পাৰ্বতিপ্ৰসাদ বৰুৱা

 গীতকবি পাৰ্বতিপ্ৰসাদ বৰুৱা (১৯০৯-১৯৬৪)


 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ




পাৰ্বতিপ্ৰসাদ বৰুৱা জন্ম হয় ১৯০৯ চনৰ শিৱসাগৰত জিলাত। অসমীয়া সাহিত্য-সংস্কৃতিক যিসকল লোকে অমূল্য অৱদানেৰে চহকী কৰি থৈ গৈছে সেইসকল ভিতৰত পাৰ্বতিপ্ৰসাদ বৰুৱা এজন। তেখেতে স্কুলীয়া শিক্ষা শিৱসাগৰত সমাপ্ত কৰে। তাৰ পাছঠ কটন কলেজৰ পৰা আই.এচ.চি পৰীক্ষা পাছ কৰি কলিকতাৰ চাৰ্চ কলেজৰ পৰা বি.এ পাছ কৰে। তেখেত বহুত প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেখেত বহুতো গীত আৰু কবিতা পুথি ৰচনা কৰি থৈ গেছে। সেইবিলাকৰ ভিতৰত- 'সোণৰ সোলেঙ', 'গুণ-গুণনি', 'ভঙা টোকাৰিৰ সুৰ, 'লুইতি', 'শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' আদি উল্লেখযোগ্য। তেখেত ৰচনা কৰা গীতসমূহত অসমৰ থলুৱা লোকগীত, বনগীত, আইনাম, ধাইনাম, টোকাৰী গীত, বিয়ানাম আৰু বিহুগীতৰ সুৰ দি অসমীয়া সংগীতলৈ এক নতুন ধাৰা বোৱাইছিল। তেখেতৰ বহুতো দেশপ্ৰেমমূলক গীত আছে। সেইবোৰ হ'ল- 'নোবোলোঁ তোক সোণৰ অসম', 'জয় জয় অসম মাতৃৰ জয়' 'পূজোঁ আহা আই মাতৃৰ চৰণ কমল, উঠক বাজি জয়ধ্বনি পৰম মংগল' আদি।  

✱ ১৯৬৪ চনত তেখেতৰ মৃত্যু ঘটে।

পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ

Nayan Jyoti Bordoloi