ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ | Lesson 2 | Class 8 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ২
ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ
1. চমু উত্তৰ দিয়াঁ।
a) প্রথম আফগান যুদ্ধ কোনজন গৱৰ্ণৰৰ দিনত হৈছিল?
উত্তৰঃ প্রথম আফগান যুদ্ধ লৰ্ড অকলেণ্ডৰ দিনত হৈছিল।
b) 1841 খ্রী.ত আফগানসকলে হত্যা কৰা প্রধান ইংৰাজ বিষয়াজন কোন আছিল?
উত্তৰঃ 1841 খ্রি.ত আফগানসকলে হত্যা কৰা প্রধান ইংৰাজ বিষয়াজন আছিল মেকনগটন।
c) ভাৰতত ডাকটিকটৰ প্ৰচলন কাৰ দিনত হৈছিল?
উত্তৰঃ লৰ্ড ডেলহাউছিৰ দিনত ভাৰতত ডাক-টিকটৰ প্ৰচলন হৈছিল।
d) কোনখন নির্দেশপত্ৰৰ মর্মে বৃটিছসকলে নিম্ন পর্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰিছিল?
উত্তৰঃ উদৰ প্ৰেৰণপত্ৰ নামক নিৰ্দেশ পত্ৰৰ মৰ্মে ব্ৰিটিছসকলে নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰিছিল।
e) ৰণজিৎ সিঙৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰঃ ৰণজিৎ সিঙৰ পুত্ৰৰ নাম আছিল দলীপ সিঙ।
2. তিনি / চাৰিটামান বাক্যত উত্তৰ লিখাঁ।
a) স্বত্ববিলােপ নীতি কি? ইয়াৰ চৰ্তকেইটা কি কি লিখা।
উত্তৰঃ ডেলহাউছিৰ শাসনৰ মূলমন্ত্ৰ আছিল স্বত্ববিলোপ নীতি। এই নীতি অনুসৰি ইংৰাজৰ আশ্ৰিত দেশীয় ৰাজ্য়ৰ কোনো ৰজা অপুত্ৰক হৈ মৰিলে তেওঁৰ তুলনীয়া পুতেক সিংহাসনত উঠাৰ স্বত্ব বিলোপ কৰা হ'ল। ইংৰাজ কৰ্তৃপক্ষৰ আগতীয়া অনুমোদন নোলোৱাকৈ কোনেও পুত্ৰ তুলিব নোৱাৰিব। তোলনীয়া পুত্ৰ থাকিলেও সেইজনে ভৱিষ্য়তে সিংহাসন দাবী কৰিব নোৱাৰিব। তাৰ সলনি উক্ত ৰাজ্য়খন ইংৰাজৰ অধীন হৈ পৰিব।
b) আফগান নেতা চাহ-চুজাই কেনেকৈ সিংহাসন লাভ কৰিছিল?
উত্তৰঃ আফগানিস্থানৰ গৃহ বিবাদৰ ফলস্বৰূপে দুৰানী বংশৰ আমীৰ চাহ চুজাই খেদা খাই আহি ভাৰতত ইংৰাজ শৰণাপন্ন হৈছিল।তেওঁৰ ঠাইতে বৰকজাই বংশৰ দুষ্ট মহম্মদ আমীৰ আছিল।তেওঁলৈ ইংৰাজ গৱৰ্ণৰ জেনেৰেল অকলেণ্ডে বশ্যতামূলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল।কিন্তু তেওঁ তেনে প্ৰস্তাৱ প্ৰত্যাখান কৰি ৰুছিয়াৰ সাহায্য বিচাৰিলে । ইয়াতে অকলেণ্ড অসন্তুষ্ট হৈ দুষ্ট মহম্মদক আঁতৰাই চাহ চুজাক আফগানিস্থানৰ আমীৰ পাতে।এনেকৈয়ে চাহ চুজাই আফগানিস্থানৰ সিংহাসন লাভ কৰে।
c) লর্ড এলেনবৰােৱে কেনেকৈ সিন্ধু প্রদেশ দখল কৰিছিল?
উত্তৰঃ লৰ্ড এলেনবৰো ভাৰতত গৱৰ্ণৰ জেনেৰেল হৈ আহিয়ে ভাৰতত সাম্ৰাজ্যে বিস্তাৰৰ বাবে যত্নপৰ হল।সেয়েহে তেওঁ প্রথম পদক্ষেপ সিন্ধু নদীৰ নামনি অঞ্চলৰ সিন্ধুৰাজ্যে ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল কৰিবলৈ মন মেলিলে। তেওঁ ছাৰ চাৰ্লছ নিপিয়াৰৰ নেতৃত্বত 1842 চনত সিন্ধুৰাজ্য দখল কৰিবলৈ এদল ইংৰাজ সৈন্য পঠিয়ায়। ইংৰাজ সৈন্যই সিন্ধু ৰাজ্যেৰ বাসিন্ধা বেলুচীসকলৰ ওপৰত নানা প্ৰকাৰে অত্যাচাৰ চলাই 1843 চনত নেপিয়াৰ যুদ্ধত পৰাস্ত কৰি সিন্ধু প্ৰদেশ ইংৰাজ সাম্ৰাজ্যেৰ লগত চামিল কৰে।
3. চমুটোকা লিখাঁ ।
a) উডৰ প্রেৰণপত্র
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলাউছিৰ দিনত ভাৰতৰ শিক্ষা ব্যৱস্থাত কিছুমান পৰিৱৰ্তন ঘটোৱা হয়। এই ক্ষেত্ৰত ইংৰাজ বিষয়া চাৰ চাৰ্লছ উডে বহুতখিনি কাম কৰিছিল। ভাৰতত শিক্ষা-নীতিৰ আমূল পৰিবৰ্তন ঘটাবলৈ উডে এখন নীতি-নিৰ্দেশনা জাৰি কৰিছিল।সেই নিৰ্দেশনাকে ‘উডৰ প্ৰেৰণ পত্ৰ বা উডছ ডেছপাছ’ বুলি জনা যায়।উডৰ নিৰ্দেশনা মৰ্মে ভাৰতৰ সকলো প্ৰদেশত এটাকৈ শিক্ষা-বিভাগ, এজনকৈ ডি.পি.আই. আৰু কলকাতা,মুম্বাই আৰু চেন্নাইত তিনিখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হয়।তদুপৰি চৰকাৰী সাহায্যৰ প্ৰাথমিক, মাধ্যমিক অৰু উচ্চ শিক্ষাৰ বাবে কলেজ স্থাপন কৰাৰ ব্যৱস্থা কৰা হয়।আনহাতে উক্ত নিৰ্দেশনা মতে নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰা হয়।
b ) ডেলহাউছিৰ অযােধ্যা দখল
উত্তৰঃ লৰ্ড ডেলাউছিয় ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহি কেনেকৈ পাকে প্ৰকাৰে বিভিন্ন আজুহাতত দেশীয় ৰাজ্যে দখল কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে tat মনোনিবেশ কৰিছিল।সেই মৰ্মে তেওঁ ইংৰাজ আশ্ৰিত দেশীয় ৰাজ্য অযোধ্যা খন কুশাসন আৰু অৰাজকতাৰ অজুহাতত দাখিল কৰি লয়। প্ৰকৃততে অযোধ্যা খন আছিল সেই সময়ত বাণিজ্যৰ সম্ভাৱনাপূর্ণ ৰাজ্য ।গতিকে সেই সময়ৰ অযোধ্যাৰ শাসনকৰ্তা ৱাজিদ আলিয়ে শাসন চলাব নোৱাৰাৰ অজুহাত অযোধ্যা দখল কৰিছিল।
c) লাহােৰ চুক্তি
উত্তৰঃ শিক আৰু ইংৰাজ সৈন্যৰ মাজত হোৱা প্ৰথম ইংগ শিখ যুদ্ধৰ ফলশ্ৰুতি 1846 চনত লাহোৰত যিখন চুক্তি শিখ আৰু ইংৰাজৰ মাজত হৈছিল সেইখনকে লাহোৰ চুক্তি বুলি জনা যায়। শতদ্রু নদীৰ পাৰত থকা ইংৰাজ সৈন্যৰ ছাউনীত ৰাণী ঝিন্দানৰ সৈন্যই আক্ৰমণ চলোৱাত শিখ আৰু ইংৰাজৰ প্ৰথম যুদ্ধখন হৈছিল। এই যুদ্ধত শিখ সকল পৰাস্ত হৈ ইংৰাজৰ লগত লাহোৰ চুক্তি সম্পাদন কৰিবলগীয়া হৈছিল।এই চুক্তি অনুসৰি দিলীপ সিঙে পঞ্জাৱৰ ৰজা হিচাবে স্বীকৃতি পালে আৰু শিখসকলে শতদ্রু নদীৰ দক্ষিণ ফালৰ সকলো অঞ্চল আৰু দোৱাব অঞ্চল ইংৰাজক এৰি দিব লগীয়া হয়।তদুপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাবে শিখে 50 লাখ টকা দিবলগীয়া হয়।
4. উত্তৰ লিখা।
a) ডেলহাউছিৰ কার্যাৱলী বর্ণনা কৰাঁ।
উত্তৰঃ লৰ্ড ডেলাহাউছিয়ে 1848 চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহিয়েই ভাৰতত সাম্ৰাজ্য বিস্তাৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰ বাবে তেওঁ তিনিটা সুপৰিকল্পিত। নীতি গ্ৰহণ কৰিছিল যেনে―
(১) প্ৰত্যক্ষ যুদ্ধৰ দ্বাৰা ৰাজ্য জয়,
(২)স্বত্ববিলোপ নীতিৰ দ্বাৰা পৰ-ৰাজ্য গ্ৰাস আৰু
(৩)অৰাজকতা বা কুশাসন অজুহাতত পৰ ৰাজ্যে অধিগ্ৰহণ ।
এই তিনিটা নীতিৰ জৰিয়তে ডেলাহাউছিয়ে পঞ্জাৱ,চাতৰা আৰু অযোধ্যা-এই তিনিখন দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যেৰ লগত চামিল কৰিছিল।পঞ্জাৱ দাখিল কৰিছিল প্ৰত্যক্ষ যুদ্ধৰ জৰিয়তে। চাতৰা দখল কৰিছিল স্বত্ব বিলোপ নীতিৰ আধাৰত আৰু অযোধ্যা দখল কৰিছিল কুশাসনৰ আজুহাতত।
এইদৰে ডেলাহাউছিৰ কাৰ্যকালত ছলে-বলে-কৌশলে দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
b ) প্রথম ইংগ - শিখ যুদ্ধৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰাঁ।
উত্তৰঃ পঞ্জাৱক কেন্দ্ৰ কৰি মহাৰাজ ৰঞ্জিত সিঙৰ নেতৃত্বত এখন শক্তিশালী শিখ সাম্ৰাজ্য গড়ি উঠিছিল । তেওঁ খালচা নামৰ শক্তিশালী সৈন্য বাহিনী গঠন কৰিছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছতে সিংহাসনকলৈ উত্তৰাধিকাৰীসকল মাজত সংঘর্ষ আৰু ষড়যন্ত্ৰ লিপ্ত হৈছিল।অৱশেষত ৰঞ্জিত সিঙৰ নাবালক পুত্ৰই সিংহাসনত বহুৱাই পত্নী ৰাণী ঝিন্দানক অভিভাৱক পাতি খালচাসকলে ৰাজ্য চলাবলৈ ধৰিলে। কিন্তু খালচাসকলৰ মাজত একতা নথকা হেতু আকৌ কিছুমানে ষড়যন্ত্ৰত লিপ্ত হল আৰু গোপনে ইংৰাজৰ লগত হাত মিলালে।যিহেতু লৰ্ড ডেলাহাউছিয়ে ছেগ চাইয়ে আছিল, গতিকে হাতত অহা এনে সুবৰ্ণ সুযোগ এৰি নিদিলে। ইতিমধ্যে খালচা সৈন্যই শতদ্রু নদীৰ পাৰত ছাউনি পাতি থকা ইংৰাজ সৈন্যক আক্ৰমণ কৰাত প্রথম ইংগ-শিখ যুদ্ধখনৰ সূত্ৰপাত হল।
ইংৰাজসকলে প্ৰথম ইংগ-শিখ ৰণত জয়লাভ কৰি শিক্ষসকলক কেতবোৰ চৰ্ত মানিবলৈ বাধ্য কৰায়। 1846 চনৰ লাহোৰ চুক্তি অনুসৰি ইংৰাজে দলিপ সিঙক পঞ্জাৱৰ roja বুলি স্বীকৃতি দিলে যদিও শিখ সকলে ইংৰাজক শতদ্রু নদীৰ দক্ষিণৰ সমগ্ৰ অঞ্চল আৰু শতদ্রু বিপাশা নদীৰ মাজৰ জলন্ধৰ আৰু দোৱাব অঞ্চল ইংৰাজক এৰি দিব লগীয়া হয়।তদুপৰি যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ শিখসকলে ইংৰাজক নগদ 50 লাখ টকা দিবলগীয়া হয়।
c ) কম্পেনিৰ শাসন কালত ( 1836 খ্রি.ৰপৰা 1854 খ্রি.লৈকে ) ভাৰতত হােৱা অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ ওপৰত এটি চমু মূল্যায়ন আগবঢ়োৱা ।
উত্তৰঃ বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বেপাৰ কৰিবলৈ আহি ইংৰাজ শাসন প্ৰৱৰ্তন কৰাৰ সময়ত সমগ্ৰ ইউৰোপত শিল্প বিপ্লৱৰ প্ৰভাৱ পৰিছিল। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিল আৰু ইয়াৰ সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত আমূল পৰিবৰ্তন দেখা দিলে।ব্ৰিটিছ শাসনে ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱন কোঙা কৰি পেলালে। অৰ্থনৈতিক ভাৱে স্বাৱলম্বী ভাৰতক এখন ব্ৰিটিছৰ নিৰ্ভৰশীল কৰি পেলালে। ইংলেণ্ডৰ কল-কাৰখানাত উৎপাদিত হোৱা সামগ্ৰী বোৰ ভাৰতলৈ আমদানি হোৱাত ভাৰতৰ কুটিৰ শিল্পবোৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। ফলত বেছি দাম দি ভাৰতীয় লোকে ইংলেণ্ডত নিৰ্মিত হোৱা সামগ্ৰী ক্ৰয় কৰিব লাগিছিল।
তদুপৰি ভাৰতত উৎপাদিত হোৱা কৃষি জাত সামগ্ৰীবোৰৰ নামমাত্ৰ মূল্য দি ইংৰাজে ইংলেণ্ডৰ মিলবোৰত ব্যৱহাৰ কৰিবলৈ লৈ গৈছিল। ফলস্বৰূপে ইংলেণ্ডৰ বাবে কেঁচামাল উৎপাদন কৰা দেশলৈ ৰূপান্তৰিত হৈছিল।
সামাজিক ক্ষেত্ৰত অৱশ্যে কিছু উল্লেখনীয় কাম কৰিছিল, বিশেষকৈ সমাজ সংস্কাৰ ক্ষেত্ৰত। অন্ধ-বিশ্বাসে আগুৰা ভাৰতীয় সমাজত ইংৰাজ শাসনে ভালেমান সমাজ সংস্কাৰ ব্যৱস্থা হাতত লৈছিল যেনে― বাল্য বিবাহ আৰু শিশু বধ প্ৰথা বন্ধ কৰা, বিধৱা বিবাহ প্ৰচলন কৰা, ঠগবোৰক দমন কৰা আদি ভালেমান সমাজ সংস্কাৰৰ কাম কৰিছিল। এই ক্ষেত্ৰত শিক্ষিত ভাৰতীয় বিজ্ঞলোক যেনে,ৰাজা ৰামমোহন ৰায়,ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদিয়ে ইংৰাজক সহায় কৰিছিল।
শিক্ষাৰ ক্ষেত্ৰতো ভাৰতত কোম্পানীৰ দিনত ভালেমান পৰিৱৰ্তন ঘটিছিল। ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰি ভাৰতীয়ক পশ্চিমীয়া সভ্যতা, শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিছিল। মুঠতে কোম্পানীৰ দিনত ভাৰতৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত আমূল পৰিবৰ্তন দেখা গৈছিল।
-------------------------------
বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক
-------------------------------
11 Comments
QSN amar lgt o ase