Lesson 10

জাতীয় গৌৰৱ


শব্দ টোকা 

কবিকুল    =    কবিসকল, কবিতা লিখা লোকসকলৰ সমষ্টি।

পাহৰণি    =    মনৰ পৰা বা স্মৃতিৰ পৰা যি শক্তিয়েই আঁচতৰাই ৰাখে। যিয়ে পাহৰাই।

ৰাক্ষসিনী    =  দেৱতাৰ শত্ৰু, মানুহৰ অনিষ্টকাৰি জীৱ। ইয়াত জাতীয় গৌৰৱক পহৰা বা                                 জাতীয় চেতনা নথকা লোকক ভৰ্ৎসনা কৰিবলৈ অপশক্তিক ৰাক্ষসিনী বুলি                              কৈছে।

শ্মশান    =    মৰিশালি। যি মৃত লোকৰ সৎকাৰে কাৰ্য সম্পন্ন কৰা হয় বা মৰাশ চিতাগ্নিত দাহ                        কৰা হয়।

অনন্ত কন্দলী    =    এওঁ ষোল্ল শতিকাৰ কবি। আচল নাম শ্ৰীচন্দ্ৰ ভাৰতী। 'কুমাৰ হৰণ কাব্য'                                    আৰু 'শেষ দশম' এওঁৰ উল্লেখযোগ্য পুথি।

গুবৰুৱা    =    গোবৰত উৎপন্ন হোৱা এবিধ পোক, হাতীপোকৰ পখিলা।

শ্ৰীধৰ কন্দলি    =    এওঁ শংকৰদেৱৰ পিছৰ সময়ৰ কবি। 'কাণখোৱা' আৰু 'ঘুনুচা-কীৰ্তন'                                    এওঁৰ দুখন উল্লেখযোগ্য পুথি। এইজনা কবি মূলত বৈষ্ণৱ ভাবাপন্ন                                           আছিল বুলি জনা যায়।

মালা    =    এবিধ বাতৰি দৰে সৰু মাটিৰ পাত্ৰ। লোকৰ দ্বাৰা মোহৰা, মোচৰা।

ৰাম সৰস্বতী =    এওঁ ষোড়শ শতিকাৰ এগৰাকী জনপ্ৰিয় কবি ভীমসেন কবি চূড়ামণিৰ                                    পুত্ৰ বুলি জনা যায়। জন্ম স্থান কামৰূপৰ পচৰীয়া গাওঁ। অসমীয়া বধকাব্যৰ                             জনক ৰূপে খ্যাত। 'ভীমচৰিত', 'জঙঘাসুৰ বধ' বকাসুৰ বধ', 'কালকুব্জ বধ'                                আদি এওঁৰ উল্লেখযোগ্য বধকাব্য।

কাশীদাস    =    এওঁ এগৰাকী বংগীয় লিখক।

কীৰ্তিবাস    =    এওঁ এগৰাকী বংগীয় লিখক। বঙালী ভাষাত ৰামায়ণ লিখোতা এওঁ লিখা                                     ৰামায়ণ'ক কাৰ্তিবাসী ৰীমায়ণ বুলি জনা যায়।

মিল্টন  =  জন মিল্টন এজন বিখ্যাত ইংৰাজ কবি। তোওঁৰ জন্ম হৈছিল ১৬০৪ চনৰ ৯                         ডিচেম্বৰত লণ্ডনত। 'পেৰাডাইচ ল'ষ্ট' তেওঁৰ বিখ্যাত গন্থ। ১৬৭৪ চনৰ ৮ নবেম্বৰত                         এইজনা কবিৰ মৃত্যু হয়।

বাইৰণ    =    ইংলেণ্ডৰ এজন প্ৰখ্যাত ৰোমাণ্টিক কবি। তেওঁৰ জন্ম হৈছিল ১৭৮৮ চনৰ ২২                      জানুৱিৰীত। ওৱৰ্ডচৱৰ্থে, কীটছ, শ্বলী আদিৰ সাময়িক কবি আছিল লৰ্ড বাইৰণ।                         ১৮১৮ চনৰ ১৯ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।

বেচেৰা    =    সংযুক্ত আৰবৰ এখন দেশ। ‘বচেৰা' আৰবৰ এখন উল্লেখযােগ্য স্থান। কবি                             ৰঘুনাথ চৌধাৰীয়ে তেওঁৰ 'গােলাপ' কবিতাত উল্লেখ কৰিছে যে গােলাপ ফুল                            আৰবিস্তানৰ ব ৰাজ্যৰ পৰা লাহে লাহে আহি ভাৰতবৰ্ষত সােমাই প্রসিদ্ধি লাভ                          কৰিছে।

চৈতন্য  = উৰিষ্যাৰ নবদ্বীপত ১৪৮৬ চনত চৈতন্য মহাপ্রভুৰ জন্ম হৈছিল। যষ্ঠদশ শতিকাৰ                  এইজনা মহাপ্রভুক অনুগামীসকলে কৃষ্ণৰ অৱতাৰ স্বৰূপে মানি লয়। আচল নাম                     বিশ্বম্বৰ। ১৫৩৩ চনত চৈতন্যদেৱৰ মৃত্যু হয়।

মাধদেউ =  শ্রীশ্রীমাধৱদেৱ। এওঁৰ জন্ম হৈছিল ১৪৮৯ চনত লক্ষীমপুৰ জিলাত                                        লেতেকুপুখুৰীত। শংকৰদেৱৰ প্রিয় শিষ্য হিচাপে মাধৱদেৱে বৈষ্ণৱধর্ম প্রচাৰৰ                      বাবে বিভিন্ন ঠাই ভ্রমণ কৰিছিল। বৰপেটাৰ গণককুচি সত্ৰ মাধৱদেৱৰ দ্বাৰা                           প্রতিষ্ঠিত প্রখ্যাত সত্র। 'নামঘােষা' এওঁৰ জীৱনৰ অনুপম সৃষ্টি। ১৫২২ চনত                            মহাপুৰুষ জনাই শংকৰদেৱৰ ধৰ্মত বেলগুৰি সত্ৰত শৰণ লৈছিল। পিছত                                আহােম ৰজাৰ ৰােষত পৰি কোচবেহাৰলৈ ভটিয়াই যায় আৰু ১৫৯৬ চনত                               তাতেই দেহত্যাগ কৰে। 

যশ    =    কীৰ্তি,খ্যাতি।

ভূষণ    =    অলংকাৰ, সাজ-পাৰ।

মহামতি    =    মহাজ্ঞানী, পণ্ডিত।

কুলাচল    =    ছাগলীমুখীয়া এজন দানৱ। ৰাম সৰস্বতীয়ে ৰচনা কৰা বধকাব্য 'কুলাচল’ত উল্লেখ আছে কুলাচল আছিল অগস্তি ঋষিৰ দ্বাৰা শাপগ্রস্ত এজন দানৱ । তেওঁ ঋষিৰ যজ্ঞত ব্যাঘাত জন্মােৱা বাবে দানৱ হ'বলৈ শাপ দিয়ে; লগতে ইয়াকো আশ্বাস দিয়ে যে তেওঁক কোনাে অস্ত্র - শস্ত্রই আঘাত হানিব নােৱাৰে আৰু তেওঁৰ ৰাজ্যৰ সীমাৰ ভিতৰত কোনেও মাৰিব নােৱাৰে। পিছত যুধিষ্ঠিৰে কৃষ্ণক স্মৰণ কৰাত কৃষ্ণই সুৰক্ষিত সীমাৰ পৰা আঁতৰাই নি কুলাচলক ধুপকাঠিৰে বধ কৰে।

কুৰ্মাৱলী    =    এখন বধকাব্য। এই বধকাব্যখন সাগৰখৰি দৈৱজ্ঞই ৰচনা কৰা। যজ্ঞৰ ঘোঁৰাৰ কাৰণে দুর্যোধনৰ লগত ৰজা কুৰ্মাৱলীৰ সংঘর্ষ হয়। এই যুদ্ধত কৌৰৱ পক্ষৰ পৰাজয় হয় । শেষত ভীষ্মই কুৰ্মাৱলীক বধ কৰে।

উলঙ্গ    =     নগ্ন, নঙঠা।

ধোবা    =    কাপোৰ ধােৱা লােক, ধুবি।

নোশোভে    =    শুৱনি নকৰে, সৌন্দর্যশালী নকৰে।

চণ্ডিপদ    =    অষ্টাদশ শতিকাত ৰাজেশ্বৰ সিংহৰ দিনত ৰুচিনাথ কন্দলীয়ে চণ্ডীপদ ৰচনা কৰিছিল। চণ্ডীপদৰ মূল মার্কেণ্ডেয় পুৰাণ যদিও বামন পুৰাণ, কালিকা পুৰাণ, ব্রহ্মবৈৱর্ত পুৰাণ আদিৰ পৰা পদ সংগ্রহ কৰিছিল।


ক্ৰিয়া কলাপ

১। তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া-

ক) কমলাকান্ত ভট্টাচার্যক কি কবি বুলি জনা যায়?

উত্তৰঃ কমলাকান্ত ভট্টাচার্যক অগ্নিকবি কবি বুলি জনা যায়।


খ ) 'জাতীয় গৌৰৱ' কবিতাটি কোনখন পুথিৰপৰা লােৱা হৈছে?

উত্তৰঃ 'জাতীয় গৌৰৱ' কবিতাটি চিন্তানল পুথিৰ পৰা লােৱা হৈছে।


গ ) 'ৰাক্ষসিনী’ বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ  'ৰাক্ষসিনী’ বুলি কবিয়ে পাহৰণিক কৈছে।


ঘ ) অসমখনক কবিয়ে কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ অসমখনক কবিয়ে শ্মশানৰ লগত তুলনা কৰিছে।


ঙ ) ‘মলা’ মানে কি?

উত্তৰঃ  ‘মলা’ হ'ল এবিধ বাতিৰ দ্বৰে সৰু পাত্ৰ। 


চ ) অসমীয়া বধকাব্যৰ জনক কোন?

উত্তৰঃ অসমীয়া বধকাব্যৰ জনক কবি ৰাম সৰস্বতী।


ছ ) এগৰাকী বংগীয় কবিৰ নাম লিখা।

উত্তৰঃ এগৰাকী বংগীয় কবিৰ নাম হ'ল কাশীদাস।


জ ) অসমীয়া ৰামায়ণ লিখা কবিজন কোন?

উত্তৰঃ অসমীয়া ৰামায়ণ লিখা কবিজন মাধৱকন্দলি।


ঝ ) 'বচেৰা সন্তান' বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ 'বচেৰা সন্তান' বুলি অসমৰ বুৰঞ্জি, অসমৰ ভাষা-সাহিত্যৰ জ্ঞান নথকা, অনন্তকন্দলি, ৰাম সৰস্বতী, শংকৰদেৱ-মাধৱদেৱ আদি মহান পুৰুষৰ বিষয়ে নজনা পশ্চিমীয়া সংস্কৃতি আদৰি লোৱা নতুন প্ৰজন্মৰ কথা কোৱা হৈছে। 


ঞ ) কুলাচল’ কাব্যৰ ৰচয়িতা কোন?

উত্তৰঃ কুলাচল’ কাব্যৰ ৰচয়িতা ৰামসৰস্বতী। 


২। কবিয়ে কোন বিলাকক অসমৰ জাতীয় গৌৰৱ বুলি কৈছে ?

উত্তৰঃ  কবিয়ে বুৰঞ্জী লেখক আৰু অনন্ত কন্দলি , শ্রীধৰ কন্দলি , ৰামসৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱকে আদি কৰি অসমৰ ভাষা-সাহিত্য, সংস্কৃতি অৱদান আগবঢ়োৱা মহাপুৰুষসকলক  কবিয়ে অসমৰ জাতীয় গৌৰৱ বুলি কৈছে।


৩। অসমত জন্ম লাভ কৰা কবিকুলক কবিয়ে কিয় পাপৰ ফলত জন্ম লাভ কৰা বুলি কৈছে?

উত্তৰঃ অসমত জন্ম গ্ৰহন কৰা কবিকুলে অসমৰ ভাষা-সাহিত্য সংস্কৃতিলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। কিন্তু বৰ্তমান সময়ত পশ্চিমীয়া সংস্কৃতিৰ আগমনৰ ফলত নতুন প্ৰজন্মই সেইসকল মহান পুৰুষৰ কথা যেন পাহৰিব ধৰিছে। তেওঁলোকে শ্যেলী, মিল্টন, বাইৰনৰ কবিতা পঢ়ি গৌৰৱবোধ কৰে কিন্তু নিজৰ মাতৃভূমিৰ কবিকুলৰ ৰচনা ৰাজি পঢ়িবলৈ আগ্ৰহবোধ নকৰে। কালিদাস বা ঊৰিষ্যাত জন্ম লাভ কৰা চৈতন্যৰ নাম চাৰিওফালে প্ৰচাৰিত। তেওঁলোকৰ নিজ দেশৰ সন্তানসকলক লৈ তেওঁলোক গৰ্বিত। কিন্তু এই ক্ষেত্ৰত অসমৰ মানুহ ব্যতিক্ৰম। অনন্ত কন্দলি, মাধৱ কন্দলি, মাধৱ দেৱ, শংকৰ দেৱ আদি কৰি কবিকুলক লৈ গৌৰৱ বোধ কৰা বা তেওঁলোকৰ ৰচনা, গীত, কবিতা আদি পঢ়িবলৈ অসমৰ মানুহে গৌৰৱবোধ নকৰে। যদিহে অনন্ত কন্দলি, মাধৱ কন্দলি, মাধৱ দেৱ, শংকৰ দেৱ আদি মহাপুৰুষসকল অসমৰ সলনি ঊৰিষ্যা অথবা বংগদেশ আদিৰ দৰে বেলেগ দেশত জন্ম গ্ৰহন কৰিলে হেঁতেন তেনেহ'লে তেওঁলোকৰো নাম হয়তো চাৰিওদিশতে প্ৰচাৰ হ'লহেঁতেন। সেইবাবে কবিয়ে অসমত জন্ম লাভ কৰা কবিকুলক পাপৰ ফলত জন্ম লাভ কৰা বুলি কৈছে।  

 

৪। “উহ! পাহৰণি যেন ৰাক্ষসিনী

        গিলিলি বহুত অসম গৌৰৱ”— কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উত্তৰঃ অসমৰ বুৰঞ্জী অসমৰ ভাষা-সাহিত্য সংস্কৃতিৰ এক গৌৰৱময় অতীত অছে। অসমৰ অতীত গৌৰৱময় হোৱাত অৱদান আগবঢ়োৱা শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি, গুবৰুৱা, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, কাশীদাস আদি অসমৰ জাতীয় গৌৰৱ। কিন্তু অজিৰ অসমীয়া যুৱকে মিল্টন, শ্যেলী, বাইৰণ আদিৰ নামহে লয়। তেওঁলোকে যেন অসমৰ জাতীয় গৌৰৱ সেইসকল বিখ্যাত কবিৰ নাম যেন পাহৰি গৈছে। অসমৰ জাতীয় গৌৰৱ যেন পাহৰণীৰ গৰ্ভত বিলীন হৈ গৈছে। ৰাক্ষকৰ দ্বৰে অসমীয়াসকলৰ পাহৰা স্বভাৱটোৱে অসমৰ জাতীয় গৌৰৱক যেন পাহৰি পেলাইছে। 


৫। 'জাতীয় গৌৰৱ' কবিতাটিত উল্লেখ থকা অসমীয়া কবিসকলৰ নামবােৰ লিখা। 

উত্তৰঃ  'জাতীয় গৌৰৱ' কবিতাটিত উল্লেখ থকা অসমীয়া কবিসকলৰ নামবােৰ হ'ল - অনন্ত কন্দলি, গুবৰুৱা, শ্ৰীধৰ কন্দলি, ৰাম সৰস্বতী, কাশীদাস, শ্ৰীশ্ৰীমাধৱদেৱ আদি।


৬। কবিয়ে অসমীয়া ডেকাসকলক কিদৰে ভৰ্সনা কৰিছে পাঠৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ কবিয়ে জাতীয় গৌৰৱ পাঠৰ জৰিয়তে অসমীয়া ডেকাসকলক ভৰ্ৎসনা কৰিছে। কাৰণ অসমীয়া কবিসকলে অনেক সাধনাৰে যি মৌবাহ সাঁজিছিল, সেই মৌ প্ৰাণ কৰা অসমীয়া ডেকাসকলৰ আজি অভাৱ। নিজ পুত্ৰই ডেউতাকৰ নাম নজনা নিচিনা কৈ আজিৰ অসমীয়া ডেকাই জাতীয় গৌৰৱ কবিসকলৰ নাম নাজানে। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ পৰি অজিৰ অসমীয়া ল'ৰা-ছোৱালীয়ে মিল্টন, বাইৰণ পঢ়ে, তেওঁলোকৰ গুণ গায়। কিন্তু অসমৰ কবিয়ে লিখা কবিতা, গ্ৰন্থ, উপন্যাস আদি পঢ়িবলৈ বেয়া পায়। নিজৰ ভাষা, জাতি, সংস্কৃতি, দেশ আদিৰ বিষয়ে নজনাতো পিতা-পুত্ৰ পৰিচয় নজনা নিচিনা। কবিৰ মতে তেওঁলোকে আনৰ আগত অসমীয়া বুলি পৰিচয় দিব নোৱাৰে। কবুৰ নতে আচলতে তেওঁলোক অসমীয়া নহয়। সেইবাবে কবিয়ে অসমীয়া ডেকাসকলক জাতীয় গৌৰৱ পাঠৰ জৰিয়তে অসমীয়া ডেকাসকলক ভৰ্ৎসনা কৰিছে।


৭। “অসম শ্মশান নােহে কোনে কয়”– কবিয়ে অসমক কিয় শ্মশান ভূমিৰ লগত তুলনা কৰিছে?

উত্তৰঃ শ্মশান হৈছে মৃত লোকৰ ঠাই। শ্মশানত মৃতলোক দাহ কৰা হয়। শ্মশানত কোনেই কাৰো গুণ গান নাগায়। কিন্তু অসমৰ মানুহবোৰ মৃতলোকৰ সদৃশ আৰু অসমখন শ্মশানৰ সদৃশ। জাতীয়তাৰবোধ নথকা অসমৰ মৃতলোকবোৰে অসমৰ জাতীয় গৌৰৱৰ কথা যেন পাহৰি গৈছে। অসমৰ জাতীয় গৌৰৱ অসম সন্তান অনন্ত কন্দলি , শ্রীধৰ কন্দলি , ৰামসৰস্বতী , মাধৱ কন্দলি , শংকৰদেৱ , মাধৱদেৱ আদিৰ দৰে মহান পুৰুষসকলৰ গুণ গৰিমা গাবলৈ যেন পাহৰি গৈছে। অসমৰ নৱপ্ৰজন্মই অসমৰ জাতীয় গৌৰৱৰ কথা নাজানেই। সেইবাবে কবিয়ে অসমক শ্মশান ভূমিৰ লগত তুলনা কৰিছে।


৮। শ্মশান ভূমিত পৰিণত হােৱা জাতীয় গৌৰৱ উদ্ধাৰ কৰিবলৈ কবিয়ে শেষত কি উপদেশ দিছে বুজাই লিখা। 

উত্তৰঃ 


৯। জাতীয় গৌৰৱ ’ কবিতাটিৰ মাজেৰে কবিৰ জাতীয় চেতনা কিদৰে প্ৰকাশ পাইছে? 

উত্তৰঃ


১০। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা— 

ক ) “পদুমৰ গােন্ধ গুবৰুৱা লয়,

    ভােমােৰাৰ দৰে ফুল কি ৰময়।” 

উত্তৰঃ


খ ) “হায়! হায়! হায়! বুকু ফাটি যায়

যি জুয়ে পুৰিছে হৃদয় সদায়।” 

উত্তৰঃ


গ ) “যেন ফুল ঘ্রাণ হাবিত-জনম

হাবিৰ বতাহে হাবিতে নাশে।”

উত্তৰঃ


ঘ ) “ উলঙ্গ দেশৰ কাম কি ধােবাৰ?

      নােশােভে লােকক কাপােৰ সাজে।”

উত্তৰঃ


ঙ) “ ঠিক অসমীয়া মানুহ নােহে

    অসম শ্মশান নােহে কোনে কয়।”

উত্তৰঃ


১১। অসমৰ এগৰাকী বুৰঞ্জী লিখকৰ নাম লিখা। বুৰঞ্জী অধ্যয়নে ছাত্র-ছাত্ৰীক কিদৰে সহায় কৰে?

উত্তৰঃ


১২। ৰাম সৰস্বতীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ৰাম সৰস্বতী ষোল্লশ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়াসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল। ৰাম সৰস্বতীয়ে মহাৰজা নৰনাৰায়ণৰ অনুৰোধত শতসহস্ৰী মহাভাৰতৰ প্ৰায় ত্ৰিশ হাজাৰ শ্লোক তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। "ৰাম সৰস্বতী" ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি।মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধি প্ৰদান কৰা হৈছিল। 


১৩। কোনখন পুথি কোনজন লিখকৰ তলৰ খালী ⬜ ঘৰত অন্তর্ভুক্ত কৰা—

 সাগৰ খৰি দৈৱঞ্জ

                     

 মাধৱ কন্দলী

                 

 ৰামসৰস্বতী

                 

অনন্ত কন্দলী

                  

শ্ৰীধৰ কন্দলী 

                 

কমলাকান্ত ভতচাৰ্য

                  

চিন্তাতৰঙ্গ, শেষ দশম, কাণখোৱা, সপ্তকাণ্ড ৰামায়ণ, কুলাচল বধ, কুৰ্মৱলী

উত্তৰঃ 

সাগৰ খৰি দৈৱজ্ঞ

মাধৱ কন্দলী

ৰামসৰস্বতী

অনন্ত কন্দলী

শ্ৰীধৰ কন্দলি

কমলাকান্ত ভট্টাচাৰ্য

 সপ্তকাণ্ড ৰামায়ণ

শেষ দশম

কাণখোৱা

চিন্তাতৰঙ্গ

কুলাচল বধ

কুৰ্মৱলী

 


ভাষা বিছাৰ

১। তলৰ শব্দসমূহৰ প্রত্যয় ভাঙি দেখুওৱা—

লিখক, জাতীয়,  অসমীয়া, মাছুৱৈ, পলৰীয়া। 

উত্তৰঃ লিখক    一    লিখ + অক।

            জাতীয়        জাতি + ষ্ণীয়।

             অসমীয়া        অসম + ঈয়া।

             মাছুৱৈ        মাছ + ওৱৈ।

             পলৰীয়া        পলা + অৰীয়া। 


২। বিপৰীত শব্দ লিখা— 

জনম, পাপ, জুই, ৰাক্ষসিনী, সভ্য, উন্নতি। 

উত্তৰঃ 

জনম        মৰণ

পাপ       পুণ্য।

জুই        পানী।

ৰাক্ষসিনী        দেৱী।

সভ্য        অসভ্য।

উন্নতি        অনুন্নতি।
   


৩। সমার্থক শব্দ লিখা— 

বুৰঞ্জী, জাতীয়, বুকু, ৰাক্ষস, শ্মশান, বতাহ, পুথি, সৰস্বতী, কাপােৰ, চকুপানী, গৌৰৱ, জগত, হাবি, ফুল।

উত্তৰঃ বুৰঞ্জী    ー    ইতিহাস।

জাতীয়        নিজৰ জাতিৰ।

বুকু        হৃদয়।

ৰাক্ষস        অসুৰ।

শ্মশান        মৰিশালি।

বতাহ        বায়ু, পৱন।

পুথি        কিতাপ।

সৰস্বতী        বাগদেৱী, বিনাপানী।

কাপোৰ        বস্ত্ৰ।

চকুপানী        চকুলো।

গৌৰৱ        অহংকাৰ।

জগত        জননি।

হাবি        বননি, অৰণ্য।

ফুল        পুষ্প। 


৪। কি কাৰণে মুর্ধন্য ণ/ষ হৈছে লিখা—

পাহৰণি, পুৰণি, ঘােষণা, ঘ্রাণ, ঘৃণা, ভূষণ, চণ্ডী। 

উত্তৰঃ পাহাৰণি    一    'ৰ' দন্ত্য 'ন' ৰ মাজত স্বৰবৰ্ণ আছে বাবে মূৰ্ধণ্য 'ণ' ব্যৱহাৰ হৈছে।

পুৰণি        'ৰ' দন্ত্য 'ন' ৰ মাজত স্বৰবৰ্ণ আছে বাবে মূৰ্ধণ্য 'ণ' ব্যৱহাৰ হৈছে।

ঘোষণা        'ও' স্বৰবৰ্ণৰ পাছত থকা দন্ত্য 'স' মূৰ্ধণ্য ব্যৱহাৰ হৈছে।

ঘ্ৰাণ        'ৰ' আৰু দন্ত্য 'ন' ৰ মাজত 'আ' স্বৰবৰ্ণ থকাৰ বাবে মূৰ্ধণ্য ব্যৱহাৰ হৈছে।

ঘৃণা        'ঋ' ৰ পাছত থকা দন্ত্য 'ন' মূৰ্ধণ্য 'ণ' হয়। 

ভূষণ        সাধাৰণতে মূৰ্ধণ্য 'ষ' হয়।

চণ্ডী        মূৰ্ধণ্য 'ট' বৰ্গ যুক্ত দন্ত্য 'ন' মূৰ্ধণ্য 'ণ' হয়। 


৫। অভিধান চাই তলৰ শব্দবােৰৰ অর্থ লিখা— 

অর্পণ, তর্পণ, আবেদন, নিবেদন, অঞ্জলি, শ্রদ্ধাঞ্জলি। 

উত্তৰঃ অৰ্পণ    一    


৬। সভ্য-অসভ্য— এনেকুৱা 'অ’ সর্গ যুক্ত আন তিনিটা শব্দৰ উদাহৰণ দিয়া।

উত্তৰঃ উপকাৰ    一    অপকাৰ।

            পৰিষ্কাৰ        অপৰিষ্কাৰ।

            পৱিত্ৰ        অপৱিত্ৰ।


৭ | বাক্য সাজা— 

কবিকুল, পদ্মফুল, অসম-সন্তান, অনন্ত-খালত, জগত-ঘােষণ, যশ-ভূষণ। 

উত্তৰঃ কবিকুল    —    অসৰ কবিকুলে অসমৰ ভাষা-সাহিত্য সংস্কৃতিলৈ অতুলনীয় অৱদান আগবঢ়ায় থৈ গৈছে।

পদ্মফুল    —    পদ্মফুল দেখিবলৈ বৰ ধুনীয়া।

অসম-সন্তান    —    শংকৰদেৱ, মাধৰদেৱৰ দ্বৰে অসম-সন্তানসমূহ অসমৰ জাতীয় গৌৰৱ। 

অনন্তখালত        আমি অসমৰ ভাষা-সাহিত্য-সংস্কৃতি অনন্তখাল বিলীন হৈ যাব দিব নালাগে।    

জগত-ঘোষণ     —     মহানলোকৰ সকলোৱে জগত-ঘোষণ কৰে।

যশ-ভূশণ    —     অসমৰ নৱপ্ৰজন্মই অসমৰ জাতীয় গৌৰৱৰ যশ-ভূশণ নকৰে। ]



Answered by Mampi Kakati 

Last Update by Dipawali Bora (09.05.2022)




Post ID : DABP006173

*****