পাঠ ১৭

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ



১। মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰঃ মহাসাগৰ পাঁচখন। সেইবোৰ হৈছে- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।


২। কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ মহাসাগৰখনৰ গড় গভীৰতা কিমান?

উত্তৰঃ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ মহাসাাগৰখনৰ গড় গভীৰতা হৈছে- ৪০২৮।


৩। পৃথিৱীৰ ভিতৰত মহাসাগৰৰ কোনটো অঞ্চল আটাইতকৈ দ? ইয়াৰ গভীৰতা কিমান?

উত্তৰঃ পৃথিৱীৰ ভিতৰত মহাসাগৰৰ মেৰিয়ানা ট্ৰেন্স অঞ্চল আটাইতকৈ দ। ইয়াৰ গভীৰতা ১১.৭৬৬ কিলোমিটাৰ।


৪। খালী ঠাই পূৰণ কৰা— 

(ক) জাপান আৰু নিউজিলেণ্ড হ’ল প্ৰশান্ত মহাসাগৰ মহাসাগৰৰ দ্বীপ। 

(খ) সাগৰত জাহাজ চলা নির্দিষ্ট পথবােৰক সাগৰীয় পথ বােলে। 

(গ) চেন্নাইত থকা প্রসিদ্ধ সমুদ্র তীৰটোৰ নাম মেৰিনা। 

(ঘ) দক্ষিণ মহাসাগৰখন ডাঠ বৰফে ৰে ঢাক খাই আছে।

(ঙ) প্ৰশান্ত মহাসাগৰত দ্বীপৰ সংখ্যা বেছি।


৫। সাগৰ আৰু মহাসাগৰৰ তলিবােৰ সমাননে? ইয়াত কি কি থাকে? 

উত্তৰঃ সাগৰ আৰু মহাসাগৰৰ তলিবোৰ সমান নহয়।

    ইয়াত নানাবিধ উদ্ভিদ আছে; তদুপৰি সমুদ্ৰ গৰ্ভত আছে বহুতো মূল্য়বান খনিজ সম্পদ।


৬। কোনবােৰ সাগৰৰ পানী বেছি লুণীয়া হয়?

উত্তৰঃ যিবোৰ সাগৰত বৰষুণ কম হয় বা বোৱঁতী নৈ লগ নালাগে সেইবোৰ সাগৰৰ পানী বেছি লুণীয়া হয়। বাষ্পীভৱন বেছি হ'লেও সাগৰৰ পানী লুণীয়া হয়।


৭। মহাসাগৰীয় সোঁতৰ দুটা কাৰণ লিখা?

উত্তৰঃ সাধাৰণতে জলপৃষেঠত উষ্ণতা তাৰতম্য় ঘটিলে গৰম অংশৰ পৰা চেঁচা অংশলৈ সাগৰীয় সোঁত বয়। বতাহৰ বাবেও সাগৰীয় সোঁত বৈ থকা দেখা যায়।


৮। মহাদেশ কেইখন আৰু কি কি? কোনখন মহাদেশত মানুহৰ বসতি নাই? 

উত্তৰঃ মহাদেশ সাত খন। সেইকেইখন হৈছে- এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা, ইউৰোপ আৰু ওছেনিয়া।

    এণ্টাকৰ্টিকা মহাদেশত মানুহৰ বসতি নাই।


৯। উত্তৰ লিখাঃ 

(ক) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ এছিয়া মহাদেশৰ জনসংখ্য়া আটাইতকৈ বেছি।


(খ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম?

উত্তৰঃ ওছেনিয়া মহাদেশৰ জনসংখ্য়া আটাইতকৈ কম।


(গ) কোনখন মহাদেশত জনসংখ্যা প্রতিবছৰে কমি আছে? 

উত্তৰঃ ইউৰোপ মহাদেশৰ জনসংখ্য়া প্ৰতিবছৰে কমি আছে।


(ঘ) ইউৰেছিয়া বুলিলে কি বুজা?

উত্তৰঃ ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজত কোনো মহাসাগৰ নাই। মহাদেশ দুখনৰ স্থলভাগ বিচ্ছিন্ন নহয়। এই দুখন মহাদেশক একেলগে ইউৰেছিয়া বোলা হয়।


(ঙ) তলত দিয়া দেশবােৰ কোন মহাদেশত অৱস্থিত লিখা—

 অষ্ট্রেলিয়া, ভূটান, নেপাল, কোৰিয়া, কংগাে, ইণ্ডোনেছিয়া, ছুইডেন, তুৰস্ক, কানাডা, নিউজিলেণ্ড, ব্রাজিল ।

উত্তৰঃ

অষ্ট্ৰেলিয়া - ওছেনিয়া।
ভূটান - এছিয়া।
নেপাল - এছিয়া।
কোৰিয়া - এছিয়া।
কংগো - আফ্ৰিকা।
ইণ্ডোনেছিয়া - এছিয়া।
ছুইডেন - ইউৰোপ।
তুৰস্ক - এছিয়া।
কানাডা - উত্তৰ আমেৰিকা।
নিউজিলেণ্ড - ওছেনিয়া।
ব্ৰাজিল - দক্ষিণ আফ্ৰিকা।



Check by- Mukesh Borah 



Post ID : DABP006346