Chapter: 2 (I)

 আগমনৰ ভিত্তি

(Grounds Of Induction)

অনুশীলনী

১) খালী ঠাই পূৰণ কৰাঃ 

(ক) আগমনৰ ভিত্তি দুই প্ৰকাৰৰ। 

(খ) প্ৰকৃতিৰ একৰূপতা বিধি আগমন অনুমানৰ আকাৰগত ভিত্তি। 

(গ) পৰিৱেশত প্ৰকৃতিয়ে একে আচৰণ কৰে। 

(ঘ) প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে মিলে কৰা পৰস্পৰবিৰোধী উক্তিত উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম চক্ৰক দোষ। 

২) চমু উত্তৰ দিয়াঃ 

(ক) আগমন অনুমানৰ আকাৰগত ভিত্তি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- আগমন অনুমানৰ আকাৰগত ভিত্তি দুই প্ৰকাৰৰ।  সেয়া হ'ল ㅡ

(i) প্ৰকৃতিৰ একৰূপতা বিধি আৰু 

(ii) কাৰ্য-কাৰণ বিধি। 

(খ) প্ৰকৃতিৰ একৰূপতা বিধিক আগমন অনুমানৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয়?

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ সহায়ত এটা যথাৰ্থ সাৰ্বিক বচনৰ আকাৰগত সত্য়তা প্ৰতিষ্ঠা কৰিব পৰা যায়, সেয়েহে প্ৰকৃতিৰ একৰূপতা বিধিক আগমন অনুমানৰ আকাৰগত ভিত্তি বুলি কোৱা হয়। 

(গ) আগমনৰ বিৰোধাভাস বুলিলে কি বুজা?

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাস বোলে। 

৩) পাৰ্থক্য় নিৰ্ণয় কৰাঃ 

(ক) আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি।

উত্তৰঃ- আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল ㅡ

        বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য় সত্য়ত উপনীত হওঁতে আৰু ইয়াৰ আকাৰগত সত্য়তা প্ৰতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ বিধি বা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে, সেই বিধি বা নিয়মবোৰকে আগমনৰ আকাৰগত ভিত্তি বোলে।

        আনহাতে, বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য় সত্য়ত উপনীত হ'বলৈ হ'লে আৰু ইয়াৰ বস্তুগত সত্য়তা প্ৰতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেই প্ৰক্ৰিয়াবোৰক আগমনৰ বস্তুগত ভিত্তি বোলে। 

৪) চমুটোকা লিখাঃ 

(ক) আগমনৰ বিৰোধাভাস।

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি সম্বন্ধে মিলৰ পৰস্পৰ বিৰোধী মতবাদকে আগমনৰ বিৰোধাভাস বুলি কোৱা হয়। মিলৰ মতে, প্ৰকৃতি একৰূপতা বিধিটো সকলো আগমনৰে এক আকাৰগত ভিত্তি আৰু পূৰ্বস্বীকাৰ্য। এই বিধিক সকলো আগমনৰ সাৰ্বিক সিদ্ধান্ত প্ৰতিষ্ঠিত ক্ষেত্ৰত আগতীয়াকৈ স্বীকাৰ কৰি লোৱা হয়। 

        মিলে প্ৰকৃতিৰ একৰূপতা বিধিটোক পূৰ্বস্বীকাৰ্য আৰু এবাৰ সিদ্ধান্ত বুলি ক'লে। কিন্তু একে সময়তে একেটা বস্তু "পূৰ্বস্বীকাৰ্য" আৰু "সিদ্ধান্ত" হ'ব নোৱাৰে। গতিকে মিলৰ এই বিধিটো পৰস্পৰ বিৰোধযুক্ত। মিলৰ মতৰ এই বিৰোধকেই আগমনৰ বিৰোধাভাস বুলি জনা যায়। 

(খ) আগমনৰ আকাৰগত ভিত্তি।

উত্তৰঃ- আগমন অনুমানৰ দুই প্ৰকাৰৰ ভিত্তিৰ ভিতৰত তাৰে এক প্ৰকাৰৰ ভিত্তি হ'ল আগমনৰ আকাৰগত ভিত্তি। বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য় সত্য়ত উপনীত হওঁতে আৰু ইয়াৰ আকাৰগত সত্য়ত প্ৰতিষ্ঠা কৰিবলৈ হ'লে আগমনে যিবোৰ বিধি বা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে, সেই বিধি বা নিয়মবোৰকে আগমনৰ আকাৰগত ভিত্তি বোলে। আগমন অনুমানৰ আকাৰগত ভিত্তি প্ৰধানতঃ দুই প্ৰকাৰৰ। সেয়া হ'ল ㅡ

(i) প্ৰকৃতিৰ একৰূপতা বিধি আৰু 

(ii) কাৰ্য-কাৰণ বিধি। 

(গ) প্ৰকৃতিৰ একৰূপতা বিধি।

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধিটোক তৰ্কবিদসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰিলেও ইয়াৰ মূল অৰ্থ এয়ে যে – একে অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। প্ৰকৃতিৰ আচৰণ একৰূপী। প্ৰকৃতি ৰাজ্য় নিয়মৰ অধীন। প্ৰকৃতিত কোনো বিশৃংখলতা নাই। নিৰ্দিষ্ট পৰিস্থিতিত একোটা প্ৰাকৃতিক ঘটনা সদায় একেদৰে আচৰণ কৰে। এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা এটাৰ সেই একে বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ'লে ঘটনাটোৰ পুনৰাবৃত্তি হ'ব। কোনো আকস্মিক কাৰণৰ আৱিৰ্ভাৱ নোহোৱালৈকে প্ৰকৃতিয়ে নিজৰ নিয়ম  কেতিয়াও উলংঘা নকৰে। 

        প্ৰকৃতিৰ একৰূপতা বিধি তৰ্কবিজ্ঞানৰ এটা অৱশ্য়স্বীকাৰ্য স্বতঃসিদ্ধ নহয়। এই নিয়মক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। ইয়াক বিশ্বাস কৰিবই লাগিব। এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি ক'ব পাৰো যে দিনৰ পিছত ৰাতি হয়, ৰাতিৰ পিছত দিন হয়। বসন্তকালৰ পিছত শীতকাল হয়, আকৌ শীত কালৰ পিছত বসন্তকাল হয় ইত্য়াদি। 

৫। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি বিশ্ব প্ৰকৃতিৰ স্বৰূপ ব্যাখ্যা কৰা। 

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধিটোক তৰ্কবিদসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰিলেও ইয়াৰ মূল অৰ্থ এয়ে যে – একে অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। প্ৰকৃতিৰ আচৰণ একৰূপী। প্ৰকৃতি ৰাজ্য় নিয়মৰ অধীন। প্ৰকৃতিত কোনো বিশৃংখলতা নাই। নিৰ্দিষ্ট পৰিস্থিতিত একোটা প্ৰাকৃতিক ঘটনা সদায় একেদৰে আচৰণ কৰে। এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা এটাৰ সেই একে বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ'লে ঘটনাটোৰ পুনৰাবৃত্তি হ'ব। কোনো আকস্মিক কাৰণৰ আৱিৰ্ভাৱ নোহোৱালৈকে প্ৰকৃতিয়ে নিজৰ নিয়ম  কেতিয়াও উলংঘা নকৰে। 

        প্ৰকৃতিৰ একৰূপতা বিধি তৰ্কবিজ্ঞানৰ এটা অৱশ্য়স্বীকাৰ্য স্বতঃসিদ্ধ নহয়। এই নিয়মক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো। ইয়াক বিশ্বাস কৰিবই লাগিব। এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি ক'ব পাৰো যে দিনৰ পিছত ৰাতি হয়, ৰাতিৰ পিছত দিন হয়। বসন্তকালৰ পিছত শীতকাল হয়, আকৌ শীত কালৰ পিছত বসন্তকাল হয় ইত্য়াদি। 

        প্ৰকৃতিৰ একৰূপতা বিধি, যাক একাকাৰতাৰ নীতি বুলিও কোৱা হয়, বিজ্ঞানৰ এক মূল ধাৰণা। ইয়াত মূলতঃ কোৱা হৈছে যে, পদাৰ্থ বিজ্ঞান আৰু প্ৰকৃতিৰ নিয়ম সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতে স্থিৰ আৰু ইচ্ছাকৃতভাৱে পৰিৱৰ্তন নহয়।

        ইয়াত ই আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বুজাবুজিক কেনেকৈ গঢ় দিয়ে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল ㅡ

(i) ভৱিষ্যদ্বাণীযোগ্যতাঃ- আইনে আমাক ধৰি ল’বলৈ অনুমতি দিয়ে যে, একে ধৰণৰ কাৰণৰ প্ৰভাৱ সকলোতে আৰু প্ৰতিবাৰেই একেধৰণৰ হ’ব। ইয়াৰ দ্বাৰা আমি অতীতৰ পৰ্যৱেক্ষণৰ ভিত্তিত ভৱিষ্যতৰ পৰিঘটনাৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পাৰো। উদাহৰণস্বৰূপে, যিহেতু আমি লক্ষ্য কৰিছো যে স্বাভাৱিক পৰিস্থিতিত জুই জ্বলি উঠে, গতিকে একে পৰিস্থিতিত ই পুনৰ জ্বলিব বুলি আশা কৰিব পাৰো।

(ii) বৈজ্ঞানিক পদ্ধতিঃ- বৈজ্ঞানিক পদ্ধতিৰ আঁৰৰ এক মূল ধাৰণা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি। ইয়াৰ দ্বাৰা বিজ্ঞানীসকলে তত্ত্ব বিকশিত কৰিব পাৰে আৰু পৰীক্ষাৰ জৰিয়তে পৰীক্ষা কৰিব পাৰে। এই কথা জানে যে, ইয়াৰ অন্তৰ্নিহিত নিয়মবোৰ হঠাৎ সলনি নহ’ব আৰু ইয়াৰ ফলাফল বাতিল নকৰে।

(iii) বুজিব পৰা ক্ষমতাঃ- বিশ্বব্ৰহ্মাণ্ডখনে সামঞ্জস্যপূৰ্ণ নিয়ম অনুসৰি কাম কৰে বুলি ধাৰণাটোৱে ইয়াক বুজিব পৰা কৰি তোলে। আমি বৈজ্ঞানিক অনুসন্ধানৰ জৰিয়তে এই নিয়মসমূহ উন্মোচন কৰিব পাৰো আৰু প্ৰাকৃতিক পৰিঘটনাৰ ব্যাখ্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰো।

        প্ৰকৃতিৰ একৰূপতা বিধি এটা মৌলিক নীতি, নিৰপেক্ষ সত্য নহয়। বিশেষকৈ পদাৰ্থ বিজ্ঞানৰ চৰম সীমাত বা বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ সন্দৰ্ভত আমি এতিয়াও সন্মুখীন নোহোৱা ব্যতিক্ৰম থাকিব পাৰে। কিন্তু ই বৈজ্ঞানিক অন্বেষণ আৰু বিশ্বৰ বিষয়ে আমাৰ সামগ্ৰিক বুজাবুজিৰ বাবে এক শক্তিশালী পথ প্ৰদান কৰে।

৬। প্ৰকৃতিৰ বিৰোধীভাস সম্পৰ্কে কি জানা লিখা। 

Answered by Sri Mampi Kakati

**********

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)