অধ্যায়ঃ ৫
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer 👉Paid Answer ( Buy Now )
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰঃ- নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল। যেনেঃ Li, Na আৰু k মৌল তিনিটা নিউলেণ্ডৰ শ্ৰেণীবিভাজনৰ দ্বিতীয় স্তম্ভৰ মৌল। নিউলেণ্ডৰ অষ্টক সূত্ৰমতে Li, Na আৰু k ৰ ধৰ্মৰ মিল আছে। আনহাতে Li, Na আৰু k ড’বাৰেইনাৰৰ এটা ট্ৰায়াড আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে। গতিকে নিউলেণ্ডৰ অষ্টক স্তম্ভত ড’বাৰেনাৰৰ ট্ৰায়াড আছিল।
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
উত্তৰঃ- ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল一
(i) ড’বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল।
(ii) ড’বাৰেইনাৰে মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল।
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
উত্তৰঃ- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল 一
(i) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল।
(ii) নিউলেণ্ডছে প্ৰকৃততে কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল।
(iii) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়। ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্তও কৰিছে।
(iv) নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল।
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)
উত্তৰঃ- মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ’ল স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge)।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি?
উত্তৰঃ- মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হ'ল一
(i) পৰমাণৱিক ভৰৰ বৃদ্ধি।
(ii) একে ৰাসায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা।
4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
উত্তৰঃ- সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰ'ন থাকে। গতিকে ৰাসায়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰিয়। গতিকে ইহঁতক একেটা বৰ্গতে ৰখা হৈছে।
প্ৰশ্নাৱলীঃ
1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল?
উত্তৰঃ- আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো – মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণুৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়।
আধুনিক পৰ্য্য়াবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’লঃ
(i) আধুনিক পৰ্য্যাবৃত্ত তালিকাত সমস্থানিক (isotope) বোৰক একেটা স্থানতে ৰখা হ’ল। কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও পাৰমাণৱিক সংখ্যা একে।
(ii) আধুনিক পৰ্য্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰ'ন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয়।
(iii) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল। ভৰ সংখ্যা মতে ক’বাল্টৰ পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ 28। কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম। গতিকে নিকেলৰ স্থান ক’বাল্টতকৈ পিছত হয়।
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰঃ- মৌল দুটা বেৰেলিয়াম (Be) আৰু কেলছিয়াম (Ca)।
কাৰণ Be আৰু Ca উভয়ে পৰ্য্যাবৃত্ত তালিকাৰ ২য় বৰ্গত আছে আৰু Mgৰ বৰ্গ ২য় হয়।
3. নাম লিখা।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ।
উত্তৰঃ- লিথিয়াম (Li), পটাছিয়াম (K), ছ’ডিয়াম (Na)।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল।
উত্তৰঃ- মেগনেছিয়াম (Mg), কেলছিয়াম (Ca)।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌল।
উত্তৰঃ- হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar)।
4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম 一 এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰঃ- হয় আছে।
প্ৰতিটো পৰমাণুৰে ইলেকট্ৰ'নীয় বিন্যাস একেধৰণৰ। যোজন ইলেকট্ৰ'নৰ সংখ্যা 1 তলত দেখুওৱা হ’লঃ
Li = 2.1
Na = 2.8.1
K = 2.8.8.1
(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
উত্তৰঃ- He আৰু Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰ'নেৰে সম্পূৰ্ণ। He ৰ বহিৰতম কক্ষত 2 টা আৰু নিয়নৰ 8 টা ইলেকট্ৰন আছে। দুয়োটা সম্পূৰ্ণ কক্ষ। গতিকে ইহঁতৰ পৰমাণুবোৰৰ মাজত মিল দেখা যায়।
5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰঃ- প্ৰথম দহোটা মৌলৰ ভিতৰত Li আৰু Be দুটা ধাতু।
6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উত্তৰঃ- Be আটাইতকৈ বেছি ধাতৱধৰ্মী। কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল।
অনুশীলনীঃ
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰঃ- (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায়।
3. কোনটো মৌলৰ আছেঃ
(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ?
উত্তৰঃ- Ne – 2.8
(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্যাস?
উত্তৰঃ- Mg
(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ?
উত্তৰঃ- Si – 2. 8. 4
(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ?
উত্তৰঃ- B – 2. 3
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন?
উত্তৰঃ- C – 2. 4
4. a. পৰ্যাবৃত্ত তলিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰঃ- পৰ্যাবৃত্ত তালিকাত ব’ৰনৰ স্থান হ’ল – ২ য় পৰ্যায়ৰ 13 বৰ্গ। ইয়াৰ যোজ্যতা 3 গতিকে পৰ্যাবৃত্ত তালিকাত বৰনৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3 ।
(b) পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰঃ- পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ স্থান ২য় পৰ্যায়ৰ 17 বৰ্গ। 17 বৰ্গৰ আন মৌলসমূহক একেলগে হেল’জেন পৰিয়াল বোলে। ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন কৰে।
5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7
a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
উত্তৰঃ- পাৰমাণৱিক সংখ্যা = 17
b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N(7) F(9) P(15) Ar(18)
উত্তৰঃ- F(9)ৰ লগত সাদৃশ্য থাকিব।
6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
16 বৰ্গ 17 বৰ্গ
- -
- A
- -
B C
(a) মৌল A ধাতুনে অধাতু?
উত্তৰঃ- 'A' অধাতু। কিয়নো ই 17 বৰ্গত আছে।
(b) C মৌলটো A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয়?
উত্তৰঃ- 'C' মৌল 'A' তকৈ কম সক্ৰিয়।
(C) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?
উত্তৰঃ- সৰু হ’ব।
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰঃ- A মৌল 17 বৰ্গত আছে। ইয়াৰ যোজ্যতা -1 হ’ব। অৰ্থাৎ, ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব, অৰ্থাৎ এনায়ন গঠন হ’ব।
7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয়?
উত্তৰঃ- নাইট্ৰ'জেনৰ ইলেকট্ৰনীয় বিন্যাস = 2. 5
ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2. 8. 5
নাইট্ৰ'জেনৰ নিউক্লিয়াছ আৰু কক্ষপথৰ ইলেকট্ৰনৰ মাজৰ স্থিতি বিদ্যুৎ আকৰ্ষণ ফছফ’ৰাছতকৈ বেছি হ’ব। কিয়নো ফছফ’ৰাছৰ আকাৰ নাইট্ৰ'জেনতকৈ ডাঙৰ। অৰ্থাৎ, নাইট্ৰ'জেনৰ বিদ্যুৎঋণাত্মকতা বেছি হ’ব।
8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে?
উত্তৰঃ- মৌলৰ অৱস্থান, ইয়াৰ ইলেকট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক ইলেকট্ৰনে বৰ্গৰ সংখ্যা নিৰূপন কৰে। অৰ্থাৎ, যি মৌল অথবা পৰমাণুৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1, ই প্ৰথম বৰ্গত অন্তৰ্ভুক্ত হ’ব। ইলেকট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল’ব সেইটো নিদিষ্ট কৰে।
9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
উত্তৰঃ- কেলছিয়ামৰ (Ca) পৰমাণৱিক সংখ্যা = 20
ইলেকট্ৰনীয় বিন্যাস = 2. 8. 8. 2
গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2
যোজ্যতা = 2
গতিকে উল্লেখিত যি মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 2 হ’ব, সিয়ে Caৰ লগত মিলিব।
পাৰমাণৱিক সংখ্যা = 12
ইলেকট্ৰনীয় বিন্যাস = 2. 8. 2
পাৰমাণৱিক সংখ্যা = 19
ইলেকট্ৰনীয় বিন্যাস = 2. 8. 8. 1
পৰমাণৱিক সংখ্যা = 21
বিন্যাস = 2. 8. 8. 3
পাৰমাণৱিক সংখ্যা = 38
ইলেকট্ৰনীয় বিন্যাস = 2. 8. 18. 8. 2
গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ Ca ৰ লগত মিলে।
10. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা।
উত্তৰঃ-
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা |
আধুনিক পৰ্যাবৃত্ত তালিকা |
(1) মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা। |
(1) আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ
ওপৰত ভিত্তি কৰি সজা। |
(2) সংক্ৰমণশীল মৌল পৃথক কৰা হোৱা নাই। |
(2) সংক্ৰমণশীল মৌল পৃথক কৰা হৈছে। |
(3) মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ
কোনো কাম দিব নোৱাৰিলে । |
(3) এই তালিকাই ইলেকট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ
ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্ণনা দিছে। |
(4)
মেণ্ডেলিভৰ তালিকাত 8 টা বৰ্গ আৰু 6 টা পৰ্যায় আছে। |
(4)
18 টা বৰ্গ আৰু 7 টা পৰ্যায় আছে। |
BUY NOW
Kaberi Barman
(M.Sc in Chemistry)
Spelling checked by 一 Mampi Kakati
Post ID : DABP006257