পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি | অধ্য়ায় ২ | Chapter 2 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Question and Answer | HS Second Year Geography |
পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি
অধ্যায় ২
অনুশীলনী
1.নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i)নিম্নলিখিত মহাদেশ কেইখনৰ, কোন খনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটেঃ-
a) আফ্ৰিকা, b) দক্ষিন আমেৰিকা,
c) এচিয়া, d) উত্তৰ আমেৰিকা।
উত্তৰঃ (a)আফ্ৰিকা
(ii) তলত উল্লেখ কৰা কোনটো অঞ্চল বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয়ঃ-
a) আটাকামা b) দক্ষিন পূব এচিয়া
C) বিষুবীয় আঞ্চল d) মেৰু অঞ্চল।
উত্তৰঃ (b) দক্ষিণ পূৱ এচিয়া
(iii) নিম্নলিখিত কোনটো বিকৰ্ষক কাৰক নহয়ঃ-
(a) পানীৰ নাটনি (b) চিকিৎসা / শৈক্ষিক সা-সুবিধা, (c) নিযুক্তি থকা (d) মহামাৰী
উত্তৰঃ (b)চিকিৎসা / শৈক্ষিক সা-সুবিধা ।
(iv) তলত উল্লেখ কৰা সমূহৰ কোনটো শুদ্ধ তথ্য নহয়।
a) যোৱা ৫০০ বছৰ জুৰি, জনসংখ্যা, দহ গুণতকৈও আধিক বৃদ্ধি পাইছে;
b) প্ৰতি বছৰে প্ৰায় ৮০ নিযুত ব্যক্তি পৃথিৱীৰ মুঠ জনসংখ্যাৰ লগত লগ লাগে;
c) ৫ মহাপদ্মৰ পৰা ৬ মহাপদ্মলৈকে জনসংখ্যা বৃদ্ধি পাওঁতে ১০০ বছৰ সময় লয়;
d) জনসংখ্যিক অবস্থান্তৰ প্ৰথম খলপটোত, জনসংখ্যাৰ বৃদ্ধি উচ্চতম হাৰত ঘটে।
উত্তৰঃ (c)৫ মহাপদ্মৰ পৰা ৬ মহাপদ্মলৈকে জনসংখ্যা বৃদ্ধি পাওঁতে ১০০ বছৰ সময় লয় ।
2. নিম্নলিখিত প্ৰশ্নসমূহৰ প্ৰায় ৩০টা মান শব্দৰে উত্তৰ দিয়া।
(i) জনসংখ্যা বিতৰণত প্ৰভাব বিস্তাৰ কৰা তিনিটা ভৌগলিক কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ- (১)পানীৰ প্ৰাপ্যতা- জীৱন ধাৰণৰ কাৰণে পানী এক অপৰিহাৰ্য অংগ। গা ধুবলৈ, ৰন্ধাবঢ়া কৰিবলৈ আদি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয় । এই বিলাক কাৰণতে নদীৰ উপত্যাকাবোৰ, পৃথিৱীৰ আটাইতকৈ বেছি ঘন বসতিপূৰ্ণ অঞ্চলত পৰিণত হৈছে ।
(২)স্থলাকৃতি- মানুহে সদায় সমতল ভূমি অঞ্চলত বসবাস কৰিবলৈ অগ্ৰাধিকাৰ হয় । কাৰণ এনে অঞ্চলত শস্য ভাল হয়।পাহাৰীয়া অঞ্চলত খেতি ভাল নহয় তাৰোপৰি ৰাষ্টা-ঘাট বেয়া হয় ।সেইকাৰণে এনে অঞ্চলত বসতি পাতল হয় ।
(৩)জলবায়ু- আৰামদায়ক জলবায়ু যুক্ত অঞ্চলবোৰত যত ঋতুভেদে বতৰৰ বেছি প্ৰভাৱ নপৰে তেনে ঠাইক মানুহে বেছিকৈ আকৰ্ষন কৰে । আৰু সেইকাৰণে তেনে অঞ্চলত বসতি ঘন হয় ।
(৪)মাটি- কৃষিৰ বা আন কিছুমান কামৰ বাবে সাৰুৱা মাটিৰ প্ৰয়োজন ।সেয়েহে এনে মাটিৰ অঞ্চলত বসতি ঘন হয় ।
(ii) পৃথিৱীত, অধিকতম ঘনজন বসৰ্তিপূৰ্ণ অঞ্চল কেইটামান আছে। কিয় এনে হোৱা দেখা যায়?
উত্তৰঃ- পৃথিৱীত, অধিকতম ঘনজন বসৰ্তিপূৰ্ণ অঞ্চল কেইটামান আছে। ইয়াৰ জনবসতি ঘন হোৱাৰ বিভিন্ন কাৰণ আছে তাৰ ভিতৰত মূল কাৰণ কেইটা হল -
১)স্থলাকৃতি- মানুহে সদায় সমতল ভূমি অঞ্চলত বসবাস কৰিবলৈ অগ্ৰাধিকাৰ হয় । কাৰণ এনে অঞ্চলত শস্য ভাল হয়।পাহাৰীয়া অঞ্চলত খেতি ভাল নহয় তাৰোপৰি ৰাষ্টা-ঘাট বেয়া হয় ।সেইকাৰণে এনে অঞ্চলত বসতি পাতল হয় ।
২)জলবায়ু- আৰামদায়ক জলবায়ু যুক্ত অঞ্চলবোৰত যত ঋতুভেদে বতৰৰ বেছি প্ৰভাৱ নপৰে তেনে ঠাইক মানুহে বেছিকৈ আকৰ্ষন কৰে । আৰু সেইকাৰণে তেনে অঞ্চলত বসতি ঘন হয় ।
৩)মাটি- কৃষিৰ বা আন কিছুমান কামৰ বাবে সাৰুৱা মাটিৰ প্ৰয়োজন ।সেয়েহে এনে মাটিৰ অঞ্চলত বসতি ঘন হয় ।
উত্তৰঃ- জনসংখ্যা পৰিবৰ্তনৰ তিনিটা উপাংশ হল- জন্ম,মৃত্যু আৰু প্ৰৱজন ।
অপৈনত জন্মৰ হাৰ CBR কোনো এটা বছৰত, এহেজাৰ জনে প্ৰতি থকা জীৱিত জন্মৰ সংখ্যাক অপৈনত জন্ম হাৰ হিচাপে প্ৰকাশ কৰা হয় ।ইয়াক এনেধৰণে গণনা কৰিব পাৰি ঃ
ইয়াত, CBR=অপৈনত জন্মৰ হাৰ
Bi= চলিত বছৰটোৰ জীৱিত জন্ম সংখ্যা
P= অঞ্চলটোৰ মধ্যবৰ্ষীয় জনসংখ্যা ।
3. পাৰ্থক্য দেখুওৱাঃ
(i) জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ।
উত্তৰঃ-
(ii) প্ৰব্ৰজনৰ বিকৰ্ষক আৰু আকৰ্ষক কাৰক সমূহ।
উত্তৰঃ- প্ৰৱজনৰ বিকৰ্ষক কাৰকবোৰ হল -নিৱনুৱা সমস্যা, অনুন্নত শিক্ষা ব্যৱস্থা, যুদ্ধ,মহামাৰী,অস্বাস্থ্যকৰ পৰিৱেশ,যাতায়ত ব্যৱস্থাৰ অসুবিধা,কৰ্মসংস্থাপনৰ অসুবিধা ইত্যাদি ।
আনহাতে, আকৰ্ষক কাৰকবোৰ হল- নিয়োগ সুবিধা, নিৰাপত্তা,উন্নত চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, সুলভ আৰু সহজ যাতায়ত সুবিধা, ভাল বজাৰ ব্যৱস্থা আৰু স্বাস্থ্যকৰ পৰিৱেশ ।
4.নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ ১৫০টা মান শব্দৰে লিখা।
(i) পৃথিৱীৰ জনসংখ্যাৰ, বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰক সমূহ আলোচনা কৰা।
উত্তৰঃ- ১)স্থলাকৃতি- মানুহে সদায় সমতল ভূমি অঞ্চলত বসবাস কৰিবলৈ অগ্ৰাধিকাৰ হয় । কাৰণ এনে অঞ্চলত শস্য উৎপাদন কৰাত আৰু ৰাস্তাঘাট নিৰ্মান আৰু উদ্যোগ প্ৰতিষ্ঠান গঢ় দিয়াৰ বাবে উপযোগী। পাৰ্বত্য় আৰু পাহাৰীয়া ভূ-আকৃতিয়ে যাতায়তৰ প্ৰসাৰণত বাধাৰ সৃষ্টি কৰে আৰু সেয়েহে প্ৰাৰম্ভিক অবস্থাত কৃষি আৰু উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত সহায়ক নহয়। সেইকাৰণে এনে অঞ্চলত বসতি পাতল হয় । পৃথিৱীৰ ভিতৰতে, গঙ্গা সমভূমি অঞ্চলত বসতি বৰ ঘন, আনহাতে হিমালয় পাৰ্বত্য এলেকা সমূহত জনবসতি সেৰেঙা ।
২)জলবায়ু- মানুহৰ বসতি বিস্তাৰৰ বাবে চৰম জলবায়ু যেনে অত্যাধিক গৰম অথবা শীতল মৰুভূমি, মুঠেও আৰামদায়ক নহয় । আৰামদায়ক জলবায়ু যুক্ত অঞ্চলবোৰত যত ঋতুভেদে বতৰৰ বেছি প্ৰভাৱ নপৰে তেনে ঠাইক মানুহে বেছিকৈ আকৰ্ষন কৰে । আৰু সেইকাৰণে তেনে অঞ্চলত বসতি ঘন হয় । খুউব বেছি বৃষ্টিপাত যুক্ত অঞ্চল অথবা চৰম ভাবাপন্ন জলবায়ু যুক্ত অঞ্চল বোৰত মানুহৰ বসতি কম হয় । প্ৰাক-ঐতিহাসিক যুগৰে পৰা স্বাস্থ্যকৰ জলবায়ুৰ বাবেই ভূমধ্যসাগৰীয় অঞ্চল সমূহত মানুহে বসতি কৰি আহিছে ।
৩)মাটি- কৃষিৰ বা আন কিছুমান কামৰ বাবে সাৰুৱা মাটিৰ প্ৰয়োজন । সাৰুৱা বালিঅঁহীয়া মাটিয়ে যিহেতু বিস্তত্ব কৃষিকাৰ্যত সহায় কৰিব পাৰে, সেয়েহে এনে মাটিযুক্ত অঞ্চলবোৰত বসতি ঘন হয় ।
(ii) জনসংখ্যিক অৱস্থান্তৰ, তিনিটা স্তৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- প্ৰথমটোত বেছি উৰ্বৰতা আৰু বেছি মৰণশীলতা আছে কাৰণ, মহামাৰী আৰু বিভিন্নতা থকা আহাৰৰ যোগানৰ পৰা হোৱা মৃত্যু ক্ষতিপূৰণ কৰিবলৈ মানুহ বেছি প্ৰজননশীল হয় । জনসংখ্যাৰ বৃদ্ধিৰ গতি ধীৰ হয় আৰু বেছিভাগ মানুহেই কৃষিবৃত্তি অবলম্বন কৰে, যত ডাঙৰ পৰিয়াল বোৰ একোটা সম্পত্তিৰ লেখীয়া ।জীৱনৰ প্ৰত্যাশা নিম্নমানৰ, মানুহৰ বেছিভাগেই অশিক্ষিত আৰু নিম্নস্তৰৰ প্ৰযুক্তিৰ প্ৰয়োগ কৰে । পৃথিবীৰ সকলোবোৰ দেশেই দুশ বছৰৰ আগেয়ে, এইটো স্তৰৰ আছিল ।
দ্বিতীয় খলপটোত, আৰম্ভনিতে উচ্চ পৰ্য্যায়ৰ উৰ্বৰতা থাকে যদিও সময়ৰ লগে লগে হ্ৰাস পাবলৈ ধৰে । ইয়াৰ লগত নিম্ন মৰণশীলতাৰ হাৰ, সাঙোৰ খাই পৰে । স্বাস্থ্য বিধিসন্মত অবস্থাৰ উযুক্তাক্ষৰৎকৰ্য সাধন আৰু স্বাস্থ্যৰ অবস্থাই,মৰণশীলতা,কমি আহে ফলত,জনসংখ্যাত হোৱা আচল যোগদান,উচ্চতৰ হয় ।
শেষৰ স্তৰত উৰ্বৰতা আৰু মৰণশীলতা,দুয়োটাই তললৈ নামি যায়। জনসংখ্যা,সুস্থিৰ অথবা লাহে ধীৰে বৃদ্ধি পাবলৈ ধৰে। জনসংখ্যাৰ নগৰীকৰণ হোৱাৰ লগতে শিক্ষিত হয় আৰু উচ্চ প্ৰযুক্তিকৰণৰ জ্ঞান লাভ কৰে আৰু উদ্দেশ্যমূলকভাৱে পৰিয়ালৰ নিয়ন্ত্ৰণ কৰিব পৰা হয় । ইয়াৰ দ্ধাৰা বুজিব পৰা যায় যে,মানৱ জাতি চৰমভাৱে নমনীয় আৰু তেওঁলোকে উৰ্বৰতা ঠিক কৰিবলৈকো সমৰ্থবান । বৰ্তমান সময়ত, বিভিন্ন দেশবোৰ,বিভিন্ন জনসাংখ্যিক অৱস্থান্তৰত আছে ।
মানচিত্ৰ কৌশল
সীমাৰেখা যুক্ত ভূ-মানচিত্ৰ খনত, নিম্নলিখিত সমূহৰ নাম লিখা আৰু দেখুওৱা।
(i) জনসংখ্যাক ঋণাত্মক হাৰত বৃদ্ধি ঘটা, ইউৰোপ আৰু এচিয়াৰ দেশসমূহ।
(ii) তিনি শতাংশতকৈও অধিক হাৰত জনসংখ্যাৰ বৃদ্ধিৰ সৈতে থকা আফ্ৰিকাৰ দেশসমূহ।
আঁচনি/ ক্ৰিয়াকলাপ
(i) তোমালোকৰ পৰিয়ালৰ কোনোবা সদস্যই প্ৰব্ৰজন কৰিছেনে? তেখেতৰ (মহিলা/ পুৰুষ) গন্তব্য ঠাইখনৰ বিষয়ে লিখা। কিহৰ কাৰণে তেখেতে প্ৰব্ৰজন কৰিছে।
উত্তৰঃ- নাই কৰা ।
(ii) তোমাৰ ৰাজ্যৰখনৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ এটা চমুটোকা লিখা।
উত্তৰঃ- 2011 চনৰ লোকপিয়লৰ মতে, অসমৰ মুঠ জনসংখ্যা হৈছে 3.12 কোটি। এনেদৰে ২০১১ চনত অসমৰ জনসংখ্যা ভাৰতৰ ২.৫৮ শতাংশ। অসমত মুঠ জনসংখ্যা ৩১,২০৫,৫৭৬ জন য'ত পুৰুষৰ সংখ্যা আছিল ১৫,৯৩৯,৪৪৩ জন আৰু মহিলাৰ সংখ্যা আছিল ১৫,২৬৬,১৩৩ জন।
অসমৰ মুঠ এলেকা হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। এনেদৰে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ যি প্ৰতি বৰ্গ কিলোমিটাৰত ৰাষ্ট্ৰীয় গড় ৩৮২ তকৈ অধিক।
অসমী প্ৰধান থলুৱা আৰু চৰকাৰী ভাষা আনহাতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ চৰকাৰী ভাষা হৈছে বঙালী। অসমতো শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী থকা কেইবাখনো বিদ্যালয় আছে। ২০১১ চনৰ ভাষা লোকপিয়ল অনুসৰি, মুঠ ১, ৫৩, ১১,৩৫১ জন লোকে মাতৃভাষা হিচাপে অসম ভাষা ব্যৱহাৰ কৰিছিল আৰু ভাৰতত কোৱা ২২ টা অনুসূচীত ভাষাৰ ভিতৰত ভাষাটো ১২ নম্বৰত আছে। 2011 চনৰ লোকপিয়ল অধ্যয়ন অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ 66.27%।
Type- Nayan Jyoti Bordoloi
Author- Leena kakati B.A 1st semester
Post ID : DABP006446