পৃথিৱীৰ পৰিৱেশ । Lesson 18 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ১৮

পৃথিৱীৰ পৰিৱেশ


১। চমুকৈ উত্তৰ দিয়া— 

(ক) পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশ কেইপ্রকাৰৰ? 

উত্তৰঃ আমাৰ চৌপাশে থকা বস্তুবোৰ আৰু বস্তুবোৰে সৃষ্টি কৰা অৱস্থাটোকে পৰিৱেশ বুলিব পাৰি।

    পৰিৱেশ দুই প্ৰকাৰৰ।


(খ) প্রাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ তিনিটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ উদাহৰণ হৈছে- বিজুলী-ঢেৰেকনি, ভূমিকম্প আৰু ধুমুহা।

    আৰু মানৱ সৃষ্ট পৰিৱেশৰ উদাহৰণ হৈছে- গাড়ী-মটৰৰ শব্দ, দোকান-বজাৰ আৰু ঘৰ-দুৱাৰ।


(গ) বিষুৱীয় অঞ্চলত গৰম বেছি কিয়? 

উত্তৰঃ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে এই অঞ্চলত গৰম বেছি হয়।


(ঘ) কোন অঞ্চলত ছমাহ দিন আৰু ছমাহ ৰাতি হয়?

উত্তৰঃ মেৰু অঞ্চলত ছমাহ দিন আৰু ছমাহ ৰাতি হয়।


(ঙ) ঈগলু কি? এস্কিম'সকলে কি খাই জীয়াই থাকে?

উত্তৰঃ ঈগলু হৈছে বৰফৰ দেশত কুকুৰে টনা এবিধ গাড়ী।

    এস্কিমসকলে মাংস খাই জীয়াই থাকে।


(চ) মৰুভূমিত বাস কৰা মানুহে সর্বশৰীৰ কাপােৰেৰে ঢাকি লৈহে ফুৰা-চকা কৰে কিয়?

উত্তৰঃ মৰুভুমিত বাস কৰা মানুহে ধূলি-বতাহৰ পৰা ৰক্ষা পাবলৈ সৰ্বশৰীৰ কাপোৰেৰে ঢাকি লৈহে ফুৰা-চকা কৰে।


(ছ) স্থলমণ্ডল আৰু জলমণ্ডলক কিহে আৱৰি আছে? 

উত্তৰঃ স্থলমণ্ডল আৰু জলমণ্ডলক বায়ুৰ এটা আৱৰণে আৱৰি আছে।


(জ) পৃথিৱীৰ কোনটো অঞ্চলত বেছি গৰমাে নাই, ঠাণ্ডাও নাই?

উত্তৰঃ পৃথিৱীৰ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ওচৰে-পাঁজৰে বেছি গৰমো নহয় আৰু ঠাণ্ডাও নহয়।


২। অৰণ্য নাইকিয়া হলে পৰিৱেশত কি পৰিৱর্তন ঘটে? 

উত্তৰঃ অৰণ্য় নাইকিয়া হ'লে পৰিৱেশত বৰষুণৰ মাত্ৰা কমি যাব। আৰু অক্সিজেনৰ পৰিমাণ কমি গৈ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব।


৩। বিল এখন পুতি পেলালে পৰিৱেশৰ কি পৰিবর্তন ঘটে? 

উত্তৰঃ বিল এখন পুতি পেলালে। এখন সমতল ভূমিৰ সৃষ্টি হ'ব। বিলত থকা মাছ-পুথিবোৰৰ থাকিবলৈ ঠাই নোহোৱা হ'ব। সেই ঠাইত থকা চৰাইবোৰৰ খাবলৈ খাদ্য় নোহোৱা হ'ব। ফলত নানান সমস্য়াই দেখা দিব।


৪। মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত থকা বিৰােধৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত বিৰোধৰ এটা উদাহৰণ হৈছে- ৰাতি ফৰকাল আকাশত পূৰ্ণিমাৰ জোনটোৱে সৃষ্টি কৰা পৰিৱেশ আৰু বিভিন্ন ধৰণৰ ৰঙীন বাল্বে সৃষ্টি কৰা ৰাতিতকৈ সম্পূৰ্ণ পৃথক।


৫। প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ প্ৰকৃতিৰ সৈতে মানুহ আৰু আন জীৱ-জন্তুৰ সম্বন্ধ আছে। সেয়েহে আমি গছপুলি ৰুব লাগিব। হাবি-বন, অৰণ্য়বোৰ ৰক্ষা কৰিব লাগিব। অৰণ্য় নাথাকিলে বাঘ, ভালুক, শিয়াল হৰিণ আদি প্ৰাণীবোৰৰ আশ্ৰয়স্থল নোহোৱা হ'ব। জলাশয়বোৰো ৰক্ষা কৰিব লাগিব। জলাশয় নাথাকিলে অৰণ্য়ৰ জন্তুবোৰৰ পানীৰ উৎস নোহোৱা হ'ব। এনেদৰে পৰিৱেশৰ ভাৰসাম্য় ৰক্ষা কৰিব লাগিব।


৬। খালী ঠাই পূৰণ কৰা— 

(ক) স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলত থকা জীৱবােৰক লৈয়েই পৃথিৱীৰ জীৱমণ্ডল

(খ) জীৱৰ চৌপাশে থকা অৱস্থাটোৱেই পৰিৱেশ


৭। অৰণ্যৰ ধ্বংস ৰােধ কৰিবলৈ আমি কি কৰিব লাগে?

উত্তৰঃ অৰণ্য় ধ্বংস ৰোধ কৰিবলৈ আমাৰ বহুতো কৰণীয় আছে। আমি যদি এডাল গছপুলি কাটো তেন্তে আন এটা গছপুলি ৰুব লাগে। হাবি-বন আদিবোৰ ৰক্ষা কৰিব লাগে। খাল-বিল পুতি পেলালেই নহ'ব। জলাশয়বোৰ ৰক্ষাও কৰিব লাগিব। তেতিয়া ইয়াত থকা পশু-পক্ষীবোৰে আনন্দমনে বসবাস কৰিব পাৰিব। বৃক্ষৰোপন কৰিব লাগিব।







Post ID : DABP006362