অধ্যায় ৬

সাংবিধানিক শৃংখলাৰ সংকট


Edit This Post


প্ৰশ্নমালাঃ

১। জৰুৰী অৱস্থা সম্পৰ্কে তলত দিয়া বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ইন্দিৰা গান্ধীয়ে ইয়াক ১৯৭৫ চনত ঘোষণা কৰিছিল।

উত্তৰঃ  শুদ্ধ।


(খ) ই জনসাধাৰণক মৌলিক অধিকাৰৰ পৰা বঞ্চিত ৰাখিছিল।

উত্তৰঃ শুদ্ধ।


(গ) ইয়াক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ঘোষণা কৰা হৈছিল। 

উত্তৰঃ  অশুদ্ধ।


(ঘ) জৰুৰীকালীন সময়ত বহুতো বিৰোধী নেতাক আটক কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।


(ঙ) চি•পি• আই•  দলে জৰুৰী অৱস্থাক সমৰ্থন কৰিছিল।

উত্তৰঃ অশুদ্ধ।


২। জৰুৰীকালীন ঘোষণা সম্পৰ্কে থকা বিযুৰীয়া বাক্যটো বাছি উলিওৱাঃ

(ক) সৰ্বাত্মক বিপ্লৱৰ আহ্বান       

(খ) ১৯৭৫ চনৰ ৰেল কৰ্মীৰ ধৰ্মঘট।

(গ) নক্সালবাদী আন্দোলন    

(ঘ)  এলাহাবাদৰ উচ্চ ন্যায়ালয়ৰ ৰায়

(ঙ) শ্বাহ আয়োগৰ প্ৰতিবেদন।

উত্তৰঃ (গ) নক্সালবাদী আন্দোলন।


৩। তলত দিয়াবোৰ মিলোৱাঃ

(ক) সৰ্বাত্মক বিপ্লৱ      (i) ইন্দিৰা গান্ধী

(খ) গৰীবী হটাও            (ii) জয়প্ৰকাশ নাৰায়ণ

(গ) ছাত্ৰ আন্দোলন      (iii) বিহাৰ আন্দোলন

(ঘ) ৰেল কৰ্মী ধৰ্মঘট    (iv)  জৰ্জ ফাৰ্ণাণ্ডেজ

উত্তৰঃ 

(ক) সৰ্বাত্মক বিপ্লৱ = (ii) জয়প্ৰকাশ নাৰায়ণ 

(খ) গৰীবী হটাও =  (i) ইন্দিৰা গান্ধী

(গ) ছাত্ৰ আন্দোলন = (iii) বিহাৰ আন্দোলন

(ঘ) ৰেল কৰ্মী  ধৰ্মঘট= (iv) জৰ্জ ফাৰ্ণাণ্ডেজ


৪। ১৯৮০ চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণবোৰ কি কি আছিল?

উত্তৰঃ ১৯৮০ চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণ সমূহ আছিলঃ 

(ক) ১৯৭৭ চনত চৰকাৰ গঠন কৰা জনতা পাৰ্টিৰ মৰ্চা চৰকাৰখনত চামিল হোৱা দলসমূহে পৰস্পৰ লগত মিলি যাব পৰা নাছিল আৰু মৰ্চাৰ নীতিক পালন কৰাৰ পৰিৱৰ্তে  নিজৰ মতে কাম কৰি গৈছিল। ফলত মৰ্চা চৰকাৰখনত  দলীয় সংহতিৰ অভিৱত আভ্যন্তৰীণ বিভাজন আহি পৰিছিল আৰু চৰকাৰখন ভংগ হৈ গৈছিল।

(খ) তাৰোপৰি জনতা পাৰ্টিৰ দিশ, নেতৃত্ব আৰু উমৈহতীয়া কাৰ্যসূচীৰ অভাৱ আছিল যাৰ ফলত চৰকাৰখন ভাঙি গৈছিল।

(গ) ইয়াৰোপৰি জনতা চৰকাৰখনে ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ নীতি আৰু আঁচনিসমূহৰ কোনো বিশেষ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হোৱা নাছিল।

(ঘ) শেষত চৰকাৰ গঠনৰ ১৮ মাহৰ পিছতেই জনতা পাৰ্টিৰ মৰ্চাত আভ্যন্তৰীণ বিভাজন আহি পৰে আৰু মোৰাৰজী দেশাইৰ নেতৃত্বাধীন এই চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাই। ইয়াৰ পিছত কংগ্ৰেছৰ সমৰ্থনত চৌধাৰী চৰণ সিঙৰ নেতৃত্বত এখন চৰকাৰ গঠিত হয় কিন্ত কংগ্ৰেছ দলে পিছত সমৰ্থন উঠাই লোৱা বাবে এই চৰকাৰখনো মাত্ৰ ৪ মাহ দিনহে শাসনত তিষ্ঠি থাকে।

     অৱশেষত এই কাৰণসমূহৰ বাবে দেশত ১৯৮০ চনত পুনৰ মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয়।


৫। ১৯৭৭ চনত জনতা দল চৰকাৰে শ্বাহ আয়ােগক কিয় নিযুক্তি দিছিল ? ইয়াৰ বাছনি কি কি আছিল ?

উত্তৰঃ ১৯৭৭ চনত জনতা দল চৰকাৰে শ্বাহ আয়োগক জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত অভিযোগসমূহ তদন্ত আৰু প্ৰমাণ কৰিবলৈ শ্বাস আয়োগক নিযুক্তি দিছিল। ইয়াৰ বাছনি আছিলসমূহ আছিলঃ

(১) কেনেদৰে সংবাদ মাধ্যমৰ বাক স্বাধীনতাত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল,

(২) জৰুৰী অৱস্থাৰ সময়ত টোৰ্কমান গেটত নিজৰ গৃহ ধ্বংস কৰা এজাক লোকৰ ওপৰত আৰক্ষীসকলে কৰা আক্ৰমণ আৰু সঞ্জয় গান্ধীৰ কি ভূমিকা  আছিল ।

(৩) জৰুৰী অৱস্থা ঘোষণাৰ ক্ষেত্ৰত যে অৰ্থনৈতিক সংকট আৰু দেশৰ নীতি নিয়মৰ সংকটত যে কোনো ধৰণৰ কাৰণ নহয় ই যে ইন্দিৰা গান্ধীৰ সৃষ্টি তাৰ প্ৰমাণ আয়োগে দাঙি ধৰিলে।

 এনেদৰে বহু বিষয় শ্বাস আয়োগে উক্ত ধৰণেৰে বহু বিষয়  বিচাৰি পাইছিল ।


৬। ১৯৭৫ চনত চৰকাৰে কি কাৰণত জাতীয় জৰুৰী অৱস্থা ঘােষণা কৰিছিল ? 

উত্তৰঃ ১৯৭৫ চনত চৰকাৰে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ কাৰণসমূহ হ’লঃ

(ক) দেশত চলি থকা আভ্যন্তৰীণ অশান্তি,

(খ) অৰ্থনৈতিক সংকট,

(গ) কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ সংঘাত,

(ঘ) আভ্যন্তৰীণ অশান্তিৰ ফলত ভাৰতৰ নিৰাপত্তালৈ অহা ভাবুকি।

এই সমৃহ কাৰণৰ বাবে ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰিছিল।


৭। ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰত পােন প্ৰথমবাৰৰ বাবে বিৰােধীয়ে চৰকাৰ গঠন কৰে । ইয়াৰ কাৰণ তুমি কি বুলি ভাবা ?

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে বিৰোধীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বহুতো কাৰণ আছে। তলত সেইবোৰ উল্লেখ কৰা হ’লঃ 

(ক) কংগ্ৰেছৰ নেত্ৰী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেশত চলোৱা একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী শাসন কংগ্ৰেছৰ পতনৰ মূল কাৰণ যাৰ বাবে জনগণ কংগ্ৰেছ চৰকাৰৰ প্ৰতি অসন্তষ্ট হৈ পৰে । ফলত ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি বিৰোধী দলে জনগণৰ সমৰ্থনত কেন্দ্ৰত পোন প্ৰথম বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

(খ) ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি বিৰোধী দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ আন এক কাৰণ হ’ল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেশত ১৯৭৫ চনত ঘোষণা কৰা জৰুৰী অৱস্থা যাৰ পৰিপ্ৰেক্ষিতত দেশত ভয়াৱহ পৰিস্থিতি ৰ সৃষ্টি হৈছিল আৰু জনগণে নিজৰ জীৱনৰ অধিকাৰকে ধৰি সকলো হেৰুৱাই পেলাইছিল।

(৩) তদুপৰি জয় প্ৰকাশ নাৰায়ণকে ধৰি বহু জনপ্ৰিয় নেতাই একত্ৰিত হৈ শক্তিশালী ৰূপত জনগণৰ সমৰ্থনত ১৯৭৭ ঐক্যবদ্ধভাৱে নিৰ্বাচনত থিয় দিছিল আৰু সেই ঐক্যবদ্ধ শক্তিয়ে কংগ্ৰছৰ বিৰোধী জনতা দলক চৰকাৰ গঠন কৰাত সহায় কৰিছিল।

(৪) কংগ্ৰেছ দল%ত সৃষ্টি হোৱা আভ্যন্তৰীণ বিভাজনেও বিৰোধী দলক ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি চৰকাৰ গঠন কৰাত সহায় কৰিছিল।


৮। আমাৰ ৰাজনীতিত তলত দিয়া বিষয়সমুহৰ পৰিপ্ৰেক্ষিতত জৰুৰী  অৱস্থাৰ প্ৰভাৱ আলোচনা কৰা ।

( ক ) নাগৰিকৰ পৌৰ অধিকাৰৰ ওপৰত প্রভাৱ

উত্তৰঃ জৰুৰী অৱস্থাৰ ঘোষণাই নাগৰিকৰ পৌৰ অধিকাৰ বা মৌলিক অধিকাৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলাই। জৰুৰী কালীন অৱস্থাত জনগণৰ মৌলিক অধিকাৰ বাতিল হৈ যায়। চৰকাৰে নিজ ইচ্ছাৰে আৰু নিয়মেৰে জনগণক পৰিচালনে কৰে আৰু জনগণৰ জীৱনৰ অধিকাৰ তথা বাক স্বাধীনতা কাঢ়ি ল’ব পাৰে। ১৯৭৫ চনত ঘোষণা কৰা জৰুৰী অৱস্থাৰ ক্ষেত্ৰতো আমি ইয়াকে দেখিবলৈ পাওঁ।


( খ ) কার্যপালিকা আৰু ন্যায়পালিকাৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ । 

উত্তৰঃ জৰুৰী অৱস্থাৰ ফলত দেশত কাৰ্যপালিকা সৰ্বোচ্চ ক্ষমতাশালী হৈ পৰে আৰু সেয়ে কোনো ক্ষেত্ৰত ন্যায়পালিকাৰ কাৰ্যাৱলীতো হস্তক্ষেপ কৰিব পাৰে তথা ন্যায়পালিকাই প্ৰদান কৰা আদেশ আৰু পৰামৰ্শাৱলী ই নামানিবও পাৰে। ১৯৭৫ চনৰ জৰুৰী অৱস্থালৈ চালে আমি দেখা পাওঁ যে কাৰ্যপালিকাই আনকি ন্যায়পালিকাৰ ক্ষমতা হ্ৰাস কৰিছিল আৰু প্ৰতিবন্ধকতাও আৰোপ কৰিছিল।


(গ) গণমাধ্যমৰ কার্যাবলী ।

উত্তৰঃ জৰুৰী অৱস্থাৰ সময়ত দেশৰ গণ মাধ্যম অৰ্থাৎ সংবাদ মাধ্যমে নিজৰ স্বতন্ত্ৰতা আৰু অধিকাৰ হেৰুৱাই পেলাই যদিও ই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। ইয়াৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিব পাৰে আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ সমছোৱাতো ইয়াকে পৰিলক্ষিত হয়। বাতৰি প্ৰকাশৰ ক্ষেত্ৰত সংবাদ মাধ্যমে চৰকাৰৰ অনুমতি ল’ব লগা হৈছিল।


৯। জৰুৰী অৱস্থা ঘােষণাই ভাৰতীয় দলীয় ব্যবস্থাত কি ধৰণে প্ৰভাৱ পেলাইছিল ? উদাহৰণ দি আলোচনা কৰা ।

উত্তৰঃ জৰুৰী অৱস্থাৰ ঘোষণাই ভাৰতীয় দলীয় ব্যৱস্থাতো বহু প্ৰভাৱ পেলাইছিল তলত সেইবোৰ আলোচনা কৰা হ’লঃ

(ক) জৰুৰী অৱস্থাই ভাৰতত এক দলীয় একনায়কত্ববাদী শাসনৰ অন্ত পেলাইছিল অৰ্থাৎ স্বাধীনতাৰ পৰা চলি থকা কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত কৰিছিল।

(খ) জৰুৰী অৱস্থাৰ ফলতে ভাৰতত কংগ্ৰেছৰ শক্তিশালী বিকল্প জনতা পাৰ্টিৰ শক্তিশালী উশ্থান ঘটে।

(গ) জৰুৰী অৱস্থাৰ ফলতে শক্তিশালী দল কংগ্ৰেছত আভ্যন্তৰীণ বিভাজনৰ সৃষ্টি হয়।

(ঘ) জৰুৰী অৱস্থাৰ বাবেই কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে আৰু বিৰোধী দলৰ বিকাশ আৰম্ভ হয়।

(ঙ) জৰুৰী অৱস্থাৰ ফলতে বহু ৰাজনৈতিক দলৰ জন্ম হয় আৰু বহু ৰাজনৈতিক দল একত্ৰিত হৈ পোন প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰে।

 জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলত ভাৰতীয় দলীয় ব্যৱস্থাত এনে সমূহ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।


১০।  বস্তনিষ্ঠ প্ৰশ্নঃ

(ক) কোন বছৰত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল?

উত্তৰঃ  ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল।


(খ) ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা কালত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা কালত ভাৰতৰ ৰাষ্ট্ৰপতি  আছিল ফখৰুদ্দিন আলী আহমেদ। 


(গ) ভাৰতৰ প্ৰথম অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল মোৰাৰজী দেশাই।


(ঘ) ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?

উত্তৰঃ ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰাগান্ধী। 


(ঙ) ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেছ’ দলৰ নেতা কোন আছিল?

উত্তৰঃ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেজ’ দলৰ নেতা আছিল জগজীৱন ৰাম। 


(চ) কেতিয়া ‘বৃহৎ মিত্ৰতা’ গঠন কৰা হৈছিল?

উত্তৰঃ  ১৯৭৭ চনত ‘বৃহৎ মিত্ৰতা’ গঠন কৰা হৈছিল।


(ছ) চাৰু মজুমদাৰ কোন আছিল?

উত্তৰঃ চাৰু মজুমদাৰ পশ্চিমবংগৰ নক্সাল আন্দোলনৰ এজন নেতা আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ( মাৰ্ক্সবাদী-লেনিনবাদী) প্ৰতিষ্ঠাপক আছিল!


(জ) অ-কংগ্ৰেছী দলৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(i) চৰন সিং

(ii) অটল বিহাৰী বাজপেয়ী

(iii) চন্দ্ৰশেখৰ

(iv) মোৰাৰজী দেশাই

উত্তৰঃ ( iv)  মোৰাৰজী দেশাই।


(ঝ) আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা কোনটো দিনত ঘোষণা  কৰিছিলঃ

(i) ২৫ জুন ১৯৭৫ চনত

(ii) ২৫ ম’ ১৯৭৬ চনত

(iii) ২৫ জুন ১৯৭৬  চনত

(iv)  ২৫ জুন ১৯৭৭ চনত

উত্তৰঃ (i) ২৫ জুন ১৯৭৫ চনত।


(ঞ) ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ  বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা  ১৯৭৫ চনত ঘোষণা কৰা হৈছিল।


(ট) শুদ্ধ শব্দটো বাছি উলিওৱাঃ

১৯৭৭ চনৰ নিৰ্বাচনৰ পাছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী হয়। (মোৰাৰজী দেশাই / চৰণ সিং) 

উত্তৰঃ মোৰাৰজী দেশাই।


(ঠ) ‘সৰ্বাত্মক বিপ্লৱ’ কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ ‘সৰ্বাত্মক বিপ্লৱ’ জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰিছিল।


১১। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) সৰ্বাত্মক বিপ্লৱৰ আহ্বান মোৰাৰজী দেশায়ে দিছিল।

উত্তৰঃ অশুদ্ধ।


(খ) ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে গৰীবী হটাও ধ্বনি দিছিল।

উত্তৰঃ অশুদ্ধ।


(গ) চাৰু মজুমদাৰে কংগ্ৰেছে দল ত্যাগ কৰি জনসংঘ দল প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ অশুদ্ধ।


(ঘ) ১৯৭৫ চনৰ ২৫ জুনৰ ৰাতি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি গিয়ানী জাইল সিঙক লোকসভা ভংগ কৰাৰ পৰামৰ্শ দিছিল।

উত্তৰঃ অশুদ্ধ। 


১২। চমু প্ৰশ্নঃ

(ক) জৰুৰীকালীন অৱস্থা মানে কি বুজা?

উত্তৰঃ জৰুৰীকালীন সময় হ’ল চৰকাৰে দেশত প্ৰাকৃতিক দুৰ্যোগ, আভ্যন্তৰীণ বিশৃংখলতা, সশস্ত্ৰ আন্দোলন আদিৰ সময়ত প্ৰৱৰ্তন কৰা এনে এক পৰিস্থিতি য’ত দেশৰ সকলো দিশ অস্থিৰ হৈ পৰাৰ ফলত এককভাৱে কেন্দ্ৰ চৰকাৰে দেশৰ শাসন ব্যৱস্থা হাতত লৈ সৰ্বোচ্চ ক্ষমতাশালী আৰু শক্তিশালী হৈ পৰে আৰু কেন্দ্ৰই নিজে শাসনৰ বাবে জনগণৰ হকে নীতি নিয়ম প্ৰস্তুত কৰিব পাৰে যি সমূহ ক্ষমতা সাধাৰণতে সাধাৰণ পৰিস্থিতিত চৰকাৰে প্ৰয়োগ কৰিব নোৱাৰে। এই সময়ত চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ ফলত জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ আঘাট প্ৰাপ্ত হয় আৰু বহু সংবিধান বৰ্হিভূত কাৰ্যও সম্পাদন হ’ব পাৰে।


(খ) জৰুৰীকালীন অৱস্থাৰ দুটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ  জৰুৰীকলীন অৱস্থাৰ দুটা ফলাফল হ’লঃ

(১) জনসাধাৰণৰ মৌলিক অধিকাৰসমূহৰ বাতিল আৰু

(২) গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমসমূহৰ স্বাধীনতাত নিষেধাজ্ঞা জাৰি।


(গ) জয়প্ৰকাশ নাৰায়ণ কোন আছিল?

উত্তৰঃ জয়প্ৰকাশ নাৰায়ণ বিখ্যাত ‘সৰ্বাত্মক বিপ্লৱৰ’ জন্মদাতা আছিল।


(ঘ) ১৯৭৪ চনৰ ৰেলৰ ধৰ্মঘট কি?

উত্তৰঃ  ১৯৭৪ চনত ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকৰ বোনাচ আৰু কৰ্মস্থলীৰ উন্নতমানৰ পৰিৱেশৰ হকে আন্দোলন কৰে কিন্তু ভাৰত চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগৰ বাবে জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত ৰে’লপথ কৰ্মচাৰীৰ সংগ্ৰামৰ ৰাষ্ট্ৰীয় সমন্বয়মূলক সমিতিয়ে ১৯৭৪ চনৰ মে’ মাহত দেশজোৰা ধৰ্মঘটৰ ঘোষণা কৰে।


(ঙ) কোনজন প্ৰধানমন্ত্ৰীয়ে কেতিয়া আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰে।


(চ) কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল?

উত্তৰঃ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কুৰিদফীয়া আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনিৰ গ্ৰহণৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতত ভূমি সংস্কাৰ সাধন, ভূমি বিতৰণ, কৃষি মজুৰিৰ পুনৰ বিবেচনা, পৰিচালনা কাৰ্যৰ সৈতে শ্ৰমিকৰ অংশগ্ৰহণ, বন্ধা শ্ৰমিক ব্যৱস্থাৰ নিৰ্মূলকৰণ আদি। 


১৩। চমুটোকা লিখাঃ

(ক) ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত নিযুক্ত শ্বাহ আয়োগৰ পৰামৰ্শাৱলী দাঙি ধৰা।

উত্তৰঃ ৯৭৭ চনৰ মে’ মাঁহত নিযুক্ত শ্বাহ আয়োগৰ পৰামৰ্শাৱলী সমূহ আছিলঃ

(1) সকলো ব্যক্তিৰ বাবে গোপনীয়তাৰ অধিকাৰৰ ব্যৱস্থাঃ ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত নিযুক্ত শ্বাহ আয়োগে ভাৰতত নাগৰিকৰ ব্যক্তিগত বা গোপনীয়তাৰ অধিকাৰক এক সাংবিধানিকভাৱে প্ৰতিষ্ঠিত আৰু স্বীকৃত গ অধিকাৰ হিচাপে প্ৰদান কৰিব লাগে বুলি চৰকাৰক পৰামৰ্শ আগবঢ়ায় যিহেতু ১৯৭৫ চনৰ দেশৰ জৰুৰী অৱস্থাৰ বাবে ব্যক্তিৰ গোপনীয়তা বা ব্যক্তিগত অধিকাৰৰ লগতে কোনো অধিকাৰে জীয়াই থকা নাছিল। তদুপৰি তেওঁ কয় যে ব্যক্তিৰ এই অধিকাৰ যিকোনো পৰিস্থিতে বৰ্তি থাকিব।

(2) ব্যক্তিগত তথ্যঃ শ্বাস আয়োগে ব্যক্তিগত তথ্যৰ বিষয়ে বিশেষ বিস্তৃত ভাৱে কোনো ব্যখ্যা প্ৰদান কৰা নাই যদিও তেওঁ এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে যে এটা একে তথ্য কোনো এজন তথ্য নিয়ন্ত্ৰকৰ হাতত ব্যক্তিগত তথ্য হিচাপে থাকিব আৰু আন এজন তথ্য নিয়ন্ত্ৰকৰ হাতত কাৰ্যাত্মকভাৱে বেনামী হৈ থাকিব য’ত ব্যক্তিৰ নাম উল্লেখ নাথাকিব।

(3) গোপনীয়তা নীতিৰ প্ৰযোজ্যতাঃ  শ্বাস কমিটিয়ে আন এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই যে গোপনীয়তাৰ নীতিয়ে কেৱল ভাৰতত প্ৰচলিত ব্যক্তিগত তথ্যক নিয়ন্ত্ৰণ কৰাই নহয়, তাৰোপৰি ভাৰতত উৎপত্তি হোৱা আৰু পৰৱৰ্তি সময়ত দেশৰ বাহিৰলৈ  স্থানান্তৰ কৰা ব্যক্তিগত তথ্যসমূহকো ই নিয়ন্ত্ৰণ কৰিব লাগিব।

(4) ৰাষ্ট্ৰীয় গোপনীয়তাৰ নীতিসমূহঃ শ্বাস কমিটিয়ে আগবঢ়োৱা আন এক পৰামৰ্শ হ’ল যে গোপনীয়তা আইনে গোপনীয়তাৰ লগত জড়িত সকলো সাংবিধানিক নীতি-নিয়ম সংযোগ কৰিব লাগিব।

  ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত নিযুক্ত কৰা শ্বাস আয়োগে উক্ত ধৰণৰ পৰামৰ্শসমূহ আগবঢ়াইছিল।


(খ) সংবিধানৰ ৪২ -নং সংশোধনী আইনৰ চাৰিটা প্ৰধান ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ সংবিধানৰ ৪২- নং সংশোধনী আইনৰ চাৰিটা প্ৰধান ব্যৱস্থা হ’লঃ

(১) ৪২ নং সংবিধান সংশোধীনয়ে প্ৰথম বাৰৰ বাবে ভাৰতীয় সংবিধানত আৰু ইয়াৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘গণৰাজ্য’ এই শব্দ দুটা অন্তৰ্ভুক্ত কৰে আৰু ভাৰতক পূৰ্ব  “সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য” ৰ পৰিৱৰ্তে “ সাৰ্বভৌম সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে আৰু প্ৰতিষ্ঠা কৰে আৰু লগতে প্ৰস্তাৱনাৰ “ৰাষ্ট্ৰীয় অখণ্ডতা” শব্দটোৰো পৰিৱৰ্তন সাধন কৰি “ ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতা” হিচাপে প্ৰতিষ্ঠা কৰে।

(২) উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ক্ষমতাৰ হ্ৰাসকৰণ বা সীমিতকৰণ প্ৰচেষ্ঠা বা ব্যৱস্থা।

(৩) ভাৰতীয় সংবিধানত নাগৰিক সকলৰ বাবে মৌলিক দায়িত্ব নিৰ্ধাৰণ আৰু অন্তৰ্ভুক্তকৰণ।

(৪) ৰাষ্ট্ৰপতিক কেবিনেটৰ পৰামৰ্শাৱলীৰ প্ৰতি দায়বদ্ধশীলতাৰ ব্যৱস্থা।

      এনে কিছুমান ব্যৱস্থাই সংবিধানৰ ৪২ তম্‌ সংশোধনীত কৰা হয়।


(গ) বিহাৰ আন্দোলৰ ওপৰত এটা চমু বৰ্ণনা দিয়া।

উত্তৰঃ ১৯৭৪ চনত বিহাৰত ছাত্ৰসকলে সংগঠিত হৈ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, খাদ্যৰ নাটনি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে যি আন্দোলনৰ সূচনা কৰে তাকে বিহাৰ আন্দোলন হিচাপে জনা যায়। বিহাৰৰ এই আন্দোলনৰ নেতৃত্ব দিছিল লোকনায়ক জয়প্ৰকাশ নাৰায়ণে আৰু তেওঁ নেতৃত্ব দিয়াৰ লগে লগে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে ইয়াত অংশগ্ৰহণ কৰে। বিহাৰৰ ছাত্ৰ আন্দোলনে তেওঁৰ নেতৃত্বত ৰাজনৈতিক চৰিত্ৰ ধাৰণ কৰে আৰু ৰাষ্ট্ৰীয় পেক্ষাপটত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এনেদৰে ক্ৰমাৎ সকলো লোকৰ অংশগ্ৰহণেৰে আন্দোলনটো বৃহৎ ৰূপ ধাৰণ কৰে আৰু জয়প্ৰকাশ নাৰায়ণে ‘সৰ্বাত্মক বিপ্লৱ’ৰ জন্ম দিয়ে। জয়প্ৰকাশ নাৰায়ণে বিহাৰৰ কংগ্ৰেছ চৰকাৰক ক্ষমতাচ্যুত কৰাৰ দাবী উশ্থাপন কৰে আৰু প্ৰকৃত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ হকে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰত সৰ্বাত্মক বিপ্লৱৰ আবাহন জনায় আৰু অহিংসাৰ পথৰে ইয়াক চলাই যায়। বিহাৰ চৰকাৰে কিন্ত পদত্যাগ কৰিবৰ বাবে অমান্তি হয়। 

    পৰ্যায়ক্ৰমে জয়প্ৰকাশ নাৰায়ণৰ নেতত্বত বিহাৰ আন্দোলনে বিহাৰৰ চাৰিসীমা পাৰ কৰি সৰ্বভাৰতীয় পৰ্যায়লৈ ৰূপান্তৰিত হয় আৰু তীব্ৰ গতিত ব্যাপক জনপ্ৰিয়তা লাভ কৰে।ভাৰতৰ আন প্ৰান্তসমূহো এই আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হয়। ১৯৭৫ চনত তেওঁ সংসদলৈ এক জনযাত্ৰাৰ আহ্বান জনায় আৰু নেতৃত্ব লয় আৰু কংগ্ৰেছ (O),  ভাৰতীয় লোক দল, ভাৰতীয় জনসংঘ, ছোচিয়েলিষ্ট পাৰ্টি আদি বিৰোধী ৰাজনৈতিক দলসমূহেও তেওঁক সমৰ্থন জনায়।     এই ঐক্যবদ্ধ জনযাত্ৰা দিল্লীত হোৱা সৰ্ববৃহৎ সমদল ৰূপে অভিহিত হৈছিল। বহু দলে তেওঁক ইন্দিৰা গান্ধীৰ বিকল্প হিচাপেও গ্ৰহণ কৰিছিল। বিহাৰ আন্দোলন যদিও বিহাৰৰ ৰাজ্য চৰকাৰৰ বিৰোধিতাৰ আন্দোলন আছিল ইয়াক এক কংগ্ৰেছ বিৰোধী আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বৰ প্ৰতিবাদী আন্দোলন হিচাপেহে অভিহিত কৰা হয়। এই আন্দোলনে জনগণৰ পৰা বিপুল সহাৰি আৰু সমৰ্থন লাভ কৰিছিল।


(ঘ) নৱনিৰ্মাণ আন্দোলনৰ বিষয়ে কি জানা ?

উত্তৰঃ নৱনিৰ্মাণৰ আন্দোলনৰ উৎপত্তি হয় ভাৰতৰ গুজৰাট ৰাজ্যত। ই এক ছাত্ৰ আন্দোলন। এই আন্দোলন সংঘটিত হয় গুজৰাটৰ কংগ্ৰেছ শাসনাধীস্ত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। ৰাজ্যখনত উদ্ভৱ হোৱা খাদ্য সামগ্ৰীৰ নাটনি তথা মূল্য বৃদ্ধি আৰু উচ্চপৰ্যায়ৰ প্ৰশাসনত দুৰ্নীতিৰ বিৰুদ্ধে ১৯৭৪ চনৰ জানুৱাৰীত এই আন্দোলনৰ সূচনা হয় আৰু ‘নৱনিৰ্মাণ আন্দোলন’ নামেৰে জনপ্ৰিয় হৈ পৰে। গুজৰাটৰ এল.ডি. কলেজ অব্‌ ইঞ্জিনীয়াৰিং নামৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ মাচুল ২০ শতাংশ বৃদ্ধি কৰাৰ প্ৰতিবাদেৰে এই আন্দোলনৰ আৰম্ভণি হয়। ছাত্ৰ আন্দোলনৰৰূপে উদ্ভৱ হোৱা এই আন্দোলনে গুজৰাটৰ চিমনভাই পেটেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পদত্যাগৰ দাবী জনায় আৰু আন্দোলনৰ পৰিণতি স্বৰূপে গুজৰাটত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণা কৰে। বিৰোধী ৰাজনৈতিক দলবোৰে  ৰাজ্য বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায় আৰু শেষত ছাত্ৰ সমাজ আৰু বিৰোধী দলসমূহৰ দাবী আৰু হেঁচাত ৰাজ্যখনত কংগ্ৰেছে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয়। ১৯৭৫ চনৰ এই নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজিত হয় আৰু গুজৰাটত কংগ্ৰেছৰ শাসনৰ অন্ত পৰে। আন্দোলনটোলৈ কংগ্ৰেছ (O) দলৰ নেতা মোৰাৰজী দেশাইয়ো গভীৰ সমৰ্থন জনাইছিল।  গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনে গুজৰাটৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হয়। 


(ঙ) ১৯৭৭ চনৰ নিৰ্বাচনৰ প্ৰভাৱ চমুকৈ লিখা।

উত্তৰঃ  ১৯৭৭ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ দৃশ্যপটেই সলনি কৰি দিয়ে। এই নিৰ্বাচনে ভাৰতত আৰু ভাৰতীয় ৰাজনীতিত গভীৰ প্ৰভাৱ পেলাই । স্বাধীন ভাৰতৰ এই লোকসভা নিৰ্বাচনতে পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলে পৰাজয় বৰণ কৰে আৰু জনতা পাৰ্টিৰ ভাৰতীয় ৰাজনীতিত উশ্থান ঘটে। কংগ্ৰেছ দলে ১৫৩ খন আসন লাভ কৰাৰ বিপৰীতে জনতা পাৰ্টিয়ে লাভ কৰে ২৯৫ খন আসন। কংগ্ৰেছ দলৰ ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধীয়ে ক্ৰমে ৰায়বাৰেলি আৰু আমেথি সমষ্টিৰ পৰা পৰাজিত হয়। ১৯৭৭ চনৰ নিৰ্বাচনৰ এক উল্লেখযোগ্য প্ৰভাৱ হ’ল যে ই দেশৰ ৰাজনীতিত আৰু শাসনত কংগ্ৰেছ দলক প্ৰথমবাৰৰ বাবে পৰাজিত কৰে আৰু ইয়াৰ আধিপত্যৰ অন্ত পেলাই। ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰৱৰ্তিত জৰুৰীকালীন অৱস্থাৰ দ্বাৰা ভয়ানকভাৱে প্ৰভাৱিত উত্তৰ ভাৰতত ই চূড়ান্ত পৰাজয় লাভ কৰে। ১৯৭৭ চনৰ নিৰ্বাচনৰ আন এক প্ৰভাৱ হ’ল যে এই নিৰ্বাচনৰ ফলস্বৰৃপে কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে জনতা পাৰ্টি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ গঠন হয়। এই নিৰ্বাচনৰ আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ হ’ল যে এই নিৰ্বাচনৰ পৰৱৰ্তি সময়ত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো বিতৰ্কিত হৈ পৰে। এনেদৰে বিভিন্ন দিশত ১৯৭৭ চনৰ নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বহু গুৰুতপূৰ্ণ আৰু প্ৰভাৱশালী। 


(চ) ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ চাৰিটা কাৰণ হ’লঃ

(১) জৰুৰী অৱস্থাৰ ঘোষণাঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ এক মুখ্য কাৰণ হ’ল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেশত জৰুৰী অৱস্থাৰ ঘোষণা। যাৰ ফলত জনজণৰ জীৱন স্বাধীনতাবিহীন, অধিকাৰবিহীন আৰু দু্ৰ্দশাপূৰ্ণ হৈ পৰিছিল। যাৰ ফলত ১৯৭৭ চনৰ নিৰ্বাচনত জনগণে কংগ্ৰেছ দলৰ বিকল্প বিচাৰিছিল আৰু ফলত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিছিল।

(২) প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থাঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সকলো ক্ষমতা আহৰণ কৰি স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰে কাৰণ সেই পৰিস্থিতি অনুসৰি দেশৰ সকলো ক্ষমতা কেন্দ্ৰৰ হাতত অধিনস্ত হয়। গান্ধীয়ে নাগৰিকৰ স্বতন্ত্ৰতা আৰু ৰাজনৈতিক বিৰোধিতাক কঠোৰভাৱে দমন কৰে; নাগৰিকৰ জীৱন আৰু স্বতন্ত্ৰতাৰ অধিকাৰ কাঢ়ি লয় ; বিৰোধী দলৰ জনপ্ৰিয় নেতাসকলক কাৰাগাৰত বন্দী কৰি ৰাখে; সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰে বা নিষেধাজ্ঞা জাৰি কৰে; নিবাৰক নিৰোধ আইনৰ ভিত্তিত ইন্দিৰা গান্ধী আৰু তেওঁৰ নেতৃত্বৰ চৰকাৰখনৰ বিৰোধিতা কৰা  লোকক বিচাৰ নকৰাকৈ আতক কৰে আদি বিভিন্ন ধৰণৰ স্বেচ্ছাচাৰী নীতি প্ৰণয়ন কৰে। এই সমূহৰ দ্বাৰা জৰ্জৰিত আৰু অসন্তষ্ট হৈ জনগণে কংগ্ৰেছ দলক ১৯৭৭ চনৰ নিৰ্বাচনত ভোটদান নকৰি পৰাজিত কৰে।

(৩) জনতা পাৰ্টিৰ উশ্থানঃ ১৯৭৭ চনত বহু দল-সংগঠনে একত্ৰিত হৈ জনতা দল গঠন কৰে য’ত জয়প্ৰকাশ নাৰায়ণৰ দৰে জনপ্ৰিয় নেতাৰ নেতৃত্ব আছিল। এই দলে নিৰ্বাচনত শক্তিশালী স্থিতি প্ৰদৰ্শন কৰিছঅংশগ্ৰহণ কৰে আৰু অধিকাংশ জনগণে জনতা দলক সমৰ্থন কৰিছিল আৰু কংগ্ৰেছৰ বিকল্প হিচাপে গ্ৰহণ কৰিছিল। ফলত এই দল নিৰ্বাচনটোত জয়ী হয় আৰু কংগ্ৰেছ পৰাজিত হয়।

(৪) শাসন ব্যৱস্থাৰ পৰিবৰ্তনৰ কামনাঃ ভাৰতীয় জনসাধাৰণে কংগ্ৰেছৰ ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থাৰ প্ৰতি অতিষ্ট হৈ পৰিছিল আৰু দেশৰ শাসন ব্যৱস্থাত পৰিৱৰ্তন, শান্তি আৰু স্বতন্ত্ৰতাৰ কামনা কৰিছিল। ফলস্বৰূপে ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ বিকল্প বিচাৰে ফলত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰে।

    উক্ত ধৰণেৰে বহু কাৰণত ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হয়।


(ছ) ১৯৭৭ চনত চৰকাৰ গঠন কৰাৰ পাছত জনতা পাৰ্টিৰ প্ৰধান সিদ্ধান্তসমূহ কি আছিল?

উত্তৰঃ ১৯৭৭ চনত চৰকাৰ গঠন কৰাৰ পাছত জনতা পাৰ্টিৰ মুখ্য প্ৰচেষ্টা আছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে জৰুৰী সময়ত কৰা ভুল-ত্ৰুটিবোৰৰ শুদ্ধৰণি কৰা । এই দলৰ প্ৰধান সিদ্ধান্তসমূহ হ’লঃ

(১) ৪৪ নং সংবিধান সংশোধনী আইনৰ দ্বাৰা জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জৰুৰী অৱস্থাত কৰা ৪২ নং সংশোধনীৰ সকলো নেতিবাচক নীতি-নিয়ম আৰু ব্যৱস্থা দূৰ কৰে।

(২) পূৰ্বতে সম্পত্তিৰ অধিকাৰ সংবিধানৰ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত আছিল। কিন্ত জনতা পাৰ্টিৰ চৰকাৰখনে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা পৃথক কৰি আইনগত অধিকাৰৰ মৰ্যাদা দিয়ে।

(৩) লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল পূৰ্বৰ ইন্দিৰা গান্ধীৰ নেতৃতাধীন চৰকাৰে পাঁচ বছৰৰ পৰা ছয় বছৰ কৰিছিল। তাক জনতা চৰকাৰখনে ছয়ৰ পৰা পুনৰ পাঁচ বছৰলৈ হ্ৰাস কৰে।

(৪) ৰাষ্ট্ৰপতিক মন্ত্ৰীসভাই প্ৰেৰণ কৰা পৰামৰ্শবোৰৰ পুনৰ পৰ্যবেক্ষণৰ বাবে ঘূৰাই পঠিওৱাৰ ক্ষমতা আৰু অধিকাৰ প্ৰদানেৰে তেওঁৰ পদমৰ্যাদাৰ বৃদ্ধি জনতা পাৰ্টিৰ চৰকাৰখনে কৰে।

(৫) পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৪২ নং সংশোধনীৰ দ্বাৰা খৰ্ব কৰা ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ক্ষমতা আৰু পদমৰ্যাদা পুনৰ প্ৰদান কৰা হয় ।

(৬) এই চৰকাৰখনে ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ তুলনাত মৌলিক অধিকাৰক অধিক উচ্চ স্থান আৰু মৰ্যাদা প্ৰদান কৰে।

(৭) জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাখনে জৰুৰীকালীন সময়ত প্ৰৱৰ্তন কৰা কঠোৰ আৰু বিতৰ্কিত আইন সমূহ বাতিল কৰে।

   এইসমূহেই আছিল জনতা পাৰ্টিৰ প্ৰধান সিদ্ধান্তসমূহ।


(জ) ১৯৭৫ চনৰ আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণাৰ ফলাফল কি আছিল?

উত্তৰঃ ১৯৭৫ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা আভ্যন্তৰীণ জৰুৰী অৱস্থা ফলাফলসমূহ আছিলঃ

(১) জৰুৰী অৱস্থাৰ ফলত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ বাতিল হয়। মৌলিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে ন্যায়ালৰ কাষ চপাৰ অধিকাৰৰ লগতে আন বহুকেইটা মৌলিক অধিকাৰ বাতিল কৰি দিয়া হয়।

(২) জৰুৰী অৱস্থাৰ আন এক উল্লেখযোগ্য ফল হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা স্বতন্ত্ৰতাৰ বাতিলকৰণ। ফলত দেশৰ সংবাদ মাধ্যম সমূহক কোনো বাতৰি প্ৰকাশ আৰু প্ৰচাৰৰ পূৰ্বে চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হ’ল। 

(৩) জৰুৰীকালীন অৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ ফল হ’ল নিবাৰক নিৰোধ আইনৰ প্ৰৱৰ্তন। এই আইন অনুসৰি কোনো ব্যক্তিয়ে কেৱল অপৰাধ কৰিলেহে আটক কৰাৰ পৰিৱৰ্তে অপৰাধ কৰাৰ পূৰ্বৰ অনুমানৰ ভিত্তি কৰিও আটক কৰিব পাৰি। এই আইনৰ অধীনত চৰকাৰে বৃহৎ সংখ্যক বিৰোধী দলৰ নেতাক আটক কৰিছিল।

(৪) জৰুৰী অৱস্থাৰ ফলস্বৰূপে ৰাষ্ট্ৰৰ সকলো ক্ষমতা কেন্দ্ৰৰ হাতত অধিনস্থ হৈছিল অৰ্থাৎ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক চৰকাৰলৈ পৰিৱৰ্তিত হয় । কেন্দ্ৰই সমগ্ৰ দেশৰ শাসন ব্যৱস্থা চলাই।

(৫) জৰুৰী অৱস্থাৰ আন এক পৰিণাম হ’ল যে জৰুৰীকালীন অৱস্থাত চৰকাৰে দেশত চলি থকা সকলো ধৰণৰ ৰাজনৈতিক বিৰোধিতাৰ যেনে ধৰ্মঘট, হৰতাল আদিৰ নিষিদ্ধ কৰিছিল।

    এই সমূহেই আছিল জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলাফল।


(ঝ) ১৯৭৫ চনৰ জৰুৰী অৱস্থা ঘোষণাই ভাৰতীয় গণতন্ত্ৰক কেনেদৰে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৯৭৫ চনৰ ২৫ জুনত তাৰিখে আভ্যন্তৰীণ অশান্তিৰ বাবে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰে। জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা অস্থিৰ হৈ পৰে। গণতন্ত্ৰৰ পৰিৱৰ্তে দেশত ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ প্ৰৱৰ্তন হয়। দেশৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰৰ পৰিৱৰ্তন ঘটি কেন্দ্ৰৰ হাতত দেশৰ সকলো ক্ষমতা অধিনস্থ হয়। চৰকাৰে নাগৰিকৰ স্বতন্ত্ৰতা আৰু চৰকাৰ বিৰোধী আন্দোলন আৰু বিৰোধিতাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। গণতন্ত্ৰৰ মূল চৰিত্ৰ জনগণৰ শাসন নীতি সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়। চৰকাৰে ধৰ্মঘট, হৰতাল আদিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে। দেশত চলি থকা আন্দোলন সমূহত চৰকাৰে বাধা প্ৰদান কৰে আৰু আন্দোলনৰ নেতাসকলক কাৰাগাৰত বন্দী কৰে। জনগণৰ বাক স্বাধীনতা তথা মৌলিক অধিকাৰ বাতিল কৰা হয়। আনকি মৌলিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰকে ধৰি জনগণৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰো বাতিল কৰাহয়। তদুপৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাও বাতিল কৰা হয়। সংবাদ মাধ্যমসমূহে যিকোনো বাতৰি প্ৰকাশৰ আগতে চৰকাৰৰ অনুমতি ল’ব লগা হয়। জৰুৰীকালীন অৱস্থাত তাৰোপৰি নিবাৰক আইন প্ৰণয়নৰ জৰিয়তে চৰকাৰে বিৰোধী দলৰ বিভিন্নজন নেতাক দোষী সাব্যস্ত কৰি কৰায়ত্ব কৰে। তাৰোপৰি এই সময়ছোৱাত সংবিধানৰ ৪২ নং সংশোধনী কৰি সংবিধানত বহু অগ্ৰহণযোগ্য বিতৰ্কিত আইনৰ অন্তৰ্ভূক্ত কৰা হয়।

    ইন্দিৰা গান্ধীয়ে দেশত কৰা জৰুৰী অৱস্থাই এনেদৰে ভাৰতীয় গণতন্ত্ৰৰ স্বৰূপেই সলনি কৰি দিছিল। ভাৰতত গণতন্ত্ৰৰ ঠাইত ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনহে প্ৰতিষ্ঠা কৰিছিল । ই গণতন্ত্ৰৰ ধাৰণাক বিকৃত কৰি তুলিছিল।


(ঞ) ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ সময়ত কি ঘটিছিল?

উত্তৰঃ  প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুন তাৰিখে আভ্যন্তৰীণ অশান্তিৰ বাবে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰে। জৰুৰী অৱস্থাৰ ঘোষণাৰ লগে লগে ভাৰতৰ ৰাজনীতিত এক ‘ক’লা অধ্যায়ৰ আৰম্ভ হয়। দেশত কেন্দ্ৰীয় চৰকাৰৰ একচিতীয়া শাসন তথা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ সূচনা হয়। ফলত দেশৰ পৰিস্থিতি ভয়াবহ হৈ উঠৈ। ভাৰততত গণতন্ত্ৰৰ পৰিৱৰ্তে স্বেচ্ছাচাৰী শাসনৰ প্ৰতিষ্ঠা হয় । এই সময়ছোৱাত জনগণৰ স্বাধীনতা আৰু মৌলিক অধিকাৰ বাতিল হয় লগতে দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাও বাতিল কৰা হয় আৰু নিষেধাজ্ঞা জাৰি কৰা হয়। ফলত ইণ্ডিয়ান এক্সপ্ৰেছ, ষ্টেটছমেনকে ধৰি বহু কেইখন বাতৰি কাকতে চৰকাৰে নিষিদ্ধ কৰা বাতৰিবোৰৰ ঠাইসমূহ উকাকৈ ৰাখি প্ৰতিবাদ কৰে ।তাৰোপৰি দেশত সেই সময়ত চলি থকা চৰকাৰ বিৰোধী আন্দোলন, ধৰ্মঘট,হৰতাল আদিতো চৰকাৰে বাধা আৰোপ কৰে আৰু কঠোৰ ভাৱে দমন কৰে। আন্দোলন সমূহ নেতাসকল যেনে জয়প্ৰকাশ নাৰায়ণকে ধৰি বহু নেতাক কাৰাগাৰত বন্দী কৰে। জৰুৰীকালীন সময়ছোৱাত চৰকাৰে ভাৰতত নিবাৰক নিৰোধ আইনৰ প্ৰণয়ন কৰি বহু নেতাক কৰায়ত্ব কৰে। এই সময়খিনিত দেশত ইন্দিৰা গান্ধীৰ চৰকাৰে বহু কেইখন কঠোৰ আইন যেনে আভ্যন্তৰীণ নিৰাপত্তা সাব্যস্তকৰণ আইন আদি আইন প্ৰণয়ন কৰে যাক ক’লা আইন নামেৰে অভিহিত কৰা হয়। এইসমূহৰ দ্বাৰা ইন্দিৰা গান্ধী আৰু চৰকাৰখনৰ বিৰোধিতা কৰা  যিকোনো ব্যক্তিক কোনো বিচাৰ নকৰাকৈ কৰায়ত্ব কৰা হয়। জৰুৰীকালীন সময়তে ভাৰতৰ সংবিধানৰ কিছু পৰিৱৰ্তন সাধন কৰা হয়। এই সময়ছোৱাতে ভাৰতীয় সংবিধান ৪২ নং সংশোধনী কৰা হয় দেশৰ শাসন ব্যৱস্থাৰ বহুখিনি পৰিৱৰ্তন সাধন কৰা হয়। এই সংশোধনীৰ দ্বাৰাই ন্যায়ালয়ৰ ক্ষমতা হাস কৰা হয় তথা  প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত যাতে ন্যায়ালয়ে প্ৰত্যাহ্বান জনাব নোৱাৰে তাৰ ব্যৱস্থা কৰা হয়। তদুপৰি এই সংশোধনীৰ জৰিয়তে  বিধান মণ্ডলৰ কাৰ্যকাল ৫ পৰা ৬ বছৰ লৈ বৃদ্ধি কৰা হয়। 

    এনেসমূহ ঘটনাই জৰুৰী অৱস্থাৰ সময়ত ভাৰতত ঘটিছিল আৰু গোটেই দেশতে এক অশান্তিকৰ আৰু ভয়ানক পৰিস্থিতিয়ে বিৰাজ কৰিছিল।


(ট) জৰুৰীকলীন অৱস্থা মানে কি বুজা ? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ দেশত যেতিয়া প্ৰাকৃতিক দুৰ্যোগ, আভ্যন্তৰীণ অশান্তি, অৰ্থনৈতিক সংকট, সন্ত্ৰাসবাদ আদি পৰিস্থিতিয়ে দেখা দিয়ে তেতিয়া দেশ শাসনৰ শাসন ব্যৱস্থাকে ধৰি সকলো দিশ অস্থিৰ হৈ পৰে । তেনে পৰিস্থিতিত দেশত বিশেষ শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয় য’ত দেশৰ সকলো নিয়ন্ত্ৰণ ক্ষমতা কেন্দ্ৰ চৰকাৰৰ হাতত অধিনস্ত হয় আৰু কেন্দ্ৰই নিজ সুবিধানুসৰি আইন প্ৰণয়ন কৰি শাসন প্ৰৱৰ্তন কৰে তেনে পৰিস্থিতিকে জৰুৰীকালীন অৱস্থা বুলি কোৱা হয়।

             আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ এটা প্ৰভাৱ হ’ল নাগৰিকৰ স্বতন্ত্ৰতা তথা মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ। ১৯৭৫ চনৰ জুনত ভাৰতত আভ্যন্তৰীণ জৰুৰীকলীন অৱস্থা ঘোষণাৰ পিছত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশ শাসনৰ সকলো ক্ষমতা আহৰণ কৰি একক শক্তিশালী হৈ পৰিছিল আৰু তেওঁ দেশৰ নাগৰিকৰ স্বতন্ত্ৰতা আৰু চৰকাৰ বিৰোধী  কন্ঠৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু দমন কৰিছিল। এই সময়ছোৱাত  চৰকাৰে জনগণৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ কাঢ়ি লৈ যায়। তাৰোপৰি নাগৰিকে মৌলিক অধিকাৰৰ পুনৰ প্ৰতিষ্ঠাৰ হকে ন্যায়ালয়ৰ কাষ চপাৰ অধিকাৰৰ লগতে জনগণৰ আন বিভিন্ন মোলিক অধিকাৰ জৰুৰী অৱস্থাৰ ফলত বাতিল হৈ পৰে। এনে পৰিস্থিতিত জনসাধাৰণে স্বতন্ত্ৰভাৱে জীৱন যাপন, চলা-ফুৰা, কাৰ্যকলাপ কৰিব নোৱাৰা হৈ পৰে বিশেষকৈ জনসাধাৰণে বাক স্বাধীনতা হেৰুৱাই পেলাই। ই জৰুৰী অৱস্থাৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ।


(ঠ) গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ১৯৭৪ চনৰ জানুৱাৰী মাহত ছাত্ৰসকলৰ নেতৃত্বত গুজৰাটত নৱনিৰ্মাণ আন্দোলনৰ জন্ম হৈছিল। খাদ্যৰ নাটনি তথা খাদ্য-সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু  উচ্চ পৰ্যায়ত প্ৰশাসনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিতভাৱে ছাত্ৰসকলে এই আন্দোলনৰ সূচনা কৰে যাক ‘নৱনিৰ্মাণ আন্দোলন’ হিচাপে জনা যায়। আন্দোলনটোৰ আৰম্ভ হৈছিল গুজৰাটৰ এল ডি কলেজ অব্‌ ইঞ্জিনীয়াৰিং নামৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ মাচুল ২০ শতাংশ বৃদ্ধিৰ প্ৰতিবাদেৰে। এই আন্দোলনটোৱে গুজৰাটৰ কংগ্ৰেছ চৰকাৰখনৰ পদত্যাগৰ দাবী উশ্থাপন কৰে। নৱনিৰ্মাণ আন্দোলনৰ ফলস্বৰূপে গুজৰাটত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়। তাৰোপৰি বিৰোধী ৰাজনৈতিক দলসমূহেও ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়। এই দাবীৰ প্ৰতি কংগ্ৰেছ দলৰ নেতা মোৰাৰজী দেশায়েও সমৰ্থন জনায়। শেষত ছাত্ৰ সমাজ আৰু বিৰোধী দলসমূহৰ ক্ৰমবৰ্দ্ধমান হেঁচাত বাধ্য হৈ কংগ্ৰেছে গুজৰাটত ১৯৭৫ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয় আৰু এই নিৰ্বাচনত কংগ্ৰেছ অতি শোচনীয়ভাৱে পৰাজিত হয়। সেয়ে গুজৰাটৰ নৱনিৰ্মাণ আন্দোলন এক চৰকাৰ বিৰোধী আন্দোলন।


(ড)  ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত সংঘটিত হোৱা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইন্দিৰা গান্ধীৰ মন্ত্ৰীত্বৰ কালছোৱাত দেশৰ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতে দেখা দিছিল। বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি এই সংঘাতৰ সৃষ্টি হৈছিল। ন্যায়পালিকাৰ বহু কেইটা ৰায়ে কাৰ্যপালিকা অৰ্থাৎ ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক অসন্তষ্ট কৰি তুলিছিল। কংগ্ৰেছে ইয়াক গণতন্ত্ৰৰ নীতি আৰু সংসদীয় প্ৰাধান্যতাৰ প্ৰতি ন্যায়ালয়ৰ স্থিতি বুলি মত প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ মতে ন্যায়পালিকা এক ৰক্ষণশীল অনুষ্ঠান আৰু সেই বাবেই ই কংগ্ৰছ চৰকাৰ খনৰ দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে লোৱা কল্যাণমূলক আঁচনি আৰু কৰ্মৰাজিত বাধা প্ৰদান কৰে। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত হোৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাতে দেশত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি তোলে।

    ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ঘটা এক গুৰুত্বপূৰ্ণ সংঘাত হ’ল যে এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান অনুসৰিয়ে প্ৰধানমন্ত্ৰী গান্ধীয়ে সাংসদ ৰূপে থকাৰ আইনগত বৈধতা তথা প্ৰধানমন্ত্ৰীত্বৰ যোগ্যতাও হেৰুৱাব লগা হৈছিল। ১৯৭৫ চনৰ ২৪ জুনত তেওঁ উচ্চতম ন্যায়ালয়ক কৰা আবেদনৰ সিদ্ধান্ত অনুসৰি তেওঁ সাংসদ ৰূপে থাকিব পাৰিব কিন্ত তেওঁ লোকসভাৰ কাৰ্যাৱলীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব বুলি আদেশ দিয়া হৈছিল। ইয়াৰ পিছতে ২৫ জুনৰ দিনা ৰাতি ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰী অৱস্থাৰ ঘোষণা কৰে আৰু এই সময়ছোৱাতে কাৰ্যপালিকাই অৰ্থাৎ ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰে ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী আইন গ্ৰহণ কৰে যাৰ ভিত্তিত ন্যায়ালয়ৰ ক্ষমতা হ্ৰাস কৰা হয়। এই সংশোধনীৰ দ্বাৰাই  সংসদে এলাহবাদ উচ্চ ন্যায়ালয়ৰ ইন্দিৰা গান্ধী গোচৰৰ প্ৰতি কৰা ৰায়দানক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যাতে ন্যায়পালিকা বা ন্যায়ালয়ে প্ৰত্যাহ্বান জনাব নোৱাৰে তাৰ ব্যৱস্থা কৰে। প্ৰধানমন্ত্ৰী গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰাৰ এক মুখ্য কাৰণেই আছিল এলাহবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভা নিৰ্বাচনৰ জয়লাভ প্ৰত্যাহাৰ কৰি কৰা লেখ (Writ)। 

     এনধৰণেৰে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাতে দেখা দিছিল।


১৪। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ১৯৭৫ চনত ঘোষণা কৰা জৰুৰী অৱস্থাৰ যিকোনো তিনিটা কাৰণ আলোচনা কৰা।

উত্তৰঃ  ১৯৭৫ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণাৰ বহুতো কাৰণ আছে। মূলত ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ভাৰতত দেখা দিয়া আভ্যন্তৰীণ অশান্তি আৰু অস্থিৰতা। ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰখনৰ মতেও আভ্যন্তৰীণ অশান্তিৰ বাবে দেশৰ প্ৰতি অহা নিৰাপত্তাৰ ভাবুকিৰ বাবে ভাৰতত জৰুৰী অৱস্থাৰ ঘোষণা কৰা হয়। তথাপি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে মূলত কাৰণৰ ওপৰত ভিত্তি কৰিয়েই দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। সেইকেইটা হ’লঃ 

(১) ১৯৭১ চনৰ ভাৰতৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৩ চনত ভাৰতত হোৱা খাদ্য-শস্য উৎপাদনৰ দ্ৰুত গতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি। ১৯৭১ চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে ভাৰতৰ নিৰাপত্তাৰ দিশটোত ভাবুকি আহি পৰিছিল আৰু দেশত আভ্যন্তৰীণ অশান্তিয়ে দেখা দিছিল। ঠিক তেনেদৰে। ঠিক তাৰ পিছৰ বছৰ অৰ্থাৎ ১৯৭২ চনত ভাৰতত এক নতুন সংকট খাদ্য সংকটে দেখা দিছিল আৰু ১৯৭৩ চনত তেলৰ মূল্য বৃদ্ধিয়ে দেখা দিছিল। ফলস্বৰূপে দেশ শাসন আৰু নিয়ন্ত্ৰণৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

(২) ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণা কৰাৰ আন এক মুখ্য কাৰণ হ’ল ১৯৭৪ চনৰ বিহাৰত উদ্ভৱ হোৱা বিহাৰ আন্দোলন, গুজৰাটত উদ্ভৱ হোৱা নৱ নিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছৰ ৰাজ্য বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ আৰু ১৯৭৪ চনত ৰে’ল কৰ্মীয়ে কৰা ধৰ্মঘট। এই গোটেই কেইটা আন্দোলনেই আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰখনৰ বিৰুদ্ধে কৰা আন্দোলন যাক দমন কৰিবলৈ শেষত দেশত চৰকাৰখনে জৰুৰী অৱস্থা ঘোষণা কৰে।

(৩) প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰাৰ আন এক অন্যতম কাৰণ হ’ল এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী গান্ধীৰ ১৯৭১ চনৰ লোকসভা নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ (Write) যিয়ে ন্যায়াপালিকা আৰু কাৰ্যপালিকাৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল আৰু কাৰ্যপালিকাক অসন্তষ্ট কৰি তুলিছিল। ফলত ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল আৰু সংবিধানৰ ৪২ নং সংশোধনী কৰি ন্যায়ালয়ৰ ক্ষমতা হ্ৰাস কৰিছিল আৰু প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ন্যায়ালয়ে প্ৰত্যাহ্বান যাতে প্ৰত্যাহ্বান জনাব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ’ল। 

       এই সমূহ কাৰণৰ বাবে ১৯৭৫ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল। 


(খ) জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলত ইন্দিৰা গান্ধী পদচ্যুত হৈছিল। কাৰণ দৰ্শোৱা।

উত্তৰঃ ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰাৰ বাবে শেষত তেওঁৰ চৰকাৰখনে নিৰ্বাচনত পৰাজিত হৈ পদচ্যুত হ’ব লগা হয়। ইন্দিৰা গান্ধী পদচ্যুত হোৱাৰ অন্তৰালত বহুতো কাৰণ আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ-

(১) জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলত দেশত কেন্দ্ৰীয় চৰকাৰৰ তথা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী শাসনৰ প্ৰৱৰ্তনৰ ফলত সকলোৱে এই পৰিস্থিতিত অসন্তষ্ট হৈ পৰে আৰু ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে থিয় হৈ তেওঁৰ চৰকাৰ পৰাজিত কৰি পদচ্যুত কৰে।

(২) জৰুৰী অৱস্থাৰ সময়ত জনসাধাৰণৰ জীৱনৰ অধিকাৰ, স্বতন্ত্ৰতা তথা মৌলিক অধিকাৰ বাতিল কৰি দিয়া হয়। জনগণৰ বাক স্বাধীনতা কাঢ়ি লোৱা হয়। ইয়াৰ ফলত শেষত জনসাধাৰণ এনে অশান্তিময় পৰিৱেশৰ প্ৰতি অসন্তষ্ট আৰু বিৰক্ত হৈ ইয়াৰ প্ৰতিবাদস্বৰূপে ১৯৭৭ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰক ভোট দান নকৰি তেওঁক পদচ্যুত কৰে আৰু জনতা পাৰ্টিৰ চৰকাৰখনক প্ৰতিষ্ঠা কৰে।

(৩) তদুপৰি জৰুৰীকালীন সময়ছোৱাত ইন্দিৰা গান্ধীয়ে দেশত চলি থকা চৰকাৰ বিৰোধী আন্দোলন, ধৰ্মঘট, হৰতাল আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছিল আৰু দমন কৰিছিল। তাৰোপৰি আন্দোলনৰ নেতাসকলক কাৰাবন্দী কৰিছিল। যাৰ ফলস্বৰূপে এই আন্দোলন সমূহত জড়িত সকলো লোকে ইন্দিৰা গান্ধীৰ শাসনৰ প্ৰতি অসন্তষ্ট হৈ সেই শাসনৰ অন্ত পেলাবৰ বাবে ১৯৭৭ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ভোটদান কৰি তেওঁক পদচ্যুত কৰে। 

(৪) ইন্দিৰা গান্ধীৰ বেআইনী কাৰ্য কলাপ যেনে নিবাৰক নিৰোধ আইন অনুসৰি নিৰ্দোশী ব্যক্তি আৰু আন যিকোনো লোকক ইচ্ছামতে কাৰাগাৰত বন্দী কৰা আৰু বহু বিতৰ্কমূলক আইনৰ প্ৰণয়নো তেওঁ পদচ্যুত হোৱাৰ অন্তৰালৰ এক অন্যতম কাৰণ।

(৫) ইন্দিৰা গান্ধী পদচ্যুত হোৱাৰ আন এক মুখ্য কাৰণ হ’ল জৰুৰী অৱস্থা আৰু ইন্দিৰা গান্ধীৰ প্ৰতিবাদস্বৰূপে জনতা পাৰ্টিৰ শক্তিশালী উশ্থান। জেইলৰ পৰা মুক্ত হোৱাৰ পিছত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ (O), ভাৰতীয় জনসংঘ, ভাৰতীয় লোকদল আৰু ছোচিয়েলিষ্ট পাৰ্টিয় আদি একত্ৰিত হৈ ১৯৭৭ চনত জনতা পাৰ্টি গঠনে কৰে আৰু লোকসভা নিৰ্বাচনত অংশ গ্ৰহণ কৰে। জনসাধাৰণে কংগ্ৰেছৰ বিকল্প হিচাপে এই দলক ভোট জয়যুক্ত কৰে ফলত ইন্দিৰা গান্ধী পৰাজিত হয় আৰু তেওঁৰ নেতৃত্বাধীন  চৰকাৰখন শাসনৰ পৰা পদচ্যুত হয়।

     জৰুৰী অৱস্থাৰ পৰা উদ্ভৱ হোৱা এইসমূহ পৰিস্থিতিৰ বাবে ইন্দিৰা গান্ধী অৱশেষত পদচ্যুত হয়। 


(গ) জৰুৰীকালীন অৱস্থাই প্ৰমাণ কৰে যে আমাৰ দেশৰ সাংবিধানিক গণতন্ত্ৰৰ ভেঁটি বৰ দুৰ্বল। কথাষাৰ তুমি সমৰ্থন কৰানে যুক্তি দিয়া।

উত্তৰঃ জৰুৰীকালীন অৱস্থাই প্ৰমাণ কৰে যে আমাৰ দেশৰ সাংবিধানিক গণতন্ত্ৰৰ ভেঁটি বৰ দুৰ্বল । এই কথাষাৰ মই সমৰ্থন কৰো। ইয়াৰ অন্তৰালত বহুতো কাৰণ আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) ১৯৭৫ জৰুৰী অৱস্থাৰ ঘোষণাৰ লগে লগে ভাৰতত গণতন্ত্ৰক সহজে দমন কৰি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰী শাসন চলায়। গণতন্ত্ৰৰ নীতি আদৰ্শ অনুসৰণ নকৰি নিজ ইচ্ছাৰে দেশ চলায়। ই ইয়াকে প্ৰমাণ কৰে যে ভাৰতৰ গণতন্ত্ৰৰ ভেঁটি উপযুক্ত পৰিমাণে মজবুত নহয়।

(২) জৰুৰী অৱস্থাৰ ঘোষণাৰ লগে গণতন্ত্ৰৰ মূল আধাৰ জনসাৰণৰ জীৱনৰ অধিকাৰ তথা মৌলিক অধিকাৰ বাতিল হয় যায়। চৰকাৰে সহজে তেওঁলোকৰ মুক্তভাৱে জীয়াই থকাৰ স্বতন্ত্ৰতা আৰু বাক স্বাধীনতাও কাঢ়ি লৈ যায়। ই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতাকে প্ৰতিফলিত কৰে।

(৩) জৰুৰী অৱস্থাৰ সময়ত ভাৰতীয় গণতন্ত্ৰৰ যুক্তৰাষ্ট্ৰীয় ধাৰণাটো পৰিৱৰ্তিত হৈ এককেন্দ্ৰিক শাসনত পৰিণত হয় য’ত কেন্দ্ৰী চৰকাৰে সৰ্বেসৰ্বা।

(৪) জৰুৰীঁ অৱস্থাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰে স্বাধীনতা কাঢ়ি লৈ যায় আৰু লগতে ন্যায়ালয়ৰ ক্ষমতাৰ ওপৰতে প্ৰতিবন্ধকতা আৰোপ কৰে। ই ভাৰতীয় গণতন্ত্ৰৰ চূড়ান্ত দুৰ্বলতা প্ৰকাশ কৰে।

(৫) তদুপৰি জৰুৰী অৱস্থাৰ সময়ত ইন্দিৰা গান্ধী চৰকাৰে গণতন্ত্ৰৰ মূল ভেঁটি সংবিধানকে অমান্য কৰে। ইন্দিৰা গান্ধীয়ে বহু সংবিধান বৰ্হিভূত কাৰ্য কৰে যি ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতাকে দাঙি ধৰে।

   এইদৰে জৰুৰীকালীন অৱস্থাই ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ ভেঁটি যে দুৰ্বল তাক প্ৰমাণ কৰে।


(ঘ) ১৯৭৭ চনত জনতা দল গঠনৰ কাৰণবিলাক কি কি?

উত্তৰঃ  ১৯৭৭ চনত ভাৰতত জনতা দল গঠনৰ বহুতো কাৰণ আছিল । সেইসমূহ তলত আলোচনা কৰা হ’লঃ

(১) ১৯৭৭ চনত জনতা দল গঠনৰ এক মূল কাৰণ আছিল দেশত কংগ্ৰেছৰ  আধিপত্যৰ অন্ত কৰা। স্বাধীনতাৰ পৰা ১৯৭৭ চনৰলৈকে কংগ্ৰেছ দলে দেশৰ ৰাজনীতিত এককভাৱে শাসন চলাই আছিল আৰু শেষত এই শাসন স্বেচ্ছাচাৰীতালৈ পৰিৱৰ্তিত হৈছিল। সেয়ে এই শাসনৰ অন্ত পেলাবৰ বাবে জয় প্ৰকাশ নাৰায়ণৰ নেতৃত্বত বহু কেইটা দল একত্ৰিত হৈ জনতা দলৰ গঠন কৰে।

(২) জনতা দল গঠনৰ আন এক অন্যতম কাৰণ আছিল ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত কৰা আৰু তেওঁক পদচ্যুত কৰা। কাৰণ তেওঁ দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰি গোটেই দেশৰ পৰিৱেশ অশান্ত কৰি তুলিছিল, স্বেচ্ছাচাৰী শাসন চলাইছিল, জনগণৰ জীৱনৰ অধিকাৰ আৰু স্বতন্ত্ৰতা কাঢ়ি লৈ গৈছিল ফলত জনগণৰ জীৱন যাপনত প্ৰতিবন্ধকতাৰে ভৰি পৰিছিল। এনে এক পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ আৰু তেনে পৰিস্থিতিৰ দ্বিতীয়বাৰ যাতে উদ্ভৱ নহয় তাৰ বাবে জনতা দলক শক্তিশালী ৰূপে কংগ্ৰেছৰ বিপক্ষে যুঁজ দিবলৈ গঢ়ি তুলা হয়। 

(৩) জনতা দল গঠনৰ আন এক কাৰণ হ’ল ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ বিকল্প শক্তিশালী দলৰ অনুপস্থিতি। ১৯৭৭ চনলৈ ভাৰতীয় ৰাজনীতিত কংগ্ৰেছৰ সমান কংগ্ৰেছৰ বিপক্ষে থিয় দিবলৈ কোনো শক্তিশালী দলৰ উপস্থিতি নাছিল। সেয়ে জনতা দলক কংগ্ৰেছৰ বিকল্প এক শক্তি হিচাপে গঢ়ি তোলা হৈছিল।

(৪) জনতা দল গঠনৰ আন এক কাৰণ আছিল ভাৰতত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা। ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী শাসন আৰু জৰুৰী অৱস্থাই ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থাত গভীৰ আঘাট কৰিছিল আৰু গণতন্ত্ৰৰ ধাৰণাই সলনি কৰি দিছিল । গণতন্ত্ৰৰ ঠাইত স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তন কৰিছিল। তদুপৰি সংবিধান সংশোধন ঘটাই বহু বিতৰ্কিত আৰু অগ্ৰহণযোগ্য আইনৰ প্ৰণয়ন কৰিছিল। সেয়ে দেশত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে জনতা দলৰ গঠন কৰা হয়।

(৫) ১৯৭৭ চনত জনতা দল গঠনৰ আন এক কাৰণ আছিল দেশত চলি থকা দুৰ্নীতি আৰু বেআইনী কাৰ্য-কলাপ প্ৰতিৰোধ কৰি জনগণৰ কল্যাণকামী এখন  চৰকাৰ প্ৰতিষ্ঠা কৰা।

    এনে বহু কাৰণত ১৯৭৭ চনত জনতা দল গঠন কৰা হয় আৰু  ইন্দিৰা গান্ধীক লোকসভা নিৰ্বাচনত পৰাস্ত কৰি জনতা দলৰ নেতৃত্বত দেশত পোনপ্ৰথম বাৰৰ বাবে অ-কংগেছী চৰকাৰ প্ৰতিষ্ঠা কৰা হয়।


(ঙ) জনতা দলৰ নীতি আৰু আঁচনিসমূহ আলোচনা কৰা।

উত্তৰাঃ  জনতা দলৰ বহুকেইটা নীতি আৰু আঁচনি আছে। তলত সেইসমূহ আলোচনা কৰা হ’লঃ

(১) ১৯৭৭ চনৰ জনতা দলৰ এক মূখ্য নীতি আৰু আঁচনি আছিল  ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৪২ নং সংবিধান সংশোধনীৰ দ্বাৰা প্ৰণয়ন কৰা নেতিবাচক ব্যৱস্থা সমূহ দূৰ কৰা।

(২) দলটোৰ আন এক গুৰুত্বপূৰ্ণ নীতি আৰু আঁচনি  আছিল সম্পত্তিৰ অধিকাৰক সংবিধানৰ  মৌলিক অধিকাৰৰ পৰা তুলি আনি আইনগত অধিকাৰৰ সন্মান দিয়া।

(৩) জনতা দলৰ আন এক নীতি আছিল লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল পুনৰবাৰ ৬ বছৰৰ পৰা ৫ বছৰ কৰা।

(৪) দলটোৰ আন এক নীতি আৰু আঁচনি হ’ল দেশৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি লোৱা ক্ষমতা আৰু মৰ্যাদা পুনৰ স্থাপন কৰা।

(৫) আন এক নীতি আৰু আঁচনি হ’ল ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতিতকৈ মৌলিক অধিকাৰক উচ্চ স্থান প্ৰদান কৰা।

(৬) জনতা দলৰ আন এক নীতি আৰু আঁচনি আছিল ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে জৰুৰী অৱস্থাত প্ৰণয়ন কৰা বিতৰ্কিত আৰু কঠোৰ আইনসমূহ বাতিল কৰা।

    এইসমূহেই আছিল ১৯৭৭ চনত গঠন হোৱা জনতা দলৰ নীতি আৰু আঁচনি।


(চ) ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ অন্তৰালত বহুতো কাৰণ আছে। তলত সেই সমূহ আলোচনা কৰা হ’লঃ

(১) কংগ্ৰেছ দলৰ নেত্ৰী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসন ১৯৭৭ চনৰ কংগ্ৰেছ দলৰ পৰাজয়ৰ এক মুখ্য কাৰণ। তেওঁৰ শাসনকালত যিকোনো স্বেচ্ছাচাৰীতা আৰু একনায়কত্ববাদ প্ৰদৰ্শন কৰিছিল ইয়ে কংগ্ৰেছ দলৰ পৰাজয়ত অৰিহণা যোগায়।

(২) ১৯৭৭ চনত কংগ্ৰেছ দলৰ পৰাজয়ৰ আন এক কাৰণ হ’ল প্ৰধানমন্ত্ৰীৰ ইন্দিৰা গান্ধীৰ দেশত জৰুৰী অৱস্থাৰ ঘোষণা। এই সময়ছোৱাত দেশৰ পৰিস্থিতি বিশৃংখল হৈ পৰিছিল আৰু জনসাধাৰণৰ জীবনৰ অধিকাৰ আৰু মৌলিক অধিকাৰ বাতিল হৈ পৰিছিল যাৰ ফলত সকলো জনগণে চৰকাৰ প্ৰতি অসন্তষ্ট হৈ পৰিছিল । ই আছিল ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নিৰ্বাচনৰ অন্যতম কাৰণ।

(৩) কংগ্ৰেছ দলৰ মাজত সৃষ্টি হোৱা বিভাজনো কংগ্ৰেছ দলৰ পৰাজয়ৰ মূল কাৰণ। কংগ্ৰেছ সদস্যৰ কিছু সংখ্যক সদস্যই বিভিন্ন কাৰণত কংগ্ৰেছৰ পৰা পৃথক হৈ নতুন দল গঠন কৰে আৰু কিছু সংখ্যকে জনতা পাৰ্টিত যোগদান কৰে। ইয়ো কংগ্ৰেছৰ ১৯৭৭ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ এক কাৰণ।

(৪) কংগ্ৰেছ দলৰ পতনৰ আন এক কাৰণ হ’ল জনতা পাৰ্টিৰ শক্তিশালী উশ্থান ।জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আৰু বহুতো দল , নেতা আৰু জনসাধাৰণ একত্ৰিত হৈ  জনতা দল গঠন কৰে আৰু নিৰ্বাচনত কংগ্ৰেছৰ সৈতে সমান শক্তিশালীভাৱে অংশগ্ৰহণ কৰে আৰু জয়ী হয়। ই কংগ্ৰেছ দলৰ পৰাজয়ৰ মূল কাৰণ।

(৫) ১৯৭৭ চনত কংগ্ৰেছ দলৰ পৰাজয়ৰ আন এক মূল কাৰণ হ’ল সংবিধানৰ ৪২ নং সংশোধনী ঘটাই বহু বিতৰ্কিত আইনৰ প্ৰণয়ন কৰা আৰু ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক বিকৃত কৰি তোলা। ই দেশৰ সকলো লোককে বিৰক্ত আৰু অসন্তষ্ট কৰি তুলিছিল। ই নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ আন এক কাৰণ।

         উক্তধৰণেৰে ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পৰাজয়ৰ অন্তৰালত বহু কেইটা কাৰণ আছে।


(ছ) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলাফলসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলাফলসমূহ হ’লঃ

(১) ১৯৭৫ চনৰ জৰুৰীকালী অৱস্থা ঘোষণাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ হাতত দেশৰ সকলো ক্ষমতা অধিনস্ত হয় আৰু কেন্দ্ৰ চৰকাৰ একক শক্তিশালী হৈ পৰে। 

(২) জৰুৰী কালীন অৱস্থাৰ প্ৰৱৰ্তনৰ ফলত কেন্দ্ৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী সকলো ক্ষমতা আহৰণ কৰি একক শক্তিশালী হৈ পৰে আৰু দেশত তেওঁ একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী শাসন চলাই।

(৩) জৰুৰী অৱস্থা ঘোষণাৰ আন এক ফল হ’ল জনসাধাৰণৰ মৌলিক অধিকাৰ বাতিলকৰণ। চৰকাৰে সেই সময়ছোৱাত জনগণৰ জীৱনৰ অধিকাৰ আৰু মৌলিক অধিকাৰসমূহ কাঢ়ি লৈ যায়।

(৪) জৰুৰী অৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ ফল হ”ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ বাতিল। এই সময়ছোৱাত চৰকাৰে দেশৰ মাধ্যমসমূহৰ বাতৰি প্ৰকাশত নিষেধাজ্ঞা জাৰি কৰিছিল। যিকোনো বাতৰি প্ৰকাশৰ পূৰ্বে সংবাদ মাধ্যমসমূহে চৰকাৰৰ অনুমতি ল’ব লগা হয়।

(৫) জৰুৰী অৱস্থাৰ আন এক ফল হ’ল নিবাৰক নিৰোধ আইনসমূহৰ প্ৰণয়ন। যাৰ সুবিধা লৈ চৰকাৰে বহু বিৰোধী নেতা আৰু বহু নিৰ্দোষী লোককো আতক কৰে।

(৬) জৰুৰী কালীন অৱস্থা ঘোষণাৰ আন এক ফল হ’ল যে সেই সময়ছোৱাত দেশত চলি থকা ধৰ্মঘট, হৰতাল আৰু আন্দোলনসমূহ নিষিদ্ধকৰণ। চৰকাৰে সকলো চৰকাৰ বিৰোধী আন্দোলনৰ, ধৰ্মঘট আৰু হৰতাল আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু দমন কৰাৰ চেষ্টা চলাই।

    ১৯৭৫ চনৰ জৰুৰী অৱস্থা ঘোষণাৰ উক্ত ধৰণৰ ফলফলসমূহ পৰিলক্ষিত হয়।


(জ) ১৯৭৭ চনৰ নিৰ্বাচনৰ তিনিটা প্ৰধান ফলাফল বৰ্ণনা কৰা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ তিনিটা প্ৰধান ফলাফল হ’লঃ

(১) কংগ্ৰেছ দলৰ আধিপত্যৰ অন্তঃ ১৯৭৭ চনৰ নিৰ্বাচনে পোন প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল পৰাজিত হয়। ১৯৭৭ চনৰ নিৰ্বাচনত পোন প্ৰথম বাৰৰ বাবে কংগ্ৰেছ শাসনৰ অন্ত পেলাই জনতা পাৰ্টিৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰা হয়। কিছু সময়ৰ বাবে হ’লেও ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত হয়।

(২) কেন্দ্ৰত পোন প্ৰথম বাৰৰ বাবে মৰ্চা চৰকাৰ গঠনঃ ১৯৭৭ চনৰ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ দৃশ্যপটে সলনি কৰি দিয়ে। এই নিৰ্বাচনতে পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰৰ গঠন হয়। জনতা পাৰ্টিৰ নেতৃত্বত বহু কেইটা দলে একত্ৰিত হৈ এই মৰ্চা চৰকাৰ গঠন কৰে।

(৩) অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণৰ বিষয়ঃ এই নিৰ্বাচনৰ পিছতে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিষয়টোৱে অধিক গুৰুত্ব পায় আৰু বিতৰ্কিত হৈ উঠে। বিশেষকৈ বিহাৰত এই সমস্যাটো অধিক জটিল হৈ পৰে। নতুন জনতা চৰকাৰখনে উক্ত সমস্যাটো সমাধানৰ বাবে মণ্ডল আয়োগৰ গঠন কৰি দিয়ে। 

 ১৯৭৭ চনৰ নিৰ্বাচনৰ উক্ত ধৰণৰ ফলফল সমূহ পৰিলক্ষিত হয়।


(ঝ) ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জৰুৰী ঘোষণাই ভাৰতীয় গণতন্ত্ৰত চেকা লগাইছিল। ভাৰতীয় দল প্ৰথাত ইয়াৰ প্ৰভাৱ মূল্যায়ন কৰা।

উত্তৰঃ ১৯৭৫ চনৰ ২৫ জুনত ভাৰতত ঘোষণা কৰা জৰুৰী অৱস্থাই ভাৰতীয় গণতন্ত্ৰত চেকা লগোৱাৰ লগতে ভাৰতীয় দল প্ৰথাতো ই গভীৰ প্ৰভাৱ পেলাইছিল। সেই প্ৰভাৱ সমূহ হ’লঃ

(১) জৰুৰী অৱস্থাৰ ঘোষণাই ভাৰতৰ ৰাজনীতিত স্বাধীনতাৰ পৰা একক আধিপত্য চলাই থকা কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত পেলাইছিল। কাৰণ জনসাধাৰণৰ পূৰ্বতে কংগ্ৰেছৰ প্ৰতি থকা আস্থা আৰু ভৰসা দলটোৱে হেৰুৱাই পেলাইছিল।

(২) জৰুৰী অৱস্থাৰ পিছৰ পৰাই ভাৰতীয় ৰাজনীতিত শক্তিশালী ৰূপত বিৰোধী দলৰ বিকাশ ঘটে। পোনপ্ৰথম বাৰৰ বাবে কেন্দ্ৰত বিৰোধী দলে চৰকাৰ গঠন কৰে।

(৩) জৰুৰী অৱস্থাৰ পিছতে কংগ্ৰেছক দমন কৰি জনতা দলে শক্তিশালী ৰূপত ভাৰতীয় ৰাজনীতিত থিয় দিয়ে আৰু পোন প্ৰথম বাৰৰ বাবে বহু দল একত্ৰিত হৈ মৰ্চা গঠন কৰে।

(৪) জৰুৰী অৱস্থা ঘোষণাৰ ফলতে পোন প্ৰথম বাৰৰ বাবে কংগ্ৰেছ দলত বিভাজনৰ সৃষ্টি হয়।

(৫) জৰুৰী অৱস্থাৰ ঘোষণাৰ ফলতে ভাৰতত বহু সংখ্যক ৰাজনৈতিক দল সংগঠনৰ সৃষ্টি হয়  আৰু ফলত কংগ্ৰেছে জনপ্ৰিয়তা হেৰুৱাব ধৰে ।

      ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জৰুৰী অৱস্থাৰ ঘোষণাই ভাৰতৰ দল প্ৰথাত এনেদৰে প্ৰভাৱ পেলাই।


(ঞ) কি অৰ্থনৈতিক পৰিস্থিতিত জৰুৰী কালীন অৱস্থা ঘোষণা কৰা হৈছিল?

উত্তৰঃ ভাৰতত ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণাৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশটোৰো যথেষ্ট অৰিহণা আছে।১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে ‘গৰীবী হটাও’ শ্ল’গানেৰে ভাৰততত দৰিদ্ৰতা নিৰ্মূলৰ প্ৰতিশ্ৰুতি দি জয়ী হৈছিল। কংগ্ৰেছ জয়ী হৈ শাসনভাৰ লোৱাৰ পাছতো কিন্ত ভাৰতত কোনো বিশেষ অৰ্থনৈতিক উন্নয়ন নহ’ল আৰু দৰিদ্ৰ জনগণৰো পৰিস্থিতিৰ কোনো উন্নতি নহ’ল। তদুপৰি বাংলাদেশ যুদ্ধইয়ো ভাৰতৰ অৰ্থনীতিৰ অধিক অৱনতি ঘটায়। আন্তঃৰাষ্ট্ৰীয় বজাৰতো তেলৰ অভাৱনীয় মূল্য বৃদ্ধিৰ ফলত ভাৰতত সামগ্ৰীবোৰৰ মূল্য বৃদ্ধি হয়। তদুপৰি উক্ত সময়ছোৱাত ভাৰতত অতি নিম্নহাৰত ঔদ্যোগিক বিকাশ ঘটাৰ লগতে নিৱনুৱা সমস্যাও উল্লেখযোগ্যভাৱে বৃদ্ধি হয়। মুখ্যতে গাওঁ অঞ্চলত এই সমস্যাটো অধিক বৃদ্ধি পায়! তদুপৰি চৰকাৰে দেশত ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰি দিয়াৰ ফলত তেওঁলোক চৰকাৰৰ প্ৰতি চৰমভাৱে অসন্তষ্ট হৈ পৰে। ইয়াৰোপৰি ১৯৭২-৭৩ চনৰ সময়ছোৱাত মৌচুমীৰ আগমন অভাৱত কৃষি শস্যৰ উৎপাদন ব্যাপক হাৰত হ্ৰাস পায়। এনেদৰে অৰ্থনৈতিকভাৱে চাৰিও ফালৰ পৰা সমস্যাৰে জৰ্জৰিত ভাৰতীয় জনগণ চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ অৱশেষত চৰকাৰ বিৰোধী আন্দোলনত নামি পৰে। ফলত দেশৰ এই অনিয়ন্ত্ৰিত আৰু বিশৃংখলতাৰ পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অৱশেষত ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে।


(ট)নক্সালপন্থী আন্দোলন কি? ভাৰতীয় ৰাজনীতিত ইয়াৰ ভূমিকা মূল্যায়ন কৰা।

উত্তৰঃ নক্সালপন্থী বা নক্সালবাদী আন্দোলন হ’ল ১৯৬৭ চনত পশ্চিমবংগত উদ্ভৱ হোৱা এক সশস্ত্ৰ আন্দোলন। ১৯৬৭ চনত পশ্চিমবংগৰ দাৰ্জিলিং পাৰ্বত্য জিলাৰ নক্সালবাড়ী আৰক্ষী চকীৰ অধীনৰ এলেকাটোৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) পৰা স্থানীয় নেতাসকলৰ নেতৃত্বত এক কৃষক আন্দোলনৰ গঠন হয় আৰু ই ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈ পৰে। এই আন্দোলনে হৈছে নক্সালপন্থী আন্দোলন। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল পুঁজিবাদী ব্যৱস্থাৰ উৎখাত কৰা। 

   নক্সালবাদী আন্দোলনে ভাৰতীয় ৰাজনীতিত বিশেষকৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন সময়ছোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই নক্সালপন্থী সংগঠনবোৰে ভাৰতৰ সংসদীয় গণতন্ত্ৰ আৰু চৰকাৰৰ ওপৰত বিশ্বাস কৰা নাছিল আৰু সশস্ত্ৰ আন্দোলনৰ সূচনা কৰিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত ই অধিক সক্ৰিয় হৈ পৰিছিল আৰু চৰকাৰৰ বিৰোধিতা কৰিছিল । এই আন্দোলনকাৰী সকলে পুঁজিবাদী ব্যৱস্থাৰ অন্ত কৰিবৰ বাবে সশস্ত্ৰ সংগ্ৰামৰ চলোৱাৰ ওপৰতহে বিশ্বাস কৰিছিল। নক্সালবাদী আন্দোলনকাৰীসকলে ধনী জমিদাৰসকলৰ পৰা কৃষিভূমি কাঢ়ি নি দৰিদ্ৰ ভূমিহীন খেতিয়কসকলৰ মাজত ভগাই দিছিল। এই আন্দোলনক পশ্চিমবংগৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰায়ে কঠোৰভাৱে দমন কৰিছিল। এই আন্দোলনৰ প্ৰভাৱ বৰ্তমান দিনতো মাওবাদী হিচাপে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আদিত মূলত আদিবাসী অধ্যুষিত অঞ্চলসমূহত আছে আৰু সক্ৰিয়ভাৱে এই মাওবাদী সকলে নিজ কাৰ্যকলাপ বৰ্তাই ৰাখিছে। নক্সালপন্থী বা নক্সালবাদী আন্দোলনকাৰী সকলে ভাৰতৰ আন আন আন্দোলনকাৰী তথা সশস্ত্ৰ বিদ্ৰোহী সকলক প্ৰেৰণা দি আহিছে। এনেদৰে ভাৰতীয় ৰাজনীতিত নক্সালপন্থী আন্দোলন ভূমিকা পালন কৰি আহিছে।


(ঠ) ১৯৭৩ চনৰ সংসদ আৰু ন্যায়পালিকাৰ বিবাদ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭৩ চনত ভাৰতত সংসদ আৰু ন্যায়পালিকাৰ সংঘাটে দেখা দিয়ে। দেশত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিয়ন্ত্ৰণ ক্ৰমাৎ অধিক শক্তিশালী হয়  আৰু তেওঁৰ স্বেচ্ছাচাৰীমূলক মনোভাৱো ক্ৰমাৎ বৃদ্ধি পায়। ফলত ভাৰতত  গণতন্ত্ৰৰ পৰিৱৰ্তে ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী শাসন প্ৰতিষ্ঠা হ’বলৈ ধৰে। এই সময়তে উচ্চতম ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী আৰু দমনকাৰী শাসনক প্ৰত্যাহ্বান জনায় আৰু এই ক্ষেত্ৰত তিনিটা সাংবিধানিক প্ৰশ্নৰ উশ্থাপিত হয়। প্ৰথম প্ৰশ্নটো  হ’ল সংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে?  দ্বিতীয় প্ৰশ্নটো হ’ল সংবিধান সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ হ্ৰাস কৰিব পাৰিনে? আৰু তৃতীয় প্ৰশ্নটো হ’ল  ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ স্বাৰ্থত সংসদে মৌলিক অধিকাৰৰ সংকুচন ঘটাব পাৰেনে? এই তিনিওটা প্ৰশ্নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উল্লেখযোগ্য প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰথম প্ৰশ্নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে মত ব্যক্ত কৰে যে সংসদৰ হাতত মৌলিক অধিকাৰ বাতিলৰ ক্ষমতা নাই। দ্বিতীয় প্ৰশ্নৰ ক্ষেত্ৰত মত প্ৰকাশ কৰে যে সংসদে মৌলিক অধিকাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে কোনো সংবিধান সংশোধনী কৰিব নোৱাৰে। আৰু তৃতীয় প্ৰশ্ন বা বিষয়টোৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংসদে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ স্বাৰ্থত মৌলিক অধিকাৰৰ সংকুচন ঘটাব নোৱাৰে। ইয়াৰ ফলত ন্যায়পালিকা আৰু সংসদৰ মাজত সংঘাটৰ উদ্ভৱ হয়। কেশৱানন্দ ভাৰতী মোকৰ্দমাত এই সংঘাত অতি স্পষ্টভাৱে প্ৰকাশ পায়।এই মোকৰ্দমাৰ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে কয় যে সংসদে সংবিধানৰ মৌলিক গাঁথনি  পৰিৱৰ্তন কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ দ্বাৰাই সংসদৰ সংবিধান সংশোধনৰ ক্ষমতাৰ ক্ষেত্ৰত নতুন সীমাবদ্ধতা জাৰি কৰে। সংসদে ইচ্ছা আৰু প্ৰয়োজন হ’লেই সংবিধানৰ যিকোনো অংশৰ সংশোধন কৰিব নোৱাৰে। 

  এনেদৰে ১৯৭৩ চনত ভাৰতত সংসদ আৰু ন্যায়পালিকাৰ মাজত সংঘাতৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়।


(ড) ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে? এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা।

উত্তৰঃ ১৯৭৭ চনত স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ শাসনৰ অন্ত পেলাই কংগ্ৰেছৰ বিৰোধী দল জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ গঠিত হয়। ভাৰতীয় ৰাজনীতিত এনে পৰিৱৰ্তন আৰু বিকাশৰ আঁৰত বহুতো কাৰণ আছে। তলত সেই কাৰৰণসমূহ উল্লেখ কৰা হ’ল। 

(১) প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী শাসনঃ ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰত প্ৰথমবাৰৰ বিৰোধী দলে চৰকাৰ গঠন কৰাৰ আঁৰৰ মূল কাৰণ হ’ল প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত চলোৱা স্বেচ্ছাচাৰী আৰু একনায়কত্ববাদ শাসন। যাৰ ফলত গোটেই দেশত এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় আৰু জনসাধাৰণৰ জীৱন অশান্তিৰে ভৰি পৰে। যাৰ ফলত জনসাধাৰণে ইন্দিৰা গান্ধীৰ শাসনৰ প্ৰতি অসন্তষ্ট হৈ ১৯৭৭ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিৰোধী দল জনতা পাৰ্টিক কংগ্ৰেছ দলৰ  বিকল্প হিচাপে বাছি লয় আৰু জয়যুক্ত কৰি শাসনত অধীস্থিত কৰে। তেতিয়াৰ পৰাই ভাৰতত কংগ্ৰেছ বিৰোধী ৰাজনৈতিক দলসমূহৰ বিকাশ আৰম্ভ হয়।

(২) জৰুৰী অৱস্থাৰ ঘোষণাঃ  তাৰোপৰি ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত দেশত ঘোষণা কৰা জৰুৰী অৱস্থাও ভাৰতীয় ৰাজনীতিত বিৰোধী দলৰ বিকাশৰ এক অন্যতম কাৰণ। জৰুৰী অৱস্থাৰ ঘোষণাই দেশত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰে দেশৰ নাগৰিকসকলৰ জীৱনৰ অধিকাৰ তথা মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছিল লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা কাঢ়ি লৈছিল আৰু দেশত চলি থকা আন্দোলন, ধৰ্মঘট, হৰতাল আদিক কৰা কঠোৰ দমন আদি বহু ধৰণৰ বেআইনী কাম-কাজৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্ৰতি অসন্তষ্ট হৈ জনসাধাৰণে বিৰোধী দল জনতা পাৰ্টিক কংগ্ৰেছৰ বিকল্প হিচাপে বাছি লয় ইয়াৰ ফলত ভাৰতৰ ৰাজনীতিত বিৰোধী দলৰ বিকাশ আৰম্ভ হয়।

(৩) জনসাধাৰণৰ চৰকাৰৰ প্ৰতি বিক্ষোভঃ ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী শাসনৰ প্ৰতি সৃষ্টি হোৱা বিক্ষোভে বিৰোধী দলৰ বিকাশত মুখ্য ভূমিকা পালন কৰিছিল আৰু চৰকাৰ গঠনত সহায় কৰিছিল।

(৪) কংগ্ৰেছ দলত আভ্যন্তৰীণ বিভাজনঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে বিৰোধী দলৰ বিকাশৰ এক মুখ্য কাৰণ  কংগ্ৰেছ দলৰ মাজত সৃষ্টি হোৱা বিভাজন যি দলটোক দুৰ্বল কৰি তুলিছিল আৰু বিৰোধী দলৰ শক্তিশালী বিকাশত সহায় কৰিছিল।

(৫) চৰকাৰী বিৰোধী আন্দোলনসমূহৰ নেতাৰ একত্ৰীকৰণঃ জৰুৰীকালীন সময়ত দেশত চলি থকা চৰকাৰ বিৰোধী সকলো আন্দোলন, প্ৰতিবাদক ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰে কঠোৰভাৱে দমন কৰিছিল আৰু জয়প্ৰকাশ নাৰায়ণকে ধৰি জনপ্ৰিয় নেতাসকলক কাৰাগাৰত বন্দী কৰিছিল। এই নেতাসকলে আৰু জনসাধাৰণে একত্ৰিত হৈ জনতা দল গঠন কৰি কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দি জয়ী হয়। এই নেতাসকলৰ একত্ৰীকৰণে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বিৰোধী দলৰ শক্তিশালী বিকাশ আৰু চৰকাৰ গঠনত অৰিহণা যোগায় ।

   উক্ত কাৰণসমূহে মই ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰবিৰোধী দলৰ চৰকাৰ গঠনৰ পথৰ বিকাশৰ কাৰণ বুলি ভাবো।


(ঢ) জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭৫ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে বহুখিনি শিক্ষা গ্ৰহণ কৰে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) ১৯৭৫ চনত ভাৰতত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাই ভাৰতৰ গণতন্ত্ৰৰ দুৰ্বলতা আৰু সফলতাসমূহ প্ৰতিফলিত কৰিলে। যদিও জৰুৰী অৱস্থাৰ সময়ত ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অৱসান ঘটিছিল কিন্ত ইয়াৰ পৰৱৰ্তি সময়ৰ ঘটনাৱলী আৰু পৰিস্থিতিত ই অতি শীঘ্ৰেই পুনৰ জীয়াই উঠে। ই ইয়াকে প্ৰমাণ কৰে যে জৰুৰীকালীন অৱস্থা সদৃশ ভয়াৱহ পৰিস্থিতিতো ভাৰতীয় গণতন্ত্ৰ নিৰ্মূল নহয়।

(২) জৰুৰীকালীন অৱস্থাই ভাৰতক আন এক গুৰুত্বপূৰ্ণ শিক্ষা দিলে যে আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা স্বাধীন হ’ব লাগে। আমোলাতন্ত্ৰ সদায় স্বাধীন আৰু নিৰপেক্ষ হোৱাটো উচিত। শাসনত থকা দলৰ মতাদৰ্শ আৰু নীতিৰ প্ৰতি দায়বদ্ধ হোৱাৰ পৰিৱৰ্তে আমোলাতন্ত্ৰ দেশৰ সংবিধান প্ৰতিহে দায়বদ্ধ হোৱাটো উচিত। ঠিক তেনেদৰে দেশৰ ন্যায়পালিকা কাৰ্যপালিকাৰ অধিনস্থ হোৱাৰ বিপৰীতে স্বতন্ত্ৰ হোৱাটো উচিত আৰু নাগৰিকৰ অধিকাৰ আৰু  সংবিধানৰ ৰক্ষা কৰাৰ দায়িত্ব পালন কৰা উচিত।

(৩) জৰুৰীকালীন অৱস্থাই ভাৰতক প্ৰদান কৰা আন এক উল্লেখযোগ্য শিক্ষা হ’ল যে চৰকাৰে সদায় সংবিধান মানি চলি দেশৰ শাসন কাৰ্য চলাৱাটো উচিত। সংবিধানেই দেশৰ সৰ্বোচ্চ শক্তি আৰু  সংবিধানক সুৰক্ষা দিয়াটো ন্যায়পালিকাৰ দায়িত্ব যাৰ অবিহনে দেশৰ সাংবিধানিক ব্যৱস্থালৈ সংকট আহিব পাৰে।

(৪) ১৯৭৫ চনত ঘোষণা কৰা জৰুৰী অৱস্থাৰ দ্বাৰা সংবিধানৰ পৰা জৰুৰী অৱস্থাৰ অস্পষ্টতা আঁতৰ কৰা হয়।  সম্প্ৰতি  দেশত কেৱল সশস্ত্ৰ আন্দোলনৰ পৰিপ্ৰক্ষিততহে  আভ্যন্তৰীণ জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰিব পাৰি আৰু তাৰ বাবে মন্ত্ৰীসভাই ৰাষ্ট্ৰপতিলৈ দিখিত পৰামৰ্শ প্ৰদান কৰিব লাগিব। 

(৫) জৰুৰী অৱস্থাই সকলো ভাৰতীয়ক নাগৰিক স্বতন্ত্ৰতাৰ মূল্য সম্পৰ্কে শিক্ষা দিয়ে আৰু সজাগ কৰি তোলে। ন্যায়পালিকাই জৰুৰী অৱস্থাৰ পিছৰ পৰাই জনগণৰ নাগৰিক স্বতন্ত্ৰতা ৰক্ষাৰ হকে সক্ৰিয় ভূমিকা পালন কৰিবলৈ ধৰে।

(৬) ১৯৭৫ চনৰ জৰুৰী অৱস্থাই আন এক শিক্ষা দিয়ে যে গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা কাঢ়ি ল’ব নালাগে। সংবাদ মাধ্যমে জনগণৰ মনত ৰাজনৈতিক সচেতনতা আৰু সজাগতাৰ সৃষ্টিত বিশেষ অৰিহণা যোগায় আৰু গণতন্ত্ৰক সফল কৰাত সহায় কৰে।

    ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পৰা ভাৰতে উক্ত শিক্ষাসমূহ লাভ কৰে।


(ণ) জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ পিছত দেশৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰে। তলত সেইসমূহ আলোচনা কৰা হ’লঃ 

(১) জৰুৰীকালীন সময়ছোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰকাৰখনে গ্ৰহণ কৰা  সংবিধানৰ ৪২ নং সংশোধনী আইনৰ প্ৰায়বোৰ নেতিবাচক ব্যৱস্থা জনতা চৰকাৰে ৪৪ নং সংবিধান সংশোধনী আইনৰ দ্বাৰা দূৰ কৰে।

(২) তদুপৰি জনতা চৰকাৰে সম্পত্তিৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰৰ পৰা তুলি আনি আইনগত অধিকাৰৰ মৰ্যাদা দিয়ে।

(৩) জনতা চৰকাৰে গ্ৰহণ কৰা আন এক উদ্যোগ হ’ল ই লোকসভা আৰু ৰাজ্য বিধানসভাৰ কাৰ্যকাল ৬ বছৰৰ পৰা আকৌ ৫ বছৰলৈ হ্ৰাস কৰে।

(৪) জনতা চৰকাৰে মন্ত্ৰীসভাই ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পৰামৰ্শাৱলী পুনৰ বিবেচনাৰ বাবে উভতাই পঠিওৱাৰ অধিকাৰ প্ৰদান কৰি ৰাষ্ট্ৰপতিৰ পদমৰ্যাদা বৃদ্ধি কৰে।

(৫) জনতা চৰকাৰে পূৰ্বৰ ইন্দিৰা গান্ধী চৰকাৰখনে দেশৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি লোৱা ক্ষমতা আৰু সন্মান পুনৰ প্ৰতিষ্ঠা কৰে।

(৬) জনতা চৰকাৰখনে ৰাষ্ট্ৰৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ তুলনাত মৌলিক অধিকাৰক উচ্চ স্থান আৰু সন্মান প্ৰদান কৰে।

(৭) জনতা চৰকাৰে পূৰ্বৰ চৰকাৰখনে জৰুৰী অৱস্থাৰ সময়ছোৱাত দেশত জাৰি কৰা কঠোৰ আৰু বিতৰ্কিত আইনসমূহ বাতিল কৰে। 

      জনতা চৰকাৰে ১৯৭৭ চনত শাসনত অধিনস্ত হোৱাৰ পিছত উক্ত ধৰণৰ উদ্যোগসমূহ গ্ৰহণ কৰে।


Nikita Chetia

(M.A in Political Science)