Chapter 4
কাৰ্বন আৰু তাৰ যৌগ
👉MCQ Online Exam
👉MCQ Answer
প্ৰশ্নাৱলীঃ
1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ পাওঁ?
উত্তৰঃ- কাৰ্বনৰ যি দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন-যৌগ পাওঁ সেই দুটা হ’ল一
(i) কাৰ্বন শৃংখল বা কেটেনেচন ধৰ্ম।
(ii) সমযৌগী যৌগ (Isomer) গঠন ধৰ্ম।
ব্ৰম’পেন্টেনৰ সমযোগী সম্ভৱ।
সমযোগীবোৰ হ’ল 一 (i) ব্ৰম’পেন্টেন, (ii) ব্ৰম’পেন্টেন, (iii) ব্ৰম’পেন্টেন।
উত্তৰঃ- (i) ব্ৰম’ইথেন (Bromoethane)
(ii) মিথানল
(iii) হেক্স-I-আইন
প্ৰশ্নাৱলীঃ
1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
উত্তৰঃ-
পৰীক্ষা |
এলক’হল |
কাৰ্বক্সিলিক
এছিড |
(১) লিটমাছ
পৰীক্ষা। |
বৰণৰ পৰিৱৰ্তন নহয়। |
নীলা লিটমাছ ৰঙা হয়। |
(২) ছ’ডিয়াম
কাৰ্বনেট পৰীক্ষা। |
কোনো বিক্ৰিয়া নহয়। |
তীব্ৰ শব্দ কৰি ফেণ বাহিৰ হয়। |
(৩) ছ’ডিয়াম
মেটেল পৰীক্ষা। |
ফেণ
আকাৰত ওলাই আহে। |
বাহিৰ হয়। |
প্ৰশ্নাৱলীঃ
1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পৰিবানে?
উত্তৰঃ- নোৱাৰিম। কাৰণ অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে। গতিকে পানী কঠিন নে কোমল কব পৰা টান।
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (Washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?
উত্তৰঃ- লেতেৰা কাপোৰত গ্ৰিজ বা তেল জাতীয় কণা থাকে। পানীত তিয়াই চাবোন ঘঁহাৰ লগে লগে তাত মাইছেলি উৎপন্ন হয়। মাইছেলি বা কণাপুঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মলিক আগুৰি ধৰি ৰাখে। যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয়, তেতিয়া মলিসহ মাইছেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিষ্কাৰ হৈ পৰে।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কৰী মূলক হ’ল 一
(a) কাৰ্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট’ন
(d) এলকহল
উত্তৰঃ- (c) কিট’ন।
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো 一
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয়।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়।
উত্তৰঃ- (b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহয়।
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।
উত্তৰঃ- ভৌতিক ধৰ্মঃ-
ইথানল |
ইথানয়িক এচিড |
(১) সাধাৰণ গোন্ধ। |
(১) উগ্ৰ গোন্ধ। |
(২) গলনাংক 196 K |
(২) গলনাংক 290 K |
(৩) উতলাংক 78.C |
(৩) উতলাংক 118.C |
ৰাসায়নিক ধৰ্মঃ-
8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?
উত্তৰঃ- পানীত চাবোন দিলে, ইয়াৰ উদাসীণ হাইড্ৰ’কাৰ্বন মূৰটোৱে পানীৰ ভিতৰফালে আৰু আধানযুক্ত মূৰ বাহিৰফালে ওলাই আহে। ইয়াক মাইচেলি (Mecelle) বোলে। মাইছেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায়।
ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে। কিয়নো ইয়াত মাইছেলি গঠন নহয়।
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কিদৰে সৃষ্টি হয়? ব্যাখ্যা কৰা।
উত্তৰঃ- কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱন দ্ৰৱীভূত হৈ থাকে। যেতিয়া এনে পানীত চাবোন ঘঁহা হয়, তেতিয়া চাবোনে এই লৱনৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছ’ডিয়াম বা পটাছিয়াম বা লৱন উৎপন্ন কৰে। এইবোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয়।
11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
উত্তৰঃ- চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাচ কাগজ নীলা কৰে আৰু নীলা লিটমাচ কাগজৰ বৰণ পৰিৱৰ্তন কৰে।
14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ- মাখন এটা সংপৃক্ত হাইড্ৰ’কাৰ্বন। আনহাতে, খোৱা তেল অসংপৃক্ত হাইড্ৰ’কাৰ্বন। অসংপৃক্ত হাইড্ৰ’কাৰ্বনৰ দ্ৰৱত ব্ৰমিন যোগ কৰিলে, ব্ৰমিনৰ মুগা বৰণ অদৃশ্য হয়। কিন্তু, সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ আৰু ব্ৰমিনৰ কোনো বিক্ৰিয়া নহয়। যেতিয়া ব্ৰমিন ৰন্ধন তেলত যোগ কৰা হয়, তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰমিন যোগ কৰিলে, ইয়াৰ ৰঙে মুগা বৰণ ধাৰণ কৰে।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।
উত্তৰঃ- চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া – চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে।
চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয়। আয়নিক মূৰবোৰ পানী প্ৰেমী আৰু হাইড্ৰ’কাৰ্বনযুক্ত মেৰু পানী ঘৃণী। যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়।
যেতিয়া কাপোৰখন থুচি দিয়া হয় ত্তিয়া তেল বা গ্ৰীজৰ কণিকাবোৰৰ সৈতে হাইড্ৰ’কাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয়। তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিষ্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিষ্কাৰ হয়।
Buy Our Best Quality Answer Bank Only 59/- Rupees Get All Chapter
BUY NOW
Kaberi Barman
(M.SC in Chemistry)
Spelling checked by 一 Mampi Kakati
Post ID : DABP006179