3.3.1    মৌলৰ অণু (MOLECULES OF ELEMENTS)

মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে গঠিত। আৰ্গন, হিলিয়াম আদিৰ দৰে বহুতো মৌলৰ অণু এটা মাত্ৰ পৰমাণুৰে গঠিত। অধাতুবোৰৰ সৰহভাগৰ ক্ষেত্ৰতে কথাটো তেনে নহয়। উদাহৰণ স্বৰূপে অক্সিজেনৰ এটা অণু অক্সিজেনৰ দুটা পৰমাণুৰে গঠিত আৰু সেইবাবে ইয়াক এটা দ্বি-পাৰমাণৱিক অণু, O2 হিচাপে  জনা যায়। সচৰাচৰ থকা দুটা ঠাইত অক্সিজেনৰ  তিনিটা পৰমাণু একত্ৰিত হ'লে আমি অ'জনৰ অণু পাম। অণু এটা যিমান সংখ্য়ক পৰমাণুৰে গঠিত হয় তাকে  পাৰমাণৱিকতা বোলা হয়।

    ধাতুসমূহ আৰু কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ সৰল গঠন নাথাকে। এইবোৰত বহু বেছি আৰু অনিৰ্দিষ্ট সংখ্য়ক পৰমাণু একেলগে যোজিত হৈ  থাকে।

    কিছুমান অধাতুৰ পাৰমাণৱিকতা মন কৰা যাওঁক।




Class 9 General Science

Bidyut Thakuria.