পাঠ-৮
প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ
👉Text Books PDF👉MCQ Online Exam
👉MCQs Answer
অনুশীলনী
উত্তৰঃ ভেংকটৰমণৰ জন্ম তামিলনাডুৰ ত্ৰিচনাপল্লীত হৈছিল। তেওঁৰ পিতাকৰ নাম আছিল চন্দ্ৰশেখৰ আয়াৰ আৰু মাকৰ নাম আছিল পাৰ্বতী আমল।
২। আকাশখন আমি কিয় নীলা দেখোঁ?
উত্তৰঃ পোহৰৰ সাতোটা ৰঙৰ ভিতৰত আটাইতকৈ বেছিকৈ সিঁচৰিত হয় নীলা। সেইবাবেই আমি আকাশখন নীলা দেখোঁ।
৩। সূৰ্যৰ পোহৰত থকা সাতটা ৰং কি কি?
উত্তৰঃ সূৰ্যত পোহৰত থকা সাতটা ৰং হ'ল- বেঙুনীয়া, নীলা, ঘননীলা, সেউজীয়া, হালধীয়া, সুমথীৰা আৰু ৰঙা।
৪। ১৯২১ চনত ভেংকটৰমণ লণ্ডনলৈ কিয় গৈছিল? লণ্ডনৰ পৰা উভতি আহোঁতে তেওঁৰ মনত কি প্ৰশ্নৰ উদয় হৈছিল?
উত্তৰঃ ১৯২১ চনত ভেংকটৰমণ 'বিশ্ববিদ্যালয় কংগ্ৰেছ'ত যোগদান কৰিবলৈ লণ্ডনলৈ গৈছিল। লণ্ডনৰ পৰা উভতি আহোঁতে তেওঁৰ মনত সাগৰৰ নীলা ৰং সম্পৰ্কে প্ৰশ্নৰ উদয় হৈছিল।
৫। কি আৱিষ্কাৰৰ বাবে ভেংকটৰমণক ন'বেল বঁটা প্ৰদান কৰা হৈছিল?
উত্তৰঃ 'ৰমণ ৰশ্মি' ৰ আৱিষ্কাৰৰ বাবে ভেংকটৰমণক ন'বেল বঁটা প্ৰদান কৰা হৈছিল।
৬। ভেংকটৰমণে প্ৰতিষ্ঠাত আগভাগ লোৱা তিনিটা প্ৰতিষ্ঠানৰ নাম লিখা।
উত্তৰঃ ভেংকটৰমণে প্ৰতিষ্ঠাত আগভাগ লোৱা তিনিটা প্ৰতিষ্ঠানৰ নাম হ'ল--
(১) ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা।
(২) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান।
(৩) ৰমণ প্ৰতিষ্ঠান।
৭। ১৯২৮ চনত ২৮ ফেব্ৰুৱাৰী তাৰিখটো কিহৰ বাবে উল্লেখনীয়?
উত্তৰঃ ১৯২৮ চনত ২৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ এবিধ নতুন ৰশ্মি সৃষ্টি হোৱাৰ সন্ধান পালে, সেই ৰশ্মিবিধ হ'ল ৰমণ ৰশ্মি। সেইবাবে এই দিনটো উল্লেখনীয়।
৮। ভাৰতীয় 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' কোনটো দিনত পালন কৰা হয়? এই দিনটো কিয় বিখ্যাত?
উত্তৰঃ ভাৰতীয় 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' ২৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এই তাৰিখতেই ভেংকটৰমণৰ জন্ম হৈছিল, সেইবাবে এই দিনটো বিখ্যাত।
৯। খালী ঠাই পূৰণ কৰাঃ
ক) ৰমণে সাগৰৰ নীলা ৰঙৰ কাৰণ জানিবলৈ গৱেষণা চলোৱা প্ৰতিষ্ঠানটোৰ নাম 'ভাৰতীয় বিজ্ঞান কৰ্ষণ'।
খ) ৰমণে ১৯৩০ চনত ন'বেল বঁটা লাভ কৰিছিল।
গ) ব্ৰিটিছ চৰকাৰে ৰমণক 'ছাৰ' উপাধিৰে সন্মানিত কৰিছিল।
ঘ) 'ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা'টো ১৯২১ চনত স্থাপিত হৈছিল।
ঙ) ৰমণে ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈ গৱেষণা চলোৱা প্ৰতিষ্ঠানটোৰ নাম 'ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান।
চ) ১৯৫৪ চনত ভাৰত চৰকাৰে ভেংকটৰমণক 'ভাৰত ৰত্ন' উপাধি প্ৰদান কৰিছিল।
ছ) ১৯৭১ চনৰ ২১ নৱেম্বৰ তাৰিখে ৰমণৰ মৃত্যু হৈছিল।
Spelling Check By- Rajashri Bora
- MAMPI KAKATI
Check by - Mukesh Borah
Post ID : DABP002808