পৰিমাপণৰ সঁজুলিসমূহ (Measuring Tools) Chapter 3 Question and Answer Assam | B.A 3rd Semester Education Suggestion | B.A 3rd Semester Education Free Notes | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer পৰিমাপণৰ সঁজুলিসমূহ (Measuring Tools) পাঠটোৰ প্ৰশ্ন-উত্তৰ


পৰিমাণৰ সঁজুলিসমূহৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ


পৰিমাপণৰ সঁজুলিসমূহ

(Measuring Tools) 



1.পৰিমাপণৰ ভুল কি?

What is error of measurement? 

উত্তৰঃ  যিকোনো পৰিমাপণৰ সঁজুলিৰ কেতবোৰ প্ৰায়োগিক বা কাৰিকৰী লক্ষণ থাকিব লাগে। এই কাৰিকৰী লক্ষণে পৰিমাপণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন ভুলৰ জ্ঞান আৰু বোধ ক্ষমতাকো সামৰি লয়। এইবোৰক পৰিমাপণৰ ভুল বুলি কোৱা হয়।  

2. পৰিমাপণৰ সঁজুলি কাক বোলে?

What is measuring tools?

উত্তৰঃ ব্যক্তিৰ সামৰ্থ, মানসিক বৈশিষ্ট্য ইত্যাদি পৰিমাপন বা মূল্যায়ণ কৰিবৰ বাবে যিবোৰ ব্যৱস্থা বা পদ্ধতি অৱলম্বন কৰা হয় সেইবোৰক পৰিমাপণৰ আহিলা বা সঁজুলি বোলে।

3. পৰিমাপণৰ পাঁচবিধ সঁজুলিৰ নাম লিখা।

Write five name of measuring tools. 

উত্তৰঃ পৰিমাপণৰ পাঁচবিধ সঁজুলিৰ নাম হ'ল-

অভীক্ষাসমূহ, প্ৰশ্নসূচী, পৰ্যবেক্ষণ, মান নিৰূপক কাঠী, মনোভাৱ কাঠী আৰু পৰীক্ষা।  

4. পৰীক্ষা কি?

What is Examination?

উত্তৰঃ শিক্ষাৰ্থীসকলক পৰিমাপণৰ বাবে আটাইতকৈ বেছি প্ৰয়োগ হোৱা সঁজুলিবিধ হ'ল পৰীক্ষা। কোনো এক তাত্বিক বা ব্যৱহাৰিক দিশত শিক্ষাৰ্থীসকলে দেখুওৱা দক্ষতাক পৰীক্ষাৰ যোগেদি পৰিমাপণ কৰিব পাৰি।

5. পৰিমাপণৰ ভুল কেইপ্ৰকাৰৰ আৰু কি কি?

What are the types of errors of measurment?

উত্তৰঃ পৰিমাপণৰ ভুল ৪ প্ৰকাৰৰ সেইকেইটা হ'ল-

(১) স্থায়ী ভুল ।

(২) চলকীয় বা পৰিৱৰ্তনশীল ভুল।

(৩) পৰ্যবেক্ষণ ভুল ।

(৪) ব্যাখ্যাজনিত ভুল।

6. ভাল অভীক্ষাৰ বৈশিষ্ট্যবোৰ কি কি? 

What are the characteristics of a good test?

উত্তৰঃ ভাল অভীক্ষাৰ বৈশিষ্ট্যবোৰ হ'ল- 

(১) ব্যৱহাৰিক বৈশিষ্ট্যঃ ভাল অভীক্ষাৰ যিবোৰ বৈশিষ্ট্য ব্যৱহাৰিক সংলক্ষণৰ লগত জড়িত সেইবোৰ হ'ল-

(ক) প্ৰয়োগৰ সৰলতাঃ এটা ভাল অভীক্ষাৰ প্ৰয়োগ পদ্ধতি সহজ সৰল হ'ব লাগে। যথাসম্ভৱ অভীক্ষাটো বস্তুনিষ্ঠ হ'ব লাগে।

(খ) নম্বৰ প্ৰদানৰ সুবিধাঃ অভীক্ষাত প্ৰশ্নপদবোৰ বস্তুনিষ্ঠ প্ৰকৃতিৰ হ'লে নম্বপ্ৰদান আৰু লাভ কৰিবলৈ সহজ হয়। অভীক্ষাবোৰত নম্বৰ প্ৰদানৰ বাবে পৃথককৈ ঠাই ৰখা দৰকাৰ। হাতেৰে বা মেচিনৰ সহায়ত নম্বৰ প্ৰদান কাৰ্য সম্পন্ন কৰিব পাৰি।

(২) কাৰিকৰী বৈশিষ্ট্যঃ ভাল অভীক্ষা এটাৰ ব্যৱহাৰিক বৈশিষ্ট্যবোৰৰ বাহিৰেওকেতবোৰ কাৰিকৰী বৈশিষ্ট্যৰ প্ৰয়োজন। সেইবোৰ হ'ল-

(ক) বৈধতাঃ বৈধতা হ'ল ভাল অভীক্ষা এটাৰ প্ৰধান কাৰিকৰী গুণ। কিছুমান নিৰ্দিষ্ট উদ্দেশ্য বা সংলক্ষণ জুখিবৰ বাবে অভীক্ষাবোৰ প্ৰস্তুত কৰা হয়। যদি অভীক্ষাটোৱে জুখিব বিচৰা সংলক্ষণটো জুখিব পাৰে  তেন্তে সেই অভীক্ষাটোক বৈধ বুলি কোৱা হয়।

() বস্তুনিষ্ঠতাঃ ভাল অভীক্ষৰ এটা প্ৰধান আৰু গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল বস্তুনিষ্ঠতা।  

বস্তুনিষ্ঠতা অবিহনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা নিৰ্ণয়ত জটিলতা আদি পৰে।

7. বৈধতা কি? সংজ্ঞা দিয়া।

What is validity? Define ?

উত্তৰঃ বৈধতা হ'ল ভাল অভীক্ষা এটাৰ প্ৰধান কাৰিকৰী গুণ। কিছুমান নিৰ্দিষ্ট উদ্দেশ্য বা সংলক্ষণ জুখিবৰ বাবে অভীক্ষাবোৰ প্ৰস্তুত কৰা হয়। যদি অভীক্ষাটোৱে জুখিব বিচৰা সংলক্ষণটো জুখিব পাৰে  তেন্তে সেই অভীক্ষাটোক বৈধ বুলি কোৱা হয়।

বৈধতা সম্বন্ধে মনোবৈজ্ঞানিক সকলে সংজ্ঞা আগবঢ়াইছে-

(১) লি.জে. ক্ৰনবেকৰ মতে, "বৈধতাই অভীক্ষাটোৱে জুখিব পৰা বৈশিষ্ট্যটো কিমান বিস্তাৰলৈ জুখিব পাৰিছে তাকে বুজায়"

(২) গেইচটৰ মতে, "এটা অভীক্ষা বৈধ হয় যেতিয়া ই কোনো এজনে বিচৰা মূল্য প্ৰকৃতভাৱে আৰু নিৰ্ভুলভাৱে কৰিব পাৰে"

8. বৈধতাৰ বৈশিষ্ট্যবোৰ লিখা। 

Write the characteristics of validity.

উত্তৰঃ বৈধতাৰ বৈশিষ্ট্যবোৰ হ'ল- 

(১) অভীক্ষা বা পৰিমাপণন সঁজুলিৰ এক প্রয়োজনীয় গুণ বা সংলক্ষণ হ'ল বৈধতা।

(২) বৈধতা অভীক্ষাৰ উদ্দেশ্য বা বিষয়বস্তুৰ লগত সম্বন্ধযুক্ত। 

(৩) বৈধতা হ'ল অভীক্ষাৰ সত্যবাদিতা, শুদ্ধতা বা যথাৰ্থতাৰ প্ৰতীক ।

(৪) বৈধতাৰ ধাৰণা সম্বন্ধযুক্ত। কেতবোৰ স্বতন্ত্র বৈশিষ্ট্যৰ লগত ই জড়িত হৈ থাকে।

(৫)  নমুনা দলৰ পৰিপ্ৰেক্ষিতাহে কোনো এক অভীক্ষাৰ বৈধতা বিচাৰ কৰা হয়।

9. বৈধতাৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ আলোচনা কৰা ।

Discuss about the factors affecting validity 

উত্তৰঃ বৈধতাৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ তলত আলোচনা কৰা হ'ল-


(১) অস্পষ্ট নির্দেশনা (Unclear Direction) : অভীক্ষা এটা কাৰ্যকৰী কৰিবলৈ দিয়া নির্দেশনা যদি অভীক্ষার্থীয়ে স্পষ্টকৈ বুজি নাপায় বা বুজিবট সক্ষম নহয়, তেন্তে তেওঁলোকে অভীক্ষাত সফলতাৰে প্ৰতিক্ৰিয়া প্ৰদান কৰিব নোৱাৰিব। ই অভীক্ষাৰ বৈবতন্তে প্রভাৱ পেলায়।

(২) সাংস্কৃতিক প্ৰভাৱ (Cultural Influence) : বৈধতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আন এক কাৰক হ'ল সাংস্কৃতিক কাৰক। এই ক্ষেত্ৰত অধ্যাপন ৰেমাৰ্চ জেজ (Prof. Remmers Gage) আৰু কমেলে (Rummel) গৱেষণাৰ জৰিয়তে মত প্ৰকাশ কৰিছে যে ব্যক্তি এজনৰ সাংস্কৃতিক জীৱনে ব্যক্তিজনৰ সাধাৰণ মানসিক সামৰ্থৰ ওপৰতো প্ৰভাৱ পেলায়।

(৩) নিৰ্ধাৰিত উত্তৰৰ সমষ্টি (Response Sits) : কেতবোৰ অভীক্ষাৰ প্ৰশ্নপদৰৰ লগত বিকল্প উত্তৰবোৰ নিৰ্ধাৰণ কৰি দিয়া থাকে। বহু ক্ষেত্ৰত দেখা যায় যে এই নির্ধাৰিত বিকল্প উত্তৰবোৰৰ সমষ্টিয়ে এজন ব্যক্তিৰ প্ৰাপ্তাংকৰ ওপৰত প্ৰভাৱ পেলায়। এই নিৰ্ধাৰিত উত্তৰৰ সমষ্টিয়ে আগ্রহ, মনোভাৱ, প্রবণতা, ব্যক্তিত্ব আৰু মান নিৰূপক কাঠীৰ পৰিমাপণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। মনোবৈজ্ঞানিক অভীক্ষাবোৰত ব্যৱহৃত কেতবোৰ উত্তৰৰ সমষ্টি হ () 'True', 'Yes' 'Agree' ৰ কোনটো কোনো এটা নির্দিষ্ট প্ৰশ্নৰ উত্তৰ হ'ব লাগে কব লাগে। 'Indifferent' ৰ

(ii) 'Uncertain' কোনটো হ'ব লাগে। এনেধৰণৰ নিৰ্ধাৰিত উত্তৰৰ সমষ্টিবোৰে অভীক্ষাৰ যৌক্তিক আৰু ভৱিষ্যত বৈধতা কমাই আনে আ ব্যক্তিগত বৈষম্যৰ পৰিমাণো হ্ৰাস কৰে।

(৪) বৈধতাৰ জোখতকৈ অধিক নিৰ্ভৰযোগ্যতা (Excessive Reliability at the Expanses of validity): কিছু ক্ষেত্ৰত দেখা যায় যে নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অভীক্ষাত প্রশ্নপদ বঢ়াই দিয়া হয়। উদাহৰণস্বৰূপে গণিতৰ মৌখিকৰ কম দক্ষতাৰ সমস্যা এটা সমাধান কৰিবৰ বাবে যথেষ্ট সংখ্যক প্রশ্নপদ অভীক্ষাত অন্তর্ভুক্ত কৰিলে। 


10. ভাল অভীক্ষা এটাৰ বৈধতা কেনেকৈ নিৰূপন কৰিব পাৰি? 

How will determine validity of a good test? 

উত্তৰঃ 

11. বৈধতাৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা।

Discuss about the different types of validity. 

উত্তৰঃ বৈধতাৰ বিভিন্ন প্ৰকাৰবোৰ তলত আলোচনা কৰা হ'ল-

১. যুক্তিযুক্ত বা বিচাৰকৰণ বৈধতাঃ সাধাৰণ যুক্তিযুক্ততা আৰু  বিচাৰৰদ্বাৰা এই বৈধতা নিৰ্ণয় কৰা হয়। এই  বৈধতাৰ কেতবোৰ হ'ল—আপাত বৈধতা, বিষয়বস্তু বৈধতা আৰু ধাৰণা বৈধতা।

(২) পৰীক্ষা নিৰ্ভৰ বা নির্ণায়ক বৈধতা (Empirical or Criterion Validity) : বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সহায়ত এই বৈধতা নিৰ্ণয় কৰা হয়। ভৱিষ্যত বৈধতা আৰু সহগামী বৈধতা এই প্ৰকাৰৰ বৈধতাৰ ভাগ । তলত এই দুয়োবিধ বিভাজনৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰা হ'ল—

(১) আপাত বৈধতা (Face Validity) : আপাত বৈধতা হ'ল আটাইতকৈ সাধাৰণ প্ৰকাৰৰ বৈধতা। আপাত বৈধতা মানে হ'ল অভীক্ষা এটাই জুখিব বিচৰা সংলক্ষণটো জুখিব পৰাৰ এক অৱস্থা। যদিও আপাত বৈধতা থকা অভীক্ষা এটাৰ আন কোনো গুণ নাথাকিব পাৰে তথাপিও ই অভীক্ষাৰ এটা প্রয়োজনীয় গুণ। 

মুজিয়াৰ (Masier) চাৰি প্ৰকাৰৰ আপাত বৈধতাৰ কথা উল্লেখ কৰিছে। যেনে- — 

অনুমানৰ ফালৰ পৰা (By Assumption)

সংজ্ঞাৰ ফালৰ পৰা (By Definition) 

প্ৰকাশৰ ফালৰ পৰা ( By Appearance)  

ধাৰণা বা প্ৰকল্পৰ ফালৰ পৰা (By Hypothesis)

(২) বিষয়বস্তু বৈধতা (Content Validity) : সাধাৰণতে শিক্ষামূলক কাৰ্যৰ লগত জড়িত অভীক্ষাৰ ক্ষেত্ৰত বিষয়বস্তু মূলক বৈধতা প্রয়োগ কৰা হয়। যি বিষয় আৰু যি উদ্দেশ্যৰ ভিত্তিত অভীক্ষা এটা গঠন কৰা হয় সেই দিশ দুটা যদি কোনো এক অভীক্ষাই সামৰি ল'ব পাৰে তেনে অভীক্ষাকে বিষয়বস্তু বৈধতাৰ অভীক্ষা বোলা হয়। অর্থাৎ যিমানে শিক্ষামূলক অভীক্ষা এটাৰ প্ৰশ্নকাকত এখনে সম্পূর্ণ পাঠ্যক্ৰমখনক প্ৰতিনিধিত্ব কৰিব সিমানে প্রশ্নকাকত থকা অভীক্ষাটোৰ বৈধতা বাঢ়িব।

(৩) ধাৰণা বিষয়ক বৈধতা (Construct Validity) : ধাৰণা বিষয়ক বৈধতাই কোনো এক অভীক্ষাৰ বিভিন্ন বিষয়, বস্তু সম্বন্ধে মানুহৰ মনত বিকশিত হোৱা ধাৰণাক সূচায়। উদাহৰণস্বৰূপে উৎকণ্ঠা (Anxiety) ৰ অভীক্ষা এটা তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠাৰ বিষয়ে জানিব পাৰি আকৌ বিভিন্ন বিশেষজ্ঞ ব্যক্তিৰ মন্তব্যৰ পৰাও ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠা সম্বন্ধে জানিব পৰা যায়। 


12. নিৰ্ভৰযোগ্যতা কি? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা। 

 What is reliability? Write its characteristics?

উত্তৰঃ কোনো এটা বস্তু বা বিষয় জুখিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষা বা আন পৰিমাপণৰ সঁজুলি দুবাৰ প্ৰয়োগ কৰিলে যদি অভীক্ষাৰ্থীৰ প্ৰাপ্তাংকসমূহ প্ৰায় একে পৰিমানৰ হয় তেতিয়া অভীক্ষা এটাৰ নিৰ্ভৰযোগ্যতা থকা বুলি ক'ব পাৰি। অৰ্থাৎ যেতিয়া একেটা অভীক্ষা বা তাৰ সমতুল্য অভীক্ষা ব্যৱহাৰ কৰি কোনো অভীক্ষার্থী দলক পুনৰ পৰীক্ষা কৰা হয় আৰু একেখিনি অভীক্ষাৰ্থীয়ে দুবাৰত লাভ কৰা নম্বৰৰ মাজৰ সংগতিয়েই হ'ল অভীক্ষা এটাৰ নিৰ্ভৰযোগ্যতা।

ইয়াৰ বৈশিষ্ট্যবোৰ হ'ল-

(i) নির্ভৰযোগ্যতা মানে হ'ল কোনো এক অভীক্ষাৰ মানাংকবোৰৰ সংগতি। 

(ii) নিৰ্ভৰযোগ্যতা হ'ল বৈধতাৰ বাবে এক প্রয়োজনীয় চৰ্তবিশেষ। 

(iii) প্রতিমানীকৃত অভীক্ষাৰ এক গুৰুত্বপূর্ণ গুণ হ'ল নিৰ্ভৰযোগ্যতা

(iv) সাধাৰণতে সহঃসম্বন্ধ গুণাংক নির্ণয়ৰ দ্বাৰা অভীক্ষাবোৰৰ নিৰ্ভৰযোগ্যতাৰ মান নিৰ্ণয় কৰা হয়।

 (v) নিৰ্ভৰযোগ্যতাই অভীক্ষাবোৰ সফলতা বিকশাই তোলে আৰু ফলাফলত বিশ্বাস আনি দিয়ে ।


13. অভীক্ষাৰ নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলোৱা কাৰকসমূহ লিখা।

Enumerate the factors that affect the reliability of a test.

উত্তৰঃ অভীক্ষাৰ নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল-

(১) বিৰতি (Interval) : দুটা অভীক্ষা প্ৰয়োগ কৰাৰ মাজৰ বিৰতিৰ সময়ছোৱা দীঘলীয়া হ'লে নিৰ্ভৰযোগ্যতাৰ মান হ্ৰাস পায়। বিৰতিৰ পৰিমান কম হ'লে অভীক্ষাটোৰ উচ্চ মানৰ নিৰ্ভৰযোগ্যতা পোৱা যায়।

(২) অভীক্ষাৰ দৈৰ্ঘ (Length of the test) : অভীক্ষাৰ দৈৰ্ঘইও নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলায়। এটা চুটি অভীক্ষাৰ তুলনাত এটা দীঘলীয়া অভীক্ষাৰ নিৰ্ভৰযোগ্যতা বেছি। বেছি প্রশ্নপদ সন্নিৱিষ্ট দীঘল অভীক্ষাৰ এটাৰ নিৰ্ভৰযোগ্যতা উচ্চমানৰ হয়।

(৩) পূর্ব-অভিজ্ঞতা (Past Experience) : কিছুমান ব্যক্তিৰ আগৰে পৰাই মনোবৈজ্ঞানিক অভীক্ষাৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা থাকে আৰু আন কিছুমানৰ নাথাকে। পূর্ব অভিজ্ঞতা থকাসকলে অভিজ্ঞতা নথকা সকলোতকৈ বেছি ভাল ফল দেখুৱাব পাৰে।

(৪) নির্দেশনা (Instruction) : অভীক্ষা সম্পন্ন কৰিবৰ বাবে প্ৰদান কৰা নিৰ্দেশনা স্পষ্ট আৰু সহজ ভাষাৰ হ'লে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি পায়।

(৫) নমুনা দলৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্য (Individual difference in the sample) : যিটো দলৰ ওপৰত অভীক্ষা এটা সম্পন্ন কৰা হয় সেই দলটোৰ প্রকৃতিয়েও নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলায়। অভীক্ষা প্ৰয়োগ কৰা নমুনা দলৰ ব্যক্তিসকলৰ মাজত থকা ব্যক্তিগত বৈষম্যই অভীক্ষাৰ নিৰ্ভৰযোগ্যতা হ্রাস বৃদ্ধিত অৰিহনা যোগায়।

14. প্ৰতিমানীকৃত অভীক্ষা এটাৰ নিৰ্ভৰযোগ্যতা নির্ণয়ৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা। 

Discuss the different procedures for determining the reliability of a standardized test

উত্তৰঃ

15. বৈধতাৰ লগত নিৰ্ভৰযোগ্যতা কেনেদৰে সম্বন্ধযুক্ত? 
How is reliability related to validity?

উত্তৰঃ

16. অভীক্ষাৰ বস্তুনিষ্ঠতা মানে কি? 

What is objectivity of a test?

উত্তৰঃ ভাল অভীক্ষাৰ এটা প্ৰধান আৰু গুৰুত্বপূর্ণ বৈশিষ্ট্য হ'ল বস্তুনিষ্ঠতা। বস্তুনিষ্ঠতা অবিহনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা নির্ণয়ত জটিলতা আহি পৰে। বৈধতা আৰু নিৰ্ভৰযোগ্যতা নির্ণয়ৰ বাবে ই হ'ল এক প্ৰাৰম্ভিক গুণ। অভীক্ষা এটাৰ বস্তুনিষ্ঠতাই সাধাৰণতে দুটা দিশক সামৰি লয়।

বস্তুনিষ্ঠতা বুলিলে সাধাৰণতে অভীক্ষাৰ প্ৰশ্নপদবোৰ এটা উত্তৰ প্ৰদান কৰিব পৰা প্ৰশ্নপদ হ'ব লাগে আৰু স্পষ্ট আৰু অদ্ব্যর্থবোধক হ'ব লাগে। 

17. অভীক্ষা বস্তুনিষ্ঠ হোৱাৰ প্ৰয়োজনীয় চৰ্তবোৰ আলোচনা কৰা।

 Discuss the conditions necessary for objectivity of a test. 

উত্তৰঃ অভীক্ষা বস্তুনিষ্ঠ হোৱাৰ প্ৰয়োজনীয় চৰ্তবোৰ তলত আলোচনা কৰা হ'ল-

(১) অভীক্ষা পৰিচালনাৰ লগত জড়িত সকলো ব্যক্তিয়েই অভীক্ষাৰ ক্ষেত্ৰত থকা এক ধৰণৰ নীতি নিয়মবোৰ মানি চলিব লাগে।

(২) গৱেষণাৰ পৰা পোৱা তথ্য আৰু দক্ষলোকৰ মতামতৰ ভিত্তিত পৰিমাপ কৰিব খোজা মানসিক প্রক্রিয়া বা ব্যক্তিত্ব সংলক্ষণ নির্বাচন আৰু বিশ্লেষণ কৰি তথা স্পষ্ট সংজ্ঞা প্ৰদান কৰি নিৰ্বাচনৰ মনোবৈজ্ঞানিক যুক্তিযুক্ততা প্ৰদৰ্শন কৰা হয় ।

(৩) নিজ ইচ্ছা অনুসৰি অভীক্ষা নিৰ্মাণকাৰীয়ে প্ৰশ্নপদ গঠন কৰিব নোৱাৰে। যি জনসমষ্টিৰ বাবে অভীক্ষা নিৰ্মাণ কৰা হ'ব সেই জনসমষ্টিক প্রতিনিধিত্ব কৰা আন এক জনসমষ্টিৰ ওপৰত অভীক্ষা প্ৰয়োগ কৰি সফলতা লাভ কৰিলেহে প্রশ্নপদসমূহ মূল অভীক্ষাৰ বাবে নিৰ্বাচন কৰা হয়।

(৪) অভীক্ষা প্ৰয়োগৰ ক্ষেত্ৰত অভীক্ষকে আৰু অভীক্ষাৰ্থীসকলে মানি চলিবলগীয়া নীতি নিয়মবোৰ অভীক্ষাৰ বিধিপুথি (Test Manual) ত লিপিব্ধ কৰা হয়।

(৫) অভীক্ষাৰ প্ৰস্তুতকৰণৰ সময়তে প্রশ্নপদসমূহৰ মানাংক নিৰ্ণয়ৰ বাবে মানাংক ছাবি (Scoring Key) প্রস্তুত কৰিব লাগে। এনে মানাংক ছাবি প্রস্তুত প্ৰক্ৰিয়াই অভীক্ষাৰ ব্যক্তিনিষ্ঠতা নোহোৱা কৰে।

(৬) নিৰ্দিষ্ট উদ্দেশ্য পূৰণ কৰিব পৰাকৈ অভীক্ষাৰ প্ৰশ্নপদবোৰৰ জটিলতাৰ স্তৰ (Difficulty level) আৰু পার্থক্য নির্ণায়ক মান (Descrimination Power) নির্ণয় কৰিব লাগে।

18. মানদণ্ড কি? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা।

What is Norms? Write its three characteristics.

উত্তৰঃ মনোবৈজ্ঞানিক দিশেৰ চাবলৈ গ'লে মানদণ্ডক দুটা অৰ্থৰে প্ৰকাশ কৰিব পাৰি; যেনে-দলৰ দলটোৰ গড় বা মধ্যমা। ভৌতিক পৰিমাপণৰ দৰে মনোবৈজ্ঞানিক আৰু শৈক্ষিক পৰিমাপণৰ অভীক্ষাৰ পৰা পোৱা মানাংকবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিবৰ বাবে কোনো সঠিক মানাংক নাই। কোনো ব্যক্তি বা অভীক্ষাৰ্থীয়ে অভীক্ষাত লাভ কৰা মানাংকৰ তাৎপৰ্য ব্যাখ্যা কৰিবৰ বাবে এক স্থিৰ মানাংকৰ প্ৰয়োজন । অভীক্ষা এটাৰ এই স্থিৰ আৰু সঠিক মানাংকই হ'ল মানদণ্ড। অর্থাৎ মানদণ্ড মানে হ'ল কোনো এক নির্দিষ্ট জনসমষ্টিৰ পৰা লোৱা প্ৰতিনিধিস্বৰূপ দলৰ অন্তৰ্গত ব্যক্তিসকলক পৰিমাপণ কৰি পোৱা গড় নম্বৰ বা মান। 

ইয়াৰ তিনিটা বৈশিষ্ঠ্য হ'ল-

(১) কোনো অভীক্ষাৰ মানাংকবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিবৰ বাবে মানদণ্ড নিৰ্ণয় কৰা হয়। 

(২) কোনো এক নমুনা দলৰ পাৰদৰ্শিতাৰ গড়মানৰ ভিত্তিত মানদণ্ড গঢ়ি উঠে। 

(৩) মানদণ্ড কোনো কৃতিত্বৰ ধাৰণা নহয়। ই কেৱল দলৰ গড়মানকহে প্রতিনিধিত্ব কৰে। 

(৪) মানদণ্ডই প্রধানত তুলনামূলক ৰাশিৰ ভূমিকা পালন কৰে।


19. বয়স মানদণ্ড আৰু শ্ৰেণীমানদণ্ডৰ মূল পার্থক্য কি?

What is main difference between age norms and grade norms. 

উত্তৰঃ 

20. অভীক্ষাৰ মানদণ্ড নিৰ্ণয়ৰ চৰ্তবোৰ কি কি?

What are the conditions to determine norms of a test?

উত্তৰঃ অভীক্ষাৰ মানদণ্ড নিৰ্ণয়ৰ চৰ্তবোৰ হ'ল-

(i) যিটো উদ্দেশ্য আৰু যি নমুনা দলৰ ওপৰত ভিত্তি কৰি অভীক্ষা এটা প্ৰস্তুত কৰা হৈছে, মানদণ্ড নিৰূপনৰ সময়ত সেই দিশবোৰৰ প্ৰতি চকু ৰাখিব লাগে। ইয়াৰ জৰিয়তেহে অভীক্ষাৰ মানদণ্ড অৰ্থপূৰ্ণ কৰিব পাৰি।

(ii) মানদণ্ড নির্ণয় কৰিবৰ বাবে যিটো প্ৰতিনিধিত্বমূলক নমুনা দল নির্বাচন কৰা হ'ব সেই দলটো আকাৰত বৰ বেছি ডাঙৰ বা সৰু হ'ব নালাগে। 

(iii) সময়ৰ পৰিৱৰ্তনৰ লগে লগে অভীক্ষা এটাৰ মানদণ্ড সলনি হ'ব পাৰে। সেইবাবে অভীক্ষাৰ মানদণ্ড সদায় সময় সাপেক্ষ হোৱা প্ৰয়োজন।

(iv) প্রতিনিধিত্বমূলক নমুনা দলৰ বৰ্ণনা অভীক্ষাৰ নিৰ্মাণৰ বিধিপুথিত থাকিব লাগে। কেনে প্ৰকৃতিৰ প্রতিনিধিত্বমূলক নমুনা দল কিদৰে নিৰ্বাচন কৰা হ'ল, তেওঁলোকৰ বিভিন্ন তথ্য যেনে—বয়স, শিক্ষাগত অর্হতা, মানসিক যোগ্যতা আদিৰ বৰ্ণনা অভীক্ষাৰ বিধিপুথিত থাকিব লাগে।

(v) কোনো এক অভীক্ষাৰ প্ৰশ্নপদৰ কিবা পৰিৱৰ্তন ঘটালে মানদণ্ডৰো পৰিৱৰ্তন ঘটে। সেয়েহে অভীক্ষাৰ প্ৰশ্নপদৰ কিবা পৰিৱৰ্তন কৰিলে পূৰ্বৰ মানদণ্ডক পৰীক্ষা কৰি চাব লাগে। 

(vi) মানদণ্ড সলনি হ'লে অভীক্ষা প্রস্তুতকাৰীয়ে অভীক্ষাৰ বিধিপুথি পুনৰ সংস্কৰণ কৰি তাক নতুনকৈ প্ৰকাশ কৰিব লাগে ।

21. মানদণ্ড নিৰ্ণয়ৰ পদ্ধতিবোৰ আলোচনা কৰা। 

Discuss the methods of estimating norms.

উত্তৰঃ 

22. মানদণ্ডৰ প্ৰকাৰবোৰ আলোচনা কৰা। 

Discuss the types of Norms.

উত্তৰঃ 

23. টোকা লিখা:

Write notes on :

(ক) পৰিৱৰ্তনশীল ভুল। Variable Error

উত্তৰঃ 

(খ) ভাল অভীক্ষাৰ কাৰিকৰী লক্ষণ। Technical Qualities of good test

উত্তৰঃ 

(গ) ভাল অভীক্ষাৰ ব্যৱহাৰিক লক্ষণ। Practical qualities of good test

উত্তৰঃ 

(ঘ) বিষয়বস্তু বৈধতা Content validity

উত্তৰঃ 

(ঙ) ভৱিষ্যৎ বৈধতা Predictive validity

উত্তৰঃ 

(চ) সহগামী বৈধতা Concurrent validity

উত্তৰঃ 

(ছ) পৰীক্ষণ-পুনঃ পৰীক্ষণ নিৰ্ভৰযোগ্যতা Test. Retest reliability

উত্তৰঃ 

(জ) খণ্ডিতার্ধ নিৰ্ভৰযোগ্যতা Split Half Reliabilitry

উত্তৰঃ 

(ঝ) বয়স মানদণ্ড Age Norm

উত্তৰঃ 

(ঞ) টি-মানাংক T-Score

উত্তৰঃ 


Question Type & Answer Type By: Himashree Bora.



Post ID : DABP005212