ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা | Chapter 1 | Secondary Education in India and Assam (Post Independence Period) | HS 2nd Year Education Solution Assam | Class 12 Education Answer Assamese Medium | Education Answer HS 2nd Year | 


৩. প্রশ্নঃ উত্তৰ দিয়া ।

১। মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ ° লক্ষ্মণস্বামী মুডালিয়াৰ আছিল।

২। স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়ােগ কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়ােগ  ১৯৬৪ - ৬৬ চনত গঠন কৰা হৈছিল।


৩। মাধ্যমিক শিক্ষা আয়ােগ গঠনৰ আঁৰৰ কাৰণবােৰ কি কি ?

উত্তৰঃ  

৪। মাধ্যমিক শিক্ষা আয়ােগৰ প্রতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল ?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদখনত সৰ্বমুঠ ১৫ টা অধ্যায় আছিল।

৫। প্রচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবােৰ কি কি আছিল ? 

উত্তৰঃ প্ৰচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবোৰ হ'ল-

(১) জীৱন বিচ্ছিন্নতাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমিক বিষয়বোৰ সামাজিক জীৱনৰ লগত সমন্ধ নথকা বিধৰ । মাধ্যমিক স্তৰত শিকোৱা পাঠ্যক্ৰমসমূহে ছাত্ৰ-ছাত্ৰীসকলক গভীৰ জীৱনবোধ অথবা দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় জ্ঞান দিব পৰা নাছিল।  


৬। মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা । 

উত্তৰঃ  গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন [Developing democratic citizenship] :

গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ’ল এক বৃহৎ প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানতাৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্রহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্র-ছাত্ৰী সকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে।

● চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্র কেতিয়াও সফল হ’ব নোৱাৰে। গতিকে মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে।

● প্ৰতিজন লোকৰ মৰ্যাদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বর্তি থাকে। সেয়েহে প্রতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনেঃ মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে।

এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰে। তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মানুহে আইনৰ সৈতে বসবাসৰ শিক্ষা লাভ কৰিব লাগে। সামাজিক জীৱনৰ বাবে প্রয়োজনীয় গুণসমূহ যেনেঃ অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা লব লাগিব।

৭। মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা ।

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ হ'ল-

(১) গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা ঃ- মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতন্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্য়েকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজনা, (গ) সামাজিক ন্যায়, (ঘ) বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।

(২) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ- আমাৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা বৃদ্ধি কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।

(৩) ব্যক্তিত্বৰ বিকাশঃ- মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিত্ব শাৰীৰিক, মানসিক, আনভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগে।

(৪) নেতৃত্বৰ শিক্ষাঃ- গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব।

৮। মাধ্যমিক শিক্ষা আয়ােগৰ আন এটা নাম কি ?

উত্তৰঃ  মাধ্যমিক শিক্ষা আয়ােগৰ আন এটা নাম হ'ল মুডালিয়াৰ আয়োগ।

৯। ১৯৬৪ চনৰ শিক্ষা আয়ােগৰ অধ্যক্ষ কোন আছিল ? 

উত্তৰঃ  ১৯৬৪ চনৰ শিক্ষা আয়ােগৰ অধ্যক্ষ ° ডি. এচ কোঠাৰী আছিল।

১০। কোন আয়ােগ ১০ + ২ + ৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল ? 

উত্তৰঃ কোঠাৰী আয়োগে  ১০ + ২ + ৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল।

১১। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ আন এটা নাম কি ? 

উত্তৰঃ ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ আন এটা নাম হ'ল জাতীয় শিক্ষাৰ লক্ষ্য।

১২। শিক্ষা আৰু উৎপাদনমুখিতাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

১৩। কোঠাৰী আয়ােগে আগবঢ়োৱা প্রাথমিক শিক্ষাৰ গাঁথনি উল্লেখ কৰা ।

উত্তৰঃ 

১। প্রাক প্রাথমিক ঃ (১-ৰ পৰা ৩ বছৰলৈ)

২। প্রাথমিক ঃ (প্রথম শ্ৰেণীৰ পৰা সপ্তমলৈ অথবা প্ৰথমৰ পৰা অষ্টমলৈ)

                       (ক) নিম্ন প্রাথমিক শ্ৰেণী: (৪ বা ৫ বছৰলৈ) প্ৰথম শ্ৰেণীৰ পৰা চতুর্থ                                                                         শ্ৰেণীলৈ অথবা প্ৰথমৰপৰা পঞ্চম শ্ৰেণীলৈ।

                       (খ) উচ্চ প্রাথমিক শ্রেণী: (৩ অথবা ২ বছৰলৈ) পঞ্চমৰ পৰা সপ্তমলৈ                                      অথবা ষষ্ঠৰ পৰা অষ্টমলৈ।

১৪। কোঠাৰী আয়ােগৰ প্রতিবেদনক কি নামেৰে জনা যায় ? 

উত্তৰঃ কোঠাৰী আয়োগৰ প্ৰতিবেদনক  'শিক্ষা আৰু জাতীয় বিকাশ' (Education and National Development) নামেৰে জনা যায় । 

১৫। 'এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোটাত গঢ় লৈ উঠে’一 কোন প্রতিবেদনত এই বাক্যশাৰী লিখা আছিল? 

উত্তৰঃ 'এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোটাত গঢ় লৈ উঠে’一 কোঠাৰী আয়োগৰ প্রতিবেদনত এই বাক্যশাৰী লিখা আছিল। 

১৬। কোঠাৰী আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ কোঠাৰী আয়োগৰ মতে মাধ্য়মিক শিক্ষাৰ লক্ষ্য়বোৰ তলত উল্লেখ কৰা হ'ল -

     গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন ।

    বৃত্তীয় যোগ্য়তাৰ বিকাশ সাধন ।

    ব্য়ক্তিত্বৰ বিকাশ ।

    নেতৃত্বৰ শিক্ষা ।

   

১৭। ১০ + ২ + ৩ -ৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ জাতীয় শিক্ষাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যেৰকে ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগ গঠন কৰা হয়। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে শতকৰা ২৫ শতাংশ মাধ্যমিক স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়। সেইবাবে এই গাঁথনি পৰিহাৰ কৰা হয় আৰু ১০+২+৩ৰ নতুন গাঁথনিটোৰ পৰামৰ্শ দিয়ে। এই সূত্ৰ অনুযায়ী স্কুলীয়া শিক্ষা হ'ব ১০ বছৰীয়া, প্ৰাক স্নাতক বা উচ্চতৰ মাধ্যমিক শিক্ষা দুবছৰীয়া আৰু তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা।   

১৮। কোঠাৰী আয়ােগৰ মতে প্রথম ৰাজহুৱা পৰীক্ষা কোন শ্রেণীৰ পিছত হােৱা উচিত ? 

উত্তৰঃ ১০-১১ শ্ৰেণীৰ পিছত হোৱা উচিত ।

১৯। মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়ােগ আগবঢ়োৱা ছয়টা পৰামর্শ উল্লেখ কৰা । 

উত্তৰঃ (১) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্রেণীৰ ওপৰৰ শিক্ষার্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূর্ণকালীন পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব লাগে।

(২) বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্রম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্ৰ-ছাত্ৰীসকলে উচ্চ পর্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে।

(৩) ভাৰতীয় ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানবোৰত (IIT) সা-সুবিধা বৃদ্ধি কৰিব লাগিব আৰু চতুর্থ পৰিকল্পনাৰ সময়ত ১৪ বছৰৰ শিক্ষার্থীক এই প্রতিষ্ঠানত প্ৰৱেশ কৰিব দিব লাগে।

(৪) জুনিয়ৰ টেকনিকেল স্কুলবোৰক টেকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

(৫) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান আৰু টেক নিকেল স্কুল-সমূহত উৎপাদনমুখী প্রশিক্ষণ দিব লাগিব।

(৫) টেকনিকেলসমূহৰ দশম শ্রেণীৰ তলৰ শ্ৰেণীত নামভৰ্তিৰ সুবিধা দি নিপুণ কর্মীক প্রশিক্ষণ দিব লাগিব।


২০। কোঠাৰী আয়ােগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম কি হােৱা উচিত ?

উত্তৰঃ কোঠাৰী আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম  হোৱা উচিত ।

২১। ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয় ? 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ চনত গৃহীত কৰা হয়।

২২। নবােদয় বিদ্যালয় কি ? 

উত্তৰঃ ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা ৰাষ্ট্ৰীয় শিক্ষা-নীতিয়ে অসমৰ মাধ্যমিক শিক্ষাকো বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। এই শিক্ষা-নীতিৰ ওপৰত ভিত্তি কৰিয়ে অসমত 'নবোদয় বিদ্যালয়' নামৰ এবিধ বিশেষ ধৰণৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হয়। এইবিধ বিদ্যালয় স্থাপনৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে- মাধ্যমিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা; উন্নত গুণমান ৰক্ষা কৰা আৰু তাৰ যোগেদি শিক্ষাত সামাজিক ন্যায় স্থাপন কৰা। ইয়াৰ উপৰিও পিছপৰা অঞ্চলৰ দৰিদ্ৰ অথচ মেধাবী ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা বিশেষ সুবিধা লাভ কৰি উপকৃত হ'ব পাৰে।

২৩। অপাৰেচন ব্লেকবাের্ড মানে কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন 'টাস্ক ফ'ৰ্চ' গঠন কৰা হয়। এই টাস্ক ফ'ৰ্চে কৃষ্ণফলি আঁচনি (অপাৰেশ্যন ব্লেক ব'ৰ্ড) খন গ্ৰহণ কৰে। সমগ্ৰ দেশেৰে বিদ্যালয়বোৰ এই আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেকটো শ্ৰেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰা হয়। 

২৪। OBB- ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ OBB- ৰ সম্পূৰ্ণ ৰূপটো হ'ল- Operation Black-Board.

২৫। নৱােদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি ? 

উত্তৰঃ নৱােদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য হ'ল-

১। এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা। 

২।  এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উতকৰ্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় সংস্থাপন কৰা।

২৬। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ 1986  চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল-


২৭। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ আলােচনা কৰা । 

উত্তৰঃ 

২৮। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কোন চনত গঠিত হৈছিল ?

 উত্তৰঃ অসমৰ উচ্চতৰ মাধ্য়মিক শিক্ষা পৰিষদ ১৯৮৬ চনত গঠিত হৈছিল ।

উত্তৰঃ  অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ ১৯৮৪ চনত গঠিত হৈছিল ।

২৯। SEBA আৰু AHSEC- ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ SEBA -ৰ সম্পূৰ্ণ ৰূপটো হ'ল- Board Of Secondary Education .

AHSEC- ৰ সম্পূৰ্ণ ৰূপটো হ'ল- Assam Higher Secondary Education Council.

৩০। স্বাধীনােত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ সৰ্বভাৰতীয় ভিত্তিত স্থাপন কৰা মুডালিয়াৰ কমিছন কোঠাৰী কমিছন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহেও অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে।

 ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত পূৰ্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ কলিকতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ অনা হৈছিল। তাৰ ফলত প্ৰৱেশিকা পৰীক্ষাৰো ফলাফল ভাল হৈছিল আৰু ১৯৪৭-৪৮ চনৰ ১৯১ খন হাইস্কুলৰ পৰা ১৯৫৩-৫৪ চনৰ ভিতৰত সংখ্যা বাঢ়ি গৈ ৩৩৮ খন হৈছিল আৰু সেই অনুপাতে ছাত্ৰৰ সংখ্যাও বাঢ়িছিল।

১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা সংক্রান্তত দিয়া পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগাঠনিক আৰু প্ৰশাসনীক পৰিবৰ্তন কৰিছিল। আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্বাধীন দেশৰ গণতান্ত্রিক আদৰ্শত ভিত্তি কৰি এক নতুন ৰূপত গঢ় দি তোলে। পাঠ্যক্রম সম্বন্ধে এক পৰিসৰৰ ধাৰণা আয়োগে প্ৰদান কৰে। অধ্যয়নৰ বিষয়সূচীত বৰ্তমান সময়ৰ উপযোগী নতুন নতুন বিষয় অন্তর্ভূক্ত কৰি সাতটো গোটত বিভক্ত কৰিছিল। মাধ্যমিক শিক্ষাৰ গাঠনি ১১ বছৰীয়া কৰি তুলিছিল আৰু পূৰ্বৰ দুবছৰীয়া ইন্টাৰমিডিয়েট পর্যায় তুলি দি ইয়াৰ প্ৰথম বছৰটো স্কুলৰ লগত আৰু দ্বিতীয় বছৰটো প্ৰাক্‌-বিশ্ববিদ্যালয় শিক্ষা পর্যায় স্বৰূপে কলেজৰ লগত সংযোগ কৰিছিল। ইয়াৰ উপৰি মাধ্যমিক শিক্ষা প্রশাসন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক শিক্ষা-সংস্থা (State Board of Secondary Education) গঠনৰ পৰামৰ্শ দিছিল।

এই আয়োগৰ পৰামৰ্শক্রমে অসমত ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা প্রবর্তন কৰা হয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হয়। ১৯৫২ চনলৈকে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হয়। পাঠ্যক্ৰম সাতটা গোটৰ, ভিতৰত কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ ক'লা আৰু গার্হস্থ্য বিজ্ঞান আদি গোটৰ বাবে অধ্যয়নৰ ব্যৱস্থা কৰা হয়। এবছৰীয়া প্ৰাক্‌-বিশ্ববিদ্যালয়ৰ শ্ৰেণী ডিগ্রী কলেজবোৰত খোলা হয়।

৩১। অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবােৰ কি কি ?  

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবােৰ হ'ল-

 ১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই । 

২) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়. এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন । 

৩) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে । 

৪) শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ বাবে শ্ৰেণীত গতানুগতিকভাৱে পঢ়ুৱায় । তেখেতসকলে কিতাপত থকা বিষয়বস্তুৰ বাহিৰে পাঠ প্ৰস্তুতিৰ ক্ষেত্রত আন আন বিষয়বস্তু উপস্থাপন কৰাৰ কথা নাভাবে । 

৫) মাধ্যমিক স্কুলবিলাকত কেৱল জ্ঞান অৰ্জনৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে ব্যক্তিৰ বিভিন্নতালৈ বেছি মনোযোগ দিব নোৱাৰে. ফলত ব্যক্তিৰ বিশেষ শক্তি, অনুৰাগ আৰু অভিৰুচিসমূহে এতিয়াও বিকাশৰ সুবিধা পোৱাৰ ব্যৱস্হা কৰা হোৱা নাই ।  ব্যক্তিৰ বিভিন্নতাই স্বীকৃতি নোপোৱাৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব নোৱাৰে । 

৩২। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবােৰ সমাধানৰ উপায়বােৰ আলােচনা কৰা ।

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবােৰ সমাধানৰ উপায়বােৰ তলত আলোচনা কৰা হ'ল- 

১) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্হা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিব লাগে।

২) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে। এনে সমিতিবোৰত চৰকাৰৰ অনুমতি প্ৰভাৱ গুচাব লাগে।

৩) অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে। 

৪) স্কুলত শিক্ষক নিযুক্তিৰ ব্যলস্হা উন্নত কৰি তুলিব লাগে। স্কুলবোৰত উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answered By Himashree Bora. & Prabal Konwar