আন্তৰ্জাতিক বাণিজ্য |  অধ্যায় ৯ | Chapter 9 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Question Answer | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | 



অধ্যায় ৯

আন্তৰ্জাতিক বাণিজ্য

অনুশীলনী

1. তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱাঃ-

(i) পৃথিৱীৰ বৃহৎ বন্দৰবোৰ হলঃ-

a) নাবিক বন্দৰ,             b) তৈল বন্দৰ,

c) সামূহিক বন্দৰ,            d) শিল্প বন্দৰ।


(ii) তলত উল্লেখ কৰা কোনখন মহাদেশত বিশ্ববাণিজ্যৰ প্ৰবাহ আটাইতকৈ বেছিঃ-

a) এচিয়া,                 b) উত্তৰ আমেৰিকা,

c) ইউৰোপ,                d) আফ্ৰিকা।

(iii) দক্ষিন আমেৰিকাৰ কোনখন দেশ OPEC খণ্ডৰ অন্তৰ্গতঃ-

a) ব্ৰাজিল,                 b) চিলি,

c) ভেনিজুৱেলা,               d) পেৰু।

উত্তৰঃ c) ভেনিজুৱেলা

(Iv) তলত উল্লেখ কৰা বাণিজ্যৰখণ্ডৰ ভিতৰত ভাৰতবৰ্ষ কোনটোৰ সহযোগী সদস্যঃ-

a) SAFTA,            b) OECD,

c) ASEAN,           d) OPEC

উত্তৰঃ a) SAFTA 

2. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া-

(i) বিশ্ববাণিজ্য সন্থাৰ প্ৰাথমিক কাৰ্য কি? 

উত্তৰঃ  বিশ্ববাণিজ্য সন্থাৰ প্ৰাথমিক কাৰ্য হল - উচ্চ হাৰত দ্ৰব্যমূল্য ক্ৰয়ৰ পৰা ৰক্ষা কৰিবলৈ আবকাৰী শুল্ক আৰু অন্যান্য বাধা আতৰাবলৈ কিছুমান ৰাষ্ট্ৰই গেট চুক্তি স্বাক্ষৰ কৰে । বিশ্ববাণিজ্য সন্থাই  বিশ্ববাণিজ্য নীতি প্ৰস্তুত আৰু গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰৰ মাজত থকা মতবিৰোধ দূৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা ।

(ii) পৰিশোধ ভাৰাসাম্য নেতিবাচক হলে দেশখনৰ বাবে পৰিপন্থি হয় কিয়?


3. নিম্ন উল্লেখিত প্ৰশ্নবোৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) বাণিজ্যৰ ক্ষেত্ৰত বন্দৰ বোৰৰ প্ৰয়োজনীয়তা কি যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰঃ বাণিজ্যৰ ক্ষেত্ৰত বন্দৰ বোৰৰ প্ৰয়োজনীয়তা আছে।  কাৰণ আন্তজাৰ্তিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্ধাৰ হল বন্দৰ। মাল আৰু যাত্ৰী এই দুয়োটাই বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজেৰে এখন দেশৰ পৰা আনখন দেশলৈ অহাযোৱা কৰে । বন্দৰ বোৰত আমদানি আৰু ৰপ্তানিকৃত দ্ৰব্যবোৰ উঠানমাৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰয়োজন অনুসৰি সাধাৰণ আৰু শীততাপ নিয়ন্ত্ৰিত ভড়াল গৃহৰ ব্যৱস্থা কৰা হয়। কোনো এটা বন্দৰত দৈনিক অনা-নিয়া সামগ্ৰীৰ পৰিমাণ, অহা-যোৱা কৰা জাহাজৰ সংখ্যা আৰু আকাৰ আদিয়ে বন্দৰটোৰ ব্যস্ততা আৰু গুৰুত্বৰ বিষয়ে আভাষ দিয়ে । মাল-বস্তুৰ পৰিমাণে বন্দৰটোৰ পোতাশ্ৰয় কি কি বিষয়ত কিমান সমৃদ্ধিশালী সেই বিষয়ে বুজায় ।

    কিছুমান বন্দৰ শিল্পদ্ৰব্যৰ কেঁচামাল সংগ্ৰহ আৰু উৎপাদিত দ্ৰব্যৰ সংগ্ৰহ আৰু বিতৰণৰ বাবে সৃষ্টি হয় । আন কিছুমান পেকেট কৰা দ্ৰব্য আমদানি আৰু ৰপ্তানিৰ ভিত্তিত গঢ়ি উঠে । কিছুমান আকৌ পোতাশ্ৰয় হিচাপে আৰু যাত্ৰী অনা-নিয়াৰ বাবে গঢ়ি উঠে। উক্ত সকলোবোৰ বা একাধিক প্ৰকৰণৰ উপৰত ভিত্তি কৰি দূৰণিবতীয়া ঘাই জল পথবোৰৰ সংগম স্থলত গঢ়ি উঠা দেখা যায়। পৃথিৱীৰ প্ৰধান বন্দৰবোৰ এই শ্ৰেণীৰ অন্তৰ্ভূক্ত ।


(ii) বিশ্ব বাণিজ্যৰ পৰা দেশবোৰ কোনেকৈ লাভান্বিত হয় লিখা।

উত্তৰঃ বিশ্ব-বাণিজ্যৰ ফলত প্ৰতিখন দেশেই বিভিন্ন ক্ষেত্ৰত বিশিষ্টীকৃত হলে আৰু বিভিন্ন সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত শ্ৰমৰ বিভাজন হলে বিশ্ব অৰ্থনীতি লাভবান হব । প্ৰতিটো উৎপাদন আৰু সেৱাৰ বিশিষ্টীকৰণ হলে বাণিজ্যৰ বৃদ্ধি হয় । সেইদৰে আন্তজাৰ্তিক বানিজ্যৰ ক্ষেত্ৰত দ্ৰব্যৰ আদান প্ৰদান, পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা নিতান্তই প্ৰয়োজন ।

        সাম্প্ৰতিক কালত বিশ্ব অৰ্থনৈতিক সন্থাবোৰৰ ভিত্তিয়েই হল বাণিজ্য আৰু বাণিজ্য ৰাষ্ট্ৰৰ বৈদেশিক নীতিৰ আধাৰৰ গঢ়ি উঠে। উন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাই আন্তজাৰ্তিক বাণিজ্যক নতুন দিশৰ সন্ধান দিয়ে আৰু উন্নয়নত ক্ষেত্ৰত যথেষ্ট বৰঙনি আগবঢ়ায়।


Type- Nayan Jyoti Bordoloi

Author- Leena Kakati B.A 1st semester



Post ID : DABP006484