Chapter: 2 (II)

কাৰ্য- কাৰণ বিধি

(The Law of Causation)

অনুশীলনী


১) খালী ঠাই পূৰণ কৰাঃ

(ক) কাৰ্যকাৰণ বিধি আগমন অনুমানৰ আকাৰগত ভিত্তি।

(খ) কোনো ঘটনাৰ যিকোনো পূৰ্বৱৰ্তী ঘটনাকেই ঘটনাটোৰ কাৰণ বুলি অভিহিত কৰিলে কাকতালীয় দোষ ঘটে। 

(গ) নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা। 

২) চমু উত্তৰ দিয়াঃ

(ক) এৰিষ্টট'লৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- এৰিষ্টট'লৰ মতে কাৰণ চাৰি প্ৰকাৰৰ। সেয়া হ'ল ㅡ

(i) উপাদান কাৰণ

(ii) আকাৰগত কাৰণ 

(iii) নিমিত্ত কাৰণ আৰু 

(iv) পৰিমাণ বা উদ্দেশ্য় কাৰণ।

৩) পাৰ্থক্য় নিৰ্ণয় কৰাঃ

(ক) কাৰণ আৰু উপকাৰণ

উত্তৰঃ- কাৰণ আৰু উপকাৰণসমূহৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  ㅡ

(i) কাৰণ হ'ল কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্য়ৱহিত ঘটনা। 

        আনহাতে, উপকাৰণ হ'ল কাৰণৰ অপৰিহাৰ্য অংশ। 

(ii) কাৰণ চাৰি প্ৰকাৰৰ। 

        আনহাতে, উপকাৰণ দুই প্ৰকাৰৰ।

(iii) কাৰণৰ ভাগসমূহ হ'ল ー উপাদান কাৰণ, আকাৰগত কাৰণ, মিনিত্ত কাৰণ আৰু পৰিমাণ বা উদ্দেশ্য় কাৰণ।

        আনহাতে, উপকাৰণৰ ভাগসমূহ হ'ল ー অনুকূল বা সদৰ্থক উপকাৰণ, প্ৰতিকূল বা নঞৰ্থক উপকাৰণ।

(খ) নানাকাৰণবাদ আৰু কাৰণ সমন্বয়।

উত্তৰঃ- নানাকাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'লㅡ

(i) নানাকাৰণবাদৰ মতে, কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে। 

        আনহাতে, কাৰণ সমন্বয়ত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে।

(ii) নানাকাৰণবাদ ভ্ৰান্ত ধাৰণা।

        আনহাতে, কাৰণ সমন্বয় ভ্ৰান্ত ধাৰণা নহয়। 

৪) চমুটোকা লিখাঃ

(ক) নানাকাৰণবাদ।

উত্তৰঃ- নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্ৰান্ত ধাৰণা। নানাকাৰণবাদৰ মতে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ'ব পাৰে। জগতৰ ঘটনাবোৰ বৰ জটিল। ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে যুক্ত হৈ থাকে যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। 

        নানাকাৰণবাদক যদিও লৌকিক দৃষ্টিৰ পৰা সঁচা যেন লাগে, বৈজ্ঞানিক দৃষ্টিৰ পৰা কিন্তু নানাকাৰণবাদক সমৰ্থন কৰিব নোৱাৰি। কিয়নো ভুল ধাৰণাৰ ফলতহে নানাকাৰণবাদৰ ধাৰণা আমাৰ মনলৈ আহে।

(খ) কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণ।

উত্তৰঃ- প্ৰতিটো কাৰ্যৰে একোটা কাৰণ থাকে। কাৰণ অবিহনে কোনো কাৰ্য ঘটিব নোৱাৰে। এটা কাৰণে মাত্ৰ এটা কাৰ্যহে উৎপাদন কৰিব পাৰে।কিন্তু কেতিয়াবা দেখা যায় যে, এটা কাৰ্য উৎপাদন কৰিবৰ বাবে তাত বহুতো কাৰণ যুক্ত হৈ থাকে। এনে জটিল কাৰ্য কোনো এটা কাৰণে অকলে সম্পাদন কৰিব নোৱাৰে। একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো জটিল কাৰ্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। 

        আনহাতে, সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে। উদাহৰণস্বৰূপে, এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহুত কেইজন খেলুৱৈৰ প্ৰচেষ্টাৰ দৰকাৰ। 

(গ) অনুকূল আৰু প্ৰতিকূল উপকাৰ।

উত্তৰঃ- যি উপকাৰণৰ সহায়ত কাৰ্যটো ঘটে তাক অনুকূল উপকাৰণ বোলে। অনুকূল উপকাৰণৰ উপস্থিতিত কাৰ্যটো ঘটে। 

        যি উপকাৰণৰ সহায় অবিহনে কাৰ্যটো ঘটে তাক প্ৰতিকূল উপকাৰণ বোলে। প্ৰতিকূল উপকাৰণৰ অনুপস্থিতিতহে কাৰ্যটো ঘটে। প্ৰতিকূল উপকাৰণে কাৰ্য উৎপাদনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। 

        অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিতহে কোনো এটা কাৰ্য সংঘটিত হয়। উদাহৰণস্বৰূপে, চাদৰ পৰা পৰি মিস্ত্ৰীজনৰ মৃত্য়ু হোৱাৰ ক্ষেত্ৰত চাদৰখনৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত দুখ পোৱা আদিবোৰেই হ'ল অনুকূল উপকাৰণ। আনহাতে, তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্য়ক্তিৰ পৰা পোৱা সহায়, সু-চিকিৎসা পোৱা ইত্য়াদিবোৰ হ'ল প্ৰতিকূল উপৰকাৰণ। 

৫। কাৰণ সংজ্ঞা দিয়া । কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ বৰ্ণনা কৰা । 

উত্তৰঃ- কাৰণ হ'ল কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্য়ৱহিত ঘটনা। কাৰণ চাৰি প্ৰকাৰৰ। কাৰণৰ ভাগসমূহ হ'ল ー উপাদান কাৰণ, আকাৰগত কাৰণ, মিনিত্ত কাৰণ আৰু পৰিমাণ বা উদ্দেশ্য় কাৰণ।

        কাৰণৰ গুণগত লক্ষণসমূহ হ'ল 一

(i) কাৰণ আৰু কাৰ্য পৰস্পৰ নিৰ্ভশীল।

(ii) কাৰণ আৰু কাৰ্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা।

(iii) কাৰণ আৰু কাৰ্যৰ পূববৰ্তী ঘটনা।

(iv) কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, পূৰ্ববৰ্তী ঘটনা।

(v) কাৰণ কাৰ্যৰ নিয়ত, পূৰ্ববৰ্তী ঘটনা।

(vi) কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্য়ৱহিত পূৰ্ববৰ্তী ঘটনা।

        কোনো কাৰণৰ পৰিমাণগত চিন নিৰ্ভৰ কৰে নিৰ্দিষ্ট পৰিস্থিতিৰ ওপৰত। কিন্তু, ইয়াত সাধাৰণতে ইয়াৰ লগত কি জড়িত থাকে তাৰ এটা বিভাজন দিয়া হ'ল  一

(i) জুখিব পৰা পৰিৱৰ্তনঃ- বস্তুনিষ্ঠভাৱে জুখিব পৰা সংখ্যা বা পৰিমাণৰ পৰিৱৰ্তন বিচাৰক। এইটো এনেকুৱা কথা হ'ব পাৰে  ㅡ

হাৰ বৃদ্ধি/হ্ৰাস (যেনে, সংক্ৰমণৰ হাৰ, বিক্ৰীৰ পৰিসংখ্যা)

পৰিমাণৰ পৰিৱৰ্তন (যেনে, তথ্যৰ স্তৰ, ৱেবছাইটৰ ট্ৰেফিক)

শতাংশৰ পৰিৱৰ্তন (যেনে, গ্ৰাহকৰ সন্তুষ্টিৰ স্ক'ৰ, পণ্যৰ দোষৰ হাৰ)

(ii) সম্পৰ্কঃ- জুখিব পৰা কাৰক আৰু সম্ভাৱ্য কাৰণৰ মাজৰ সম্পৰ্ক চিনাক্ত কৰা। উদাহৰণস্বৰূপে, উষ্ণতা বৃদ্ধি (পৰিমাণগত) আইচক্ৰীমৰ বিক্ৰী বৃদ্ধিৰ সৈতে সম্পৰ্কিত হ’ব পাৰে (আন এটা পৰিমাণগত কাৰক), যিয়ে গৰম বতৰ আৰু আইচক্ৰীম খোৱাৰ মাজত কাৰণ-প্ৰভাৱৰ সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰে।

৬। কাৰণৰ পাচঁটা গুণগত লক্ষণ উল্লেখ কৰা । 

উত্তৰঃ কাৰণৰ গুণগত লক্ষণসমূহ হ'ল 一

(i) কাৰণ আৰু কাৰ্য পৰস্পৰ নিৰ্ভশীল।

(ii) কাৰণ আৰু কাৰ্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা।

(iii) কাৰণ আৰু কাৰ্যৰ পূববৰ্তী ঘটনা।

(iv) কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, পূৰ্ববৰ্তী ঘটনা।

(v) কাৰণ কাৰ্যৰ নিয়ত, পূৰ্ববৰ্তী ঘটনা।

(vi) কাৰণ কাৰ্যৰ চৰ্তহীন, নিয়ত, অব্য়ৱহিত পূৰ্ববৰ্তী ঘটনা।


Answered by 一 Sri Mampi Kakati


**********


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)