পাঠ-দশম 

বৰৰজা ফুলেশ্বৰী কু্ঁৱৰী 



১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ।


ক) কিমান খ্ৰিষ্ঠাব্দত শিৱ সিংহই আহোম ৰাজপাটত আৰোহন কৰিছিল ? 

উত্তৰঃ ১৭১৪ খ্ৰিষ্টাব্দত শিৱ সিংহই ৰাজ-পাটত উঠিছিল।

খ) শিৱ সিংহ আৰু ফুলেশ্বৰী  কু্ঁৱৰীয়ে শৰন লোৱা পণ্ডিত জনৰ নাম কি ?

উত্তৰঃ শিৱ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিত জনৰ নাম আছিল- কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বা গীশ।

গ) শৰন মানে কি?

উত্তৰঃ শৰণ মানে দীক্ষা লোৱা।

ঘ)ৰাজক্ষমতা  লাভ কৰি ফুলেশ্বৰীয়ে  কু্ঁৱৰীয়ে কি নামেৰে  জনা যায় ?

উত্তৰঃ ৰাজসভা লাভ কৰি ফুলেশ্বৰী কুঁৱৰীয়ে প্ৰমথেশ্বৰী নাম গ্ৰহণ কৰিলে।

ঙ) ফুলেশ্বৰী  কু্ঁৱৰী প্ৰথমে কি ,নামেৰে  পৰিচিত আছিল ?

উত্তৰঃ ফুলেশ্বৰী কুঁৱৰী প্ৰথমে নাচনী নামেৰে জনাজাত আছিল।

চ) ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালিখনৰ নাম কি আছিল ?

উত্তৰঃ ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালি খনৰ নাম হ'ল- বৰৰজা পঢ়াশালি।


2) স্বৰ্গদেউ ৰুদ্ৰসিংহ পাচঁজন পুএৰ নাম একাদিক্ৰমে লিখাঁ?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পাঁচজন পুত্ৰৰ নাম একাদিক্ৰমে হ'ল- শিৱ সিংহ, প্ৰমণ্ড সিংহ, মোহন মালা গোহাঁই, ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহ।


৩)  ছএ-ভংগ যোগ কথাষাৰৰ  অৰ্থ কি আছিল লিখাঁ ?

উত্তৰঃ এই ছত্ৰ নোহোৱা কথাটোৱেই ৰজা ভগা যোৱা বা ৰাজক্ষমতাৰ হেৰুওৱাৰ কথাকে বুজাইছিল তাকে ছত্ৰ-ভংগ যোগ বোলে।


৪) বিদ্যাৰ শিক্ষাৰ প্ৰতি বৰৰজাৰ কেনে ,মনোভাৱ গ্ৰহন কৰিছিল লিখাঁ ?

উত্তৰঃ নিজে অতি সাধাৰণ অৱস্থাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা ফুলেশ্বৰী বিদ্যা-শিক্ষা গ্ৰহণৰ উপযুক্ত সুবিধা পোৱা নাছিল।সেয়ে ৰাজক্ষমতা লাভ কৰি তেওঁ বিদ্যা-শিক্ষা লাভৰ সুবিধাৰ বাবে ৰাজ্যত কেইবাখনো টোল অৰ্থাৎ পঢা়শালি স্থাপন কৰিছিল। ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালিখন বৰৰজাৰ 'পঢ়াশালি' নামেৰে জনাজাত হৈ পৰিছিল।কবিৰাজ চক্ৰৱৰ্তী নামেৰে পণ্ডিতজনক 'শকুন্তলা' নামৰ নাটকখন অসমীয়া পদ্যলৈ ভাঙনি কৰিবলৈ বৰৰজা আৰু শিৱ সিংহ দুয়োজনেই পৃষ্ঠপোষকতা আগবঢ়াইছিল।

৫) বৰৰজা  ফুলেশ্বৰী ৰাজত্বকালত বৈষ্ণৱ -মহন্তসকলৰ  ক্ষেএত কি ঘটনা  ঘটিছিল লিখাঁ।

উত্তৰঃ স্বৰ্গদেউ শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰী দুয়ো দুৰ্গা দেৱীৰ পৰম ভক্ত আছিল।এবাৰ ৰজাঘৰত অনুষ্ঠিত হোৱা দুৰ্গা পূজালৈ বৈষ্ণৱ,গোঁসাই,মহন্ত সকলোকে নিমন্ত্ৰণ কৰা হ'ল।পূজাৰ নিয়ম অনুসৰি ছাগলী,ম'হ আদি বলি দিয়া হৈছিল।ফুলেশ্বৰীৰ আদেশ মতে পূজালৈ অহা বৈষ্ণৱ,মহন্ত সকলোকে বলি দিয়া জন্ত্তৰ তেজৰ ফোঁট দিয়া হ'ল,পূজাৰ সেন্দুৰ-চন্দনত ফোঁট দিয়া হ'ল।পূজাৰ প্ৰসাদ খাবলৈ,দুৰ্গা দেৱীৰ প্ৰতিমাৰ সন্মুখত আঁঠু লৈ সেৱা কৰিবলৈ সেই অতিথইসকলক বাধঅযা কৰোৱা হ'ল।পূজালৈ অহা বৈষ্ণৱ-মহন্তসকলৰ মাজত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা মোৱ ামৰীয়া সম্প্ৰদায়ৰ মানুহো আছিল।বৰৰজাৰ এই কামে বৈষ্ণৱ ধৰ্মালম্বী গোসাঁই-মহন্তসকলৰ মনত তীব্ৰ আঘাত দিছিল।তেওঁলোকে ভাবিছিল যে ৰজা-ৰাণী দুয়ো অভিসন্ধি কৰিয়েই এইদৰেই তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসক অপমান কৰিছিল।বৰৰজাৰ এই কাৰ্যৰ ফলতেই পৰৱৰ্তী সময়ত আহোম ৰজাঘৰৰ বিৰুদ্ধে ঘৃণা আৰু অসন্ত্তষ্টি বৃদ্ধি পাইছিল।এই ঘৃণা আৰু অসন্ত্তষ্টিয়েই পিছলৈ এখ মোৱমৰীয়া বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।


৬) বৰৰজা ফুলেশ্বৰীৰ ব্যক্তিত্ব আৰু কাম-কাজৰ বিষয়ে বুজাই লিখাঁ। 

উত্তৰঃ বৰৰজা ফুলেশ্বৰী শিৱ সিংহৰ পত্নী হোৱাৰ আগতে এগৰাকী নৃত্য শিল্পী আছিল। তেখেতক নটৰ জীয়ৰী বুলি কোৱা হৈছিল। বৰৰজা ফুলে্বৰীৰ দিনত বৈষ্ণৱ-মহন্তসকলৰ প্ৰতি এক অতি অসন্মানজনক কাৰ্য কৰা হ'ল। তেখেতে বিদ্যা-শিক্ষা লাভৰ বাবে ৰাজ্যত কেইবাখনো টোল স্থাপন কৰিছিল। ৰংপুৰত তেখেতে প্ৰতিস্থা কৰা পঢ়াশালিখনক 'বৰৰজাৰ পঢ়াশালি ' নামেৰে জনা যায়। তেখেতৰ ৰাজত্ব কালত অসম ইতিহাসৰ এক অতি আকৰ্ষণীয় অধ্যায় বুলি নিঃসন্দেহে আখ্যা দিব পৰা যায়।


Author- DIKHA BORA

Check by - Mukesh Borah