ঔদ্যোগিক বিপ্লব (The Industrial Revolution) | অধ্যায় ৯ | Lesson 9 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী ° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes


অধ্যায় ৯

ঔদ্যোগিক বিপ্লব

অনুশীলনী 

১। অতি চমু উত্তৰ লিখা।


(ক) উদ্ভিদ আৰু জন্তুৰ বৰ্গীকৰণ প্ৰণালী কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ উদ্ভিদ আৰু জন্তুৰ বৰ্গীকৰণ প্ৰণালী কেৰ'লাচ লিনাওচে আৱিষ্কাৰ কৰিছিল। 


(খ) ইংলণ্ডত কেতিয়া যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ইংলেণ্ডত ১৮২৫ চনত যাত্ৰীবাহী ৰেল প্ৰৱৰ্তন কৰা হৈছিল। 


(গ) প্ৰথম আধুনিক আলিম্পিক ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্ৰথম আধুনিক আলিম্পিক এথেন্সত অনুষ্ঠিত হৈছিল। 


(ঘ) ৰুছিয়াই কোন চনত স্পুটনিক মহাকাশ যান উৎক্ষেপণ কৰিছিল?

উত্তৰঃ ৰুছিয়াই ১৯৫৭ চনত স্পুটনিক মহাকাশ যান উৎক্ষেপণ কৰিছিল।


(ঙ) পাঞ্জাৱত কোনে প্ৰথমে শিখৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ পাঞ্জাৱত ৰণজিৎ সিংহই প্ৰথম শিখৰাজ্য় প্ৰতিষ্ঠা কৰিছিল।  


(চ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেজ জন্ম হৈছিল ১৮৮৫ চনত। 


(ছ) দ্বিতীয় মহাসমৰত  আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া যোগদান কৰিছিল?

উত্তৰঃ দ্বিতীয় মহাসমৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪০ চনত যোগদান কৰিছিল। 


(জ) প্ৰথম লোৰ চকী কোনে সাজি উলিয়াইছিল?

উত্তৰঃ প্ৰথম লোৰ চকী জন উইলকিনচনে সাজি উলিয়াইছিল।  


(ঝ) বৃটেইনৰ সংসদে ১৭৯৫ চনত প্ৰণয়ন কৰা আইনখনৰ নাম কি?

উত্তৰঃ বৃটেইনৰ সংসদে ১৭৯৫ চনত প্ৰণয়ন কৰা আইনখনৰ নাম হ'ল কম্বাইনেছন আইন। 


(ঞ) জেনেৰেল নেড লুডৰ নেতৃত্বত গঢ় লোৱা আন্দোলনটোৰ নাম কি আছিল?

উত্তৰঃ


২। চমুকৈ উত্তৰ দিয়াঃ 


(ক) ১৭৯৩- ৰ পৰা ১৮১৫-লৈ হোৱা যুদ্ধত বৃটেইন জড়িত হোৱাত বৃটিছ উদ্যোগৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল?

উত্তৰঃ ১৭৯৩-ৰ পৰা ১৮১৫ চনলৈ হোৱা যুদ্ধত বৃটেইন জড়িত হোৱাত বৃটিছ উদ্য়োগৰ ওপৰত প্ৰভাৱ পৰিছিল আৰু সেইবোৰ আছিল

     বনুৱাক কাৰখানা আৰু খেতিপথাৰৰ  পৰা ৰণক্ষেত্ৰলৈ পঠোৱা হৈছিল। খাদ্য়দ্ৰব্য়ৰ মূল্য় বাঢ়ি গৈছিল সেই খাদ্য়বোৰ কিনিবলৈ দুখীয়ালোকৰ ধনৰ অভাৱ হৈছিল। 


(খ) খাল আৰু ৰেলপথেৰে হোৱা পৰিবহণৰ আপেক্ষিক সুবিধা কি আছিল?

উত্তৰঃ খাল আৰু ৰেলপথেৰে হোৱা পৰিবহণৰ আপেক্ষিক সুবিধা হ'ল খালবোৰ সাধাৰণতে নগৰলৈ কয়লা নিবৰ বাবে খন্দা হৈছিল।ৰেলগাড়ীত মানুহ আৰু বস্তু উভয়কে অনা-নিয়া কৰিছিল। কাৰণ ৰেলখন বেগী আৰু অতি কম খৰছতে যাব পাৰিছিল। 


(গ) এই সময়ছোৱাৰ 'আৱিষ্কাৰ' সমূহৰ আমোদজনক বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ 'আৱিষ্কাৰ' সমূহৰ আমোদজনক বৈশিষ্ট্য়বোৰ আছিল 

    ১৭৬০ আৰু ১৮০০ চনৰ ভিতৰত ইংলণ্ডত বৈজ্ঞানিক সমাজবোৰে বহু ডজন বৈজ্ঞানিক আলোচনা প্ৰৱন্ধ প্ৰকাশ কৰিছিল। ১৭৫৪ চনত প্ৰতিষ্ঠিত কলা-সমাজয়ে জ্ঞান বিস্তাৰত সহায় কৰিছিল। 


(ঘ) কেঁচামালৰ যোগানে কেনেকৈ বৃটিছ উদ্যোগীকৰণৰ স্বৰূপ সলনি কৰিছিল লিখা।

উত্তৰঃ কেঁচামালৰ যোগানে বৃটিছ উদ্য়োগীকৰণৰ স্বৰূপ সলনি কৰিছিল। কেঁচা লোহাৰ পৰা পিটি গঢ়া লোহা তৈয়াৰ কৰি উলিয়ায়। সেই উদ্ভাৱনৰ ফলত বিভিন্ন ধৰণৰ লোৰ বস্তু তৈয়াৰ কৰিছিল। 


৩। ৰচনাধৰ্মী প্ৰশ্নঃ


ক) বিভিন্ন শ্ৰেণীৰ বৃটিছ নাৰীৰ জীৱন শিল্প-বিপ্লৱে কেনেকৈ প্ৰভাৱান্বিত কৰিছিল লিখা।

উত্তৰঃ বৃটিছ নাৰীৰ জীৱন শিল্প-বিপ্লৱে কি ধৰণে প্ৰভাৱান্বিত কৰিছিল তাৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    ঔদ্য়োগিক বিপ্লৱত এটা সময় আছিল নাৰীৰ আৰু শিশুৱে কাম কৰিলে তাৰ ওপৰত পৰিৱৰ্তন আহিছিল। গাঁৱৰ দুখীয়া পৰিয়ালৰ শিশুবোৰে খেতিপথাৰত বিভিন্ন কামত পিতৃ-মাতৃ তত্ত্বাৱধানত কাম কৰিছিল। তেনেদৰেই নাৰীৰ বোৰেও খেতি কাম কৰিছিল। মহিলা লোকসকলে জীৱ-জন্তু পালন কৰে, খৰি গোটোৱা আৰু যতঁৰত সূতা কাটিছিল। মহিলাসকলে ৰেচমী ফিটা বোৱা উদ্য়োগত 


খ) বিশ্বৰ বিভিন্ন দেশত ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰভাৱ তুলনা কৰা।

উত্তৰঃ বিশ্বৰ বিভিন্ন দেশত ৰেল ব্য়ৱস্থাৰ প্ৰৱৰ্তনৰ প্ৰভাৱ আছিলঃ

    ১৮১৪ চনত প্ৰথমে ভাপত চলা ৰেল ইঞ্জিন 'ষ্টিফেন্চনৰ ৰকেট' নিৰ্মাণ কৰা হৈছিল। ইয়াক গোটেই বছৰ ধৰি পোৱা গৈছিল। ৰেলত মানুহ আৰু বস্তুৰ অনা-নিয়া কৰা হৈছিল । ৰেলখন বেগী আৰু অতি কম খৰচতে হৈছিল। ভাপ ইঞ্জিনৰ দ্বাৰা লো-পটিয়েদি ৰেলৰ দবা টনা হৈছিল। ১৭৬০ চনত কাঠৰ পটিৰ পৰিৱৰ্তে লোহাৰ পটি ব্য়ৱহাৰ কৰা হৈছিল।

    ১৮১৪ চনত Blutcher নামৰ এটা ৰেল ইঞ্জিন নিৰ্মাণ কৰিছিল। সেই ৰেল ইঞ্জিনটোৱে ঘন্টাত চাৰিমাইল বেগত ৩০ টন বোজাৰ লৈ পাহাৰলৈ টানি নিব পাৰিছিল। ১৮২৫ চনত প্ৰথম ৰেলপথে ষ্টকটন আৰু দালিংটন মহানগৰক লগ পাইছিল। এই দুখন নগৰৰ মাজত এটা ৯ মাইল পথ ঘন্টাত ১৫ মাইল বেগেৰে গৈ দুঘন্টাত ৰেলগাড়ীৰে অতিক্ৰম কৰিছিল। বিছ বছৰৰ ভিতৰত ৰেলগাড়ীয়ে ঘন্টাত ৩০ৰ পৰা ৫০ মাইল গতিবেগেৰে আগ বাঢ়িব পাৰিছিল। ৰেলগাড়ীবোৰৰ কাৰণে সকলো মানুহৰে অহা যোৱা কৰাত সহায় হৈছিল।


(গ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা ঔদ্যোগিক পৰিৱৰ্তনক 'বিপ্লৱ' নে 'বিৱৰ্তন' বুলি ক'ব পাৰি যুক্তি দৰ্শাই লিখা।

উত্তৰঃ ১৮ শতিকাত ইংলেণ্ডত হোৱা ঔদ্য়োগিক পৰিৱৰ্তনক  আছিলঃ ১৮ শতিকাত বিশ্ব বাণিজ্য়ৰ কেন্দ্ৰ ইংলেণ্ড আৰু ফ্ৰান্সৰ ভূমধ্য়সাগৰীয় বন্দৰবোৰৰ পৰা হলেণ্ড আৰু বৃটেইনৰ আটলান্টিক বন্দৰবোৰলৈ স্থানান্তৰিত হৈছিল। ইংলেণ্ডৰ বিভিন্ন বজাৰৰ মাজত পণ্য় দ্ৰব্য়ৰ পৰিৱৰ্তন নদীৰ প্ৰাধান্য় আৰু ইয়াৰ উপসাগৰৰ লগতে জাহাজ ৰাখিব পৰা উপকূলে ৰেলপথ বিস্তাৰিত হোৱা আগলৈকে দেশখনক সুবিধা প্ৰদান কৰিছিল। ১৭২৪ চনলৈ জলপৰিবহণৰ সুবিধা বাবে নদী পথ আছিল ১১৬০ মাইল। ইংলেণ্ডৰ আন কোনো স্থানেই নদী এখনৰ পৰা ১৫ মাইলৰ পৰা আঁতৰত নাছিল। ঔদ্য়োগিক পৰিৱৰ্তনৰ বাবে সুবিধাজনক সকলো নদীয়ে সাগৰলৈ বৈ যোৱা আছিল। ১৮০০ চনত এনে বৃহৎ জাহাজত ১ লাখ নাৱিকে কাম কৰিছিল।

    ইংলেণ্ডত বিত্তীয় ব্য়ৱস্থাৰ কেন্দ্ৰ আছিল বেংক অৱ ইংলণ্ড। ১৭৮৪ চনলৈ ইংলেণ্ডত ১০০-ত কৈ অধিক প্ৰাদেশিক বেংক আছিল। ১০ বছৰৰ পিছত তাৰ সংখ্য়াৰ তিনিগুণলৈ  বৃদ্ধি পাইছিল।সেই বেংকবোৰে বৃহৎ উদ্য়োগ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰিছিল। উপাদান সমূহৰ বাবে ১৭৮০-ৰ দশকৰ পৰা ১৮৫০-ত বৃটেইনত উদ্য়োগীকৰণ হয়। বহুতো দুখিয়া মানুহে নিজৰ গাঁও এৰি নগৰত শ্ৰমিক হিচাপে কাম কৰিছিল। ইংলেণ্ডত তাম, কয়লা, লো-খনি, সীহ, তাম, আৰু টিন এইবোৰ সামগ্ৰী যথেষ্ট পৰিমানে ইয়াতে পোৱা গৈছিল। সেইবোৰ উদ্য়োগ ব্য়ৱহাৰ কৰিব পৰা গৈছিল। ১৮ শতিকাৰ লৈ ব্য়ৱহাৰ কৰা লোৰ পৰিমান অভাৱ আছিল। প্ৰগলন প্ৰক্ৰিয়াৰ অসুবিধাৰ হোৱা কাৰণে কাঠ-কয়লা ব্য়ৱহাৰ কৰা হৈছিল। ঠুনুকা কাঠ-কয়লাই দীঘলীয়াকৈ পথ কঢ়িয়াই নিয়াত অসুবিধা হৈছিল। কাঠৰ কাৰণে হাবিবোৰ ধবংস কৰা হৈছিল। 

    ঔদ্য়োগিক বিপ্লৱৰএটা সময় আছিল, নাৰী আৰু শিশুৱে কাম কৰিবলৈ লোৱাত পৰিৱৰ্তন আহিছিল। গাঁৱৰ দুখীয়া পৰিয়ালৰ শিশুসকলে খেতিপথাৰত বিভিন্ন কামত পিতৃ-মাতৃ আৰু সম্পৰ্কীয় লোকৰ তত্ত্বাৱধানত কাম কৰিছিল। মহিলা সকলে জীৱ-জন্তু লালন-পালন কৰিছিল। 


(ঘ) ১৮ শতিকাৰ ইংলণ্ডত হোৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ ১৮ শতিকাত ইংলেণ্ডত অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল। ইয়াক কৃষি বিপ্লৱ বুলি কোৱা হৈছিল। ইংলেণ্ডত হোৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ ফলত ডাঙৰ ডাঙৰ মাটি গিৰিসকলে তেওঁলোকৰ মাটিৰ কাষতে থকা সৰু সৰু খেতিয়কসকলৰ পৰা মাটিবোৰ কিনি লৈছিল আৰু ৰাজহুৱা ভূমিবোৰ সামৰি লৈ এটা ডাঙৰ অঞ্চলত খেতি কৰিবলৈ লৈছিল। পথাৰত পশুপালন কৰি জীৱিকা অৰ্জন কৰা লোকসকলৰ বেছিভাগে নগৰলৈ জীৱিকা বিচাৰি যাব লগা হৈছিল। 

    আমেৰিকাৰ আৰু এছিয়াত বেপাৰ কৰা কোম্পানী বিলাকৰ মূখ্য় কাৰ্যালয় আছিল লণ্ডনত। ইংলেণ্ডৰ বিভিন্ন বজাৰৰ মাজত পণ্য় দ্ৰবয়ৰ পৰিৱৰ্তন নদীৰ প্ৰাধান্য় আৰু উপসাগৰ ৰ লগতে জাহাজ ৰাখিব পৰাকৈ সুবিধা প্ৰদান কৰিছিল। ৰেলপথ বিস্তাৰিত হোৱাৰ আগলৈকে জলপথেৰে পৰিবহণ আছিল স্থলপথতকৈ বেগী। ইংলেণ্ডত বিত্তীয় ব্য়ৱস্থাৰ কেন্দ্ৰ আছিল বেংক অৱ ইংলণ্ড। ১৭৮৪ চনলৈ ইংলণ্ডত এশতকৈ অধিক প্ৰাদেশিক বেংক আছিল। ১০ বছৰত ইয়াৰ সংখ্য়া তিনিগুণ বৃদ্ধি হৈছিল। ১৮২০ চনলৈ ইংলণ্ডত প্ৰদেশ বোৰত ৬০০ তকৈ অধিক বেংক স্থাপিত হৈছিল। সেই বেংকবোৰে বৃহৎ উদ্য়োগ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিত্তৰ যোগান ধৰিছিল। বহুতো দুখীয়া মানুহে গাঁও এৰি নগৰত শ্ৰমিক হিচাপে কাম কৰিছিল।     ১৭৮২-১৮০০ চনৰ ভিতৰত উদ্য়োগ আৱিষ্কাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত চাৰিটা প্ৰধান উদ্য়োগ আছিল আৰু সেই কেইটা আছিল-

১) লোহা উদ্য়োগৰ ৰূপান্তৰ,

২) ভাপ-শক্তিৰ উন্নতি,

৩) কপাহৰ সূতা কটা আৰু কাপোৰ বোৱাৰ ব্য়ৱস্থাৰ উন্নতি আৰু

৪) ৰেলপথ নিৰ্মাণ

১) লোহা উদ্য়োগৰ ৰূপান্তৰঃ ইংলণ্ডত লো-খনি,কয়লা, যান্ত্ৰিকীকৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, তাম, সীহ আৰু টিনৰ দৰেই যথেষ্ট পৰিমাণ ইয়াত পোৱা গৈছিল। ১৮ শতিকাত ব্য়ৱহাৰযোগ্য় লোৰ অভাৱ আছিল। প্ৰগলন প্ৰক্ৰিয়াৰ অসুবিধাৰ বাবে কাঠ-কয়লা ব্য়ৱহাৰ কৰা হৈছিল। কাঠৰ কাৰণে হাবিবোৰ ধ্বংস কৰা হৈছিল আৰু কয়লাৰে উচ্চতাপ সৃষ্টি কৰিব পৰা নাছিল। সেই সমস্য়া সমাধান কৰিব কাৰণে বহু বছৰ ধৰি চেষ্টা কৰি আছিল। অৱশেষত এটা লো-বিশেষজ্ঞৰ পৰিয়ালে সমস্য়া সমাধান কৰিলে। অৰ্ধ শতিকাৰ ধৰি সেই পৰিয়ালৰ তিনিপুৰুষ ককা, নাতিৰ আৰু দেউতা যত্নৰ ফলত ধাতু উদ্য়োগত বিপ্লৱ হৈছিল।

    দ্বিতীয় ডাৰ্বিয়ে কেঁচাৰ লোহাৰ পৰা পিটি গঢ়া লোহা তৈয়াৰ কৰিব পৰা পদ্ধতি উলিয়াইছিল। কাঠৰ সলনি দৈনন্দিন জীৱনত যন্ত্ৰপাতিৰ লো ব্য়ৱহাৰ হৈছিল। কাৰণ কাঠবোৰ জ্বলি যায় ১৭৭০-ৰ দশকত জন উইলকিনচনে প্ৰথম খন লোৰ চকী সাজিছিল। কাৰখানাৰ বাবে আচবাব আৰু টেংকী আৰু সকলো আকাৰৰ লোহাৰ নলী তৈয়াৰ কৰা হৈছিল।

২) ভাপ-শক্তিৰঃ খনি উদ্য়োগ বিলাকত প্ৰথমে ভাপশক্তি ব্য়ৱহাৰ কৰা হৈছিল। ধাতুৰ আৰু কয়লা চাহিদা বেছি হোৱাত গভীৰ খনিৰ পৰা সেইবোৰৰ উদঘাটন প্ৰয়োজন হৈছিল। ভাপে অত্য়াধিক শক্তি উৎপন্ন কৰিব পাৰে বুলি জনা পিছত ডাঙৰ উদ্য়োগত ইয়াৰ ব্য়ৱহাৰ খাটাং হৈ পৰিছিল। পানী জলচালিত শক্তি উৎস হিচাপে বহু শতিকাৰ ধৰি ব্য়ৱহাৰ কৰা হৈছিল। খনিত বানপানী হোৱাটো এটা ডাঙৰ সমস্য়া আছিল। 

    জেম্চ ৱাটে ১৭৬৯-ত যন্ত্ৰৰ উদ্ভাৱন কৰাৰ আগলৈকে ভাপইঞ্জিন কেৱল কয়লা খনিতহে ব্য়ৱহাৰ কৰা হৈছিল। ৱাটৰ আৱিষ্কাৰে ভাপ ইঞ্জিনক পাম্প ইঞ্জিনৰ পৰা প্ৰধান চালক হিচাপে ব্য়ৱহাৰ কৰিব পৰা কৰি তুলিছিল।

৩) কপাহৰ সূতা কটা আৰু কাপোৰ বোৱা ব্য়ৱস্থাৰ উন্নতিঃ বৃটিছ সকলে সদায় ঊণ আৰু শনেৰে কাপোৰ বৈছিল। ১৭ শতিকাৰ পৰা ইংলণ্ডে ভাৰতৰ পৰা অধিক দাম ভৰি কপাহী কাপোৰ আনিব লগা হৈছিল। কপাহৰ পৰা ইংলণ্ডত কাপোৰ তৈয়াৰ কৰিছিল। 

 ১৭৮০-ৰ দশকৰ পৰা কপাহ উদ্য়োগ বহু প্ৰকাৰে বৃটিছ উদ্য়োগীকৰণৰ প্ৰতীক হৈ পৰিছিল। সেই উদ্য়োগৰ দুটা বৈশিষ্ট্য় আছিল। সেই বোৰ বেলেগ উদ্য়োগটো দেখা গৈছিল। কপাহৰ পৰা তৈয়াৰ কৰা বেছিভাগ কাপোৰ ৰপ্তানী কৰা হৈছিল। কাপোৰ উদ্য়োগ ঘাইকৈ তিৰোতা আৰু শিশুৰ শ্ৰমৰ ওপৰতে নিৰ্ভৰশীল আছিল। 

৪)ৰেলপথ নিৰ্মাণঃ ১৮১৪ চনত ভাপত চলা ৰেল ইঞ্জিন 'ষ্টিফেন্চনৰ ৰকেট' নিৰ্মাণ কৰিছিল। ৰেলগাড়ীবোৰ গোটেই বছৰ ধৰি পোৱা গৈছিল। ৰেলগাড়ীত মানুহ আৰু বস্তুৰ অনা-নিয়া কৰিছিল অতি কম খৰছত আৰু সেই গাড়ীবোৰ বেছি বেগী আছিল। ভাপ ইঞ্জিনৰ দ্বাৰা এই লো-পটিয়েদি ৰেলৰ দবা টনা হৈছিল।    

    

(ঙ) তাপশক্তি উদ্ভাৱন সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ তাপশক্তি উদ্ভাৱন সম্পৰ্কে তলত আলোচনা কৰা হ'ল। 

    তাপ শক্তিয়ে উচ্চতাপমানৰ ওপৰত চাপ সৃষ্টি কৰিছিল। ইয়াক বিভিন্ন যন্ত্ৰ চলোৱাত ব্য়ৱহাৰ কৰিব পাৰি। ইয়াৰ অৰ্থ হ'ল তাপশক্তি একমাত্ৰ শক্তিৰ উৎস, ই কমখৰছৰ আৰু নিৰ্ভৰযোগ্য় আছিল আৰু যন্ত্ৰপাতি তৈয়াৰ কৰিবলৈ তাপ শক্তি ব্য়ৱহাৰ কৰা হৈছিল। খনি উদ্য়োগ বিলাকে প্ৰথমে ভাপশক্তি ব্য়ৱহাৰ কৰিছিল। খনিত বানপানী হোৱাটো এটা ডাঙৰ সমস্য়া আছিল। টমাচ চেভাৰীয়ে এই পানী খনিৰ পৰা উলিয়াই আনিবৰ কাৰণে 'Miner's Friend নামৰ এটা ভাপ ইঞ্জিন ১৬৯৮ চনত প্ৰস্তুত কৰিছিল। 

    ১৭১২ খ্ৰীঃত টমাছ নিউক'মেনে তাপ ইঞ্জিন নিৰ্মাণ কৰিছিল। চিলিণ্ডাৰ অবিৰত ঠাণ্ডা কৰি ৰাখিবলগীয়া হোৱা বাবে ইয়াৰ শক্তি নাইকিয়া হৈ গৈছিল। 

৪। চমু টোকা লিখা ঃ

ক) প্ৰথম ঔদ্যোগিক বিপ্লৱ।

উত্তৰঃ প্ৰথম ঔদ্য়োগিক বিপ্লৱঃ ১৭৮০ আৰু ১৮৫০ খ্ৰীঃত বৃটেইনৰ অৰ্থনৈতিক আৰু ঔদ্য়োগিক ক্ষেত্ৰত যি দৰে ৰূপান্তৰ ঘটাইছিল তাকে 'প্ৰথম ঔদ্য়োগিক বিপ্লৱ' বোলা হৈছিল। বৃটেইনৰ উদ্য়োগিক বিকাশত নতুন প্ৰযুক্তিৰ ব্য়ৱহাৰ ফলত হস্তশিল্পৰ তুলনাত অধিক উৎপাদন বৃদ্ধি হৈছিল। 

    আধুনিক ঔদ্য়োগিক কৰণৰ অভিজ্ঞতা লাভ কৰা বৃটেইনৰ প্ৰথম দেশ আছিল। ১৭ শতিকাৰ পৰা ইংলেণ্ড, স্কটলেণ্ড আৰু ৱেলচৰ এজন শাসকৰ নেতৃত্বত একত্ৰিত হৈছিল। বৃটেইনৰ সকলো ঠাইতে মুদ্ৰা, আইন আৰু এক বজাৰৰ ব্য়ৱস্থা চলিছিল। বস্তু কিনা-বেচাৰ মাধ্য়ম হিচাপে মুদ্ৰাৰ ব্য়াপক ব্য়ৱহাৰ হৈছিল। কপাহ বা লো উদ্য়োগত নতুন যন্ত্ৰ-পাতিৰ ফলত বস্তু উদ্য়োগত যি আকৰ্ষণীয় সমৃদ্ধি হৈছিল, বাহিৰৰ পৰা আমদানী কৰা কেঁচামালৰ ওপৰত আৰু বৃটেইনত তৈয়াৰী দ্ৰব্য় আন দেশলৈ ৰপ্তানীৰ ওপৰত নিৰ্ভৰশীল আছিল।    


খ) ভাপ শক্তিৰ উদ্ভাৱন।

উত্তৰঃ ভাপ শক্তিৰ উদ্ভাৱনঃ ভাপ শক্তিক পানী জলচাৰিত শক্তিৰ উৎস হিচাপে বহু শতিকাৰ ধৰি ব্য়ৱহাৰ কৰি আছিল। ই ঋতু আৰু জলপ্ৰবাহৰ গতিৰ ওপৰত নিৰ্ভৰশীল আছিল। যেতিয়া ভাপে অত্য়ধিক শক্তি উৎপন্ন কৰিব পাৰে বুলি জনা গৈছিল, সেই সময়তে ডাঙৰ উদ্য়োগত ইয়াৰ ব্য়ৱহাৰ দুৰ্বল হৈ পৰিছিল। তাপ শক্তিয়ে উচ্চতাপমানৰ ওপৰত চাপ সৃষ্টি কৰিছিল। তাপ শক্তিক বিভিন্ন যন্ত্ৰ চলোৱাত ব্য়ৱহাৰ কৰিছিল।

     প্ৰথম ভাপশক্তি ব্য়ৱহাৰ কৰা হৈছিল খনি উদ্য়োগত। কয়লা আৰু ধাতুৰ চাহিদা বৃদ্ধি হোৱাত খনি পৰা সিবিলাকৰ উদঘাটন প্ৰয়োজন হৈছিল। খনিৰ কাৰণে বানপানী হোৱাটো এক ডাঙৰ সমস্য়া আছিল। টমাচ চেভাৰীয়ে পানী খনিৰ পৰা উলিয়াই আনিবৰ কাৰণে ১৬৯৮ খ্ৰীঃত Miner's Friend নামৰ এটা ভাপ ইঞ্জিন প্ৰস্তুত কৰিছিল। ভাপ ইঞ্জিন কেৱল কয়লা খনিতহে ব্য়ৱহাৰ কৰা হৈছিল। ৱাটৰ আৱিষ্কাৰে ভাপ ইঞ্জিনক কেৱল পাম্প ইঞ্জিন কৰি ৰখা নাছিল। ভাপ ইঞ্জিনক ৱাটৰ আৱিষ্কাৰে প্ৰধান চালক হিচাপে ব্য়ৱহাৰ কৰিব পৰা কৰি তুলিছিল।  

    ১৮০০ চনত অধিক শক্তিশালী ধাতু, যন্ত্ৰপাতি. হাতিয়াৰ আৰু বৈজ্ঞানিক জ্ঞানৰ প্ৰচাৰৰ ফলত ভাপ ইঞ্জিন অধিক উন্নত হৈছিল। ১৮৪০ খ্ৰীঃত ভাপ ইঞ্জিনবোৰে ইউৰোপৰ মুঠ অশ্বশক্তিৰ ৭০% উৎপাদন কৰিছিল। 


গ) আইন সংস্কাৰ আৰু শিশু শ্ৰমিক।

উত্তৰঃ আইন সংস্কাৰ আৰু শিশু শ্ৰমিকঃ ১৮১৯ চনত প্ৰণয়ন কৰা আইনে ৯ বছৰৰ তলৰ শিশুক কাৰখানাত কাম কৰা আৰু ৯ বছৰৰ পৰা ১৬ বছৰীয়া ল'ৰা-ছোৱালীক ১২ ঘন্টাতকৈ অধিক সময় কাম কৰাটো বন্ধ কৰি দিছিল। আইনে ইয়াক কাৰ্যকৰী কৰিবৰ বাবে কোনো লোকক দায়িত্ব দিয়া নাছিল। ১৮৩৩ চনত এখন আইন প্ৰণয়ন কৰিছিল আন্দোলন কৰা পিছতে। সেই আইনত ৯ বছৰৰ তলৰ শিশুক ৰেছম কাৰখানাত কাম কৰিবলৈ অনুমতি দিছিল। ১৮৪৭ খ্ৰীঃত প্ৰায় ৩০ বছৰীয়া আন্দোলনৰ 'Ten Hours' Bill খন পাছ কৰা হৈছিল। সেই আইনখনে পুৰুষৰ বাবে ১০ ঘন্টা নিৰ্ধাৰণ কৰিছিল  আৰু মহিলা আৰু শিশুৰ কাৰখানাত কাম কৰা সময় সীমিত কৰি দিছিল। 

    ১৮৪২ খ্ৰীঃত চৰকাৰে গঠন কৰা খনি আয়োগে উদঘাটন কৰিছিল যে ১৮৩৩ খ্ৰীঃৰ পৰা বাস্তৱিকতে খনি কাম কৰা পৰিৱেশ অধিক বেয়া হ'ব। ইয়াৰ কাৰণ কপাহ শিল্পই বাধা আৰোপ কৰাত বহুটো শিশুক সেই কামৰ বাবে নিয়োগ কৰা হৈছিল। Mines and Collieries Act এ ১৮৪২ খ্ৰীঃত ১০ বছৰৰ তলৰ শিশু আৰু মহিলাক খনিৰ তলত কাম কৰাটো নিষিদ্ধ কৰিছিল। ১৮ বছৰ তলৰ ল'ৰা-ছোৱালী আৰু মহিলাই দিনে ১০ ঘন্টাতকৈ বেছি কাম কৰাটো আইন বিৰুদ্ধে ঘোষণা কৰিছিল Fielders Factory Act-এ। সেই কাম সহজ নাছিল।  


Type✷ Nayan Moni Deka 


Post ID : DABP006500

Important Question Answer 

১) প্ৰথম ঔদ্যোগিক বিপ্লৱ কাক বোলে ।

উত্তৰঃ ১৭৮০ আৰু ১৭৫০ ৰ দশকৰ সময়ছোৱা বৃটেইনৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত যি ৰূপান্তৰ ঘটালে তাকে প্ৰথম ঔদ্যোগিক বিপ্লৱ বুলি কোৱা হয় । 


২) ঔদ্যোগিক বিপ্লৱ আখ্যাটো কোনে দিছিল ।

উত্তৰঃ ঔদ্যোগিক বিপ্লৱ আখ্যাটো ইউৰোপীয় পণ্ডিত ফ্ৰান্সৰ জৰ্জেট মিচলেট আৰু জাৰ্মানীৰ ফ্ৰেডৰিক এঞ্চেলচে দিছিল । 


৩) কিমান চনত আৰু কোনে প্ৰথমখন লোৰ চকী সাজিছিল ।

উত্তৰঃ  ১৭৭০ৰ দশকত জন উইলকিনচনে প্ৰথমখন লোৰ চকী সাজিছিল । 


৪) ইংলেণ্ডত খন্দা প্ৰথমটো খালৰ নাম  কি ।

উত্তৰঃ  ইংলেণ্ডত খন্দা প্ৰথমটো খালৰ নাম ৱৰ্ছলি খাল ।


৫) কিমান চনত বৃটেইনৰ সংসদে দুখন যঁজা আইন প্ৰণয়ন কৰে ।

উত্তৰঃ ১৭৯৫ চনত বৃটেইনৰ সংসদে দুখন যঁজা আইন প্ৰণয়ন কৰে ।


৬) কাৰ নেতৃত্বত লুডিবাদৰ জন্ম হয় ।

উত্তৰঃ আকৰ্ষণীয় ব্যক্তিত্বৰ নেতা নেড লুডৰ নেতৃত্বত লুডিবাদৰ জন্ম হয় ।


৭) কিমান চনত ইংলেণ্ডৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধ চলিছিল ।

উত্তৰঃ   ১৭৯২ চনত ইংলেণ্ডৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধ চলিছিল । 


৮) কিমান চনত ষ্টিফেনচনৰ ৰকেট নিৰ্মাণ কৰা হয় ।

উত্তৰঃ  ১৮১৪ চনত ষ্টিফেনচনৰ ৰকেট নিৰ্মাণ কৰা হয় । 


৯)  ধাতু উদ্যোগত বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল । 

উত্তৰঃ ১৭০৯ চনত ধাতু উদ্যোগত বিপ্লৱ আৰম্ভ হৈছিল ।


১০) কিমান চনত কলা -সমাজ প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৭৫৪ চনত কলা-সমাজ প্ৰতিষ্ঠা কৰা হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Answer type - Ali rani Kakati