অধ্যায় ৫

                  কংগ্ৰেছ ব্যৱস্থাৰ  প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা





১। ১৯৬৭ চনৰ নিৰ্বাচন সম্পৰ্কে তলত দিয়া কোনবোৰ বাক্য শুদ্ধ?

(ক) কংগ্ৰেছ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল । কিন্ত বহু ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল।

(খ) কংগ্ৰেছ লোকসভা আৰু বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল।

(গ) কংগ্ৰেছে লোকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। কিন্ত আন কিছুমান দলৰ লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰিছিল।

(ঘ) কংগ্ৰেছে বৰ্ধিত সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰত ক্ষমতা দখল কৰিছিল।

উত্তৰঃ-  (ক) কংগ্ৰেছ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল। কিন্ত বহু ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল। 


২। তলত দিয়াবোৰ মিলোৱাঃ

(A) চিণ্ডিকেট                                          (a) এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যি দলৰ টিকটত   

                                                                 নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰিছিল।

(B) দলত্যাগ                                           (b) জনমতক আকৰ্ষিত কৰা এটা মুগ্ধকৰ বাক্য।

(C) শ্ল’গান                                               (c) বিভিন্ন আদৰ্শৰ দলে একগোট হৈ কংগ্ৰেছ আৰু 

                                                                      আৰু ইয়াৰ নীতিৰ প্ৰতিবাদ কৰা।

                                                                        

(D) অকংগ্ৰেছবাদ                                (d) কংগ্ৰেছৰ ভিতৰতে এটা শক্তিশালী আৰু

                                                                    প্ৰভাৱশালী নেতাৰ গোট।   

উত্তৰঃ- (A) চিণ্ডিকেট = (d) কংগ্ৰেছৰ ভিতৰতে এটা শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ গোট ।

( B) দলত্যাগ = (a) এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যি দলৰ টিকটত নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰিছিল।

(C) শ্ল’গান = (b) জনমতক আকৰ্ষিত কৰা এটা মুগ্ধকৰ বাক্য।

(D) অকংগ্ৰেছবাদ=  (c) বিভিন্ন আদৰ্শৰ দলে একগোট হৈ কংগ্ৰেছ  আৰু ইয়াৰ নীতিৰ প্ৰতিবাদ কৰা।


৩। তলত দিয়া শ্ল’গানেৰে তুমি কাক চিনাক্ত কৰিবা?

(ক) জয় জোৱান, জয় কিষাণ

(খ) ইন্দিৰা হটাও (আঁতৰোৱা)

(গ) গৰীবী হটাও

উত্তৰঃ- (ক) জয় জোৱান, জয় কিষাণ= লাল বাহাদুৰ শাস্ত্ৰী।

(খ) ইন্দিৰা হটাও (আঁতৰোৱা) =  বিশাল মিত্ৰতা।

(গ) গৰীবী হটাও = ইন্দিৰা গান্ধী।


৪।  ১৯৭১ চনৰ বৃহৎ মৈত্ৰীবন্ধ (চুক্তি) ৰ তলৰ কোনটো বাক্য শুদ্ধ? 

(ক) অ-সাম্যবাদী আৰু অ-কংগ্ৰেছীয়ে গঠন কৰিছিল।

(খ) এখন স্বচ্ছ আৰু আদৰ্শৰ আঁচনি যুগুত আছিল।

(গ) সকলো অ-কংগ্ৰেছী দলে গঠন কৰিছিল।

উত্তৰঃ-  (ক) অ- সাম্যবাদী আৰু অ-কংগ্ৰেছীয়ে গঠন কৰিছিল।


৫। এটা ৰাজনৈতিক দলে আভ্যন্তৰীণ  কন্দলৰ কেনেদৰে মোকাবিলা কৰা উচিত? ইয়াৰ কিছুমান পৰামৰ্শ আছে। প্ৰত্যেকটোৰ কথা ভাবা আৰু প্ৰত্যেকটোৰ সুবিধা আৰু অসুবিধাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ-  এটা ৰাজনৈতিক দলে আভ্যন্তৰীণ কন্দলৰ কেনেদৰে মোকাবিলা কৰা উচিত ইয়াৰ কেইটামান পৰামৰ্শ আছে। সেইসমূহ তলত উল্লেখ কৰা হ’লঃ-

(ক) ৰাজনৈতিক দলটোৰ ভিতৰত আভ্যন্তৰীণ গণতন্ত্ৰৰ ব্যৱস্থা কৰা।

(খ) নিয়মিত ৰূপত বৈঠকত বহি সকলোৱে নিজৰ মতামত তথা সুবিধা- অসুবিধাবোৰ শান্তিপূৰ্ণভাৱে আলোচনা কৰা।

(গ) দলটোত দৃঢ় নীতি -নিয়ম বা এখন সংবিধানৰ ব্যৱস্থা কৰা যাক সদস্যসকলে যাতে অমান্য কৰিব নোৱাৰে।

   কিন্ত এই পৰামৰ্শসমূহৰ সুবিধা অসুবিধা দুয়োটাই আছে। সুবিধাবোৰ হ’লঃ-

(ক) প্ৰথম পৰামৰ্শৰ সুবিধা এইয়াই যে ইয়াৰ দ্বাৰা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দলটোৰ নেতা নিৰ্বাচিত হ’ব শক্তি বা ক্ষমতাৰ ভিত্তিত নহয়। যাৰ দ্বাৰা সকলো সদ্যই ক্ষমতাত অধিস্থিত হোৱাৰ ক্ষেত্ৰত সমান অধিকাৰ পাব পাৰে আৰু  যোগ্য জনে নিজৰ যোগ্যতাৰ ভিত্তিত ক্ষমতাত অধিস্থিত হ’ব। এনে গণতান্ত্ৰিক ব্যৱস্থাক লৈ কোনো অসন্তষ্ট হ’ব নোৱাৰে।

(খ) দ্বিতীয় পৰামৰ্শটোৰ সুবিধা হ’ল যে সকলোৱে নিয়মিতকৈ বহা বৈঠকত নিজৰ মত ব্যক্ত কৰিব পাৰিব ।

(গ) তৃতীয় পৰামৰ্শৰ সুবিধা হ’ল যে  দলটোৰ নিজস্ব  সংবিধান থাকিলে সকলো সদস্যই তাক মানি চলিব লাগিব ফলত দলটোত সংঘাতৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।

অসুবিধাবোৰ হ’লঃ-

(ক) প্ৰথমটো পৰামৰ্শৰ সুবিধাৰ লগতে অসুবিধাও আছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নেতা নিৰ্বাচন হ’লেও তাতো ক্ষমতাৰ লোভত বা শক্তিৰ বলত বহু সদস্যই অগণতান্ত্ৰিক পদ্ধতিৰ অৱলম্বন কৰিবৈ।

(খ) দ্বিতীয় পৰামৰ্শটোৰ সুবিধা হ’ল যে বৈঠকত নিজৰ মত ব্যক্ত কৰোতে আন সদস্যসমূহে এজনৰ মতৰ বিৰোধিতা কৰিব ফলত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ব পাৰে।

(গ)  দ্বিতীয় পৰামৰ্শৰ অসুবিধা হ’ল যে দলটোৰ নিজস্ব সংবিধান থাকিবলেও তাক সদস্যসকলে অমান্য কৰিব পাৰে কাৰণ সংবিধানখনক সুৰক্ষা দিবলৈ কোনো উচ্চতম ন্যায়িক কৰ্তৃপক্ষ নাথাকিব।


৬। ১৯৬৭ চনৰ নিৰ্বাচনত তলত দিয়া কোনবোৰ কাৰণৰ বাবে কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল? তোমাৰ উত্তৰ সপক্ষে কাৰণ দৰ্শোৱাঃ

(ক) কংগ্ৰেছ দলত অসাধাৰণ গুণসম্পন্ন নেতাৰ অভাৱ

(খ) কংগ্ৰেছ দলত বিভাজন

(গ) আঞ্চলিক, জনগোষ্ঠী আৰু সাম্প্ৰদায়িক শক্তিৰ ক্ৰমবৰ্ধমান গতি।

(ঘ)  অ-কংগ্ৰেছী দলবোৰৰ মাজত ক্ৰমবৰ্ধমান ঐক্য।

(ঙ)  কংগ্ৰেছ দলৰ আভ্যন্তৰীণ মতভেদ।

উত্তৰঃ-  ১৯৬৭ চনত  উল্লেখিত কিছুমান কাৰণৰ বাবে কংগ্ৰেছে পৰাজয় বৰণ কৰে । সেই কেইটা হ’লঃ- 

(খ ) কংগ্ৰেছ দলত বিভাজন, 

(ঘ) অ-কংগ্ৰছী দলবোৰৰ মাজত ক্ৰমবৰ্ধমান ঐক্য আৰু 

(ঙ) কংগ্ৰেছ দলৰ আভ্যন্তৰীণ মতভেদ। 

ইয়াৰ অন্তৰালৰ যুক্তিসমূহ তলত উল্লেখ কৰা হ’লঃ-

(খ) কংগ্ৰেছ দলত বিভাজনঃ- ১৯৬৭ চনত কংগ্ৰেছ পৰাজিত হোৱাৰ অন্যতম কাৰণ হ’ল কংগ্ৰেছ দলৰ ভিতৰত হোৱা আভ্যন্তৰীণ বিভাজন। বিভিন্ন কাৰণত কংগ্ৰেছ দলত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজত সংঘাতৰ উদ্ভৱ হৈ বিভাজনৰ সৃষ্টি হয় যিয়ে দলটোক দুৰ্বল কৰি তোলে আৰু ফলস্বৰূপে ১৯৬৭ চনৰ নিৰ্বাচনত  কংগ্ৰেছে পৰাজয় বৰণ কৰে।

(ঘ) অ-কংগ্ৰেছী দলবোৰৰ মাজত ক্ৰমবৰ্ধমান ঐক্যঃ-  ১৯৬৯ চনৰ পৰা ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হয়। বহু অ-কংগ্ৰেছী ক্ৰমাৎ একত্ৰিত হ’বলৈ ধৰে। এই দলসমূহে কংগ্ৰেছ চৰকাৰৰ প্ৰতি  জনগণৰ ক্ষোভৰ সুযোগ লৈ তেওঁলোকৰ সমৰ্থনত একত্ৰিত হৈ  ভাৰতৰ আধাসংখ্যক ৰাজ্যৰ বিধানসভাঁত মৰ্চা চৰকাৰ গঠন কৰে। উদাহৰস্বৰূপে বিহাৰত সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টি আৰু প্ৰজা ছ’চিয়েলিষ্ট দলৰ এই দুই সাম্যবাদী মতাদৰ্শৰ দলৰ লগত বাওঁপন্থী ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু সোঁপন্থী জনসংঘৰ জৰিয়তে মৰ্চা চৰকাৰ মৰ্চা চৰকাৰ গঠন কৰিছিল। এনেদৰে অ-কংগ্ৰেছী দলসমূহৰ মাজত ক্ৰমবৰ্ধমান ঐক্যই ১৯৬৭ চনত কংগ্ৰেছ দল পৰাজিত হোৱাত সহায় কৰিছিল।

(ঙ) কংগ্ৰেছ দলৰ আভ্যন্তৰীণ মতভেদঃ- কংগ্ৰেছ দলত ১৯৬৭ চনত  দেখা দিয়া ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ বিভিন্ন কাৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা  আভ্যন্তৰীণ মতভেদে কংগ্ৰছক পৰাজিত হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল।

 এই কাৰণসমূহে ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছক পৰাজয় বৰণ কৰাত সহায় কৰিছিল।


৭।  ১৯৭০ চনৰ আদি ভাগত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰণবিলাকক কি কি?

উত্তৰঃ-  ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলস্বৰূপে কংগ্ৰেছ দলত সম্পূৰ্ণ বিভাজন ঘটে। ফলত প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধীৰ চৰকাৰখন সংখ্যালঘু চৰকাৰত পৰিৱৰ্তিত হয়। কিন্ত ১৯৭০ চনৰ আদি ভাগৰ পৰা ইন্দিৰা গান্ধীৰ চৰকাৰখনে বিভিন্ন কৌশলেৰে হেৰাই যোৱা জনপ্ৰিয়তা পুনৰ লাভ কৰিবলৈ বা ঘূৰাই আনিবলৈ সক্ষম হয়।  এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ চৰকাৰখন পুনৰ জনপ্ৰিয় হৈ পৰাৰ অন্তৰালত বহুতো কাৰণ আছে। তলত সেইবোৰ আলোচনা কৰা হ’লঃ-

(ক) ১৯৭০ চনৰ পৰা পৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ জনমুখী নীতি আৰু কাৰ্যসূচীসমূহে তেওঁৰ চৰকাৰৰ খনক যথেষ্ট পৰিমাণে জনপ্ৰিয় কৰি তুলিছিল। সেই নীতি সমূহ হ’ল যেনে- ভূমি সংস্কাৰ আইনৰ কাৰ্যকৰীকৰণ, ভূমিৰ সৰ্ব্বোচ্চ মালিকানাস্বত্ব নিৰ্ধাৰণৰ বিষয়ত আইন প্ৰণয়ন আদি।

(খ) ১৯৭০ চনৰ আৰম্ভণিত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ আন এক অন্যতম কাৰণ হ’ল প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধীৰ শক্তিশালী,অসাধাৰণ আৰু আকৰ্ষণীয় ব্যক্তিত্ব। পিতৃ জৱাহৰলাল নেহৰুৰ দৰে তেওঁৰো ব্যক্তিত্ব আছিল অসাধাৰণ। তেওঁ কংগ্ৰেছ দলৰ অপ্ৰতিদ্বন্দ্বী নেত্ৰী আছিল । ইন্দিৰা গান্ধীৰ সকলো সহকৰ্মী তথা প্ৰতিনিধিয়ে তেওঁক যথেষ্ট মানি চলিছিল। এই বাবেও তেওঁ তথা  তেওঁৰ চৰকাৰখন জনপ্ৰিয় হৈ পৰিছিল।

(গ) ১৯৭০ চনৰ আদিতে ইন্দিৰা গান্ধীৰ চৰকাখন জনপ্ৰিয় হৈ পৰাৰ আন এক উল্লেখযোগ্য কাৰণ হ’ল চৰকাৰখনে গ্ৰহণ কৰা সমাজবাদী আৰ্হিৰ নীতিসমূহ। ইন্দিৰা গান্ধীয়ে চৰকাৰখনৰ নীতিসমূহলৈএটা বাওঁপন্থী  মানসিকতা আৰু প্ৰৱণতা কঢ়িয়াই আনিছিল যিয়ে চৰকাৰখনক ব্যাপক জনপ্ৰিয় কৰি তোলে।

(ঘ) ১৯৭০ চনৰ আদিতে ইন্দিৰা গান্ধীৰ চৰকাৰখনে লাভ কৰা জনপ্ৰিয়তাৰ আন এক কাৰণ হ’ল সমগ্ৰ দেশত জনপ্ৰিয় হৈ পৰা ‘গৰীবী হটাও’ শ্ল’গান যাৰ দ্বাৰা তেওঁ ভাৰতৰ পৰা দৰিদ্ৰতা নিৰ্মূলৰ ইংগিত দিছিল। এই শ্ল’গানেৰে তেওঁৰ চৰকাৰ ভাৰতৰ পিছপৰা শ্ৰেণী, আদিবাসী , নিবনুৱা, সংখ্যালঘু,  মহিলা আৰু অনুসূচিত জনজাতিসমূহৰ মাজত জনপ্ৰিয় হৈ উঠে।

     উক্ত কাৰণসমূহে ১৯৭০ চনৰ আদি ভাগত ইন্দিৰা গান্ধী চৰকাৰখনৰ জনপ্ৰিয় হৈ উঠাৰ কাৰণসমূহ।


৮।  ৬০ -ৰ  দশকত কংগ্ৰেছ দলৰ পৰিপ্ৰেক্ষিতত  ছিণ্ডিকেট শব্দই কি বুজায়? কংগ্ৰেছ দলত ছিণ্ডিকেটে কেনে ভূমিকা পালন কৰিছিল?

উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ অনভিজ্ঞ নেতা স্বৰূপে ইন্দিৰা গান্ধীয়ে বিৰোধী দলবিলাকৰ শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে কংগ্ৰেছ দলৰ ভিতৰৰ পৰা সৃষ্টি হোৱা আভ্যন্তৰীণ প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব লগা হৈছিল। কংগ্ৰেছ দলৰ ভিতৰৰে এক শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ গোটৰ পৰা তেওঁ বৃহৎ প্ৰত্যাহ্বানৰ সমুখীন হৈছিল ।এই শক্তিশালী আৰু প্ৰভাৱশালী নেটাৰ গোটকে ছিণ্ডিকেট বুলি অভিহিত কৰা হয় যাৰ নেতৃত্ব বহন কৰিছিল সেই সময়ৰ কংগ্ৰেছ দলৰ সভাপতি কে কামৰাজে । অৰ্থাৎ ছিণ্ডিকেট শব্দই কংগ্ৰেছৰ ভিতৰতে এটা শক্তিশালী আৰু  প্ৰভাৱশালী নেতাৰ গোটক বুজাই।  

        কংগ্ৰেছ দলত চিণ্ডিকেটে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ই কংগ্ৰেছ দলৰ সাংগঠনিক দিশটোৰ নিয়ন্ত্ৰণ কৰি আছিল। চিণ্ডিকেটে ইন্দিৰা গান্ধী ক্ষমতালৈ অহাৰ ক্ষেত্ৰটোত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল আৰু তেওঁক যথেষ্ট সহায় কৰিছিল। কিন্ত ইন্দিৰা গান্ধীয়ে ক্ষমতালৈ আহি নিজৰ স্থিতি মজবুট কৰি লৈ সকলো সহায় পাহৰি ছিণ্ডিকেটক ক্ৰমাৎ একাষৰীয়া কৰি পেলাইছিল কাৰণ তেওঁ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ কংগ্ৰেছ দল আৰু চৰকাৰখনৰ কাৰ্যাৱলী স্বতন্ত্ৰতাৰে চলাই যাব বিচাৰিছিল। তাৰ পিছতে ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতি পদৰ পূৰণক কেন্দ্ৰ কৰি ইন্দিৰা গান্ধী আৰু চিণ্ডিকেটৰ মাজত শত্ৰুতাই দেখা দিয়ে। ইন্দিৰা গান্ধীয়ে জগজীৱন ৰামৰ নাম প্ৰস্তাৱ কৰে কিন্ত ছিণ্ডিকেটে এই প্ৰস্তাৱ নাকচ কৰে। এই কাৰ্যৰ প্ৰতি ইন্দিৰা গান্ধী ক্ষোভিত হৈ পৰে। ইন্দিৰা গান্ধীয়ে পুনৰ ভি ভি গিৰিৰ নাম প্ৰস্তাৱিত কৰি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰায়। আনহাতে ছিণ্ডিকেটে নীলম সঞ্জীৱা নামটো ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰস্তাৱ কৰে।শেষত কিন্ত ভি ভি গিৰিয়ে জয় লাভ কৰে। ফলত ইন্দিৰা গান্ধীক কংগ্ৰেছৰ সভাপতিয়ে দলবিৰোধী কাৰ্যৰ বাবে বহিষ্কাৰ কৰে। ইয়াৰ লগে লগে ১৯৬৯ চনত কংগ্ৰেছ দল দুটা ফৈদত বিভক্ত হৈ পৰে। তাৰে ছিণ্ডিকেটৰ নেতৃত্বাধীন ফৈদক কংগ্ৰেছ (O) আৰু ইন্দিৰা গান্ধীৰ ফৈদক কংগ্ৰেছ ( R) হিচাপে নামাকৰণ কৰা হয়। 

   এনেদৰে  কংগ্ৰেছ দলত ছিণ্ডিকেটে কংগ্ৰেছ দলত ভূমিকা পালন কৰিছিল।


৯। কি কি কাৰণত ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হৈছিল।

উত্তৰঃ- ১৯৬৯ চনত কংগ্ৰেছ দল  বিভাজিত হৈ পৰাৰ বহুতো কাৰণ আছে। সেইসমূহ তলত উল্লেখ কৰা হ’লঃ-

(ক) ১৯৬৯ চনত কংগ্ৰেছ দলত দুটা ভাগত বিভাজিত হৈ পৰাৰ অন্যতম কাৰণ হ’ল ১৯৬৯ চনত দেশত অনুষ্ঠিত ৰাষ্ট্ৰপতীয় নিৰ্বাচন যাক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ ভিতৰত ছিণ্ডিকেট আৰু ইন্দিৰা গান্ধীৰ মাজত বিবাদৰ সৃষ্টি কোন এই খালী পদৰ প্ৰাৰ্থী হ’ব। ছিণ্ডিকেটে প্ৰস্তুাৱ কৰিছিল নীলম সঞ্জীৱা ৰাড্ডিৰ নাম আৰু ইন্দিৰা গান্ধীয়ে প্ৰস্তাৱ কৰিছিল ভি ভি গিৰিৰ নাম। শেষত  ভি ভি গিৰিয়ে জয়ী হয়।এই লৈ কংগ্ৰেছ দল বিভাজিত হৈ পৰে।

(খ) ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হোৱাৰ আন এক কাৰণ হ’ল ইন্দিৰা গান্ধীৰ ছিণ্ডিকেটক একাষৰীয়া কৰাৰ নীতি। তেওঁ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণৰ পৰা  মুক্ত হৈ নিজৰ মতে স্বতন্ত্ৰভাৱে দল তথা চাৰকাৰৰ কাম কাজ কৰিব বিচাৰিছিল যিয়ে দলটোত বিভাজন আনি দিছিল।

(গ) তদুপৰি ইন্দিৰা গান্ধীয়ে গ্ৰহণ কৰা বাওঁপন্থী দৃষ্টিভংগীযুক্ত নীতি আৰু কাৰ্যসূচী আদিৰ বাবেও কংগ্ৰেছ দলত বিভাজনৰ সৃষ্টি হয়।

(ঘ) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে সমৰ্থন কৰা প্ৰাৰ্থী ভি ভি গিৰিৰ জয় আৰু ছিণ্ডিকেটে সমৰ্থন কৰা সঞ্জীৱা ৰেড্ডিৰ পৰাজয়ৰ পিছত কংগ্ৰেছ সভাপতি এছ নিজালিন গাপ্পাই দলবিৰোধী কাৰ্যৰ অভিযোগত ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰে । ইয়ে কংগ্ৰেছ দলত সম্পূৰ্ণ বিভাজন আনি দিয়ে।

     উক্ত কাৰণসমূহৰ বাবে ১৯৬৯ চনত কংগ্ৰেছ দল দুটা ভাগত বিভাজিত হৈ পৰিছিল।


১০। বস্তনিষ্ঠ প্ৰশ্নাৱলীঃ

(ক) জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল?

উত্তৰঃ- জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল গুলজাৰীলাল নন্দা ।


(খ) পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ- পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। 


(গ) লোকসভাৰ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল।

উত্তৰঃ- লোকসভাৰ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ২৮৩ খন আসন লাভ কৰিছিল ।


(ঘ) ১৯৬৭ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধান বিৰোধী দলটোৰ নাম কি?

উত্তৰঃ- ১৯৬৭ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধান বিৰোধী দলটোৰ নাম হ’ল ভাৰতীয় জন সংঘ।


(ঙ) চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ- চতুৰ্থ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৬৭ চনত।


(চ) লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল?

উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী আছিল গুলজাৰীলাল নন্দা।


(ছ) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্ৰাৰ্থীক সমৰ্থন কৰিছিল?

উত্তৰঃ- ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে  ভি ভি গিৰিক সমৰ্থন জনায়।


(জ) ভাৰতত কোনটো দশকক ‘ভয়ংকৰ দশক’ হিচাপে চিহ্নিত  কৰা হৈছে?

উত্তৰঃ- ভাৰতত ১৯৬০ ৰ দশকক ‘ভয়ংকৰ দশক’ হিচাপে চিহ্নিত কৰা হৈছে।


(ঝ) দলত্যাগৰ অৰ্থ কি?

উত্তৰঃ- যেতিয়া কোনো নিৰ্বাচিত প্ৰতিনিধিয়ে কোনো এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয়ী হোৱাৰ পিছত সেই দল ত্যাগ কৰি আন ৰাজনৈতিক দলত যোগদান কৰে সেই কাৰ্যই হ’ল দলত্যাগ।


(ঞ) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ- ভাৰতৰ  স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ’লঃ-

(১) ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে কংগ্ৰেছৰ গভীৰ সম্পৰ্ক আছে।স্বাধীনতা আন্দোলনৰে ই এক উত্তৰাধিকাৰী দল। সেয়ে এই দলৰ ওপৰত মানুহৰ গভীৰ আস্থা আৰু বিশ্বাস আছিল যিয়ে দলটোক স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত ভাৰতৰ ৰাজনীতিত আধিপত্য প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

(২) তদুপৰি কংগ্ৰেছ দলত স্বাধীনতা আন্দোলনৰ বহু অভিজ্ঞ আৰু জনপ্ৰিয় নেতাৰ উপস্থিত আছিল যিয়ে দলটোৰ স্বাধীনোত্তৰ কালত আধিপত্য প্ৰতিষ্ঠা কৰিছিল।

(৩) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ আন এক কাৰণ হ’ল জৱাহৰলাল নেহেৰুৰ দৰে শক্তিশালী আৰু জনপ্ৰিয় নেতাৰ নেতৃত্ব। ই দলটোক জনপ্ৰিয় কৰি তুলিছিল।

    এনদৰে ভাৰতৰ স্বাধীনতাৰ  আৰম্ভণিৰ সময়ছোৱাত ভাৰতত কংগ্ৰেছ দলৰ আধিপত্যৰ বহুতো কাৰণ আছে।


১১। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) কোন কংগ্ৰেছ সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক?

(i) চি. নটৰাজন আন্নাদূৰাই

(ii) কে. কামৰাজ

(iii) ৰাম মনোহৰ লোহিয়া

(iv) নিজলিংগপা

উত্তৰঃ- (iii) ৰাম মনোহৰ লোহিয়া।


(খ) মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিলঃ-

(i) ১৯৭১ চনত

(ii) ১৯৬৭ চনত

(iii) ১৯৪৯ চনত

(iv) ১৯৬৯ চনত

উত্তৰঃ- (ii) ১৯৬৭ চনত।


(গ) চিণ্ডিকেটৰ নেতা কোন আছিল?

(i) কে. কামৰাজ

(ii) এন. সঞ্জীৱা ৰেড্ডি

(iii) এচ.কে.পাটিল

(iv) ওপৰৰ আটাইকেইজন 

উত্তৰঃ- (iv) ওপৰৰ আটাইকেইজন।


(ঘ) ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী কংগ্ৰেছে লাভ কৰিছিল-

(i) ৪০৩ খন আসন

(ii) ৩৭৫ খন আসন

(iii) ২০৫ খন আসন

(iv) ৩৫২ খন আসন।

উত্তৰঃ- (iv) ৩৫২ খন আসন।


(ঙ) ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত পৰিৱৰ্তন আনিছিল। (সত্য নে অসত্য লিখা)

উত্তৰঃ-  সত্য।


১২। চমু প্ৰশ্নঃ

(ক) তলত দিয়া বাক্যাংশৰ লগত আমি কাক চিনাক্ত কৰিব পাৰো?

(i) জয় জোৱান, জয় কিষাণ

(ii) ইন্দিৰা হটাও

(iii) গৰীবী হটাও

উত্তৰঃ- 

(i) জয় জোৱান, জয় কিষাণঃ- লালবাহাদুৰ শাস্ত্ৰী।

(ii) ইন্দিৰা হটাওঃ-  ১৯৭১ চনৰ বিশাল মিত্ৰতা।

(iii) গৰীবী হটাওঃ- ইন্দিৰা গান্ধী।


(খ) তলত দিয়া কোনবোৰ বাক্য ১৯৭১ চনৰ বৃহৎ সন্মিলনৰ ক্ষেত্ৰত শুদ্ধ?

(i) বৃহৎ মিত্ৰতা গঠন হৈছিল অ- সাম্যবাদী আৰু অ-কংগ্ৰেছী দলবোৰৰ দ্বাৰা।

(ii) বৃহৎ মিত্ৰতা গঠন হৈছিল যিবিলাকৰ স্বচ্ছ আৰু আদৰ্শৰ আঁচনি আছিল।

(iii) বৃহৎ মিত্ৰতা গঠন হৈছিল সকলো অ-কংগ্ৰেছী দলেৰে।

উত্তৰঃ- 

(i) বৃহৎ মিত্ৰতা গঠন হৈছিল অ-সাম্যবাদী আৰু অ-কংগ্ৰেছী দলবোৰৰ দ্বাৰা। 

(iii) বৃহৎ মিত্ৰতা গঠন হৈছিল সকলো অ-কংগ্ৰেছী দলেৰে।


(গ) ইন্দিৰা গান্ধী চৰকাৰৰ সমাজবাদী নীতি কি আছিল?

উত্তৰঃ-  ইন্দিৰা গান্ধী চৰকাৰৰ সমাজবাদী নীতি আছিল দহ দফীয়া কৰ্মসূচী বা নীতি যাৰ ভিতৰত আছিল বেংকসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ, সাধাৰণ বীমাৰ ৰাষ্ট্ৰীয়কৰণ, চহৰাঞ্চলৰ সম্পত্তি আৰু উপাৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণ, খাদ্য-শস্যৰ ৰাজহুৱা বিতৰণ, ভূমিৰ সংস্কাৰ, গ্ৰাম্য অঞ্চলত বাস কৰা দৰিদ্ৰ লোকৰ বাবে বাসস্থানৰ ব্যৱস্থা আদি।


(ঘ) কংগ্ৰেছ দলত চিণ্ডিকেটৰ ভূমিকা কেনে আছিল।

উত্তৰঃ- কংগ্ৰেছ দলত ছিণ্ডিকেটৰ ভূমিকা আছিল উল্লেখযোগ্য। ই কংগ্ৰেছ দলৰ ভিতৰৰ এক শক্তিশালী গোট আছিল। ছিণ্ডিকেটৰ নেতাসকলে কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰিছিল। ই ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱাত তথা ক্ষমতালৈ অহাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু যথেষ্ট সহায় কৰিছিল। ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ছিণ্ডিকেটে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মুঠৰ ওপৰত কংগ্ৰেছ দলত ছিণ্ডিকেটৰ এক শক্তিশালী ভূমিকা আছিল।


(ঙ) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চমু বৰ্ণনা কৰা।

উত্তৰঃ-  ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত  খালী হৈ থকা ৰাষ্ট্ৰপতি পদটো পূৰণৰ  বাবে দেশত  ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়। সেই সময়ছোৱাত ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজত তীব্ৰ সংঘাতে দেখা দিয়ে। পোনপ্ৰথমে ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে জগজীৱন ৰামৰ নাম প্ৰস্তাৱ কৰে কিন্ত চিণ্ডিকেটৰ নেতাসকলে ইয়াক নাকচ কৰে আৰু গৃহীত হয় মোৰাৰজী দেশায়ে বিবেক ভোটৰ নামত প্ৰস্তাৱ কৰা নীলম সঞ্জীৱা ৰেড্ডিৰ নামটো। এই কথাত অসন্তষ্ট হৈ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভি ভি গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায় আৰু ইন্দিৰা গান্ধীৰ প্ৰস্তাৱ স্বীকাৰ কৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। নীলম সঞ্জীৱা ৰেড্ডি কংগ্ৰেছৰ আনুষ্ঠানিক প্ৰাৰ্থী আছিল বাবে কংগ্ৰেছৰ সভাপতি এছ নিজালিন গাপ্পাই কংগ্ৰেছৰ সাংসদ তথা ৰাজ্য বিধানসভাৰ সদস্যসকলক ৰেড্ডিক ভোটদান কৰিবলৈ হুইপ জাৰি কৰে। ইয়াৰ প্ৰতিক্ৰিয়াৰূপে ইন্দিৰা গান্ধীয়ে মুক্তভাৱে তেওঁলোকক বিবেক ভোট দিবলৈ আহ্বান জনায়। শেষত এই নিৰ্বাচনত ভি ভি গিৰিয়ে জয় লাভ কৰে আৰ ইয়ে কংগ্ৰেছ দলত সম্পূৰ্ণ বিভাজন ঘটায়।


(চ) কোন বছৰত ‘আয়া ৰাম, গয়া ৰাম’ কথাষাৰ উল্লেখ কৰা হৈছিল?

উত্তৰঃ- ১৯৬৭ চনত ‘আয়া ৰাম, গয়া ৰাম’ কথাষাৰ উল্লেখ কৰা হৈছিল।


(ছ) কোনজন ব্যক্তিয়ে ‘আয়া ৰাম, গয়া ৰাম’ কথাষাৰি উল্লেখ কৰিছিল?

উত্তৰঃ- কংগ্ৰেছ নেতা ৰাও বীৰেন্দ্ৰ সিঙে ‘আয়া ৰাম, গয়া ৰাম’ কথাষাৰি উল্লেখ কৰিছিল।


(জ) তলত দিয়া শ্ল’গান দুটাৰ সৃষ্টিকৰ্তা কোন?

(i) “জয় জোৱান, জয় কিষাণ”

(ii) “গৰীবী হটাও”

উত্তৰঃ- (i) “জয় জোৱান, জয় কিষাণ”- লাল বাহাদুৰ শাস্ত্ৰী।

(ii) “গৰীবী হটাও”- ইন্দিৰা গান্ধী।


(ঝ) লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীত্বৰ কালত তেওঁ কোন দুটা সমস্যাৰ সমুখীন হৈছিল?

উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰীয়ে তেওঁৰ চমু প্ৰধানমন্ত্ৰীত্বৰ কালত সমুখীন হোৱা সমস্যা দুটা হ’লঃ-

(১) চীন আৰু ভাৰতৰ যুদ্ধৰ পিছত ভাৰতে সন্মুখীন হোৱা অৰ্থনৈতিক সংকট তথা খৰাং আৰু খাদ্য সংকট।

(২) ১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধ।


(ঞ) ভাৰতীয় ৰাজনীতিত ‘ৰাজনৈতিক ভূমিকম্প’ শব্দটোৱে কি তাৎপৰ্য বহন কৰে?

উত্তৰঃ- ভাৰতীয় ৰাজনীতিত ‘ৰাজনৈতিক ভূমিকম্প’ শব্দটোৱে এক গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰে। ১৯৬৭ চনৰ চতুৰ্থ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলে নেহৰুৰ দৰে শক্তিশালী আৰু জনপ্ৰিয় নেতাৰ অবিহনে যঁজ দিয়ে আৰু এই নিৰ্বাচনৰ ফলাফলে দলটোক এক বৃহৎ জোকাৰণিয়ে জোকাৰি যায়।এই নিৰ্বাচনত দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য সকলোতে প্ৰথমবাৰৰ বাবে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।সেয়ে এই নিৰ্বাচনৰ ফলাফলক ৰাজনৈতিক পৰ্যবেক্ষকসকলে ৰাজনৈতিক ভূমিকম্প বুলি অভিহিত কৰে যি ভাৰতৰ কংগ্ৰেছ দলৰ লগতে সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোকে জোকাৰি যায়।


১৩। চমুটোকাঃ 

(ক) মৰ্চা চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ- ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত পোন প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠিত হয় গিয়ান সিং ৰাৰেৱালাৰ নেতৃত্বত পাটিয়ালা এণ্ড ইষ্ট পঞ্জাৱ ষ্টেটচ ইউনিয়নত ১৯৫২ চনত। কিন্ত প্ৰকৃততে ১৯৬৭ চনৰ পৰাহে ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হয়। এই বৰ্ষৰ নিৰ্বাচনৰ পিছত ভাৰতৰ আধা সংখ্যক ৰাজ্যতে অৰ্থাৎ ৮ খন ৰাজ্যতে মৰ্চা চৰকাৰ অৰ্থাৎ ইউনাইটেড ফ্ৰন্ট মৰ্চা চৰকাৰৰ গঠন হৈছিল। বিহাৰত সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টি আৰু প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি এই দুই সমাজবাদী মতাদৰ্শৰ দলৰ সৈতে বাওঁপন্থী ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু সোঁপন্থী জনসংঘৰ দ্বাৰা মৰ্চা চৰকাৰ গঠিত হয়। তেনেদৰে পঞ্জাৱতো দুই বিৰোধী আকালি দলৰ লগত ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ছ’চিয়েলিষ্ট পাৰ্টি, ৰিপাব্লিকান পাৰ্টি আৰু ভাৰতীয় জনসংঘ দলে একত্ৰিত ভাৱে চৰকাৰ গঠন কৰে। সম্প্ৰতি ভাৰতত বহুকেইখন ৰাজ্যত তথা কেন্দ্ৰতো মৰ্চা চৰকাৰৰ শাসন আছে। ভাৰতীয় জনতা পাৰ্টিয়ে বহু ৰাজ্যত আঞ্চলিক দলসমূহৰ লগত মৰ্চা চৰকাৰ গঠন কৰিছে। বৰ্তমানো কেন্দ্ৰত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই শাসনত অধিস্থিত হৈ আছে।


(খ) লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰী ১৯৩০ চনৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰত লগত গভীৰভাৱে জড়িত এজন জনপ্ৰিয় আৰু ব্যতিক্ৰমী নেতা আছিল। তেওঁ জন্ম গ্ৰহণ কৰিছিল ১৯০৪ চনৰ ২ অক্টোবৰত ভাৰতৰ উত্তৰ প্ৰদেশত। তেওঁ বহু বছৰ ধৰি পধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ মন্ত্ৰীসভাৰ বিভিন্ন দায়িত্ব বহন কৰি আছিল।নেহৰুৰ মৃত্যুৰ পিছত ১৯৬৪ চনত তেওঁক ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰূপে নিযুক্ত কৰা হৈছিল আৰু ১৯৬৬ চনলৈ ২বছৰ ধৰি তেওঁ এই পদত অধিস্থিত হৈ ৰয়। এই চমু কালছোৱাতে তেওঁ দুটাকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়া হ’ল চীনৰ যুদ্ধৰ পিছত ভাৰতে সন্মুখীন হোৱা অৰ্থনৈতিক সংকট তথা খৰাং আৰু খাদ্য সংকট। আনটো প্ৰত্যাহ্বান হ’ল ১৯৬৫ চনৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ। তথাপি কিন্ত তেওঁ এই দুই সমস্যাৰে বিচক্ষণতাৰে মুখামুখি হয়। ‘জয় জোৱান, জয় কিষাণ’ শ্ল’গানেৰে তেওঁ ভাৰতৰ সকলো লোকৰ মাজতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় তথা দেশৰ বাহ্যিক আৰু আভ্যন্তৰীণ অস্থিৰতাৰ দৃঢ়তাৰে সন্মুখীন হয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অৱসান ঘটাবৰ বাবে লাল বাহাদুৰ শাস্ত্ৰীয়ে ছোভিয়েট সংঘৰ মধ্যস্থতাত উজবেকিস্তানৰ ৰাজধানী চহৰ টাছখণ্ডত পাকিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ আয়ুব খানৰ লগত তাছখণ্ড চুক্তি সম্পাদন কৰে পিছতে ১৯৬৬ চনৰ ১০ জানুৱাৰীত তাছখণ্ডতেই তেওঁ মৃত্যু হয়। শাস্ত্ৰী কংগ্ৰেছ দলৰ বাবে সঁচাই এজন দক্ষ নেতা আছিল।


(গ) লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত কোন প্ৰধানমন্ত্ৰী হৈছিল? প্ৰধানমন্ত্ৰী পদৰ কাৰণে কোনো প্ৰতিদ্বন্দ্বিতা হৈছিল নেকি?

উত্তৰঃ- লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত অস্থায়ীৰূপত নতুন প্ৰাৰ্থী বাচনিৰলৈকে প্ৰধানমন্ত্ৰী পদত অধিস্থিত হৈছিল গুলজাৰীলাল নন্দা কিন্ত পিছত স্থায়ী ৰূপে অধিস্থিত হয় ইন্দিৰা গান্ধী। এই খালী হৈ খকা প্ৰধানমন্ত্ৰী পদৰ বাবে ভিতৰুৱাকৈ প্ৰতিদ্বন্দ্বিতা হৈছিল আৰু প্ৰতিদ্বন্দ্বিতা হৈছিল ইন্দিৰা গান্ধী আৰু মোৰাৰজী দেশাইৰ মাজত।


(ঘ) ‘দলত্যাগ’ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ- যেতিয়া কোনো এজন নিৰ্বাচিত প্ৰতিনিধিয়ে কোনো এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয়ী হয় কিন্ত পিছত আন ৰাজনৈতিক দলত যোগ দিয়ে তাকে দলত্যাগ বুলি অভিহিত কৰা হয়। ১৯৬৭ চনৰ ৰাজনৈতিক পৰিৱৰ্তনকাৰী নিৰ্বাচনৰ পৰাই ভাৰতৰ দলীয় ব্যৱস্থাত এই নতুন পৰিৱৰ্তনটোৱে দেখা দিয়ে। ইয়াৰ পিছৰ পৰাই দলত্যাগে ভাৰতৰ ৰাজ্যবিলাকত চৰকাৰ গঠন বা চৰকাৰ গঠনত বঞ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশ ৰাজ্যত কংগ্ৰেছবিৰোধী দলসমূহে একত্ৰিত হৈ চৰকাৰ গঠন কৰাত কংগ্ৰেছ দল ত্যাগ কৰা বিধানসভাৰ সদস্যসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই সময়ছোৱাত ভাৰতীয় ৰাজনীতিত দলত্যাগৰ প্ৰৱণতা তথা মানসিকতা অধিক মাত্ৰাত বৃদ্ধি পায়তআৰু ইয়াৰ বাবে ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন চৰকাৰে দেশত দলত্যাগ বিৰোধী আইনৰ প্ৰৱৰ্তন কৰে। কিন্ত দলত্যাগৰ এই প্ৰৱণতাৰ অন্ত নপৰিল। বৰ্তমানো ভাৰতীয় ৰাজনীতিত দল ত্যাগৰ মানসিকতা আৰু কাৰ্য ৰাজনৈতিক নেতাসকলৰ মাজত পৰিলক্ষিত হয়।


(ঙ) চতু্ৰ্থ সাধাৰণ নিৰ্বাচনে কংগ্ৰেছক কেনেদৰে আঘাত কৰিছিল।

উত্তৰঃ- ১৯৬৭ চনত অনুষ্ঠিত চতুৰ্থ সাধাৰণ নিৰ্বাচনে সমগ্ৰ ভাৰতৰ ৰাজনৈতিক দৃশ্যপটেই সলনি কৰি দিছিল । বিশেষকৈ ই কংগ্ৰছ দলক বৃহৎ আঘাট কৰিছিল। স্বাধীনতাৰ পিছৰ পৰা ভাৰতীয় ৰাজনীঁতিত শক্তিশালী আধিপত্য বিস্তাৰ কৰি অহা কংগ্ৰেছ দলৰ আধিপত্য প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তদুপৰি ভাৰতত অকংগ্ৰেছবাদৰ আৰম্ভণি হৈছিল। এই নিৰ্বাচনৰ পৰাই বিভিন্ন সমস্যাৰে ভুক্তভুগী ভাৰতৰ জনসাধাৰণৰ মনত কংগ্ৰেছবিৰোধী মনোভাৱৰ উদয় হয় আৰু তেওঁলোকৰ মনত পৰিৱৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰে। অৰ্থনৈতিক সংকটেৰে জৰ্জৰিত এই জনগণে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণেৰে বিদ্ৰোহৰ সূচনা কৰে। কিন্ত চৰকাৰখনে এই আন্দোলন কোনো বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ বাবে জনসাধাৰণ কংগ্ৰেছ চৰকাৰৰ প্ৰতি অধিক ক্ষোভিত হৈ পৰিল। এই সুযোগ লৈ বিৰোধী দলসমূহো আগুৱাই আহিল। তদুপৰি এই সময়ছোৱাত কংগ্ৰেছ দলত আভ্যন্তৰীণ ক্ষমতাকেন্দ্ৰিক সংঘাতেও দেখা দিছিল যাৰ সুবিধা বিৰোধী দলসমূহে গ্ৰহণ কৰিছিল আৰু কংগ্ৰেছক পৰাস্ত কৰিবলৈ প্ৰস্ততি আৰম্ভ কৰি দিছিল। অৱশেষত ১৯৬৭ চনৰ ফেব্ৰুৱাৰীত চতুৰ্থ লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় যাৰ ফলাফলে কংগ্ৰেছ দলক বেয়াকৈ জোকাৰি যায়। পোন প্ৰথমবাৰ কংগ্ৰেছে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখি হয়। সেয়ে এই ৰাজনৈতিক ফলাফলক বহুতে এক ‘ৰাজনৈতিক ভূমিকম্প’ আখ্যা দিয়ে। কংগ্ৰেছ  নিৰ্বাচনটোত সংখ্যাগৰিষ্ঠতা লাভ কৰে যদিও কেৱল ২৮৩ খন লাভ কৰিবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ আধাসংখ্যক মন্ত্ৰীয়ে পৰাজয় বৰণ কৰে। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত কংগ্ৰেছে ৭৮ খন আসন কম লাভ কৰে । এই নিৰ্বাচনৰ ফলাফলে ইয়াকেই প্ৰতিফলিত কৰিছিল যে কংগ্ৰেছ দলত ইতিমধ্যে গৰাখহনীয়া আৰম্ভ হৈছে আৰু ভাৰতৰ ৰাজনীতত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত পৰিছে। এনেদৰে ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে কংগ্ৰেছক এক বৃহৎ আঘাট কৰি যায়।


(চ) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা চাৰিখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা চাৰিখন ৰাজ্য হ’লঃ- বিহাৰ, পশ্চিমবংগ, মাদ্ৰাজ আৰু উৰিষ্যা।


১৪। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ১৯৬০ ৰ দশকক কিয় ভয়ংকৰ দশক বুলি কোৱা হয়?

উত্তৰঃ- ১৯৬৪ চনত ভাৰতৰ শক্তিশালী আৰু জনপ্ৰিয় নেতা জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত তথা কংগ্ৰেছ দলত শক্তিশালী নেতত্বৰ অভাৱ ঘটে। নেহৰুৰ পিছত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিব সেই প্ৰশ্নৰ সকলোৰে মনত উদয় হয় আৰু দেশত তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰীৰ সন্ধানৰ চিন্তা-চৰ্চা আৰম্ভ হয়। জৱাহৰলাল নেহৰুৰ মৃত্যুৰ সময়ত ভাৰত কিছুমান আভ্যন্তৰীণ সংকটৰ সন্মুখীন হৈছিল। ভাৰতত দৰিদ্ৰতা, অসমতা, সাম্প্ৰদায়িক আৰু আঞ্চলিক পাৰ্থক্য আদি গঢ় লৈ উঠিছিল। এইবোৰ সমস্যাই ভাৰতক যিকোনো সময়তে সংকটময় পৰিস্থিতিলৈ ঠেলি দিয়াৰ আশংকাই দেখা দিছিল। বহু লোকে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটো ভাৰতৰ সেনাবাহিনীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাব পাৰে বুলিও সন্দেহ ব্যক্ত কৰিছিল। সেইবাবেই ১৯৬০ ৰ দশকক ভয়ংকৰ দশক হিচাপে অভিহিত কৰা হয়। তদুপৰি এই দশকটোত নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত তেওঁৰ দৰে যোগ্য নেতৃত্ব তথা পথ প্ৰদৰ্শকৰ অভাৱে দেখা দিছিল। কাৰণ সদ্য স্বাধীনতা প্ৰাপ্ত ভাৰতক প্ৰধানমন্ত্ৰী নেহেৰুৰ শক্তিশালী নেতৃত্বই এক গতি প্ৰদান কৰিছিল তথা পথ প্ৰদৰ্শন কৰিছিল। ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁ শক্তিশালী কৰি তুলিছিল। সেয়ে তেওঁৰ মৃত্যুৰ পিছত ১৯৬০ ৰ দশকত এনে শক্তিশালী নেতৃত্বৰ আৰু অভিভাৱকৰ অভাৱ ভাৰতীয় জনগণে ভালকৈয়ে কৰিছিল আৰু তেওঁ শূণ্য স্থান পূৰণক লৈ এক বৃহৎ আশংকাই দেখা দিছিল। তাৰোপৰি এই দশকতে ভাৰতে দুটাকৈ বৃহৎ প্ৰত্যাহ্বান বা সংকটৰ সন্মুখীন হ’ব লগা হৈছিল। এটা হ’ল চীন-ভাৰতৰ যুদ্ধৰ পিছতে ভাৰতে এক বৃহৎ অৰ্থনৈতিক সংকটৰ তথা খৰাং আৰু খাদ্য সংকটৰ সমুখীন হৈছিল। আনটো সংকট হ’ল ১৯৬৫ চনত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধ। এনেদৰে বিভিন্ন বিপদ আৰু সংকটৰে ভাৰতে জৰ্জৰিত হোৱা বাবে ১৯৬০ ৰ দশকটোক ভয়ংকৰ দশক বুলি কোৱা হয়।


(খ) ৰাজকীয় সুবিধাই কি বুজায়? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে কিয় ইয়াক উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল?

উত্তৰঃ- ৰাজকীয় সুবিধাই ভাৰতত পূৰ্বতে ইয়াৰ ৰাজ্যসমূহত শাসন চলাই থকা প্ৰাক্তন ৰাজ পৰিয়াল সমূহ বা ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীসকলক ভাৰত চৰকাৰে আগবঢ়াই থকা বিশেষ সা-সুবিধা সমূহকে বুজাই। এই সা-সুবিধা সমূহ ১৯৪৭ চনৰ স্বাধীনতাৰ সময়ত চৰকাৰ আৰু ৰাজপৰিয়ালসমূহৰ মাজত সম্পন্ন হোৱা চুক্তি অনুসৰি প্ৰদান কৰি অহা হৈছিল।

     কিন্ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁৰ শাসন কালত এই ব্যৱস্থা উঠাই দিছিল। কৌশলগতভাৱে তেওঁ ১৯৬৯ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ছোৱাত দেশৰ ১৪ টা আগশাৰীৰ বেংক ৰাষ্ট্ৰীয়কৃত কৰাৰ লগতে এই ৰাজকীয় সুবিধাসমূহো বা প্ৰিভি পাৰ্ছ ব্যৱস্থাৰো কৰ্তন কৰি দিছিল। ১৯৭১ চনৰ লৈকৈ ৰাজকীয় সুবিধাৰ ব্যৱস্থাটো বৰ্তি আছিল। কিন্ত ১৯৭১ চনত সংঘটিত হোৱা ২৬ নং সংবিধান সংশোধনী আইনৰ জৰিয়তে এই ব্যৱস্থাৰ অন্ত কৰা হয়।  প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই ব্যৱস্থা উঠাই দিয়াৰ পোষকতা কৰাৰ অন্তৰালত বহু কেইটা কাৰণ আছিল। সেইসমূহ হ’লঃ-

(১) ৰাজকীয় সুবিধা বা প্ৰিভি পাৰ্ছ ব্যৱস্থা সংবিধানৰ সমতা আৰু সম অধিকাৰ নীতিৰ বিৰোধী আছিল। ভাৰতৰ সংবিধান অনুসৰি আইন আৰু সংবিধানৰ চকুত সকলো নাগৰিক সমান তথা সকলো নাগৰিকে সমান অধিকাৰ, সমান মৰ্যাদা আৰু সমান সা-সুবিধা লাভ কৰিব। সেয়ে নাগৰিকৰ সমান অধিকাৰ নীতিৰ ওপৰত ভিত্তি কৰিয়ে ইন্দিৰা গান্ধীয়ে এই ব্যৱস্থাটো উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল।

(২) তদুপৰি চৰকাৰে প্ৰাক্তন ৰাজপৰিয়াল সমূহলৈ ৰাজকীয় সা-সুবিধা প্ৰদান কৰোতে বহুখিনি ব্যয় হয় যাৰ ফলত দেশত ৰাজকীয় ঘাটিয়ে দেখা দিয়ে । সেয়ে এই ৰাজকীয় ঘাটি ৰক্ষা তথা উপৰিঞ্চি ব্যয় হ্ৰাস কৰিবলৈ ইন্দিৰা গান্ধীয়ে ৰাজকীয় ব্যৱস্থা উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল।

(৩) ৰাজকীয় সুবিধা উঠাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আন এক কাৰণ আছিল এই ৰাজকীয় সুবিধা আৰু বিশেষ অধিকাৰ সৈতে ৰাজকীয় শাসন ব্যৱস্থাটো ভাৰতীয় সংবিধানৰ গণতন্ত্ৰ, সমতা আৰু সামাজিক নীতিৰ সৈতে অসংগত বা অমিল আৰু সাম্প্ৰতিক সময়ৰ কাৰ্য ব্যৱস্থা তথা সামাজিক লক্ষ্যৰ সৈতে সম্পৰ্কহীন আছিল।

   উক্ত কাৰণসমূহৰ ওপৰত ভিত্তি কৰিয়ে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজকীয় সুবিধাৰ ব্যৱস্থাটো উঠাই দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।


(গ) “আয়া ৰাম, গয়া ৰাম” বাক্যাংশই কি ধাৰণাৰ তাৎপৰ্য বহন কৰিছিল? ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।

উত্তৰঃ-  “আয়া ৰাম, গয়া ৰাম” এই কথাষাৰৰ বিশেষ তাৎপৰ্য আৰু অৰ্থ আছে। এই কথাষাৰ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল কংগ্ৰছী নেতা ৰাও বীৰেন্দ্ৰ সিঙে যেতিয়া ১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পাছত গয়া লাল নামৰ  হাৰিয়ানা এজন বিধানসভাৰ সদস্যই ১৫ দিনত তিনিবাৰকৈ দল সলনি কৰি হাস্যকৰ পৰিৱেশৰ সূচনা কৰিছিল। তেওঁ কংগ্ৰেছৰ পৰাই দলত্যাগ কৰি শেষত আকৌ কংগ্ৰেছৰলৈকে ঘূৰি আহিছিল। অৰ্থাৎ আমি বুজিব পাৰিলো যে”আয়া ৰাম, গয়া ৰাম” কথাষাৰ ৰাজনৈতিক নেতাৰ দল ত্যাগৰ পৰাই উৎদ্ভৱ হৈছিল আৰু ই ৰাজনৈতিক নেতাসকলৰ দলত্যাগৰ প্ৰৱণতাক বুজাবলৈ পিছত ভাৰতীয় ৰাজনীতিত জনপ্ৰিয় হৈ পৰে। 

     ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত “আয়া ৰাম, গয়া ৰাম” কথাষাৰে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে । পূৰ্বে উল্লেখ কৰাৰ দৰে এই কথাষাৰে ভাৰতীয় ৰাজনীতিত নেতাসকলৰ দলত্যাগক সূচায়। ১৯৬৭ চনৰ সময়ছোৱাত এই কথাষাৰ ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। কাৰণ ১৯৬৭ চনৰ ভাৰতৰ ৰাজনৈতিক পৰিৱৰ্তনকাৰী সাধাৰণ নিৰ্বাচনৰ পৰাই ভাৰতৰ দলীয় ব্যৱস্থাত দলত্যাগ মানসিকতাৰ উদ্ভৱ হৈছিল। এই ব্যৱস্থাই ৰাজ্যসমূহত চৰকাৰ গঠন বা চৰকাৰ গঠনত বঞ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ ধৰিছিল। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছতে ভাৰতৰ হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশত কংগ্ৰেছ বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিতভাৱে চৰকাৰ গঠন কৰাত কংগ্ৰেছ দল ত্যাগ কৰি অহা বিধানসভাৰ সদস্যসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই সময়ছোৱাত ভাৰতৰ বহু ৰাজনৈতিক দলৰ নেতাৰ মাজত দলত্যাগৰ প্ৰৱণতা আৰু মানসিকতা ব্যাপক পৰিমাণে বৃদ্ধি পায় আৰু ইয়াকে বুজাবলৈ “আয়া ৰাম, গয়া ৰাম” কথাষাৰ সেই সময়ত ব্যৱহাৰ কৰা হৈছিল আৰু ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। এই দলত্যাগৰ প্ৰৱণতা ভাৰতীয় ৰাজনীতিত নেতাসকলৰ মাজত ক্ৰম ব্যাপক হাৰত বৃদ্ধি হৈ অহাৰ বাবে ভাৰতত ১৯৮৫ চনত দলত্যাগবিৰোধী আইন প্ৰণয়ন কৰা হয় তাক প্ৰতিৰোধৰ বাবে। কিন্ত ইয়াৰ পিছতো সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিত এই আইন সফল হ’বলৈ সক্ষম হোৱা নাই, তাৰ পৰিৱৰ্তে আয়া ৰাম গয়া ৰাম মানসিকতা অৰ্থাৎ দলত্যাগৰ প্ৰৱণতা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। সেয়ে বৰ্তমানো এই কথাষাৰ ভাৰতীয় ৰাজনীতি প্ৰচলিত হৈ আছে।


(ঘ) ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক পুনৰ সংস্থাপনত সহায় কৰিছিল নে?

উত্তৰঃ-  ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক নিজৰ আধিপত্য পুনৰ সংস্থাপনত সহায় কৰিছিল। ১৯৬৯ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচন পৰিণতিস্বৰূপে কংগ্ৰেছ দলত বিভাজনৰ সৃষ্টি হয় ফলত দলটো দুৰ্বল হৈ পৰে আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীৰ চৰকাৰখন সংখ্যালঘুত পৰিৱৰ্তিত হয়। সেয়ে কংগ্ৰেছ দলৰ আধিপত্য পুনৰুদ্ধাৰ কৰিবলৈ আৰু ইয়াক শক্তিশালী কৰি তুলিবলৈ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত ইন্দিৰা গান্ধীয়ে বহুকেইটা উল্লেখযোগ্য,শক্তিশালী আৰু জন কল্যাণমুখী নীতি গ্ৰহণ কৰে। সেইসমৃহ হ’ল যেনে- ভূমি সংস্কাৰ আইনৰ কাৰ্যকৰীকৰণ, ভূমিৰ সৰ্বোচ্চ মালিকানাস্বত্ব নিৰ্ধাৰণৰ বিষয়ত আইন প্ৰণয়ন আদি । এই জনমুখী নীতি আৰু কৰ্মসূচীবোৰে তেওঁক বহু পৰিমাণে জনপ্ৰিয় কৰি তোলে। ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত কেৱল ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ নেতৃত্ব দিয়াৰ বাবে জনসাধাৰণে কংগ্ৰেছক ভোটদান কৰিছিল। তেওঁ এই নিৰ্বাচনী প্ৰচাৰত ‘গৰীবী হটাও’ নামৰ অতি জনপ্ৰিয় শ্ল’গানেৰে ভাৰতৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ ইংগিত দিছিল আৰু এই শ্ল’গানেৰে তেওঁ দেশৰ পিছপৰা শ্ৰেণী, আদিবাসী, নিবনুৱা, সংখ্যালঘু, মহিলা,অনুসূচিত জাতি আৰু জনজাতিসমূহৰ সমূহৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এনেদৰে বহু নতুন আৰু বলিষ্ঠ নীতিৰে কংগ্ৰেছৰ সংসদত  হেৰাই যোৱা স্থিতি পুনৰ শক্তিশালী কৰিবলৈ সক্ষম হৈছিল।

   শেষত ১৯৭১ চনৰ লোকসভা নিৰ্বাচনৰত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলে ৩৫২ খন আসন লাভ কৰে। এই নিৰ্বাচনৰ ফলাফলৰ দ্বাৰা ইন্দিৰা গান্ধীয়ে তেওঁৰ কংগ্ৰেছ দল যে প্ৰকৃত কংগ্ৰেছ ইয়াৰ যুক্তিযুক্ততা প্ৰমাণ কৰে।এই নিৰ্বাচনে কংগ্ৰেছৰ হেৰাই যোৱা আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰিছিল। তাৰোপৰি ইন্দিৰা গান্ধীৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছিল আনকি তেওঁ বিৰোধী দলৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হয়।


(ঙ) ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল আলোচনা কৰা।

উত্তৰঃ- ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিলৈ এক বৃহৎ পৰিৱৰ্তন আনিছিল। এই  নিৰ্বাচনে স্বাধীনতাৰ কালৰ পৰা ভাৰতৰ ৰাজনীতিত একক আধিপত্য বিস্তাৰ কৰি থকা কংগ্ৰেছ দলৰ আধিপত্যক  প্ৰত্যাহ্বান জনায়। সেয়ে বহু ৰাজনৈতিক চিন্তাবিদৰ মতে এই নিৰ্বাচনৰ ফলাফল আছিল ভাৰতীয় ৰাজনীতিত এক ‘ৰাজনৈতিক ভূমিকম্প’। এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ভোট আৰু আসনৰ পৰিমাণৰ ক্ষেত্ৰত এইয়া ১৯৫২ চনৰ নিৰ্বাচনৰ পিছত সৰ্বনিম্ন আছিল।১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেৱল ২৮৩ খন আসন লাভ কৰিবলৈহে সক্ষম হয় তথা ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ অৰ্ধসংখ্যক মন্ত্ৰীয়ে পৰাজিত হয়। ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলৰ দুৰ্গত জোকাৰণি তুলি যায়।

  ১৯৬৭ চনৰ নিৰ্বাচনৰ পৰাই ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হয়। এই নিৰ্বাচনৰ পিছতে ভাৰতৰ আধাসংখ্যক ৰাজ্যতে মৰ্চা চৰকাৰ গঠন হয়। তাৰোপৰি এই নিৰ্বাচনৰ পৰাই ভাৰতৰ দলীয় ব্যৱস্থাত এক নতুন পৰিৱৰ্তনৰ সূচনা হয়। সেয়া হ’ল দলত্যাগ যিয়ে ভাৰতৰ ৰাজ্যসমূহত চৰকাৰ গঠন বা চৰকাৰ গঠনত বঞ্চিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে।বিশেষকৈ কংগ্ৰেছ দলত ভিতৰত দলত্যাগৰ প্ৰৱণতা অধিক দেখিবলৈ পোৱা গৈছিল। মুঠৰ ওপৰত ১৯৬৭ চনৰ চতুৰ্থ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্যৰ অন্তৰ পথ প্ৰশস্ত কৰিছিল।


(চ) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ- ৰাষ্ট্ৰপতি ড° জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত খালী হৈ পৰা ৰাষ্ট্ৰপতিৰ পদৰ পূৰণৰ বাবে ১৯৬৯ চনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পস্তুতি চলোৱা হৈছিল। এই সময়ছোৱাতে ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ শত্ৰুতা আৰু সংঘাত মুক্তভাৱে প্ৰকাশ পাইছিল। ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ ইন্দিৰা গান্ধী এক বিতৰ্কত সোমাই পৰিছিল। ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰে। কিন্ত তেওঁৰ এই প্ৰস্তাৱ ছিণ্ডিকেটৰ নেতাসকলে নাকচ কৰে। আনহাতে মোৰাৰজী দেশায়ে নীলম সঞ্জীৱা ৰেড্ডিৰ নামটো বিবেক ভোটৰ নামত প্ৰস্তাৱ কৰে যি গৃহীত হয়। ইয়াক লৈ অসন্তষ্ট হৈ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভি ভি গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান কৰে। এই আহ্বান ৰক্ষা কৰি গিৰিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়। এনেদৰে ৰাষ্ট্ৰপতি নিৰ্বাচন, বাওঁপন্থী নীতি আৰু কাৰ্যসূচী আদিৰ বাবে কংগ্ৰেছ দলত আভ্যন্তৰীণ ক্ষেত্ৰত তীব্ৰ মত বিৰোধে দেখা দিছিল। কংগ্ৰেছ দলৰ সভাপতি এছ নিজালিন গাপ্পাই দলটোৰ সাংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যসকলক নীলম সঞ্জীৱা ৰেড্ডিক ভোটদান কৰিবলৈ হুইপ জাৰি কৰে কাৰণ তেওঁ আছিল কংগ্ৰেছ দলৰ আনুষ্ঠানিক প্ৰাৰ্থী। কিন্ত ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ সাংসদ তথা ৰাজ্য বিধানসভাৰ সদস্য সকলক বিবেক ভোট দিবলৈ আহ্বান জনায়। শেষত ১৯৬৯ চনৰ এই ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে সমৰ্থন জনোৱা প্ৰাৰ্থী ভি ভি গিৰিয়ে জয়ী হয়।

    এই নিৰ্বাচনত সঞ্জীৱা ৰেড্ডিৰ পৰাজয় বৰণে কংগ্ৰেছ দলৰ বিভাজন সম্পূৰ্ণ কৰি তোলে। দলটোৰ সভাপতি এছ নিজালিন গাপ্পাই ইন্দিৰা গান্ধীক  দলবিৰোধী কাৰ্যৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰে আৰু ইন্দিৰা গান্ধীয়ে ইয়াক প্ৰত্যাহ্বান জনাই তেওঁৰ ফৈদটোহে প্ৰকৃত কংগ্ৰেছ বুলি ঘোষণা কৰে। শেষত ১৯৬৯ চনৰ নৱেম্বৰত ছিণ্ডিকেট নেতৃত্বাধীন কংগ্ৰেছ দলৰ ফৈদটোক কংগ্ৰেছ (O) আৰু ইন্দিৰা গান্ধীৰ ফৈদটোক কংগ্ৰেছ (R) হিচাপে নামাকৰণ কৰা হয়। 

  উক্ত ধৰণেৰে ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে বিতৰ্ক জড়িত হৈ পৰিব ।       



Nikita Chetia

(M.A in Political Science)