অভীক্ষা গঠনৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ


অধ্যায়ঃ ২

অভীক্ষা গঠন 

(Test Construction)


প্ৰশ্নাৱলীঃ


1. অভীক্ষা কি ? 

What is test ?

উত্তৰঃ অভীক্ষা হ'ল ব্যক্তিৰ জ্ঞান, অভিজ্ঞাতা, বুদ্ধি, অভিজ্ঞতা, কৌশল, প্ৰৱণতা আদি পৰিমাপণ চমুকৈ অভীক্ষা বোলে । 

 2. অভীক্ষাৰ এটা সংজ্ঞা দিয়া ।

 Give a definition of test . 

উত্তৰঃ অভীক্ষাৰ এটা সংজ্ঞা হ'লঃ এনী এনাচ্টাচী ৰ মতে, মনোবৈজ্ঞানিক হৈছে কেতবোৰ আচৰণ নমুনাৰ বস্তুনিষ্ঠ আৰু প্ৰতিমানীকৃত পৰিমাপণ । 

3. মনােবৈজ্ঞানিক অভীক্ষা কি ?

 What is psychological test ?

উত্তৰঃ মনােবৈজ্ঞানিক অভীক্ষা হ'ল মানসিক পৰিমাপণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা সঁজুলিসমূহক মনোবৈজ্ঞানিক অভীক্ষা । 

4. মনােবৈজ্ঞানিক অভীক্ষাৰ দুটা ব্যৱহাৰ বিষয়ে লিখা ।

Write two uses of psychological test .

উত্তৰঃ মনােবৈজ্ঞানিক অভীক্ষাৰ দুটা ব্যৱহাৰ বিষয়ে হ'লঃ 

ক) ব্যক্তি পাৰ্থক্য নিৰ্ণয় প্ৰদানৰ আৰু বিশ্লেষণ কৰাৰ বাবে এনে অভীক্ষাৰ প্ৰয়োজন । 

খ) শৈক্ষিক পৰামৰ্শ প্ৰদানৰ বাবে বিশেষজ্ঞসকলে মনোবৈজ্ঞানিক অভীক্ষাৰ সহায় লয় ।

 5. মনােবৈজ্ঞানিক অভীক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

Write two characteristics ? Psychological test . 

উত্তৰঃ মনােবৈজ্ঞানিক অভীক্ষাৰ দুটা বৈশিষ্ট্য হ'লঃ

ক) মনোবৈজ্ঞানিক অভীক্ষাসমূহ প্ৰতিমানীকৃত অভীক্ষা ।

খ) মনোবৈজ্ঞানিক অভীক্ষাসমূহ বিজ্ঞানসন্মত আৰু প্ৰমাণিকৃত ।

6. অভীক্ষা গঠন কি ? 

What is test construction ?

উত্তৰঃ অভীক্ষা গঠন হ'ল এক জটিল প্ৰচেষ্টা । 

 7. অভীক্ষা পৰিকল্পনাৰ স্তৰকেইটা লিখা ।

 Write steps under planning the test . 

উত্তৰঃ অভীক্ষা পৰিকল্পনাৰ স্তৰকেইটা হ'লঃ ক) উদ্দেশ্য নিৰ্ধাৰণ, খ) কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ, গ) বিষয়বস্তুৰ নিৰ্বাচন, ঘ) প্ৰশ্নপদৰ গধুৰতা নিৰ্ণয় । 

8. অভীক্ষাৰ প্রস্তুতি কি ?

 What is preparing the test ?

উত্তৰঃ অভীক্ষাৰ প্রস্তুতি হৈছে অভীক্ষা গঠনৰ দ্বিতীয় পৰ্যায় । 

 9. অভীক্ষা প্রস্তুতবােৰ লিখা ।

 Write the criteria for preparing the test . 

উত্তৰঃ অভীক্ষা প্রস্তুতবােৰ হ'লঃ 

ক) প্ৰশ্নপদৰ নিৰ্বাচন (Item Selection).

খ) প্ৰশ্নপদৰ নিৰ্বাচন (Directions to test Items)

গ) পৰিচালনাৰ নিৰ্দেশনা (Direction for administration)

ঘ) নামংকৰ নিৰ্দেশনা (Direction for Scoring)

ঙ) প্ৰশ্ন-বিশ্লেষণ বিষয়-তালিকা (Question analysis Chart) 

10. অভীক্ষাৰ পৰীক্ষণৰ দুটা উদ্দেশ্য লিখা ।

 Write two objectives of trying - out of the test .

উত্তৰঃ অভীক্ষাৰ পৰীক্ষণৰ দুটা উদ্দেশ্য হ'লঃ 

ক) অভীক্ষাত থকা দোষমূলক শব্দৰ চিনাক্ত কৰা ।

খ) অভীক্ষা পৰিচালনত থকা ক্ৰটিসমূহ আৱিস্কাৰ কৰা ।

11. অভীক্ষা মূল্যাঙ্কনৰ স্তৰকেইটা লিখা । 

Write the steps of evaluation of the test .

উত্তৰঃ অভীক্ষা মূল্যাঙ্কনৰ স্তৰকেইটা হ'লঃ  ক) প্ৰাপ্তামকন আৰু,  খ) প্ৰশ্নপদ বিশ্লেষণ,  

12. অভীক্ষাৰ প্রতিমানীকৃত কি ? 

What is standardization of a test ? 

উত্তৰঃ অভীক্ষাৰ প্রতিমানীকৃত হ'ল প্ৰশ্নপদসমূহৰ বিজ্ঞানসম্মতভাৱে বিশ্লেষণ আৰু পৰীক্ষা কৰি অভীক্ষা নিৰমাণৰ প্ৰয়োজনীয় নীতি-নিয়ম অনুকৰণ কৰি প্ৰস্তুত কৰা অভীক্ষাকে প্ৰতিমানীকৃত অভীক্ষা । 

13. এটা প্রতিমানীকৃত অভীক্ষাৰ সংজ্ঞা দিয়া । 

Give a definition of standardization of a test .

উত্তৰঃ এটা প্রতিমানীকৃত অভীক্ষাৰ সংজ্ঞা হ'লঃ 

ক) থমাছৰ মতে, প্ৰতিমানকৃত অভীক্ষা হৈছে এক অভীক্ষা যিটো বহু মানুহক প্ৰদান কৰিব পাৰি, অভিক্ষক গৰাকীয়ে স্পষ্টকৈ, গুদ্ধভাৱে এক নিৰ্দিষ্ট বয়স বা স্তৰত এজন আদৰ্শস্বৰূপে মানুহ/ব্যক্তিয়ে ইয়াৰ সহায়ত বিদ্যালয়ত লাভ কৰা কৃতকাৰ্যতাক নিৰ্ণয় কৰিব পাৰি । 

 14. প্রতিমানীকৃত অভীক্ষাৰ চাৰিটা বৈশিষ্ট্য লিখা ।

 Write four characteristics of standardization of a test ? 

উত্তৰঃ প্রতিমানীকৃত অভীক্ষাৰ চাৰিটা বৈশিষ্ট্য হ'লঃ 

15. প্রতিমানীকৰণৰ দুটা পদ্ধতি লিখা । 

Write two methods of standardization .

উত্তৰঃ প্রতিমানীকৰণৰ দুটা পদ্ধতি হ'লঃ 

(a) বিষয়বস্তুৰ সার্বজনীনতা (Uniform Contents): এটা প্রতিমানীকৰণ অভীক্ষাৰ বিষয়বস্তু নির্বাচন কৰোঁতে কেতবােৰ পূর্ব নির্ধাৰিত নীতি - নিয়ম মানি চলিব লাগে । প্ৰতিটো অভীক্ষা নির্মাণৰ বাবে বিজ্ঞানসন্মত নীতি - নির্দেশনা বাধ্য । ইয়াৰ ফলত অভীক্ষা ব্যৱহাৰকাৰীয়ে নিজৰ সুবিধা অনুযায়ী সাল - সলনি কৰিব নােৱাৰে । 

(b) অভীক্ষাৰ বৈধতা নির্ণয় (Determine Validity): বৈধতা নির্ণয় প্রতিমানীকৰণ অভীক্ষাৰ অন্যতম বৈশিষ্ট । যদি অভীক্ষাটোৱে পৰিমাণ কৰিবলৈ বিচৰা সংলক্ষণটো পৰিমাপ কৰিব পাৰিছে , তেন্তে তাক বৈধ বুলি কোৱা হয় । আগতে পৰিমাপ কৰা অভীক্ষাৰ ফল আৰু বৰ্তমান নির্মান কৰি থকা অভীক্ষা প্রয়ােগৰ ফলৰ মাজত সহ সম্বন্ধ গুণাংক নির্ণয় কৰিব পাৰি । এই সহসম্বন্ধ গুণাংকই হ’ল অভীক্ষাটোৰ বৈধতাৰ গুণাংক । যদি কোনাে নির্দিষ্ট উদ্দেশ্য আগত ৰাখি অভীক্ষাটোৰদ্বাৰা উদ্দেশ্য পূৰণ কৰা হয় তাক বৈধ অভীক্ষা বােলে । 

(c) অভীক্ষাৰ নিৰ্ভৰযােগ্যতা নির্ণয়ঃ যদি কোনাে অভীক্ষাৰদ্বাৰা লাভ কৰা ফলাফল একেজন ব্যক্তিৰ ওপৰত বাৰে বাৰে প্ৰয়ােগ কৰিলেও একে ফলাফল পােৱা যায় তাকে নির্ভৰযােগ্য অভীক্ষা বুলি কোৱা হয় । প্রতিমানীকৰণ অভীক্ষাত এই নিৰ্ভৰযােগ্যতাৰ গুণ দেখা যায় । কোনাে এটা অভীক্ষাৰ ফলাফল পােৱাৰ পিছত,দ্বিতীয়বাৰ অভীক্ষাটো প্ৰদান কৰা হ'লে যদি সেই একে অনুৰূপ ফল পােৱা যায় তেন্তে অভীক্ষাটো সম্পূৰ্ণৰূপে নিৰ্ভৰযােগ্য । অভীক্ষা পুনৰাভীক্ষণ , সমান্তৰাল-অভীক্ষা , খণ্ডিতাৰ্থ আৰু কুড়াৰ ৰিচাৰ্দচন আদি পদ্ধতিৰে অভীক্ষাৰ নিৰ্ভৰযােগ্য নির্ণয় কৰা হয় । 

(d) অভীক্ষাৰ মানদণ্ড আদর্শমান নির্ণযঃ প্রাপ্ত নম্বৰসমূহৰ ব্যাখ্যা যাতে ব্যক্তি প্রভাৱৰ পৰা মুক্ত হয় তাৰ বাবে আদর্শমান নির্ণয় কৰা হয় আৰু ইয়াৰদ্বাৰা বিজ্ঞানসম্মত ব্যাখ্যা দিব পাৰি । কোনাে অভীক্ষাৰ প্রাপ্ত মানাংকক অর্থপূর্ণ কৰি তুলিবৰ বাবে আন প্রতিনিধিত্বমূলক নমুনাৰ মানাংকৰ লগত তুলনামূলক বিশ্লেষণ কৰা হয় আৰু ইয়াকে প্রতিমান বা আদর্শমান বুলি কোৱা হয় ।

16. প্রশ্নপদ বিশ্লেষণ কি ?

 What is item - analysis ?

উত্তৰঃ প্রশ্নপদ বিশ্লেষণ (Item analysis) হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা অভীক্ষাৰ অন্তৰ্গত পদসমূহৰ সঠিক বিশ্লেষণ বা পুংখানুপুংখ অধ্যয়ন কৰা হয় ।

17. প্রশ্নপদৰ দুটা উদ্দেশ্য লিখা । 

Write two objectives of item analysis .

উত্তৰঃ প্রশ্নপদৰ দুটা উদ্দেশ্য হ'লঃ 

ক) শ্ৰেণী আলোচনা মূল কাৰ্ষৰ ভৃমিকা পালন কৰা ।

খ) ছাত্ৰ-ছাত্ৰী সবলতা-দুৰ্বলতা নিৰ্ণয় কৰা ।

18. প্রশ্নপদ বিশ্লেষণৰ দুটা নীতি লিখা । 

Write the two guidelines of item analysis .

উত্তৰঃ প্রশ্নপদ বিশ্লেষণৰ দুটা নীতি হ'লঃ 

ক) প্ৰশ্নপদ বিশ্লেষণৰ বাবে সঠিক শিক্ষাদান উদ্দেশ্য ৰাখি পদসমূহ নিৰ্বাচন কৰিব লাগে ।

খ) প্ৰশ্নপদসমূহ বিহিতৰূপে জটিলতাৰ স্তৰ অনুযায়ী ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰয়োগ কৰিব লাগে ।  

19. জটিলতাৰ সূচকৰ সূত্ৰটো লিখা । 

Write the formula of difficulty Index .

উত্তৰঃ জটিলতাৰ সূচকৰ সূত্ৰটো হ'লঃ

 20. পার্থক্য নির্ণায়ক সূচকৰ সূত্ৰটো লিখা ।

 Write formula of discrimination Index . 

উত্তৰঃ পার্থক্য নির্ণায়ক সূচকৰ সূত্ৰটো হ'লঃ





21. প্রতিক্রিয়াৰ বিকল্প বিশ্লেষণ কি ? 

What is analysis of response options ?

উত্তৰঃ আন্তঃ-খণ্ড সঁহাৰি বিকল্প বিশ্লেষণ আৰু পৰিকল্পনা (আৰ.ও.এ.পি.) হৈছে এক সংগঠিত সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া, যি বহুতো প্ৰয়োজনীয়তা আৰু কাৰ্যকৰী পৰিৱেশ মূল্যায়নৰ জৰিয়তে উৎপন্ন তথ্যৰ পৰা আহৰণ কৰে।

 22. প্রতিমানীকৰণ অভীক্ষা কি ? অভিক্ষা নিৰ্মাণৰ বাবে মানি চলিবলগীয়া স্তৰসমূহ কি কি ? 

What is standardized test ? What are the steps to be followed for the construction of a test ?

উত্তৰঃ প্ৰতিমানীকৰণ অভীক্ষা হৈছে এনেকুৱা এটা অভীক্ষা য'ত ব্যক্তিয়ে বা কেতবোৰ ব্যক্তিয়ে একেলগে প্ৰস্তুত কৰে আৰু সাৰ্বজনীনভাৱে সকলো পৰিস্থিতি আৰু সকলো উদ্দেশ্যত প্ৰয়োগ কৰিব পাৰি । 

অভিক্ষা নিৰ্মাণৰ বাবে মানি চলিবলগীয়া স্তৰসমূহ হৈছেঃ

ক) প্ৰাথমিক চেষ্টা ।

খ) সঠিক চেষ্টা ।

গ) চূড়ান্ত চেষ্টা ।

23. প্রতিমানীকৃত অভীক্ষা কি ? আমি কেনেকৈ প্রতিমানীকৃত অভীক্ষা নির্মাণ কৰিব লাগে ?

 What is standardized test ? How can we construct a standardized test? 

উত্তৰঃ প্ৰতিমানীকৃত অভীক্ষা হৈছে এনেকুৱা এটা অভীক্ষা য'ত ব্যক্তিয়ে বা কেতবোৰ ব্যক্তিয়ে একেলগে প্ৰস্তুত কৰে আৰু সাৰ্বজনীনভাৱে সকলো পৰিস্থিতি আৰু সকলো উদ্দেশ্যত প্ৰয়োগ কৰিব পাৰি । 

প্রতিমানীকৃত অভীক্ষা আমি এনেদৰে নির্মাণ কৰিব লাগেঃ

১. উদ্দেশ্য/উদ্দেশ্যবোৰ নিৰ্ধাৰণ কৰা।

২. বিভিন্ন নিৰ্দেশনামূলক উদ্দেশ্যৰ বাবে গুৰুত্ব নিৰ্ধাৰণ কৰা

৩. বিভিন্ন সমল ক্ষেত্ৰৰ বাবে ওজন নিৰ্ধাৰণ কৰা।

৪. অন্তৰ্ভুক্ত কৰিব লগা আইটেমৰ প্ৰকাৰ নিৰ্ধাৰণ কৰা।

৫. স্পেচিফিকেচন-ব্লু প্ৰিণ্টৰ তালিকা প্ৰস্তুত কৰা।

৬. ইয়াৰ যান্ত্ৰিক দিশযেনে সময়কাল, পৰীক্ষাৰ আকাৰ, মুঠ নম্বৰ, মুদ্ৰণ, আখৰৰ আকাৰ আদিৰ বিষয়ে সিদ্ধান্ত লোৱা।


24. অভীক্ষা প্রস্তুতিৰ বিভিন্ন স্তৰ বা নীতিসমূহ বিশেষকৈ প্রশ্নপদ নির্বাচন , বেধতা , নিৰ্ভৰযােগ্যতা আদি উল্লেখ কৰি আলােচনা কৰা ।

 Discuss the general principles of test construction with special reference to - item selection . validity , reliability

উত্তৰঃ

 25. চমুকৈ লিখা 

Write briefly 

(a) প্রতিমানীকৃত অভীক্ষা (Standardized test)

উত্তৰঃ প্রতিমানীকৃত বা প্রতিমানীকৰণ অভীক্ষা হৈছে এনেকুৱা এটা অভীক্ষা যত ব্যক্তিয়ে বা কেতবােৰ ব্যক্তিয়ে একেলগে প্রস্তুত কৰে আৰু সার্বজনীনভাবে সকলাে পৰিস্থিতি আৰু সকলাে উদ্দেশ্যত প্রয়ােগ কৰিব পাৰি । এনে অভীক্ষাৰ বিষয়বস্তু সতর্কতাৰে সজোৱা হয় , কেতবােৰ নির্ধাৰিত নীতি - নিয়ম অনুসৰণ , উচ্চ মানদণ্ডৰ প্রশ্ন সন্নিৱিষ্ট , আগতীয়াভাবে সূচল ব্যাখ্যামূলক নিৰ্ভৰযােগ্য , বৈধতাপূর্ণ বিধৰ হয় । সেয়েহে , গৱেষণামূলক কার্য , পৰীক্ষণ , অভীক্ষা গঠন , জৰীপ কার্য  আদিৰ বাবে প্রতিমানীকৃত পর্যায়ৰ অতি আৱশ্যক । সাধাৰণতে প্রতিমানীকৃত ব্যৱস্থা কৃতিত্ব পৰিমাপণ , বুদ্ধি পৰিমাপণ আৰু অভিক্ষমতা পৰিমাপণত ব্যাপকভাৱে ব্যৱহৃত হৈ আছিল । পে’ভৰ অনুবন্ধন বাদ , থর্নর্ভাইকৰ বিশেষভাবে নির্মিত পিঞ্জৰাৰ শিক্ষণ , স্কীনাৰৰ ক্ৰিয়াত্মক অনুবন্ধন দ্বাৰা শিক্ষণ , ৱাটচন আৰু লেলেই  আদিৰ মনােবৈজ্ঞানিক পৰীক্ষণসমূহত প্রতিমানীকৃত স্তৰসমূহ ব্যৱহাৰ কৰা দেখা যায় ।

প্রতিমানীকৃত ব্যৱস্থা এটা ভাল অভীক্ষাৰ অন্যতম গুণ। এটা নির্ভৰযােগ্য বাস্তৱ - ভিত্তিক , গুণগত , নির্ভুল অভীক্ষাৰ গঠন কৰিবলৈ হ'লে এনেবােৰ দিশৰ প্রতি গুৰুত্ব দিব লাগিব । বর্তমান বিভিন্ন অভীক্ষা গঠনৰ সময়ত এনে বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা দেখা যায় । বিশেষকৈ মনােবৈজ্ঞানিক আৰু শৈক্ষিক অভীক্ষাসমূহঅধিক পৰিমাণে প্রতিমানীকৃত অভীক্ষা হিচাপে স্বীকৃতি পাইছে । কাৰণ প্রতিমানীকৃত অভীক্ষা সম্পূৰ্ণৰূপে সকলাে দিশৰ পৰা নিয়ন্ত্রিত আৰু ইয়াৰ প্রস্তুত পদ্ধতি , ব্যাখ্যা পদ্ধতি , মানাংক পদ্ধতি সুনির্ধাৰণ আৰু প্রমানীকৃত ।

(b) অভীক্ষাৰ পৰিকল্পনা (Planning the test)

উত্তৰঃ 

(c) প্রশ্নপদ বিশ্লেষণ (Item analysis)

উত্তৰঃ প্ৰশ্নপদ বিশ্লেষণ অভীক্ষা নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ স্তৰ । প্ৰতেকটো অভীক্ষাৰ কেতবোৰ প্ৰশ্নপদৰ সমষ্টিৰে গঠন কৰা হয় । এটা অভীক্ষাৰ গুণাগুণ নিৰ্ণয়ত মুখ্যত প্ৰশ্নপদৰ ওপৰত নিৰ্ভৰশীল । প্ৰতিমানীকৰণত । প্রতিটো পদ বিশ্লেষণ কৰা হয় যাতে নির্দিষ্ট উদ্দেশ্য পূৰণৰ সহায়ক হােৱা পদবােৰহে চিনাক্ত কৰি ব্যৱহাৰ কৰিব পৰা যায় । গুণগত পদ বিশ্লেষণৰ দ্বাৰা অভীক্ষাৰ বৈধতা নির্ণয় কৰিব পাৰি । পদ বিশ্লেষৰ সহায়ত প্রশ্নপদৰ প্রয়ােজনীয় সংশােধনী ঘটাই একোটা উন্নতমানৰ বৈধতাসম্পন্ন আৰু নিৰ্ভৰযােগ্য অভীক্ষা গঠন কৰা হয় । গতিকে কার্যকৰী , সঠিক প্রশ্নপদ নির্বাচন কৰাৰ বাবে প্রশ্নপদৰ বিশ্লেষণ অতি প্রয়ােজন হােৱা দেখা যায় । 

    প্রশ্নপদ বিশ্লেষণ ( Item analysis ) হৈছে এনে এক প্রক্রিয় যাৰ দ্বাৰা অভীক্ষাৰ অন্তৰ্গত পদসমূহৰ সঠিক বিশ্লেষণ বা পুংখানুপুংখ অধ্যয়ন কৰা হয় । প্রশ্নপদৰ বিশ্লেষণৰ সহায়ত এটা অভীক্ষাৰ উপযুক্ত প্রশ্নপদ নির্বাচন কৰি প্রয়ােজনীয় বা অপ্রাসংগিক প্রশ্নপদবােৰ আঁতৰ কৰা হয় । সাধাৰণতে , অভীক্ষাসমূহত বিভিন্ন প্রশ্নপদৰ সন্নিৱিষ্ট থাকে আৰু ইয়াৰে কিছুমান প্রশ্নপদৰ বৰ সহজ আৰু আন কিছুমান জটিল প্রকৃতিৰ । আনহাতে কিছুমান প্রশ্নপদৰ অৰ্থ অস্পষ্ট , একাধিক আৰু ভ্রান্তবিধৰ । এনেক্ষেত্ৰত প্রশ্নপদৰ কার্যকাৰীতা বিচাৰ কৰিবলৈ হলে বিশ্লেষণৰ প্রয়ােজন হয় । প্রশ্নপদৰ সঠিক বিশ্লেষণে অভীক্ষাৰ নিৰ্ভৰযােগ্যতা আৰু বৈধতাৰ সৃষ্টি কৰে । গতিকে আমি কব পাৰাে ( the analysis of student's responses to each item on the test is called item analysis ) যে অভীক্ষাৰ প্রতিটো প্রশ্নপদৰ ছাত্ৰ - ছাত্ৰীৰ প্রতিক্রিয়াৰ বিশ্লেষণেই প্রশ্নপদ বিশ্লেষণ । প্রশ্নপদ বিশ্লেষণ স্পষ্টকৈ অভীক্ষা গঠনত বিশেষভাৱে সহায় কৰে । কোনাে প্রশ্নপদৰ কাঠিন্যতাৰ মান আৰু পার্থক্য নির্ণায়ক ক্ষমতা প্রশ্নপদ বিশ্লেষণ দ্বাৰা কৰা হয় ।

 (d) অভীক্ষাৰ পূর্ব পৰীক্ষণ ( Try - out of the test )

উত্তৰঃ

Apurba Kakati (Assam)


অভীক্ষা গঠনৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ