Lesson ১
লাহে লাহে
👉Text Book PDF
👉MCQ Online Exam
👉Chapter 1 MCQs Answer
ক্ৰিয়া কলাপঃ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
টিং = শিখৰ
দেশান্তৰ = অন্য দেশ
বক্তৃতা = সভাত কোৱা কথা; ভষণ
আপুনি = স্বয়ং; নিজে
(1) প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ
ক) পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি ?
উত্তৰঃ এখোজ এখোজকৈ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি।
খ) পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয় ?
উত্তৰঃ একোটা একোটা কৰি আখৰ জোঁটাই পুথি-পাঁজিবোৰ লিখা হয়।
গ) দীঘল কাপোৰখন কেনেদৰে বোৱা হয় ?
উত্তৰঃ এডাল এডাল কৰি সূতা বৈ বৈ দীঘল কাপোৰখন বোৱা হয়।
(২) পঢ়াঁ, বুজা আৰু লিখাঁঃ
এক খোজ-- এখোজ
এক ভৰি --এভৰি
এক ডাল - এডাল
এক টোপ - এটোপ
এক টি - এটি
এক আষাৰ - এআষাৰ
দুই খোজ - দুখোজ
দুই ভৰি - দুভৰি
দুই ডাল - দুডাল
দুই টোপ - দুটোপ
দুই টি - দুটি
দুই আষাৰ - দুআষাৰ
(৩) লাহে লাহে আগ বাঢ়া কৰি মন ডাঠ
আধৰুৱা এষাৰো নেৰিবা
তোমাৰ অচীন আজি বহু পুথি-পাঁজি
সময়ত আপুনি দেখিবা।
ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখাঁ
উত্তৰঃ মনটো ডাঠ কৰি একো আধৰুৱা নোৰোৱাকৈ লাহে লাহে আগবাঢ়িব দিছে তেতিয়া অচিনাকি বহু পুথি-পাঁজি সময়ত সকলো চিনাকি হৈ পৰিব।
(৪) খালী ঠাই পূৰ কৰাঁঃ
(ক) কৰি বাঢ়ি গৈ গৈ
দেখা পোৱা গছজুপি।
উত্তৰঃ এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ
দেখা পোৱা বৰ গছজুপি
(খ) এষাৰ পঢ়ি পঢ়ি
আন সকলো পাহৰি।
উত্তৰঃ এষাৰ-দুষাৰকৈ পঢ়ি পঢ়ি যোৱা
আন ভাৱ সকলো পাহৰি।
(৫) অভিধান চাই অৰ্থ লিখাঃ
প্ৰবাহিত- বৈ থকা
পৰিহৰি- পাহৰি
অচীন - অচিনাকী।
(৬) ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
ক-অংশ খ-অংশ
গছ - টাৰি
বাঢ়নী - জাক
চৰাই - টো
কল - জোপা
চাদৰ - খন
ধাননী - থোক
কলম - টাৰ
চুলি - ডৰা
উত্তৰঃ ক-অংশ খ অংশ
গছ --------------------- জোপা
বাঢ়নী --------------------- টাৰ
চৰাই ---------------------- জাক
কল ---------------------- থোক
চাদৰ ----------------------- খন
ধাননী -------------------- ডৰা
কলম ------------ টো
চুলি ---------------------- টাৰি
Type: Pallab Jyoti Bora
Author: Geetanjali Bora
Check by - Mukesh Borah