অধ্যায়ঃ৬

অসমৰ মঠ-মন্দিৰ,ঘৰদুৱাৰ আৰু ৰাজকাৰেং


১। চমু উত্তৰ লিখা । 

ক ) অসমৰ জলবায়ু কেনে ধৰণৰ ?

উত্তৰঃঅসমৰ জলবায়ু  সেমেকা আৰু নাতিশীতোষ্ঞ আছিল।  

খ ) আহােম ৰাজত্ব কালত প্রজাৰ ঘৰৰ চালবােৰ কেনে আছিল ? 

উত্তৰঃ আহােম ৰাজত্ব কালত প্রজাৰ ঘৰৰ চালবােৰ খেৰৰ আছিল । 

গ ) ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক কি বােলে ?

উত্তৰঃ ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক চোলোং বোলে।  

ঘ ) অসমত পকী ঘৰ কেতিয়াৰপৰা সাজিবলৈ লৈছিল ? 

উত্তৰঃ মুছলমান আৰু মোগলসকলৰ আগমণৰপৰা অসমত পকী ঘৰ সাজিবলৈ লৈছিল।

ঙ ) নৰক আৰু ভগদত্তৰ সমসাময়িক আন প্রাচীন অসমৰ আন এজন বিখ্যাত ৰজাৰ নাম লিখ ।

উত্তৰঃ নৰক আৰু ভগদত্তৰ সমসাময়িক প্ৰাচীন অসমৰ আন এজন বিখ্য়াত ৰজাৰ নাম হল-বাণ ৰজা । 

চ) তেজপুৰৰ দ - পৰ্বতীয়াৰ শিলৰ তােৰণৰ নির্মাণশৈলীত ভাৰতৰ ইতিহাসৰ কোন যুগৰ ভাস্কর্যশৈলীৰ সাদৃশ্য পােৱা যায় ?

উত্তৰঃ  গুপ্তযুগৰ সাদৃশ্য পোৱা যায় । 

ছ) গুপ্তসম্রাট সমুদ্রগুপ্তই প্রাচীন কামৰূপ ৰাজ্যৰ কোন অঞ্চললৈকে ৰাজ্য বিস্তাৰ কৰিছিল ? 

উত্তৰঃ অসমৰ সেই সময়ৰ কামৰূপ ৰাজ্যৰ নগাওঁ (বৰ্তমান নগাণৱৰ ডবকা) লৈকে ৰাজ্য বিস্তাৰ কৰিছিল । 

জ) পালসকলৰ ৰাজত্বকালৰ স্থাপত্য - ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য লিখা । 

উত্তৰঃ পালসকলৰ ৰাজত্বকালৰ স্থাপত্য়-ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য় হল-ইটা আৰু পোৰা মাটিৰ ব্য়ৱহাৰ। 

ঝ) কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম লিখা ।

উত্তৰঃ কামাখ্য়া মন্দিৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম হল-মেঘামুকদুম।

২। আহােম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত নির্মিত দৌলসমূহৰ নাম লিখা ।

উত্তৰঃ আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত দৌলসমূহ হল- লাকুৱাৰ ওচৰৰ মাইদৌল, থাওৰা দৌল, খঁৰা দৌল,উমানন্দ মন্দিৰ।

৩। বৰণী ফুলেশ্বৰীয়ে নির্মাণ কৰা দৌলসমূহৰ নাম লিখা ।

উত্তৰঃ বৰৰাণী ফুলেশ্বৰীয়ে নিৰ্মাণ কৰা দৌলসমূহৰ নাম হল- পূৱৰটো দেৱীদৌল,মাজৰটো শিৱদৌল আৰু পশ্চিমৰটো বিষ্ঞুদৌল। 

৪। ৰুদ্ৰ সিংহৰ ৰাজত্বকালত হােৱা স্থাপত্য - ভাস্কৰ্যৰ বিষয়ে লিখা । 

উত্তৰঃ স্থাপত্য়-ভাস্কৰ্যৰ সৃষ্টিৰ আঁৰত কেৱল অৰ্থ বা পৃষ্ঠপোষক হলেই নহব তাৰ বাবে উপযুক্ত কাৰিকৰী থকা দক্মাষনুহৰো প্ৰয়োজন নুই কৰিব নোৱাৰি । সেয়ে ৰুদ্ৰসিংহই বংগদেশৰ ঘনশ্য়াম খনিকৰক অনাই থলুৱা প্ৰজাক উপযুক্ৰ প্ৰশিক্ষণ দিয়াই কাৰিকৰী ফৈদ এটা  সৃষ্টি কৰিছিল।  তাৰ স্পষ্ট উদাহৰণ এতিয়াও শিৱসাগৰ জিলাৰ শিলাকুটি মৌজা হিচাপে খ্য়াত অঞ্চলটো। 

    মাতৃ জয়ঁমতী কুৱৰীৰ শেষ নিশ্বাসৰ থলী হিচাপে খ্য়াত জেৰেঙা পথাৰত মাতৃৰ নাম যুগমীয়া কৰিবৰ বাবেই সৃষ্টি কৰিছিল জয়দৌল আৰু জয়সাগৰ পুখুৰী। এয়াই আছিল ৰুদ্ৰসিংহৰ  স্থাপত্য়-ভাস্কৰ্যৰ আৰম্ভণি।  

৫। শিৱ সিংহৰ ৰাজত্বকালত স্থাপত্য - ভাস্কৰ্যৰ ক্ষেত্ৰত কি কি উন্নতি হৈছিল লিখা । 

উত্তৰঃ ৰুদ্ৰসিংহৰ পিছৰজন ৰজা আছিল শিৱসিংহ। সেয়ে তেওঁৰ ৰাজত্বকালত সজোৱা দৌলবোৰ প্ৰধানকৈ শিৱদৌলহে। শিৱসিংহৰ বৰৰাণীয়ে প্ৰথমে শাক্ত হৈ প্ৰথমে গৌৰীসাগৰত তিনিটা দৌল সাজে।  স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ আন এটা উল্লেখযোগ্য় কীৰ্তিচিহ্ন হল-শিৱসাগৰৰ শিৱদৌল।   

৬। আহােম যুগত দৌল - দেৱালত নির্মাণ কৰোঁতে কি কি বস্তু ব্যৱহাৰ কৰা হৈছিল লিখা । 

উত্তৰঃ আহোম যুগত দৌল-দেৱালয়ত নিৰ্মাণ কৰোঁতে বৰালী মাছ, ৰঙা আলতীয়া মাটি, চূণ, শিল, মাটিমাহ, মিঠাতেল, গুড়, ইটা, শণ, চকা, চূণ, হাঁহ কণী, শামুকৰ চূণ, ধূনা,  

৭।আহােম যুগৰ ৰাজকাৰেঙৰ নির্মাণ প্রণালীৰ বিষয়ে লিখা । 

 উত্তৰঃৰাজকাৰেঙৰ চাৰিওকাষে গড় সাজি তাৰ অলপ আতৰঁত ঘন ঘনকৈ কোতঁকৰা বাঁহ গছ ৰুই দিছিল। সেই বাঁহনি ভেদি কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিছিল।  

৮।অসমৰ ঘৰ - দুৱাৰ নির্মাণ ব্যৱস্থা কেনে ধৰণৰ আছিল চমুকৈ লিখা ।

উত্তৰঃ কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ বা বাসস্থান নিৰ্ভৰ কৰে ঠাইখনৰ ভৌগোলিক পৰিৱেশ আৰু জনবায়ুৰ ওপৰত। অসমৰ জনবায়ু ঘাইকৈ সেমেকা যদিও ই নাতিশীতোষ্ঞ । জাৰো বেছি নহ, গৰমো বেছি নহয়। সেয়ে অতি প্ৰাচীন কানৰে পৰাই ইয়াৰ স্থানীয় মানুহখিনিয়ে বা অধিবাসীসকলে কাঁঠ, বাঁহ, বেত, ইকৰা, নল-খাগৰি, শণ খেৰ, নৰা, টকৌপাত আদি সামগ্ৰীৰে ঘৰ-দুৱাৰ সাজি লৈছিল। নদী কাষৰীয়াঅঞ্চলৰ অধিবাসীসকলে সঘনাই হোৱা বানপানীৰপৰা হাত সাৰি থাকিবৰ বাবে চাংঘৰ সাজি লৈছিল। আনহাতে পাহাৰীয়া অধিবাসীসকলে বনৰীয়া জীৱ-জন্তু আদিৰ পৰা হাত সাৰি থাকিবৰ কাৰণেও চাংঘৰ সাজি লৈছিল।  

৯। চিহাবুদ্দিন তালিচৰ বৰ্ণনাত অসমৰ ঘৰ - দুৱাৰৰ বৰ্ণনাটো কি আছিল লিখা ।

উত্তৰঃ চিহাবুদ্দিন তালিচৰ মতে অসমৰ জলবায়ু সেমেকা আৰু  নাতিশীতোষ্ঞ আছিল। জাৰো নহয় গৰমো নহয়।  সসেয়ে অসমৰ অধিবাসী সকলে কাঁঠ,বাঁহ, নল-খাগৰি,শণ, খেৰ, নৰা, টকৌপাত আদি সামগ্ৰীৰে ঘৰ-দুৱাৰ সাজি লৈছিল। সাধাৰণ প্ৰজাৰ পৰা ৰজালৈকে ঘৰ-দুৱাৰ সাজিছিল। নদী কাষৰীয়া মানুহবোৰে বানপানীৰ পৰা হাত সাৰি থাকিবলৈ চাংঘৰ সাজিল লৈছিল। আনহাতে পাহাৰীয়া ঠাইত থকা মানুহবোৰেও বনৰীয়া  জীৱ-জন্তুৰ পৰা হাত সাৰি থাকিবলৈ চাংঘৰ সাজি লয়। সাধাৰণ প্ৰজাই টোপ দি ঘৰ সাজিব নোৱাৰিছিল।  


Type-Arup koch and Apurbra Kakati