ভাৰতবৰ্ষ আৰু অসমদ্ভ্ৰ প্ৰাথমিক শিক্ষা | অধ্যায়-৭ | Class 11 Education Question Answer | Primary Education in India and Assam | Chapter 7 | HS 1st  Year  Education Answer  Assamese Medium  | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বিষয়ৰ উত্তৰ |

 

অধ্যয়-৭ 

ভাৰতবৰ্ষ আৰু অসমম্ভ্ৰ প্ৰাথমিক শিক্ষা 

   Primary Education in India and Assam 


প্ৰশ্নাৱলীঃ

১। ভাৰতবৰ্ষত শিক্ষাৰ আৰম্ভণি কেতিয়া হৈছিল ?

উত্তৰঃ হিন্দু ধৰ্মক কেন্দ্ৰ কৰি ভাৰতবৰ্ষত শিক্ষাৰ আৰম্ভণি হৈছিল।

২। বৌদ্ধ শিক্ষাৰ কেন্দ্ৰক কি নামেৰে জনা যায় ? 

উত্তৰঃ বৌদ্ধ শিক্ষাৰ কেন্দ্ৰসমূহক বিহাৰ বা সংঘ নামেৰে জনা যায়।

৩। মুছলমান শিক্ষাৰ প্রধান লক্ষ্য কি আছিল ?

উত্তৰঃ মুছলমান  শিক্ষাৰ প্ৰধান লক্ষ্য় আছিল ইছলাম ধৰ্মৰ প্ৰচাৰ কৰা, মুছলমান সংস্কৃতি চিৰস্থায়ী আৰু সংৰক্ষণ কৰা।

৪। সমাৱর্তন কি ? 

উত্তৰঃ সমাৱৰ্তন হৈছে শিক্ষা লাভৰ অন্তত সমাৱৰ্তন নামৰ এক উৎসৱ উদযাপন কৰা। সমাৱৰ্তনক অকৰ্থ হ'ল ছাত্ৰই গুৰুগৃহৰ পৰা নিজ গৃহলৈ উভতি যোৱা।

৫। সত্ৰ প্ৰথমতে কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ সত্ৰ প্ৰথমতে শংকদেৱে প্ৰতিষ্ঠা কৰিছিল।

৬। বিছমিল্লাহ কি ?

উত্তৰঃ বিছমিল্লাহ হৈছে 'বিছমিল্লাহ নামৰ এক অনুষ্ঠানেৰে প্ৰথম বিদ্য়াৰম্ভ কৰা হৈছিল। কোৰাণৰ কিছু পাঠ শিশুটিক পঢ়ি শুনোৱাৰ পাছত পুনৰবাৰে আওৰাব দিয়া হৈছিল। কিন্তু শিশুটিয়ে আওৰাবলৈ অসমৰ্থ হ'লে 'বিছমিল্লাহ' শব্দৰে বিদ্য়াৰম্ভ কৰা হৈছিল।

৭। মাদ্ৰাছা শব্দৰ অর্থ কি ?

উত্তৰঃ মাদ্ৰাছা শব্দৰ অৰ্থ হল- বক্ততা প্ৰদান কৰা।

৮। মণিটৰিয়েল প্রথাৰ আন এটা নাম কি ?

উত্তৰঃ মণিটৰিয়েল প্রথাৰ আন এটা নাম হল- বেল পদ্ধতি।

৯। গুৱাহাটীৰ ৱেপ্তিষ্ট চাৰ্ছ কোন চনত কোনে স্থাপন কৰিছিল ?

উত্তৰঃ গুৱাহাটীৰ ৱেপ্তিষ্ট চাৰ্ছ ১৮৫৪ চনত  নাথান ব্ৰাউন আৰু অলিভাৰ টি কাৰ্টাৰে স্থাপন কিৰিছিল।

 ১০। জানানা স্কুল কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ মিছিনেৰীসকলৰ মহিলা শাখাই 'জানানা স্কুল প্ৰতিষ্ঠা কৰিছিল।

১১। প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি ?

উত্তৰঃ প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম হল- দৈনিক বাতৰি।

১২। প্রথম অসমীয়া ব্যাকৰণ কোনে প্রকাশ কৰিছিল ?

উত্তৰঃ প্ৰথম অসমীয়া ব্য়াকৰণ ১৮৩৯ চনত উইলিয়াম ৰবিনচে প্ৰকাশ কৰিছিল।

১৩। প্রথম অসমীয়া আৰু ইংৰাজী শব্দকোষখনৰ নাম কি ?

উত্তৰঃ প্ৰথম অসমীয়া আৰু ইংৰাজী শব্দকোষখনৰ নাম হ'ল 'Dictionary in Assamese and English'.

১৪। চার্টাৰ আইনৰ কোনটো অনুচ্ছেদত ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বিবাদমূলক মন্তব্য আগবঢ়োৱা হৈছিল ?

উত্তৰঃ চাৰ্টাৰ আইনৰ ৪৩%নং অনুচ্ছেদ ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত বিবাদমূলক মন্তব্য় আগবঢ়োৱা হৈছিল।                                             

১৫। লর্ড মেকলে কোন আছিল ?

উত্তৰঃ লৰ্ড মেকলে ইংৰাজী ভাষাৰ তেওঁ এজন বিদগ্ধ পণ্ডিত আৰু এজন সুবক্তা আছিল।

১৬। ভাৰতৰ শিক্ষাৰ বাবে চার্টাৰ আইনে কিমান টকা ধার্য কৰিছিল ? 

উত্তৰঃ ভাৰতৰ শিক্ষাৰ বাবে চাৰ্টাৰ আইনে এক লাখ টকা ধাৰ্য কৰিছিল।

১৭। উডৰ নির্দেশনামা কোন চনত প্ৰস্তুত কৰা হৈছিল ?

উত্তৰঃ  উডৰ  নিৰ্দেনামা ১৮৫৪ চনৰ ১৯ জুলাইত প্ৰস্তুত কৰিছিল।

১৮। ভাৰতৰ প্রথম শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?

উত্তৰঃ ছাৰ উইলিয়াম হাণ্টাৰ আছিল ভাৰতৰ প্ৰথম শিক্ষা আয়োগৰ সভাপতি।

১৯। লর্ড কার্জনে কোন চনত চিমলাত শিক্ষা সন্মিলন আহ্বান কৰিছিল ? 

উত্তৰঃ  ১৯০১ চনত ছেপ্টেম্ৱৰ মাহত লৰ্ড কাৰ্জনে  চিমলাত শিক্ষা সন্মিলন আহ্ৱান কৰিছিল।

২০। লর্ড কার্জন কোন চনত ভাৰতলৈ আহিছিল ? 

উত্তৰঃ  লৰ্ড কাৰ্জনে ১৮৯৯ চনত ভাৰতলৈ আহিছিল। 

২১। ১৯১০ চনত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বিলখন কোনে উত্থাপন কৰিছিল ।

উত্তৰঃ ফাৰ্গুচন কলেজৰ অধ্য়াপক গোপালকৃষ্ণ গোখলেকে ১৯১০ চনত বাধ্য়তামূলক  প্ৰাথমিক শিক্ষাৰ বিলখন উত্থাপন কৰিছিল।

২২। গােখলেৰ শিক্ষাবিলৰ প্রধান উদ্দেশ্য কি আছিল ?

উত্তৰঃ গোখলেৰ শিক্ষাবিল খন সমগ্ৰ দেশেতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্য়তামূলক কৰাৰ প্ৰধান উদ্দেশ্য় আছিল।

২৩। বুনিয়াদী শব্দৰ অর্থ কি ?

উত্তৰঃ বুনিয়াদী শব্দৰ অৰ্থ হল ভেটি ভেটি যাৰ ওপৰত সমগ্ৰ সংগঠন এটা নিৰ্ভৰশীল।

২৪। ৱাৰ্ধা শিক্ষা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ৱাৰ্ধা শিক্ষা সন্মিলন ১৯৩৭ চনৰ অক্টোবৰ মাহৰ ২২ আৰু ২৩ তাৰিখে অনুষ্ঠিত হৈছিল।

২৫। অসমৰ প্রথম প্রাথমিক শিক্ষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰঃ  ১৯২৬ চনত অসমৰ প্ৰথম প্ৰাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল।

২৬। সার্বজনীন প্রাথমিক শিক্ষা মানে কি ? 

উত্তৰঃ সাৰ্বজনীন প্ৰাথমিক শিক্ষা মানে হৈছে জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ নিবিশেষে ৬-১৪ বছৰৰ সকলো শিশুৰ বাবে  বাধ্য়তামূলক শিক্ষা প্ৰদানৰ ব্য়ৱস্থায়ে হৈছে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ।

২৭। অপাৰেচন ব্রেকবোর্ড কি ?

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিযে প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে 'অপাৰেচন ব্লেকবোৰ্ড ' নামৰ এক অঁচনি প্ৰৱৰ্তন কৰে। উল্লেখযোগ্য় যে প্ৰাথমিক স্কুলৰ নূন্য়তম প্ৰয়োজনীৰ শিক্ষা-আহিলা বোৰৰ ক্ষেত্ৰত বহুতো স্কুলত অভাৱ দেখা যায়। এই অভাৱ গুচাবৰ বাবে এক গুৰুত্ৱপূৰ্ণ শিক্ষা অভিযান স্ৱৰূপে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত সংকল্প গ্ৰহণ কৰা হয়।

২৮। NLM- ৰ সম্পূর্ণ আকাৰটো কি ? 

উত্তৰঃ NLM- ৰ সম্পূৰ্ণ আকাৰটো হল- National Literacy Mission.

২৯। পূর্ণ সাক্ষৰতা অভিযান কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰঃ পূৰ্ণ সাক্ষৰতা অভিযান ১৯৮৯ চনত প্ৰৱৰ্তন কৰা হৈছিল।

৩০। DPEP- ৰ সম্পূর্ণ আকাৰটো লিখা । 

উত্তৰঃ DPEP- ৰ সম্পূৰ্ণ আকাৰটো হৈছে- District primary Education programme. 

৩১। সর্বশিক্ষা অভিযানৰ প্রধান বৈশিষ্ট্যবোৰ কি কি ? 

উত্তৰঃ সৰ্বশিক্ষা অভিযানৰ প্ৰধান বৈশিষ্ট্য়বোৰ হ'ল-

                ১। ২০১০ চনত  নিৰ্দষ্ট লক্ষ্য়ত উপনীত হোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰা হয়।

               ২। সম্প্ৰদায়ৰ সকলো লোকক জড়িত কৰি এই অভিযানক জন-আন্দোলন হিচাপে গঢ়ি তোলা হয়।

          ৩। এই অভিযানে দুখীয়া, বঞ্চিত আৰু সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য় আৰোপ কৰি দেশৰ শৈক্ষিক বিকাশ সাধনত গুৰুত্ৱ দিয়ে।

           ৪। এই অভিযানত দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা মহিলা, অনুসূচিত জাতি আৰু জনজাতি লোক, শাৰীৰিকভাৱে অক্ষম আৰু মানসিকভাৱে দুৰ্বল লোকসকলৰ শিক্ষাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ৱ আৰোপ কৰে।

          ৫। শিক্ষাৰ গুণগত আৰু পৰিমাণগত উন্নতিৰ ক্ষেত্ৰত অভিয়ানে সমানে গুৰুত্ৱ আৰোপ কৰে।

৩২। শিক্ষাৰ অধিকাৰ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল ? 

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯ প্ৰৱৰ্তন কৰা হৈছিল।

৩৩। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ মূল কথাখিনি লিখা ।

উত্তৰঃ ১৬শ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডৰ ৰাণীৰ লগত এখন চুক্তি সম্পাদিত কৰিছিল আৰু এই চুক্তিখনক চাৰ্টাৰ আইন নামেৰে জনা যায়। এই চুক্তিখনক প্ৰতি বছৰৰ মূৰে মূৰে নৱীকৰণ কৰা হয়। এনেদৰে ১৭৯৩ চনত চুক্তিখন নৱীকৰণ কৰা হয়। ১৭৯৭ চনত চাৰ্লচ গ্ৰাণ্ট নামৰ কোম্পানীৰ বিষয়াই মত প্ৰকাশ কৰিছিল যে ভাৰতীয়সকলৰ অজ্ঞতা  আৰু ৰ্ধম সংকীৰ্ণতা আঁতৰ কৰাৰ বাবে ইংৰাজী শিক্ষা প্ৰদান কৰিব লাগে। আকৌ ১৮০৬ চনৰ পৰা ১৮১৩ চনলৈ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ থকা লৰ্ড মিণ্টো প্ৰাচ্য় ভাষা- সংস্কৃতিৰ সমৰ্থক আছিল। গতিকে দেখা গ'ল যে ১৮১৩ চনত চাৰ্টাৰ আইন নৱীকৰণৰ আগমুহূৰ্তত প্ৰাচ্য় আৰু পাশ্চাত্য়ৰ শিক্ষা আৰু সাহিত্য়- সংস্কৃতিৰ সমৰ্থনত দুটা দল গঢ় লৈ উঠিছিল।১৮১৩ চনত চাৰ্ৰটাৰ আইনৰ নৱীকৰণ কৰা হৈছিল। এই নৱীকৰণত অন্য়ান্য় দিশৰ লগতে ভাৰতীয় শিক্ষাৰ বিকাশৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

        এই আইনখনক ভাৰতৰ শিক্ষাৰ ইতিহাসত এক মাইলৰ খুঁটি স্ৱৰূপে বিবেচনা কৰা হয়। কাৰণ, ১৮১৩ চনত এই চাৰ্টাৰ আইনেই পোন প্ৰথমে ভাৰতীয় মানুহৰ শিক্ষাৰ কাৰণে যে চৰকাৰ অথবা ৰাষ্ট্ৰীই আৰ্থিক দায়িত্ৱ বহন কৰিব লাগে তাকে প্ৰতীয়মান কৰি তোলে। চাৰ্টাৰ আইনক ভাৰতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য় দলিল হিচাপে গণ্য় কৰিব পাৰি। এই আইনৰ জৰিয়তে ইংৰাজ সংসদসকলে পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত শিক্ষাৰ প্ৰচলন যে প্ৰয়োজন তাৰ গুৰুত্ৱ উপলদ্ধি কৰিছিল। তদুপৰি ভাৰতীয় লোকসকলৰ বাবে শিক্ষা প্ৰদান আৰু বিকাশৰ দায়িত্ৱ বহন কৰাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান কৰ্তব্য়, এইটোও স্পষ্ট হয়। এই আইনৰ দ্ৱাৰা এইটো প্ৰতীয়ন হয় যে ভাৰতত ইংৰাজী সাহিত্য় আৰু সংস্কৃতি প্ৰায়োগিকতা অধিক আৰু বছৰি একলাখ টকা সাহিত্য়ৰ পুনৰজীৱন আৰু উন্নতি সাধনৰ বাবে খৰচৰ ব্য়ৱস্থা কৰা হয়। আৰু এই খন ভাৰতবৰ্ষত ইংৰাজী আইন শিক্ষা বিকাশৰ বাবে  এখন নতুন সূচনাৰ সৃষ্টি কৰিছিল। গতিকে এই আইনখন ভাৰতৰ শিক্ষামূলক প্ৰথম চৰকাৰী পদক্ষেপ আছিল বুলি ক'ব পাৰি।

৩৪। প্রাচ্য - পাশ্চাত্যৰ বিবাদৰ কাৰণবােৰ বৰ্ণনা কৰা ।

উত্তৰঃ প্ৰাচ্য় - পাশ্চাত্য়ৰ  বিবাদৰ কাৰণবোৰ হ'ল ---

        (ক) শিক্ষাৰ লক্ষ্য় (On Aims of Education) ঃ শিক্ষাৰ সক্ষ্য় ক্ষেত্ৰত হোৱা বিবাদৰ কাৰণ হ'ল প্ৰাচ্য়প্ৰন্থীসকলৰ মতে ভাৰতীয় সাহিত্যৰ সংৰক্ষণ কৰাটো শিক্ষাৰ লক্ষ্য় হ'ব লাগে আনহাতে পাশ্চাত্য়ন্থীসকলৰ মতে ইউৰোপৰ জ্ঞ- বিজ্ঞান প্ৰয়োগৰ যোগেদি ভাৰতীয়সকলক  আধুনিকীকৰণ কৰাটো শিক্ষাৰ লক্ষ্য় হ'ব লাগে। আন এচামৰ মতে কেৱল কোম্পানীৰ তলত নিয়োগ হ'ব পৰাটো শিক্ষাৰ লক্ষ্য় লাগে।

        (খ) শিক্ষাৰ মাধ্য়ম (On Medium of Instruction)ঃ শিক্ষাৰ মাধ্য়ম সম্ৱন্ধে মত প্ৰকাশ কৰি প্ৰাচ্য়পন্থীসকলে কৈছিল যে 'Literature' শব্দটোৱে মূলতঃ প্ৰাচীন ভাৰতীয় ভাষাক বুজাইছে সেয়েহে সংস্কৃত আৰু আৰৱী ভাষা শিক্ষাৰ মাধ্য়ম হোৱা উচিত। আনহাতে পাশ্চাত্য়পন্থীসকলৰ মতে ইংৰাজী ভাষা শিক্ষাৰ মাধ্য়ম হ'ব লাগে। আন এক প্ৰাচ্য় সমৰ্থনকাৰী দলৰ মতে আধুনিক ভাৰতীয় ভাষা শিক্ষাৰ মাধ্য়ম হ'ব লাগে।

        (গ) শিক্ষাৰ দায়িত্ৱ (On Responsibility of Education)ঃ শিক্ষাৰ দায়িত্ৱ গ্ৰহণৰ ক্ষেত্ৰত এটা দলে মতপোষণ কৰে যে ইষ্ট ইণ্ডিয়া কোম্পানী দেশৰ প্ৰশাসনীয় কৰ্তৃপক্ষ আৰু সেইবাবে তেওঁলোকে শিক্ষাৰ দায়িত্ৱ ল'ব লাগে। দ্ৱিতীয় দলটোৰ মতে মিছনেৰীসকলৰ শৈক্ষিক অৱদানৰ বাবে তেওঁলোকক শিক্ষাৰ দায়িত্ৱ প্ৰদান কৰিব লাগে। তৃতীয় দলটোৰ মতে ভাৰতীয়সকলে নিজ দেশৰ শিক্ষাৰ দায়িত্ৱ গ্ৰহণ কৰিব লাগে।

          (ঘ) শিক্ষাদান পদ্ধতি  (On Method of Teaching)ঃ শিক্ষাদান পদ্ধতিৰ ক্ষেত্ৰত  দলে মত প্ৰদান কৰে যে প্ৰথম এক  নিৰ্দিষ্ট লোকক শিক্ষাৰ প্ৰদান কৰিব লাগে আৰু এনে লোকসকলে পৰৱৰ্তী পৰিযায়ত সৰ্বসাধাৰণ লোকক শিক্ষাদান কৰিব। আন এটা দলৰ মতে  সকলো ভাৰতীয়কে শিক্ষা লাভৰ সমান সুবিধা প্ৰদান কৰিব লাগে

৩৫। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ পৰামর্শবােৰ আলােচনা কৰা । 

উত্তৰঃপ্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ পৰামৰ্শবোৰ তলত আলোচনা কৰা হ'ল-- 

(ক) শিক্ষা বিভাগ স্থাপনঃ- শিক্ষা নিয়ন্ত্ৰণ আৰু পৰিচলনা কৰাৰ বাবে ভাৰতৰ প্ৰত্য়েক প্ৰদেশতে একোটাকৈ শিক্ষা বিভাগ থাকিব লাগে। এই বিভাগত দায়িত্ৱ প্ৰসাৰ কৰা আৰু এজন শিক্ষাধিকাৰ থাকিব তেঁওক সহায় কৰিবৰ বাবে পৰিদৰ্শক নিযুক্তি দিয়া হ'ব।

(খ) জনশিক্ষাঃ- নিৰ্দেশনামাত কোৱা হৈছিল যে সেই সময়ৰ প্ৰচলিত শিক্ষাই সকলো লোকৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল। সেইকাৰণে জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ব্য়ৱহাৰিক প্ৰকৃতিৰ শিক্ষা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে।

(গ) শিক্ষাৰ পৰ্যায়কৰণঃ- এই নিৰ্দেশানামা অনুসৰি ভাৰতীয় শিক্ষাৰ পৰ্যায়কৰণ হ'ব লাগে। পৰ্যায়কেইটা হ'ব প্ৰাথমিক স্কুল, মাধ্য়মিক স্কুল আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান স্ৱৰূপে কলেজ আৰু বিশ্ৱবিদ্য়ালয়সমূহ। 

(ঘ) শিক্ষাৰ মাধ্য়মঃ-  উডৰ ঘোষণা পত্ৰ অনুসৰি যিবোৰ অঞ্চলত অভিভাৱকে দেশীয়ৰ মাধ্য়মত  নিজৰ ল'ৰা-ছোৱালীক শিক্ষা দিব বিচাৰে সেইবোৰ অঞ্চলত শিক্ষাৰ মাধ্য়ম দেশীয় ভাষা হ'ব লাগে আৰু বাধ্য়তামূলক হিচাপে ইংৰাজী ভাষা অধ্য়য়ন কৰিব দিব লাগে ।

(ঙ) শিক্ষকৰ প্ৰশিক্ষণ ঃ- শিক্ষাৰ মান অধিক উন্নত কৰিব বাবে বিদ্য়ালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে বুলিও নিৰ্দেশনামাত পৰামৰ্শ আগবঢ়োৱা হৈছিল। প্ৰশিক্ষণ লৈ থকা সময়ত শিক্ষকসকলক চৰকাৰী বৃত্তি প্ৰদান কৰিব লাগে।

(চ) মহিলাৰ শিক্ষাঃ- ছোৱালীক শিক্ষা প্ৰদানৰ বাবে ভাৰতীয়সকলৰ মনত আগ্ৰহ ক্ৰমান্ৱয়ে বৃদ্ধি পোৱা বুলি নিৰ্দশনামত মতামত আগবঢ়োৱা হৈছিল। যিসকল লোকে ইতিমধ্য়ে স্ত্ৰীশিক্ষাৰ ব্য়ৱস্থা কৰিছে তেওঁলোককো উৎসাহিত কৰিব লাগে ।

(ছ) সহায়ক অনুদান প্ৰথাঃ- এই নিৰ্দেশনামাত প্ৰথমবাৰৰ চৰ্তসাপেক্ষে শিক্ষানুষ্ঠানসমূহৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰী অৰ্থ সাহায্য় আগবঢ়োৱাৰ কথা কোৱা হৈছিল।

৩৬। খ্রীষ্টান মিছনেৰীসকলে অসমৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি আলােচনা কৰা ।

উত্তৰঃ 

৩৭। প্রাচ্য - পাশ্চাত্য বিবাদৰ সামৰণিত মেকলেৰ ভূমিকাৰ বিষয়ে লিখা । 

উত্তৰঃ

৩৮। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ প্রতিবেদনৰ সবল দিশবোৰ আলােচনা কৰা ।

উত্তৰঃ  প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত উডৰ প্ৰতিবেদনৰ সবল দিশবোৰ তলত অলোচনা কৰা হৈছে -- 

(১) কোনোধৰণৰ বৈষম্য় নৰখাকৈ সকলোকে সমান শিক্ষা দিয়াৰ ওপৰত গুৰুত্ৱ দিছিল।

(২) উডৰ প্ৰেৰণপত্ৰই ভাৰতীয় সাহিত্য়, সংস্কৃতি  আৰু জ্ঞানক স্ৱীকৃতি প্ৰদান কৰিছিল।

(৩) ভাৰতীয় শিক্ষাক শৃংখলাবদ্ধ কৰি তোলাৰ ক্ষেত্ৰত উডৰ প্ৰেৰণ পত্ৰই বিশেষ অৰিহণা যোগায়।

(৪) সহায়ক অনুদান প্ৰথাই শিক্ষাৰ গুণগত আৰু পৰিমাণগত দুয়োটা দিশতে বিকাশ নিশ্চিত কৰিছিল।

(৫) শিক্ষাৰ ৰ্ধম নিৰপেক্ষ নীতিতো তেওঁলোকে উৎসাহ যোগাইছিল।

(৬) যোগ্য়তাসম্পন্ন শিক্ষক গঢ় দি তোলাৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰাটো এক উত্তম ব্য়ৱস্থা।

        এই উডৰ নিৰ্দেশানামত বিভিন্ন সুফল থাকিলেও ইয়াৰ কেতবোৰ ত্ৰুটিও আছে। আকৌ ইংৰাজী শিক্ষাৰ ওপৰত গুৰুত্ৱ দি স্থাপন কৰা ইংৰাজী মাধ্য়মৰ স্কুলবোৰে পুৰণি দেশীয় শিক্ষাত বিৰূপ প্ৰভাৱ পেলাইছিল।

        এই দোষ-ত্ৰুটিবোৰ থাকিলেও উডৰ নিৰ্দেশনামাৰ এক ঐতিহাসিক মূল্য় আছে। এই নিৰ্দেশনামাই ভাৰতীয় শিক্ষা ব্য়ৱস্থাটো সুস্থ ৰূপত গঢ় দি তুলি নতুন দিগন্তৰ উন্মোচন কৰিছিল। 

৩৯। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়ােগৰ পৰামৰ্শবােৰ আলােচনা কৰা ।

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়োগৰ পৰামৰ্শবোৰ তলত আলোচনা কৰা হ'ল-

(১) নীতি [policy]ঃ-

(ক) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্য়েমেৰে প্ৰদান কৰিব লাগে।

(খ) এই শিক্ষাই শিক্ষাৰ্থীক স্ৱ- নিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সহায় কৰিব লাগিব।

(গ) চৰকাৰী বিভাগৰ নিম্নখাপৰ পদসমূহ পূৰণ কৰিবলৈ শিক্ষিত ব্য়ক্তি নিৰ্বাচনৰ ওপৰত গুৰুত্ৱ দিব লাগে । 

(ঘ) চৰকাৰে প্ৰাথমিক স্কুলসমূহলৈ পৰ্যাপ্ত পৰিমাণে আৰু পৃষ্ঠপোষকতা সাহাৰ্য্য় প্ৰদান কৰিব লাগে।

(২) পাঠ্য়ক্ৰম [Curriculum ]ঃ-

(ক) জীৱনৰ বাবে প্ৰয়োজনীয় দিশৰ লগত সংগতি ৰাখি ব্য়ৱহাৰিক পাঠ্য়ক্ৰম অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ৱ দিব লাগে । 

(খ) প্ৰত্য়েক প্ৰদেশে নিজৰ অধীনৰ স্কুলৰ বাবে নিজাকৈ পাঠ্য়ক্ৰম প্ৰস্তত কৰ্ব পাৰিব।

(গ) প্ৰাঠ্য়ক্ৰমত কৃষি, বিজ্ঞান, অংক, জ্য়ামিতি, চিকিৎসা হিচাপ, পৰীক্ষা ইত্য়াদি বিষয়সমূহ  অন্তৰ্ভক্ত কৰিব লাগে।

(ঘ) শাৰিৰীক বিকাশৰ বাবে খেল-ধেমালি আৰু ব্য়ায়াম পাঠ্য়ক্ৰমৰ অন্তৰ্ভুক্ত হ'ব লাগে।

(৩) পৰিচালনা [Management] ঃ 

(ক) প্ৰাথমিক শিক্ষাৰ পৰিচলনাৰ দায়িত্ৱ জিলা বোৰ্ড আৰু মিউনিচিপাল বোৰ্ডক প্ৰদান কৰিব লাগে।

(খ) স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা স্কুলসমূহ  ধৰ্মনিৰপেক্ষ হ'ব লাগিব।

(গ) ইয়াৰ দ্ৱাৰা চৰকাৰক প্ৰাথমিক শিক্ষা দায়িত্ৱৰপৰা অব্য়াহত দিয়া হৈছিল।

(ঘ) এই বোৰ্ডসমূহৰ প্ৰাথমিক শিক্ষাৰ পৰিদৰ্শন কৰা দায়িত্ৱ থাকিব।

(৪) শিক্ষকৰ বাবে প্ৰশিক্ষণ [Training of Teachers]ঃ 

(ক) নৰ্মাল স্কুল প্ৰশাসন আৰু পৰিচালনাৰ ভাৰ স্কুল পৰিদৰ্শকৰ ওপৰত ন্য়স্ত থাকিব। 

(খ) প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক প্ৰশিক্ষণৰ পাছত অধিক সাহায্য় প্ৰদান কৰিব লাগিব।

(গ) প্ৰত্য়েকটো বিভাগীয় পৰিদৰ্শকৰ অধীনত একোখনকৈ নৰ্মাল স্কুল স্থাপন কৰিব লাগিব যাতে শিক্ষাৰ বাবে প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিব পৰা যায়।

(ঘ) প্ৰাধমিক স্কুলৰ শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্য়ৱস্থা থাকিব লাগে

(৫) বিত্তীয় ব্য়ৱস্থা [Finance]ঃ

(ক) প্ৰাদেশিক চৰকাৰে ৰাজহৰ পৰা লাভ কৰা এক বুজন অংশৰ ধন প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে খৰচ কৰাটো বাধ্য়তামূলক আছিল।

(খ) স্থানীয় পুঁজিৰ ধন একমাত্ৰ প্ৰথমিক শিক্ষাৰ উন্নতিৰ বাবে ব্য়য় কৰিব লাগে।

(গ) জিলা আৰু মিউনিচিপাল বোৰ্ডসমূহে প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব লাগে।

(ঘ) প্ৰয়োজনসাপেক্ষে স্থানীয় কৰ্তৃপক্ষই প্ৰাদেশিক চৰকাৰৰ পৰা অনুমতি লৈ শিক্ষা কৰ বহুৱাব পাৰিব। 

(ঙ) গ্ৰাম্য় আৰু চহৰ অঞ্চলৰ বাবে জমা ধনৰাশিৰ  শিতান বেলেগ বেলেগ হ'ব লাগে যাতে গ্ৰাম্য় অঞ্চলৰ স্কুলৰ বাবে নিৰ্ধাৰিত পুঁজিৰ অপব্য়ৱহাৰ নহয়।

৪০। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত হান্টাৰ আয়ােগে আগবঢ়োৱা পৰামৰ্শৰ মূল্যায়ন কৰা । 

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আগয়োগে আগবঢ়োৱা পৰামৰ্শৰ মূল্য়ায়ন হৈছে---

১। প্ৰাথমিক শিক্ষাক জনসাধাৰণৰ শিক্ষা স্ৱৰূপে দিয়া স্ৱীকৃতিৰ বাবে জনশিক্ষাৰ বিকাশৰত আয়োগে সহায় কৰিছিল।

২। প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ  মাধ্য়মত শিক্ষা প্ৰদান কৰাটো আন এক সবল দিশ।

৩। ইংলেণ্ডৰ নীতি অনুসৰণ কৰি প্ৰাথমিক শিক্ষাৰ নিয়ন্ত্ৰণ জিলা আৰু মিউনিচিপাল বোৰ়্ৰ হাতত অৰ্পণ কৰাটো আয়োগৰ আন এক সফল দিশ।

৪ । এই আয়োগে আন এক সবল দিশ আছিল দেশীয় শিক্ষানুষ্ঠানবাৰৰ গুৰুত্ৱ উপলব্ধ কৰি অনুদান প্ৰদান কৰাৰ পৰামৰেশ।

৫। শিক্ষকৰ প্ৰশিক্ষণৰ বাবে নৰ্মাল স্কুলৰ ব্য়ৱস্থা কৰাটো আন এক গুৰুত্ৱপূৰ্ণ দিশ।

৬। প্ৰাথমিক বিদ্য়ালয়ৰ পাঠ্য়ক্ৰমত প্ৰায়োগিক বিষয় অন্তৰ্ভুক্তিৰ ওপৰতো আয়োগে গুৰুত্ৱ দিছিল।

৪১। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত লর্ড কার্জনৰ শিক্ষানীতি বর্ণনা কৰা । 

উত্তৰঃ লৰ্ড কাৰ্জনে এক অতি জটিল সময়ত  ভাৰতলৈ আহিছিলে। সেয়া আছিল ২০ শতিকাৰ আৰম্ভণিৰ। সেই সময়ত প্ৰাথমিক শিক্ষা খুব বেয়া অৱস্থাত। আৰু ১৮৮৫ চনত স্থাপিত ভাৰতীয় জাতীয় কংগ্ৰছে শিক্ষাৰ প্ৰতি সদৰ্থক মনোভাৱ জগাই তুলিছিল। শিক্ষাৰ প্ৰয়োজনীয়তা জনসাধাৰণে উপলব্ধি কৰিব পাৰিছিল। শিক্ষাৰ প্ৰয়োজনীয়তা জনসাধাৰণে উপলব্ধি কৰিব পাৰিছিল। ১৮৯৯ চনত ভাইচৰয় হিচাপে লৰ্ড কাৰ্জন ভাৰতলৈ আহিছিল। আৰু ১৯০১ চনৰ ছেপ্টেম্ৱৰ মাহত তেওঁ চিমলাত এখন শিক্ষা সন্মিলন অনুষ্ঠিত কৰিছিল। এই সন্মিলনতে শিক্ষাৰ অগ্ৰগতিৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছিল।এই সন্মিলনৰ পৰামৰ্শৱলীৰ ভিত্তিত ১৯০৪ চনত লৰ্ড কাৰ্জনে শিক্ষা নীতি ঘোষণা কৰে।

        প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনে আগবঢ়োৱা পৰামৰ্শবোৰৰ বিৱৰণ তলত দাঙি ধৰা হ'ল----

১। শিক্ষাদান পদ্ধতিৰ উন্নতি সাধনঃ কাৰ্জনে পৰ্যবেক্ষণ কৰি দেখিছিল যে প্ৰাথমিক বিদ্য়ালয়ৰ শিক্ষাদান পদ্ধতি যথেষ্ট পুৰণি আৰু অমনোবৈজ্ঞানিক, যিয়ে ছাত্ৰ- ছাত্ৰীক আকৰ্ষিত কৰিব লোৱাৰে।

২। শিক্ষকৰ প্ৰশিক্ষণঃ প্ৰাথমিক শিক্ষাৰ গুণগত দিশৰ উন্নতি সাধনৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণৰ প্ৰয়োজন।

৩। সহায়ক অনুদান ব্য়ৱস্থাঃ ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশ মন্থৰ গতিত হোৱাৰ প্ৰধান কাৰণ যে পুঁজিৰ অভাৱ সেই কথা কাৰ্জনে অনুভৱ কৰিছিল। সেয়েহে তেওঁ প্ৰাথমিক শিক্ষাৰ বাবে অধিক চৰকাৰী সাহায্য় প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়।

৪। ফলাফলভিত্তিক অনুদান ব্য়ৱস্থাৰ পৰিহাৰঃ ফলাফলভিত্তিক অনুদান প্ৰথাৰ ফলত ভাল ফলাফল দেখুৱাব নোৱৰা বিদ্য়ালয়বোৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। সেয়েহে লৰ্ড কাৰ্জনে অনুদান ব্য়ৱস্থা পৰিহাৰ কৰিছিল।

৫। শিক্ষকৰ দৰমহা বৃদ্ধিঃ প্ৰাথমিক  বিদ্য়ালয়ৰ শিক্ষকসলক উপযুক্তি দৰমহা প্ৰদানৰ ক্ষেত্ৰতো কাৰ্জনে পৰামৰ্শ আগবঢ়াইছিল। তেওঁৰ দৃষ্টিভংগী আছিল যে দৰমহা বৃদ্ধিয়ে উপযুক্ত ব্য়ক্তিক শিক্ষক বৃত্তিৰ বাবে আকৰ্ষিত কৰিব পৰা যাব।

৬। পাঠ্য়ক্ৰমৰ সংস্কাৰ সাধনঃ লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ পাঠ্য়ক্ৰমৰ সংস্কাৰ সাধন কৰিব বিচাৰিছিল। সেয়েহে তেওঁ লিখা, পঢ়া আৰু গণনা কৰাৰ বাহিৰেও প্ৰাথমিক বিদ্য়ালয়ৰ পাঠ্য়ক্ৰমত কৃষি এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল।

লৰ্ড কাৰ্জনৰ শিক্ষা নীতিৰ মূল্য়ায়নঃ 

১। কৃষি শিক্ষাৰ ক্ষেত্ৰত প্ৰথম পৰামৰ্শ কাৰ্জনেই আগবঢ়োইছিল।

২। শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ৱ দিছিল।

৩।লৰ্ড কাৰ্জনৱনে প্ৰাথমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে উদাৰ নীতিৰে অধিক পৰিমাণৰ অৰ্থ সাহায্য় আগবঢ়োৱাৰ পৰামৰ্শ দিছিল। 

৪। কিণ্ডাৰ গাৰ্টেনৰ দৰে উন্নত পদ্ধতিৰে শিক্ষা প্ৰদান কৰিব লাগে বুলিও তেওঁ পোষকতা কৰিছিল।

৫। প্ৰাথমিক শিক্ষাৰ পাঠ্য়ক্ৰমত সংস্কাৰ সাধন কৰি স্থানীয় পৰিৱেশৰ লগত সম্ৱন্ধযুক্ত কৰিছিল।

৪২। কার্জনৰ প্ৰাথমিক শিক্ষা নীতিৰ মূল্যায়ন কৰা । 

উত্তৰঃ  কাৰ্জনৰ প্ৰাথমিক শিক্ষা নীতিৰ মূল্য়ায়ন হৈছে--  ১।  লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে উদাৰ নীতিৰে অধিক পৰিমাণৰ অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ পৰামৰ্শ দিছিল।

২। প্ৰাথমিক শিক্ষাৰ পাঠ্য়ক্ৰমত সংস্কাৰ সাধন কৰি স্থানীয় পৰিৱেশৰ লগত সম্ৱন্ধযুক্ত কৰিছিল। 

৩।কৃষি শিক্ষাৰ ক্ষেত্ৰত প্ৰথম পৰামৰ্শ কাৰ্জনেই আগবঢ়োইছিল।

৪। শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ৱ দিছিল।

৫। কিণ্ডাৰ গাৰ্টেনৰ দৰে উন্ন পদ্ধতিৰে শিক্ষা প্ৰদান কৰিব লাগে হুলিও পোষকতা কৰিছিল।

৪৩। গােখলেৰ শিক্ষাবিলৰ প্রধান প্রস্তাৱবােৰ কি আছিল ?

উত্তৰঃ গোখলেৰ শিক্ষাবিলৰ প্ৰধান প্ৰস্তানবোৰ হ'ল---  ১। ভাৰতবৰ্ষ ৬--১০ বছৰ বয়সলৈ ল'ৰা- ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষাৰ বাধ্য়তামূলকভাৱে প্ৰৱৰ্তন কৰিব লাগে।

২। যিবোৰ অঞ্চলত ৩৩শতাংশ ল'ৰাই শিক্ষালাভ কৰি আছে তেনে অঞ্চলত এই আইন বিষেশভাৱে প্ৰণয়ন কৰিব লাগে।

৩। প্ৰাতমিক শিক্ষা বিস্তাৰৰ দায়িত্ৱ অকল প্ৰাদেশিক চৰকাৰৰ ওপৰতে ন্য়স্ত নকৰিব কেন্দীয় চৰকাৰেও ইয়াৰ দায়িত্ৱ বহন কৰিব লাগে।

৪। শিক্ষাৰ খৰচৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষই ১শতাংশ আৰু প্ৰাদেশিক চৰকাৰে২ শতাংশ বহন কৰিব লাগে। অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ খৰচৰ ক্ষেত্ৰত ১ঃ২ শতাংশ উভয় পক্ষই গ্ৰহণ কৰিব লাগে। 

৫। শিক্ষাৰ বাবে এটা সুকীয়া বিভাগ খুলি কেইজনমান সদস্য়ক লৈ এজন সচব পৰ্যায়ৰ মুৰব্বী কাৰ্য নিৰ্হবাহক পৰিষদৰ পৰা নিযুক্তি দিব লাগে। বিভাগে প্ৰাথমিক শিক্ষাৰ খৰচ সম্পৰ্কীয় যাৱতীয়া এখন বাজেট প্ৰস্তুত কৰিব। ইয়াৰ উপৰিও প্ৰাথমিক শিক্ষাৰ অগ্ৰগতি সম্পৰ্কে খতিয়ান দাঙি ধৰিব লাগিব।

৪৪। গােখলেৰ শিক্ষাবিল অগ্রাহ্য হােৱাৰ কাৰণবােৰ উল্লেখ কৰা ।

উত্তৰঃ গোখলে শিক্ষাৰবিল অগ্ৰাহ্য় হোৱাৰ কাৰণ্য়বোৰহলঃ-- 

১। প্ৰথমতে, প্ৰাথমিক শিক্ষা বাধ্য়তামূলক কৰাৰ যুক্তি ভাৰতীয়সকলৰ বাবে অপৰিপক্ক আৰু অপ্ৰয়োজনীয় আছিল।

২।বাধ্য়তামূলক শিক্ষা প্ৰণয়নৰ বাবে ভাৰতীয় জনসাধাৰণৰ ফালৰ পৰা কোনোধৰণৰ দাবী 

উত্থাপন কৰা হোৱা নাছিল।

৩। প্ৰাদেসিক চৰকাৰসমূহেও বাধ্য়তামূলক শিক্ষা প্ৰণয়ণৰ বাবে কোনোধৰণৰ দাবী নাইবা সমৰ্থন আগবঢ়োৱা নাছিল।

৪। শিক্ষিত শ্ৰেণীৰ লোক এই বিলখনৰ বিপক্ষে আছিল। তেওঁলোকৰ মতে স্থানীয় কৰ্তৃপক্ষই শিক্ষাৰ ওপৰত অতিৰিক্ত কৰ ধাৰ্য কৰিব নোৱাৰিব।

৫। স্থানীয় কৰ্তৃপক্ষই অতিৰিক্ত শিক্ষকৰ ধাৰ্য কৰিলে প্ৰাথমিক শিক্ষাৰ সংগঠন আৰু প্ৰশাসনৰ দিশত বিভিন্ন খেলিমেলিৰ সৃষ্টি হ'ব।

৬। প্ৰাথমিক শিক্ষা স্ৱচ্ছামূলকভাৱে সম্প্ৰাসাৰণ কৰিব পৰা যায়। প্ৰয়োজন হ'লে ইয়াৰ বাবে সহায়ক অনুদানৰ ব্য়ৱস্থা কৰিব পৰা যায়।

৪৫। গােখলেৰ শিক্ষাবিলৰ পৰিণতি কি হৈছিল ?

উত্তৰঃ বিলখন প্ৰস্তুত কৰা হোৱাৰ পাছত স্থানীয় কৰ্তৃপক্ষ, বিশ্ৱবিদ্য়ালয় আৰু  বেতকাৰী কৰ্তৃপক্ষলৈ অনুমোদনৰ বাবে পঠিয়াই মতামত জনাবলৈ কোৱা হ'ল । লেজিস্লেটিভ কাউন্সিলত দুদিন ধৰি চলা তুমুল বাক- বিতণ্ডাৰ অল্তত অৱশেষত ভোটদানৰ বাবে শিদ্ধান্ত গ্ৰহণ কৰা হ'ল। অৱশেষত ৩৮টা ভোট বিলখনৰ বিপক্ষে আৰু ২৩টা ভোট সপক্ষে পৰাৰ ফলস্ৱৰূপে অগ্ৰাহ্য় কৰা হ'ল। অধিকাংশ বিৰোধিতা চৰকাৰী চাকৰিয়াল আৰু চিছু ভ-মালিকৰ পৰা আহিছিল। তেওঁলোকে ব্ৰিটিছ চাহাবসকলক সন্তুষ্ট কৰিবৰ বাবে এই ঐতিহাসিক বিলখনৰ বিপক্ষে ভোট প্ৰদান কৰে। বিলখনৰ বিপক্ষে দিয়া মতামতসমূহ অৰ্থহীন আৰু অযুক্তিকৰ আছিল।

৪৬। বুনিয়াদী শিক্ষাৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বুনিয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্টবোৰ হল-

১) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাঃ সকলো লৰা-ছোৱালীক আঠ বছৰীয়া বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে প্ৰাথমিক শিক্ষা হৈছে নিম্ন পৰ্যায়ৰ শিক্ষা আৰু সকলো লোকৰ বাবে ই উপলব্ধ হব লাগে।

২) শিল্পকেন্দ্ৰিক শিক্ষাঃ গান্ধীজীৰ মতে কৰ্মৰ মাজেদি শিশুসকলে শিক্ষা লাভ কৰিব লাগে। শিল্পক কেন্দ্ৰ কৰি কৰ্মৰ দ্বাৰা জ্ঞান লাভ কৰোঁতে লৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয়ে জ্ঞান লাভ কৰিব আৰু লগতে শ্ৰমৰ মৰ্যাদাবোধও গঢ়ি উঠিব। ইয়াৰ যোগেদি শিক্ষাৰ্থীৰ মনত আত্ম নিৰ্ভৰশীলতাৰ ভাৱ জগাই তুলিব পাৰি।

৩) মাতৃভাষাৰ যোগেদি শিক্ষাঃ শিশুক সকলো শিক্ষা মাতৃভাষাৰ মাধ্যমত প্ৰদান কৰিব লাগে বুলিও গান্ধীজীয়ে মতপোষণ কৰিছিল। তেওঁৰ মতে চিন্তাৰ বিকাশ সাধনৰ বাবে মাতৃভাষাৰ মাধ্যমেৰে ভাল জ্ঞান লাভ কৰাটো প্ৰয়োজনীয়। ড° জাকিৰ হুছেইন কমিটিৰ মতে সকলো শিক্ষাৰ ভেটি হল মাতৃভাষাৰ মাধ্যমত উপযুক্ত শিক্ষাদান।

৪৭। বুনিয়াদী শিক্ষাৰ সবলতা আৰু দুর্বলতাবােৰ আলােচনা কৰা । 

উত্তৰঃ বুনিয়াদি শিক্ষাৰ সবলতা আৰু দুৰ্বৱতাবোৰ তলত আলোচনা কৰা  হৈছে- 

সবলতাবোৰ হৈছে-- ১। শিশুকেন্দ্ৰিকতা (Child Centredness)ঃ বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক নীতি-পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। শিশুৰ প্ৰবৃত্তি, মনোযোগ আৰু আগ্ৰহৰ ওপৰত ভিত্তি কৰি শিশুসকলক শক্ষা প্ৰদানৰ ওপৰত এই শিক্ষাত গুৰুত্ৱ দিয়া হয়।

২। মাতৃভাষাৰ ওপৰত গুৰুত্ৱ ( Importance on Mother Tongue)ঃ বুনিয়াদী শিক্ষাৰ মাধ্য়ম  মাতৃভাষা হোৱাৰ বাবে এই শিক্ষাই শিশুৰ স্ৱঃস্ফূৰ্ত আত্মপ্ৰকাশৰ সুবিধা প্ৰদানত সহায় কৰিব পাৰে। মাতৃভাষাৰ ওপৰত সৰ্বাধিক গুৰুত্ৱ আৰোপ কৰাৰ বাবে এই শক্ষাক প্ৰকৃতাৰ্থত ভাৰতীয় শিক্ষা বুলিব পাৰি।

৩। শিশুৰ সামগ্ৰিক বিকাশ (All Round Develoment of Children)ঃ  বুনিয়াদী শিক্ষা সম্ৱন্ধে মত প্ৰকাশ কৰি গান্ধীজীয়ে কৈছিল যে সাক্ষৰতা লাভেই কেৱল শিক্ষা নহয়, শিক্ষাৰ জৰিয়তে ব্য়ক্তিৰ দেহ, মন আৰু আত্মাৰ বিকাশ সম্ভৱপৰ হ'ব লাগে। অৰ্থাৎ শিশুৰ সামগ্ৰিক বিকাশ সাধনৰ ওপৰত বুনিয়াদী শিক্ষাত গুৰুত্ৱ দিয়া হয়।

৪। বৃত্তিমূলক শিক্ষাত গুৰুত্ৱ (Importance on Vocational Education)ঃ বুনিয়াদী শিক্ষাৰ আন এক গুৰুত্ৱপূৰ্ণ সবল দিশ হ'ল বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ৱ  প্ৰদান। এই শিক্ষাই শিক্ষাৰ্থীসকলক ভৱিষ্য়তে আৰ্থিকভাৱে স্ৱাৱলম্ৱী হোৱাত সহায় কৰে আৰু দেশৰ নিবনুৱা সমস্য়াও সমাধান কৰিব পাৰে।

৫। কৰ্মৰ যোগেদি শিক্ষা ( Learning by Doing)ঃ গান্ধীজীৰ বুনিয়াদী শিক্ষা কৰ্মৰ যোগেদি শিক্ষা বা কৰ্মকেন্দ্ৰিক শিক্ষা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। স্থানীয় প্ৰয়োজনৰ ভিত্তিত প্ৰদান কৰা এই কৰ্মভিত্তিক শিক্ষাই সমাজৰ সকলো শ্ৰেণীৰ লোককে আকৰ্ষিত কৰিছিল আৰু দেহ, মন আৰু আত্মাৰ সৰ্বাত্মক বিকাশ সম্ভৱ হৈছিল।

দুৰ্বলতাবোৰ হৈছে -- ১। হস্তশিল্পত অধিক গুৰুত্ৱ (more Importance on Craft)ঃ বুনিয়াদী শিক্ষাৰ প্ৰধান অসুবিধা হ'ল এয়ে যে এই শিক্ষাই হস্তশিল্পৰ ওপৰত অত্য়াধিক গুৰুত্ৱ আৰোপ কৰে। কিন্তু বাস্তৱিকতে জ্ঞানৰ সকলোবোৰ উপাদান হস্তশিল্পৰ মাধ্য়মেৰে শিশুক শিকোৱাটো সম্ভৱপৰ নহয়। হস্তশিল্পৰ ওপৰত অত্য়াধিক গুৰুত্ৱ এক বাস্তৱ ভিত্তিহীন কথা।

২। আধুনিক শিক্ষাৰ অলুপযুক্ত ( Unfil for Modern Education)ঃ কিছুসংখ্য়ক শিক্ষাবিদে মন্তব্য় কৰে যে বুনিয়াদী শিক্ষাৰ আধুলিক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ যুগত গ্ৰহণযোগ্য নহয়। বুনিয়াদী শিক্ষাৰ পাঠ্য়ক্ৰমিক বিষয়বোৰৰ জ্ঞান লাভে শিশুসকলক বৰ্তমান সমাজ ব্য়ৱস্থাত সমাযোজন কৰাত সহায় নকৰে।

৩। অস্ৱভাৱিকন সহ-সম্ৱন্ধ (Unnatural correlation)ঃ বুনিয়াদী শিক্ষা ব্য়ৱস্থাৰ সকলোবোৰ তাত্ৱিক বিষয়ে সহ-সম্ৱন্ধ স্থাপন কৰিব নোৱাৰে। বলপূৰ্বকভাৱে সহঃসম্ৱন্ধ স্থাপন কৰিলে বিষয়বস্তু বুজি উঠাত  ছাত্ৰ - ছাত্ৰীৰ বাবে  অসুবিধাহে হ'ব । সকলো সময়তে আৰু অৱস্থাতে সহঃসম্ৱন্ধ স্থাপন এক অস্ৱাভাৱিক কাৰ্য হৈ পৰিব ।

৪। উচ্চ শিক্ষাৰ অনুপযোগী ( Unfit for Higher Education )ঃ গান্ধীজীৰ বুনিয়াদী শিক্ষাত ব্য়ৱহৃত 'শিল্পৰ যোগেদী শিক্ষা' বা 'সহসম্ৱন্ধৰ দ্ৱাৰা শিক্ষা দিয়া' দিয়া নিম্ন স্তৰৰ শিশ্ৰাৰ বাবে  উপযোগী হ'লেও উচ্চ শিক্ষাৰ বাবে  উপযোগী নহয়। কলেজ আৰু বিশ্ৱদ্য়ালয়তবোৰত সহঃসম্ৱন্ধ নীতিৰে দস্তশিল্পৰ মাধ্য়মত প্ৰদান কৰা শিক্ষা গ্ৰহণযোগ্য় হৈ উঠিব নোৱাৰে ।

৫। অমনোবৈজ্ঞানিক নীতি (Against Psychological principle)ঃ বুনিয়াদী শিক্ষা ব্য়ৱস্থাই শিক্ষাৰ মনোবৈজ্ঞানিক নীতি সম্পূৰ্ণৰূপে মানি চলা নাই। শিশুৰ শিক্ষা ক্ৰীয়া- নীতি (play  principle) মূলক কৰাৰ পৰিৱৰ্তে ক্ৰিয়া নীতি ( principle of Work) মুলকহে কৰি তুলিছিল। এই শিক্ষা ব্য়ৱস্থাত সিশুসকলে দিনটোৰ অধিকাংশ সময় দৈহিক পৰিশ্ৰম কৰিব লাগিছিল।

৪৮। ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ মূল প্রস্তাৱবোৰ কি আছিল ? 

উত্তৰঃ ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ মূল প্ৰস্তাৱবোৰ হ'ল-- 

১। সমগ্ৰ অসমতে এই আইনখন প্ৰযোজ্য় হ'ব। 

২। এই আইনখন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষ আৰু শিক্ষা কমিটি দায়বদ্ধ হ'ব।

। কোনো ছাত্ৰ- ছাত্ৰীৰ পৰা মাচুল ল'ব নোৱাৰিলে।

৪। ৬-ৰ পৰা ১১বছৰৰ ল'ৰা ছোৱালীৰ বাবে প্ৰথমিক শিক্ষা বাধ্য়তামূলক কৰা হ'ব।

৫।স্থানীয়  কৰ্তৃপক্ষই প্ৰাথমিক শিক্ষা বাধ্য়তামূলক কৰাৰ প্ৰস্তাৱ গৃহীত কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাখিল কৰিব লাগে। 

৬। বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কিমান ব্য়য় বহন কৰিব আৰু অতিৰিক্তিভাৱে কিমান অৰ্থৰ  প্ৰয়োজন হ'ব সেই সকলো তথ্য় স্থানীয় কৰ্তৃপক্ষই চৰকাৰৰ ওচৰত দাখিল কৰিব লাগে।

৭। স্থানীয় কৰ্তৃপক্ষই যদি বাধ্য়তামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰিব বিচাৰে তেন্তে মুঠ খৰচৰ এক তৃতীয়াংশ গ্ৰহণ কৰিব  লাগিব।

৮। স্থানীয় কৰ্তৃপক্ষৰ প্ৰস্তাৱ চৰকাৰে  যদি গ্ৰহণ কৰে তেন্তে বাকী দুই তৃতীয়াংশ খৰচ চৰকাৰে বহন কৰিব । 

৯। স্থানীয় কৰ্তৃপক্ষই সময়মতে বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ আঁচনি প্ৰস্তত কৰিব নোৱাৰিলে চৰকাৰে আঁচনি প্ৰস্তত কৰাৰ নিৰ্দশ দিব পাৰে।

১০। চৰকাৰে জাননী দি আইন, শিক্ষা কৰ, শিক্ষা সমিতি গঠন আৰু শিক্ষা নিধি পৰিচলনাৰ ক্ষেত্ৰত নিয়ম-কানুন প্ৰস্তত কৰি দিব পাৰে।

১১। শিক্ষা কমিটিৰ পৰামৰ্শৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক কিতাপ আৰু অন্য়ান্য় লিখন সামগ্ৰী বিনামূলীয়াকৈ দিয়া হ'ব।

  ১২। যিকোনো  স্থানীয়  কৰ্তৃক্ষই বিষেষ  সভাত দুই তৃতীয়াংশ সদস্য়ই সমৰ্থন জনালে প্ৰাথমিক শিক্ষা বাধ্য়তামূলকভাৱে প্ৰৱৰ্তনৰ ব্য়ৱস্থা কৰিব পাৰিব । 

৪৯। প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ স্তৰবােৰ বৰ্ণনা কৰা ।

উত্তৰঃ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ স্তৰবোৰ তলত বৰ্ণনা কৰা হ'ল--

(ক) সাৰ্বজনীন ব্য়ৱস্থাপনা  (Universalization of Provision )ঃ ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুক সাৰ্বজনীন সুবিধা প্ৰদানৰ  বাবে উপযুক্ত  পৰিমাণৰ বিদ্য়ালয় স্থাপন কৰিব লাগে। বিদ্য়ালয়সমূহ যাতায়তৰ সুবিধাৰ বাবে শিক্ষাৰ্থীসমূহৰ ঘৰৰ উপযুক্ত দূৰত্ৱত স্থাপন হ'ব লাগে।

(খ) সংৰক্ষণৰ সাৰ্বজনীনতা ( Universal Retention)ঃ সংৰক্ষণৰ সাৰ্বজনীনতাই প্ৰাথমিক শিক্ষাদানৰ কান আৰু অধ্য়নসূচী সম্পূৰ্ণ হৈ নুঠালৈকে সকলো শিশুৱেই স্কুলত নিয়মিত উপস্থিতি সম্ভৱ কৰি ৰখাক বুজায়। প্ৰাথমিক শিক্ষাৰ বাবে নিৰ্ধাৰিত শৈক্ষিক বছৰকেইটা নিয়মিতভাৱে উপস্থিত থাকি শিক্ষা সম্পূৰ্ণ কৰিব পাৰিলেহে প্ৰকৃতপক্ষে সাক্ষৰতা লাভ কৰি উঠিব পাৰি। এই প্ৰসংগতো সমাজৰ কুসংস্কাৰ, আৰু দৰিদ্ৰতাৰ বশৱৰ্তী হৈ বহুতো পিতৃ - মাতৃয়ে কন্য়াসন্তাক স্কুল এৰুৱাই আধুৰুৱা শিক্ষা দিয়ে. আৰু ঘৰৰ কামত ব্য়ৱহাৰ কৰে, যাৰ ফলত শিক্ষা - সংৰক্ষণ সমস্য়া স্ৱৰূপ হৈ উঠে.

(গ) নামভৰ্তিকৰণৰ সাৰ্বজনীনতা (Universal Enrolment)ঃ ইয়াৰ অৰ্থ হ'ল ৬বছৰৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰত সকলো শিশুৰ স্কুলত অনিবাৰ্যভাৱে  নাম ভৰ্তিকৰণ আৰু উপস্থিতি নিশ্চিত কৰিব লাগে। ইয়াৰ বাবে বহল প্ৰাচাৰ কাৰ্য, প্ৰণোদন অথবা আইন বলবৎকৰণৰ যোগেদিও সাৰ্বজনীন উপস্থিতি সম্ভৱ কৰি তুলিব লাগে। 

৫০। ভাৰতীয় সংবিধানে প্রাথমিক শিক্ষা সার্বজনীন কৰাৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল ?

উত্তৰঃ 

৫১। প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ সমস্যা আৰু সমাধানৰ উপায়বােৰ বৰ্ণনা কৰা । 

উত্তৰঃ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ সমস্য়া আৰু সমাধানৰ উপায়বোৰৰ তলত বৰ্ণনা কৰা হ'ল -- 

(ক) প্ৰাকৃতিক সমস্য়া (Natural problem)ঃ প্ৰাকৃতি সমস্য়াই প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতাৰ ক্ষেত্ৰত প্ৰধান অন্তৰালস্ৱৰূপে থিক দিছে । প্ৰাকৃতিক দুৰ্যোগ ,যেনে-- বানপানী , দুৰ্বিক্ষ, মহামাৰী, চুনামী াদিৰ দৰে সমস্য়ায়মূহে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতাত বাধা দিছে।

(খ) অৰ্থনৈতিক সমস্য়া(Economic problem)ঃ ভাৰতৰ দৰিদ্ৰ সামাৰেখাৰ তলৰ ব্য়ক্তিসকলে ল'ৰা ছোৱালীক শিক্ষা ধিয়াতকৈ উপাৰ্জনমুখী কামত নিয়োজিত কৰায়। ইয়াৰ উপৰিো ল'ৰা - সন্তানক নিম্ন পৰিমাণৰ শিক্ষা দিলেও ছোৱালীক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোক উৎসাহিত নহয় । ইও শিক্ষা সাৰ্বজনীনতাত বাধা আনিছে। 

(গ) সামাজিক সমস্য়া (Social Problem)ঃ সামাজত প্ৰচলিত নীতি-নিয়ম আৰু অন্ধবিশ্ৱাসেও শিক্ষা সাৰ্বজনীনকৰণ আৰু লিংগ সমতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। পৰণিকলীয়া নীতি-নিয়ম, অস্পৃশ্য়তা , জাতিভেদ প্ৰথা,বাল্য়বিবাহ, যৈতুকপ্ৰথা, শিশু শ্ৰমিক, ছোৱালীৰ শিক্ষাৰ প্ৰতি বৈষম্য়ভাৱে আদি সংকীৰ্ণ মনোভাৱে শিক্ষা সোৰ্বজনীনকৰণত বাধা দিছে।

(ঘ) জমসাধাৰণৰ সচেনতাৰ অভাৱ ( Lack of Consciousness of the people)ঃ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কেন গ্ৰামাঞ্চলৰ নিৰক্ষৰ লোকসকল অকণো সচেতন নহয়। দেখা যায় নিৰক্ষৰ লোকসকলৰ ল'ৰা-ছোৱালীৰ শিক্ষিতৰ হাৰ তুলনামূলকভাৱে স্ৱাক্ষৰ আৰু শিক্ষিত লোকৰ ল'ৰা ছোৱালীৰ হাৰতকৈ যথেষ্ট কম । ইয়ে শিক্ষাৰ সাৰ্বজনীনতাৰ ক্ষেত্ৰত সমস্য়াৰ সৃষ্টি কৰে।

(ঙ) ৰাজনৈতিক সমস্য়া  ( political Problem)ঃ  স্ৱাধীনোত্তৰ ভাৰতবৰ্ষত শিক্ষাৰ সাৰ্বজনীনকৰণৰ বাবে বিভিন্ন আঁচনি সময়ে সময়ে গ্ৰহণ কৰি অহা হৈছে। এখন আঁচনি হোৱাৰ লগে লগে আগৰখন বাতিল হৈ যোৱাত বিকাশৰ ধাৰা সলনি হৈ যায়। গতিকে সুস্থিৰ নীতিৰ অভাৱতো দেশৰ শিক্ষাব্য়ৱস্থা সাৰ্বজনীন হৈ উঠা নাই।

(চ) উপযুক্ত সঁজুলিৰ অভাৱ (Lack of adequate aids)ঃ গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্য়ালয়বোৰ বেছিভাগ স্কুলত ভাল শ্ৰেণীকোঠা, আচবাব, সা-সঁজুলি আদিৰ অভাৱ। আনকি কিছুমান স্কুলত ব্লেকবোৰ্ড আৰু চক পেঞ্চিলও নাথাকে।

সমাধানৰ উপায়বাৰ হৈছে--

(ক) বিদ্য়ালয়ত এজনীয়া শিক্ষকৰ  বিদুপ্তি সাধন কৰি প্ৰত্য়েক শ্ৰেণীৰ বাবে একোজনকৈ শিক্ষক নিযুক্তি দিব লাগে ।

(খ) পাঠ্য়ক্ৰমিৰ সংস্কাৰ  সাধন কৰিব লাগিব । পাঠ্য়ক্ৰমিক আৰু সহ - পাঠ্য়ক্ৰমিক কাৰ্যসূচিসমূহ শিশুৰ উপযোগী কৰি তোলা উচিত।

(গ) শিক্ষানীতিৰ সঘন পৰিৱৰ্তন নঘটাই সুস্থিৰ মনোভাৱ ল'লেহে উপকৃত হ'ব পাৰি। 

(ঘ) বিদ্য়ালয়সমূহত কিতাপ পত্ৰ, কাপোৰ কানি অন্য়ান্য় সা-সঁজুলিবোৰ বিনামূলীয়াকৈ যোগান ধৰিব লাগিব। 

(ঙ) বিদ্য়ালয়লৈ অহা যোৱা কৰা ৰাস্তা-ঘাট, দলং আদি ভাল হ'ব লাগিব যাতে ল'ৰা ছোৱালীবোৰ সহজতে বিদ্য়ালয়লৈ অহা যোৱা কৰিব পাৰে। 

(চ) স্ত্ৰী শিক্ষাৰ অধিক গুৰুত্ৱ দিব লাগিব, কিয়নো পুৰুষ আৰু স্ত্ৰী শিক্ষাৰ মাজৰ বৈষম্য় বৰ্তমানেও আঁতৰ হোৱা নাই। ঘৰুৱা উন্নতিৰ বাবেও স্ত্ৰীশিক্ষাৰ প্ৰয়োজন। 

৫২। ভাৰতৰ বৃটিছৰ শাসনকালত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল ?

উত্তৰঃ ভাৰতৰ বৃটিছ শাসনকালত বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী গোপাল কৃষ্ণ গোখলে জনাইছিল।


৫৩। চমুটোকা লিখাঃ 

(ক) গুৰুকুল 

উত্তৰঃ প্ৰাচীন বৈদিক শিক্ষা গুৰুকূল আশ্ৰমক কেন্দ্ৰ কলি গঢ় লৈ উঠিছিল। গুৰুকূলত শিক্ষা আৰম্ভ কৰাৰ আগেয়ে উপনয়ন নামৰ এক অনুষ্ঠান তিনিদিনৰ বাবে উদ্যাপন কৰা হৈছিল। ৮-ৰ পৰা ১২ বছৰ বয়সৰ শিষ্যই গুৰুত্ব গৃহত বৈদিক শিক্ষা লাভৰ বাবে উপনয়ন যোগেদি প্ৰৱেশ কৰিব পাৰে। গুৰুকূলত ৮-ৰ বছৰ কাল শিষ্যই গুৰুৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল। গুৰুকুল আশ্ৰমত শিষ্যসকলে দৈনন্দিন কাৰ্যস্বৰূপে গুৰুৱে শুই উঠাৰ পূৰ্বে উঠিব লাগিছিল, বাচন চাফা কৰা, যজ্ঞৰ বাবে খৰি সংগ্ৰহ কৰা, পূজাৰ বাবে ফুল গোটোৱা, অন্ন সংগ্ৰহ কৰাৰ দায়িত্ব পালন কৰিব লাগিছিল। ইয়াৰ উপৰিও গুৰুগৃহত তেওঁলোকে সহজ-সৰল জীৱন যাপন কৰিছিল আৰু প্ৰতিদিনে শিষ্যসকলে দুবাৰকৈ ভিক্ষা সংগ্ৰহ কৰিব লাগিছিল। ভিক্ষা সংগ্ৰহ কৰাটো এক নৈতিক অনুশাসন স্বৰূপে গণ্য কৰা হৈছিল।

(খ) পাঠশালা 

উত্তৰঃ প্ৰাচীন ভাৰতীয় শিক্ষাৰ এক প্ৰসিদ্ধ অনুষ্ঠান হল পাঠশালা। প্ৰধানতে হিন্দুসমাজৰ লৰা-ছোৱালীৰ শিক্ষা প্ৰদানৰ বাবে এই অনুষ্ঠান গঢ় লৈ উঠিছিল। পাঠশালাত সংস্কৃত ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। এই শিক্ষানুষ্ঠানৰ শিক্ষকসকল বিদগ্ধ পণ্ডিত আছিল আৰু তেওঁলোকৰ শিক্ষাদান কাৰ্যও অতুলনীয় আছিল। পাঠশালা অনুষ্ঠান সাধাৰণতে মঠ-মন্দিৰবোৰত স্থাপন কৰা হৈছিল আৰু কিছুমান পাঠশালাৰ নিজস্ব মাটি আৰু ঘৰ-দুৱাৰ আছিল। দেশৰ শাসনকৰ্তা, সমাজৰ ঐশ্বৰ্যশালী ব্যক্তি আৰু সৰ্বসাধাৰণ লোকৰ অৰ্থ সাহাৰ্যৰ এই অনুষ্ঠানবোৰ চলি আছিল।

    পাঠশালাত প্ৰধানকৈ ৰামায়ণ, মহাভাৰত, সাহিত্য, বিজ্ঞান, অংক, ব্যাকৰণ আদিৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিষয়বোৰৰ মাধ্যমেৰে প্ৰদান কৰা পাঠশালাৰ শিক্ষাৰ মূল লক্ষ্য আছিল হিন্দু শিশুসকলক ধৰ্মীয় শিক্ষাৰ দ্বাৰা উপযুক্ত পণ্ডিত স্বৰূপে গঢ় দি তোলা।

(গ) টোল।

উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষত উচ্চ শিক্ষা প্ৰদানৰ এক অনুষ্ঠান হল টোল আৰু ই হিন্দু ধৰ্মকেন্দ্ৰীক আছিল। টোলসমূহত প্ৰধানতে সংস্কৃত ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হৈছিল। সমগ্ৰ ভাৰতবৰ্ষতে টোলৰ শিক্ষা প্ৰচলন আছিল যদিও বেনাৰস, কাশী, উজ্জয়িনী, মিথিলা আদিত টোলৰ শিক্ষা বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছিল। টোলসমূহৰ প্ৰশাসনিক ব্যৱস্থা শিক্ষকপ্ৰধান আছিল আৰু অতি কম শিক্ষাৰ্থীয়ে টোলসমূহত শিক্ষাগ্ৰহণ কৰিছিল। টোলসমূহত শিক্ষাৰ্থীৰ সংখ্যা ২৫ জনৰ ভিতৰত সীমাৱদ্ধ আছিল আৰু ৬ৰ পৰা ৮ বছৰলৈ শিক্ষাৰ্থীসকলে শিক্ষালাভ কৰিছিল। টোলৰ শিক্ষাৰ বিকাশৰ বাবে ৰজাঘৰীয়া সাহাৰ্য আৰু সৰ্বসাধাৰণ লোকৰ সাহাৰ্য্য দেখিবলৈ পোৱা গৈছিল।

    টোলৰ শিক্ষা গুণগত দিশেৰে অতি উচ্চ মানদণ্ডৰ আছিল আৰু ইয়াত বেদৰ অধ্যয়ন উপৰিও বিভিন্ন ধৰ্মতত্ব,কলাত্মক বিষয়, গণিত আৰু বিজ্ঞান আদি বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল। টোলৰ শিক্ষা গ্ৰহণৰ অন্তত শিক্ষাৰ্থীসকলে শিক্ষকতা বৃত্তিৰ বাবে যোগ্যতা লাভ কৰিছিল আৰু নিজ অঞ্চলত গৈ শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষা সম্প্ৰসাৰণ কৰিছিল। কেতবোৰ টোলে ইমান বেছি জনপ্ৰিয়তা লাভ কৰিছিল যে দূৰ-দূৰণিৰ পৰাও শিক্ষাৰ্থীসকলে বিশিষ্ট শিক্ষকৰ তলত শিক্ষালাভৰ বাবে আহিছিল।


(ঘ) সত্র ।

উত্তৰঃ সত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষনৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। মূলতঃ ধৰ্মচৰ্চা কৰিবৰ বাবে সত্ৰসমূহ স্থাপন কৰা হৈছিল। সত্ৰসমূহত প্ৰাচীন ভাৰতীয় সমাজ আৰু বৌদ্ধ-বিহাৰৰ আদৰ্শ থকা দেখা যায়।

    প্ৰতিখন সত্ৰতে এজনকৈ সত্ৰাধিকাৰ থাকে। সত্ৰাধিকাৰৰ ওচৰত সৰ্বসাধাৰণ  লোকে শৰণ লৈ শিক্ষা আৰু নৈতিক জীৱনৰ আদৰ্শ লাভ কৰে। সত্ৰসমূহত শিক্ষাৰ লগতে অসমীয়া সমাজ আৰু সংস্কৃতিৰ বিষয়েও চিন্তা-চৰ্চা কৰা হৈছিল।

(ঙ) মােক্তাৱ ।

উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰে প্ৰাথমিক শিক্ষাৰ কেন্দ্ৰসমূহক মোক্তাব হিচাপে অভিহিত কৰা হৈছিল। প্ৰাথমিক শিক্ষাদানৰ মুখ্য উদ্দেশ্য আছিল লৰা-ছোৱালীক আখৰ আৰু ধৰ্মীয় প্ৰাৰ্থনাৰ শিক্ষা দিয়া। মোক্তাবসমূহত ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আছিল। মোক্তাব শব্দ কুটুব নামৰ আৰবী শব্দৰ পৰা সৃষ্টি হৈছে যত লিখিবলৈ একগোট হোৱা যায়। মোক্তাবসমূহ মছজিদৰ লগত সংলগ্ন আছিল। ইয়াতেই শিশুক প্ৰাথমিক শিক্ষা দিয়া হৈছিল। যদিও কিছুসংখ্যক আঢ্যৱন্ত লোকে ঘৰতে শিক্ষা নিযুক্তি দি লৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল, তথাপিও বেছিভাগেই মোক্তাবত শিক্ষক লাভ কৰিছিল। তদুপৰি খানকাহ আৰু দৰগাহ সমূহতো শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। মৌলবাদীসকলক এই পবিত্ৰ অনুষ্ঠানবোৰত শিক্ষা দিবলৈ নিয়োগ কৰা হৈছিল। তেওঁলোকক প্ৰয়োজনীয় অৰ্থসাহায্য প্ৰদান কৰা হৈছিল।

(চ) মাদ্ৰাছা ।

উত্তৰঃ মুছলমান যুগৰ শিক্ষাৰ উচ্চ ব্যৱস্থাক মাদ্ৰাছা বুলি অভিহিত কৰা হৈছিল। মাদ্ৰাছা শব্দটো আৰবী ভাষাৰ দাৰচ নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হল বক্ততা প্ৰদান কৰা। মোক্তাবৰ  শিক্ষা সমাপ্ত কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছাত নাম ভৰ্তি কৰিছিল। মাদ্ৰাছা শিক্ষা দুই ভাগত ভগোৱা হৈছিল-

ধৰ্মনিৰপেক্ষ

ধৰ্মীয় শিক্ষা

সমগ্ৰ শিক্ষাৰ বাবে দহ/বাৰ বছৰ ধাৰ্য কৰি দিয়া হৈছিল। ধৰ্মনিৰপেক্ষ শিক্ষাৰ বাবে বিষয়সমূহ এনেধৰণৰ আছিল- আৰবী, ব্যাকৰণ, গদ্য, সাহিত্য আৰু দৰ্শন, তৰ্কশাস্ত্ৰ, জ্যোতিষবিদ্যা, গণিত, বুৰঞ্জী, ভোগোল, কৃষি আৰু সংযোজন ইত্যাদি। শিক্ষাদানৰ মাধ্যম আছিল আৰবী। সম্ৰাট ঔৰংগজেবে শিক্ষাদানৰ মাধ্যম মাতৃভাষা কৰাৰ পৃষ্ঠপোষকতা কৰিছিল, কাৰণ, দহ বা বাৰ বছৰ ধৰি শিক্ষা লাভৰ পাছতো অধিকসংখ্যক ছাত্ৰই আৰবী ভাষা সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পৰা নাছিল।

    ধৰ্মীয় শিক্ষা কোৰাণৰ ওপৰত সামগ্ৰিক জ্ঞানেৰে প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি হজৰত মহম্মদৰ ধৰ্মীয় পৰম্পৰা, মুছলমান আইন, চুফীসকলৰ পংক্তিবোৰ এই শিক্ষাত অন্তৰ্ভূক্ত হৈছিল। প্ৰথমতে ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰা হৈছিল যদিও ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰৰোচনা চলোৱা হৈছিল। মহামতি আকবলে এইক্ষেত্ৰত কিছু উদাৰ মনোভাব পোষণ কৰিছিল।

(ছ) মণিটৰিয়েল প্রথা ।

উত্তৰঃ ১৯ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰা মণিটৰিয়েল ব্যৱস্থা দৰাচলতে প্ৰাচীন ভাৰতৰ শিক্ষাৰ এক কেন্দ্ৰ। বৃটিছ শিক্ষাবিদ দ্বয় ড°এণ্ড্ৰিউ বেল আৰু যোচেঙ লেংকষ্টাৰ এ স্বাধীনভাৱে এই ব্যৱস্থা বিকশাই তুলিছিল। প্ৰাচীন ভাৰতীয় বৈদিক আৰু মুছলমানসকলৰ শিক্ষা ব্যৱস্থাত অনানুষ্ঠানিকভাৱে মণিটৰিয়েল ব্যৱস্থা প্ৰচলিত আছিল। বৃটিছ শিক্ষাবিদ দ্বয়ে সেই অনুপ্ৰেৰণাতে এই ব্যৱস্থা জনপ্ৰিয় কৰিছিল

    মণিটৰিয়েল প্ৰথাত শিক্ষকসকলে তেওঁলোকৰ শিক্ষাদান কাৰ্যত সহায় কৰাৰ বাবে ওপৰৰ শ্ৰেণীৰ যোগ্য ছাত্ৰক নিৰ্বাচন কৰি তেওঁলোকক তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবৰ বাবে নিয়োগ কৰিছিল। এই ব্যৱস্থাৰ ফলত শিক্ষকৰ পৰিশ্ৰম বু পৰিমাণে কমি গৈছিল। এই ব্যৱস্থাক ওজা-ছাত্ৰ ব্যৱস্থা বা বেল পদ্ধতি নামেৰেও জনা যায়।

(জ) ৰাষ্ট্ৰীয় সাক্ষৰতা মিচন।

উত্তৰঃ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি আৰু আন আন আঁচনিবোৰ মূল্যায়ন কৰি দেখা গৈছিল যে এই আঁচনিবোৰে বিভিন্ন সমস্যাৰ বাবে নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হব পৰা নাই। সেয়েহে নিৰক্ষৰতাৰ সমস্যা সমাধানৰ ববে ১৯৮৮ চনৰ ৫ মে তাৰিখে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন গঠন কৰা হয়। এই মিছন ১৯৯৫ চনৰ ভিতৰত ১৫-৩৫ বছৰ বয়সৰ ৮ কোটি অশিক্ষিত প্ৰাপ্তবয়স্কক কাৰ্যকৰী সাক্ষৰতা প্ৰদানৰ উদ্দেশ্যেৰে গঠন হৈছিল। পৰৱৰ্তী পৰ্যায়ত ২০০১ চনৰ ভিতৰত ১৫-৩৫ বছৰ বয়সৰ ১০ কোটি অশিক্ষিত প্ৰাপ্তবয়স্ক লোকক শিক্ষা প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল। ইয়াৰ পাছত ১৯৯৯ চনত এই মিছন সংশোধন কৰি ক্ৰুতি বিচ্যুতিবোৰ আঁতৰ কৰা হয় আৰু ২০০৭ চনৰ ভিতৰত দেশৰ ৭৫ শতাংশ সাক্ষৰতা লাভৰ লক্ষ্য আগত ৰাখে।

(ঞ) পূর্ণ সাক্ষৰতা অভিযান।

উত্তৰঃ দেশৰ পৰা নিৰক্ষৰতা নোহোৱা কৰিবলৈ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে ১৯৮৯ চনত জনজাগৰণ প্ৰচেষ্টা স্বৰূপে পূৰ্ণ সাক্ষৰতা অভিজান আৰম্ভ কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকক স্বেচ্ছাকৃতভাৱে সাক্ষৰতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই অভিযান গঠন কৰা হৈছিল। ২০০৫ চনৰ ভিতৰত পূৰ্ণ সাক্ষৰতা প্ৰাপ্তিয়েই আছিল ইয়াৰ মূল লক্ষ্য এই অভিযানে প্ৰথমতে ৮৮২ খন জিলাক সামৰি লৈছিল আৰু পৰৱৰ্তী সময়ত ২১৫ খন জিলাক সামৰি লোৱাৰ পৰিকল্পনা লৈছিল। এই অভিযানে কলা, সংগীত, নাটক আদি সাংস্কৃতিক উপাদান প্ৰয়োগ কৰি জনসাধাৰণৰ মাজত পূৰ্ণ সাক্ষৰতা অভিযান কাৰ্যসূচী কাৰ্যকৰী কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।

(ট) জিলা প্রাথমিক শিক্ষা আঁচনি ।

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে ১৯৯৮ চনত জিলা প্ৰাথমিক শিক্ষাৰ আঁচনি (DPEP) গঠন কৰা হয় । এই আঁচনি মূল উদ্দেশ্য় হৈছে দেশৰ পিচ পৰি থকা  অঞ্চলৰ লোকসকলৰ শিক্ষানুষ্ঠানত অন্তৰ্ভক্তিৰ ক্ষমতা বঢ়োৱা, নিৰক্ষৰতা গুচোৱা আৰু প্ৰাথমিক শিক্ষাৰ অপচয়  ৰোধ কৰি শিক্ষা সাৰ্বজনীন কৰি তোলা। এই আচনিত দেশৰ সকলোবোৰ ৰাজ্য় আৰু জিলাকে অন্তৰ্ভূক্ত কৰা হোৱা নাই। যিবোৰ ৰাজ্য় আৰু জিলাত অন্তৰ্ভক্ত মহিলাৰ সাক্ষৰতাৰ সাৰ সৰ্বভাৰতীয় সাক্ষৰতা হাৰৰ গড় পৰিমাণতকৈ নিম্ন মানৰ সেইবোৰ অঞ্চলত এই আঁচনিখন কাৰ্য্যকৰীকৰণৰ কৰা হৈছিল। DPEP আঁচনিখনে দেশৰ নিৰক্ষৰ মহিলা সকলক, পিচপৰা অনুসূচীত  জাতি আৰু জনজাতীয় লোকসকলক বিশেষভাৱে সামৰি লৈছিল। সেই অলুক্ৰমে ৰাজ্য়ৰ মুঠ ২৩ খন নিৰ্বাচিত জিলাত ইয়াক কাৰ্যকৰীকৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা হৈছিল।

(ঠ) সর্বশিক্ষা অভিযান।

উত্তৰঃ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ সৰ্ববৃহৎ আঁচনিখন হৈছে 'সৰ্বশিক্ষা অভিযান' আঁচনি। এই আঁচনিখনক সৰ্বশিক্ষা বুলি এইকাৰনে কোৱা হৈছে যে ইয়াত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য়ক চৰকাৰ আৰু সাধাৰণ জনসাধাৰণ সকলোৱে জড়িত হবলগীয়া হৈছে আৰু সকলোকে সমানভাৱে শিক্ষা দিয়াত গুৰুত্ৱ দিয়া হৈছে। এই অভিযানৰ দ্ৱাৰা জাতি-ধৰ্ম, বৰ্ণ, সম্প্ৰাদায়, লিংগ তথা জন্মস্থান নিৰ্বশেষে ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱাৰ লগতে শাৰীৰিকভাৱে অক্ষম আৰু মানসিকভাৱে দুৰ্বল শিশুকো শিক্ষা দিয়াত গুৰুত্ৱ দিয়া হৈছে। 'সকলোৰে বাবে শিক্ষা' আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০০২ চনত এই অভিযান শুভৰম্ভ কৰে। 

(ড) শিক্ষাৰ অধিকাৰ আইন , ২০০৯ ।

উত্তৰঃ ৰাষ্ট্ৰসংঘই ১৯৯৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা জাৰি কৰি প্ৰস্তাৱনাত উল্লেখ কৰেযে ৰাষ্ট্ৰসমূহে জনসাধাৰণক জ্ঞান আৰু দক্ষতা প্ৰদান কৰি মানৱ অধিকাৰৰ প্ৰসাৰ ঘটোৱাটোৱেই শিক্ষাৰ লক্ষ্য হোৱা উচিত। সংবিধানৰ সংশোধিত ২১ অনুচ্ছেদ অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৯ চনত এখন আইন জাৰি কৰে। এই আইনখন হৈছে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক আইন ২০০৯। আইনখন যদিও ২০০৯ চনৰ ২০ জুলাইত ৰাজ্যসভাত, ৪ আগষ্টত লোকসভাত পাছ হয়, তাৰ পাছত ৰাষ্ট্ৰপতিয়ে ৩ ছেপ্তেম্বৰত সন্মতি প্ৰদান কৰে আৰু সেইদিনাই জাননী আকাৰে জাৰী কৰা হয়।


২০১৩-২০১৮ চনলৈ পৰীক্ষাত অহা প্ৰশ্নৰ নমুনা ঃ

 ২০১৩ 

১. অতি চমু উত্তৰ দিয়া । 

a)  বুনিয়াদী শিক্ষাৰ প্ৰধান সমৰ্থক আছিল ----------।

উত্তৰঃ

b) প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি লিখা ।

উত্তৰঃ

c) 'নিম্ন পৰিস্ৰাৱন নীতিৰ' পৃষ্টপোষক কোন ?

উত্তৰঃ


2. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঃ

(a) ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ দুটা মূল চর্ত উল্লেখ কৰা ।

উত্তৰঃ


3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ

(a) সত্ৰৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সত্ৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষনৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। শংকৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। মূলতঃ ধৰ্মচৰ্চা কৰিবৰ বাবে সত্ৰসমূহ স্থাপন কৰা হৈছিল। সত্ৰসমূহত প্ৰাচীন ভাৰতীয় সমাজ আৰু বৌদ্ধ-বিহাৰৰ আদৰ্শ থকা দেখা যায়।

    প্ৰতিখন সত্ৰতে এজনকৈ সত্ৰাধিকাৰ থাকে। সত্ৰাধিকাৰৰ ওচৰত সৰ্বসাধাৰণ  লোকে শৰণ লৈ শিক্ষা আৰু নৈতিক জীৱনৰ আদৰ্শ লাভ কৰে। সত্ৰসমূহত শিক্ষাৰ লগতে অসমীয়া সমাজ আৰু সংস্কৃতিৰ বিষয়েও চিন্তা-চৰ্চা কৰা হৈছিল।

(b) হান্টাৰ আয়ােগে ভাৰতৰ প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে আগবঢ়োৱা তিনিটা পৰামর্শ লিখা ।

উত্তৰঃ

(c) পুৰণি দেশীয় শিক্ষাৰ সমৰ্থনত তিনিটা সবল দিশ লিখা । 

উত্তৰঃ

(d) সার্বজনীনে প্রাথমিক শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ


4. (a) প্রাচ্য-পাশ্চাত্য বিবাদৰ বিষয়ে লিখা।

উত্তৰঃ


5. যিকোনাে দুটাৰ উত্তৰ দিয়া।

(a) ১৮৫৪ চনৰ ঘােষণাপত্ৰখনক “ উদৰ ঘােষণা পত্র ” বুলি কিয় কোৱা হয় উদৰ নিৰ্দেশনাৰ ছয়টা নির্দেশনাৰ বিষয়ে লিখা । 

উত্তৰঃ

2014

1. তলৰ প্রশ্নবােৰৰ উত্তৰ লিখাঃ 

(a) উডৰ ঘােষণা পত্ৰৰাে চনটো উল্লেখ কৰা । 

উত্তৰঃ

 2015 

1. যথাযথ উত্তৰ দিয়াঃ

(ক) নালন্দা বৈদিক / বৌদ্ধ ( মুছলমান শিক্ষাৰ এটা কেন্দ্ৰ আছিল । 

উত্তৰঃ

(খ) প্রাথমিক শিক্ষাত ‘ ফলাফলভিত্তিক অনুদান ’ ব্যৱস্থাৰ পৰামর্শ কোনে দিছিল ? 

উত্তৰঃ


2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) প্রাচ্য - পাশ্চাত্য সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ

(খ) জিলা প্রাথমিক শিক্ষা আঁচানিৰ দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ

(গ) নিম্ন পৰিস্ৰাৱণ নীতি বুলিলে তুমি কি বুজা ?

উত্তৰঃ

(ঘ) বিশ্ববিদ্যালয় অনুদান আয়ােগৰ দুটা কার্য লিখা ।

উত্তৰঃ

(ঙ) ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ দুটা সুবিধা / ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ

3. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) ১৮৫৪ চনৰ উডৰ শিক্ষাবিষয়ক নির্দেশনামাৰ চাৰিটা প্রধান পৰামর্শ লিখা । 

উত্তৰঃ

4. যিকোনাে চাৰিটা প্রশ্নৰ উত্তৰ দিয়াঃ

(ক) অসমৰ সাহিত্য আৰু শিক্ষা জগতলৈ খ্রীষ্টিয়ান মিছনেৰীসকলৰ অৱদান দাঙি ধৰা ।

উত্তৰঃ

(খ) প্রাথমিক শিক্ষা সার্বজনীনকৰণৰ ছয়টা সমস্যা উল্লেখ কৰা ।

উত্তৰঃ

(গ) মহাত্মা গান্ধীয়ে প্ৰৱৰ্তন কৰা বুনিয়াদী শিক্ষাৰ প্রধান বৈশিষ্ট্যসমূহ দাঙি ধৰা ।

উত্তৰঃ  বুনিয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্টবোৰ হল-

১) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাঃ সকলো লৰা-ছোৱালীক আঠ বছৰীয়া বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে প্ৰাথমিক শিক্ষা হৈছে নিম্ন পৰ্যায়ৰ শিক্ষা আৰু সকলো লোকৰ বাবে ই উপলব্ধ হব লাগে।

২) শিল্পকেন্দ্ৰিক শিক্ষাঃ গান্ধীজীৰ মতে কৰ্মৰ মাজেদি শিশুসকলে শিক্ষা লাভ কৰিব লাগে। শিল্পক কেন্দ্ৰ কৰি কৰ্মৰ দ্বাৰা জ্ঞান লাভ কৰোঁতে লৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয়ে জ্ঞান লাভ কৰিব আৰু লগতে শ্ৰমৰ মৰ্যাদাবোধও গঢ়ি উঠিব। ইয়াৰ যোগেদি শিক্ষাৰ্থীৰ মনত আত্ম নিৰ্ভৰশীলতাৰ ভাৱ জগাই তুলিব পাৰি।

৩) মাতৃভাষাৰ যোগেদি শিক্ষাঃ শিশুক সকলো শিক্ষা মাতৃভাষাৰ মাধ্যমত প্ৰদান কৰিব লাগে বুলিও গান্ধীজীয়ে মতপোষণ কৰিছিল। তেওঁৰ মতে চিন্তাৰ বিকাশ সাধনৰ বাবে মাতৃভাষাৰ মাধ্যমেৰে ভাল জ্ঞান লাভ কৰাটো প্ৰয়োজনীয়। ড° জাকিৰ হুছেইন কমিটিৰ মতে সকলো শিক্ষাৰ ভেটি হল মাতৃভাষাৰ মাধ্যমত উপযুক্ত শিক্ষাদান।


 ২০১৬ 

1. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) প্রাচীন ভাৰতবৰ্ষৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

(খ) অসমৰ শিক্ষাক্ষেত্ৰলৈ খ্রীষ্টিয়ান মিছনেৰীসকলৰ দুটা প্রধান অৱদান উল্লেখ কৰা । 

উত্তৰঃ

(গ) সম্পূর্ণ সাক্ষৰতা অভিযান ’ বুলিলে তুমি কি বুজা ?

 উত্তৰঃ


2. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) মাদ্ৰাছাৰ ওপৰত এটি চমুটোকা লিখা ।

উত্তৰঃ মুছলমান যুগৰ শিক্ষাৰ উচ্চ ব্যৱস্থাক মাদ্ৰাছা বুলি অভিহিত কৰা হৈছিল। মাদ্ৰাছা শব্দটো আৰবী ভাষাৰ দাৰচ নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হল বক্ততা প্ৰদান কৰা। মোক্তাবৰ  শিক্ষা সমাপ্ত কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছাত নাম ভৰ্তি কৰিছিল। মাদ্ৰাছা শিক্ষা দুই ভাগত ভগোৱা হৈছিল-

ধৰ্মনিৰপেক্ষ

ধৰ্মীয় শিক্ষা

সমগ্ৰ শিক্ষাৰ বাবে দহ/বাৰ বছৰ ধাৰ্য কৰি দিয়া হৈছিল। ধৰ্মনিৰপেক্ষ শিক্ষাৰ বাবে বিষয়সমূহ এনেধৰণৰ আছিল- আৰবী, ব্যাকৰণ, গদ্য, সাহিত্য আৰু দৰ্শন, তৰ্কশাস্ত্ৰ, জ্যোতিষবিদ্যা, গণিত, বুৰঞ্জী, ভোগোল, কৃষি আৰু সংযোজন ইত্যাদি। শিক্ষাদানৰ মাধ্যম আছিল আৰবী। সম্ৰাট ঔৰংগজেবে শিক্ষাদানৰ মাধ্যম মাতৃভাষা কৰাৰ পৃষ্ঠপোষকতা কৰিছিল, কাৰণ, দহ বা বাৰ বছৰ ধৰি শিক্ষা লাভৰ পাছতো অধিকসংখ্যক ছাত্ৰই আৰবী ভাষা সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পৰা নাছিল।

    ধৰ্মীয় শিক্ষা কোৰাণৰ ওপৰত সামগ্ৰিক জ্ঞানেৰে প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি হজৰত মহম্মদৰ ধৰ্মীয় পৰম্পৰা, মুছলমান আইন, চুফীসকলৰ পংক্তিবোৰ এই শিক্ষাত অন্তৰ্ভূক্ত হৈছিল। প্ৰথমতে ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰা হৈছিল যদিও ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰৰোচনা চলোৱা হৈছিল। মহামতি আকবলে এইক্ষেত্ৰত কিছু উদাৰ মনোভাব পোষণ কৰিছিল।


(খ) সর্ব শিক্ষা অভিযান - ৰ চাৰিটা বৈশিষ্ট্য লিখা ।

(গ) ভাৰতত বুনিয়াদী শিক্ষাৰ বিফলতাৰ চাৰিটা প্রধান কাৰণ লিখা । 

3. ১৮৫৪ চনৰ উডৰ শিক্ষা - বিষয়ক নির্দেশনামাৰ প্ৰধান পৰামর্শসমূহ লিখা ।

 2017 

1. নির্দেশঅনুসৰি যথাযথ উত্তৰ দিয়াঃ 

(ক) বিশ্ববিদ্যালয় অনুদান আয়ােগ কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ

(খ) মনিটৰিয়েল পদ্ধতিৰ আনটো নাম কি ?

উত্তৰঃ মনিটৰিয়েল পদ্ধতিৰ আনটো নাম হল- বেইল পদ্ধতি।

(গ) ভাৰতত বৃটিছৰ শাসনকালত বাধ্যতামূলক প্রাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল ?

উত্তৰঃ

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) ১৮৫৪ চনৰ উত্তৰ শিক্ষা - বিষয়ক নির্দেশনামাৰ দুটা প্রধান পৰামর্শ লিখা ।

উত্তৰঃ

(খ) গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ দুটা প্রধান বৈশিষ্ট্য লিখা।

উত্তৰঃ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ দুটা প্রধান বৈশিষ্ট্য হল- 

১) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাঃ সকলো লৰা-ছোৱালীক আঠ বছৰীয়া বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে প্ৰাথমিক শিক্ষা হৈছে নিম্ন পৰ্যায়ৰ শিক্ষা আৰু সকলো লোকৰ বাবে ই উপলব্ধ হব লাগে।

২) শিল্পকেন্দ্ৰিক শিক্ষাঃ গান্ধীজীৰ মতে কৰ্মৰ মাজেদি শিশুসকলে শিক্ষা লাভ কৰিব লাগে। শিল্পক কেন্দ্ৰ কৰি কৰ্মৰ দ্বাৰা জ্ঞান লাভ কৰোঁতে লৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয়ে জ্ঞান লাভ কৰিব আৰু লগতে শ্ৰমৰ মৰ্যাদাবোধও গঢ়ি উঠিব। ইয়াৰ যোগেদি শিক্ষাৰ্থীৰ মনত আত্ম নিৰ্ভৰশীলতাৰ ভাৱ জগাই তুলিব পাৰি।

(গ) ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদ থকা দুটা সুবিধা লিখা ।

উত্তৰঃ


3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ 

(ক) সর্বশিক্ষা অভিযানৰ চাৰিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

4. হান্টাৰ আয়ােগক কোনে নিযুক্তি দিছিল ? ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ কাৰণে হান্টাৰ আয়ােগে আগৱঢ়োৱা পাঁচোটা প্রধান পৰামর্শ লিখা । 

অথবা, অসমৰ শিক্ষা আৰু সাহিত্য জগতলৈ খ্রীষ্টিয়ান মিছনেৰীসকলে আগবঢ়োৱা অৱদানৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰঃ

 2018 

1. নির্দেশ অনুসাৰি যথাযথ উত্তৰ দিয়াঃ

(ক) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্রৰ কোষৰ পৰা সম্পূর্ণ সাহায্য পােৱা শিক্ষানুষ্ঠানে ধর্মীয় শিক্ষা প্রদানত বাধা প্রদান কৰাৰ উল্লেখ আছে ?

উত্তৰঃ

(খ) ১৯০১ চনত চিমলাত শিক্ষা সন্মিলন কোনে আহ্বান কৰিছিল ।

উত্তৰঃ

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

(ক) মনিটৰিয়েল প্রথা’ বুলিলে তুমি কি বুজা ?

উত্তৰঃ

(খ) 1882 চনৰ হান্টাৰ আয়ােগৰ দুটা প্রধান পৰামর্শ উল্লেখ কৰা 

উত্তৰঃ

(গ) ‘সত্র’ কি ? 

উত্তৰঃ

(ঘ) প্রাচ্য - পাশ্চাত্য সংঘাতৰ দুটা প্রধান কাৰণ লিখা ।


উত্তৰঃ

3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ 

(ক) বুনিয়াদী শিক্ষা বিফলতাৰ চাৰিটা কাৰণ লিখা । 

উত্তৰঃ

4. অসমৰ শিক্ষাক্ষেত্ৰখনলৈ খ্রীষ্টিয়ান মিছনেৰীসকলৰ প্ৰধান অৱদানসমূহ বর্ণনা কৰা । 

অথবা, 1854 চনৰ উডৰ শিক্ষা বিষয়ক নির্দেশনামাৰ প্ৰধান ছয়টা পৰামর্শ উল্লেখ কৰা ।

উত্তৰঃ


 অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্রথম বার্ষিক পৰীক্ষাৰ প্রশ্নকাকত —২০১৯ শিক্ষা 

১. নির্দেশ অনুসাৰি যথাযথ উত্তৰ দিয়াঃ

(a) “ শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰ , মন আৰু আত্মাৰ বিকাশকে বুজে । ” — কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ

(b) ৱেবচাইট এটা প্রথম পৃষ্ঠাক____বুলি জানা যায় । ( খালী ঠাই পূৰ কৰা ) 

উত্তৰঃ

(c) সমকামিতা হল_____কালৰ বৈশিষ্ট্য । ( খালী ঠাই পূৰ কৰা )

উত্তৰঃ

(d) SCERT- ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ

(e) 'Currere' শব্দৰ অর্থ কি ?

উত্তৰঃ

(f) পর্যবেক্ষণ পদ্ধতিৰ এটা গুণ লিখা । 

উত্তৰঃ

(g) “মনােবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক , তাৰপাছত হেৰুৱালে মনক , তাৰপাছত হেৰুৱালে । সচেতনতাক আৰু এতিয়া আছেগৈ মাথোঁ আচৰণ ” – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

(h) সর্বপ্রাণবাদিতা হ’ল শৈশৱকালৰ বৈশিষ্ট্য । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ

(i) প্ৰেৰণা কি ? 

উত্তৰঃ

(j) কৌতূহল খং আৱেগৰ লগত জড়িত । ( শুদ্ধ নে অশুদ্ধ লিখা )

উত্তৰঃ

(k) অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকতৰ নাম লিখা ।

উত্তৰঃ

(i) “ মনিটৰিয়েল প্রথা ” প্রথমে কোনে উদ্ভাৱন কৰিছিল ? 


উত্তৰঃ


2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ 

( a ) শৈশৱকালৰ দুটা শৈখিক ব্যৱস্থা লিখা ।

উত্তৰঃ

( b ) UGC গঠনৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ

( c ) দূৰালাপ সন্মিলনৰ দুটা প্রকাৰ লিখা । 

উত্তৰঃ

( d ) ক্রিয়াভিত্তিক পাঠ্যক্রম বুলিলে কি বুজা ? 

উত্তৰঃ

( e ) নৈদানিক মনােবিজ্ঞান বুলিলে কি বুজা ? 

উত্তৰঃ

( f ) গুৰু মস্তিষ্কৰ দুটা প্রধান কার্য লিখা । 

উত্তৰঃ

( g ) সনালী গ্ৰন্থিৰ দুটা প্রকাৰৰ নাম লিখা । 

উত্তৰঃ

( h ) ভ্রান্ত প্রত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা ।  

উত্তৰঃ

( i ) আৱেগৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

( j ) বাল্যকাল বুলিলে তুমি কি বুজা ? 

উত্তৰঃ

( k ) প্রবৃত্তি পৰিশােধনৰ দুটা উপায় উল্লেখ কৰা ।

উত্তৰঃ


3. তলত দিয়াবােৰৰ উত্তৰ লিখা ঃ

(a) শিক্ষাৰ ব্যক্তিবাদী আৰু সামাজিক লক্ষ্যৰ চাৰিটা পার্থক্য লিখা ।

উত্তৰঃ

(b) কৈশােৰ কালৰ চাৰিটা সমস্যা উল্লেখ কৰা ।

উত্তৰঃ

(c) NCERT -ৰ চাৰিটা প্রধান কার্য লিখা 

উত্তৰঃ

(d) চকুৰ চাৰিটা অংশৰ নাম উল্লেখ কৰা । 

উত্তৰঃ

(e) শিক্ষাৰ গণতান্ত্রিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

(f) অসমৰ শিক্ষালৈ মিছনেৰীসকলৰ অৱদান সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ

(g) পুথিভঁড়ালৰ চাৰিটা শৈক্ষিক গুৰুত্ব লিখা ।

উত্তৰঃ

(h) সু - অভ্যাস গঠনৰ চাৰিটা নীতি উল্লেখ কৰা ।

উত্তৰঃ

(i) দেশীয় শিক্ষানুষ্ঠান হিচাপে ‘ টোল’ৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ

(j) ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ চাৰিটা সাংগঠনিক বৈশিষ্ট লিখা । 

উত্তৰঃ

৪। শিক্ষাৰ লগত দর্শন আৰু সমাজবিজ্ঞানৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।

৫। অভিৰােচক হিচাপে শিক্ষকে পালন কৰিব লগা প্রধান ভূমিকা সমূহৰ বিষয়ে এটি টোকা লিখা । অথবা , সহ - পাঠ্যক্রমিক কার্যাৱলী মানে কি বুজা ? চাৰি প্ৰকাৰৰ সহ - পাঠ্যক্রমিক কার্যসূচীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

৬। শিক্ষা মনােবিজ্ঞান বুলিলে কি বুজা ? এজন শিক্ষকে মনােবিজ্ঞান অধ্যয়ন কৰাৰ কিয় প্রয়ােজন ?  

উত্তৰঃ

৭। ইণ্টাৰ আয়ােগে ভাৰতবৰ্ষৰ প্রাথমিক শিক্ষা বিকাশৰ বাবে আগবঢ়োৱা ছয়টা প্রধান পৰামর্শ লিখা । অথবা , “ সম্পূর্ণ সাক্ষৰতা অভিযান ” বুলিলে কি বুজা ? সম্পূর্ণ সাক্ষৰতা অভিযানৰ পাঁচটা বৈশিষ্ট্য চমুকৈ  লিখা ।

উত্তৰঃ


Type-Arup 


Post ID : DABP005983