অধ্যায়ঃ ১২

 বিদ্যুত 

1. চমু উত্তৰ দিয়া : 

a ) টর্চ লাইট এটাত কিহে বিদ্যুতৰ যােগান ধৰে ? 

উত্তৰঃ টৰ্চ লাইট এটাত বেটাৰিয়ে বিদ্যুতৰ যোগান ধৰে।

b ) বর্তনী এটাত থকা মূল উপাংশ কেইটা আৰু কি কি ? ) 

উত্তৰঃ বৰ্তনী এটাত থকা মূল উপাংশ 

c) বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া কাক বােলে ? 

উত্তৰঃ তাঁৰ এডালৰ মাজেৰে বিদ্যুত প্ৰৱাহিত হ'লে তাঁৰডাল উত্তপ্ত হয়। ইয়াকে বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে।

d ) বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া ব্যৱহাৰ হােৱা তিনিবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰ ঃ বৈদ্যুতিক বাল্ব, ইস্ত্ৰি, 

e )বৈদ্যুতিক বাল্ব ফিলামেন্টডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ  বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেন নামৰ এবিধ পদাৰ্থৰে তৈয়াৰ কৰা হয়।

f ) ফিউজ কি ? কি নীতিৰ ওপৰত ভিত্তি কৰি ফিউজ সজা হয় ? 

উত্তৰঃ ফিউজ হ'ল এবিধ সুৰক্ষা আহিলা।  ফিউজ সজা নীতিটো হ'ল- কোনো এবিধ পদাৰ্থই এক নিদিৰ্ষ্ট উষ্ণতা লাভ কৰিলে পদাৰ্থবিধ গলি যায়।

g ) সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এমচিবি ব্যৱহাৰ কৰাৰ এটা সুবিধা উল্লেখ কৰাঁ । . 

উত্তৰঃ সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ এম চি. বি. ব্যৱহাৰ কৰাৰ এটা সুবিধা হ'ল-

ঘৰত লাগিব পৰা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাব পাৰি।

2. শুদ্ধ উত্তৰটো বাছি উলিওরা : 

i ) তলৰ কোনবিধ সুৰক্ষা আহিলা ? 

a ) ছুইচ b ) এলইডি c) ফিউজ d ) বেটাৰি 

উত্তৰঃ ) C) ফিউজ

ii ) অত্যধিক বিদ্যুৎপ্রবাহ চালিত হােৱাৰ ফলত হ'ব পৰা দুৰ্ঘটনাৰপৰা ৰক্ষা পাবলৈ তলৰ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় ? 

a ) এমচিবি b ) এলইডি c ) ছুইচ d ) ৰােধ  

উত্তৰঃ  a ) এমচিবি


iii ) বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পর্ক থকা বুলি পােনপ্রথমে কোনে প্রমাণ কৰিছিল ? 

a ) অৰ’ষ্টেডে b ) আইনষ্টাইনে c ) হাইজেনবার্গে d ) ৰাৰফৰ্ডে 

উত্তৰঃ a ) অৰ’ষ্টেডে

iv ) তলৰ কোনবিধ আহিলাত বিদ্যুৎচুম্বক ব্যৱহাৰ হয় ? 

a ) কলিং বেল বা বৈদ্যুতিক ঘণ্টা b ) ৰেফ্রিজাৰেটৰ c ) বাল্ব d ) ইস্ত্রি 

উত্তৰঃ a ) কলিং বেল বা বৈদ্যুতিক ঘণ্টা 

v ) অমিলটো বাছি উলিওৱা 

a ) এম চি বি b ) কাট আউট c ) ফিউজ d ) ছুইচ 

উত্তৰঃb ) কাট আউট 

3. তলত দিয়া বৈদ্যুতিক উপাংশবােৰৰ চিহ্ন অংকন কৰাঁ । 

a ) বিদ্যুৎকোষ b ) পৰিবাহী c ) বৈদ্যুতিক বাল্ব d ) ছুইচ 

4. এটা বেটাৰি , এটা বাল্ব আৰু এটা ছুইচ থকা বর্তনী এটাৰ চিত্র অংকন কৰাঁ । 

5. বাল্ক এটা জ্বলাই থ’লে গৰম হয় কিয় ?

উত্তৰঃ বাল্ব এটা জ্বলাই থ'লে গৰম হয় কাৰণ- বাল্বৰ ফিলামেন্ট ডালত অধিক পৰিমাণৰ তাপ উৎপন্ন হয়।  

6. বিদ্যুৎপ্রবাহৰ তাপীয় ক্রিয়া দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । 

উত্তৰঃ বিদ্যুত প্ৰবাহৰ তাপীয় ক্ৰিয়া দেখুৱাবলৈ এটা পৰীক্ষা

পৰীক্ষা-  এটা কাঠৰ টোকোৰা লোৱা। কাঠৰ টুকুৰাটোচ 7 ছেন্টিমিটাৰ মান ব্যৱধানত গজাল দুটা পুতি দিঁয়া। গজাল দুটা চিৰিচ কাগজৰে পৰিস্কাৰ কৰি ল'বা। নিক্ৰমৰ তাঁৰডাল বলপেনৰ ৰিলিফত পকাই স্প্ৰীং আকাৰৰ কৰি লোৱাঁ।  এতিয়া বস্তুকেইপদ ব্যৱহাৰ কৰি বৰ্তনী এটা সাজা। ছুইচটো অন কৰি দহ ছেকেণ্ডমানৰ বাবে বৰ্তনীটো মাজেৰে বিদ্যু প্ৰবাহিত হয়। বিদ্যুত বন্ধ হোৱাৰ পাছত তাঁৰডাল চুই চোৱা। গৰম অনুভৱ কৰিবা। ইয়াৰ পৰা গম পোৱা যায় যে বিদ্যুত পিৰবাহিত হ'লে পৰিবাহীডালত তাপ উৎপন্ন হয়।

7. বৈদ্যুতিক বাল্ব এটাই কেনেদৰে পােহৰ দিয়ে ? 

উত্তৰঃ বাল্ব এটাত ফিলামেন্ট থাকে বিদ্যুত প্ৰবাহিত হলে ফিলামেন্টডাল গৰম হৈ পোহৰ বিলায়।

৪. বৈদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা হয় কিয় ? 

উত্তৰঃ বাদ্যুতিক বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে তৈয়াৰ কৰা হয় কাৰণ- অইন পদাৰ্থৰ তুলনাত টাংষ্টেনেৰে বিদ্যুত প্ৰবাহিত হলে অধিক তাপ উৎপন্ন হয়।

9. বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎপ্রবাহ চালিত হলে তুমি কি ঘটিব বুলি আশা কৰা

উত্তৰঃ বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণৰ বিদ্যুৎপ্ৰবাহ চালিত হলে বাল্বৰ ফিলামেন্টডাল ছিঙি থাকিব। কিন্তু কেতিয়াবা অগ্নি কাণ্ড হোৱাৰ সম্ভাৱনা থাকে। 

10. ফিউজ এটা কেনেদৰে সজা হয় ? ই কেনেদৰে কাম কৰে ?

উত্তৰঃ কোনো এবিধ পদাৰ্থই এক নিদিৰ্ষ্ট উষ্ণতা লাভ কৰিলে পদাৰ্থবিধ গলি যায় এলেদৰে এই ফিউজ তৈয়াৰ কৰা হয়। 

যদি আৱশ্যকতকৈ বেছি পৰিমাণৰ বিদ্যুত প্ৰবাহিত হয় তোতিয়া আহিলাবিধ বেয়া হয় তেতিয়া এই ফিউজ ব্যৱহাৰ কৰা হয়। 

11. অৰ’ষ্টেডৰ পৰীক্ষাটো চিত্রসহ বর্ণনা কৰাঁ । 

উত্তৰঃ 



12. লােৰ গজাল এটাক কি পদ্ধতিৰে বিদ্যুৎচুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বৰ্ণনা কৰাঁ । 

উত্তৰঃ লোৰ গজাল এটাৰ ওপৰত তামৰ তাঁৰেৰে 30 টা পাক দি তাঁডালৰ লগত বিদ্যুত কোষটো  আৰু চুইচ এটা সংযোগ কৰি এটা আলপিন গজালটোৰ ওচৰলৈ আনা চোৱা গজালটো  আকৰ্ষিত হৈছে নে নাই। 

13. খালী ঠাই পূৰ কৰা 

a ) টাংষ্টেনৰ গলনাংক তামতকৈ । ( বেছি / কম ) 

উত্তৰঃ বেছি।

b ) বিদ্যুৎপ্রবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক বিদ্যুত চুম্বক বােলে । 

c ) বিদ্যুৎ প্রবাহিত হােৱাৰ ফলত পৰিবাহী তাৰ এডালৰ চাৰিওফালে এখন  চুম্বকক্ষেত্ৰৰ সৃষ্টি হয় ।  



DIKHA BORA