কৰিছিল। টোলসমূহত শিক্ষাৰ্থীৰ সংখ্যা ২৫ জনৰ ভিতৰত সীমাৱদ্ধ আছিল আৰু ৬ৰ পৰা ৮ বছৰলৈ শিক্ষাৰ্থীসকলে শিক্ষালাভ কৰিছিল। টোলৰ শিক্ষাৰ বিকাশৰ বাবে ৰজাঘৰীয়া সাহাৰ্য আৰু সৰ্বসাধাৰণ লোকৰ সাহাৰ্য্য দেখিবলৈ পোৱা গৈছিল।
টোলৰ শিক্ষা গুণগত দিশেৰে অতি উচ্চ মানদণ্ডৰ আছিল আৰু ইয়াত বেদৰ অধ্যয়ন উপৰিও বিভিন্ন ধৰ্মতত্ব,কলাত্মক বিষয়, গণিত আৰু বিজ্ঞান আদি বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল। টোলৰ শিক্ষা গ্ৰহণৰ অন্তত শিক্ষাৰ্থীসকলে শিক্ষকতা বৃত্তিৰ বাবে যোগ্যতা লাভ কৰিছিল আৰু নিজ অঞ্চলত গৈ শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষা সম্প্ৰসাৰণ কৰিছিল। কেতবোৰ টোলে ইমান বেছি জনপ্ৰিয়তা লাভ কৰিছিল যে দূৰ-দূৰণিৰ পৰাও শিক্ষাৰ্থীসকলে বিশিষ্ট শিক্ষকৰ তলত শিক্ষালাভৰ বাবে আহিছিল।
( ঘ ) সত্র
উত্তৰঃ সত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষনৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। মূলতঃ ধৰ্মচৰ্চা কৰিবৰ বাবে সত্ৰসমূহ স্থাপন কৰা হৈছিল। সত্ৰসমূহত প্ৰাচীন ভাৰতীয় সমাজ আৰু বৌদ্ধ-বিহাৰৰ আদৰ্শ থকা দেখা যায়।
প্ৰতিখন সত্ৰতে এজনকৈ সত্ৰাধিকাৰ থাকে। সত্ৰাধিকাৰৰ ওচৰত সৰ্বসাধাৰণ লোকে শৰণ লৈ শিক্ষা আৰু নৈতিক জীৱনৰ আদৰ্শ লাভ কৰে। সত্ৰসমূহত শিক্ষাৰ লগতে অসমীয়া সমাজ আৰু সংস্কৃতিৰ বিষয়েও চিন্তা-চৰ্চা কৰা হৈছিল।
( ঙ ) মোক্তাৱ।
উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰে প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰসমূহক মোক্তাব হিচাপে অভিহিত কৰা হৈছিল। প্ৰাথমিক শিক্ষাদানৰ মুখ্য উদ্দেশ্য আছিল লৰা-ছোৱালীক আখৰ আৰু ধৰ্মীয় প্ৰাৰ্থনাৰ শিক্ষা দিয়া। মোক্তাবসমূহত ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আছিল। মোক্তাব শব্দ কুটুব নামৰ আৰবী শব্দৰ পৰা সৃষ্টি হৈছে যত লিখিবলৈ একগোট হোৱা যায়। মোক্তাবসমূহ মছজিদৰ লগত সংলগ্ন আছিল। ইয়াতেই শিশুক প্ৰাথমিক শিক্ষা দিয়া হৈছিল। যদিও কিছুসংখ্যক আঢ্যৱন্ত লোকে ঘৰতে শিক্ষা নিযুক্তি দি লৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল, তথাপিও বেছিভাগেই মোক্তাবত শিক্ষক লাভ কৰিছিল। তদুপৰি খানকাহ আৰু দৰগাহ সমূহতো শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। মৌলবাদীসকলক এই পবিত্ৰ অনুষ্ঠানবোৰত শিক্ষা দিবলৈ নিয়োগ কৰা হৈছিল। তেওঁলোকক প্ৰয়োজনীয় অৰ্থসাহায্য প্ৰদান কৰা হৈছিল।
( চ ) মাদ্ৰাছা
উত্তৰঃ মুছলমান যুগৰ শিক্ষাৰ উচ্চ ব্যৱস্থাক মাদ্ৰাছা বুলি অভিহিত কৰা হৈছিল। মাদ্ৰাছা শব্দটো আৰবী ভাষাৰ দাৰচ নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হল বক্ততা প্ৰদান কৰা। মোক্তাবৰ শিক্ষা সমাপ্ত কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছাত নাম ভৰ্তি কৰিছিল। মাদ্ৰাছা শিক্ষা দুই ভাগত ভগোৱা হৈছিল-
ধৰ্মনিৰপেক্ষ
ধৰ্মীয় শিক্ষা
সমগ্ৰ শিক্ষাৰ বাবে দহ/বাৰ বছৰ ধাৰ্য কৰি দিয়া হৈছিল। ধৰ্মনিৰপেক্ষ শিক্ষাৰ বাবে বিষয়সমূহ এনেধৰণৰ আছিল- আৰবী, ব্যাকৰণ, গদ্য, সাহিত্য আৰু দৰ্শন, তৰ্কশাস্ত্ৰ, জ্যোতিষবিদ্যা, গণিত, বুৰঞ্জী, ভোগোল, কৃষি আৰু সংযোজন ইত্যাদি। শিক্ষাদানৰ মাধ্যম আছিল আৰবী। সম্ৰাট ঔৰংগজেবে শিক্ষাদানৰ মাধ্যম মাতৃভাষা কৰাৰ পৃষ্ঠপোষকতা কৰিছিল, কাৰণ, দহ বা বাৰ বছৰ ধৰি শিক্ষা লাভৰ পাছতো অধিকসংখ্যক ছাত্ৰই আৰবী ভাষা সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পৰা নাছিল।
ধৰ্মীয় শিক্ষা কোৰাণৰ ওপৰত সামগ্ৰিক জ্ঞানেৰে প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি হজৰত মহম্মদৰ ধৰ্মীয় পৰম্পৰা, মুছলমান আইন, চুফীসকলৰ পংক্তিবোৰ এই শিক্ষাত অন্তৰ্ভূক্ত হৈছিল। প্ৰথমতে ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰা হৈছিল যদিও ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰৰোচনা চলোৱা হৈছিল। মহামতি আকবলে এইক্ষেত্ৰত কিছু উদাৰ মনোভাব পোষণ কৰিছিল।
( ছ ) শ্ৰীৰামপুৰ ত্রয়।
উত্তৰঃ কলিকতাত প্ৰথমতে ১৭৮৯ চনত Calcutta Free Education Society মিছনেৰীসকলে স্থাপন কৰে আৰু ইউৰোপীয়ান লৰা-ছোৱালীসকলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। পৰবৰ্তী সময়ত ভাৰতীয় লৰা-ছোৱালীসকলৰ বাবেও এই সমাজে বিদ্যালয় স্থাপন কৰিছিল। ১৭৯৩ চনত বেপ্তিষ্ট মিছনেৰী উইলিয়াম কেৰীয়ে কলিকতাত শিক্ষামূলক কাৰ্য প্ৰচলন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে ১৯৯৯ চনত তেওঁ উইলিয়াম ৱাৰ্ড আৰু জছোৱা মাৰ্চমেন নামৰ আনদুজন মিছনেৰীৰ লগত সহযোগিতাৰে কলিকতাৰ পৰা ১৫ মাইল আঁতৰত শ্ৰীৰামপুৰত কেন্দ্ৰ স্থাপন কৰে আৰু প্ৰায় ৪০ বছৰ কাল কলিতাৰ শিক্ষা আৰু সংস্কৃতিমূলক কামত লিপ্ত আছিল। তেওঁলোক তিনিওজনকে একেলগে শ্ৰীৰামপুৰ ক্ৰয়ী নামেৰে জনা যায় গৈছিল। এওঁলোকে ১৮১৮ চনত শ্ৰীৰামপুৰত এখন কলেজ আৰু বহুতো স্কুল স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁলোকে বংগ ভাষাত বাইবেল আৰু আন আন বিভিন্ন গ্ৰন্থ অনুবাদ কৰিছিল।
৩। মনিটৰিয়েল প্ৰথাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰা মণিটৰিয়েল ব্যৱস্থা দৰাচলতে প্ৰাচীন ভাৰতৰ শিক্ষাৰ এক কেন্দ্ৰ। বৃটিছ শিক্ষাবিদ দ্বয় ড°এণ্ড্ৰিউ বেল আৰু যোচেঙ লেংকষ্টাৰ এ স্বাধীনভাৱে এই ব্যৱস্থা বিকশাই তুলিছিল। প্ৰাচীন ভাৰতীয় বৈদিক আৰু মুছলমানসকলৰ শিক্ষা ব্যৱস্থাত অনানুষ্ঠানিকভাৱে মণিটৰিয়েল ব্যৱস্থা প্ৰচলিত আছিল। বৃটিছ শিক্ষাবিদ দ্বয়ে সেই অনুপ্ৰেৰণাতে এই ব্যৱস্থা জনপ্ৰিয় কৰিছিল।
মণিটৰিয়েল প্ৰথাত শিক্ষকসকলে তেওঁলোকৰ শিক্ষাদান কাৰ্যত সহায় কৰাৰ বাবে ওপৰৰ শ্ৰেণীৰ যোগ্য ছাত্ৰক নিৰ্বাচন কৰি তেওঁলোকক তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবৰ বাবে নিয়োগ কৰিছিল। এই ব্যৱস্থাৰ ফলত শিক্ষকৰ পৰিশ্ৰম বু পৰিমাণে কমি গৈছিল। এই ব্যৱস্থাক ওজা-ছাত্ৰ ব্যৱস্থা বা বেল পদ্ধতি নামেৰেও জনা যায়।
৪। অসমৰ শিক্ষাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ অসমৰ শিক্ষাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদানৰ বিষয়ে তলত আলোছনা কৰা হল-
(ক) বিদ্যালয় স্থাপনঃ ১৮৩৬ চনত আমেৰিকাৰ ৱেপ্তিষ্ট মিছনেৰীসকল ড° নাথান ব্ৰাউন আৰু অলিভাৰ টি কাৰ্টাৰৰ নেতৃত্বত অসমলৈ আহি প্ৰথমতে শদিয়াত আৰু পৰৱৰ্তী সময়ত জয়পুৰ নামৰ ঠাইত কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকে ১৮৫৪ চনত গুৱাহাটীত ৱেপ্তিষ্ট চাৰ্ছ স্থাপন কৰে। অসমত স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে মিছনেৰীসকলৰ মহিলা শাখাই জানানা স্কুল স্থাপন কৰে। প্ৰথমতে এই স্কুলে কিছু আশাপ্ৰদ সঁহাৰি লাভ কৰিছিল যদিও পাছলৈ ছোৱালীৰ অভাৱত এই স্কুল বন্ধ হৈ যায়। ১৮৪১ চনত ৱেলচ প্ৰেচবিটেৰিয়াম মিচনে অসমৰ শ্বিলঙত কেন্দ্ৰ স্থাপন কৰি খাছীয়া আৰু জয়ন্তীয়া লৰা-ছোৱালীসকলৰ বাবে স্কুল স্থাপন কৰে। আকৌ ১৯ শতিকাৰ শেষৰ ফালে অসমলৈ অহা চাৰ্ছ মিছনেৰী চছাইটিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দৰং জিলাত কেন্দ্ৰ স্থাপন কৰি কছাৰী লোকসকলৰ বাবে স্কুল স্থাপন কৰে আৰু শিক্ষাৰ প্ৰচাৰ কৰে।
(খ) অসমীয়া ভাষাৰ পুনৰুদ্ধাৰঃ বিভিন্ন ভ্ৰান্ত ধৰণাৰ বাবে ইংৰাজসকলে ১৮৩৬ চনত বংগ ভাষাক অসমৰ চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম স্বৰূপে স্বীকৃতি দিয়ে। কিন্তু অতি সোনকালে তেওঁলোকে নিজৰ ভূল অনুভৱ কৰে আৰু সেয়ে খ্ৰীষ্টান মিছনেৰীসকলে অসমৰ মাতৃভাষা অসমীয়া আৰু ই চৰকাৰৰ স্বীকৃতি পাব লাগে বুলি কোম্পানীৰ মনোযোগ আকৰ্ষণ কৰে। এই ক্ষেত্ৰত খ্ৰীষ্টান মিছনেৰী দ্বয় ৰেভাৰেণ্ড ব্ৰনচন আৰু মিল্চৰ লগতে লগতে আনন্দ্ৰাম ঢেকীয়াল ফুকনৰ বৰঙণি বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ শিক্ষাৰ মাধ্যম আৰু চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়।
(গ) সাহিত্য অনুবাদ আৰু প্ৰকাশঃ শ্ৰীৰামপুৰ ক্ৰয়ীখ্যাত মিছনেৰী তিনিজনে ১৮১৩ চনত নগাঁৱৰ অসমীয়া পণ্ডিত আত্মাৰাম শৰ্মাৰ সহযোগত বাইবেল গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে। এইখনেই হল অসমীয়া ভাষাৰ প্ৰথম মুদ্ৰিত আৰু প্ৰকাশিত গ্ৰন্থ। ১৮৩৯ চনত উইলিয়াম ৰবিনচনে প্ৰথম অসমীয়া ব্যাকৰণ Grammar of the Assamese Language প্ৰকাশ কৰি উলিয়াই। ১৮৪৪ চনত অসমীয়া বুৰঞ্জীবিদ কাশীৰাম তামুলী ফুকনৰ আসাম বুৰঞ্জী মিছন প্ৰেছৰ পৰা প্ৰকাশ কৰা হয়। অসমৰ সংবাদ জগতৰ ইতিহাসতো মিছনেৰীসকলৰ নাম সদায় চিৰস্মৰণীয় হৈ থাকিব, কিয়নো, তেওঁলোকেই ১৮৪৬ চনত ড° নাথান ব্ৰাউনৰ নেতৃত্বত প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰকাশ কৰি উলিয়াইছিল।
৫। চমুকৈ লিখা।
( ক ) চার্টাৰ আইন ১৮১৩
উত্তৰঃ ১৬শ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণীৰ লগত এখন চুক্তি সম্পাদিত কৰিছিল আৰু সেই চুক্তি অনুযায়ী তেওঁলোকে ভাৰতত বেহা কৰাত অনুমতি লাভ কৰিছিল। এই চুক্তিখনক চাৰ্টাৰ আইন নামেৰে জনা যায়। ১৮১৩ চনত চাৰ্টাৰ আইন নৱীকৰণৰ আগমুহূৰ্তত পাচ্য আৰু পাশ্চাত্যৰ শিক্ষা আৰু সাহিত্য-সংস্কৃতিৰ সমৰ্থনত দুটা দল গঢ় লৈ উঠিছিল।
( খ ) প্রাচ্য পাশ্চাত্যৰ বিবাদ
উত্তৰঃ চাৰ্টাৰ আইনৰ ৪৩নং দফাত উল্লেখিত শিক্ষাৰ বাবে এক লাখ টকা ব্যয় কৰাৰ পৰামৰ্শ প্ৰাচ্য আৰু পাশ্চাত্যৰ শিক্ষা সমৰ্থনকাৰী সকলোকে সচেতন কৰি তোলে। বিভিন্ন কৰ্তৃপক্ষই নিজ নিজ ভাৱে ৪৩ নং দফাটোৰ ধাৰণা ব্যাখ্যা কৰিছিল। ফলশ্ৰুতিত কোনোৱে সুস্থ সিদ্ধান্তত উপনীত হব পৰা নাছিল। ১৮২৩ চনত সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকে শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিব লগা ধনৰ ক্ষেত্ৰ হোৱা বিবাদ নিৰাময়ৰ বাবে জেনেৰেল কমিটি অব্ পাব্লিক ইনষ্টাকচন নামেৰে এখন কমিটি গঠন কৰে। এই কমিটিৰ ১০ জন সদস্য আছিল আৰু এই সদস্যসকলৰ মাজতো শিক্ষা সম্বন্ধীয় সাহায্যৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মত বিৰোধ আছিল। এই বিবাদ বা মতবিৰোধ ১৮২৩ চনৰ পৰা ১৮৩৫ চনলৈ বাৰ বছৰ ধৰি চলিছিল। এই বিবাদকে প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ নামে জনা যায়।
( গ ) মেকলে প্রতিবেদন ।
উত্তৰঃ ১৮৩৪ চনৰ ১৩ জুন তাৰিখে কাউন্সিল অব্ গৱৰ্ণৰ জেনেৰেল এজন আইনী সদস্য হিচাপে লৰ্ড মেকলে ভাৰতবৰ্ষলৈ আহিছিল। সেই সময়ত প্ৰাচ্য-পাচ্য-পাশ্চত্যৰ বিবাদ চৰম গতিত চলি আছিল। ইংৰাজী ভাষাৰ তেওঁ এজন বিদগ্ধ পণ্ডিত আছিল আৰু এজন সুবক্তা আছিল। লৰ্ড উইলিয়াম বেণ্টিংকে তেওঁক জেনেৰেল কমিটি অব্ পাব্লিক ইনষ্ট্ৰাকচনৰ অধ্যক্ষ পদ প্ৰদান কৰে। চৰকাৰে দুটা বিশেষ ক্ষেত্ৰত তেওঁৰ পৰা পৰামৰ্শ বিচাৰিছিল। বিষয় দুটা হল-
(ক) প্ৰাচ্য শিক্ষাৰ বাহিৰে আন ক্ষেত্ৰ অনুদানৰ এক লাখ টকা খৰচ কৰিব পৰা যায়নে ?
(খ) ১৮১৩ চনৰ ৪৩ নং দফাৰ প্ৰকৃত অৰ্থ কি?
( ঘ ) নিম্নমুখী পৰিশ্ৰাৱন নীতি
উত্তৰঃ
৭। উডৰ ঘােষণা পত্ৰৰ মূল পৰামর্শসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ উডৰ ঘোষণা পত্ৰৰ মূল পৰামৰ্শসমূহ হল-
১) শিক্ষা বিভাগ স্থাপনঃ শিক্ষা নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাৰ বাবে ভাৰতৰ প্ৰত্যোক প্ৰদেশতে একোটাকৈ শিক্ষা বিভাগ থাকিব লাগে। এই বিভাগৰ দায়িত্ব হব শিক্ষা প্ৰসাৰ কৰা। এই শিক্ষা বিভাগত এজন শিক্ষাধিকাৰ থাকিব আৰু তেওঁক সহায় কৰিবৰ বাবে পৰিদৰ্শক নিযুক্তি দিয়া হব।
২) শিক্ষা মাধ্যমঃ উডৰ ঘোষণা পত্ৰ অনুসৰি যিবোৰ অঞ্চলত অভিভাৱকে দেশীয় ভাষাৰ মাধ্যমত নিজৰ লৰা-ছোৱালীক শিক্ষা দিব বিচাৰে সেইবোৰ অঞ্চলত শিক্ষাৰ মাধ্যম দেশীয় ভাষা হব লাগে আৰু এটা বাধ্যতামূলক ভাষা হিচাপে ইংৰাজী ভাষা অধ্যয়ন কৰিবলৈ দিব লাগে। আনহাতে যিবোৰ অঞ্চলত জনসাধাৰণে শিক্ষাৰ মাধ্যম ইংৰাজী কৰিব বিছাৰে সেই অঞ্চলত ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰিব পাৰি।
৩) শিক্ষাৰ পৰ্যায়কৰণঃ এই নিৰ্দেশনামা অনুসৰি ভাৰতীয় শিক্ষাৰ পৰ্যায়কৰণ হব লাগে। পৰ্যায়কেইটা হব প্ৰাথমিক স্কুল, মাধ্যমিক স্কুল আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান স্বৰূপে কলেজ আৰু বিশ্ববিদ্যালয়সমূহ। নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ বিৰোধীতা কৰি নিৰ্দেশনামাত মতামত প্ৰদান কৰা হৈছিল যে সকলো লোককে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
৮। উডৰ ঘােষণা পত্ৰখনক ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত কিয় ‘ মেগ্নাকার্টা ’ আখ্যা দিয়া হয় ? যুক্তি সহকাৰে লিখা ।
উত্তৰঃ
৯। উডৰ ঘােষণা পত্রই ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত পেলােৱা প্ৰভাৱৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ উদৰ ঘোষণা পত্ৰই ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱবোৰ তলত আলোচনা কৰা হল-
১) বিশ্ববিদ্যালয় স্থাপনঃ লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত ভাৰতৰ প্ৰত্যেক প্ৰদেশতে এখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে বুলি নিৰ্দেশনামাত পৰামৰ্শ আগবঢ়োৱা হৈছিল। এই বিশ্ববিদ্যালয়বোৰৰ প্ৰধান কাম হব পৰীক্ষা অনুষ্ঠিত কৰা আৰু ডিগ্ৰী, ডিপ্লোমা প্ৰদান কৰা।
২) কৰ্ম নিযুক্তিত গুৰুত্বঃ শিক্ষিত ভাৰতীয়সকলক উপযুক্ত কৰ্মত নিযুক্তি দিবৰ বাবেও প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছিল। শিক্ষিত লোকৰ নিযুক্তিয়ে চৰকাৰৰ প্ৰসাসনীয় দক্ষতা আৰু অনুশাসন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছিল। ইয়াৰ উপৰি কৰ্ম নিযুক্তিয়ে অন্যান্য ভাৰতীয় সকলকো শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। চৰকাৰী নিযুক্তিত কোনোধৰণৰ পক্ষপাত ৰাখিব নালাগে।
৩) বৃত্তিমূলক শিক্ষাঃ বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছিল যে সাধাৰণ শিক্ষাৰ লগতে বৃত্তিমূলক বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে আৰু সেয়ে শিল্প উদ্যোগবোৰৰ ওচৰত বৃত্তিমূলক স্কুল কলেজ স্থাপন কৰিব লাগে।
৪) ভাৰতীয় ভাষাৰ বিকাশঃ ভাৰতীয় ভাষাসমূহৰ বিকাশৰ ওপৰতো উডৰ নিৰ্দেশনামাত গুৰুত্ব আৰোপ কৰা হৈছিল। নিৰ্দেশ নামা অনুসৰি কেৱল ইয়ৰাজী সাহিত্যৰ গ্ৰন্থসমূহ ভাৰতীয় ভাষালৈ অনুবাদ কৰিলেই যথেষ্ট নহয়। ভাৰতীয় ভাষাৰ মৌলিক গ্ৰন্থ ৰছনাৰ ওপৰতো গুৰুত্ব দিব লাগে।
৫) মুছলমানসকলৰ শিক্ষাঃ মুছলমানসকলৰ শৈক্ষিক অনগ্ৰসৰতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি নিৰ্দেশনামাত পৰামৰ্শ আগবঢ়োৱা হৈছিল যে মুছলমান লোকসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোললাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
১০। ১৮৮২ চনৰ হান্টাৰ আয়ােগে ভাৰতবৰ্ষৰ প্রাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি কি পৰামর্শ । আগবঢ়াইছিল ? বর্ণনা কৰা ।
উত্তৰঃ ১৮৮২ চনৰ হান্টাৰ আয়ােগে ভাৰতবৰ্ষৰ প্রাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ হল-
(১) নীতিঃ
(ক) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে প্ৰদান কৰিব লাগে।
(খ) প্ৰাথমিক শিক্ষা উচ্চস্তৰৰ শিক্ষাগ্ৰহৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে বাস্তৱ জীৱনৰ লগত সংগতি থকা সৰ্বসাধাৰণৰ শিক্ষা হিচাপে প্ৰদান কৰিব লাগে।
(গ) চৰকাৰে প্ৰাথমিক স্কুলসমূহলৈ পৰ্যাপ্ত পৰিমাণে আৰু পৃষ্ঠপোষকতা সাহাৰ্য্য প্ৰদান কৰিব লাগে।
(২) পৰিচালনাঃ
(ক) প্ৰাথমিক শিক্ষাৰ পৰিচালনাৰ দায়িত্ব জিলা বোৰ্ড আৰু মিউনিচিপাল বোৰ্ডক প্ৰদান কৰিব লাগে।
(খ) এই বোৰ্ডসমূহৰ প্ৰাথমিক শিক্ষাৰ পৰিদৰ্শন কৰা দায়িত্ব থাকিব।
(গ) ইয়াৰ দ্বাৰা চৰকাৰক প্ৰাথমিক শিক্ষা দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল।
(৩) বিত্তীয় ব্যৱস্থাঃ
(ক) জিলা আৰু মিউনিচিপাল বোৰ্ডসমূহে প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব লাগে।
(খ) স্থানীয় পুঁজিৰ ধন একমাত্ৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে ব্যয় কৰিব লাগে।
(গ) প্ৰাদেশিক চৰকাৰে স্থানীয় ধন ঠিকমতে আৰু সময়মতে প্ৰদান কৰিব লাগিব।
(৪) শিক্ষকৰ বাবে প্ৰশিক্ষণঃ
(ক) প্ৰাথমিক স্কুলৰ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব লাগে।
(খ) নৰ্মাল স্কুল প্ৰশাসন আৰু পৰিচালনাৰ ভাৰ স্কুল পৰিদৰ্শকৰ ওপৰত ন্যস্ত থাকিব।
(গ) প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীক প্ৰশিক্ষণৰ পাছত অধিক সাহাৰ্য্য প্ৰদান কৰিব লাগিব।
(৫) পাঠ্যক্ৰমঃ
(ক) প্ৰত্যেক প্ৰদেশে নিজৰ অধীনৰ স্কুলৰ বাবে নিজাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব পাৰিব।
(খ)জীৱনৰ বাবে প্ৰয়োজনীয় দিশৰ লগত সংগতি ৰাখি ব্যৱহাৰিক পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।
(গ) শাৰিৰীক বিকশৰ বাবে খেল-ধেমালি আৰু ব্যায়াম পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হব লাগে।
(৬) অন্যান্যঃ
(ক) প্ৰাথমিক শিক্ষা বিস্তাৰৰ প্ৰতি চকু ৰাখি পৰীক্ষা ব্যৱস্থা বাধ্যতামূলক কৰিব নালাগে।
(খ) প্ৰয়োজনসাপেক্ষে চৰকাৰে প্ৰাথমিক শিক্ষা বিস্তাৰৰ বাবে আইন প্ৰণয়ন কৰিব পাৰে।
(গ) স্কুলৰ পৰীক্ষা, সময় আদি স্থানীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হব।
১১। লর্ড কার্জনৰ শিক্ষা নীতিৰ চমু বর্ণনা দিয়া ।
উত্তৰঃ লর্ড কার্জনৰ শিক্ষা নীতিসমূহ তলত বিৱৰণ দিয়া হল-
১) সহায়ক অনুদান ব্যৱস্থাঃ ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশ মন্থৰ গতিত হোৱাৰ প্ৰধান কাৰণ যে পুঁজিৰ অভাৱ সেই কথা কাৰ্জনে অনুভৱ কৰিছিল। সেয়েহে তেওঁ প্ৰাথমিক শিক্ষাৰ বাবে অধিক চৰকাৰী সাহায্য প্ৰদানৰ পৰামৰ্শ আগবঢ়াই। স্থানীয় কৰ্তৃপক্ষবোৰৰ আগৰ তিনিভাগৰ এভাগ অৰ্থ সাহাৰ্য্যৰ পৰিৱৰ্তে শিক্ষাৰ খৰচৰ বাবে দুই ভাগৰ এভাগ অৰ্থ সাহাৰ্য্য দিয়াৰ পৰামৰ্শ দিয়ে।
২) ফলাফলভিত্তিক অনুদান ব্যৱস্থাৰ পৰিহাৰঃ ফলাফলভিত্তিক অনুদান প্ৰথাৰ ফলত ভাল ফলাফল দেখুৱাব নোৱৰা বিদ্যালয়বোৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। সেয়েহে লৰ্ড কাৰ্জনে ফলাফলভিত্তিক অনুদান ব্যৱস্থা পৰিহাৰ কৰিছিল আৰু উদাৰ নীতিৰে অনুদান প্ৰদানৰ বাবে পৰামৰ্শ দিছিল।
৩) পাঠ্যক্ৰমৰ সংস্কাৰ সাধনঃ লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমিক সংস্কাৰ সাধন কৰিব বিচাৰিছিল। সেয়েহে তেওঁ লিখা, পঢ়া আৰু গণনা কৰাৰ বাহিৰেও প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত কৃষি এক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিব বিচাৰিছিল। প্ৰাথমিক বিদ্যালয়বোৰ স্থানীয় পৰিৱেশৰ লগত সম্বন্ধযুক্ত হৈ থাকিব লাগে। সেয়েহে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম পৃথক পৃথক হব লাগে।
১২। চমুকৈ লিখাঃ
( ক ) হান্টাৰ আয়ােগ আৰু প্রাথমিক শিক্ষা
উত্তৰঃ হান্টাৰ আয়োগে বিশেষভাৱে দেশৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিছিল। এই ক্ষেত্ৰত আয়োগৰ পৰামৰ্শবোৰ তলত উল্লেখ কৰা হল-
(১) নীতিঃ
(ক) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে প্ৰদান কৰিব লাগে।
(খ) প্ৰাথমিক শিক্ষা উচ্চস্তৰৰ শিক্ষাগ্ৰহৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে বাস্তৱ জীৱনৰ লগত সংগতি থকা সৰ্বসাধাৰণৰ শিক্ষা হিচাপে প্ৰদান কৰিব লাগে।
(গ) চৰকাৰে প্ৰাথমিক স্কুলসমূহলৈ পৰ্যাপ্ত পৰিমাণে আৰু পৃষ্ঠপোষকতা সাহাৰ্য্য প্ৰদান কৰিব লাগে।
(২) পৰিচালনাঃ
(ক) প্ৰাথমিক শিক্ষাৰ পৰিচালনাৰ দায়িত্ব জিলা বোৰ্ড আৰু মিউনিচিপাল বোৰ্ডক প্ৰদান কৰিব লাগে।
(খ) এই বোৰ্ডসমূহৰ প্ৰাথমিক শিক্ষাৰ পৰিদৰ্শন কৰা দায়িত্ব থাকিব।
(গ) ইয়াৰ দ্বাৰা চৰকাৰক প্ৰাথমিক শিক্ষা দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল।
(৩) বিত্তীয় ব্যৱস্থাঃ
(ক) জিলা আৰু মিউনিচিপাল বোৰ্ডসমূহে প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব লাগে।
(খ) স্থানীয় পুঁজিৰ ধন একমাত্ৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে ব্যয় কৰিব লাগে।
(গ) প্ৰাদেশিক চৰকাৰে স্থানীয় ধন ঠিকমতে আৰু সময়মতে প্ৰদান কৰিব লাগিব।
(৪) শিক্ষকৰ বাবে প্ৰশিক্ষণঃ
(ক) প্ৰাথমিক স্কুলৰ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব লাগে।
(খ) নৰ্মাল স্কুল প্ৰশাসন আৰু পৰিচালনাৰ ভাৰ স্কুল পৰিদৰ্শকৰ ওপৰত ন্যস্ত থাকিব।
(গ) প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীক প্ৰশিক্ষণৰ পাছত অধিক সাহাৰ্য্য প্ৰদান কৰিব লাগিব।
(৫) পাঠ্যক্ৰমঃ
(ক) প্ৰত্যেক প্ৰদেশে নিজৰ অধীনৰ স্কুলৰ বাবে নিজাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰিব পাৰিব।
(খ)জীৱনৰ বাবে প্ৰয়োজনীয় দিশৰ লগত সংগতি ৰাখি ব্যৱহাৰিক পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।
(গ) শাৰিৰীক বিকশৰ বাবে খেল-ধেমালি আৰু ব্যায়াম পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হব লাগে।
(৬) অন্যান্যঃ
(ক) প্ৰাথমিক শিক্ষা বিস্তাৰৰ প্ৰতি চকু ৰাখি পৰীক্ষা ব্যৱস্থা বাধ্যতামূলক কৰিব নালাগে।
(খ) প্ৰয়োজনসাপেক্ষে চৰকাৰে প্ৰাথমিক শিক্ষা বিস্তাৰৰ বাবে আইন প্ৰণয়ন কৰিব পাৰে।
(গ) স্কুলৰ পৰীক্ষা, সময় আদি স্থানীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰা হব।
( খ ) লর্ড কার্জনৰ প্ৰাথমিক শিক্ষা নীতি
উত্তৰঃ লর্ড কার্জনৰ প্ৰাথমিক শিক্ষা নীতিসমূহ হল-
১) সহায়ক অনুদান ব্যৱস্থাঃ ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশ মন্থৰ গতিত হোৱাৰ প্ৰধান কাৰণ যে পুঁজিৰ অভাৱ সেই কথা কাৰ্জনে অনুভৱ কৰিছিল। সেয়েহে তেওঁ প্ৰাথমিক শিক্ষাৰ বাবে অধিক চৰকাৰী সাহাৰ্য্য প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। স্থানীয় কৰ্তৃপক্ষবোৰৰ আগৰ তিনিভাগৰ এভাগ অৰ্থ সাহাৰ্যৰ পৰিৱৰ্তে শিক্ষাৰ খৰচৰ বাবে দুই ভাগৰ এভাগ অৰ্থ সাহায্য দিয়াৰ পৰামৰ্শ দিয়ে।
২) ফলাফলভিত্তিক অনুদান ব্যৱস্থাৰ পৰিহাৰঃ ফলাফলভিত্তিক অনুদান প্ৰথাৰ ফলত ভাল ফলাফল দেখুৱাব নোৱৰা বিদ্যালয়বোৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। সেয়েহে লৰ্ড কাৰ্জনে ফলাফলভিত্তিক অনুদান ব্যৱস্থা পৰিহাৰ কৰিছিল আৰু উদাৰ নীতিৰে অনুদান প্ৰদানৰ বাবে পৰামৰ্শ দিছিল।
৩) পাঠ্যক্ৰমৰ সংস্কাৰ সাধনঃ লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ সংস্কাৰ সাধন কৰিব বিচাৰিছিল। সেয়েহে তেওঁ লিখা, পঢ়া আৰু গণনা কৰাৰ বাহিৰেও প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত কৃষি এক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিব বিছাৰিছিল। প্ৰাথমিক বিদ্যালয়বোৰ স্থানীয় পৰিৱেশৰ লগত সম্বন্ধযুক্ত হৈ থাকিব লাগে। সেয়েহে চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম পৃথক হব লাগে।
৪) শিক্ষাদান পদ্ধতিৰ উন্নতি সাধনঃ কাৰ্জনে পৰ্যবেক্ষণ কৰি দেখিছিল যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদান পদ্ধতি যথেষ্ট পুৰণি আৰু অমনোবৈজ্ঞানিক, যিয়ে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিব নোৱাৰে। সেয়ে তেওঁ শিক্ষাদানৰ বাবে কিণ্ডাৰগাৰ্টেন পদ্ধতিৰ দৰে উন্নত পদ্ধতিৰ প্ৰয়োগ কৰিব লাগে বুলি পৰামৰ্শ দিছিল।
৫) শিক্ষকৰ প্ৰশিক্ষণঃ প্ৰাথমিক শিক্ষাৰ গুণগত দিশৰ উন্নতি সাধনৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণৰ প্ৰয়োজন। এই অনুভৱেৰে কাৰ্জনে শিক্ষকসকলক দুবছৰীয়া প্ৰশিক্ষণ প্ৰদান কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ওপৰতো তেওঁ গুৰুত্ব দিছিল। তেওঁ আকৌ পৰামৰ্শ আগবঢ়াইছিল যে গ্ৰামাঞ্চলৰ শিক্ষকসকলক কৃষি বিষয়ৰ শিক্ষাৰ বাবেও প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।
৬) শিক্ষকৰ দৰমহা বৃদ্ধিঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক উপযুক্ত দৰমহা প্ৰদানৰ ক্ষেত্ৰটো কাৰ্জনে পৰামৰ্শ আগবঢ়াইছিল। তেওঁৰ দৃষ্টিভংগী আছিল যে দৰমহা বৃদ্ধিয়ে উপযুক্ত ব্যক্তিক শিক্ষক বৃত্তিৰ বাবে আকৰ্ষিত কৰিব পৰা যাব আৰু এই ব্যক্তিসকলে মনোযোগেৰে গুণগত সেৱা শিক্ষকতা বৃত্তিত প্ৰদান কৰিব পাৰিব। ইয়াৰ উপৰিও আঞ্চলিক বৈষম্য পৰিহাৰ কৰি সকলো শিক্ষককে সমপৰিমাণৰ দৰমহা প্ৰদান কৰিব লাগে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)