সৌৰজগতৰ কথা । Lesson 15 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ১৫

সৌৰজগতৰ কথা


১। চমুকৈ উত্তৰ দিয়া-

(ক) সৌৰজগত কাক বোলে? 

উত্তৰঃ গ্ৰহ, উপগ্ৰহ, উল্কাপিণ্ড, গ্ৰহানুপুঞ্জ, ধুমকেতু আদিৰ সৈতে সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলা হয়।


(খ) মহাশূন্যত কোনবােৰ বস্তু ওপঙি আছে? 

উত্তৰঃ মহাশূণ্য়ত উপঙি থকা বস্তুবোৰ হৈছে- গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ, গ্ৰহাণু, ধুমকেতু আদি।


(গ) জ্যোতিষ্ক কাক বােলে? গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পার্থক্য কি? 

উত্তৰঃ 

গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পাৰ্থক্য় হৈছে-
    গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই। আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে।
    গ্ৰহবোৰ তিৰবিৰাই নাথাকে। আনহাতে নক্ষত্ৰবোৰ তিৰবিৰাই থাকে।


(ঘ) গ্ৰহৰ নিজা পােহৰ নাই, তথাপি আকাশত গ্রহবােৰ উজ্জ্বলি থাকে কিয়? 

উত্তৰঃ গ্ৰহৰ উপৰিভাগত নক্ষত্ৰৰ পোহৰ পৰি প্ৰতিফলিত হয়। সেইবাবে গ্ৰহবোৰ উজ্জ্বলি থাকে। 


(ঙ) সূর্য থকা তাৰকাপুঞ্জটোৰ নাম কি? এইটো নিশাৰ আকাশত কেনে দেখা যায়? 

উত্তৰঃ সূৰ্য থকা তাৰকাপুঞ্জটোৰ নাম হৈছে- হাতীপটি। 

    এইটো নিশাৰ আকাশত এইটো উত্তৰ দিশৰ পৰা দক্ষিণ দিশলৈ বৈ যোৱা এখন নদী যেন লাগে।


(চ) গ্রহাণুপুঞ্জ কি? কোন দুটা গ্ৰহৰ মাজত গ্রহাণুপুঞ্জ পৰিলক্ষিত হয়?

উত্তৰঃ গ্ৰহবোৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডিত টুকুৰাবোৰক গ্ৰহাণুপুঞ্জ বোলা হয়।

    বৃহস্পতি আৰু মঙল গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ পৰিলক্ষিত হয়।


(ছ) পপীয়া তৰা আৰু নেজাল তৰা কি? 

উত্তৰঃ মাজে মাজডে গ্ৰহবোৰৰ মাজৰ পৰা শিলাখণ্ড উফৰি আহি পৃথিৱীৰ বায়ুমণ্ডলত সোমায়। কিন্তু মাটিত পৰাৰ আগতে বায়ুমণ্ডলত ঘঁহনি খাই এইবোৰ জ্বলি শেষ হৈ যায়। এইবোৰক পপীয়া তৰা বোলা হয়।

    ধূমকেতুৰ এটা অংশ উজলি থকা নেজ এডালৰ দৰে হোৱাৰ বাবে ইয়াক নেজাল তৰা বুলি কোৱা হয়।


(জ) অভ্যন্তৰীয় গ্ৰহকেইটা কি কি? এইবােৰ কিহৰদ্বাৰা গঠিত? 

উত্তৰঃ আভ্য়ন্তৰীণ গ্ৰহকেইটা হৈছে- বুধ, শুক্ৰ, পৃথিৱী আৰু মঙল।

    এইবোৰ মূলতঃ লো আৰু শিলৰ দ্বাৰা গঠিত।


(ঝ) বহিঃ গ্রহকেইটা কি? এইবােৰ কিহৰদ্বাৰা গঠিত? 

উত্তৰঃ বহিঃ গ্ৰহকেইটা হৈছে- বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।

     এইবোৰ সাধাৰণতে হাইড্ৰ'জেন, হিলিয়াম, এম'নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত।


(ঞ) চন্দ্ৰ কলংক কি?

উত্তৰঃ চন্দ্ৰৰ উপৰিভাগত থকা দাগবোৰকে চন্দ্ৰ কলংক বোলা হয়।


(ট) ক্ষুদ্র গ্রহবােৰক কি বােলা হয়? এতিয়ালৈকে আৱিষ্কৃত ক্ষুদ্র গ্রহকেইটাৰ নাম লিখা।

উত্তৰঃ ক্ষুদ্ৰ গ্ৰহবোৰক গ্ৰহাণু বোলা হয়। এতিয়ালৈকে আৱিষ্কৃত ক্ষুদ্ৰ গ্ৰহকেইটা হৈছে- ছেৰিছ, প্লুটো আৰু এৰিছ।


(ঠ) মহাকাশলৈ যােৱা প্ৰথমজন মানুহৰ নাম কি? তেওঁ কোন দেশৰ লােক?

উত্তৰঃ মহাকাশলৈ যোৱা প্ৰথম লোকজনৰ নাম হৈছে- য়ুৰি গাগাৰিণ। তেওঁ ছোভিয়েট ৰাছিয়াৰ লোক।


(ড) চন্দ্ৰত প্ৰথমে পদার্পণ কৰা লোক দুজনৰ নাম কি? 

উত্তৰঃ চন্দ্ৰত প্ৰথমতে পদাৰ্পণ কৰা লোক দুজনৰ নাম হৈছে- নীল আৰ্মষ্ট্ৰং আৰু এডুইন আলড্ৰিন।


(ঢ) ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম কি? এইটো ক'ৰপৰা উৎক্ষেপণ কৰা হৈছিল?

উত্তৰঃ ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম হৈছে- আৰ্যভট্ৰ। এইটো ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (Indian Space Research Organisation) 


(দ) ধূমকেতু কাক বােলে? কোনবােৰ ধূমকেতু নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰবাৰ দেখা পােবা যায়?

উত্তৰঃ ধূমকেতু হৈছে আকাশত প্ৰৰিভ্ৰমণ কৰা বৰফৰ শিলাখণ্ড।

    হেইলী নামৰ ধূমকেতুটো ২৬ বছৰৰ মূৰত দেখা পোৱা যায়। 


(ধ) দিনত দেখা পােৱা জ্যোতিষ্কটোৰ নাম কি? দিনত আনবােৰ জ্যোতিষ্ক কিয় দেখা নাযায়?

উত্তৰঃ দিনত দেখা পোৱা জ্য়োতিষ্কটোৰ নাম হৈছে- সূৰ্য। দিনত সূৰ্যৰ পোহৰৰ বাবে আন জ্য়তিষ্কবোৰ দেখা পোৱা নাযায়।


(ন) গ্ৰহৰ ঘূর্ণন গতি কি? ইয়াৰ সৈতে সময়ৰ সম্পর্ক কি? 

উত্তৰঃ গ্ৰহে নিজ মেৰুদণ্ডত এপাক ঘূৰাকে ঘূৰ্ণন গতি বোলা হয়।

    পৃথিৱীক এপাক ঘূৰ্ণন গতিত ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড লাগে এই হিচাপ মতে পৃথিৱীত সময়ৰ গণনা কৰা হয়।


(প) গ্রহৰ পৰিভ্রমণ বুলিলে কি বুজ? ইয়াৰ সৈতে সময়ৰ সম্পর্ক কি?

উত্তৰঃ গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথত এপাক ঘূৰাকে গ্ৰহৰ পৰিভ্ৰমণ বোলা হয়।

    পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় ৩৬৫ দিন ৫ ঘণ্টা ৪৮ মিনিট ৪৫.৫ ঘণ্টা। এই হিচাপ মতে পৃথিৱীত বছৰৰ গণনা কৰা হয়।


২। খালী ঠাই পূৰণ কৰা— 

(ক) আমাৰ সৌৰজগতখন বিশ্বব্ৰহ্মাণ্ডৰ ৰ এটা ক্ষুদ্ৰ অংশ মাথোঁ।

(খ) জোনৰ পােহৰ পৃথিৱীত পৰিবলৈ সময় লাগে মাথােন ১.৩ ছেকেণ্ড। 

(গ) চন্দ্ৰ পৃথিৱীৰ একমাত্র উপগ্রহ। 

(ঘ) সৌৰজগতৰ গ্ৰহবােৰে সূৰ্যক প্রদক্ষিণ কৰে। 

(ঙ) উপগ্রহই গ্ৰহক প্রদক্ষিণ কৰে । 

(চ) গ্রহৰ  উপবৃত্তাকাৰ ।

(ছ) বৃহস্পতিৰ বাবে যি সময় এবছৰ, সেই সময় পৃথিৱীৰ বাবে প্ৰায় ১২ বছৰ।





Post ID : DABP006345