Lesson- 17

LISTEN TO THE MOUNTAIN


A. Comprehension  

1 Describe the character and life of the Grandmother.

(আইতাকৰ চৰিত্ৰ আৰু জীৱনৰ বৰ্ণনা দিয়া)

Ans:  The Grandmother is grey-haired, with age-worn stoop and hobbling gait. She looks frail but her voice is strong and resonant. She is almost ninety. She I was born at the tum of the century when there were no motor cars, no aeroplanes, no television, no movies, and much less noise. She was born there, in the village on the slopes of Dharmagiri ;grew up, married, and had her children, grandchildren, and great-grandchildren. She loves nature and thinks the river, trees, flowers, birds and animals as her friends. She has had a tough but happy life.

(আইতা এগৰাকী পকা চুলিৰ,বয়সৰ ভৰত কুজাঁ হোৱা মহিলা৷ তেওঁ দেখাত দুৰ্বল যদিও তেওঁৰ মাতটো কঠিন আৰু স্পষ্ট৷তেওঁৰ বয়স প্ৰায় নব্বৈ বছৰ৷তেওঁ সেই শতিকাত জন্ম যেতিয়া কোনো গাড়ী মটৰ,উৰাজাহাজ,টিভি,চিনেমা নাছিল আৰু যথেষ্ট কম হূলস্থূল আছিল৷তেওঁৰ ধৰ্মগিৰীৰ সমতলৰ গাঁওখনত জন্ম হৈছিল আৰু তাতেই তেওঁ ডাঙৰ দীঘল হৈছিল, বিয়া হৈছিল আৰু নিজৰ পুত্ৰ নাতি আজোনাতি সকলোকে পাইছিল৷তেওঁ প্ৰকৃতিপ্ৰেমী আছিল আৰু নৈ,গছ-গছনি,ফুল,চৰাই আৰু জীৱ-জন্তবোৰক নিজৰ বন্ধু দৰে ভাবিছিল৷তেওঁৰ জীৱনটো কষ্টকৰ যদিও সূখী আছিল)


2. What sort of business was Sagar talking about?

(সাগৰে কেনেকুৱা ব্যৱসায়ৰ কথা কৈছিল?

Ans: Sagar was talking about the business of tourism. He wanted to build a multi-storied five star hotel on the top of the mountain Dharmagiri overlooking the village which would serve as a sight of marvelous natural beauty.

(সাগৰে পৰ্যটন ব্যৱসায়ৰ কথা কৈছিল৷তেওঁ ধৰ্মগিৰি পৰ্বতৰ ওপৰত গাঁওখন দেখি থকাকৈ এখন কেইবামহলীয়া পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিব বিচাৰিছিল যিয়ে এক সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ঠাইৰূপে গঢ় লৈ উঠিব)


3. How did Sagar try to play down the alarm of building the hotel?

(সাগৰে কেনেদৰে হোটেল নিৰ্মাণৰ আতংকটো তল পেলাব বিচাৰিছিল?) 

Ans: The villagers went to Sagar to explain him about their dissatisfaction with the upcoming project that not only will their village be ruined, but the mountain itself was in danger. Sagar asked them if the villagers know more than the engineers and architects from the big city. Thus he tried to play down the alarm of building the hotel.

(গাঁওবাসীয়ে সাগৰৰ ওচৰলৈ গৈ হোটেল নিৰ্মাণৰ কথাটোত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু কৈছিল যে ই কেৱল তেওঁলোকৰ গাঁওখনক ক্ষতিগ্ৰস্ত কৰাই নহয় পৰ্বতটোকো সংকটত পেলাব৷ কিন্তু সাগৰে তেওঁলোকক সুধিছিল যে তেওঁলোকৰ নগৰৰ ইঞ্জিনীয়াৰ আৰু নিৰ্মাণকাৰীসকলতকৈও অধিক জ্ঞান আছে নেকি আৰু এনেদৰে কৈ টেল নিৰ্মাণৰ আতংকটো তল পেলাব বিচাৰিছিল)


4. What sort of a person was. Mr. Dixit? 

(মি. দীক্ষিত কেনেধৰণৰ ব্যক্তি আছিল?)

Ans: Mr. Dixit was the multimillionaire-owner of two dozen cinema houses, five luxury hotels, three drug companies and the biggest biscuit factory in India. He also owns five mansions in different parts of the world. He didnot like to waste time. He only thought of his work and not about the mountain or any other natural things.

(মি. দীক্ষিত এজন কোটিপতি আৰু দুই ডজন চিনেমা হল,পাঁচখন বিলাসী হোটেল,তিনিটা দৰৱৰ কোম্পানী আৰু ভাৰতৰ সকলোতকৈ ডাঙৰ বিস্কুট ফেক্টৰীটোৰ মালিক আছিল৷তাৰ উপৰিও তেওঁৰ পৃথিৱীৰ বিভিন্ন ঠাইত পাঁচটা বিশাল অট্টালিকা আছে৷তেওঁ সময় নষ্ট কৰাটো ভাল পোৱা নাছিল৷তেওঁ কেৱল নিজৰ কামৰ কথাহে চিন্তা কৰিছিল,পৰ্বতটো অথবা অন্য বস্তুবোৰৰ বিষয়ে অলপো ভবা নাছিল)


 5. Why was building on the mountain dangerous?

 (পৰ্বতত নিৰ্মাণ কাৰ্য চলোৱাটো কিয় বিপদ্জনক আছিল?)

Ans: When the temple was built three hundred years ago, the people realized that the earth there cannot hold a structure taller than thirty feet. It will be dangerous to dig too deep for foundation to build buildings on the mountain.

(যেতিয়া তিনশ বছৰৰ পূৰ্বে তাত মন্দিৰৰ নিৰ্মাণ কৰিছিল তেতিয়াই তাৰ লোকসকলে অনুভৱ কৰিছিল যে পৰ্বতৰ মাটিয়ে ত্ৰিশ ফুটতকৈ অধিক ওখ ভেটিৰ ভৰ ল’ব নোৱাৰে৷ তাত অট্টালিকা নিৰ্মাণৰ জোখাৰে গভীৰ গাঁত খন্দটো অতি বিপজ্জনক)


6. The Grandmother is simple and rustic. Yet she is an environmentalist. Explain.

(আইতাগৰাকী সহজ সৰল আৰু গাৱঁলীয়া আছিল যদিও তেওঁ এগৰাকী পৰিৱেশপ্ৰেমী আছিলা।)

Ans: Grandmother has lived all her life in the village on the slopes of Dharmagiri.She said that the river, trees, flowers, birds -and· animals are all her friends. The news of building a hotel in the mountain had upset her. She thought about the rabbits, the deer and partridge who are going to lose their homes. She asked who will listen to the river, the clean, beautiful, sweet watered river that will now turn foul with filth. And who will listen to the sorrow of Dharmagiri when it is massacred by roads and burdened with buildings. There will be a lot of  noise and  pollution. She also said that the mountains, the rivers, the trees and the animals, they all speak, just like people if we listen to them. She was worried about future and told that tomorrow's world is the world of today's children and the hotel may create problem for them. Thus, we can say that grandmother is simple and rustic, yet she is an environmentalist.

(আইতাই তেওঁৰ সমগ্ৰ জীৱন ধৰ্মগিৰি পৰ্বতৰ সমতলৰ গাঁওখনতে পাৰ কৰিছে৷তেওঁ নৈ,গছ-গছনি,ফুল,চৰাই আৰু জীৱ-জন্তবোৰক নিজৰ বন্ধু বুলি কৈছিল৷পৰ্বতত হোটেল নিৰ্মাণ কৰা কথাটোৱে তেওঁক কষ্ট দিছিল৷তেওঁ তাত থকা শহাপহুবোৰ,পহু আৰু চৰাইবোৰৰ বাসস্থানৰ বিষয়ে ভাবিছিল৷তেওঁ লগতে সুধিছিল যে পৰিষ্কাৰ পানীৰ সুন্দৰ নৈখনৰ কথা কোনে শুনিব যি এতিয়া অপৰিষ্কাৰ হৈ পৰিব৷লগতে ধৰ্মগিৰিৰ কথা কোনে শুনিব যি ৰাস্তাৰে চিৰাচিৰ হ’ব আৰু অট্টালিকাৰ বোজা বহন কৰিব লাগিব৷তাত অত্যন্ত কোলাহল আৰু প্ৰদূষণ হ’ব৷তেওঁ লগতে এয়াও কৈছিল যে পৰ্বত,নৈ,গছ-গছনি আৰু জীৱ-জন্তৱেও মানুহৰ দৰে কথা কয় যদিহে আমি বুজিব পাৰোঁ৷ তেওঁ ভৱিষ্যতকলৈ চিন্তিত আছিল আৰু কৈছিল যে আহিবলগীয়া পৃথিৱীখন আজিৰ ল’ৰাছোৱালীৰ পৃথিৱী৷ আৰু হোটেলৰ নিৰ্মাণে তাত ব্যাঘাত জন্মাব পাৰে৷এনেবোৰ কথাৰ পৰাই আমি ক’ব পাৰোঁ যে আইতাগৰাকী সহজ সৰল আৰু গাৱঁলীয়া আছিল যদিও তেওঁ এগৰাকী পৰিৱেশপ্ৰেমী আছিল৷)


B. Write true or false : (সত্য/অসত্য লিখা)

1. Sagar was happy to stay for only six months as Dharmagiri was a sleepy dump. 

(সিগৰ মাত্ৰ ছমাহৰ বাবে থাকিবলৈ পাই আনন্দিত হৈছিল কাৰণ ধৰ্মগিৰি এক পাছপৰা অঞ্চল আছিল)

 Ans: True


2. The mountain top of Dharmagiri had a view of close by cities.  

(ধৰ্মগিৰি পৰ্বতৰ শীৰ্ষৰ পৰা ওচৰৰ নগৰসমূহ দেখা গৈছিল) 

 Ans: False


3. The winding path up to the mountain was narrow.

(পৰ্বতৰ ওপৰলৈ যোৱা বাটটো ঠেক আছিল)

 Ans: True


4. Ramanna sold unbeatable dosas and idlis. 

(ৰামান্নাই খুব সুন্দৰ দ’চা আৰু ইডলী বিক্ৰী কৰিছিল)

Ans: True


5. There were many temples on the mountain. 

(পৰ্বতৰ ওপৰত অনেক মন্দিৰ আছিল) 

Ans: False


6. The mountain spoke for everyone to hear.

(পৰ্বতে সকলোৱে শুনাকৈ কথা ক’লে)

Ans: True.


D. Fill in the blanks using adverbs chosen from the brackets : 

(কাষত দিয়া ক্ৰিয়া বিশেষণেৰে খালী ঠাই পূৰ কৰা) 

1.Your daughter sings _ (sweet/sweetly). 

 Ans: Your daughter sings sweetly.

(তোমাৰ জীয়েৰাই সুন্দৰকৈ গায়)


2.Shanti _ works before her examinations (hard/ hardly).  

Ans: Shanti hardly works before her examinations.

(শান্তিয়ে পৰীক্ষাৰ আগত খুব কষ্ট কৰে)


3.May we go _ for lunch today (out/everywhere)?  

Ans: May we go out for lunch today?

(আমি আজি দুপৰীয়া বাহিৰত আহাৰ গ্ৰহণ কৰিবলৈ যাব পাৰোঁ নে?)


4.The hawk swooped _ to carry off my  lunch packet.(downwards/outwards). 

 Ans: The hawk swooped downwards to carry off my lunch packet.

(চিলনীজনীয়ে মোৰ আহাৰৰ পেকেটটো থাপ মাৰি ধৰিবলৈ তললৈ চোঁচা লৈছিল)


5.Rinku is studying _ (good/well). 

 Ans: Rinku is studying well

 (ৰিংকুৱে ভালদৰে পঢ়া শুনা কৰিছে)


6. It is early __ go out (to/too).

Ans: It is too early to go out.

(এতিয়া বাহিৰলৈ যাবলৈ যথেষ্ট শুনকাল হৈ আছে)


7. My teacher was looking _ at me (strange/strangely). 

Ans: My teacher was looking strangely at me.

(মোৰ  শিক্ষকজনে মোৰলৈ আচৰিতধৰণে চাইছিল)


8.Come___so that we can have a lot of fun (soon/sooner).

Ans: Come soon so that we can have a lot of fun.

(শুনকালে আহি যাতে আমি অধিক আনন্দ কৰিব পাৰোঁ)


E. CREATIVE WRITING: 

1. Write how environment needs to be protected and greening improved.

(পৰিবেশ সংৰক্ষণ আৰু বনাঞ্চল বিস্তাৰৰ কেনেদৰে কৰিব পাৰোঁ লিখা)

Ans:  Trees, forests are the integral part of our environment. In todays world due to the improvements in technology and infrastructure people easily exploit environment to fulfill their greeds. People are ruining waterbodies, mountains, forests in the name of development. In this rat race of modernism we often forget that the harms we are doing to the environment wil be repayed to us. Our earth is the only planet which is suitable for living and destroying it means destroying ourselves. To prevent the destruction of environment and greenery we can take the following measures:

i) Plant trees in large numbers and take care of them.

ii) Stop forest destruction.

iii) The authorities should impose severe punishment for destruction of forest and environment

iv) Teach children about the importance of nature and trees.

v) Elaborate use of three R's policy; reduce,reuse and recycle.

(গছ-গছনি,অৰণ্য আদি আমাৰ পৰিবেশৰ এক আৱশ্যকীয় অংশ৷আজিৰ পৃথিৱীত প্ৰযুক্তিবিদ্যা আৰু আন্তঃগাঁথনিৰ উন্নতি হোৱাৰ বাবে মানুহে নিজৰ স্বাৰ্থপূৰণৰ হকে পৰিৱেশৰ শোষিত কৰিছে৷ মানুহে জলাশয় ,পৰ্বত পাহাৰ,বনাঞ্চল আদি উন্নয়নৰ নামত ধ্বংস কৰিবলৈ ধৰিছে৷আধুনিকতাৰ দৌৰত সকলোৱে এয়া পাহৰিয়েই গৈছে যে আমি পৰিৱেশক যিমান অনিষ্ট কৰিছোঁ সেয়াই আকৌ আমালৈয়ে বিপদ কঢ়িয়াই আনিব৷আমাৰ পৃথিৱীয়েই একমাত্ৰ বাসোপযোগী গ্ৰহ আৰু ইয়াৰ ক্ষতি মানেই আমাৰ ক্ষতি৷পৰিৱেশ আৰু বনাঞ্চলৰ ধবংস ৰোধ কৰিবলৈ আমি নিম্নোক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ:

i) বৃহৎ সংখ্যাত বৃক্ষৰোপণ আৰু তাৰ প্ৰতিপালন৷

ii) অৰণ্য ধ্বংস ৰোধ

iii) প্ৰশাসন কৰ্তৃপক্ষই গছ-গছনি কটা আৰু পৰিবশ অনিষ্ট কৰাৰ বাবে গুৰুতৰ শাস্তি প্ৰদান কৰা উচিত)

iv) শিশুসকলক বৃক্ষ আৰু পৰিৱেশৰ গুৰুত্বৰ বিষয়ে শিক্ষা দিয়া

v) তিনি R নিয়ম; নিম্ন মাত্ৰা,পুনৰ ব্যৱহাৰ আৰু পুনৰাবৃত্ত সামগ্ৰীৰ বহুল ব্যৱহাৰ আদি৷


Himadri Borah

(M.A in English)



Post ID : DABP006203