অধ্যায় ৭

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

    👉MCQs Online Exam 
    👉MCQ Answer
    👉Paid Answer        (Buy Now)


Edit This Post


১।  তলত দিয়াবোৰ মিলোৱাঃ

 

আঞ্চলিক আকাংক্ষাৰ প্ৰকৃতি

 ৰাজ্য     

(ক) সামাজিক ধৰ্মীয় পৰিচয় ৰাজ্য চলোৱাৰ বাবে 

(i) নাগালেণ্ড/ মিজোৰাম

(খ) ভাষিক পৰিচয় আৰু কেন্দ্ৰৰ লগত উত্তেজনা 

  (ii) ঝাৰখণ্ড/ চত্তীছগড়

(গ) আঞ্চলিক অসমতাৰ বাবে ৰাজ্যৰ দাবী   

(iii) পঞ্জাৱ

 

(ঘ) জনজাতি পৰিচয়ৰ বাবে পৃথকতাৰ দাবী

  (iv) তামিলনাডু।

                                                                      

উত্তৰঃ (ক) সামাজিক ধৰ্মীয় পৰিচয় ৰাজ্য চলোৱাৰ বাবেঃ (iii)  পঞ্জাৱ।

(খ) ভাষিক পৰিচয়ৰ আৰু কেন্দ্ৰৰ লগত উত্তেজনাঃ (iv)  তামিলনাডু।

(গ) আঞ্চলিক অসমতাৰ বাবে ৰাজ্যৰ দাবীঃ  (ii) ঝাৰখণ্ড/ চত্তীছগড়।

(ঘ) জনজাতি পৰিচয়ৰ বাবে পৃথকতাৰ দাবীঃ (i) নাগালেণ্ড/ মিজোৰাম।


(২) পঞ্জাৱ চুক্তিৰ প্ৰধান ব্যৱস্থাসমূহ কি আছিল? পঞ্জাৱ আৰু ওচৰ- চুবুৰীয়া ৰাজ্যবোৰৰ মাজত উত্তেজনাৰ ভিত্তি কি?

উত্তৰঃ ১৯৮৫ চনৰ ২৪ জুলাইত  প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু আকালি দলৰ সভাপতি হৰছান্দ সিং লংগোৱালৰ মাজত স্বাক্ষৰিত পঞ্জাৱ চুক্তিৰ মূল ব্যৱস্থাসমূহ আছিলঃ 

(ক) চণ্ডীগড়ক পঞ্জাৱ ৰাজ্যলৈ হস্তান্তৰ কৰা হ’ব।

(খ) পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজত সীমা বিবাদৰ সমাধানৰ বাবে এখন আয়োগ গঠন  কৰা হ’ব।

(গ) পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত ৰবি-বিয়াছ নদীৰ পানীৰ ভাগ-বিভাজনৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এখন ট্ৰিবুনেল গঠিত কৰা হ’ব।

(ঘ) পঞ্জাৱত চলি থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতাযুক্ত আইন প্ৰত্যাহাৰ কৰা হ’ব।

(ঙ) ৰাজ্যখনত সন্ত্ৰাসবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক উন্নত সা-সুবিধা প্ৰদান কৰা হ’ব।

     এনেবোৰ ব্যৱস্থা পঞ্জাৱ চুক্তিত সন্নিবিষ্ট কৰা হৈছিল।

পঞ্জাৱ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যবোৰৰ মাজত উত্তেজাৰ সৃষ্টি হৈছিল । এই উত্তেজনাৰ ভিত্তি আছিল ৰাজ্যৰ সমূহৰ পুনৰ গঠন, সীমা বিবাদ, ৰবি-বিয়াছ নদীৰ পানীৰ ভাগ-বটোৱাৰা আদি বিষয়সমূহ যাক কেন্দ্ৰ কৰি পঞ্জাৱ আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত উত্তেজনাই দেখা দিছিল। 


(৩) ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ কিয় বিতৰ্কমূলক হৈছিল?

উত্তৰঃ ১৯৭২ চনৰ ১১ ডিচেম্বৰ তাৰিখে আকালি দলে পঞ্জাৱৰ পৰিস্থিতি পৰ্যালোচনা আৰু আকালি দলৰ কৰ্মসূচী আৰু নীতি পুনৰীক্ষণৰ বাবে ১২ জনীয় সমিতি এখন গঠন কৰে আৰু এই সমিতিয়ে আনন্দ্বপুৰ চাহিব প্ৰস্তাৱটো প্ৰস্তত কৰে। ১৯৭৩ চনত দলটোৰ আনন্দপুৰ চাহিবত অনুষ্ঠিত সন্মিলনত প্ৰস্তাৱটো গৃহত হয়। এই প্ৰস্তাৱৰ জৰিয়তে আকালি দলে মুখ্যতে আঞ্চলিক স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব দিছিল আৰু লগতে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ সংজ্ঞা পুনৰনিৰ্ধাৰণ কৰিব খুজিছিল।

      কিন্ত আনন্দপুৰ চাহিব প্ৰস্তাৱটো বিভিন্ন দিশৰ পৰা বিতৰ্কিত আছিল। কাৰণ এই প্ৰস্তাৱটো কেৱল পঞ্জাৱৰ লাভৰ হকে প্ৰস্তত হৈছিল। ই কেৱল পঞ্জালৰ স্বতন্ত্ৰতাৰ কথা কৈছিল আৰু পঞ্জাৱৰ পৰিস্থতি পৰ্যালোচনা কৰিবৰ বাবে ইয়াক প্ৰস্তত কৰা হৈছিল। আন চুবুৰীয়া ৰাষ্ট্ৰৰ স্বতন্ত্ৰতাৰ হকে ই মাত মতা নাছিল। আৰু এই প্ৰস্তাৱটো কেৱল এটা দলৰ প্ৰস্তাৱ  অৰ্থাৎ আকালি দলৰ প্ৰস্তাৱ আছিল য’ত দলটোৰ ব্যক্তিগত  দলীয় নীতি, আঁচনি আৰু কৰ্মসূচী আছিল যি সৰ্বজন গ্ৰহণ যোগ্য নাছিল।   প্ৰস্তাৱটোৱে শিখ সকলৰ মাজত অতি কম প্ৰভাৱহে বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।সীমিত বিভিন্ন লোকে ইয়াক বিভিন্ন ধৰণেৰে সমালোচনা কৰিছিল। নৰমপন্থীসকলৰ মতে আনন্দপুৰ চাহিব প্ৰস্তাৱটো আছিল কেৱল পঞ্জাৱৰ অধিক স্বতন্ত্ৰতাৰ দাবী।  কিছুৰ মতে এই প্ৰস্তাৱটো আছিল পঞ্জাৱৰ স্বতন্ত্ৰতা আৰু সাৰ্বভৌমত্ব আহৰণৰ এটা পথ। এনে বহু কাৰণত আনন্দপুৰ চাহিব প্ৰস্তাৱ বিতৰ্কিত হৈ পৰিছিল ।


৪। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবোৰে কেনেদৰে বিভিন্ন আঞ্চলিক আকাংক্ষাৰ সৃষ্টি কৰিছে বৰ্ণনা কৰা।

উত্তৰঃ কাশ্মীৰ সমস্যাটো ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ পৰাই চলি আহিছে। ভাৰত আৰু পাকিস্তান দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানৰ লৈকে অঞ্চলটোক লৈ সংঘাতৰ সৃষ্টি হৈ আহিছে।  পাকিস্তানে আজিৰ লৈকে জম্মু- কাশ্মীৰ ভাৰতৰ লগত চামিল কৰাটো মানি ল’ব পৰা নাই।জম্মু আৰু কাশ্মীৰ অঞ্চলটো তিনিটা সামাজিক  আৰু ৰাজনৈতিক ভৌগোলিক খণ্ডত বিভক্ত। এই খণ্ডকেইটা হ’ল জম্মু, কাশ্মীৰ আৰু লাডাখ। তাৰে কাশ্মীৰ উপত্যকতা হ’ল কাশ্মীৰ অঞ্চলৰ কেন্দ্ৰবিন্দু আৰু উক্ত অঞ্চলটো মুছলাম ধৰ্মীয় লোক সংখ্যাগৰিষ্ঠ। ঠিক তেনেদৰে জম্মু অঞ্চলটো পৰ্বতৰ দাঁতি আৰু সমতল ভূমিৰ সংমিশ্ৰণ স্থল আৰু এই অঞ্চলটোত হিন্দুসকল সংখ্যাগৰিষ্ঠ। এই অঞ্চলটোত কেইবাটাও ভাষা ব্যৱহাৰ হয়। আনহাতে লাডাখ অঞ্চলটো এক পাহাৰীয়া আৰু সেৰেঙা জনবসতিৰ অঞ্চল। অঞ্চলটোত সম হাৰত বৌদ্ধ আৰু ইছলাম ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ১৯৪৯ চনত সংঘটিত জনজাতীয় আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰৰ এটা অঞ্চল পাকিস্তানৰ অধিনত থাকি যায় যাক পাকিস্তানে ‘আজাদ কাশ্মীৰ’ ৰূপে নামাকৰণ কৰিছে।

     জম্মু-কাশ্মীৰৰ আভ্যন্তৰীণ বিভাজনে ভাৰতৰ আন আন অঞ্চলটো আঞ্চলিক আকাংশাৰ সৃষ্টি কৰিছে। যেনে অসমত বড়ো সকলে পৃথক বড়োলেণ্ডৰ আকাংশা কৰে আৰু দাবী কৰি আঞ্চলিকতাবাদৰ জন্ম দিয়ে। ঠিক তেনেদৰে ১৯৫৯ চনত মিজোৰামে অসমৰ পৰা পৃথক হৈ  সুকীয়া ৰাজ্যৰ গঠনৰ বিষয় উশ্থাপন কৰে। ঠিক তেনেদৰে অসমৰ লগতে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জনগোষ্ঠী সকলে নিজৰ বাবে উক্ত ৰাজ্যৰ ভিতৰতএ পৃথক ৰাজ্যৰ দাবী উশ্থাপন কৰি আহিছে। 


৫। কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্ৰতাৰ বিভিন্ন বিষয়সমূহ কি? ইয়াৰ কোনবোৰ ন্যায়সংগত? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ ভাৰতীয় সংবিধানে কাশ্মীৰক ৩৭০ নং অনুচ্ছেদৰ অধীনত বিশেষ আঞ্চলিক স্বতন্ত্ৰতা প্ৰদান কৰি। অনুচ্ছেদৰ অধীন কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্ৰতাৰ বিভিন্ন বিষয়সমূহ হ’লঃ

(ক) কাশ্মীৰৰ ভাৰতৰ অন্য ৰাজ্যতকৈ অধিক স্বতন্ত্ৰতা,

(খ) জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ,

(গ) ৰাজ্য খনৰ বাবে  নিজস্ব সংবিধান আৰু  পতাকাৰ  ব্যৱস্থা,

(ঘ) ভাৰতীয় সংসদে প্ৰণয়নত ৰাজ্যখনৰ নিজ ইচ্ছা আৰু সন্মতিৰ ব্যৱস্থা আদি।

  এই ব্যৱস্থা সমূহৰ সকলোবোৰ ন্যায়সংগত আৰু গ্ৰহণযোগ্য নহয়। ইয়াৰ ভিতৰত মোৰ মতে ন্যায়সংগত, যুক্তিসংগত আৰু গ্ৰহণযোগ্য ব্যৱস্থাসমূহ হ’ল দ্বিতীয়টো অৰ্থাৎ অৰ্থাৎ জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা। কাৰণ জম্মু বিশেষ সংকটময় পৰিস্থিতহে ৰাজ্যখনে ভাৰতৰ সৈতে চামিল। মুছলিম সংখ্যাগৰিষ্ট ৰাজ্যখনে মুছলিম ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে চামিলকৰণ অস্বীকাৰ কৰি ভাৰতক বিশ্বাস কৰি ভাৰতৰ সৈতে চামিল হ’ল। সেয়ে ৰাজ্যখনে বিশেষ ৰাজ্যৰ সন্মান পোৱাতো ন্যায়সংগত। তদুপৰি জম্মু- কাশ্মীৰ অঞ্চলটো ভাৰতৰ ভিতৰতে আটাইতকৈ স্পৰ্শকতাৰ অঞ্চল। কেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হয়, সংঘৰ্ষৰ সৃষ্টি হয় তাৰ কোনো নিশ্চয়তা নাই। সেয়ে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ আধাৰত ই উপযুক্ত নিৰাপত্তা লাভ কৰিব।সেয়ে উক্ত ব্যৱস্থাটোক মই ন্যায়সংগত আৰু উচিত বুলি বিবেচনা কৰো।


৬। “অসম আন্দোলন আছিল সাংস্কৃতিক গৌৰৱ আৰু অৰ্থনৈতিক অনগ্ৰহৰতাৰ সংযুক্তি”--  ব্যাখ্যা কৰা।

উত্তৰঃ “অসম আন্দোলন আছিল সাংস্কৃতিক গৌৰৱ আৰু অৰ্থনৈতিক অনগ্ৰহৰতাৰ সংযুক্তি। এই কথাষাৰ মই সম্পূৰ্ণৰূপে সমৰ্থন কৰো। কাৰণ অসম আন্দোলনে এই দুই বিষয় আন্দোলনত উশ্থাপন কৰিছিল। 

     ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন বা বিদেশী বিতাড়ন আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ সৃষ্টিৰ মূল কাৰণ আছিল ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা অসমলৈ হোৱা বাংলাদেশী আৰু নেপালী সকলৰ অবৈধ অনুপ্ৰৱেশ। মূলত বৃহৎ হাৰত হোৱা বাংলাদেশী সকল আছিল মূল কাৰণ যাৰ বাবে অসম আৰু অসমীয়াৰ অস্তিত্ব তথা জীৱন বিপদাপন্ন হৈ পৰিছিল। আন্দোলনৰ নেতৃবৰ্গই আশংকা কৰিছিল যে বাংলাদেশৰ পৰা অসমলৈ ব্যাপক হাৰত অবৈধ প্ৰব্ৰজন চলি আছে যে যদিহে অতি সোনকালে তেওঁলোকক চিনাক্ত কৰি বিতাড়ন নকৰিলে অসম বাংলাভাষী ৰাজ্যলৈ পৰিণত হ’ব যাৰ ফলত অসমৰ ভাষা, সংস্কৃতি তথা অস্তিত্বলৈ বিপদ নামি আহিব।

      তদুপৰি বিদেশী বিতাড়নৰ আন্দোলনটোৰ লগত প্ৰথমৰ পৰাই এক অৰ্থনৈতিক দিশো জড়িত হৈ আছিল। অসমত তেল, চাহ আৰু কয়লাৰ প্ৰচুৰ ভাণ্ডাৰ থকাৰ পিছতো অসমত ব্যাপক হাৰত দৰিদ্ৰতা আৰু নিবনুৱা আছিল। আন্দোলনৰ নেতাসকলৰ মতে কেন্দ্ৰ চৰকাৰে অসমৰ পৰা এই সম্পদসমূহ শোষণ কৰি তাৰ বিনিময়ত অসমক একো দিয়া নাই। ফলত অপাৰ মূল্যৱান সম্পদৰ ভাণ্ডাল হৈয়ো অসম আজি দৰিদ্ৰ আৰু অনগ্ৰসৰ। অসম আন্দোলনে এই দুয়োটা কাৰণকে সংযুক্ত কৰি আন্দোলনৰ মূল লক্ষ্য আৰু বিষয় কৰি লৈছিল আৰু দুয়োটাৰে পৰা মুক্তিৰ বাবে দাবী জনাই আন্দোলন কৰিছিল। সেয়ে অসম আন্দোলন যে সাংস্কৃতিক গৌৰৱ আৰু অনগ্ৰসৰতাৰ সংযুক্তি আছিল এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ।


৭। সকলোবিলাক আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়। উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ সকলোবিলাক আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়। এনে কিছুমান আঞ্চলিক আন্দোলনৰ দৃষ্টান্ত দিব পাৰি যিবোৰ পৃথকতাবাদী আন্দোলন নহয়। যেনে অসম আন্দোলন, আঞ্চলিক পৰিৱেশ আন্দোলনসমূহ যেনে নৰ্মাদা বাচাও, চিপকো আন্দোলন, নাগৰিকত্ব সংশোধনী আইন আন্দোলন আদি। এই আন্দোলনসমূহ জনসাধাৰণৰ স্বাৰ্থৰ হকে হৈছিল, দেশৰ স্বাৰ্থৰ হকে হৈছিল বিভাজনৰ হকে নহয়। অসম আন্দোলন হৈছিল অসমত অবৈধ অনুপ্ৰবেশ কৰা বিদেশী বিতাড়নৰ হকে যাৰ ফলত অসমৰ ভৱিষৎ বিপদত পৰাৰ আশংকা আছিল। ঠিক তেনেদৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও আন্দোলন কৰা হৈছিল জনগণৰ স্বাৰ্থৰ হকে। চিপ্‌কো, নৰ্মদা বাচাও আন্দোলন কৰা হৈছিল পৰিৱেশ ৰক্ষাৰ হকে। ঠিক তেনেদৰে আমি কৃষকৰ স্বাৰ্থৰ হকে দেশৰ বিভিন্ন অঞ্চলত হোৱা আন্দোলনৰ কথা ক’ব পাৰো, নাৰী আন্দোলন, জনজাতিকৰণৰ আন্দোলনৰ কথা ক’ব পাৰো যিবোৰ দেশৰ পৰা ৰাজ্যৰ পৰা পৃথক হোৱাৰ বাবে বা বিচ্ছিন্নতাবাদৰ হকে হোৱা নাছিল।

  সেয়ে সকলো আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়।


৮। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদৰ্শসৰূপ । তুমি মানি লোৱানে? কাৰণ দৰ্শোৱা।

উত্তৰঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদৰ্শসৰূপ ।এই কথাষাৰৰ সৈতে মই একমত প্ৰকাশ কৰো। ইয়াৰ ভিত্তিত কিছুমান কাৰণ দৰ্শোৱা হ’লঃ

(ক) কাৰণ আঞ্চলিক প্ৰত্যাশা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক অংশ। ভাৰতবৰ্ষ গণতান্ত্ৰিক ব্যৱস্থা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। ভাৰতে এই গণতান্ত্ৰিক ব্যৱস্থাক সফল কৰি তুলিবলৈ আঞ্চলিক প্ৰত্যাশা আৰু দাবীসমূহৰ দক্ষতাৰে সন্মুখীন হোৱা উচিত

(খ) আঞ্চলিক দাবীসমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ আৰু গুৰুত্ব প্ৰদৰ্শন কৰাৰ সৰ্বোত্তম পদ্ধতিটো হ’ল গণতান্ত্ৰিক মাধ্যমেৰে আলোচনাৰ দ্বাৰা বুজাপৰা। আঞ্চলিক প্ৰত্যাশাসমূহক বলপূৰ্বকভাৱে দমন কৰিলে জাতীয় সংহতিৰ বিনষ্ট হোৱাৰ ভয় থাকে।

(গ) বিভিন্ন অঞ্চলৰ আঞ্চলিক দাবীসমূহ ক্ষমতাৰ ভাগ-বিভাজনৰ দ্বাৰা পূৰণ কৰিব পাৰি। দেশৰ সকলো অঞ্চলৰে দেশখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা আৰু আৱদান আছে। সেই হেতু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰত আঞ্চলিক দলবোৰৰ প্ৰতিনিধিত্ব থকাটো উচিত।

(ঘ) দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশত আঞ্চলিক অসমতাই আঞ্চলিক বৈষম্যতাৰ মনোভাবৰ গঢ় দিব পাৰে । সেইবাবে কেন্দ্ৰই সকলো অঞ্চলৰ  অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। 

  উক্ত কাৰণসমূহৰ বাবে ক’ব পাৰি যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদৰ্শসৰূপ।


৯। বস্তনিষ্ঠ প্ৰশ্নঃ

(ক) কোন ৰাজ্যত ‘অসম গণ-পৰিষদ’  সক্ৰিয়?

উত্তৰঃ অসমত ‘অসম গণ পৰিষদ’ সক্ৰিয়।


(খ) নেচনেল কনফাৰেন্স কেতিয়া প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ ১৯৩২ চনত নেচনল কনফাৰেন্স প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সভাপতি আছিল শ্বেখ আব্দুল্লা।


(গ) কি উদ্দেশ্য সাধনৰ বাবে ‘অসম গণ-পৰিষদ ‘ দল প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ অসমত বিদেশী অনুপ্ৰৱেশকাৰীৰ সোঁত বন্ধ কৰিবৰ বাবে বা কৰাৰ উদ্দেশ্যে ‘অসম গণ পৰিষদ’ দল প্ৰতিষ্ঠা হৈছিল।


(ঘ) কোন চনত  পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৬ চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হৈছিল।


(ঙ) কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল।

উত্তৰঃ ৩৭০ নং অনুচ্ছেদ অধীনত জম্মু আৰু  কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল ।


(চ) কেতিয়া ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ গৃহীত হৈছিল?

উত্তৰঃ ১৯৭৩ চনত ‘আনন্দপুৰ চাহিব প্ৰস্তাৱ’ গৃহীত হৈছিল।


(ছ) কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল?

উত্তৰঃ ১৯৬৩ চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল।


(জ) ভাৰতৰ যিকোনো দুটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ দুটা আঞ্চলিক দলৰ নাম হ’লঃ অসম গণ পৰিষদ আৰু  দ্ৰাবিড় মুনেত্ৰা কাজাগাম।


(ঝ) চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?

উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হৈছিল।


(ঞ) ভাৰতৰ অন্যান্য অঞ্চলটোৰ সৈতে উত্তৰ-পূৱক সংলগ্ন সংলগ্ন কৰা ঠেক ভূখণ্ডক কি নামেৰে জনা যায়।

উত্তৰঃ ভাৰতৰ অন্যান্য অঞ্চলটোৰ সৈতে উত্তৰ-পূৱক সংলগ্ন কৰা ঠেক ভূখণ্ডক  শিলিগুৰি কৰিডৰ বা ‘কুকুৰাৰ ডিঙি কৰিডৰ’ নামেৰে জনা যায়।


(ট) আংগামী জাপু ফিজো কোন ৰাজ্যৰ নেতা আছিল?

উত্তৰঃ আংগামী জাপু ফিজো নাগালেণ্ডৰ নেতা আছিল।


(ঠ) পু  লালদেংগা কোন ৰাজ্যৰ?

উত্তৰঃ পু লালদেংগা মিজোৰামৰ ।


(ড) সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত আন্দোলন কোন চনত আৰম্ভ কৰিছিল?

উত্তৰঃ সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত আন্দোলন ১৯৭৯ চনত আৰম্ভ কৰিছিল।


(ঢ) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰিছে।


(ণ) ভাৰত চৰকাৰে মণ্ডল আয়োগ                চনত নিযুক্তি দিছিল। ( খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ভাৰত চৰকাৰে মণ্ডল আয়োগ  ১৯৭৯ চনত নিযুক্তি দিছিল।


১০। চমু প্ৰশ্নঃ

(ক) জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ ধাৰণাটো গ্ৰহণ কৰানে?

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ ধাৰণাটো মই গ্ৰহণ যোগ্য বুলি মই নাভাবো কাৰণঃ

(১) এই বিশেষ ৰাজ্যৰ মৰ্যাদাই জম্মু আৰু কাশ্মীৰ অঞ্চলটোক ভাৰতৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিতকৰণৰ ধাৰণাটো সমৰ্থন নকৰে। 

(২) ভাৰতৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু কাশ্মীৰলৈ আগবঢ়োৱা বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু  ‘স্বতন্ত্ৰতা’ পৰ্যাপ্ত বা যথেষ্ট নহয়। কাশ্মীৰ জনসাধাৰণৰ এতিয়াও বহুখিনি অভাৱ অভিযোগ আৰু পাব লগা আছে।


(খ) সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ সংবিধনাৰ ৩৭০ নং অনুচ্ছেদৰ দুটা যুক্তি হ’লঃ

() সংবিধানৰ ৩৭০ নং অনুচ্ছেদ  অনুসৰি জম্মু- কাশ্মীৰে বিশেষ ৰাজ্যৰ মৰ্যাদা পাব লাগিব । ৩৭০ অনুচ্ছেদ অনুসৰি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত জম্মু আৰু কাশ্মীৰে অধিক স্বতন্ত্ৰতা  লাভ কৰিব।

(২) ৩৭০ অনুচ্ছেদ অনুসৰি ৰাজ্যখনৰ নিজস্ব সংবিধান আৰু নিজস্ব পাতাকাও থাকিব । তদুপৰি ভাৰতীয় সংবিধানৰ সকলো ব্যৱস্থা ৰাজ্যখনত প্ৰযোজ্য নহ’ব।


(গ) আনন্দপুৰ চাহিব প্ৰস্তাৱৰ দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ আনন্দপুৰ চাহিব প্ৰস্তাৱৰ দুটা ব্যৱস্থা হ’লঃ

(১) পঞ্জাৱ তথা চুবুৰীয়া ৰাজ্যসমূহৰ বাবে অধিক স্বতন্ত্ৰতাৰ ব্যৱস্থা কৰিব লাগিব।

(২) পাঞ্জাৱী ভাষী আৰু তেওঁলোকে বাস কৰা অঞ্চলবোৰ পঞ্জাৱ ৰাজ্যত চামিল কৰিব লাগিব।


(ঘ) আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ হ’লঃ

(১)  অস্তিত্ব ৰক্ষাঃ ভাৰতত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে। এই সকলো লোকে নিজৰ আৰু নিজ অঞ্চলৰ গুৰুত্ব আৰু অস্তিত্ব দেশত বজাই ৰাখিব খোজে। সেয়ে তেওঁলোকৰ মাজত সময় সাপেক্ষে আঞ্চলিকতাবাদৰ উৎপত্তি হয়।

(২) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাঃ ভাৰতত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ অংগৰাজ্য বিলাকৰ প্ৰতি সমানে গুৰুত্ব নিদিয়ে আৰু সহানুভূতিশীল নহয়, কিছু ৰাজ্যক অধিক গুৰুত্ব প্ৰদান কৰে আৰু কিছু ৰাজ্যক অৱহেলা কৰে। এনে অৱহেলিত ৰাজ্যবোৰে সমান গুৰুত্ব, অধিকাৰ আৰু প্ৰাপ্য আদায় কৰাৰ উদ্দেশ্যে আঞ্চলিকতাবাদৰ জন্ম দিয়ে ।


(ঙ) গোৱাৰ সমস্যা কি আছিল?

উত্তৰঃ ১৯৬১ চনত ভাৰত চৰকাৰে গোৱাক পৰ্টুগীজসকলৰ পৰা মুক্ত কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে স্বীকৃতি দিয়ে যদিও মহাৰাষ্ট্ৰৱাদী গোমান্তক পাৰ্টিৰ নেতৃত্বৰ গোৱাৰ এটা অংশই মহাৰাষ্ট্ৰৰ সৈতে সংযুক্ত হ’বলৈ মত প্ৰকাশ কৰে। আনহাতে অধিকাংশ গোৱাবাসীয়ে ইউনাইটেড গোৱান পাৰ্টিৰ নেতৃত্বত পৃথক গোৱাৰ স্বকীয়তা, সংস্কৃতি আৰু বিশেষকৈ কোংকনি ভাষাটো ৰখাতো সমৰ্থন কৰিছিল। অৱশেষত ১৯৬৭ চনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ জনগণে মহাৰাষ্ট্ৰৰ সৈতে চামিল হ’ব বিচাৰে নে পৃথককৈ থাকিব বিচাৰে তাৰ বাবে জনসাধাৰণৰ বাবে এক ‘মতামত ভোট’ অনুষ্ঠিত কৰে য’ত গোৱা পৃথক হৈ থকাৰ পক্ষত ভোটদান কৰাত ই এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ৰৈ যায় আৰু ১৯৮৭ চনত ই পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।


(চ) আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা।

উত্তৰঃ আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় হ’লঃ

(১)কেন্দ্ৰৰ সকলো ৰাজ্যৰ প্ৰতি সমান ব্যৱহাৰঃ আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ এক প্ৰধান উপায় হ’ল কেন্দ্ৰৰ সকলো ৰাজ্যৰ প্ৰতি সমান ব্যৱহাৰ। যদি কেন্দ্ৰই সকলো ৰাজ্যক সমান দৃষ্টিৰে চাই আৰু সমান মৰ্যাদা প্ৰদান কৰে তেন্তে দেশত আঞ্চলিকতাবাদ আৰু আঞ্চলিকতাবাদী ভাৱধাৰাৰ  সমস্যাৰ যথেষ্ট পৰিমাণে সমাধান হ’ব।

(২) ৰাজ্যসমূহৰ প্ৰয়োজন আৰু সমস্যাসমূহৰ উচিত সমাধানঃ কেন্দ্ৰই যদি সকলো ৰাজ্যৰ, অঞ্চল আৰু সম্প্ৰদায় সমূহৰ দাবী আৰু প্ৰয়োজনীয়তা উপযুক্তভাৱে পূৰণ কৰে আৰু তেওঁলোকৰ সমস্যাৰ উচিত সমাধান কৰিব পাৰে তেতিয়াও আঞ্চলিকতাবাদৰ সমস্যাৰ যথেষ্ট পৰিমাণে অৱসান ঘটিব।


(ছ) ৮০-ৰ দশকত অসমে সমুখীন হোৱা দুটা সংকটৰ কথা উল্লেখ কৰা।

উত্তৰঃ ৮০ ৰ দশকত অসমে সমুখীন হোৱা দুটা সংকট হ’লঃ

(১)  আলফাৰ শক্তিশালী উশ্থানঃ ১৯৮০ ৰ দশকত অসমত  আলফা যথেষ্ট শক্তিশালী আৰু সক্ৰিয় হৈ উঠে । জনপ্ৰিয় হৈ উঠা এই সশস্ত্ৰ সংগঠনে অসমক কেন্দ্ৰীয় চৰকাৰে কৰা শোষণৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই স্বাধীন অসম প্ৰতিষ্ঠা কৰাৰ সংকল্পেৰে হিংসাত্মক ঘটনা সংঘটিত কৰি থাকে । ফলত অসমত এক অস্থিৰ আৰু  অশান্তিকৰ পৰিৱেশ আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়।

(২) বিদেশী বা বহিৰাগত আৰু বিদেশী বিতাৰণৰ আন্দোলনঃ ১৯৮০ ৰ দশকত অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিদেশী বিতাৰণ আন্দোলন আৰম্ভ হয় কাৰণ ইতিমধ্যে বাংলাদেশ, নেপাৰ আদিৰ পৰা হোৱা প্ৰব্ৰজনকাৰী আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পোৱাত ৰাজনৈতিক ক্ষমতা আৰু নিযুক্তিৰ সুযোগ ক্ৰমাৎ থলুৱা লোকসকলৰ বাবে হ্ৰাস পায়। এই আন্দোলনত ৬০০ তকৈ অধিক ছহিদ হয় আৰু বহুসংখ্যক লোক চিৰদিনলৈ ঘূণীয়া হয় । আন্দোলনৰ পৰিৱেশে সেই সময়ত অসমৰ বাতাৱৰণ অস্থিৰ কৰি তুলিছিল।


(জ) চিকিম কেনেদৰে ভাৰতৰ অন্তৰ্ভুক্ত হ’ল?

উত্তৰঃ ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পিছতো চিকিম ভাৰতৰ অংশ নাছিল আৰু  ই পূৰ্ণাংগ সাৰ্বভৌম ৰাষ্ট্ৰও নাছিল। চিকিমৰ প্ৰতিৰক্ষা আৰু বৈদেশিক সম্পৰ্ক ভাৰতৰ তত্বাৱধানত আৰু আভ্যন্তৰীণ প্ৰশাসন চিকিমৰ ৰজা ছ’গিয়ালৰ তত্ত্বাৱধানত আছিল। চিকিম প্ৰজা মণ্ডলৰ প্ৰতিষ্ঠাপক কাজী লেহনডুগ দৰ্জী খাংশ্বাৰ্পাই চিকিমত গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰে। ১৯৬২ চনত তেওঁ চিকিম নেচনেল কংগ্ৰেছ গঠন কৰি ভাৰতৰ সৈতে সংযুক্ত হ’বলৈ আন্দোলন কৰে আৰু ১৯৭৪ চনৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত এই দলে বিপুল ভোটত জয়ী হয়। অৱশেষত চিকিম বিধান সভাই ১৯৭৫ চনত ভাৰতৰ সৈতে চিকিমৰ চামিলকৰণৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰে। এই প্ৰস্তাৱৰ ওপৰত গণভোট সম্পাদন কৰা হয় আৰু অৱশেষত চিকিমে এইদৰে ভাৰতৰ সৈতে চামিল হৈ ভাৰতৰ ২২ সংখ্যক ৰাজ্যৰূপে স্বীকৃতি লাভ কৰে।


(ঝ) আঞ্চলিকতাবাদক নিৰ্মূল কৰাৰ বাবে দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ আঞ্ছলিকতাবাদক নিৰ্মূল কৰাৰ বাবে দুটা ব্যৱস্থা হ’লঃ

(১)  কেন্দ্ৰৰ সকলো ৰাজ্যক সমান ব্যৱহাৰ আৰু গুৰুত্ব প্ৰদান ,

(২) কেন্দ্ৰৰ সকলো ৰাজ্যক সমান বিত্তীয় সাহাৰ্য্য প্ৰদান।


(ঞ) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ  চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’লঃ 

(১) অসম গণ পৰিষদ, 

(২) দ্ৰাবিড় মুনেত্ৰা কাজাগাম,

(৩) তেলেগু দেশম, 

(৪) আকালি দল।


১১। চমুটোকাঃ

(ক) ভাৰতত পৃথকতাবাদী ধাৰণা কি কাৰণে গঢ় লৈ উঠিছে।

উত্তৰঃ ভাৰতত পৃথকতাবাদী ধাৰণা গঢ়ি উঠাৰ বহতো কাৰণ আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাঃ ভাৰতীয়  কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংগৰাজ্যসমূহৰ প্ৰতি সমানে গুৰুত্ব প্ৰদান নকৰে সমানে সহানুভূতিশীল নহয়। কিছুমান ৰাজ্যক অৱহেলা কৰে , মাহীমাকৰ দৃষ্টিৰে চায়। এনেবোৰ কাৰণতে তেনে ৰাজ্যসমূহত বহু সময়ত পৃথকতাবাদী ধাৰণা গঢ় লৈ উঠে। 

(২) কেন্দ্ৰীয় পৰা অসমান সুযোগ-সুবিধা আৰু বিত্তীয় সাহাৰ্য্য প্ৰদানঃ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সকলো অংগৰাজ্যক সমানে সুযোগ-সুবিধা আৰু বিত্তীয় সাহাৰ্য্য প্ৰদান নকৰে যাৰ ফলত বঞ্চিত ৰাজ্যসমূহত পৃথকতাবাদী ধাৰণা গঢ় লৈ উঠে।

(৩) নিজৰ অস্তিত্ব আৰু গুৰুত্ব ৰক্ষাঃ নিজৰ ধৰ্মীয়, সাংস্কৃতিক, ভাষিক অস্তিত্বক জীয়াই ৰাখিবৰ ভাৰতত বহু ৰাজ্যত পৃথকতাবাদী ভাৱধাৰা গঢ়ি উঠে।

(৪) ভৌগোলিক বিচিন্নতা বা দূৰত্বঃ কেন্দ্ৰৰ পৰা ভৌগোলিক বিচিন্নতা বা দূৰত্বৰ বাবেও বহু ৰাজ্যত পৃথকতাবাদী মনোভাৱ গঢ়ি উঠে।

(৫) স্বতন্ত্ৰভাৱে থকাৰ বা স্বায়ত্ব শাসনৰ ইচ্ছাঃ বহু ৰাজ্যই বিভিন্ন কাৰণত স্বতন্ত্ৰ বা স্বাধীনভাৱে থকাৰ ইচ্ছা কৰে আৰু স্বায়ত্ব শাসন বিচাৰে। ফলত তেও°লোকৰ মাজত পৃথকতাবাদী মনোভাৱ গঢ়ি উঠে।

     উক্ত ধৰণেৰে ভাৰতত বহু কাৰণত পৃথকতাবাদী ধাৰণা গঢ় লৈ উঠে।


(খ) ভাৰতত আজি পৃথকতাবাদী ভাবধাৰা জাগ্ৰত হোৱাৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতত আজি পৃথকতাবাদী ভাবধাৰা জাগ্ৰত হোৱাৰ চাৰিটা কাৰণ হ’লঃ

(১) কেন্দ্ৰৰ ৰাজ্যসমূহৰ প্ৰতি বৈষম্যমূলক ব্যৱহাৰ;

(২) নিজ অস্তিত্ব, ভাষা, সংস্কৃতিৰ ৰক্ষা বাবেও পৃথকতাবাদী ভাবধাৰা জাগি উঠে;

(৩) ধৰ্মীয় কাৰণতো বহু সময়ত ভাৰতত ধৰ্মীয় পৃথকতাবাদী ভাবধাৰা জাগ্ৰত হৈ উঠে;

(৪) ভৌগোলিক বিভিন্নতাৰ ওপৰত ভিত্তি কৰিও ভাৰতত বহু সময়ত অঞ্চলভেদে পৃথকতাবাদী ভাবধাৰা জাগ্ৰত হৈ উঠে।


(গ) ভাৰতৰ উত্তৰ পূৱ প্ৰান্তৰ সশস্ত্ৰ আন্দোলন ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ উত্তৰ পূৱ প্ৰান্তৰ সশস্ত্ৰ আন্দোলন বুলিলে আমি নাগালেণ্ড, মিজোৰাম আৰু অসমৰ সশস্ত্ৰ আন্দোলনৰ কথা ক’ব পাৰো। নাগালেণ্ডত ইছাক ছিছি শ্বু, থুইংগালেং মুইভা আৰু এছ এছ খাপলাঙৰ উদ্যোগত গঢ়ি উঠা নেচনেল ছ’চিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (NSCN) সশস্ত্ৰ সংগঠনৰ সশস্ত্ৰ আন্দোলনৰ উত্তৰ পূবৰ এক অন্যতম সশস্ত্ৰ আন্দোলন। ১৯৫১ চনত জাপু ফিজোৰ নেতৃত্বত বহু নগা জনসাধাৰণে ভাৰতৰ পৰা পৃথকীকৰণ আৰু স্বাধীনতাৰ দাবী কৰে। ১৯৫৬ চনত ফিজোৱে পুনৰ নগাসকলৰ এখন নিজস্ব সংবিধান আৰু সেনাৰ চৰকাৰ গঠনৰ ঘোষণা কৰে।  অৱশেষত তেওঁ ভাৰত চৰকাৰৰ বহু আলোচনা আৰু সমাধান ব্যৱস্থা প্ৰত্যাখ্যান কৰি নগা নেচনেল কাউন্সিলক নেতৃত্ব দি নগাসকলৰ সাৰ্বভৌমত্বৰ দাবী কৰি সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। অৱশেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰ আৰু নগা নেচনেল কাউন্সিল যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত নগা সমস্যাৰ স্থায়ী সমাধানৰ বাবে ‘শ্বিলং চুক্তি’ সম্পাদন কৰা হয় যাক লৈ বহুকেইগৰাকী নগা নেচনেল কাউন্সিলৰ নেতা সন্তষ্ট নাছিল। ইছাক ছিছি আৰু থুইংগালেং মুইভাই এই চুক্তিক ‘বিশ্বাসঘাতকতা’ বুলি আখ্যা দি অস্বীকাৰ কৰে। ইয়াৰ পিছতে ১৯৮০ চনৰ ২ ফেব্ৰুৱাৰীত সশস্ত্ৰ সংগঠন NSCN ৰ জন্ম হয়। ১৯৮৮ চনত সংগঠনটো বিভাজিত হৈ NSCN (IM) আৰু NSCN (K) নামেৰে দুটা ভাগত পৰিণত হয় । NSCN (K) নাগালেণ্ডত বৃহৎত্তৰ নাগালিমৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলাই আছে।

  ঠিক তেনেদৰে অসম চৰকাৰৰ মিজোৰামত ১৯৫০ চনৰ দু্ৰ্ভিক্ষৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ ফলস্বৰূপে পু লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফেমাইন ফ্ৰন্ট গঠন হয় । যিয়ে পিছত ১৯৬১ চনৰ ২২ অক্টোবৰৰ পৰা মিজো নেচনেল ফ্ৰন্ট ( MNF) নামেৰে জনা যায়। ‘মিজোৰাম মিজোসকলৰ বাবে’ শ্ল’গানেৰে MNF সংগঠনে মিজোৰামৰ হকে স্বাধীনতাৰ দাবীত সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰে। প্ৰায় ২ দশক জুৰি মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনা বাহিনীৰ মাজত মাজত সংঘাত চলি থাকে । শেষত ১৯৮৬ চনৰ ৩০ জুন তাৰিখে মিজো নেচনেল ফ্ৰন্টৰ আত্মগোপনকাৰী চৰকাৰৰ লালডেংগা আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত মিজোৰাম শান্তি চুক্তি সম্পাদন কৰা হয়। এই চুক্তিৰ ব্যৱস্থা মতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰাম এখন সুকীয় ৰাজ্যৰূপে স্বীকৃত হয়। 

    ঠিক তেনেদৰে অসমৰ ১৯৭৯ চনত সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সামৰিক প্ৰধান পৰেশ বৰুৱাৰ নেতৃত্বত গঢ়ি উঠা সংগঠন আলফাৰ (ULFA) ৰ সশস্ত্ৰ সংগ্ৰাম উত্তৰ পূবৰ লগতে ভাৰতৰ ভিতৰতে

 অন্যতম। আলফাই অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই স্বাধীন অসম গঢ়াৰ সংকল্পেৰে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল। তেওঁলোকে অসম কেতিয়াও ভাৰতৰ অংগ বুলি ভবা নাছিল। তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত কূটাঘাটমূলক কাৰ্য-কলাপ সংঘটিত কৰি আহিছে। সাম্প্ৰতিক কালত সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি বহু নেতাই আলোচনাৰ মজিয়ালৈ আহিছে আৰু বিতৰ্কিতভাৱে এক শান্তি প্ৰক্ৰিয়া চলি আছে। বৰ্তমান সংগঠনটো নতুনকৈ সংযুক্ত মুক্তি বাহিনী হিচাপে নামাংকৃত হৈছে।


(ঘ) ভাৰতৰ কিছুমান অংশত পৃথকবাদী ভাবধাৰা গঢ়ি উঠাৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰো।

উত্তৰঃ ভাৰতৰ কিছুমান অংশত বিভিন্ন কাৰণত পৃথকতাবাদী ভাৱধাৰা বিভিন্ন কাৰণত সময় সাপেক্ষে গঢ়ি উঠে। ই ইয়াকে প্ৰতিফলিত কৰে যে ভাৰতৰ বিভিন্ন সম্প্ৰদায় আৰু অঞ্চল ভাৰতীয় শাসন ব্যৱস্থা আৰু নীতি , সংবিধানৰ নীতি আৰু তদুপৰি নিজৰ স্থান আৰু অৱস্থাক লৈ সন্তষ্ট নহয়। সেয়ে বিভিন্ন সময়ত তেওঁলোকে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আৰু কোনো সময়ত সশস্ত্ৰ আন্দোলন বা সংগ্ৰামৰ জৰিয়তে চৰকাৰৰ ওচৰত নিজৰ দাবীসমূহ উশ্থাপন কৰে আৰু সেইসমূহ পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ভাৰতৰ সংবিধানে ইতিমধ্যে বিভিন্ন জনগোষ্ঠীক স্বায়ত্ব শাসনৰ অধিকাৰ প্ৰদান কৰিছে । কিন্ত কিছু জনগোষ্ঠীয়ে এই সাংবিধানিক  ব্যৱস্থা  অতিক্ৰম কৰি স্বাধীন ,পৃথক, সাৰ্বভৌম ৰাষ্ট্ৰ গঢ়িবলৈ সশস্ত্ৰ পন্থা অৱলম্বন কৰি আহিছে, যিয়ে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে। ভাৰতৰ স্বাধীনতা লাভৰ সময়ৰ পৰাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত এনে পৃথকতাবাদী প্ৰৱণতা পৰিলক্ষিত হৈ আহিছে। প্ৰধানকৈ নাগালেণ্ড, মিজোৰাম আৰু অসম এই কেইখন ৰাজ্যত পৃথকতাবাদী মনোভাৱ উদয় হোৱা পৰিলক্ষিত হয়। উত্তৰ পূৰ্বাঞ্চলত এনে ভাৱধাৰাৰ আৰম্ভণি কৰে নগা জনগোষ্ঠীয়ে। NSCN (K) গোটটোৱে নাগালেণ্ডক ভাৰতৰ পৰা পৃথক কৰি বৃহত্তৰ নাগালিম গঠন কৰাৰ বাবে দাবী জনায়, মিজোৰামত মিজো নেচনেল ফ্ৰন্ট সংগঠনে স্বাধীন মিজোৰামৰ দাবী জনায় আৰু অসমত আলফাই স্বাধীন অসমৰ দাবী জনায়। এই সংগঠন সমূহে নিজৰ দাবী পূৰণৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল। ই ইয়াকে প্ৰতিপন্ন কৰে যে পৃথকতাবাদী ভাবধাৰাই শান্তিৰ পথৰ পৰা চৰম পন্থা অৱলম্বন কৰিব পাৰে অৰ্থাৎ সন্ত্ৰাসবাদৰ সৃষ্টি কৰিব পাৰে। যিয়ে দেশত কূটাঘাটমূলক কাৰ্যৰ সৃষ্টি কৰি এক অস্থিৰ আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু সাধাৰণ জনসাধাৰণৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে তদুপৰি ই দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। আৰু ভৱিষ্যতলৈ যে এনে পৰিস্থিতিৰ আৰু সশস্ত্ৰ সংগ্ৰামৰ সৃষ্টি নহ’ব তাৰ মানে নাই। তেনে হ’লে দেশৰ শান্তি, ঐক্য, অখণ্ডতালৈ যে বিপদ নাহিব তাক কোনেও নুই কৰিব নোৱাৰে। সেয়ে তেনে পৰিস্থতিৰ সৃষ্টি হোৱাৰ পূৰ্বে তাক কি দৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ উচিত পদক্ষেপ কেন্দ্ৰই ল’ব লাগিব আৰু যিমান দূৰ সম্ভৱ আলোচনা আৰু শান্তিপূৰ্ণ মাধ্যমেৰে সকলোৱে সমস্যাবোৰ সমাধান কৰিব লাগিব।


(ঙ) জম্মু আৰু কাশ্মীৰত ঘটা হিংসাত্মক  কাৰ্যৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ জম্মু আৰু কাশ্মীৰ অঞ্চলটো ভাৰতৰ ভিতৰতে আটাইতকৈ অস্থিৰ অঞ্চল। জম্মু আৰু কাশ্মীৰৰ  ‘কাশ্মীৰ সমস্যা’ সমস্যাটো দেশৰ আটাইতকৈ জলন্ত সমস্যা। ভাৰত আৰু পাকিস্তানৰ মাজৰ উদ্বেগপূৰ্ণ কূটনৈতিক সম্পৰ্কৰ মূল কেন্দ্ৰবিন্দু হ’ল কাশ্মীৰ যাক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতাৰ দিনৰ পৰাই সংঘাত তথা বিভিন্ন হিংসাত্মক সংঘাতৰ আৰু কূটাঘাটমূলক কাৰ্যৰ সৃষ্টি হৈ আহিছে যাৰ ফলস্বৰূপে অসংখ্য লোকৰ মৃত্যু হৈছে, অসংখ্য পৰিয়াল গৃহহীন হৈছে আৰু অসংখ্য লোক চিৰদিনৰ বাবে ঘূণীয়া হৈছে। কাশ্মীৰ অঞ্চলক লৈ সৃষ্টি হোৱা টনা আঁজুৰাৰ ফলত ফলত সৃষ্টি হিংসাত্মক ঘটনাই ৰাজ্যখনত এক অস্থিৰ আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এক অধ্যয়ন মতে উগ্ৰপন্থীৰ ভাবুকিত প্ৰায় ৯৫ শতাংশ কাশ্মীৰী ব্ৰাক্ষ্মণ বা পণ্ডিতে কাশ্মীৰ উপত্যকা ত্যাগ কৰি গুচি যায়। জম্মু-কাশ্মীৰত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত প্ৰায় ১•৫ নিযুত শৰণাৰ্থী কাশ্মীৰৰ এটা ভাগ আজাদ কাশ্মীৰ অঞ্চল আৰু পাকিস্তানত আছে। সন্ত্ৰাসবাদী সমস্যাৰ বাবে প্ৰায় ১ লাখ কাশ্মীৰী মুছলিম আৰু প্ৰায় ৩ লাখ কাশ্মীৰী পণ্ডিত গৃহহীন বা স্থানান্তৰিত হয়।

      ১৯৮০ ৰ দশকটো আছিল জম্মু আৰু কাশ্মীৰৰ বাবে এক ভয়াৱহ সময়। এই দশকৰ শেষৰ ফালে গোটেই ৰাজ্যখন সন্ত্ৰাসবাদী আন্দোলনৰ কবলত পৰে। এই উগ্ৰপন্থী সংগঠনবোৰৰ অধিক সংখ্যকে এক সুকীয়া কাশ্মীৰ ৰাষ্ট্ৰৰ দাবীত সশস্ত্ৰ আন্দোলন কৰে। এই সংগঠনসমূহক পাকিস্তানে বিভিন্ন ধৰণেৰে সহায় কৰে। এইসমূহ ভয়ানক উগ্ৰপন্থী সংগঠনৰ সশস্ত্ৰ তৎপৰতা বৃদ্ধিৰ ফলত জম্মু আৰু কাশ্মীৰত এক ভয়াৱহ অশান্তিপূৰ্ণ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। সাম্প্ৰতিক সময়ত জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংস্থাসমূহৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানো ৰাজ্যখনত এতিয়াও সম্পূৰ্ণৰূপে শান্তি আৰু সুস্থিৰতাৰ প্ৰতিষ্ঠা হোৱা নাই।


(চ) জম্মু আৰু কাশ্মীৰ কি পৰিস্থিতিত ভাৰতৰ সৈতে চামিল। 

উত্তৰঃ ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত জম্মু আৰু কাশ্মীৰ আছিল এখন দেশীয় ৰাজ্য। ৰাজ্য খনৰ অধিক সংখ্যক জনসাধাৰণ আছিল মুছলিম আৰু ৰজা আছিল হিন্দু সম্প্ৰদায়ৰ হৰি সিং। বিভাজষ আৰু স্বাধীনতাৰ সময়ত ৰজা হৰি সিঙে পাকিস্তান আৰু ভাৰত কোনো এটা পক্ষতে চামিল হ’ব খুজা নাছিল। তাৰ পৰিৱৰ্তে স্বাধীন ভাৱে থকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কিন্ত জম্মু -কাশ্মীৰৰ অধিকাংশ লোক মুছলমান হোৱাৰ বাবে পাকিস্তানে অঞ্চলটো পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পোষকতা কৰিছিল। কিন্ত কাশ্মীৰৰ জনগণৰ ইচ্ছা আছিল সুকীয়া। তেওঁলোকৰ নেচনেল কনফাৰেন্সৰ নেতা শ্বেখ আব্দুল্লাই ৰজা হৰি সিঙৰ শাসনৰ পৰা মুক্ত হ’বৰ বাবে চেষ্টা চলাই আছিল আনহাতে পাকিস্তানৰ সৈতে চামিল হোৱাৰো বিৰোধিতা কৰিছিল। ৰজাৰ ইচ্ছামতে ৰাজ্যখনে স্বতন্ত্ৰ বা স্বাধীন হৈ ৰয়। কিন্ত পাকিস্তানে ইয়াৰ বিৰোধীতা কৰে আৰু ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰ অধিকাৰ কৰিবলৈ আধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ জনজাতীয় লোকে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰে। এই পৰিস্থিত ভীতিগ্ৰস্ত হৈ ৰজাই ভাৰতৰ পৰা সহায় বিচাৰে যাৰ বিনিময়ত দুই পক্ষৰ মাজত ১৯৪৭ চনৰ ২৬ অক্টোবৰত চামিলকৰণ চুক্তি স্বাক্ষৰ হয় আৰু  ভাৰতীয় সেনাই অঞ্চলটো জনজাতীয় আক্ৰমণৰ পৰা ৰক্ষা কৰে। চুক্তিত উল্লেখ আছিল যে পৰিস্থতি  স্বাভাৱিক হোৱাৰ পিছত জম্মু-কাশ্মীৰৰ জনগণৰ পৰা তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে মতামত লোৱা হ’ব।এই চামিলকৰণ চুক্তিৰ আধাৰতে জম্মু-কাশ্মীৰ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হয় আৰু ভাৰতীয় সংবিধানৰ ৩৭০  নং অন্নুচ্ছেদ কাশ্মীৰৰ বাবে অন্তৰ্ভুক্ত কযা হয় যাৰ অধিনত ৰাজ্যখনে  বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰে।


(ছ) ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ বহিৰাগত বিতাড়ণৰ বাবে চলা ‘অসম আন্দোলন’ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তি কালৰ পৰা অসমলৈ বৃহৎ হাৰত বহিৰাগতৰ প্ৰব্ৰজন সংঘটিত হয় যিয়ে অসমৰ জনগাঁথনিগত দিশতোত ব্যাপক প্ৰভাৱ পেলাই আৰু ৰাজ্য খনত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পায়। স্বাধীনতাৰ কালছোৱাত অসমৰ জনবসতি সেৰেঙা আছিল আৰু বহু অঞ্চল খালী হৈ আছিল। সেয়ে ইয়াৰ সুবিধা লৈ বাংলাদেশ আৰু নৃপালৰ পৰা বহু লোক জীৱন আৰু জীৱিকাৰ তাড়নাত অসমলৈ প্ৰব্ৰজন হৈ আহে আৰু এই খালী ঠাই সমূহ দখল কৰি বসবাস কৰিবলৈ আৰম্ভ কৰে। দিনে দিনে এই প্ৰব্ৰজনৰ হাৰ বৃদ্ধি পাব ধৰে যাৰ ফলত ৰাজ্যখনত জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পায় আৰু লাহে লাহে থলুৱা লোকৰ জীৱন, অস্তিত্ব, ভাষা-সংস্কৃতিলৈ ই সংকট মাতি আনে। সেয়ে এই বহিৰাগতৰ প্ৰব্ৰজন আৰু দখলৰ বিৰুদ্ধে, তেওঁলোকক বিতাড়নৰ বিৰুদ্ধে অৰাজনৈতিক ছাত্ৰ সংগঠনঅসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭৯ চনত বিদেশী বিতাড়ন আন্দোলনৰ সূচনা হয় আৰু ১৯৮৫ চন পৰ্যন্ত এই আন্দোলন চলে। এই আন্দোলনৰ নেতাসকলে আশংকা কৰিছিল যে বাংলাদেশৰ পৰা ব্যাপক সংখ্যক অবৈধ অনুপ্ৰৱেশ ঘটিছে আৰু এই সকল বিদেশীক যদিহে অতি সোনকালে চিনাক্ত কৰি বহিস্কাৰ কৰা নহয় , তেন্তে অসমৰ থলুৱা লোক বা অসমীয়া সকল সংখ্যালঘুত পৰিণত হ’ব। আছুৱে পোন প্ৰথমে এই আন্দোলন বহিৰাগতসকলৰ বিৰুদ্ধে আৰম্ভ কৰিছিল যদিও পিছলৈ ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈ পৰে বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীসকল। আন্দোলনৰ নেতাসকলে অসমলৈ হোৱা অবৈধ অনুপ্ৰৱেশকাৰী, বাংলাদেশীৰ আধিপত্য আৰু ত্ৰুটিপূৰ্ণ ভোটাৰ তালিকাৰ বিৰুদ্ধে বহিৰাগত বিতাড়ন আন্দোলনৰ আৰম্ভ কৰে। আছুৰ মতে ভোটাৰ তালিকাত লাখ লাখ অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ নাম পঞ্জীভূত হৈ আছে। তেওঁলোকে দাবী উশ্থাপন কৰে যে ১৯৫১ চনৰ পিছত অহা সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। অসমৰ সকলো লোকে আছুৰ নেতৃত্বত হোৱা এই আন্দোলনটোত সমৰ্থন কৰিছিল আৰু অংশগ্ৰহণ কৰিছিল। কাৰণ সকলোৱে বুজি উঠিছিল যে এনেদৰেই যদি অসমলৈ বিদেশীৰ অনুপ্ৰৱেশ ঘটি থাকে তেন্তে নিশ্চয় অসম তথা অসমীয়াৰ অস্তিত্ব ভৱিষ্যতে সংকটত পৰিব। আন্দোলনটোৱে অসমত এক বৃহৎ পৰিৱৰ্তন আনিছিল আৰু বিপুল জনপ্ৰিয়তা আহৰণ কৰিছিল আৰু বহু আন সংগঠনৰ সমৰ্থন লাভ কৰিছিল। বিদেশী বিতাৰণ আন্দোলনটোৰ সৈতে অৰ্থনৈতিক দিশো জড়িত আছিল । কাৰণ অসমত তেল, চাহ, কয়লা আদি সম্পদৰ প্ৰচুৰ ভাণ্ডাৰৰ থকাৰ পিছতো ৰাজ্যখনত ব্যাপক হাৰত দৰিদ্ৰতা আৰু নিবনুৱা আছিল। আন্দোলনটোৰ মতে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা ইয়াৰ সম্পদবোৰ শোষণ কৰিছে আৰু তাৰ বিনিময়ত ৰাজ্যখনক একো দিয়া নাই। 

     বিদেশী বিতাড়ন আন্দোলন গণতান্ত্ৰিক আৰু অহিংস আছিল যদিও সময় সাপেক্ষে ই হিংসাত্মক ৰূপো গ্ৰহণ কৰিছিল আৰু এই আন্দোলনৰ ফলত ৬০০ ত কৈয়ো অধিক লোকে জীৱন দান দিছিল আৰু কিছু লোক ঘূণীয়াও হৈছিল।সুদীৰ্ঘ ৬ বছৰৰ আন্দোলনৰ মূৰত ১৯৮৫ চনৰ ১৫ আগষ্টত ইয়াৰ নেতৃবৰ্গ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি সম্পাদিত হয় যাৰ মৰ্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা বাংলাদেশী নাগৰিকসকলক ১৯৪৬ চনৰ বিদেশী আইন অনুসৰি বিতাড়ন কৰা হ’ব । আৰু ১৯৬৬ চনৰ ১ জানুৱাৰী বৰ্ষটো বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ভিত্তি স্বৰূপে গ্ৰহণ কৰা হয়। এনেদৰে আন্দোলনটোৰ সামৰণি ঘটে।


(জ) পঞ্জাৱৰ সশস্ত্ৰ আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ আন কিছু ৰাজ্যৰ দৰে পঞ্জাৱতো সশস্ত্ৰ আন্দোলনৰ উশ্থান ঘটিছিল। ভাষাৰ ভিত্তিত পঞ্জাৱ ৰাজ্যৰ পুনৰ গঠন হোৱাৰ পিছত আকালি দলে ১৯৬৭ চনৰ পৰা ৰাজ্যখনৰ ক্ষমতা দখল কৰে। কিন্ত দলটোৰ প্ৰতি লাহে লাহে এক বিৰূপ ধাৰণাৰ জন্ম হয় যে দলটোৰ ৰাজনৈতিক স্থিতি অনিশ্চিত। ফলত ১৯৭০ ৰ দশকৰ আৰম্ভণিৰ পৰা দলটোৰ অংশই পঞ্জাৱৰ অধিক স্বতন্ত্ৰতাৰ দাবী জনাবলৈ ধৰে। ড° জগজিৎ সিং চৌহান নামৰ এগৰাকী শিখ নেতাই এখন স্বাধীন শিখ ৰাজ্য বা ‘শিখিস্থান’ গঠনৰ পোষকতা কৰিছিল। কিন্ত তেওঁৰ এই মত আকালি দলৰ নেতৃবৰ্গই অস্বীকাৰ কৰিছিল আৰু তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে। ১৯৮০ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে পঞ্জাৱত আকালি দলৰ চৰকাৰখন ভংগ কৰে তেতিয়া দলটোৰ এটা অংশই স্বাধীন শিখ আত্মপৰিচয়ৰ প্ৰশ্ন উশ্থাপিত কৰে। তাৰ কিছুসংখ্যকে সশস্ত্ৰ আন্দোলনৰ পথেৰে ভাৰতৰ পৰা পৃথক হৈ ‘খালিস্থান’ বা ‘শিখিস্থান’ গঠনৰ উদ্দেশ্যৰে আন্দোলনৰ সূচনা কৰে আৰু এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল দলৰ পৰা বহিষ্কৃত ড° জগজিৎ সিৎ সৌহানে। 

     ১৯৮০ দশকৰ আৰম্ভণিৰ পৰা আন্দোলনটোৱে ক্ৰমে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি ভাৰতৰ ভিতৰতে এক অন্যতম সশস্ত্ৰ আন্দোলনত পৰিণত হয় যাৰ ফলস্বৰূপে সমগ্ৰ পঞ্জাৱ ৰাজ্য অস্থিৰ আৰু অশান্ত হৈ পৰে। দু্ৰ্ধৰ্ষ নেতা ভিন্দৰৱালেৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰামী সকলে পবিত্ৰ শিখ মন্দিৰ স্বৰ্ণ মন্দিৰ দখল কৰি তাত তেওঁলোকৰ মুখ্য কাৰ্যালয় স্থাপন কৰে। এই খিনি সময় পঞ্জাৱৰ বাবে অতি সংকটজনক সময় আছিল। বহুতো শিখ আৰু হিন্দু লোকে উগ্ৰপন্থীসকলৰ হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাব লগা হয়। পঞ্জাৱৰ পৰিস্থিতি ক্ৰমে অধিক জটিল হৈ পৰাত ১৯৮৪ চনৰ জুনত ভাৰত চৰকাৰে এই উগ্ৰপন্থী সকলৰ বিৰুদ্ধে সেনা অভিযান চলাবলৈ আৰম্ভ কৰে যাক ‘অপাৰেচন ব্লুষ্টাৰ’ নামেৰে জনাজাত। এই অভিযানেৰে পবিত্ৰ স্বৰ্ণ মন্দিৰ উগ্ৰপন্থীৰ কবলৰ পৰা মুক্ত কৰা হয়, কিন্ত এই অভিযাৰন ফলত মন্দিৰটোৰ যথেষ্ট ক্ষতি সাধন হয় যিয়ে শিখসকলৰ ধৰ্মীয় অনূভূতিত আঘাত কৰে। ফলত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত থকা বহু শিখলোকে অভিযানটোৰ সমালোচনা আৰু বিৰোধিতা কৰে যিয়ে উগ্ৰপন্হী গোটক অধিক উৎসাহ প্ৰদান কৰে। এই অভিযানত অৱশ্যে ভিন্দৰৱালেকে বহু উগ্ৰপন্থীয়ে মৃত্যু বৰণ কৰে। পঞ্জাৱৰ সশস্ত্ৰ আন্দোলনৰ প্ৰভাৱ সমগ্ৰ ভাৰততে পৰিছিল।


(ঝ) ১৯৮৪ চনৰ শিখ বিৰোধী হিংসাত্মক ঘটনাৰ চমু আলোচনা কৰা। 

উত্তৰঃ পঞ্জাৱত সংঘটিত সশস্ত্ৰ আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিতো পৰিছিল যাৰ ফলস্বৰূপে ১৯৮৪ চনৰ ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁক হত্যা কৰে। হত্যাকাৰী দেহৰক্ষী দুজন আছিল শিখ সম্প্ৰদায়ৰ সতৱন্ত সিং আৰু বিন্ট সিং। ইন্দিৰা গান্ধীৰ হত্যাৰ দ্বাৰা তেওঁলোকে স্বৰ্ণ মন্দিৰত চলোৱা অপাৰেচন ব্লুষ্টাৰৰ প্ৰতিশোধ ল’ব খুজিছিল। এই হত্যাকাণ্ডৰ পিছত পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰিছিল। প্ৰধানমন্ত্ৰীৰ হত্যাৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাজধানী দিল্লী আৰু উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত শিখ বিৰোধী হিংসাত্মক ঘটনা ঘটিবলৈ আৰম্ভ হয়। প্ৰায় এসপ্তাহ ধৰি সংঘটিত হোৱা এই কাৰ্যত কেৱল দিল্লীতেই প্ৰায় ২ হাজাৰতকৈ অধিক শিখলোকৰ হত্যা কৰা হয়। তাৰোপৰি কানপুৰ, বোকাৰ আদিতো ঠাইতো বহুসংখ্যক শিখলোকৰ মৃত্যু ঘটে। কিন্ত চৰকাৰে এই কাৰ্যৰ প্ৰতিৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা আৰু তৎপৰতা গ্ৰহণ কৰা দেখা নগ’ল। ২০০৫ চনত এই নৰসংহাৰৰ কাণ্ডৰ প্ৰতিবেদন দাখিল কৰে ন্যায়াধীশ নানাৱতী আয়োগে। তেওঁ কংগ্ৰেছ দলৰ বহু কেইজন প্ৰবল নেতাক জনসাধাৰণক উচতোৱাৰ বাবে দোষী সাব্যস্ত কৰে যদিও অধিকসংখ্যক দোষীয়ে শাস্তিৰ পৰা ৰক্ষা পৰে। ২০০৫ চনত প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে ঘটনাটোৰ ২০ বছৰৰ পিছত বিৰোধী হিংসাত্মক ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে। যি কি নহওঁক ১৯৮৪ চনৰ এই শিখ বিৰোধী হিংসাত্মক ঘটনাত বহু শিখ লোকে মৃত্যু বৰণ কৰে।


(ঞ) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ চাৰিটা আঞ্চলিক দলৰ নাম হ’লঃ অসম গণ পৰিষদ,  আকলি দল, ডি• এম• কে আৰু এ•আই• ডি• এম• কে।


১২। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উশ্থানৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উশ্থানৰ বহুতো কাৰণ আছে তলত সেইসমূহ আলোচনা কৰা হ’লঃ

(১ কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক ব্যৱহাৰ আৰু অৱহেলাঃ ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সকলো ৰাজ্যকে সমান দৃষ্টিৰে নাচায় বৈষম্যমূলক ব্যৱহাৰ কৰে। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অৱহেলিত ৰাজ্যবোৰে কেন্দ্ৰৰ প্ৰতি অসন্তষ্ট হৈ নিজৰ অধিকাৰ প্ৰাপ্তীৰ হকে আঞ্চলিকতাবাদ অৱলম্বন কৰি আঞ্চলিক দলৰ জন্ম দিয়ে। 

(২) ভাষাঃ ভাৰতত বিভিন্ন ভাষা-ভাষী লোকে বাস কৰে আৰু সকলোৱে নিজৰ ভাষাটোক সদায় জীয়াই ৰাখিব বিচাৰে । সেয়ে নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বহু সময়ত তেনে সম্প্ৰদায়সমূহে আঞ্চলিক ৰাজনৈতিক দলৰ গঠন কৰা পৰিলক্ষিত হয়। যেনে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাটোক ৰাষ্ট্ৰীয় ভাষা ৰূপে ঘোষণা কৰাত তাৰ বিৰোধিতা কৰি তামিলনাডু ৰাজ্যত ডি• এম• কে দলৰ সৃষ্টি হয়।

(৩) ধৰ্মঃ ধৰ্মৰ ভিত্তিতো ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হোৱা দেখা যায় যিহেতু ভাৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান। বিভিন্ন সময়ত বিভিন্ন ধৰ্মাৱলম্বী লোকে নিজ ধৰ্মৰ অস্তিত্ব ৰক্ষাৰ একে ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ আঞ্চলিক দলক গঢ় দি তোলে। 

(৪) সমস্যা সমাধানত পলমঃ কেন্দ্ৰীয় চৰকাৰক বহু সময়ত ৰাজ্যসমূহৰ আঞ্চলিক সমস্যা সমাধানত অৱহেলা, আওকাণ আৰু পলম কৰা দেখা যায় । যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি অসন্তষ্ট হৈ সেই অঞ্চলসমূহত আঞ্চলিক দল গঢ়লৈ উঠে। যেনে বিদেশী সমস্যা সমাধানত কেন্দ্ৰীয় চৰকাৰে কৰা”অৱহেলাৰ ফলস্বৰূপে অসমত অসম গণ পৰিষদৰ জন্ম হয়।

(৫) আঞ্চলিক বৈষম্যতাঃ ভাৰতৰ সকলো ৰাজ্য সমানভাৱে অৰ্থনৈতিকভাৱে শক্তিশালী নহয়। কিছুমান ৰাজ্য অৰ্থনৈতিকভাৱে অতি দুৰ্বল। ফলত পিছপৰা ৰাজ্যসমূহৰ নেতাসকলে অঞ্চলটোত আঞ্চলিকতাবাদী ভাৱধাৰাৰ সৃষ্টি কৰি তাৰ নেতৃত্বলৈ আঞ্চলিক দলৰ জন্ম দিয়ে।

(৬)ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দুৰ্বল স্থিতিঃ বহু সময়ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আভ্যন্তৰীণ বিশৃখংলতা বা দু্ৰ্বল অনুশাসন আদি বিভিন্ন কাৰণত দলসমূহত দুৰ্নীতি , বিভাজন আদিৰ সৃষ্টি হ’ব পাৰে যাৰ ফলত দলসমূহ দুৰ্বল হৈ পৰে আৰু ৰাজ্যসমূহৰ আশা-আকাংশাক প্ৰতিনিধিত্ব কৰাত বিফল হয়। তাৰ প্ৰতি অসন্তষ্ট আৰু আস্থাহীন হৈ বহু ৰাজ্যত লোকসকলে নিজৰ সমস্যা সমাধানৰ বাবে একত্ৰিত হৈ আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে। 

(৭) নেতাসকলৰ ৰাজনৈতিক উচ্চাকাংশাঃ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত বিশেষ স্থান নোপোৱা বা আশা কৰা মতে উচ্চপদ লাভ কৰিব নোৱাৰা কিছু সংখ্যক নেতাই নিজৰ উচ্চাকাংশা পূৰণৰ অৰ্থে নিজ ৰাজ্যত বা অঞ্চলত আঞ্চলিক দল গঠন কৰি চৰকাৰ গঠন কৰি ক্ষমতা দখলৰ চেষ্টা চলোৱা দেখা যায়। 

(৮) কেন্দ্ৰীয় নেতৃত্বৰ মনোযোগৰ অভাৱঃ ভাৰত এখন বিশাল আয়তনৰ জনবসতিপূৰ্ণ দেশ। সেয়ে কেন্দ্ৰীয় নেতৃত্বই সকলো অঞ্চলৰ সকলো সমস্যাৰ বিষয়ে অৱগত নহয় বা সমানে মনোযোগ দিব নোৱাৰে যাৰ ফলত ৰাজ্য বিশেষে অসন্তষ্টিৰ সৃষ্টি হৈ আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠে।

(৯) ভৌগোলিক দূৰত্ব বা বিচ্ছিন্নতাঃ ভৌগোলিক বিচ্ছিন্নতাৰ বাবেও বহু অঞ্চলত জনসাধাৰণে একত্ৰিত হৈ নিজৰ সমস্যা সমাধানৰ বাবে আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি কৰি তেওঁলোকৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আৰ্কষণৰ বাবে চেষ্টা চলায়।

  উক্ত ধৰণেৰে ভাৰতত বিভিন্ন কাৰণত আঞ্চলিক ৰাজনৈতিক দলৰ উশ্থান ঘটে।


(খ) ভাৰতত আঞ্চলিকতাবাদ বিকাশৰ কাৰণবোৰ কি কি?

উত্তৰঃ ভাৰতত আঞ্চলিকতাবাদ বিকাশৰ বহু কাৰণ আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) কেন্দ্ৰৰ অৱহেলামূলক আচৰণঃ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য সমূহক আৰু ইয়াৰ সমস্যাসমূহক কৰা অৱহেলামূলক আৰু গুৰুত্বহীন আচৰণৰ বাবে তেনে বহু অৱহেলিত ৰাজ্য বা অঞ্চলত আঞ্চলিকতাবাদৰ উশ্থান ঘটে।

(২) নিজ অস্তিত্বৰ ৰক্ষাঃ নিজ অঞ্চলৰ ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ ৰক্ষাৰ্থেও দেশৰ বিভিন্ন অঞ্চলত আঞ্চলিকতাবাদৰ বিকাশ যাৰ ফলত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হয়।

(৩) অৰ্থনৈতিক অনগ্ৰহৰতাঃ ভাৰতৰ সকলো অঞ্চল আৰু ৰাজ্য সমানে অৰ্থনৈতিক ভাৱে অগ্ৰহৰ নহয়। কিছু অঞ্চল অৰ্থনৈতিকভাৱে বহু পিছপৰা। তেনে অঞ্চলসমূহে অৰ্থনৈতিক উন্নয়ন আৰু সুযোগ সুবিধা লাভৰ বাবে কেন্দ্ৰৰ দৃষ্টি আৰু গুৰুত্ব লাভ কৰিবলৈ আঞ্চলিকতাবাদ গঢ়ি তোলে।

(৪) কৃন্দ্ৰৰ বৈষম্যমূলক ব্যৱহাৰঃ কেন্দ্ৰই সকলো ৰাজ্যকে সমানভাৱে ব্যৱহাৰ নকৰে,সুযোগ-সুবিধা আৰু সাহাৰ্য্য প্ৰদান নকৰে যাৰ ফলত ভুক্তভুগী ৰাজ্যসমূহত ইয়াৰ বিৰুদ্ধে আঞ্চলিকতাবাদ গঢ়ি উঠে।

(৫) নিজ অঞ্চলৰ সমস্যা সমাধানঃ কেন্দ্ৰৰ নেতৃত্বই সকলো ৰাজ্যৰ সকলো সমস্যাৰ বিষয়ে অৱগত নহয়  আৰু সেয়ে বহু অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান নহয়।তেনে অঞ্চলৰ জনগণে নিজ অঞ্চলৰ সমস্যা সমাধান কৰিবলৈ আৰু সেইসমূহ কেন্দ্ৰৰ সমুখত দাঙি ধৰিবলৈ আঞ্চলিকতাবাদক গঢ় দি তোলে।

(৬) নিজ অঞ্চলৰ উন্নয়নঃ ভাৰতৰ বহু অঞ্চল এতিয়াও অনুন্নত,দৰিদ্ৰ আৰু পিছপৰা। তেনে অঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়ন, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বাবে আৰু নিজ অঞ্চলক কেন্দ্ৰত প্ৰতিনিধিত্ব কৰিবৰ বাবে আঞ্চলিকতাৰবাদৰ জন্ম দিয়ে।

(৬) ৰাজ্যসমূহৰ সমস্যা সমাধানত কেন্দ্ৰৰ বিলম্বঃ ৰাজ্যসমূহে নিজ সমস্যাবোৰ কেন্দ্ৰত উপস্থাপন কৰিলেও সেই সমস্যাবোৰ সমাধানত কেন্দ্ৰই বহু বিলম্ব আৰু অৱহেলা কৰে আৰু বহু বছৰ পৰ্যন্ত সমস্যাবোৰ সমাধান নহয়। ফলত কেন্দ্ৰৰ প্ৰতি অসন্তষ্ট হৈ তেনে অঞ্চল সমূহত আঞ্চলিকতাবাদৰ জন্ম হয়।

      এনে বহু কাৰণতে ভাৰতত আঞ্চলিকতাবাদৰ জন্ম হয় আৰু বিকাশ হয়।


(গ) ভাৰতৰ বৰ্তমানৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাজনীতিত অতীতৰ দৰে বৰ্তমানো আঞ্চলিক ৰাজনৈতিক দলসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ভাৰতত বহু সংখ্যক আঞ্চলিক দলৰ উপস্থিতি আছে। যেনে- অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, তামিলনাডুৰ দ্ৰাবিড় মুনেত্ৰা কাজাগাম, অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টি আদি। এই আঞ্চলিক ৰাজনৈতিক দলসমূহে নিজ নিজ ৰাজ্যক বা অঞ্চলক প্ৰতিনিধিত্ব কৰে। কেন্দ্ৰত শাসনাধীস্থ ৰাজনৈতিক দলটোৰ ওপৰত বিৰোধী দলৰ স্থিতি লৈয়ো এই আঞ্চলিক দলসমূহে চুকা দৃষ্টি ৰাখে। শাসনাধীস্থ দলটোৰ কাম কাজ, আঁচনি, নীতি-নিয়ম আৰু ব্যৱস্থাৱলীৰ ওপৰত ই পৰ্যালোচনা কৰে চৰকাৰখনৰ দোষ-ত্ৰুটিবোৰ দেখুৱাই দিয়ে। ফলস্বৰূপে চৰকাৰে সেইসমূহ ভুল-ত্ৰুটি দূৰ কৰি চৰকাৰখন আৰু ইয়াৰ আঁচনি আৰু ব্যৱস্থাসমূহ সফল কৰি তুলিব পাৰে। তাৰোপৰি আঞ্চলিক দসমূহে শাসনাধীস্থ দলটোৰ কাৰ্যকালত দেশত সংঘটিত দুৰ্নীতি আৰু জনসাধাৰণৰ হিতবিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মাতে। তদুপৰি এই দলসমূহে সমূহে কেন্দ্ৰত মৰ্চা চৰকাৰৰ সৈতে শাসনব্যৱস্থাত অংশগ্ৰহণ কৰিও জনহিত বিৰোধী কাৰ্যত মাত মাতে আৰু জনসাধাৰণৰ কধিকাৰৰ হকে মাত মাতে। বৰ্তমানো আঞ্চলিক দলসমূহে এনেদৰে দেশৰ ৰাজনীতিত নিজৰ ভূমিকা পালন কৰি আছে। বৰ্তমান কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মৰ্চা চৰকাৰ আছে য’ত বহু আঞ্চলিক ৰাজনৈতিক দল সংযুক্ত হৈ আছে। এই দলসমূহে এনেদৰে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰি জনগণৰ কল্যাণৰ হকে নিজ অঞ্চলৰ উন্নয়নৰ বাবে মাত মাটি আহিছে। আঞ্চলিক দলসমূহে জনগণৰ অভাৱ, অভিযোগ আৰু প্ৰয়োজনীয়তা খিনি চৰকাৰৰ ওচৰত দাঙি ধৰি সেই সমূহ সমাধানত যথেষ্ট সহায় কৰে।আঞ্চলিক দলবোৰে যে শাসনাধীস্থ চৰকাৰখনক কেৱল সমালোচনা কৰে তেনে নহয়, তেওঁলোকে চৰকাৰখনৰ ভাল কাম-কাজসমূহৰ বাবে তেওঁলোকক প্ৰশংসা কৰি উচ্চাসিতও কৰে। শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলসমূহৰ স্থিতিয়ে গণতন্ত্ৰক সফল কৰি তোলাত সহায় কৰে।

       বহু আঞ্চলিক দলসমূহে চৰকাৰৰ বহু জনসাধাৰণৰ হিতৰ বিৰোধী কাৰ্য, নীতি ,আইন প্ৰণয়নত বাধা প্ৰদান কৰে। বিজেপী নেতৃত্বাধীন চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰিবলৈ লোৱা জনহিতকৰ বিৰোধী নাগৰিকত্ব সংশোধনী আইন, ত্ৰুটিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসম গণ পৰিষদকে আদি কৰি বহু আঞ্চলিকত ৰাজনৈতিক দলে বিৰোধীতা কৰে আৰু প্ৰতিবাদ কৰে। কাৰণ এই আইনে বহু অঞ্চললৈ বিপদ মাতি আনিব। আঞ্চলিক দলবোৰে দেশৰ সকলো অঞ্চলৰ জনগণক  নিজৰ অস্তিত্ব বজাই ৰাখি দেশৰ ৰাজনীতিৰ জ্ঞান প্ৰদান কৰি সজাগ কৰি তোলে আৰু শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰি নিজ নিজ অঞ্চলক সকলো দিশৰ পৰা শক্তিশালী কৰি আগুৱাই নিয়াত সহায় কৰে।

 এনেধৰণেৰে বৰ্তমান ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।


(ঘ) নেচনেল কনফাৰেন্সৰ আদৰ্শ আৰু নিৰ্বাচনী কৃতকাৰ্যতা আলোচনা কৰা।

উত্তৰঃ শ্বেখ আব্দুল্লাৰ  দ্বাৰা গঠিত জম্মু-কাশ্মীৰৰ নেচনেল কনফাৰেন্স দলৰ  মূল আদৰ্শ আছিল জম্মু-কাশ্মীৰত ভূমি সংস্কাৰ সাধন কৰা, সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ অনুসৰি ৰাজ্যখনৰ স্বায়ত্বশাসন নিশ্চিত কৰা আৰু তদুপৰি পৰৱৰ্তি সময়ত জম্মু-কাশ্মীৰৰ বাবে এখন পৃথক সংবিধানৰ গঠন কৰা। এই সমূহ উদ্দেশ্যৰে ১৯৩২ চনত নেচনেল কনফাৰেন্স দল গঠন হৈছিল।

         শ্বেখ আব্দুল্লাহ নেতৃত্বাধীন দলটোৱে কাশ্মীৰৰ জনগণৰ মাজত বহু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ১৯৪৮ চনৰ মাৰ্চত  নেচনেল কনফাৰেন্স দল কাশ্মীৰ নিৰ্বাচনত জয়ী হয় আৰু শ্বেখ আব্দুল্লাই জম্মু-কশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰি তেওঁ ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়নৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি আৰু কাৰ্যসূচী গ্ৰহণ কৰে। কিন্ত অতি সোনকালেই কেন্দ্ৰীয় চৰকাৰ আৰু শ্বেখ আব্দুল্লাৰ মাজত আব্দুল্লাৰ কাশ্মীৰৰ মৰ্যাদাৰ ক্ষেত্ৰত দৃষ্টিভংগী আৰু স্থিতিকলৈ মত বিৰোধৰ আৰম্ভ হয়। শেষত ১৯৫৩ চনত আব্দুল্লাক শাসনৰ পৰা অপসাৰণ কৰাৰ লগতে কাৰাবান্দী কৰা হয় আৰু ১৯৬৮ চনলৈ লৈকে তেওঁ কাৰাবন্দী হৈ থাকে। শ্বেখ আব্দুল্লাৰ ক্ৰমে দুৰ্বল হৈ পৰে আৰু জনপ্ৰিয়তা আৰু জনসাধাৰণৰ সমৰ্থন হেৰুৱাই। নেচনেল কনফাৰেন্সে কেন্দ্ৰৰ সহায় সমৰ্থনত কোনোমতেহে ৰাজ্য শাসন চলাই ৰাখে। ১৯৭৪ চনত আব্দুল্লা আৰু ইন্দিৰা গান্ধীৰ মাজত এক বুজাবুজি হয় যাৰ ভিত্তিত শ্বেখ আব্দুল্লাই পুনৰ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় আৰু পুনৰ নেচনেল কনফাৰেন্সক দলটোক তেওঁ জীয়াই তোলে। ১৯৭৭ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত পুনৰ দলটোৱে জয়ী হৈ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হয়। শ্বেখ আব্দুল্লাৰ মৃত্যুৰ পিছত ১৯৮২ চনত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয়। কিন্ত ১৯৮৪ চনত ৰাজ্যপাল জগমোহনৰ দ্বাৰা বিতৰ্কিতভাৱে তেওঁ অপসাৰিত হয় আৰু কেন্দ্ৰৰ হস্তক্ষেপত আব্দুল্লা চৰকাৰখন ভংগ হৈ যায়। কিন্ত পুনৰ ১৯৮৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে দলটোৱে নিৰ্বাচনী মিত্ৰতা গঠন কৰে আৰু উক্ত বছৰৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰতাই বিপুল হাৰত জয়ী হয়। ফলত ফাৰুক আব্দুল্লা পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। ১৯৯৬ চনত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নিৰ্বাচনতো দলটোৱে ফাৰুক আব্দুল্লাৰ নেতৃত্বত পুনৰ জম্মু আৰু কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্ৰতাৰ দাবীৰে জয় লাভ কৰি ক্ষমতালৈ আহে আৰু আব্দুল্লা পুনৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হয় । কিন্ত ২০০২ চনৰ বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স দল ক্ষমতাচ্যুত হয় আৰু মৰ্চা চৰকাৰ গঠন কৰে পিপলছ ডেমক্ৰেটিক পাৰ্টি আৰু কংগ্ৰেছে। এনেদৰে নেচনেল কনফাৰেন্স দলৰ জম্মু-কাশ্মীৰত শাসনৰ অন্ত পৰে।


(ঙ) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ সংবিধানৰ অধীনত ভাৰতৰ বিভিন্ন জনগোষ্ঠীক স্বায়ত্বশাসন বা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ক্ষমতা প্ৰদান কৰা প্ৰদান কৰা হৈছে যদিও কিছু ৰাজ্যত কিছুসংখ্যক জনগোষ্ঠীয়ে বা লোকে অধিক স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ দাবী উশ্থাপন কৰিছে। ভাৰতৰ উত্তৰ-পূব অঞ্চলটো এনে দাবীৰ উশ্থাপন হয় বিশেষকৈ নাগালেণ্ড, মিজোৰাম আৰু অসমত। 

        উত্তৰপূৰ্বাঞ্চলত পোন প্ৰথমে স্বতন্ত্ৰতাৰ দাবী কৰে নাগালেণ্ড ৰাজ্যই। ১৯২৯ চনত গঠন হোৱা নগা ক্লাবে প্ৰথম এই দাবী উশ্থাপন কৰিছিল যি পৰৱৰ্তি সময়ত ১৯৪৬ চনত নগা নেচনেল কাউন্সিল (NNC) নামেৰে ৰাজনৈতিক সংগঠনত পৰিণত হয়। এই সংগঠনৰ প্ৰথম সভাপতি সভাপতি ইমটি আলিবা আওৰ নেতৃত্বত ১৯৪৬ চনৰ ১৯ জুনত কেবিনেট মিছনৰ ওচৰত নগা পাহাৰৰ স্বায়ত্বশাসন বা স্বতন্ত্ৰতাৰ দাবী জনাই স্মাৰক পত্ৰ দাখিল কৰা হয়। ১৯৫০ চনত NNC এ নগা স্বাধীনতা বিষয়টোৰ ওপৰত এক গণভোটৰ আয়োজন কৰে য’ত ৯৯ শতাংশ নগা জনসাধাৰণে স্বাধীন নগা ৰাষ্ট্ৰ এখনৰ সপক্ষে ভোটদান কৰে। জাপু ফিজোৰ নেতৃত্বত ১৯৫১ চনত এক বৃহৎ সংখ্যক নগা লোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী কৰে আৰু ১৯৫৬ চনত ফিজোৱে নগাসকলৰ বাবে এখন নিজা সংবিধান আৰু সেনাৰ চৰকাৰৰ গঠনৰ ঘোষণা কৰে আৰু শেষত নগা নেচনেল কাউন্সিলে ফিজোৰ নেতৃত্বত নগাসকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ আন্দোলনৰ আৰম্ভ কৰে। অৱশেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰ আৰু নগা নেচনেল কাউন্সিল যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত নগা সমস্যাৰ স্থায়ী সমাধানৰ হকে ‘শ্বিলং চুক্তি’ সম্পাদন হয় কিন্ত এই চুক্তিৰ প্ৰতি সংগঠনটোৰ বহু নেতাই অসন্তষ্টি ব্যক্ত কৰে আৰু ইয়াক বিশ্বাসঘাটকতা আখ্যা দি অস্বীকাৰ কৰে। ১৯৮০ চনত নেচনেল ছ’চিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড (NSCN) ৰ জন্ম হয় আৰু ১৯৮৮ চনত সংগঠনটোৰ বিভাজন ঘটি NSCN (IM) আৰু NSCN (K) নামে দুটা ভাগত পৰিণত হয়।  NSCN(K) ভাগটোৱে বৃতত্তৰ নাগালিমৰ দাবীত জনাই সংশস্ত্ৰ সংগ্ৰাম চলাই আছে।

    ঠিক তেনেদৰে মিজোৰামতো নাগালেণ্ডৰ দৰে স্বতন্ত্ৰতাৰ দাবী উশ্থাপন হোৱা পৰিলক্ষিত হয়। ১৯৫৯ চনত হোৱা মিজোৰাম দুৰ্ভিক্ষ ‘মৈটম’ অসম চৰকাৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ৰূপে বিফল হোৱাত তাৰ ফলস্বৰূপে পু লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফেমাইন ফ্ৰন্ট (MNF) গঠন হয়। MNF এ ‘মিজোৰাম মিজোসকলৰ বাবে’ শ্ল’গানেৰে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ আন্দোলনৰ সূচনা কৰে আৰু প্ৰায় দুই দশক ধৰি সংগ্ৰামী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্ৰ সংঘাত চলি থাকে। শেষত ১৯৮৬ চনৰ ৩০ জুনত MNF ৰ আত্মগোপনকাৰী চৰকাৰৰ লালডেংগা আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মাজত মিজোৰাম শান্তি চুক্তি সম্পাদন হয় যি চুক্তি মৰ্মে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে মিজোৰামে এখন সুকীয়া ৰাজ্যৰ সন্মান লাভ কৰে।

    নাগালেণ্ড আৰু মিজোৰামৰ দৰে অসমতো স্বতন্ত্ৰতাৰ দাবী উশ্থাপিত হোৱা পৰিলক্ষিত হয়।১৯৭৯ চনত জন্ম গ্ৰহণ কৰা সশস্ত্ৰ সংগ্ৰামী দল সংযুক্ত মুক্তি বাহিনী, অসম (ULFA) ই এই দাবীৰ উশ্থাপন কৰে। আলফাই কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে সশস্ত্ৰ আন্দোলন চলাই স্বাধীন অসমৰ দাবী জনায়। সংগঠনটোৱে অসমক কেতিয়াও ভাৰতৰ অংগ বুলি ভৱা নাছিল আৰু সেয়ে ৰাজ্যখনৰ বাবে স্বতন্ত্ৰতাৰ দাবী জনাইছিল আৰু বহু কূটাঘাট মূলক কাৰ্য-কলাপ কৰিছিল। সম্প্ৰতি আলফাই চৰকাৰৰ সৈতে শান্তিৰ মাধ্যমেৰে আলোচনা মজিয়ালৈ আহিছে যদিও বিতৰ্কিতভাৱেহে এই শান্তি প্ৰক্ৰিয়া চলি আছে।

      এনেদৰে ভাৰতৰ উত্তৰ-পূব অঞ্চলটোত বিভিন্ন ৰাজ্যত স্বতন্ত্ৰতাৰ দাবী উশ্থাপিত হোৱা পৰিলক্ষিত হয়। 


(চ) উত্তৰ-পূব ভাৰতত আঞ্চলিক আন্দোলনৰ আলোচনা কৰা। এই অঞ্চলটোৰ এনে আন্দোলনৰ জন্ম হোৱাৰ কাৰণসমূহ কি? 

উত্তৰঃ ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে ইয়াৰ উত্তৰ-পূৰ্বাঞ্চলটো সময় সাপেক্ষে আঞ্চলিক আন্দোলনৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক আন্দোলন বুলিলে মুখ্যতে অসমৰ বিদেশী বিতাড়ন আন্দোলন বা অসম আন্দোলনৰ কথাই মনলৈ আহে। অসমৰ আঞ্চলিকতাবাদী আন্দোলনৰ ফলস্বৰূপে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হয় ১৯৮৫ চনত।এই দল অসম আন্দোনৰ নামে আঞ্চলিক আন্দোলনৰ ফল । স্বাধীনতাৰ পিছৰ পৰা অসমলৈ বৃহৎ হাৰত বাংলাদেশ আৰু নেপালৰ পৰা প্ৰব্ৰজনৰ সৃষ্টি হয়। এইদৰে অসমত মুখ্যতে বাংলাদেশী বহিৰাগতৰ অনুপ্ৰৱেশ বাবে অসমৰ অস্তিত্ব আৰু অসমীয়াৰ ভৱিষৎ বিপদাপন্ন হোৱাৰ আশঙ্কা কৰি সদৌ অসম ছাত্ৰ সন্থা নামৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত আঞ্চলিক আন্দোলন বিদেশী চিনাক্তকৰণ আৰু বিতাড়ন আন্দোলন আৰম্ভ হয় ১৯৭৯ চনত। সুদীৰ্ঘ ৬ বছৰ ধৰি এই আন্দোলন চলি থকাৰ পিছত ১৯৮৫ চনৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰ আৰু আছুৰ মাজত ‘অসম চুক্তি’ স্বাক্ষৰিত হয় আৰু আঞ্চলিক আন্দোলনটোৰ সমাপ্তি ঘটে । তাৰ পিছত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় য’ত আছুৰ কিছু সংখ্যক আন্দোলনকাৰী নেতা আৰু আছুৰ বাহিৰৰ কিছু সংখ্যক লোক সন্মিলিত হৈ আঞ্চলিক দল অসম গণ পৰিষদৰ গঠন কৰে আৰু নিৰ্বাচনত জয়ী হৈ অসমত চৰকাৰ গঠন কৰে।

  অসমত এনে আন্দোলন জন্মৰ অন্তৰালত বহুতো কাৰণ আছে । সেইসমূহ হ’লঃ

(১) নিজ অস্তিত্ব ৰক্ষাঃ স্বাধীনতাৰ পিছত অসমলৈ বিদেশী বিশেষকৈ বাংলাদেশী সকলৰ ভয়ানক প্ৰব্ৰজনে অসমলৈ আৰু অসমীয়াৰ জীৱন আৰু ভৱিষৎতলৈ সংকট নমাই আনিছিল যাৰ ফলত অসমত বিদেশী বিতাড়ন নামৰ আঞ্চলিক আন্দোলনৰ জন্ম হয়।

(২) ত্ৰুটিপূৰ্ণ ভোটাৰ তালিকাঃ অসমৰ ভোটাৰ তালিকতাত বৃহৎ সংখ্যক অবৈধ প্ৰব্ৰজনকাৰী নাম অন্তৰ্ভুক্ত আছিল। তেওঁলোকক চিনাক্ত কৰি ১৯৫১ চনৰ পিছত অহা বিদেশীকে অসম ত্যাগৰ আদেশ দি ভোটাৰ তালিকা শুদ্ধভাৱে প্ৰস্তত কৰাৰ বাবেও তেওঁলোকে আন্দোলন কৰিছিল।

(৩) কেন্দ্ৰীয় চৰকাৰৰ সমস্যাটোৰ সমাধানত অৱহেলাঃ অসমৰ বিদেশীৰ সমস্যাতো অৰ্থাৎ অবৈধ প্ৰব্ৰজনকাৰী বিদেশী সকলক চিনাক্ত কৰি বিতাড়ন কৰাত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট অৱহেলা প্ৰদৰ্শন কৰিছিল যাৰ ফলস্বৰূপে আন্দোলনটো গঢ়ি উঠিছিল।

(৪) অৰ্থনৈতিক অনগ্ৰসৰতাঃ বিদেশী বিতাড়ন আন্দোলনটোৰ সৈতে এক অৰ্থনৈতিক কাৰণো জড়িত হৈ আছিল। অসমত তেল, চাহ আৰু কয়লাৰ প্ৰচুৰ ভাণ্ডাৰ থকাৰ পিছতোতঅসমত বৃহৎ হাৰত দৰিদ্ৰতা আৰু নিবনুৱা আছিল। আন্দোলনৰ নেতৃত্বৰ মতে কেন্দ্ৰীয় চৰকাৰে এই সকলো সম্পদ শোষণ কৰি লৈ তাৰ বিনিময়ত অসমক একো দিয়া নাই । ইয়াৰ বিৰুদ্ধেও আন্দোলনকাৰীসকলে আন্দোলন কৰে।

     উক্ত ধৰণেৰে বহু কাৰণত অসমত বিদেশী বিতাড়ন আঞ্চলিক আন্দোলনৰ জন্ম হয়।


(ছ) কাশ্মীৰ সমস্যা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা।

উত্তৰঃ জম্মু-কাশ্মীৰ অঞ্চলটো ভাৰতৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চল। ভাৰতৰ স্বাধীনতা আৰু বিভাজন কালৰ পৰাই অঞ্চলটোৰ ভাগ-বিতৰণক লৈ ভাৰত  আৰু পাকিস্তান দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ চলি আহিছে যাক ‘কাশ্মীৰ সমস্যা’ হিচাপে জনা যায়। এই সমস্যাটোক লৈ দুই ৰাজ্যৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। ১৯৪৭ চনত ভাৰতৰ বিভাজনৰ সময়ত জম্মু-কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল আৰু ৰাজ্যখনৰ অধিক সংখ্যক লোক আছিল মুছলিম সম্প্ৰদায়ৰ আনহাতে ৰজা আছিল হিন্দু ৰজা হৰি সিং। স্বাধীনতাৰ সময়ত ৰজাই ভাৰত বা পাকিস্তান কোনো এখন দেশৰে নহৈ জম্মু আৰু কাশ্মীৰক স্বতন্ত্ৰভাৱে ৰখাৰ পোষকতা কৰিছিল। কিন্ত পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বই ৰাজ্যখনৰ কধিকাংশ লোক মুছলমান ধৰ্মাৱৰম্বী হোৱাৰ বাবে পাকিস্তানৰ সৈতে চামিল হোৱাৰ দাবী জনাইছিল,  কিন্ত শেষত ৰজা ইচ্ছামতে জম্মু আৰু কাশ্মীৰক স্বতন্ত্ৰভাৱে ৰখা হয়। পাকিস্তানে এই কথা মানি নলৈ ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰ অধিকাৰ কৰাৰ লক্ষ্যৰে মৰণাস্ত্ৰৰে সু-সজ্জিত হৈ জনজাতীয় লোকৰ দ্বাৰা অঞ্চলটোত প্ৰৱেশ কৰি দখল কৰে। এই আক্ৰমণত ভীতিগ্ৰস্ত হৈ ৰজাই ব্ৰিটিছ শাসনধীস্ত ভাৰতৰ পৰা সহায় বিচাৰে আৰু ভাৰতে এটা চৰ্তৰ বিনিময়তহে হৰি সিঙক সহায় কৰিবলৈ মান্তি হয়। দুয়ো পক্ষৰে মাজত চামিলকৰণৰ চুক্তি স্বাক্ষৰিত হয় আৰু ভাৰতৰ সেনাবাহিনীয়ে জম্মু-কাশ্মীৰ অঞ্চলটোক জনজাতীয় আক্ৰমণৰ পৰা মুক্ত কৰে। এই চুক্তিৰ আধাৰতে জম্মু আৰু কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।

   কিন্ত পাকিস্তানে আজিলৈকে জম্মু-কাশ্মীৰ ভাৰতৰ সৈতে চামিল হোৱা কথাটো গ্ৰহণ কৰিব পৰা নাই আৰু সেয়ে এই অঞ্চলটোক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত এতিয়াও উদ্বিগ্নতা বিৰাজমান। উল্লেখনীয় যে ১৯৪৭ চনৰ জনজাতীয় আক্ৰমণৰ ফলত জম্মু আৰু কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ অধিনত থাকি যায়  যাক ‘আজাদ কাশ্মীৰ’ নামেৰে জনা যায়। ভাৰতে পাকিস্তানৰ এই কাৰ্য সম্পূ্ৰ্ণৰূপে বে-আইনী বুলি অভিহিত কৰে। সেয়ে দুই পক্ষৰ মাজত এতিয়াও মাজে মাজে সংঘাত তথা সশস্ত্ৰ সংঘৰ্ষ উদ্ভৱ হোৱা পৰিলক্ষিত হয়। কাশ্মীৰ সমস্যা ভাৰতৰ এক জলন্ত সমস্যা হিচাপে অভিহিত হৈ আহিছে।


(জ) উত্তৰ পূব ভাৰতৰ বিছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী, জনগোষ্ঠীৰ লোক বসবাস কৰে আৰু ভাৰতীয় সংবিধানে এই জনগোষ্ঠী সকলক স্বায়ত্তশাসন বা আত্মনিয়ন্ত্ৰৰ অধিকাৰ প্ৰদান কৰিছে। কিন্ত কিছু জনগোষ্ঠী এই ব্যৱস্থাক লৈ সন্তষ্ট নহয় আৰু  ইয়াৰ উৰ্ধত গৈ বিচ্ছিন্নতাবাদী আন্দোলনৰ জন্ম দি স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ দাবীত সশস্ত্ৰ পন্থা অৱলম্বন কৰিছে।ভাৰতৰ উত্তৰ-পূব অঞ্চলটো বেশেষকৈ নাগালেণ্ড, মিজোৰাম আৰু অসমত দেশৰ স্বাধীনতাৰ কালৰ পৰাই এনে বিচ্ছিন্নতাবাদী আন্দোলন বিৰাজমান।

     উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমে বিচ্ছিন্নতাবাদী আনোলনৰ আৰম্ভ কৰে নাগালেণ্ডত নগা জনগোষ্ঠীয়ে। ১৯২৯ চনত নগালেণ্ডত নগা ক্লাব গঠন হয় যি ১৯৪৬ চনত যি নগা নেচনেল কাউন্সিল নামেৰে ৰাজনৈতিক সংগঠনত পৰিণত হয়। ১৯৪৬ চনৰ ১৯ জুনত কেবিনেট মিছনৰ ওচৰত নগা পাহাৰৰ স্বতন্ত্ৰতাৰ দাবী জনাই নগা নেচনেল কাউন্সিলে স্মাৰকপত্ৰ দাখিল কৰে। ১৯৫০ চনত এই সংগঠনে নগাসকলৰ স্বাধীনতাৰ বিষয়টোৰ ওপৰত এক গণভোট সম্পাদিত কৰে য’ত ৯৯ শতাংশ নগা জনগণে স্বাধীন নগা ৰাষ্ট্ৰ এখনৰ সপক্ষে ভোট প্ৰদান কৰে। ১৯৫১ চনত জাপু ফিজোৰ নেতৃত্বত বহু সংখ্যক নগালোকে ভাৰতৰ পৰা স্বাধীনতাৰ দাবী জনায়। ১৯৫৬ চনত ফিজুৱে নগাসকলৰ এখন নিজস্ব সংবিধান আৰু সেনাৰ চৰকাৰ গঠনৰ ঘোষণা কৰে। NNC এ ফিজুৰ নেতৃত্বত নগালোকৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ আন্দোলনৰ আৰম্ভ কৰে। শেষত ১৯৭৫ চনৰ ১১ নৱেম্বৰত ভাৰত চৰকাৰ আৰু নগা নেচনেল কাউন্সিল যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত নগা সমস্যাৰ স্থায়ী সমাধানৰ বাবে ‘শ্বিলং চুক্তি’ সম্পাদন হয়। কিন্ত এই চুক্তিত অসন্তষ্ট হৈ কেইবাগৰাকী NNC ৰ নেতাই ১৯৮০ চনত নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ নামে সশস্ত্ৰ সংগঠনটোৰ গঠন কৰে। কিন্ত ১৯৮৮ চনত সংগঠনটো বিভাজিত হৈ NSCN (IM) আৰু NSCN (K) নামে দুটা গোটত বিভাজিত হৈ পৰে। NSCN (K) ভাগটোৱে বৃহত্তৰ নাগালিমৰ দাবীত শসস্ত্ৰ সংগ্ৰাম চলাই আছে।

        ঠিক তেনেদৰে উত্তৰ-পূবৰ আন এক ৰাজ্য মিজোৰামতো বিচ্ছিন্নতাবাদী আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়। স্বাধীনতাৰ সময়ত মিজোৰাম অসমৰে অংগ আছিল। ১৯৫৯ চনত মিজোৰামত মৈটম নামৰ দুৰ্ভিক্ষৰ সৈতে মোকাবিলা কৰাত অসম চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱাত তাৰ ফলস্বৰূপে পু লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফেমাইন ফ্ৰন্টৰ গঠন হয়। ১৯৬২ চনত এই সংগঠনক পুনৰ মিজো নেচনেল ফ্ৰন্ট কৰা হয় আৰু এই সংগঠনে ‘মিজোৰাম মিজোসকলৰ বাবে’ শ্ল’গানেৰে মিজোৰামৰ স্বাধীনতাৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ সূচনা কৰে। প্ৰায় ২ দশক জুৰি মিজো বিদ্ৰোহী আৰু ভাৰতৰ সেনাবাহিনীৰ মাজত সংঘাত চলে। শেষত মিজো আত্মগোপনকাৰী চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ১৯৮৬ চনৰ ৩০ জুন তাৰিখে সম্পাদিত চুক্তি অনুসৰি ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী ত মিজোৰামে এক সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে। 

      উত্তৰ-পূবৰ অসমতো একেদৰে বিচ্ছিন্নতাবাদী আন্দোলন উদ্ভৱ হোৱা পৰিলক্ষিত হয়। অসমত ১৯৭০ ৰ দশকৰ শেষৰফালে এই আন্দোলন আৰম্ভ হয়। ১৯৭৯ চনৰ ৭ এপ্ৰিলত সংযুক্ত মুক্তি বাহিনী,অসম (ULFA) নামে এক সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ অসমত জন্ম হয়। এই সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰোধিতাৰে সশস্ত্ৰ আন্দোলন চলাই স্বাধীন অসমৰ প্ৰতিষ্ঠাৰ হকে দাবী জনাই। এই সংগ্ৰামী সংগঠনটোৱে বহু হিংসাত্মক কাৰ্যাৱলীয়ো সংঘটিত কৰে। উল্লেখনীয় যে সংগঠনটোৱে নিজকে কেতিয়াও বিচ্ছিন্নতাবাদী আন্দোলন বুলি অভিহিত কৰা নাই কাৰণ তেওঁলোকে অসমক কেতিয়াও ভাৰতৰ অংগ বুলি ভবা নাছিল। সম্প্ৰতি সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে ধৰি বহু সংখ্যক নেতাই আলোচনাৰ মাধ্যমলৈ আহিছে আৰু বিতৰ্কিতভাৱে সংগঠনটোৰ সৈতে এক শান্তি প্ৰক্ৰিয়া চলি আছে। বৰ্তমান সংগঠনটোৰ সামৰিক প্ৰধান পৰেশ বৰুৱাই সংগঠনটোক সংযুক্ত বিহিনীৰূপে নতুনকৈ নামাকৰণ কৰিছে।

     উত্তৰ-পূব ভাৰতৰ বহু ৰাজ্যত এনেদৰে বিচ্ছিন্নতাবাদী আন্দোলনৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়।


Nikita Chetia

(M.A in Political science)


Paid E-Notes Available

Only 50 Rupees (Get All Chapter Notes)


----- STEP - 1 -----

Pay Now

----- STEP - 2 -----

Apply Now


   Product Code: DAM000042