আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন

    
    
    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

প্ৰশ্নাৱলী

1. শুদ্ধ উত্তৰটো লিখা-

a) অনুজীৱই পচন ঘটাব নোৱাৰে আৱৰ্জনাবোৰ হ'ল-

i) জীৱ-পচনক্ষম আৱৰ্জনা

ii) জীৱ-পচনঅক্ষম আৱৰ্জনা

iii) পুনৰাৱৰ্তিত আৱৰ্জনা

iv) পচন সাৰ

উত্তৰঃ জীৱ-পচনঅক্ষম আৱৰ্জনা


b) জীৱ-পচনক্ষম আৱৰ্জনাৰ উদাহৰণ হ'ল-

i) কলৰ বাকলি

ii)পুৰণি বাতৰি কাগজ

iii)কপাহী কাপোৰ

iv) গোটেইবোৰ

উত্তৰঃ গোটেইবোৰ 


c) পলিথিনৰ মোনা, এলুমিনিয়াম টুকুৰা আৰু ভঙা কাঁচৰ টুকুৰা হ'ল-

i) জীৱ-পচনক্ষম আৱৰ্জনা 

ii) জীৱ-পচনঅক্ষম আৱৰ্জনা

iii) গেছীয় আৱৰ্জনা

iv) পিটনি

উত্তৰঃ জীব- পচনঅক্ষম আৱৰ্জনা।


d) পুৰণা প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যবহাৰ কৰিব পাৰি-

i) পুৰি পেলোৱা

ii) কাগজ বনোৱা 

iii) গছপুলি ৰোৱা

iv) গোটোইবোৰ

উত্তৰঃ গছপুলি ৰোৱা


2 . শুদ্ধ নে অশুদ্ধ লিখা :

a) ফলমূল আৰু শাক-পাচলিৰ বাকলি জীৱ-পচনক্ষম আৱৰ্জনা। 

উত্তৰঃ শুদ্ধ।


b) জীৱ-পচনঅক্ষম আৱৰ্জনাবােৰ বহুদিনৰ পিছত পছি যায়। 

উত্তৰঃ অশুদ্ধ।


c) আৱৰ্জনাবােৰ জ্বলাই পেলােৱাতকৈ ইয়াৰ পৰা পচনসাৰ প্ৰস্তুত কৰাটো বেছি ভাল। 

উত্তৰঃ শুদ্ধ।


d) পুনৰৱৰ্তন কৰিব পৰা আৱৰ্জনাবােৰ পুনৰ ব্যৱহাৰ কৰিব নােৱাৰি

উত্তৰঃ অশুদ্ধ।

 

e) জীৱ-পচনঅক্ষম আৱৰ্জনাবােৰে প্ৰদূষণ কৰে।

উত্তৰঃ শুদ্ধ।


3. তােমাৰ বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা আৱৰ্জনাবােৰৰ ব্যৱস্থাপনাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিবা? ইয়াৰ বাবে তলৰ তালিকাখন পূৰ কৰা—  

উদ্দেশ্য/ব্যৱস্যা

কি কৰিব লাগিব

a)  প্লাষ্টিকজাতীয় আৱৰ্জনাৰ সৃষ্টি ৰোধ কৰা।

পুনৰাবৰ্তন কৰা।

b)  গোটা আৱৰ্জনাৰ সৃষ্টি ন্যুনতম কৰা।

পুনঃ ব্যৱহাৰ কৰা।

c) বস্তু পুনৰাবৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা।

সুবিধাজনক বস্তু জমা কৰি কামত লগোৱা।

d) গোটা আৱৰ্জনাৰ নিস্কাসন কৰা।

সুবিধীজনক বস্তু উদ্যোগলৈ লৈ যোৱা।


4. চমু উত্তৰ দিয়া : 

a) তিনি প্রকাৰৰ আৱৰ্জনাৰ নাম লিখা। উদাহৰণ দিবা। 

উত্তৰঃ তিনি প্ৰকাৰৰ আৱৰ্জনাৰ নাম হ'ল- 

১) ঘৰুৱা আৱৰ্জনা। যেনেঃ শাক-পাচলিৰ বাকলি, ফলমূলৰ বাকলি, পলিথিন।

২)কাৰখানাৰ আৱৰ্জনা। যেনেঃ ধোঁৱা, ভঙা কাঁচৰ টুকুৰা, ভঙা ধাতুৰ টুকুৰা।

৩)বৈদ্য়ুতিক আৱৰ্জনা। যেনেঃ পুৰণা ভঙা ম'বাইল ফ'ন, বেয়া হোৱা কম্পিউটাৰ, লেপটপ।


b) জীৱ-পচনক্ষম আৰু জীৱ-পচনঅক্ষম আৱৰ্জনাৰ পার্থক্য লিখা।

উত্তৰঃ  ১) জীৱ-পচনক্ষম আৱৰ্জনা গেলি-পচি মাটিৰ লগত মিহলি হৈ যায়।আনহাতে জীৱ-পচন অক্ষম আৱৰ্জনা গেলি-পচি মাটিৰ লগত মিহলি হৈ নাযায়।

২) জীৱ-পচনক্ষম আৱৰ্জনাক  কিছুমান অণুজীৱই পচন ঘটাই আনহাতে জীৱ-পচন অক্ষম আৱৰ্জনাক অণুজীৱই পচন ঘটাব নোৱাৰে।

৩) জীৱ-পচনক্ষম অণুজীৱই পৰিৱেশৰ ক্ষতি কৰিব নোৱাৰে আনহাতে জীৱ-পচন অক্ষম অণুজীৱই পৰিবেশৰ যথেষ্ট ক্ষতি কৰে।


c) আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা? 

উত্তৰঃ আৱৰ্জনাবোৰ  নতুন ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তিত কৰাকেই আৱৰ্জনাৰ পুনৰাৱৰ্তন বোলে।


d) আৱৰ্জনা ব্যৱস্থাপনাৰ '5R' কি কি? 

উত্তৰঃ আৱৰ্জনা ব্যৱস্থাপনাৰ '5R' হ'ল-

(Refuse, Reduce, Reuse, Recycle, Recover)। ইয়াকে '5R' ধাৰণা বোলে।


e) আৱৰ্জনাবােৰ জ্বলাই দিয়াটো কিয় অনুচিত? 

উত্তৰঃ আৱৰ্জনাবোৰ জ্বলাই দিয়া অনুচিত কাৰণ- প্লাষ্টিক,পলিথিন জ্বলালে এটা বেয়া গোন্ধ ওলায়।এই গোন্ধৰ মূলতে হ'ল কিছুমান বিষাক্ত গেছ।গতিকে আৱৰ্জনা জ্বলোৱা অনুচিত।


5. আৱৰ্জনা কাক বােলে? আৱৰ্জনা সৃষ্টি হােৱা উৎসবােৰ কি কি? 

উত্তৰঃ ঘৰত বেয়া হোৱা বাল্ব,পূৰণি বেটাৰী, পলিথিন, শাক-পাচলি পেলনীয়া অংশ অৰ্থাৎ ব্য়ৱহাৰৰ অনুপযোগী বস্তুৱোৰেই আৱৰ্জনা।

    আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হ'ল-- ১) ঘৰুৱা আৱৰ্জনা ২) কাৰখানাৰ আৱৰ্জনা ৩) চিকিৎসালয়ৰ আৱৰ্জনা ৪) পঞ্চায়ত বা পৌৰসভাৰ আৱৰ্জনা ৫) যান-বাহনৰ পৰা ওলোৱা আৱৰ্জনা ইত্য়াদি।


6. পচন বুলিলে কি বুজা? খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী?

উত্তৰঃ অনুজীৱৰ বাবেই উদ্ভিদ আৰু প্ৰাণীজাত আৱৰ্জনাবোৰ গেলি-পচি যায়।ইয়াকে পচন বোলে।

প্ৰাণী আৰু উদ্ভিদৰ পৰা হোৱা আৱৰ্জনা পচন হোৱাৰ ফলত মাটিৰ লগত মিহলি যায় ইয়াৰ পৰাই পচন সাৰ প্ৰস্তুত হয় আৰু পচন সাৰ খেতিয়কৰ  বাবে উপকাৰী।


7. কেঁচুসাৰ প্রস্তুতিৰ এটি পদ্ধতি বর্ণনা কৰা। 

উত্তৰঃ বেছি ৰ'দ নপৰা এটুকুৰা ঠাই বাছি লোৱাঁ হ'ল।সেই ঠাইত আয়তাকাৰৰ গাঁত এটা খান্দি লোৱা হ'ল। গাঁততো প্ৰায় 30 ছেন্টিমিটাৰ গভীৰ হ'ব লাগিব।গাঁতটোৰ তলত বালিৰ তৰপ এটা দিয়া হ'ল।(প্ৰায় ২ ছেন্টিমিটাৰ ডাঠ।) এতিয়া জীৱ-পচনক্ষম আৱৰ্জনাবোৰ বালিৰ তৰপটোৰ ওপৰত বহলাই মেলি দিয়া। গছৰ পাত, ধানৰ তুঁহ,কাগজৰ টুকুৰা, গোবৰ আদিও দিব পাৰিবা। কিন্তু জীৱ-পচনঅক্ষম কোনো আৱৰ্জনা ইয়াত দিব নালাগে। ৰঙা কেচুঁ বাবে মাটি সেমেকা হোৱা দৰকাৰ। গতিকে গাঁতটোত অলপ পানী ছটিয়াই দিয়া দৰকাৰ। এতিয়া গাঁতটোত ৰঙা কেঁচু কেইডালমান এৰি দিয়া। কণীৰ চোকোৰাৰ গুড়ি গাঁতটোত দিব পাৰা। এইবোৰে সিঁহতৰ আহাৰ অৰ্থাৎ আৱৰ্জনাবোৰ গুড়ি কৰাত সহায় কৰে। গাঁতটোত ভিতৰত কেঁচুবোৰৰ বংশবৃদ্ধি হ'ব। ফলত ইঁহতৰ সংখ্য়াও বাঢ়ি যাব।৩-৪ সপ্তাহৰ পিছত গাঁতৰ ভিতৰত ঢিলা মাটিৰ দৰে কিছুমান বস্তু দেখিবা সেইবোৰেই কেঁচুসাৰ।


8. আৱৰ্জনা হ্রাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা? প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ ১) আৱৰ্জনা হ্ৰাস কৰিবলৈ প্লাষ্টিকৰ বস্তু য'ত-ত'ত নেপেলাই ডাষ্টবিনত নাইবা গাঁতত পেলাৱাৰ ব্য়ৱস্থা কৰিম।আৱৰ্জনা হ্ৰাস কৰিবলৈ বিয়া সবাহত থাৰ্ম'কলৰ থালৰ পৰিৱৰ্তে প্লাষ্টিকৰ থাল বা কলপাত ব্য়ৱহাৰ কৰিব লাগে।

২) পুনৰ ব্যৱহাৰ-

১) অপ্ৰয়োজনীয় কিতাপ বহী আৱৰ্জনা বুলি নাভাবি সেইবোৰ আন কামত ব্যৱহাৰ কৰিব লাগে। যেনে- বহীত থাকি যোৱা কাগজেৰে লেফাফা বনোৱা, কাগজৰ মোনা বনোৱা ইত্য়াদি।

২) ফটা কাপোৰ নেপেলাই ঘৰৰ চাফ-চিকুণতাত  বা অন্য় কামত ব্য়ৱহাৰ কৰিব লাগে।য়েনেঃ গাদী বনোৱা, ঠাণ্ডাত গাত লোৱা কাপোৰ বনোৱা ইত্য়াদি।

৩) অপ্ৰয়োজনীয় কাঠ-বাঁহ আদি পেলাই নিদি খৰি কৰা।

৩) পুনৰাবৰ্তন কৰা-

১) ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাবৰ্তন কৰিব পাৰি।

২) প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাবৰ্তন কৰিব পাৰি।

৩) কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাবৰ্তন কৰিব পাৰি।

 


Check By - Mukesh Borah

Post ID : DABP006083