নাগৰিকত্ব | অষ্টম অধ্যায় | Lesson 8 | অধ্যায় ৮ | Class 8 Social Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class VIII Social Science Question And Answer Assam Jatiya Bidyalay | Class 8 Social Science Suggestion Jatiya Bidyalay | Class 8 Social Science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নাগৰিকত্ব পাঠৰ প্ৰশ্ন আৰু উত্তৰ 


অষ্টম অধ্যায় 

নাগৰিকত্ব 

প্ৰশ্নাৱলী

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer
    👉Paid Answer (For Membership User)

1) উত্তৰ লিখাঁ।

a) নাগৰিক কাক বোলে?

উত্তৰঃ  পুৰণি কালত নগৰত বাস কৰা লোকসকলক নাগৰিক বোলা হৈছিল। বৰ্তমান সময়ত যোনসকলে ৰাষ্ট্ৰৰ প্ৰতি অনুগত্য় স্বীকাৰ কৰি নিজৰ কৰ্তব্য় পালন কৰাৰ বিনিময়ত ৰাষ্টৰ পৰা ৰাজনৈতিক আৰু অনান্য় অধিকাৰ বোৰ ভোগ কৰিব পাৰে তেওঁলোককে নাগৰিক বোলে।

b) অধিবাসী কাক বোলে লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ ভিতৰত অঙৰাজ্য়েৰ বাসিন্দাসকলক অধিবাসী বোলে। 

c) নাগৰিকৰ প্ৰাথমিক পৰিচয় কি?

উত্তৰঃ এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব পাবলৈ হলে ব্য়ক্তিজন ৰাষ্ট্ৰৰ নাগৰিক হব লাগিব । কেৱল বৈধ নাগৰিকৰহে নাগৰিকত্ব থাকে।

d) জন্মগত নাগৰিকত্ব কাক বোলে?

উত্তৰঃ এজন ব্য়ক্তিয়ে যোনখন ৰাষ্ট্ৰত জন্মগ্ৰহন কৰে তেওঁ সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব পায় আৰু আৰু তেনে নাগৰিকত্বক জন্মগত নাগৰিকত্ব বোলে।

e) সুনাগৰিক কাক বোলে?

উত্তৰঃ যিসকল নাগৰিকৰ বিচাৰ বুদ্ধি থকা, বিবেক সম্পন্ন, আত্ম সংযমী স্বাধীন, মনোভাৱাপন্ন আৰু সমাজৰ স্বাৰ্থৰ প্ৰতি অঙ্গীকাৰ বদ্ধ তেওঁলোককে সুনাগৰিক বোলে।

2) নাগৰিকৰ আৰু বিদেশীৰ মাজত থকা তিনিটা সাদৃশ্য লিখাঁ।

উত্তৰঃ নগৰিক আৰু বিদেশীৰ মাজত থকা তিনিটা সাদৃশ্য় হল - 

ক) নাগৰিকসকলে অন্য়ান্য় অদিকাৰৰ উপৰিও ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। বিদেশী সকলে  ৰাজনৈতিক অধিকাৰৰ বাহিৰে নাগৰিকৰ দৰেই অন্য়ান্য় অদিকাৰ ভোগ কৰিব পাৰে।

খ) নাগৰিক আৰু বিদেশী সকলোৱে একেখন  ৰাষ্ট্ৰতে বাস কৰে। 

গ) নাগৰিক আৰু বিদেশী সকলে বাস কৰা ৰাষ্ট্ৰখনৰ পৰা সকলো ধৰণৰ নিৰাপত্তা দাবি কৰিব পাৰে।

3) দেশীয়কৰণৰদ্বাৰা নাগৰিকত্ব লাভৰ সাধাৰণ নিয়ম তিনিটা লিখাঁ।

উত্তৰঃ যিসকল ব্য়ক্তিয়েই কোনো বিশেষ ৰাষ্ট্ৰ নাগৰিকত্ব বিচাৰি কৃতপক্ষৰ ওচৰত আবেদন জনাই আৰু আবেদন মঞ্জুৰ হলে সেই ৰাষ্ট্ৰ নাগৰিকত্ব পায়, এনে ধৰণে লাভ কৰা নাগৰিকত্বকে দেশীয়কৰণৰ দ্বাৰা লাভ কৰা নাগৰিকত্ব বোলে। এনেকৈ নাগৰিকত্ব লাভ কৰাৰ তিনিটা নিয়ম হ'ল।

১) দেশীয়কৰণৰ পদ্ধতিৰে নাগৰিক হব খোজা ব্য়ক্তিজনৰ স্বভাৱ চৰিত্ৰ ভাল বুলি ৰাষ্ট্ৰখনে অশ্বস্ত হব লাগিব।

২) ব্য়ক্তিজনে যোনখন ৰাষ্ট্ৰৰ নাগৰিক হব খোজে তেওঁ সেই ৰাষ্ট্ৰখনত কিছু বছৰ ধৰি স্থায়ী ভাৱে বাস কৰিব লাগিব। 

৩) ব্য়ক্তিজনে  ৰাষ্ট্ৰ খনৰ সকলো ভাষাৰ লগতে পৰিচিত হব লাগিব।

4) বৈধ বিদেশী আৰু অবৈধ বিদেশী কাক বোলে লিখাঁ।

উত্তৰঃ  ৰাষ্ট্ৰ এখনত দুই ধৰণৰ বাসিন্দা থকা দেখা যায়  নাগৰিক আৰু বিদেশী। বিদেশী আৰু বাসিন্দা সকলক বৈধ আৰু অবৈধ ভাগত ভগোৱা হয়।

যোনসকল বিদেশীয়ে বৈধ কাগজ আৰু অনুমতি পত্ৰ লৈ ৰাষ্ট্ৰখনৰ অনুমতি বিধিগত ভাৱে প্ৰবেশ কৰে বা থাকিবলৈ লয় আৰু এনে বিদেশীকে বৈধ বিদেশী বোলা হয়।

আনহাতে যোনসকল বিদেশীয়ে ৰাষ্ট্ৰৰ বিনা অনুমতিত আৰু কোনো বৈধ পৰ পত্ৰ নোলোৱাকৈ বা, অনুমতি পত্ৰ নোলোৱাকৈ গোপনে বা চোৰাং ভাবে ৰাষ্ট্ৰখনত প্ৰবেশ কৰি বাস কৰিবলৈ লয় এনে বিদেশীকে  অবৈধ বিদেশী বোলা হয়।

5) নাগৰিক আৰু বিদেশীৰ মাজৰ পাঁচোটা পাৰ্থক্য লিখাঁ।

উত্তৰঃ নাগৰিক আৰু বিদেশীৰ মাজৰ পাচটা পাৰ্থক্য় হ'ল- 

১। নাগৰিকসকল ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা, বিদেশী সকল অস্থায়ী। 

২। নাগৰিকসকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব পাৰে কিন্তু বিদেশীসকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব নোৱাৰে।

৩। নাগৰিকসকল ৰাষ্ট্ৰ প্ৰতি অনুগত্য় প্ৰকাশ কৰিবলৈ বাধ্য় থাকে, কিন্তু বিদেশীসকল ৰাষ্ট্ৰৰ  অনুগত্য় প্ৰকাশ নকৰিবও পাৰে।

৪। সাধাৰণতে ৰাষ্ট্ৰই নিজৰ নাগৰিকক বাহিৰ নকৰে, কিন্তু বিদেশী এজনক ইচ্ছা কৰিলেই ৰাষ্ট্ৰৰ পৰা বাহিৰ কৰি দিব পাৰে।

৫। নাগৰিকসকলে নিজৰ ৰাষ্ট্ৰৰ বাবে প্ৰাণ দিব পাৰে, কিন্তু বিদেশীয়ে ৰাষ্ট্ৰৰ বাবে আত্ম বলিদান নিদিয়েই। 

6) নাগৰিকত্বৰ অৱসান হ'ব পৰা যি কোনো পাঁচোটা কাৰণ লিখাঁ।

উত্তৰঃ নাগৰিকত্বৰ অৱসান হৱ পৰা পাচটা কাৰণ হ'ল- 

১। এগৰাকী মহিলাৰ কোনো বিদেশী মানুহৰ লগত বিবাহ  হলে মহিলা গৰাকিয়ে নিজৰ নাগৰিকত্ব হেৰুৱায়। 

২। নিজৰ ৰাষ্ট্ৰৰ অনুমতিত নোলোৱাকৈ যদি বিদেশীৰ ৰাষ্ট্ৰৰ সৈন্য় দলত যোগদান কৰিলে এজন নাগৰিকে নাগৰিকত্ব হেৰুৱায়।

৩। সৈন্য় বাহিনৰ পৰা বা যুদ্ধ ক্ষেত্ৰৰ পৰা পলালে  বা নাইবা নিজৰ দেশক বিশ্বাসঘাটকতা কৰি থগিলে  শত্ৰু দেশৰ লগত যদি হাত মিলালে  নাগৰিকে নাগৰিকত্ব হেৰুৱাবলগীয়া অৱস্থা হয়। 

৪। গুৰুতৰ অপৰাধ আৰু ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত লিপ্ত হোৱা নাগৰিকৰ নাগৰিকত্ব অৱসান হব পাৰে।

৫।  কোনো এজন নাগৰিকে যদি ৰাষ্ট্ৰ অনুমতি নোলোৱাকৈ  বিদেশীৰ ৰাষ্ট্ৰৰ উপাধি আদি গ্ৰহন কৰিলে নাগৰিকত্ব হেৰুৱাব পাৰে।

7) জন্ম স্বত্বৰদ্বাৰা কেনেকৈ নাগৰিকত্ব পাব পাৰি বুজাই লিখাঁ।

উত্তৰঃ এটা শিশুৱে যি দেশত জন্ম গ্ৰহন কৰিব সেই দেশৰ নাগৰিকত্ব লাভ কৰিব। আৰু এনেকৈ  লাভ কৰা নাগৰিকত্বক জন্মস্বত্বৰ দ্বাৰা লাভ কৰা নাগৰিকত্ব বোলা হয়। 

এনে ধৰণৰ জন্মস্বত্বৰ দ্বাৰা নাগৰিকত্ব পোৱাৰ দুটা প্ৰধান নীতি আছে। এটা হল ৰক্ত বা তেজৰ সম্পৰ্কীয় নীতি আৰু আনটো হ,ল জন্মস্থান সম্পৰ্কীয় নীতি।

ৰক্ত বা তেজৰ সম্পৰ্কীয় নীতিটোৰ মতে এটা শিশুৱে জন্ম হোৱাৰ মুহূৰ্ততে নিজৰ পিতৃ মাতৃৰ যি নাগৰিকত্ব, সেই একে নাগৰিকত্ব লাভ কৰিব। অৰ্থাৎ যদি ভাৰতীয় স্বামী-স্ত্ৰীৰ ভাৰতীয় নাগৰিকতত্ব হয় তেন্তে তেওঁ লোকৰ সন্তানেও সেই একে নাগৰিকত্ব  লাভ কৰিব।

 যিসকলৰ জন্মস্থানৰ অনুসৰি পোৱা নাগৰিকত্বৰ নিয়ম মতে এটা শিশু জন্মৰ স্থান অনুসৰি নাগৰিকত্ব বিচাৰ কৰা হয়। অৰ্থাৎ যদি এহাল ভাৰতীয় মানুহে  বিদেশত সন্তান জন্ম দিয়ে তেনেহলে শিশুটোৱে বিদেশীৰ ৰাষ্ট্ৰখনৰ নাগৰিকত্ব পাব ।

8) সুনাগৰিকৰ যি কোনো পাঁচোটা গুণ লিখাঁ। 

উত্তৰঃ সুনাগৰিকৰ যি কোনো পাঁচটা গুণ হ'ল-

১। বিচাৰ, বুদ্ধি, বিবেক আৰু আত্মসংযৰ গুণবোৰ থাকিব লাগিব।

২। সুনাগৰিক সকলে সু-শিক্ষাৰ অধিকাৰী হৱ লাগিব।

৩। সুনাগৰিক ৰাজনৈতিক চেতনা থকা অত্য়ন্ত দৰকাৰ। 

৪। সুনাগৰিক সকলে সংবিধান আৰু ৰাষ্ট্ৰ প্ৰতি অনুগত্য় প্ৰকাশ কৰিব লাগিব।

৫। ৰাষ্ট্ৰৰ আইন  কানুন প্ৰতিজন সুনাগৰিকে মানি চলিব লাগিব।  

9) নাগৰিকত্বৰ প্ৰধান ভাগ কেইটা আৰু কি কি? ভাগ দুটাৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ নাগৰিকত্ব প্ৰধান ভাগ তিনিটা সেইকেইটা হ'ল- 

    ১) জন্ম সম্পৰ্কীয় ।

    ২) দেশীয় কৰণ। আৰু 

    ৩) কোনো ভূ-খণ্ড ৰাষ্ট্ৰ চামিল কৰণৰ দ্বাৰা।

১) জন্ম সম্পৰ্কীয় নীতিৰ দ্বাৰা এজন ব্য়ক্তিয়ে এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিব পাৰে। এনে জন্ম সম্পৰ্কীয় নীতিৰ দুটা পদ্ধতি আছে-

    ক) তেজ বা ৰক্ত সম্পৰ্কীয় ।

    খ) জন্মৰ স্থান সম্পৰ্কীয় পদ্ধতি।

প্ৰথম ব্য়ৱস্থাটোৰ অনুসৰি পিতৃ-মাতৃ যি নাগৰিকত্ব, তেওঁলোকৰ সন্তানেও সেই নাগৰিকত্ব লাভ কৰে। আনহাতে এটা শিশুৱে যোনখন ৰাষ্ট্ৰত জন্ম লাভ কৰে তেওঁ সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

২) দেশীয় কৰণৰ ব্য়ৱস্থাৰ দ্বাৰা এজন ব্য়ক্তিয়ে নাগৰিকত্ব লাভ কৰিব হলে তেওঁ যোনখন ৰাষ্ট্ৰক  বিচাৰিছে সেই  ৰাষ্ট্ৰখনলৈ আবেদন পঠাব লাগিব  আৰু কেইটামান চৰ্ত পালন কৰিব লাগিব যেনে- 

ক) আবেদন কাৰীয়ে বিবাহৰ সূত্ৰে স্বামীৰ নাগৰিকত্ব লাভ কৰিব বিচাৰিছে। 

খ) আবেদনকাৰীয়ে কামৰ সূত্ৰে যি খন ৰাষ্ট্ৰত থাকে তেওঁ সেই ৰাষ্ট্ৰখনৰ  নাগৰিকত্ব পাব খোজে। 

গ) আবেদনকাৰীয়ে যিখন  ৰাষ্ট্ৰৰ সৈন্য় দলত যাগদান কৰিছে সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব পাব খোজে। 

ঘ) আবেদনকাৰীয়ে যোনখন  ৰাষ্ট্ৰৰ ঘৰ, মাটি আদি স্থানৰ সম্পতি গঢ়ি তুলিছে আৰু ব্য়ৱসায় বাণিজ্য় আদি চলায় আছে তেনে ৰাষ্ট্ৰ নাগৰিকত্ব বাবে আবেদন কৰিব পাৰে।

৩) কেতিয়াবা কোনো এখন  ভূ-খণ্ড ৰাষ্ট্ৰত চামিল হলে সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব প্ৰদান কৰা হয়.। উদাহৰণস্বৰূপে ভাৰতৰ সৈতে চিকিম খন চামিল হোৱাৰ পিছত চিকিমৰ জনসাধাৰণে ভাৰতীয় নাগৰিকত্ব লাভ কৰে।

 





Type: Nayan Moni Deka 

Check by - Mukesh Borah




-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



Post ID : DABP006081