পাঠ ১০
আমাৰ চৌপাশৰ বস্তুবোৰ
👉Text Books PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Answer
1. শুদ্ধ উত্তৰটো কি হ'ব লিখা।
i ) এবিধ অর্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ'ল—
a ) বায়ু
b) কাঁচ
c) তৈল কগজ
d) কাগজ
উত্তৰঃ তৈল কগজ।
ii ) এবিধ পানীত অদ্ৰৱণীয় পদার্থৰ উদাহৰণ হ'ল—
a) গ্লুক'জ
b ) বালি
c ) চেনি
d) নিমখ
উত্তৰঃ বালি।
iii ) ঘৰত ব্যৱহাৰ কৰা কাপ-প্লেট সাধাৰণতে কি পদার্থৰে নির্মিত
a ) চেৰামিক
b) কাঁচ
c ) ষ্টিল
d) লো
উত্তৰঃ চেৰামিক।
2. এবিধ সামগ্রী কি কামত ব্যৱহৃত হ'ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখা ।
উত্তৰঃ পদাৰ্থৰ ধৰ্ম অনুসৰি সামগ্ৰীবিধ কি কামত ব্য়ৱহৃত হ'ব সেয়া নিৰ্ধাৰণ কৰা হয়।
3. কাঠেৰে নির্মিত ছয়বিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ কাঠেৰে নিৰ্মিত ছয়বিধ বস্তুৰ নাম হৈছে -
(১) বিছনা।
(২) চকী।
(৩) মেজ।
(৪) পিৰা।
(৫) দুৱাৰ।
(৬) আলমাৰী।
4. প্ৰতিটো থূপত থকা নিমিলা বস্তুবিধ বাছি উলিওৱা ।
a) মিছিৰি, নিমখ, চেনি, গ্লুক’জ
উত্তৰঃ মিছিৰি।
উত্তৰঃকাঠ।
উত্তৰঃ শিলগুটি।
উত্তৰঃ কাগজ।
উত্তৰঃ বাল্টি।
উত্তৰঃ চকৰ গুড়ি।
5. তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে। কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত লিখা-
বস্তু |
পদাৰ্থ |
কিতাপ
|
কাগজ |
চকী |
কাঠ |
কাঁহী
|
ষ্টিল |
গজাল |
আইৰণ |
বাল্টি |
প্লাষ্টিক |
আয়ানা |
কাঁচ |
6. কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা।
a) লো-ৰ জ্যোতি নাই; তোমাৰ বহীখনৰ জ্যোতি আছে।
উত্তৰঃ অসত্য়।
b) এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। বস্তুটোত পোহৰ পৰিলে ছাঁৰ সৃষ্টি হ'ব।
উত্তৰঃ সত্য়।
c) সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিমজ নহয়।
উত্তৰঃ সত্য়।
d) কলগছ আৰু কাঠ পানীত ওপঙে।
উত্তৰঃ সত্য়।
e) গ্লুক'জ পানীত দ্ৰৱীভূত নহয়।
উত্তৰঃ অসত্য়।
f) স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায়।
উত্তৰঃ সত্য়।
7. জ্যোতি কাক বোলে?
উত্তৰঃ চিকমিকিয়া ধৰ্মটোক জ্যোতি বোলা হয়।
8. স্বচ্ছ পদাৰ্থ মানে কি? স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যি বস্তু বা পদাৰ্থৰ মাজেৰে আমি দেখা পাওঁ তাকে স্বচ্ছ পদাৰ্থ বোলে। যেনে- বায়ু, পানী, সাধাৰণ প্লাষ্টিক, কাঁচ আদি।
9. অস্বচ্ছ পদাৰ্থ মানে কি? অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যি পদাৰ্থৰ মাজেৰে আমি নেদেখো তাকে অস্বচ্ছ পদাৰ্থ বোলে। যেনে- কাগজ।
- Hiru Moni Bora
Check by - Mukesh Borah
Post ID : DABP006012