পুৰনি অসমৰ চিত্ৰকলা | পাঠ ১৪ | Lesson 14 | Class 8 Assamese AJB | Assam Jatiya Bidyalaya Class 8 Assamese Notes Answer | জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ | Download Free question Answer Jatiya Bidyalaya |
পাঠ ১৪
পুৰণি অসমৰ চিত্ৰকলা
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
👉MCQ Online Exam
👉MCQs Answer
১। একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) চিত্ৰকলাৰ ভাগবােৰ কি কি?
উত্তৰঃচিত্ৰকলাৰ ভাগবোৰ হ'ল স্থিৰ চিত্ৰ, নৈসৰ্গিক চিত্ৰ, প্ৰতিকৃত ইত্য়াদি।
খ) 'হর্ষচৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ 'হর্ষচৰিত’ বাণভট্ৰই ৰচনা কৰিছিল।
গ) শ্ৰী মন্ত শংকৰদেৱে সাত বৈকুণ্ঠৰ পট কিয় আঁকিছিল?
উত্তৰঃ শ্ৰী মন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ পট আঁকিছিল।
গ) পুথিচিত্র মানে কি?
উত্তৰঃ পুথিচিত্ৰ বুলিলে সাধাৰণতে পুথিত অৰ্থাৎ কিতাপত অঁকা চিত্ৰকে চিত্ৰকেই বুজা যায়।
ঙ) পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্র ক’ত আঁকিছিল?
উত্তৰঃ পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্র সাঁচিপাতত আঁকিছিল।
চ) চিহ্নযাত্রা কি?
উত্তৰঃ চিহ্নযাত্ৰা হৈছে শ্ৰী মন্ত শংকৰদেৱৰ ৰচিত প্ৰথমখন নাট। ই সংলাপবিহীন আছিল।
ছ) খাওন্দ আৰু বৈৰাগীসকলে কোন ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল?
উত্তৰঃ খাওন্দ আৰু বৈৰাগীসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল।
জ) অসমৰ ধৰ্মীয় চিত্রকলা কাৰ পৃষ্ঠপােষকতাত গঢ়ি উঠা চিত্রকলা?
উত্তৰঃ অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ পৃষ্ঠপােষকতাত গঢ়ি উঠা চিত্রকলা।
২। চমু উত্তৰ লিখাঃ
ক) শংকৰদেৱৰ হাতত চিত্রকলাই কেনেদৰে বিকাশ লাভ কৰিছিল?
উত্তৰঃ মহা পুৰুষ শ্ৰী মন্ত শংকৰদেৱ এজন সুনিপুন চিত্ৰশিল্পী আছিল।তেওঁৰ দিনতে অসমৰ চিত্ৰকলাই এটা স্বকীয়ৰূপ পৰিগ্ৰহ কৰিছিল।
খ) ধর্মীয় চিত্রকলাসমূহৰ প্রধান বিষয় আৰু উদ্দেশ্য কি আছিল?
উত্তৰঃ অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ নিজা সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰসমূহত চৰ্চিত হৈছিল আৰু সত্ৰৰ পৃষ্ঠপোষকতাতে পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। দর্শকৰ মনত কলানুভূতি জগাই তোলা ধর্মীয় পুথি চিত্ৰসমূহৰ উদ্দেশ্য নাছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্ৰশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্ৰয়োগ, একাষৰীয়াকৈ অঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্রধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্ৰকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্ৰকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্রতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক'লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
গ) অসমতাে যে চিত্রকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ আছিল সেই কথা ক'ৰ পৰা অনুমান কৰিব পাৰি?
উত্তৰঃ অসমৰ চিত্ৰকলা এটা পৰম্পৰা প্ৰচলিত হৈ থকা কথাটো পুথিচিত্ৰৰ পৰা অনুমান কৰিব পাৰি।
ঘ) অসমৰ চিত্রশিল্পৰ লগত বাহিৰৰ ৰাজ্যৰ কি কি শৈলীৰ সম্বন্ধ আছে? এই চিত্রশৈলী অসমলৈ কোনে আৰু কেতিয়া আমদানি কৰিছিল?
উত্তৰঃ মোগল আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে। অসমৰ চিত্ৰকলাৰ উন্নতিত সেই ঠাইৰ শিল্পকলা অসমলৈ অনাৰ কাৰণে খাওন্দ আৰু বৈৰাগী নামৰ এই দুই বিষয়াই অৰিহণা যোগাইছিল। এই বিষয়াসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্রশিল্পী অসমলৈ অনাইছিল। এওঁলোকৰ প্ৰভাৱ অসমৰ ৰজাঘৰীয়া পুথি চিত্ৰত দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত ৰজাঘৰীয়া চিত্ৰকলা অসমৰ ধৰ্মীয় পুথিৰ চিত্ৰকলাতকৈ পৃথক হৈ পৰিল। ইয়াৰ পিছৰপৰাই অসমৰ পুথি চিত্রকলা দুই ভাগত বিভক্ত হৈ পৰিছিল 一 ৰজাঘৰীয়া ধৰ্মনিৰপেক্ষ চিত্ৰকলা আৰু ধৰ্মীয় চিত্রকলা।
ঙ) লতাবছা পুথি বুলিলে কি বুজা? লতাবছা পুথিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পুথিত পাতখিলাৰ চাৰিওকাষে লতাফুল অঁকা হয়, সেইবোৰ পুথিক 'লতাবছা' পুথি বুলি কোৱা হয়। লতাবছা পুথিৰ দুটা উদাহৰণ হৈছে 一 'ভক্তি ৰত্নাৱলী' আৰু 'ৰাধাহৰণ'।
চ) ৰজাঘৰীয়া চিত্রকলাৰ কেইটিমান নিদর্শন দিয়া।
উত্তৰঃ ৰজাঘৰীয়া চিত্রকলাৰ কেইটিমান নিদর্শন 一 'গীতগোবিন্দ', 'হস্তীবিদ্য়াৰ্ণৱ', 'দৰং ৰাজবংশাৱলী', 'শঙ্খচূড় বধ', 'কুমৰ হৰণ', 'আনন্দলহৰী', আদি।
৩।
ক) চিত্রকলা মানে কি বুজাই লিখা।
উত্তৰঃ চিত্ৰকলা হ’ল ৰং - ৰেখা আৰু ছাঁ-পোহৰৰ খেল। ৰং-ৰেখা আৰু ছাঁ-পোহৰৰ খেলৰ সমন্বয়ত যেতিয়া পেঞ্চিল, তুলিকা আদিৰে পটত বোলাই আৰু বিভিন্ন দৃশ্য বা বস্তু অংকন কৰা হয়, তেতিয়াই একোখন চিত্ৰৰ সৃষ্টি হয়। মানুহ সৌন্দৰ্য্যপিয়াসী জীৱ। এই সৌন্দৰ্য্যপিয়াসী মানুহে অতীজৰে পৰাই মানুহক চিত্ৰকলাৰ জগতলৈ আকৰ্ষণ কৰি আহিছে। সেয়েহে, কলাজগতৰ মূল আধাৰই হৈছে সৌন্দৰ্য্য। স্থিৰচিত্র, নৈসর্গিক চিত্র, প্রতিকৃতি আদি চিত্ৰকলাৰ ভিন ভিন ভাগ। সেইদৰে ৰং, ৰেখা, ছাঁ, পোহৰ আদি চিত্ৰকলাৰ অপৰিহাৰ্য্য উপাদান। ইতিহাস হ’ল এক সপাচীন ইতিহাস।
খ) পুৰণি অসমৰ চিত্ৰকলাৰ প্রধান উৎসবােৰ কি কি?
উত্তৰঃপুৰণি অসমৰ চিত্ৰকলাৰ প্ৰধান উৎসবোৰ হ'ল-তামৰ ফলি,হিলালিপি,অসমৰ ৰচিত ধৰ্ম সংস্কৃত গ্ৰন্থ,বিদেশীৰ ভ্ৰমন কাৰীৰ টোকা ইত্য়াদি।
৪) চমু টোকা লিখা
ক) ধর্মীয় চিত্রকলাঃ অসমৰ ধৰ্মীয় চিত্রকলা সত্ৰসমূহৰ সৃষ্টি। এই ধাৰাৰ চিত্ৰ সত্ৰৰ পৃষ্ঠপোষকতাত পোনপটীয়াকৈ গঢ়ি উঠিছিল। জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা দিয়াই এই চিত্ৰকলাৰ ঘাই বিষয় আছিল। এই প্রাচীন চিত্রশৈলীত পাল চিত্ৰশৈলীৰ প্ৰভাৱ আছিল। ধর্মীয় চিত্রকলা আছিল অনাড়ম্বৰ আৰু সহজ-সৰল। কাঠৰ সিংহাসন, দোলা, খাটোলা, কৰণি, পেৰা, বৰপেৰা আদিৰ চিত্ৰত এই ধাৰাৰ চিত্ৰশৈলী ব্যৱহাৰ হৈছিল। সৰল বলিষ্ঠ ৰেখাৰ ব্যৱহাৰ, ডাঠ ৰঙৰ প্ৰয়োগ, একাষৰীয়াকৈ অঁকা মুখ, বহাৰ ভংগী, অস্বাভাৱিক গছ-লতাৰ অংকন এই চিত্রধাৰাৰ বৈশিষ্ট্য। অসমৰ ধৰ্মীয় চিত্ৰকলা লোককলাৰ অন্তৰ্গত হোৱাৰ কাৰণে এই ধাৰাৰ চিত্ৰকলাই জনসাধাৰণৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। এই ধাৰাৰ সকলো ছবিৰ গঢ় চেপেটা। ইয়াত ক’তো মানুহৰ প্রতিকৃতি অংকনৰ চেষ্টা দেখা নাযায়। চিত্ৰবোৰৰ মাজত চিত্ৰকৰৰ শিশুসুলভ সৰলতা ফুটি উঠা দেখা যায়। তেজীৰঙা, নীলা, বগা, সেউজীয়া, ক'লা আৰু ইটাগুৰীয়া ৰং ইয়াৰ মুখ্য ৰং আছিল।
খ) সাঁচিপাতঃ সাচি এবিধ মূল্য়বান গছ । মহাপুৰুষ শংকৰদেৱে এই সাঁচিগছৰ বাকলিত লিখিবলৈ আৰম্ভ কৰিছিল।সেইসময়ত কাগুৰ কাম কৰিছিল এই সাঁচিগছৰ বাকলিয়ে।পুৰণি অসমৰ চিত্ৰকৰ সকলে বেছিভাগ চিত্ৰ সাংচিপাতত আঁকিছিল।ছবি অঙ্কনৰ বাবে সাঁচিপাত অকল অসমতে ব্য়ৱহাৰ হৈছিল।
গ) চিহ্নযাত্রাঃ চিহ্নযাত্ৰা হৈছে শ্ৰীশংকৰদেৱৰ ৰচিত প্ৰথমখন নাট। এই নাটখন সংলাপবিহীন আছিল। চিহ্নযাত্ৰাত অঙ্কীয়া নাটৰ সকলোবোৰ লক্ষণ বিৰাজমান।
ঘ) ৰজাঘৰীয়া চিত্রকলাঃ ৰজাঘৰীয়া চিত্রকলা ধর্মীয় চিত্রকলাতকৈ পৃথক। ৰজাঘৰীয়া চিত্ৰকলাই ৰজা, ৰাজকোৱৰৰ উপৰিও ৰজাৰ কুঁৱৰীসকলৰো পৃষ্ঠপোষকতা লাভ কৰিছিল। এই শ্রেণীৰ চিত্ৰকলাৰ নিদর্শন ‘হস্তীবিদ্যার্ণৱ’, ‘গীতগোবিন্দ’, দৰং ৰাজবংশাৱলী, শংখচূড় বধ, কুমৰ হৰণ, আনন্দলহৰী আদি পুথি। এই ধাৰাৰ চিত্ৰকলাত কাব্য, আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিত্ৰিত হৈছিল। ৰজাঘৰীয়া পুথিচিত্ৰত দৰ্শকৰ মনত কলানুভূতি জগাই তোলাৰ চেষ্টা দেখা গৈছিল। ৰজা-ৰাণীৰ প্রতিকৃতি অংকন ৰজাঘৰীয়া চিত্ৰকলাৰ এটা লক্ষ্যণীয় দিশ আছিল। এই ধাৰাৰ অংকনৰীতি বাস্তৱধৰ্মী, অংকন অতি সূক্ষ্ম আৰু অতুলনীয় আছিল। সাধাৰণতে উজ্জ্বল ৰঙা, ৰঙা, ক’লা, হালধীয়া, নীলা, ইটাগুৰীয়া ৰঙৰ উপৰিও গুলপীয়া, আকাশী নীলা, পাতল সেউজীয়া ৰঙৰো ব্যৱহাৰ ৰজাঘৰীয়া পুথিচিত্ৰত কৰা হৈছিল।
ঙ) হস্তীবিদ্যার্ণৱঃ অসমীয়া হাতেলিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তীবিদ্য়াৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ। এই পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুুকুমাৰ বৰকাথে ১৬৫৬ শকত অৰ্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে। এই পুথিৰ বিষয়বস্তু হৈছে বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য়, যাত্ৰা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য় ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতী শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য় হোৱাৰ মন্ত্ৰ।
৫। ৰজাঘৰীয়া চিত্রকলা আৰু ধর্মীয় চিত্রকলাৰ এটি তুলনামূলক আলচ যুগুত কৰা>
উত্তৰঃৰজাঘৰীয়া চিত্ৰকলা ধৰ্ম নিৰপেক্ষ আছিল।কিন্ত ধৰ্মীয় চিত্ৰকলা ধৰ্ম নিৰপেক্ষ নাছিল।প্ৰতিকৃতি অঙ্কনত ৰজাঘৰীয়া চিত্ৰকলাত যেনেদৰে ব্য়ৱহাৰ কৰিছিল।ধৰ্মীয় চিত্ৰকলাত সেইদৰে ৰঁ ব্য়ৱসাৰ কৰা লাছিল।ৰজাঘৰীয়া চিত্ৰকলাত প্ৰধান উদ্দেশ্য় আছিল মনত আনন্দ প্ৰদান কৰা কিন্ত ধৰ্মীয় চিত্ৰকলাৰ প্ৰধান উদ্দেশ্য় আছিল জনসাধাৰণক নৈতিক শিক্ষা দিয়া।
৬। 'পুৰণি অসমৰ চিত্রকলা' এই শীর্ষক এখনি ৰচনা লিখা ।
উওৰ ঃ
পুৰণি অসমৰ চিত্রকলা
সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল।সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল। সেই চিত্ৰসমূহ মূলতঃ দুটা শৈলীত ৰচনা কৰা হৈছিল, এটা ধৰ্মনিৰপেক্ষ ৰাজকীয় শৈলী আৰু আনটো হৈছে ধৰ্মমিশ্ৰিত সত্ৰীয়া শৈলী। এই ৰচনা শৈলী সম্পৰ্কে পণ্ডিত সুনীতিকুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰি গৈছে।পূৰ্ব ভাৰতৰ পুথিচিত্ৰৰ গৱেষণা কৰা পণ্ডিত ৰজতানন্দ দাশগুপ্তই পূৰ্বাঞ্চলৰ পুথিচিত্ৰক সাতোটা শৈলীত অন্তৰ্ভুক্ত কৰিছে।পিছে অসমৰ দৰে সৰু ঠাই এখনিত পোৱা কম সংখ্যক পুথিচিত্ৰক ইমান কেইটা শৈলীত বিভাজন কৰাৰ যুক্তি নাই বুলিও তেওঁ উল্লেখ কৰিছে। পুথিৰ মলাটৰ চিত্ৰক এটি সুকীয়া শৈলী ৰূপে স্বীকৃতি দিয়া ড॰ দাশগুপ্তই সত্ৰসমূহৰ বেৰ, চতি, খুটা আদিত অংকন কৰা চিত্ৰবোৰক আলোচনাৰ ভিতৰলৈ অনা নাই। কোনো কোনো সত্ৰৰ সিংহাসনসমূহবোৰতো ৰং-বিৰঙী চিত্ৰ অংকন কৰা হৈছে। সেইবোৰেও সত্ৰীয়া শৈলীৰে সমৃদ্ধ।
সত্ৰৰ খনিকৰসকলে সিংহাসন, পুথিৰ বাকচ, পুথিৰ বকলা, চতি-বেৰ প্ৰভৃতিত হেঙুল-হাইতালেৰে বোলাই যিবোৰ চিত্ৰ অংকন কৰিছিল, সেইবোৰক সত্ৰীয়া শৈলীৰ চিত্ৰ বুলিব পাৰি। এই শৈলীত অংকিত পুথিচিত্ৰৰ সংখ্যা ভালেমান আছে। তাৰ ভিতৰত চিত্ৰ-ভাগৱতৰ নাম প্ৰথমে উল্লেখনীয়। এইখন পুথিৰ মূল নগাঁও-বালিসত্ৰৰ তুলাপতীয়া পুথি। এই শৈলীৰ আন পুথিসমূহৰ ভিতৰত ১৭৬৫ খ্ৰীষ্টাব্দত ৰুচি বাপুৰ দ্বাৰা চিত্ৰিত কৰা দশম, দক্ষিণপাট সত্ৰত সংৰক্ষিত আদ্য দশম পুথি আৰু অজামিল উপাখ্যান, পুৰণি বুৰ্কাৰপৰা সংগ্ৰহ কৰি নি তেজপুৰৰ অসম চিত্ৰকলা সংগ্ৰহালয়ত সংৰক্ষণ কৰা ভাগৱতৰ ষষ্ঠ স্কন্ধ, শিৱসাগৰৰ কোনোবাখিনিত প্ৰাপ্ত সমুদ্ৰ মন্থন, লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত ৰখা দুখন ভাগৱত-পুৰাণ, ব্ৰহ্মদেশত থকা অষ্টমস্কন্ধ ভাগৱত আৰু গোৱালপাৰা-গোসাইবৰি সত্ৰত সংৰক্ষণ হৈ থকা সচিত্ৰ দশমৰ উপৰি পুৰথৰীয়া মাধৱ আতাসত্ৰৰ ৰঙালী কীৰ্তন, ঈশ্বৰ হাটী সত্ৰৰ কীৰ্তন, নবুৰ্কাসত্ৰৰ চিত্ৰ-কীৰ্ত্তন, মধুপুৰ সত্ৰৰ চিত্ৰ- কীৰ্তন, আইভেটি ন-সত্ৰৰ সচিত্ৰ পাৰিজাত হৰণ নাট, মংগলদৈ অঞ্চলত পোৱা অনাদি পাতন, নগাও-আঁহতগুৰিৰ সত্ৰ বিশেষত সংৰক্ষিত সচিত্ৰ ৰামায়ণ, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা ৰামায়ণ-সুন্দৰাকাণ্ড, উপেন্দ্ৰ নাথ লেখাৰুৱে সংৰক্ষণ কৰা তুলাপতীয়া লংকাকাণ্ড, বাৰেঘৰ সত্ৰৰ আধ্যাত্ম ৰামায়ণ, মায়াম দিনজয় সত্ৰৰ শ্ৰীভাগৱত মৎস চৰিত আৰু কুমৰ হৰণ, কামৰূপৰ ৰামপুৰ গাঁৱত প্ৰাপ্ত ভগৱৎ গীতা, নগাঁও কতিপাৰ সত্ৰৰ ভক্তি-বতাবলী, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা লৱ-কুশৰ যুদ্ধ আৰু কৰ্ণ পৰ্ব (১৮৪১ খ্ৰী), নগাঁও-চামুগুৰি সত্ৰত থকা নিমিনৱ-সিদ্ধ সংবাদ (২৯ আৰু ভক্তি-প্ৰদীপৰ নাম উল্লেখযোগ্য।
গড়গা শৈলীৰ আৰ্হিত চিত্ৰিত কৰা প্ৰখ্যাত পুথিবোৰ হ’ল - হস্তীবিদ্যাৰ্ণৱ, শংখচূড়বধ, ভাগৱত ষষ্ঠ স্কন্ধ (১৬৫৯ শক), ব্ৰিটিছ মিউজিয়ামত থকা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ব্ৰহ্মখণ্ডৰ পৰা দুৰ্গাৰামে কৰা সচিত্ৰ ৰূপ, ধৰ্ম পুৰাণ, কীৰ্তন-ঘোষা (এডিচনেল ১২২৩৪), বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত দৰঙীৰজা কৃষ্ণ নাৰায়ণৰ নাম উল্লেখ থকা অষ্টমস্কন্ধ, কবিৰাজ চক্ৰৱৰ্তীৰ গীত-গোৱিন্দ, শিৱসিংহৰ দিনত চিত্ৰিত আনন্দ লহৰী, দৰঙ্গ ৰাজবংসাৱলি, ঘনশ্যাম খাৰঘৰীয়া ফুকনৰ দ্বাৰা চিত্ৰিত কল্কি পুৰাণ আৰু নাজিৰাৰ বুধবৰীয়া সত্ৰত সংৰক্ষিত কুমৰ হৰণ আদি।দৰঙী চিত্ৰশৈলীৰ নিদৰ্শনৰ ভিতৰত তীৰ্থ কৌমুদী, তৃতীয় স্কন্ধ ভাগৱত, অষ্টম স্কন্ধ ভাগৱত আৰু চাহাপৰী উপাখ্যান প্ৰখ্যাত টাই-আহোম শৈলীৰ দুখনি তুলাপতীয়া পুথি পোৱা গৈছে – ফুং চিন (১৪৭৩ খ্ৰী.) আৰু চুক-টান্তা কিম্পং (১৫২৩ খ্ৰী.)। ওপৰত উল্লেখ কৰা পুথিৰ উপৰি আৰু বহুসংখ্যক সচিত্ৰ পুথি অসমৰ বিভিন্ন সত্ৰত সংৰক্ষিত হৈ আছে।
৭। ব্যাখ্যা কৰাঃ
ক ) ৰজাঘৰীয়া চিত্ৰকলাৰ অংকনৰীতি বাস্তৱধর্মী, অংকন অতি সুক্ষ্ম আৰু অতুলনীয় আছিল ।
উওৰঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি “আপোন পাঠ”ৰ অপৰাজিতা বৰাই ৰচনা কৰা পুৰণি অসমৰ চিত্ৰকলা’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
উক্ত কথাশাৰীৰ দ্ৱাৰা ৰজাঘৰীয়া চিত্ৰকলাৰ অংকন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে।
অসমত আহোম ৰজা সকলৰ দিনত ৰজাঘৰীয়া চিত্ৰকলা অংকন কৰিছিল। ৰজাৰ নাইবা ৰাজকোঁৱৰ আৰু ৰজা কুঁৱৰীসকলো পৃষ্ঠপোষকতা লাভ কৰি চিত্ৰকৰসকলে চিত্ৰকলা ৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাব পাৰিছিল। চিত্ৰকৰ সকলে কাব্য , আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিহ্নিত কৰি দৰ্শকৰ মনত কলা নুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ ৰজা- ৰাণীৰ প্ৰতিকৃতি অংকন কৰিছিল অতি সূক্ষ্ম আৰু বাস্তৱধৰ্মীকৈ । উজ্জ্বল ৰঙা, ৰঙা কলা, হালধীয়া, কলা, নীলা, ইটাগুৰিয়া, গুলপীয়া, আকাশী নীলা, আদি ৰং ব্যৱহাৰ কৰি পুথিচিত্ৰ ইমান সুন্দৰকৈ অংকন কৰিছিল যে ইয়াক কাৰো লগত তুলনা কৰিব পৰা নগৈছিল। অসমৰ ৰজাঘৰীয়া চিত্ৰকলাৰ সুন্দৰ বৰ্ণময় ইতিহাস আজিও দৰ্শকক আপ্লুত কৰে।
খ ) চিত্রকলা হ'ল ৰেখা , ৰং , ছা - পােহৰৰ খেল ।
উওৰঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি ” আপোন পাঠ’ৰ অপৰাজিতা বৰাই ৰচনা কৰা ‘পুৰণি অসমৰ চিত্ৰকলা’ নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।
উক্ত কথাশাৰীৰ দ্ৱাৰা চিত্ৰকলানো কি সেই বিষয়ে উল্লেখ কৰিব খুজিছে।
চিত্ৰকৰসকলে ৰং আৰু ৰেখাৰ জৰিয়তে চিএকলা বা ছবি অংকন কৰে। লেখনিৰ সহায়ত তুলনাপাতত ৰঙেৰে বুলাই অতি সুন্দৰ জীৱন্ত ছবি চিত্ৰকৰে আঁকি উলিয়াব পাৰে । চিত্ৰ অংকন সম্বন্ধে যাৰ অভিজ্ঞতা আছে আৰু হাতত তুলিকালৈ ছবি আঁকিব পাৰে তেওঁলোকে অনায়াসে ৰং আৰু ৰেখাৰ সহায়ত লগতে ছাঁ-পোহৰৰ সম্বন্ধয় দৰ্শকৰ আগত মনৰ ভাৱ ফুটাই তুলি অতি সুন্দৰ দৃশ্যপট দাঙি ধৰিব পাৰে। চিত্ৰকৰৰ মনত ই এটা সাধাৰণ খেল । মানুহে সুন্দৰৰ আৰাধনা কৰে। চিত্ৰকলাৰ জৰিয়তে সেই সৌন্দৰ্য সৰ্বসাধাৰণ মানুহৰ আগত দাঙি ধৰে।ৰং ৰেখা আৰু চা-পোহৰৰ জৰিয়তে চিত্ৰকৰে স্থিৰ চিত্ৰ,নৈসৰ্গিক চিত্ৰ, প্ৰাকৃতিক আদি অংকন কৰি সৰ্ব সাধাৰণ মানুহক আচৰিত কৰি দিব পাৰে।
গ) ধর্মীয় চিত্রকলা ৰজাঘৰীয়া চিত্রকলাতকৈ অনাড়ম্বৰ ।
উত্তৰঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ অপৰাজিতা বৰাই ৰচনা কৰা ” পুৰণি অসমৰ চিত্ৰকলা” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
উক্ত কথাশাৰীৰ দ্ৱাৰা ধৰ্মীয় চিত্ৰকলা আৰু ৰজাঘৰীয়া চিত্ৰকলাৰ মাজত থকা পাৰ্থক্যৰ কথা উল্লেখ কৰিছে।
বৈষ্ণৱ যুগৰ ধৰ্মীয় চিত্ৰকলা সত্ৰসমূহত সৃষ্টি হৈছিল। ধৰ্মীয় চিত্ৰকলা সমূহৰ মূল উদ্দেশ্য আছিল ই জনসাধাৰণক নৈতিক শিক্ষা প্ৰদান কৰা। সেইবাবে অনাড়ম্বৰ ভাবে এই চিত্ৰসমূহ সহজ সৰলকৈ অংকন কৰিছিল। ধৰ্মীয় চিত্ৰকলা লোক কলাৰ অন্তৰ্গত আছিল। সেইবাবে জনসাধাৰণক সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ধৰ্মীয় চিত্ৰকলাৰ বিপৰীতে ৰজাঘৰীয়া চিত্ৰকলা আছিল অতি আৰম্ভৰপূৰ্ণ আৰু যাক- যমক এই চিত্ৰকলাই দৰ্শকৰ মনত কলানুভূতি জগাই তুলিবলৈ চেষ্টা কৰিছিল। ৰজা, ৰাজ কোঁৱৰ, নাইবা ৰাজ কোঁৱৰীসকলৰ পৃষ্ঠপোষকতা ৰজাঘৰীয়া চিত্ৰকলা অংকিত হোৱা বাবে এই চিত্ৰকলাই যাক-যমকভাৱে কংকিত হৈছিল। ৰাজ ভঁৰালৰ পৰা চিত্ৰকৰসকলে অভাৱ নোহোৱাকৈ ধন খৰছ কৰিছিল সেয়ে এই চিত্ৰকলা আছিল আড়ম্বৰপূৰ্ণ, আনহাতে ধৰ্মীয় চিত্ৰকলাৰ উদ্দেশ্য আৰু ধনৰ উৎস সীমিত আছিল বাবে এই চিত্ৰকলা আছিল অনাড়ম্বৰ।
৮। ধর্মীয় চিত্রকলাসমূহ আছিল ৰজাঘৰীয়া চিত্রকলাতকৈ পৃথক ' — ধর্মীয় চিত্রকলাসমুহ ৰজাঘৰীয়া চিত্রকলাতকৈ কি কি ক্ষেত্ৰত পৃথক আছিল ? ধর্মীয় চিত্রকলাৰ নিদর্শন কত কত দেখিবলৈ পােৱা যায় লিখা ।
উওৰঃ ৰজাঘৰীয়া চিত্রকলা ধর্মীয় চিত্রকলাতকৈ পৃথক। ৰজাঘৰীয়া চিত্রকলাই ৰজা, ৰাজকোঁৱৰৰ উপৰিও ৰজাৰ কুঁৱৰীসকলৰো পৃষ্ঠপোষকতা লাভ কৰিছিল। এই শ্ৰেণীৰ চিত্ৰকলাৰ নিদর্শন 'হস্তীবিদ্যার্ণর', 'গীতগোবিন্দ', দৰং ৰাজবংশাৱলী, শংখচূড় বধ, কুমৰ হৰণ, আনন্দলহৰী আদি পুথি। এই ধাৰাৰ চিত্ৰকলাত কাব্য, আখ্যান, বুৰঞ্জী, বিজ্ঞান আদিৰ পুথি চিত্ৰিত হৈছিল। ৰজাঘৰীয়া পুথিচিত্ৰত দৰ্শকৰ মনত কলানুভূতি জগাই তোলাৰ চেষ্টা দেখা গৈছিল। ৰজা-ৰাণীৰ প্রতিকৃতি অংকন ৰজাঘৰীয়া চিত্রকলাৰ এটা লক্ষ্যণীয় দিশ আছিল। এই ধাৰাৰ অংকনৰীতি বাস্তৱধৰ্মী, অংকন অতি সূক্ষ্ম আৰু অতুলনীয় আছিল। সাধাৰণতে উজ্জ্বল ৰঙা, ৰঙা, ক'লা, হালধীয়া, নীলা, ইটাগুৰীয়া ৰঙৰ উপৰিও গুলপীয়া, আকাশী নীলা, পাতল সেউজীয়া ৰঙৰো ব্যৱহাৰ ৰজাঘৰীয়া পুথিচিত্ৰত কৰা হৈছিল।
ৰজাঘৰীয়া পুথিচিত্ৰসমূহ মূলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল। এই চিত্রকলা ধৰ্মনিৰপেক্ষ হোৱাৰ উপৰিও ইয়াৰ মাজত চুবুৰীয়া দেশৰ চিত্ৰশৈলীৰ লগত সহধর্মিতা স্থাপন, বিভিন্ন ধৰ্মগ্ৰন্থৰ আখ্যানক গ্ৰহণৰ লগতে চিত্ৰকৰ আৰু দৰ্শকৰ মাজত এক কলাত্মক সম্পৰ্ক ৰক্ষাৰো চেষ্টা দেখা গৈছিল। ৰজাঘৰীয়া চিত্রশৈলী প্রধানতঃ পাল চিত্ৰশৈলীৰ দৰে হ'লেও তাত ৰাজপুত, মোগল আৰু পাহাৰী চিত্ৰশৈলীৰো প্ৰভাৱ আছিল। বিশেষকৈ প্রতিকৃতি অংকনত শিল্পীসকল সুদক্ষ আছিল। প্রতিকৃতিবোৰত ওখ-চাপৰ বুজোৱাত ডাঠ-পাতল ৰঙৰ ব্যৱহাৰ, ওচৰ-দূৰ বুজোৱাতো ৰঙৰ পার্থক্য আছিল চকুতলগা যিয়ে ছবিবোৰ অনন্য সুন্দৰ কৰি তুলিছিল। এই বৈশিষ্ট্য ধর্মীয় চিত্রকলাৰ ধাৰাটোত দেখিবলৈ পোৱা নাযায়।
৯। বিপৰীত অর্থবােধক শব্দ লিখা ।
ডাঠ - পাতল।
ওচৰ - দূৰৰ।
উজ্জ্বল - অনুজ্জ্বল।
ওখ - চাপৰ।
ছাঁ - পোহৰ।
১০। প্রাচীন অসমৰ চিত্ৰকলাত ব্যৱহৃত বিভিন্ন সামগ্ৰীসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ প্ৰচীন অসমৰ চিত্ৰকলাত ব্য়ৱহিত বিভিন্ন ৰং,ছবি অঁকাৰ , সাঁচিপাত, তুলিকা বা লেখনি।শিল্পীসকলে লোচন ৰঙা ৰং পাবলৈ,জৰথৰ গুটি বা ৰংগন মাটি, ইটা গুৰিয়া ৰং পাবলৈ, নীল বা ৰস গথৰ পাত, নীলা ৰং পাবলৈ, খৰিমাটি বগা ৰঙৰ বাবে, হাইতাল হালধীয়া ৰঙৰ কাজল, শিলিখা ধেতুৰা কলা ৰঙৰ বাবে আৰু সোণৰ গুৰি সোণাৱালি ৰং পাৱলৈ ব্য়ৱহাৰ কৰিছিল।
১১। অভিধান চাই অর্থ লিখাঃ
তুলিকাঃ চিত্ৰকৰে ছবি অঁকা সঁজুলি।
সুনিপুণঃ সুদক্ষ, পটু।
বর্ণিলঃ বৰ্ণময়
সামঞ্জস্যঃ সমন্বয় সাধন।
অনাড়ম্বৰঃ সৰল।
সুদক্ষঃ অতিশয় নিপুণ, পাৰ্গত।
পৃষ্ঠপােষকতাঃ গুৰি ধৰা।
মড়লঃ বিয়াত পানী তোলা ঘট থ'বৰ বাবে বিবিধ বৰণীয়া গুড়িৰে সজা চক
- MUKESH BOEAH
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক
-------------------------------
Post ID : DABP006017