বতৰ আৰু জলবায়ু
👉Text Book PDF
👉Short Question Answer
👉MCQs Answer
👉MCQ Online Exam
১ | উত্তৰ লিখা :
( ক ) বতৰ বুলিলে কি বুজা ?
উত্তৰঃ কোনো এখন ঠাইত, কোনো এটটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি লগ লাগি সৃষ্টি কৰা অৱস্থাটোকেই বতৰ বোলে।
( খ ) জলবায়ু বুলিলে কি বুজা ?
উত্তৰঃ এখন ঠাইৰ ৩০-৪০ বছৰৰ বতৰৰ গড়ৰ অৱস্থাটোকেই জলবায়ু বোলে।
( গ )বতৰৰ উপাদানসমূহ কি কি ?
উত্তৰঃ বতৰৰ উপাদান সমূহ হ'ল- সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি।
( ঘ ) জলবায়ু নিয়ন্ত্রণ কৰা চাৰিটা কাৰকৰ নাম লিখা ।
উত্তৰঃ জলবায়ু নিয়ন্ত্ৰণ কৰা চাৰিটা কাৰকৰ নাম হ'ল- অক্ষাংশ, উদ্ভিদ, বতাহ, ভূ-প্ৰকৃতি।
২। কাৰণ দেখুওৱা :
( ক ) গুৱাহাটীৰপৰা মাত্র ১০০ কিমি . দূৰত অৱস্থিত হলেও ছিলঙৰ জলবায়ু শীতল কিয় ?
উত্তৰঃ গুৱাহাটীৰ পৰা োছিলঙৰ দূৰত্ব মাত্ৰ ১০০ কি'লমিটাৰ কিন্ত্ত ছিলং সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১৬০০মিটাৰ উচ্চতাত অৱস্থিত কাৰণে গুৱাহাটীত ৩৬ ডিগ্ৰী উচ্চতা হ'লেও সেই একে সময়তে ছিলঙৰ উচ্চতা হ'ব প্ৰায় ৩০ ডিগ্ৰী ছেলছিয়াছ। সেইবাবে গুৱাহাটীৰ পৰা মাত্ৰ ১০০ কিমি. দূৰত অৱস্থিত হ'লেও ওছিলঙ জলবায়ু শীতল।
( খ )নিৰক্ষীয় অঞ্চলত গছবােৰ সেউজীয়া কিয় ?
উত্তৰঃ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে বাবে, তাৰ বায়ু গৰম হৈ পাতল হৈ ওপৰলৈ উৰে।সেই ঠাই পূৰাবলৈ ক্ৰান্তিদ্বয়ৰ পৰা বায়ু বৈ আহে।এই বতাহ বলাৰ বাবে নিৰক্ষীয় অঞ্চলত গছবোৰ সেউজীয়া হয়।
( গ ) ক্রান্তীয় অঞ্চলৰ পশ্চিমফালত পৃথিৱীৰ ডাঙৰ মৰুভূমিবােৰ অৱস্থিত কিয় ?
উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ সাগৰৰ পৰা দূৰত অৱস্থিত কাৰণে অত্যন্ত গৰম।ইয়াৰ ওপৰত থকা বায়ুৰ ঘনীভৱন হৈ বৰষুণ নহয়। অঞ্চলটোৰ কোনো ঠাইত কেইবা বছৰ নোহোৱাকৈ থাকে।এইবোৰ অঞ্চলৰ অৰ্থাৎ ক্ৰান্তীয় অঞ্চলৰ পশ্চিমফালত পৃথিৱীৰ ডাঙ মৰুভূমি বোৰ অৱস্থিত।
৩। পার্থক্য দেখুওৱা :
( ক )বতৰ আৰু জলবায়ু ।
1) বতৰ সঘনে সলনি হয়।আনহাতে জলবায়ু সঘনে সলনি নহয়।
২)বতৰ হ’ল কোনো এখন ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ সূৰ্যৰ তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা।
আনহাতে জলবায়ু হ’ল কমেও ৩০-৪০ বছৰৰ বতৰৰ গড় অৱস্থা।
৪। অক্ষাংশৰ ভিত্তিত পৃথিৱীক জলবায়ু অঞ্চলত ভাগ কৰাঁ ।
উত্তৰঃ অক্ষাংশৰ ভিত্তিত পৃথিৱীক কেইটামান তাপ মণ্ডলত ভাগ কৰা হৈছে।সেয়া হ'ল- কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তিলৈ উষ্ণ মণ্ডল, কৰ্কটক্ৰান্তিৰ পৰা সুমেৰু বৃত্তলৈ নাতিশীতোষ্ণ মণ্ডল আৰু সুমেৰু বৃত্তৰ পৰা উত্তৰ মেৰুবিন্দুলৈ, কুমেৰু বৃত্তৰপৰা দক্ষিণ মেৰু বিন্দুলৈ হিমমণ্ডল বা শীতমণ্ডল।
৫। বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম লিখ ।
উত্তৰঃ বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম হ'ল- মালয়ছিয়া, ইণ্ডনেছিয়া, আমাজান আৰু কঙ্গ ' নদীৰ অৱবাহিকা, আফ্ৰিকাৰ গিনি উপকুল, পশি্চিম ভাৰতীয় দ্বীপপুঞ্জ, মালয় উপদ্বীপ, নিউগিনি।
৬। বিষুৱীয় অঞ্চলৰ উদ্ভিদৰ বিষয়ে লিখা ।
উত্তৰঃ বিষূৱীয় অঞ্চলবোৰ অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে গছ-গছনিবোৰ ওখ আৰু ডাঙৰ।ঢ়েকীয়াজাতীয় গছ লতা আৰু পৰাশ্ৰয়ী উদ্ভিদ যথেষ্ট বেছি।গছৰ পাতবোৰ সেউজীয়া হৈ থাকে আৰু নসৰে সেয়ে 'অঞ্চলটোৰ অৰণ্যক চিৰসেউজ অৰণ্য'বুলি কোৱা হয়।
৭। কি কাৰণে মৰুভূমিৰ সৃষ্টি হৈছে বুজাই লিখা ।
উত্তৰঃ সাগৰৰ পৰা দূৰৈত অৱস্থিত ঠাইবোৰ অত্যন্ত গৰম।ইয়াৰ ওপৰত থকা বায়ুৰ ঘনীভৱন হৈ বৰষুণ নহয়।অঞ্চলটোৰ কোনো ঠাইত কেইবাবছৰ ধৰি বৰষুণ নোহোৱাকৈ থাকে।এিবোৰ অঞ্চলত মৰুভূমিৰ সৃষ্টি হয়।
৮। মৌচুমী জলবায়ুৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সাধাৰণতে উতত্তৰ আৰু দক্ষিণে ১০-৩০ অক্ষাংশৰ মাজত থকা মহাদেশবোৰৰ পূব অংশত এই জলবায়ু পোৱা যায়।অঞ্চলটোত গ্ৰীষ্মকালত উষ্ণতা আৰু বৃষ্টিপাত দুয়োটাই অধিক হয়।শীতকাল বৃষ্টিহীন আৰু শুকান হয়।মৌছুমী জলবায়ু অঞ্চলবৰো হ'ল- ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া, দক্ষিণ চীন, ইণ্ডনেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, উত্তৰ-পূৱ আফ্ৰিকা, আফ্ৰিকাৰ গিনি উপকুল মেক্সিব উপকুল।৪ আনহাটে মৌছুমী জলবায়ু শীলকালটো শুকান আৰু বৃষ্টিহীান হোৱা বাবে পৰিৱেশ স্বাস্থ্যকৰ আৰু জনবসতিৰা বাবে উপযুক্ত।
৯। ভূমধ্যসাগৰীয় জলবায়ুৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ বিষুৱ ৰেখাৰ ওচৰত 'কিলিমাঞ্জাৰ' পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫,৫০০ মিটাৰ উচ্চতাৰ শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে।এনে অঞ্চল শীতল আৰু ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়।মেৰু অঞ্চলৰৰ দৰে পৰ্বতৰ ওপৰৰ চিৰতুষাৰ ঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়।কাৰণ উচ্চ পৰ্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়।
১০। পার্বত্য জলবায়ুৰ বিষয়ে লিখা ।
উত্তৰঃ সাগৰ পৃষ্ঠৰ পৰা পৰ্বতৰ উচ্চতা বহুত বেছি হয়। সেয়েহে পার্বত্য অঞ্চলত উচ্চতাৰ তাৰতম্য অনুসৰি জলবায়ু বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে হিমালয়, ৰকি, এণ্ডিজ, আল্পছ আদি সুউচ্চ পৰ্বতত নামনিৰ পৰা শৃংগলৈকে বেলেগ বেলেহ জলবায়ু বিৰাজ কৰে। বিষুৱ ৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫,৫০০ মিটাৰ উচ্চতার শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এই অঞ্চল শীতল আৰু ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়।পৰ্বতৰ ওপৰৰ চিৰতুষাৰ অঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়। কাৰণ উচ্চ পর্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়।
১১। জলবায়ুৱে কেনেদৰে মানুহৰ সাজ - পাৰ আৰু বাসস্থানৰ ওপৰত প্ৰভাৱ পেলায় লিখা ।
উত্তৰঃ জলবায়ুৱে মানুহৰ কাম-কাজ, ঘৰ-বাৰী, খাদ্যভ্যাস, সাজ-পোছাকৰ ওপৰত প্ৰভাৱ পেলায়। মানুহে কেনেধৰণৰ কাম-কাজ কৰিব, কেনেধৰণৰ -সাজ-পাৰ পৰিধান কৰিব সেইটো জলবায়ু অনুসৰি নিৰ্ভৰ কৰে।মানুহৰ জীৱিকাৰ ওপৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম।মেৰু অঞ্চলত আকৌ বৰফ কাটি থাকিবলৈ ঘৰ সাজি লয়। এনে ঘৰক ইগলু বোলে। কোনো এটা অঞ্চল কৃষিৰ বাবে উপযুক্ত নে ফলমূলৰ বাবে উপযুক্ত বা মানুহ পশুপালক বা চিকাৰীজীৱী হ’ব সেইটোও জলবায়ুৱে নিৰূপণ কৰে।বাসস্থানৰ নিৰ্ণয়ৰ ক্ষেত্ৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। বৰষুণসিক্ত অঞ্চলৰ ঘৰ আৰু মৰুভূমিৰ অঞ্চলৰ ঘৰ একে নহয়। বেছিকৈ বৰষুণ দিয়া অঞ্চলৰ ঘৰবোৰ ছাল থিয়কৈ সজোৱা হয়। যাতে বৰষুণৰ পানী সোনকালে নামি আহিব পাৰে। বৃষ্টিহীন অঞ্চলৰ ঘৰবোৰত -মাটিৰ ডাঠ বেৰ দিয়া হয় যাতে অসহ্য গৰমৰ পৰা ৰক্ষা কৰিব পাৰে।
১২। গােলকীয় উষ্ণতা বুলিলে কি বুজা কি কি কাৰণত গােলকীয় উষ্ণতা বৃদ্ধি পাইছে ?
উত্তৰঃ মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধিয়েই হ'ল গোলকীয় উষ্ণতা বৃদ্ধি।
গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণবোৰ হ’ল-
মানুহে বাসস্থানৰ বাবে গছ-বন কাটি থকাৰ বাবে ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে।
মানুহে প্ৰকৃতিৰ ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে।
মানুহে প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে।গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে নগৰীকৰণ আৰু উদ্যোগীকৰণ।
যান-বাহন আৰু কল-কাৰখানাৰ পৰা ওলোৱা কার্বন-ডাই-অক্সাইড আৰু অন্যান্য গেছ আৰু ধূলিৰ কণিকাৰে বায়ুমণ্ডল ভৰি পৰিছে।
বন-বিনাশৰ বাবে উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণো হ্রাস পাইছে।বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে বাবে উষ্ণতাও বাঢ়িছে।
Check By - Mukesh Borah