বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা | Lesson 9 | Class 6 New Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ৯
বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা
👉Text Books PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQ Answer
1) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
i) বায়ুত থকা গেছৰ সংখ্যা হ'ল-
a. এবিধ
b. তিনিবিধ
c. কেইবাবিধ
d. এটাও নহয়
উত্তৰঃ কেইবাবিধ।
ii) বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ হ'ল-
a. অক্সিজেন
b. নাইট্ৰজেন
c. কাৰ্বন-ডাই-অক্সাইড
d. জলীয়বাষ্প
উত্তৰঃ নাইট্ৰজেন।
iii) বায়ুত থকা উপাদান হ'ল-
a. অক্সিজেন
b. নাইট্ৰজেন
c. ধূলি আৰু ধোঁৱা
d. গোটেইবোৰ
উত্তৰঃ গোটেইবোৰ
iv) উদ্ভিদে সালোকসংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ'ল-
a. নাইট্ৰজেন
b. অক্সিজেন
c. কাৰ্বন-ডাই-অক্সাইড
d. এটাও নহয়
উত্তৰঃ কাৰ্বন ডাই অক্সাইড।
v) জীৱৰ শ্বসনত ব্যৱহৃত গেছবিধ হ'ল-
a. অক্সিজেন
b. কাৰ্বন ডাইঅক্সাইড
c. নাইট্ৰজেন
d. এটাও নহয়
উত্তৰঃ অক্সিজেন।
vi) কেঁচুৰ শ্বাস-অংগবিধ হ'ল-
a. নাক
b. কাণ
c. ছাল
d. হাঁওফাঁও
উত্তৰঃ ছাল।
vii) তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰে উশাহ লয়?
a. ডলফিন
b. মাছ
c. কেঁকোৰা
d. শিহু
উত্তৰঃ ডলফিন।
2. স্তম্ভ A আৰু B মিলোৱাঃ
স্তম্ভ
A |
স্তম্ভ
B |
অক্সিজেন |
21 % |
নাইট্ৰ’জেন |
78 % |
মাছ |
ফুল |
ভেকুলী |
উভচৰ |
ধোঁৱা |
প্ৰদূষক |
উত্তৰঃ বায়ুৰ চাৰিবিধ প্রয়ােজনীয়তা হৈছে -
(i) সকলো জীৱকে উশাহ ল'বলৈ বায়ুৰ প্ৰয়োজন।
(ii) বিভিন্ন ধৰণৰ উদ্ভিদৰ বীজ আৰু ফুলৰ ৰেণু উৰি ফুৰাত বায়ুৱে সহায় কৰে।
(iii) জুই জ্বলাবলৈ বায়ুৰ প্ৰয়োজন হয়।
উত্তৰঃ জীৱজগতৰ বাবে অপকাৰী পদাৰ্থ কিছুমান বেছি পৰিমাণে বায়ুমণ্ডলত মিহলি হোৱাকে বায়ু প্ৰদূষণ বোলে। বায়ু প্ৰদূষণৰ কেইটামান কাৰণ হ'ল-
(১) কল-কাৰাখানাৰ পৰা ওলোৱা ধোঁৱা।
(২) যান-বাহনৰ পৰা ওলোৱা ধোঁৱা।
(৩) উদ্যোগৰ পৰা ওলোৱা ধোঁৱা।
(৪) ৰান্ধনি ঘৰৰ পৰা ওলোৱা ধোঁৱা।
উত্তৰঃ চূণৰ এটা টুকুৰা এগিলাছ পানীত জুবুৰিয়াই দিলো। চামুচ এখনেৰে মিশ্ৰটো ঘুঁটি দিব লাগিব। প্লাষ্টিকৰ বটল এটাৰ সাঁফৰখনৰ দুটামান সৰু ফুটা কৰি বটলটো মাজত কাটি দিলো। এতিয়া সাঁফৰখন বটলৰ টুকুৰাটোত লগাই ললো। সাঁফৰৰ ফুটা কেইটা ঢাক খোৱাকৈ কিছু তুলা দিব লাগিব। কটা বটলটো ওলোটাকৈ ধৰি ললো।গিলাছৰ মিশ্ৰটো বটলটোত লাহে লাহে ঢালি দিলো। ইয়াৰ আগতে সাঁফৰৰ ঠিক তলত কাচৰ গিলাচ এটা ৰাখিব লাগিব।গিলাচটোত ফটফটীয়া পানী জমা হ'ব। এইয়ে হ'ল চূণপানী। এডাল ষ্টৰ (বা ৰিফিন নথকা বল পেনৰ) এটা মূৰ চূণপানীখিনিত বুৰাই দিয়া হ'ল।আনটো মূৰেদি পানীখিনিত ফুকি থাকিব লাগিব। ফু দিওঁতে দেহৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছো ওলায়। এই কাৰ্বন-ডাই-অক্সাইড গেছে চূণপানী খিনি ঘোলা কৰিছে। ইয়ে প্ৰমাণিত কৰিলে যে বায়ুত কাৰ্বন-ডাই-অক্সাইড আছে।
উত্তৰঃ এই পদাৰ্থৰ পত্ৰহৰিৎৰ সহায়ত সূৰ্য্যৰ পোহৰৰ উপস্থিতিত বায়ুৰপৰা লোৱা কাৰ্বন-ডাই-অক্সাইড আৰু মাটিৰ পৰা পানী শুহিলৈ গছৰ পৰা খাদ্য প্ৰস্তুত হয়। এই প্ৰক্ৰিয়াটোকে সালোক-সংশ্লেষণ বোলে।
উত্তৰঃ জীৱই বায়ুমণ্ডলৰ পৰা বায়ু গ্ৰহণ কৰে। ইয়াৰ পৰা প্ৰয়োজনীয় অক্সিজেন খিনি শ্বাসতন্ত্ৰই গ্ৰহণ কৰে আউ কাৰ্বন-ডাই-অক্সাইড গেছখিনি বাহিৰ কৰি দিয়ে। স্তন্য পায়ী প্ৰাণীয়ে হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। উভচৰ প্ৰাণীবোৰে নাকেৰে উশাহ-নিশাহ লয়। এই অংগবোৰক ফুল বুলি কোৱা হয়। চৰাই-চিৰিকতি বোৰৰ ঠোঁটৰ ওপৰৰ ফালে দুটা সৰু ফুটা থাকে। এই ফুটা দুটাৰ মাজেৰে বায়ু ওলোৱা সোমোৱা কৰে।
উত্তৰঃ বায়ুমণ্ডললৈ অক্সিজেন গেছ উদ্ভিদৰ পৰা আহে।
উত্তৰঃ পৰীক্ষাটোৰ বাবে এটা বটল আৰু এটা চৰিয়া বা বাটি লোৱা হ'ল। চৰিয়াটোত পানী ভৰাই লোৱা হ'ল। এতিয়া বটলটো তলমুৱাকৈ জুবুৰিয়াই পানী ভৰাবলৈ চেষ্টা হ'ল। বটলটোৰ ভিতৰত পানী সোমোৱা নাই। এতিয়া বটলটো অলপ হেলনীয়াকৈ পানীৰ তলতৈ ঠেলি দিয়া হ'ল। বটলটোৰ মুখেদি বুৰবুৰণিৰ আকাৰত বায়ু ওলাইছে। বটলটোৰ ভিতৰত পানী সোমোৱা দেখা গৈছে। ইয়াৰ পৰা গম পোৱা গল যে খালী যেন লগা বটলৰ ভিতৰত বায়ু থাকে।
উত্তৰঃ পৰীক্ষাটোৰ বাবে ত্ৰিপদী ষ্টেন্দৰ ওপৰত কাঁচৰ বাটি এটাত পানী দি গৰম কৰা হ'ল। পাত্ৰটোৰ তলিভাগ ভালদৰে মন কৰিলে পানীৰ কিছুমান বুৰবুৰণি দেখা পোৱা যায়।পানী খিনি বেছি গৰম কৰিলে এইবোৰ ওপৰলৈ উঠি আহে। প্ৰথমতে সৰু সৰু বুৰবুৰনিবোৰ হৈছে পানীত থকা বায়ু। উষ্ণতা বাঢ়িলে পানীৰ লগত মিহলি হৈ থকা বায়ু বাহিৰলৈ ওলাই আহে।পানীখিনি বেছিকৈ গৰম কৰি ৰাখিলে তৰল অৱস্থাৰ পৰা ভাপলৈ পৰিৱৰ্তিত হয়। ইয়াৰ পৰা বুজা যায় যে বায়ুত জলীয় বাষ্প থাকে।
উত্তৰঃ পৰীক্ষাটোৰ বাবে এটা গিলাচ আৰু শুকান মাটিৰ চপৰা লোৱা হ'ল। চপৰাটো বুৰ খোৱাকৈ পানী ঢালি দিয়া হ'ল।পানি ঢালি দিয়াৰ পিছত চপৰাটোৰ পৰা বুৰবুৰনি সৃষ্টি হয়। কাৰণ মাটিত বায়ু সোমাই থাকে। আচলতে মাটিৰ মাজত কিছুমান খালী ঠাই থাকে আৰু সেই ঠাইত বায়ু সোমাই থাকে। পানী ঢলাৰ লগে লগে ছিদ্ৰবোৰত পানী সোমাই যায়। ফলত বায়ুখিনি বুৰবুৰনি আকাৰে বাহিৰ ওলাই আহিল।ইয়াৰ পৰা জানিব পাৰো যে মাটিত বায়ু সোমায় থাকে।
(১) অক্সিজেনঃ বায়ুৰ প্ৰায় চাৰি ভাগৰ এভাগ অক্সিজেন অৰ্থাৎ 21% থাকে। অক্সিজেন গেছে জুই জ্বলাত সহায় কৰে। প্ৰাণী আৰু উদ্ভিদৰ শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰা হয়।
(২) নাইট্ৰজেনঃ বায়ুমণ্ডলৰ প্ৰায় চাৰি ভাগৰ তিনিভাগেই হৈছে নাইট্ৰজেন অৰ্থাৎ ই 78% থাকে।
(৩) কাৰ্বন-ডাই-অক্সাইডঃ বায়ুমণ্ডলত অতি কম পৰিমাণে (0.03%) কাৰ্বন-ডাই-অক্সাইড থাকে। জীৱই নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে। প্ৰাণী আৰু উদ্ভিদৰ বস্তু জ্বলালেও কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে।
(৪) জলীয় বাষ্পঃ সূৰ্যৰ তাপত নদী, হ্ৰদ, সাগৰ, মহাসাগৰ আদিৰ পানী বাষ্পীভূত হয়। এই বাষ্পীভূত পানীবোৰেই জলীয় বাষ্প হিচাপে মিহলি হয়।
(৫) ধূলিকণা আৰু ধোৱাঃ বায়ুত কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা উৰি ফুৰে। এইবোৰেই লাহে লাহে বস্তুবোৰৰ ওপৰত জমা হয়। যান-বাহন, কল-কাৰখানা, জুই আদিৰ পৰা ওলোৱা ধোৱা বায়ুৰ লগত মিহলি হয়। ফলত জীৱ-জন্তুবোৰ আৰু মানুহৰে ক্ষতিকাৰক হয়।উশাহত এই ধূলিকণাবোৰ আমাৰ দেহত প্ৰৱেশ কৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হ'ব পাৰোঁ।
e) বায়ুত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড গেছৰ সমতা কেনেদৰে বৰ্তি থাকে ব্যাখ্যা কৰা।
উত্তৰঃ বহু যুগ ধৰি বায়ুমণ্ডলত অক্সিজেনৰপৰিমাণ একে আছে।তেনেদৰে কাৰ্বন-ডাই-অক্সাইডৰো পৰিমাণ একেই আছে। অৰ্থাৎ বায়ুমণ্ডলত গেছ দুবিধৰ ভাৰাসাম্য ৰক্ষা হৈ আছে। অক্সিজেনৰ পৰিমাণ কমিলে জীৱ জীয়াই থকা টান হ'ব। কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িলেও বহুত বিপদ হ'য়। সেয়ে গেছ দুবিধৰ ভাৰাসাম্য ৰক্ষা হৈ থাকিব লাগিব। উদ্ভিদে সালোক-সংশ্লেষণত কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰে আৰু অক্সিজেন উৎপন্ন কৰে। আনহাতে প্ৰাণী আৰু লগতে উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰে।গতিকে বায়ুমণ্ডলত সেই দুবিধ গেছৰ ভাৰাসাম্য উদ্ভিদে ৰক্ষাৰ কৰিছে।
f) বৰষুণ দিলে কেঁচুবােৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু?
উত্তৰঃ মাটিৰ মাজত বায়ু সোমাই থাকে। সেই বায়ুখিনিয়েই কেঁচুবোৰে ছালেৰে গ্ৰহণ কৰে। অৰ্থাৎ কেঁচুৱে গাৰ ছালেৰে উশাহ লয়। ধাৰাসাৰ বৰষুণ দিলে কেঁচুবোৰ বাহিৰলৈ ওলাই আহে। কাৰণ বৰষুণৰ পানীয়ে মাটিত সোমাই থকা বায়ুৰ ঠাইত সোমায় ফলত বায়ুযখিনি ওলাই যায়। বায়ু নোহোৱাৰ বাবে কেঁচুবোৰ বাহিৰলৈ ওলাই আহিবলগীয়া হয়।
- Hiru Moni Bora
Post ID : DABP002290