জীৱৰ আৱাসস্থলী | Lesson 5 | Class 6 Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৫

জীৱৰ আৱাসস্থলী


1. শুদ্ধ উত্তৰ বাছি উলিওৱা-

i) ধাবনশীল প্ৰাণীৰ উদাহৰণ হ'ল-

a) কেঁচু

b) হৰিণা

c)কেৰ্কেটুৱা

d) বান্দৰ

উত্তৰঃ হৰিণা।


ii) ফুলৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ হ'ল-

a) তিমিমাছ

b) ডলফিন

c) কাছ

d)ৰৌ মাছ

উত্তৰঃ ৰৌ মাছ।


2. খালী ঠাই পূৰ কৰা-

a) খাগৰি এবিধ তৃণভোমী জাতীয় উদ্ভিদ।

b) জীৱ বুলিলে আমি প্ৰাণী আৰু উদ্ভিদ  দুয়োকে বুজোঁ।

c) উটচৰাই আৰু কি উই  চৰায়ে উৰিব নোৱাৰে।

d) গঁড়, হৰিণা, ম'হ তৃণভুমিত থাকে।


3. আৱাসস্থলী কি?

উত্তৰঃ জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী বোলে।


4. মেটেকা কেনেকৈ পানীত উপঙি থাকে?

উত্তৰঃ মেটেকা পুনি আদি জলজ উদ্ভিদত অসংখ্য ক্ষুদ্ৰ ছিদ্ৰযুক্ত মোনা থাকে। এই মোনাসমূহত থকা বায়ুৱে উদ্ভিদসমূহক ওপঙি থকাত সহায় কৰে।


5. গঁড়ে গৰমত কিয় বোকাত লুটি-বাগৰ দি থাকে?

উত্তৰঃ গড়ে গৰমত বোকাত গৰমৰ পৰা ৰক্ষা পাবলৈ লুটি বাগৰ মাৰে।


6. অভিযোজন কাক বোলে? ইয়াৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ আমাৰ চাৰিওকাষৰ পৰিৱেশত থকা জীৱ-জন্তুসমূহৰ আৱাসস্থলী ভিন-ভিন কিছুমান উদ্ভিদ বা প্ৰাণীক ভৰসা কৰি জীয়াই থাকে। জীয়াই থাকিবলৈ সকলো জীৱই নিজৰ পৰিৱেশৰ সৈতে নিজকে খাদ্য খুৱায়। ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অবলম্বন কৰে।


7. দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখা।

উত্তৰঃ দুটা স্থলজ আৰু দুটা জলত আৱাসস্থলীৰ নাম হ'ল-

স্থলজ - (১) বাঘ আৰু

              (২) সিংহ

জলজ - (১) মাছ আৰু

                (২) কাছ

                            

8. হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবৰ বাবে কি কি অভিযোজনৰ সহায় লয়?

উত্তৰঃ হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত সাৰিবলৈ এইবোৰ অভিযোজনৰ সহায় লয়।

    হৰিণাৰ কাণ দীঘলীয়া সেইবাবে ইহঁতে সহজে খাদকৰ উমান পায়।ইয়াৰ উপৰিও ইহঁতৰ চকু মূৰৰ কাষৰ ফালে থাকে। সেয়ে সিহঁতে চাৰিওফালে চাব পাৰে। দ্ৰুতগতিৰ বাবে ইহঁতে নিজ আক্ৰমণকাৰীৰ পৰা বাচিব পাৰে।


9. চৰাইবোৰে উৰিবৰ বাবে কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয়?

উত্তৰঃ চৰাইবোৰে উৰিবৰ বাবে এনেধৰণৰ অভিজোযনৰ আশ্ৰয় লয়- চৰাই উৰিবলৈ অগ্ৰপদ ডেউকালৈ ৰূপান্তৰিত হৈছে। তদুপৰি ইহঁতৰ হাড়বোৰ ফোপোলা। ফলত দেহৰ উজন কমিছে। এনে অভিজোযনৰ বাবে চৰাই উৰিব পাৰে।


10. মৰুভূমিত প্ৰাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মৰুভূমিত থকা উদ্ভিদসমূহেই অভিযোজনৰ সহয় লয়। এই উদ্ভিদবোৰৰ পাত নাথাকে। পাতসমূহ কাইটলৈ ৰূপান্তৰিত হয়। ই উদ্ভিদৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ কমায়। এই উদ্ভিদৰ কাণ্ড ৰসাল হয়। গতিকে মৰুভূমিত থকা জীৱসমূহৰ দুটা মূল অভিযোজন হ'ল-

(i) দেহত পানীত সংৰক্ষণ কৰা, আৰু

(ii) পৰিৱেশৰ উষ্ণতাৰ অত্যাধিক পৰিৱৰ্তনৰ বাবে নিজকে খাপ খুৱাই থকা।


11. মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বৰ্ণনা কৰা।

উত্তৰঃ মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয়। ইহঁতৰ শৰীৰ দীঘলীয়া হোৱাৰ বাবে পানীত চলাচল কৰাত সহায় কৰে। ফিছাৰ সহায়ত মাছে সাঁতুৰিব পাৰে। দেহত থকা পাখিৰ সহায়ত মাছে গতি সলায়। এনেদৰেই মাছে পানীত অভিযোজন চলায়।


12. চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা।

উত্তৰঃ চাৰিটা জলজ আৱাসস্থলী হৈছে - পুখুৰী, নিজৰা, নদী আৰু সাগৰ।

পুখুৰীঃ পুখুৰীত সাধাৰণতে মাছ, কাছ বেং, সাপ আদি থাকে।

নিজৰাঃ নিজৰাত অন্য়ধৰণৰ মাছৰ লগতে পাহাৰীয়া মাছো থাকে। 

নদীঃ নদীত সাধাৰণ মাছ, কাছ, সাপ, বেং থকাৰ উপৰি শিহু, ঘৰিয়াল আদি থাকে।

সাগৰঃ সাগৰত বিভিন্ন ধৰণৰ মাছ, অক্টোপাছ, তিমি আদি থাকে।


13. উটে মৰুভূমিত থকাৰ উপযোগীকৈ কি কি অভিযোজনৰ সহায় লয়?

উত্তৰঃ উটৰ পিঠিত এটা কুঁজ আছে। কুঁজটোত ই বহু পৰিমাণে চৰ্বী জমা কৰি ৰাখে। কুঁজটোৱে দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে। লগতে খাদ্য়ৰ অভাৱৰ সময়ত কুঁজটোৱে প্ৰয়োজনীয় শক্তিও যোগান ধৰে।


- Hiru Moni Bora



Post ID : DABP005933