পাঠ ২
সৰস্বতীৰ বৰ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
👉MCQ Online Exam
👉MCQs Answer
১। একোটিকৈ বাক্যত উত্তৰ লিখা:
ক) বিদ্যাৱতী দেখাত কেনে আছিল?
উত্তৰঃ বিদ্য়াৱতী দেখাত ৰূপৱতী আছিল।
খ) বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কি কৈছিল?
উত্তৰঃ বিয়াৰ কথা শুনি বিদ্যাৱতীয়ে ৰজাক কৈছিল, যিয়ে তেওঁক তৰ্কত হৰুৱাব পাৰিব তেওঁৰ লগতহে বিদ্য়াৱতীৰ বিয়া হ'ব।
গ) দেশ - বিদেশৰ পণ্ডিতসকলে বিদ্যাৱতীৰ লগত তৰ্কত হাৰি কি বুদ্ধি সাজি উলিয়াইছিল?
উত্তৰঃ দেশ - বিদেশৰ পণ্ডিতসকলে বিদ্যাৱতীৰ লগত তৰ্কত হাৰি লাজ পালে। আৰু তেওঁলোকে বিদ্য়াৱতীক এটা জধামুৰ্খলৈ বিয়া দিম বুলি মনতে থিৰাং কৰি এটা জধামুৰ্খ বিচাৰি উলিয়াই বুদ্ধি কৰি তালৈ বিদ্য়াৱতীক বিয়া দিলে।
ঘ) কালিদাসে শুৱলৈ লৈ আঁঠুৱাৰ ওপৰত কিয় জাপ মাৰিছিল?
উত্তৰঃ কালিদাসে আগতে কেতিয়াও আঁঠুৱা দেখা নাছিল। বিচনাত সোমাবলৈ কেনিও সুৰুঙা বিচাৰি নাপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঁঠুৱাৰ ওপৰত জাঁপ মাৰি দিলে।
ঙ) বিদ্যাৱতীয়ে খঙত কালিদাসক কি বুলি কৈছিল?
উত্তৰঃ বিদ্যাৱতীয়ে খঙত কালিদাসক কৈছিল, ' তই সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে এই ঘৰত থাকিব নোৱাৰ '।
চ) ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাস কলৈ গৈছিল?
উত্তৰঃ ঘৈণীয়েকৰ ওচৰত অপমান পাই কালিদাস এখন সৰোবৰলৈ গৈছিল।
ছ) কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নােপােৱাৰ পিছত কি কৰিছিল?
উত্তৰঃ কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নােপােৱাৰ পিছত সৰোবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰিলে, এই সংকল্প কৰি কালিদাসে সৰোবৰত জাঁপ মাৰি পৰিল।
জ) স্বামীৰ অগাধ পাণ্ডিত্য দেখি বিদ্যাৱতীয়ে কি কৰিছিল?
উত্তৰঃ স্বামীৰ অগাধ পাণ্ডিত্য দেখি বিদ্যাৱতী আনন্দত অধীৰ হ'ল আৰু তেওঁৰ চৰণত পৰি ক্ষমা খুজিলে।
২। বিদ্যাৱতী আৰু কালিদাসৰ মাজত হােৱা তর্ক - যুদ্ধখনৰ বৰ্ণনা তােমাৰ ভাষাৰে লিখা। তর্ক যুদ্ধখনত কাৰ জয় হৈছিল?
উত্তৰঃ প্ৰথমতে ৰাজকন্য়াই কালিদাসক এটা আঙুলি দেখুৱালে, কালিদাসে ভাবিলে যে ৰাজকন্য়াই তেওঁৰ এটা চকু কাঢ়োঁ বুলি কৈছে; কিন্তু কালিদাসে তেওঁৰ দুটা চকু কাঢ়িব। এইদৰে ভাবি কালিদাসে দুটা আঙুলি দেখুৱালে। কালিদাসক দুটা আঙুলি দেখুওৱা দেখি পণ্ডিতসকলে হাত-চাপৰি মাৰিলে। কাৰণ, ৰাজকন্য়াই এটা আঙুলি দেখুৱাই বুজাইছিল যে সৃষ্টিকৰ্তা এজন, কিন্তু কালিদাসে দুটা আঙুলিৰে বুজালে যে সৃষ্টিকৰ্তা এজন নহয়, দুজন 一 প্ৰকৃতি আৰু পুৰুষ।
ৰাজকন্য়াই নিজৰ অৱস্থা ভাল নহ'ব বুলি বুজিব পাৰি আৰু এবাৰ চেষ্টা কৰি চাব খুজিলে। বিদ্য়াৱতীয়ে এইবাৰ আঙুলি এটা মাটিৰফালে টোঁৱাই দেখুৱালে, কালিদাসে ভাবিলে, ৰাজকন্য়াই তেওঁক মাটিত মুখ থেকেচিব খুজিছে, এনেদৰে ভাবি কালিদাসে এটা আঙুলি ওপৰলৈ তুলি ঘূৰাবলৈ ধৰিলে। অৰ্থাৎ তেওঁ ৰাজকন্য়াক কালিদাসে এইদৰে চাৰিপাক খুৱাব। পণ্ডিতসকলে আৰু হাত চাপৰি মাৰিবলৈ ধৰিলে আৰু ক'লে যে, বিদ্য়াৱতীয়ে আঙুলিটো মাটিৰ ফালে টোঁৱাই বুজাইছিল যে পৃথিৱীখন থিৰ হৈ আছে, কিন্তু কালিদাসে আঙুলি ঘূৰাই ক'লে যে পৃথিৱীখন ৰৈ থকা নাই।
৩। কালিদাস জধামূৰ্খ বুলি বিদ্যাৱতীয়ে কিদৰে জানিব পাৰিলে?
উত্তৰঃ প্ৰথম ৰাতি বিচনাত শুবলৈ যাওঁতে ঢাৰি-পাতিৰ ওপৰত আঁঠুৱা তৰি থোৱা দেখি কালিদাস অবাক হ'ল; কাৰণ কালিদাসে আগেয়ে কেতিয়াও আঠুঁৱা দেখা নাছিল। । কালিদাসে বিচনাত সোমাবলৈ কোনো সুৰুঙা বিচাৰি নাপাই ওপৰৰ ফালে সোমাবলৈ বাট আছে বুলি আঁঠুৱাৰ ওপৰত জাঁপ মাৰি দিলে। কালিদাসৰ কাণ্ড দেখি বিদ্য়াৱতী অবাক হ'ল আৰু কালিদাসক এটা জধামুৰ্খ বুলি বুজিব পাৰিলে। এনেতে এটা উটে বাহিৰত চিঞৰিলে। বিদ্য়াৱতীয়ে সংস্কৃত ভাষাৰে সুধিলে, ' সেইটো কিহে চিঞৰিছে? ' কালিদাসে সংস্কৃত ভালদৰে নাজানিছিল। সেই বাবে তেওঁ ক'লে যে উট্ৰ; বিদ্য়াৱতীয়ে খঙত আকৌ সুধিলে যে 'সেইটো কিহে চিঞৰিছে?' এইবাৰ কালিদাসে ক'লে যে উষ্ট; কালিদাস যে এটা জধামুৰ্খ, সেই বিষয়ে বুজিবলৈ বিদ্য়াৱতীৰ আৰু বাকী নাথাকিল।
৪। কালিদাস কিদৰে বিদগ্ধ পণ্ডিত হৈছিল?
উত্তৰঃ কালিদাস যে এটা জধামুৰ্খ সেই বিষয়ে ঘৈণীয়েক বিদ্য়াৱতীয়ে জানিব পাৰি কালিদাসক ক'লে, ' তই সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে এই ঘৰত থাকিব নোৱাৰ। ' এইবুলি ঘৰৰ পৰা কালিদাসক খেদাই দিলে। ঘৈণীয়েকৰ ওচৰত এনে অপমান পাই কালিদাসে সেই ৰাতিয়ে ঘৰৰ পৰা বাজ হৈ হাবিৰফালে খোজ ল'লে। কালিদাসে হাবিৰ মাজে মাজে গৈ ৰাতি পুৱাবৰ বেলিকা এখন সৰোবৰ পালে। এই সৰোবৰৰ দাঁতিতে সৰস্বতীৰ আৰাধনা কৰিবলৈ তেওঁ থিৰ কৰিলে আৰু দেহে-কেহে সৰস্বতীৰ আৰাধনা কৰিবলৈ ধৰিলে। তেওঁ দিনৰাতি একান্ত মনেৰে অনেক বছৰ তাতে তপস্য়া কৰিলে; কিন্তু এনে কঠোৰ তপস্য়া কৰিও কালিদাসে সৰস্বতীক দেখা নাপালে। অৱশেষত কালিদাসে নিৰাশ হৈ সৰোবৰৰ দ পানীত পৰি মৰিবলৈ থিৰ কৰিলে, এই সংকল্প কৰি কালিদাস সৰোবৰত জাঁপ মাৰি পৰিল। এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু ক'লে, ' বোপাই, তই আপোনঘাতী নহ'বি; আজিৰ পৰা তই মোৰ বৰপুত্ৰ হ'লি।' সৰস্বতীৰ বৰ পাই কালিদাস নোহোৱা-নোপোজা পণ্ডিত হ'ল।
৬। সমার্থক শব্দ লিখাঃ
আৰাধনা = পূজা, উপাসনা।
পণ্ডিত = জ্ঞানী।
অধীৰ = অধৈৰ্য।
তপস্যা = তপ, যোগ ব্ৰত
কঠোৰ = কাঢ়া।
৭। বুজা আৰু লিখাঃ
কালীৰ দাস = কালিদাস।
চণ্ডীৰ দাস = চণ্ডিদাস।
দেৱীৰ দাস = দেৱদাস।
৮। বাক্য ৰচনা কৰা:
হাত দীঘল ; হাতত সাৰে ভৰিত সাৰে; ওভত গােৰে নাচ, হাড়ক মাটি কৰ।
হাত দীঘলঃ ৰাম এজন হাত দীঘল মানুহ হোৱাৰ বাবে সহজতে চৰকাৰী চাকৰিটো পাব পাৰিলে।
হাতত সাৰে ভৰিত সাৰেঃ (কোনো সাৰ-সুৰ নোহোৱাকৈ): মুকেশে শুই থাকোঁতেই চোৰটোৱে হাতত সাৰে ভৰিসাৰে তাৰ কাষৰেই গৈ বস্তুকেইপদ লৈ গ’ল।
ওভত গোৰে নাচঃ (বৰকৈ দুষ্ট কৰা )ঃ ৰাম এটা ওভত গোৰে নচা লৰা , সেইযেহে সকলোৱে তাক বেযা পায় ।
হাড়ক মাটি কৰাঃ ৰমেনে হাড়ক মাটি কৰি প্ৰটিষ্টা কোম্পানীটো পুতেকে ধৰি ৰাখিব নোৱাৰিলে।
৯। ‘বােপাই, তই আপােনঘাতী নহ'বি; আজিৰপৰা তই মােৰ বৰপুত্র হলি।'
- কথাষাৰ কোনে, কাক, কি প্রসংগত কৈছিল বুজাই লিখা।
উত্তৰঃ উক্ত কথাষাৰ দেৱী সৰস্বতীয়ে কালিদাসক কৈছিল। কালিদাসে ঘৈণীয়েকৰ ওচৰত অপমান পাই ঘৰৰ পৰা বাহিৰ হৈ এখন সৰোবৰৰ দাঁতিতে দেহে-কেহে সৰস্বতীৰ আৰাধনা কৰিবলৈ ল'লে। তেওঁ দিন-ৰাতি একান্ত মনেৰে অনেক বছৰ তাতে তপস্য়া কৰিলে; কিন্তু এনে কঠোৰ তপস্য়া কৰিও কালিদাসে সৰস্বতীক দেখা নাপালে। অৱশেষত কালিদাস নিৰাশ হৈ সৰোবৰৰ দ পানীত পৰি মৰিবলৈ ঠিক কৰিলে,এই সংকল্প কৰি কালিদাস সৰোবৰৰ পানীত জাঁপ মাৰি পৰিল। এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু ক'লে, 'বোপাই, তই আপোনঘাতী ন'হবি, আজিৰ পৰা তই মোৰ বৰপুত্ৰ হ'লি।'
- Hiru Moni Bora
Spelling check by- MUKESH BORAH
বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক
-------------------------------