ৰাষ্ট্ৰ | সপ্তম অধ্যায় | Lesson 7 | Class 8 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৭

ৰাষ্ট্ৰ


1. সম্পূৰ্ণ বাক্য়ত উত্তৰ দিয়াঁ।

a) কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়?

উত্তৰঃ গ্ৰিছ দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বুলি কোৱা হয়।

b) ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰিকসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰিকসকলে পলিছ শব্দটো ব্যৱহাৰ কৰিছিল।

c) কোনটো মূল শব্দৰপৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়?

উত্তৰঃ ষ্টেটাছ শব্দৰটোপৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়।

d) এৰিষ্ট'টল আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখা।

উত্তৰঃ এৰিষ্ট'টল আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো হৈছে 一 '' সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ সংগঠিত হোৱা পৰিয়াল আৰু গাঁৱৰ সমষ্টিয়েই হ'ল ৰাষ্ট্ৰ।''

e) উড্ৰ' উইলছনৰ মতে ৰাষ্ট্ৰ কাক বোলে লিখা।

উত্তৰঃ উড্ৰ' উইলছনৰ মতে ''কোনো নিৰ্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।''

2. ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট্য কি কি লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট্যসমূহ হৈছে 一 কম-বেছি পৰিমাণৰ জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, বহিঃশক্তিৰ তলতীয়া নহয়, অৰ্থাৎ স্বাধীন আৰু সাৰ্বভৌম আৰু সুসংগঠিত চৰকাৰ। 

3. ৰাষ্ট্ৰৰ উপাদান হিচাবে জনসমষ্টিৰ বিষয়ে লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ উপাদান হিচাপে জনসমষ্টিৰ গুৰুত্ব হৈছে 

(i) জনসমষ্টিবিহীন ভূ-খণ্ড এটাত ৰাষ্ট্ৰৰ সৃষ্টি হ'ব নোৱাৰে।

(ii) ৰাষ্ট্ৰ এখনৰ জনসংখ্য়া কিমান হ'ব লাগে তাৰ কোনো ধৰা-বন্ধা হিচাপ নাই।

(iii) ৰাষ্ট্ৰ সৃষ্টিৰ বাবে সংঘবদ্ধ হোৱা জনসমষ্টিৰ ক্ষেত্ৰত জাতিগত, ভাষাগত, ঐতিহ্য়-পৰম্পৰা, তেজৰ সম্পৰ্ক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ৰ ক্ষেত্ৰত সাদৃশ্য় আৰু একতা থাকে।

(iv) এৰিষ্ট'টলৰ মতে ৰাষ্ট্ৰৰ জনসংখ্য়া এনে হোৱা উচিত যাতে ই ৰাষ্ট্ৰখন স্বাৱলম্বী হোৱা আৰু শাসনকাৰ্য পৰিচালনা কৰাত সহায় কৰে।

4. ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক কেইটা  ভাগত ভাগ কৰিছে? ভাগকেইটা কি কি?

উত্তৰঃ ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক দুটা  ভাগত ভাগ কৰিছে। ভাগকেইটা হৈছে 一

(a) বাধ্য়তামূলক বা অনিবাৰ্য কাৰ্যাৱলীঃ যিবোৰ কাম ৰাষ্ট্ৰই কৰাটো একান্ত জৰুৰী সেইবোৰ কামক বাধ্য়তামূলক বা অনিবাৰ্য কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত কৰা হয়। তাৰ ভিতৰত হৈছে 一 প্ৰতিৰক্ষামূলক কাৰ্য, আভ্য়ন্তৰীণ আইন শৃংখলা ৰক্ষা, ন্য়ায় প্ৰতিষ্ঠা আৰু কূটনৈতিক সম্পৰ্ক স্থাপন।

(b) অতিৰিক্ত বা গৌণ কাৰ্যাৱলীঃ যিবোৰ কাম-কাজ কৰিবলৈ ৰাষ্ট্ৰ বাধ্য় নহয়, অথচ সেইবোৰ কাম-কাজ ৰাষ্ট্ৰই পৰিচালনা কৰি জনসাধাৰণৰ মংগল সাধন কৰিব পাৰে, তেনেকুৱা কাম-কাজক অতিৰিক্ত বা গৌণ কাৰ্য বুলিব পাৰি। জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ কথা ভাবিয়ে ৰাষ্ট্ৰই তেনেকুৱা কামবোৰ সম্পাদন কৰে। ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলীৰ উদাহৰণ হৈছে 一 সামাজিক নিৰাপত্তা, কৃষি ব্য়ৱস্থাৰ উন্নয়ন আৰু শিক্ষা বিস্তাৰ।

5. সমাজবাদ আৰু ব্যক্তিবাদত বিশ্বাসী দুগৰাকীকৈ পণ্ডিতৰ নাম লিখাঁ।

উত্তৰঃ ব্য়ক্তিবাদ সমৰ্থন কৰা দুগৰাকী পণ্ডিতৰ নাম হ'ল- আদম স্মিথ আৰু জন ষ্টুৱাৰ্ট মিল। 

আৰু  সমাজবাদ সমৰ্থন কৰা দুগৰাকী পণ্ডিতৰ নাম হ'ল- ৰৱাৰ্ট ওৱেন আৰু ৰামছে মেকডোনাল্ড।

6. ৰাষ্ট্ৰৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ ৰাষ্ট্ৰৰ প্ৰধান ভাগ 4 টা আৰু সেইকেইটা হৈছে জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব।

7.ৰাষ্ট্ৰৰ উপাদান হিচাবে নিৰ্দষ্ট ভূ-খণ্ডৰ মূল বৈশিষ্ট্যসমূহ কি কি লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ উপাদান হিচাপে নিৰ্দিষ্ট ভূ-খণ্ড হৈছে 一

(a) কিছুমান মানুহে কোনো এক ঠাইৰ পৰিসীমাৰ ভিতৰত স্থায়ীভাৱে বাস কৰিব লাগিব।

(b) অঘৰী শ্ৰেণীৰ মানুহে ৰাষ্ট্ৰ গঠন কৰিব নাৱাৰে। উদাহৰণস্বৰূপে ইহুদীসকলৰ প্ৰথমে             নিৰ্দিষ্ট বাসস্থান নাছিল। ইজৰাইলত বাস কৰাৰ পাছতহে ইহুদী ৰাষ্ট্ৰৰ সৃষ্টি হয়।

(c) এখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা নদ-নদী, পাহাৰ-পৰৰ্বত,     আকাশমাৰ্গ সকলো সামৰি লয়।

(d) ৰাষ্ট্ৰ এখন গঠন হ'বলৈ ভূ-খণ্ডৰ আয়তন সম্পৰ্কে কোনো নিৰ্দিষ্ট সীমা নাই। ভাৰত, চীন, কানাডাৰ দৰে বৃহৎ ৰাষ্ট্ৰ থকাৰ দৰে ক্ষুদ্ৰ আয়তনৰ ভেটিকান ছিটি, জাপান ইত্য়াদি সৰু ৰাষ্ট্ৰও আছে।

(e) কেৱল ভৌগোলিক আয়তনে ৰাষ্ট্ৰ এখনৰ শক্তি আৰু গৌৰৱ নিৰ্ণয় কৰে।

8. "চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি" 一 কথাষাৰ বুজাই লিখাঁ।

উত্তৰঃ চৰকাৰে আভ্য়ন্তৰীণ শান্তি-শংখলা নিয়ন্ত্ৰণ কৰাৰ উপৰি সাৰ্বভৌমত্ব ৰাক্ষাৰ বাবে দৰকাৰী ব্য়ৱস্থা গ্ৰহণ কৰে। গতিকে চৰকাৰ এখনৰ দায়িত্ববোৰ দেখুৱায় যে চৰকাৰ অবিহনে ৰাষ্ট্ৰ এখন সৃষ্টি বা বৰ্তি থাৰিব নোৱাৰে। সেয়েহে কোৱা হয় 一 ''চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি''।

9. ৰাষ্ট্ৰৰ উপাদান হিচাবে সাৰ্বভৌমত্বৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ উপাদান হিচাবে সাৰ্বভৌমত্বৰ গুৰুত্ব হৈছে 一 

(a) কিছুমান লোকে কোনো নিৰ্দিষ্ট ভূ-খণ্ডৰ ভিতৰত চৰকাৰ গঠন কৰিলেই এখন ৰাষ্ট্ৰৰ সৃষ্টি নহয়। ৰাষ্ট্ৰখনৰ স্বাধীন ৰাজনৈতিক পৰিচয় হ'ল ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব। এই পৰিচয় ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰখনৰ সকলো ক্ষমতা থাকে।

(b) সাৰ্বভৌমত্বৰ আভ্য়ন্তৰীণ আৰু বাহ্য়িক এই দুটা দিশ থাকে। আভ্য়ন্তৰীণ সাৰ্বভৌমত্বই সকলো ব্য়ক্তি আৰু প্ৰতিষ্ঠানৰ ওপৰত ৰাষ্ট্ৰৰ ক্ষমতা প্ৰয়োগৰ অধিকাৰ বুজায়। বাহ্য়িক সাৰ্বভৌমত্বই বিদেশী ৰাষ্ট্ৰৰ লগত থকা সম্বন্ধ নিৰূপণৰ ক্ষেত্ৰত থকা সকলো ক্ষমতাক বুজায়।

10. কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে  কৰিবলগীয়া চাৰিটা কাৰ্য উল্লেখ কৰাঁ।

উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে  কৰিবলগীয়া চাৰিটা কাৰ্য হৈছে 一

(a) জনসাধাৰণৰ কল্য়াণাৰ্থে জনকল্য়াণমূলক আঁচনি গ্ৰহণ কৰি তাৰ কাৰ্যকৰীকৰণৰ ওপৰত জনকল্য়াণকামী ৰাষ্ট্ৰই ব্য়ৱস্থা কৰে।

(b) ধনী-দুখীয়াৰ মাজৰ ব্য়ৱধান কমাই আনি এখন শোষণমুক্ত সমাজ গঠনত কল্য়াণকামী ৰাষ্ট্ৰই মনোনিৱেশ কৰে।

(c) সহজ-সৰল জীৱন-নিৰ্বাহৰ বাবে অত্য়াৱশ্য়কীয় সা-সামগ্ৰীৰ সুলভ যোগান নিশ্চিত কৰে।

(d) শিক্ষা, জনস্বাস্থ্য়, কৃষি, যাতায়ত, উদ্য়োগ ইত্য়াদিৰ উন্নতিকল্পে কল্য়াণকামী ৰাষ্ট্ৰই বিভিন্ন আঁচনি গ্ৰহণ কৰে।

11. ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত বাধ্যতামূলক চাৰিটা কাৰ্য উল্লেখ কৰাঁ।

উত্তৰঃ ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত কাৰ্যাৱলী হৈছে 一

(i) সামাজিক নিৰাপত্তা প্ৰদানঃ সামাজিক নিৰাপত্তাই জনসাধাৰণক সহজ-সৰল জীৱন-নিৰ্বাহত সহায় কৰে। গতিকে জনসাধাৰণক সামাজিক নিৰাপত্তা দিয়াটো ৰাষ্ট্ৰৰ অন্য়তম গৌণ কাৰ্য।

(ii) কৃষি ব্য়ৱস্থাৰ উন্নয়নঃ কৃষি ব্য়ৱস্থাৰ উন্নয়নৰ বাবে কৃষি ক্ষেত্ৰৰ লগত জড়িত সকলোবোৰ কাম-কাজ ৰাষ্ট্ৰই সম্পাদন কৰিব পাৰে। এই কামবোৰৰ ভিতৰত কৃষি ঋণ, কৃষিজাত সা-সামগ্ৰীৰ যথোচিত মূল্য় নিৰ্ধাৰণ, কৃষি ক্ষেত্ৰত আধুনিক যন্ত্ৰপাতিৰ যোগান আদিয়ে প্ৰধান।

(iii) শিক্ষাৰ ব্য়ৱস্থাৰ উন্নয়নঃ শিক্ষাই মানুহক সচেতন কৰি তোলে। জনসাধাৰণৰ সচেতনতাই ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ উন্নতিত সহায় কৰে। জনসাধাৰণক সচেতন কৰিবলৈ উপযুক্ত শিক্ষা ব্য়ৱস্থাৰ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য়।

12. ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অৰ্থাৎ দৈৱিক মতবাদৰ বিষয়ে বুজাই লিখাঁ।

উত্তৰঃ অতি প্রাচীন কাল্পনিক মতবাদমতে ৰাষ্ট্র ভগৱানৰদ্বাৰা সৃষ্ট এক অনুষ্ঠান আৰু ভগৱানৰ ইচ্ছানুসাৰে তেওঁৰ প্রতিনিধি ৰজাই ৰাষ্ট্রৰ শাসনকার্য পৰিচালনা কৰে। ভগৱানৰ প্রতিনিধি ৰজা সর্বশক্তিমান আৰু সেয়েহে ৰজাৰ আদেশ-নির্দেশ প্ৰজাই মানি চলিব লাগে। ৰজাৰ কাৰ্যৰ প্রতিবাদ কৰাটো হ’ল ভগৱানক অৱমাননা কৰা। ধর্ম আৰু বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত এই মতবাদ মধ্যযুগলৈকে প্ৰচলন আছিল। ৰাষ্ট্র ভগৱানৰদ্বাৰা সৃষ্ট আৰু ৰজা ভগৱানৰদ্বাৰা প্ৰেৰিত তেওঁৰ প্রতিনিধি এই বিশ্বাসে চৰম ৰাজতন্ত্ৰৰ সূচনা কৰিছিল। বংশানুক্রমে ৰজাই শাসনৰ দায়িত্ব পাইছিল আৰু ৰজাক অৱমাননা কৰা সাধাৰণ প্রজাৰ পক্ষে সম্ভৱ নাছিল। খ্রীষ্টিয়ান ধর্মপুথি বাইবেলতাে ৰজা ঈশ্বৰৰ প্রতিনিধি বুলি উল্লেখ আছে। সপ্তম শতিকাত ইংলেণ্ডত ৰজা জেমছে নিজকে ঈশ্বৰৰ প্রতিনিধি বুলি ঘােষণা কৰিছিল। আহােম ৰজাসকলেও নিজকে স্বৰ্গৰপৰা প্ৰেৰিত ৰজা বুলি অভিহিত কৰিছিল। আধুনিক ৰাষ্ট্ৰতাে দৈৱিক মতবাদৰ প্ৰভাৱ দেখা যায়। কিয়নাে প্ৰায়বোৰ ৰাষ্ট্ৰতে ৰাষ্ট্রপ্রধান বা আন প্ৰশাসনীয় সদস্যসকলে ঈশ্বৰৰ নাম লৈ সার্বভৌমত্ব অক্ষুন্ন ৰক্ষাৰ শপত গ্ৰহণ কৰে।

13. ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ  হবচৰ মতে প্রকৃতি ৰাজ্যত মানুহে জন্তুৰ দৰে বাস কৰিছিল। মানুহৰ মাজত সামাজিক চেতনাৰ অভাৱ আছিল। ৰাষ্ট্রৰ দৰে কোনাে কর্তৃপক্ষ নথকা কাৰণে মানুহৰ জীৱনৰ নিৰাপত্তা নাছিল। মানুহৰ জীৱন আছিল নিঃসংগ, জঘন্য, দাৰিদ্র্যপূর্ণ অনিশ্চিত। প্রকৃতি ৰাজ্যৰ মানুহবােৰ হাই-কাজিয়া, বাদ-বিবাদত লিপ্ত হৈ আছিল আৰু জোৰ যাৰ মুলুক তাৰ নীতি প্রযােজ্য হৈছিল অর্থাৎ আটাইতকৈ শক্তিশালীজনেহে সমাজত প্রতিষ্ঠা লাভ কৰিছিল। এই ক্ষেত্ৰত হবচে মত পােষণ কৰিছিল যে প্রকৃতি ৰাজ্যৰ এই অৰাজকতা দূৰ কৰিবলৈ তথা সমাজত শৃংখলা বজাই ৰাখিবলৈ এক শাসকীয় কর্তৃপক্ষৰ প্রয়ােজন। যাৰ বাবে প্রকৃতি ৰাজ্যত বাস কৰা জনসাধাৰণে তেওঁলােকৰ সকলােবােৰ ব্যক্তিগত অধিকাৰ এখন চুক্তিৰ জৰিয়তে এজন লােকক বা এখন সভাৰ ওচৰত অৰ্পণ কৰিলে। যিজনৰ ওপৰত এই অধিকাৰবােৰ অৰ্পণ কৰা হ’ল তেওঁ হ’ব সর্বশক্তিমান বা ৰজা। এনেদৰে ৰজাই সর্বোচ্চ ক্ষমতাৰ অধিকাৰী হ'ব আৰু প্রাকৃতিক অৱস্থাত বাস কৰা মানুহৰ মাজত হােৱা চুক্তিৰ ফলতেই ৰাষ্ট্রৰ সৃষ্টি হ’ব। অর্থাৎ হবচে চৰম ৰাজতন্ত্রৰ পােষকতা কৰিছিল।

14. চমুটোকা লিখাঁ 

a. শক্তিতত্ত্ব বা বলপ্ৰয়োগ মতবাদঃ সমাজ পাতি বাস কৰা মানুহৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি বিবাদ হােৱাটো এক স্বাভাৱিক প্রক্রিয়া। ক্ষমতাৰ বাবেই কিছুমান গােষ্ঠীৰ মানুহে এজন পৰাক্ৰমী মানুহৰ আদেশ-আনুগত্য স্বীকাৰ কৰে। এটা নির্দিষ্ট গােষ্ঠীয়ে আনক আক্রমণ কৰি আনৰ ঠাই অধিকাৰ কৰে আৰু আনৰ ওপৰত শাসন চলায়। এনেকৈ কোনাে ঠাইৰ ওপৰত দীর্ঘদিন শাসন চলােৱাৰ ফলত সেই ঠাইৰ আভ্যন্তৰীণ শান্তি-শৃংখলা নিয়ন্ত্রণাধীন হয় আৰু ৰাষ্ট্রৰ গঠন হয়।

b. ক্ৰমবিৱৰ্তন মতবাদঃ 

উত্তৰঃ ঐতিহাসিক বা ক্ৰমবিৱৰ্তন মতবাদটোৰ আটায়ে বিজ্ঞান সন্মত বুলি গ্ৰহন কৰিছে। এইটো মতবাদত বিশ্বাসী সমৰ্থক সকলে কবলে খোজে যে ৰাষ্ট্ৰ কোনো কৃত্ৰিম ভাৱে হোৱা অনুষ্ঠান নহয় বা ই এদিনতে সৃষ্টি হব পৰা অনুষ্ঠানো নহয়। কেইবাটাও উপাদানৰ  ফলস্বৰূপেহে এদিন স্বাভাৱিক ভাৱেই ৰাষ্টৰ সৃষ্টি হৈছিল। এই ক্ষেত্ৰত তেওঁলোকে কব খোজে যে

১) তেজৰ কাৰণে একে বংশৰ মানুহে একত্ৰিত ভাৱে এঠাইত মানুহৰ সমষ্টিয়ে বাস কৰি ৰাষ্টৰ সৃষ্টি সম্ভব কৰি তুলিছিল। 

২) ধৰ্ম বান্ধোনেও মানুহখিনিক একগোট হোৱাত সহায় কৰিছিল আৰু ধৰ্মই তেওলোকক শাসনকৰ্তা প্ৰতি সমীহ কৰি চলিবলৈ শিকাইছিল। 

৩) শক্তি ব্য়ৱহাৰেও ৰাষ্ট্ৰৰ সৃষ্টিত অবদান যোগাইছিল। পৰাক্ৰমী ব্য়ক্তিক শক্তিৰ বাবে অনুগত্য় প্ৰকাশ কৰিছিল। 

৪) মানুহৰ মাজত থকা অৰ্থনৈতিক পাৰস্পৰিক নিৰ্ভশীলতাৰ বাবেও ৰাষ্ট্ৰ সৃষ্টি হোৱাত সহায়ক হৈছিল। 

৫) ৰাষ্ট্ৰৰ সৃষ্টিৰ আটাইতকৈ প্ৰয়োজনীয় উপাদানেই হ'ল ৰাজনৈতিক চেতনা। ৰাজনৈতিক চেতনাৰ বাবেহে মানুহখিনিয়ে ৰাষ্ট্ৰৰ অভাৱ অনুভব কৰাত এদিন ৰাষ্ট্ৰৰ সৃষ্টি হব পালে।

15. ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্যবোৰৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ  ৰাষ্ট্ৰই পালন কৰা বাধ্যতামূলক চাৰিটা কাৰ্য হৈছে 一

(a) প্ৰতিৰক্ষামূলক কাৰ্যঃ ৰাষ্ট্ৰ এখনৰ সকলো নাগৰিকে শান্তিপূৰ্ণভাৱে থাকিব বিচাৰে। সেয়েহে জনসাধাৰণৰ জীৱন, সম্পত্তি আদিৰ নিৰাপত্তা প্ৰদান কৰাটো প্ৰতিখন ৰাষ্ট্ৰৰ নৈতিক কৰ্তব্য়।

(b) আভ্য়ন্তৰীণ আইন-শৃংখলা ৰক্ষাঃ অনুশাসন ব্য়ৱস্থাইহে ৰাষ্ট্ৰৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰি ৰাখে। জনসাধাৰণৰ বাবে প্ৰৱৰ্তিত কোনো অনুশাসনৰ যাতে হীন-ডেঢ়ি নহয় তাৰ প্ৰতি সজাগ হ'ব লাগিব।

(c) ন্য়ায় প্ৰতিষ্ঠাঃ ৰাষ্ট্ৰ গঠনত সকলো নাগৰিকৰ ভূমিকা সমান। সেইবাবে ৰাষ্ট্ৰৰ পৰা পোৱা সকলো নাগৰিকে ন্য়ায় সমানে পাব লাগে।

(d) কূটনৈতিক সম্পৰ্ক স্থাপনঃ এগৰাকী ব্য়ক্তিয়ে যিদৰে অকলে থাকিব নোৱাৰে, বৰ্তমান সময়ত ৰাষ্ট্ৰ এখনেও আন ৰাষ্ট্ৰৰ সহযোগিতা অবিহনে থকাটো অসম্ভৱ হৈ পৰিছে। দুখন ৰাষ্ট্ৰই পৰস্পৰ সন্তুষ্ট হৈ থাকিবলৈ গঢ়ি তোলা সম্পৰ্কই হৈছে কূটনৈতিক সম্পৰ্ক। এই সম্পৰ্ক গঢ়ি তোলাটো ৰাষ্ট্ৰৰ দায়িত্ব।

16. ৰাষ্ট্ৰৰ গৌণ কাৰ্যৱলীৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলী হৈছে 一

(i) সামাজিক নিৰাপত্তা প্ৰদানঃ সামাজিক নিৰাপত্তাই জনসাধাৰণক সহজ-সৰল জীৱন-নিৰ্বাহত সহায় কৰে। গতিকে জনসাধাৰণক সামাজিক নিৰাপত্তা দিয়াটো ৰাষ্ট্ৰৰ অন্য়তম গৌণ কাৰ্য।

(ii) কৃষি ব্য়ৱস্থাৰ উন্নয়নঃ কৃষি ব্য়ৱস্থাৰ উন্নয়নৰ বাবে কৃষি ক্ষেত্ৰৰ লগত জড়িত সকলোবোৰ কাম-কাজ ৰাষ্ট্ৰই সম্পাদন কৰিব পাৰে। এই কামবোৰৰ ভিতৰত কৃষি ঋণ, কৃষিজাত সা-সামগ্ৰীৰ যথোচিত মূল্য় নিৰ্ধাৰণ, কৃষি ক্ষেত্ৰত আধুনিক যন্ত্ৰপাতিৰ যোগান আদিয়ে প্ৰধান।

(iii) শিক্ষাৰ ব্য়ৱস্থাৰ উন্নয়নঃ শিক্ষাই মানুহক সচেতন কৰি তোলে। জনসাধাৰণৰ সচেতনতাই ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ উন্নতিত সহায় কৰে। জনসাধাৰণক সচেতন কৰিবলৈ উপযুক্ত শিক্ষা ব্য়ৱস্থাৰ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য়।


- Hiru Moni Bora



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



Post ID : DABP006059