অধ্যায়ঃ ১

সামান্তবাদৰপৰা স্থানান্তৰ (পুঁজিবাদ)লৈ {Transition from feudalism (to capitalism)}



প্রশ্নাৱলী 

অতি চমু প্ৰশ্ন
১। সামন্তবাদৰ সূচনা কেতিয়া হৈছিল?
উত্তৰঃ  সামন্তবাদৰ সূচনা হৈছিল ১০৬৬ চনত ।

২। ‘সামন্তবাদ’  শব্দটো ক’ৰ পৰা অহা ?
উত্তৰঃ   সামন্তবাদ শব্দটো মধ্যযুগত ব্যৱহাৰ কৰা লেটিন শব্দ ফিয়োডুম ( Feodum ) ye ফিউডুম ( Feudum ) শব্দৰ পৰা আহিছে ।

৩। নাইট কোন ?
উত্তৰঃ  নাইটসকল হল সামন্তব্যৱস্থাৰ তৃতীয় স্তৰ ।
৪। মেনৰ কি ?
উত্তৰঃ মেনৰ হল সৰু-সৰু অট্টালিকা ।
৫। এশ বছৰীয়া যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ এশ বছৰীয়া যুদ্ধ ১৩৩৭ চনত সংঘটিত হৈছিল ।
৬। মহামাৰী প্লেগ ৰোগ কিমান চনত ইউৰোপত দেখা দিছিল?
উত্তৰঃ  ১৩৪৬ চনত মহামাৰী প্লেগ ৰোগ ইউৰোপত দেখা দিছিল ।
৭। ইউৰোপৰ কোন দেশত প্ৰথমে প্লেগ মহামাৰীৰ সূচনা হৈছিল ?
উত্তৰঃ  চীনদেশত প্ৰথমে প্লেগ মহামাৰীৰ সূচনা হৈছিল ।


৮।ইংৰাজ কৃষক যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ১৩৮১ চনত ইংৰাজ কৃষক যুদ্ধ সংঘটিত হৈছিল ।
৯। ১৩-১৪ শতিকাৰ ইউৰোপৰ এক প্ৰধান ৰোগৰ নাম কি ?
উত্তৰঃ  ১৩-১৪ শতিকাৰ ইউৰোপৰ এক প্ৰধান ৰোগৰ নাম হল কুষ্ঠ  ৰোগ ।
১০। মৌৰইচ হাৰব্ৰেট ড’ব কোন দেশৰ অৰ্থনীতিবিদ আছিল ?
উত্তৰঃ  মৌৰইচ হাৰব্ৰেট ড'ব ইংলেণ্ডৰ অৰ্থনীতিবিদ আছিল । 
১১। monthly reviewৰ প্ৰতিষ্ঠাপক সম্পাদক কোন ?
উত্তৰঃ Monthly reviewৰ প্ৰতিষ্ঠাপক সম্পাদক পৌল মেৰলৰ চুইজি ।

১২। feudal  societyৰ ৰচক কোন ?
উত্তৰঃ Feudal societyৰ ৰচক হল বেঞ্জামিন ব্লক ।
চমু প্ৰশ্ন
১। সামন্ত ব্যৱস্থাৰ মূল বৈশিষ্ট্য কি ?
উত্তৰঃ  সামন্ত ব্যৱস্থাৰ মূল বৈশিষ্ট্য হল ভূমিৰ মালিকীস্বত্ব আৰু কৰ্তব্য ।

২। সামন্ত ব্যৱস্থাৰ মূল অংগ চাৰিটাৰ নাম কোৱা ?
উত্তৰঃ সামন্তব্যৱস্থাৰ মূল অংগ চাৰিটাৰ নাম হল 
ক) ৰজা. খ) সামন্ত বিষয়া, গ) নাইটসকল আৰু ঘ) কৃষকসকল ।
৩। সামন্ত ব্যৱস্থাৰ প্ৰধান ক্ৰটি কি আছিল ?
উত্তৰঃ সামন্ত ব্যৱস্থাৰ প্ৰধান ক্ৰটি আছিল ই সমাজখনক ধনী আৰু দুখীয়া দুটা শ্ৰেণীত বিভক্ত কৰিছিল । এই ব্যৱস্থাত ধনীসকল সদায় ধনী হৈ গৈ আছিল আৰু দুখীয়াসকলে নিজৰ দুখ-নিৰ্যাতনৰ পৰা হাত সৰাৰ উপায় দেখা নাছিল বা বাট নেদেখিছিল ।
৪। মধ্যযুগৰ শেষৰফালে গঢ় লৈ উঠা দুখন বাণিজ্যিক চহৰৰ নাম লিখা ।
উত্তৰঃ মধ্যযুগৰ শেষৰফালে গঢ় লৈ উঠা দুখন বাণিজ্যিক চহৰৰ নাম হল ক) ভেনিচ আৰু খ) ফ্লেণ্ডাৰচ ।

৫। পৰিবৰ্তনৰ বিতৰ্ক বুলিলে কি বুজা ?
উত্তৰঃ  ইউৰোপীয় সমাজখন কেনেকৈ বা কিহে সামন্তবাদৰ পৰা পুজিবাদী সমাজলৈ পৰিৱৰ্তন কৰিলে এই বিষয়টোক লৈ পণ্ডিতসকলৰ মাজত পৰৱৰ্তী কালত এক প্ৰৱল বিতৰ্ক হয় ।ইয়াকে পৰিৱৰ্তনৰ বিতৰ্ক বুলি কোৱা হয় ।

৬। অৰ্থনীতিবিদ ড’বৰ মতে কিহৰ বাবে সামন্তবাদৰ ঠাইত পূঁজিবাদৰ সূচনা হৈছিল  ?
উত্তৰঃ যেতিয়া ক্ষুদ্ৰ পদ্ধতিসমূহ সামন্ত পদ্ধতিৰ পৰা মুক্ত হৈছিল , তেতিয়াই এই ক্ষুদ্ৰ পদ্ধতিসমূহত সামাজিক পৃথকীকৰণ আৰম্ভ হৈছিল। তাৰ কাৰণতে সামন্তবাদৰ ঠাইত পূজিবাদৰ সূচনা হৈছিল ।

৭। ৰাজনীতিক মাৰ্ক্সবাদ কি?
উত্তৰঃ

৮। কৃষি পূঁজিবাদ কি?
উত্তৰঃ ভূ-স্বামী আৰু কৃষকসকলৰ মাজত থকা সম্বন্ধৰ পৰিৱৰ্তনে ভূমি  আৰু শ্ৰমৰ ক্ষেত্ৰত মুক্ত আৰু প্ৰতিযোগিতামূলক বজাৰৰ সৃষ্টি কৰিছিল । তাৰ কাৰণে লাহে-লাহে বহুত কৃষক নিজৰ অধিকাৰসমূহৰ পৰা আতৰি আহিছিল । ফলত পুৰণি শ্ৰেণী বিভাজনৰ ভূ-স্বামী বা বেৰণসকল আৰু ানৰ ভূমি ব্যৱহাৰ কৰাৰ প্ৰথাগত অধিকাৰ থকা বন্ধা কৃষকসকল এফালে আৰু আনফালে এটা নতুন ত্ৰিপাক্ষীয় গাঠনি , যেনে-ভূ-স্বামী, হ্ৰস্বকালীন বজাৰৰ লগত এটা নিৰ্দিষ্ট সময়ৰ বাবে সংযুক্ত কৰদাতা মুক্ত কৃষক আৰু বেতনভৌগী শ্ৰমিক শ্ৰেণীৰ সৃষ্টি হৈছিল । তাক্ কৃষি পুজিবাদ বুলি কোৱা হয় ।

চমু টোকা লিখা ।
১। সামন্ত ব্যৱস্থাৰ সু-ফলসমূহ ।
উত্তৰঃসামন্ত ব্যৱস্থাৰ সু-ফলসমূহ হল 
ক) ভূ-স্বামীয়ে ৰজাৰ অত্যাচাৰৰ পৰা তেওঁৰ প্ৰজাক ৰক্ষা কৰিছিল ।
খ) ভূ-স্বামীয়ে প্ৰতিগৰাকী কৃষক বা চাৰ্ফক ভালদৰে জানিছিল আৰু তেওঁলোকৰ নিজস্ব দক্ষতা বৃদ্ধিৰ সুযোগ দিছিল । 
গ) সমাজখনৰ সামাজিক সুস্থিৰতা, আৰু নিৰাপত্তাৰ পৰিৱেশ ৰচনা কৰাত সহায় কৰিছিল ।

২। সামন্তব্যৱস্থাৰ দোষসমূহ ।
উত্তৰঃ সামন্তব্যৱস্থাৰ দোষসমূহ হল
সামন্তব্যৱস্থাৰ আটাইতকৈ ডাঙৰ দোষটো হল ই সমাজখনক ধনী আৰু দুখীয়া দুটা ভাগত ভাগ কৰিছিল যেনে - ধনী আৰু দুখীয়া ।
এই ব্যৱস্থাটোত ধনীসকল সদায় ধনী হৈ গৈ আছিল আৰু দুখীয়াসকলে নিজৰ দুখ-নিৰ্যাতনৰ পৰা হাত সৰাৰ বাট নেদেখিছিল । সামন্তব্যৱস্থাই কৃষকসকলৰ অৱস্থা দুৰ্বিসহ কৰি তোলে । ভূ-স্বামীয়ে দিয়া ভূমিৰ বাদে তেওঁলোকৰ কোনো নিৰ্দিষ্ট ভূমি নাছিল । তেওঁলোকে গৰাকীৰ সম্পত্তি অধিক হবৰ কাৰণে দিনে-নিশাই কাম কৰিছিল । তাৰ ফলত বহুতো কৃষক সচাকৈয়ে এজন দাস হৈ পৰিছিল । ভূ-স্বামী বা বেৰণসকলে সঘনাই নিজৰ মাজত বিভিন্ন বিষয় লৈ আক্ৰমণ আৰু কাজিয়াত লিপ্ত হৈছিল । সামন্ত বিষয়াসকলৰ মাজত চলি থকা সংঘৰ্ষ প্ৰতিদ্বন্দ্বিতা আৰু সন্দেহৰ বাবে ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত একতাৰ ভাৱ উদয় হোৱা নাছিল । 

 
৩। এশবছৰীয়া যুদ্ধ ।
উত্তৰঃ এশ বছৰীয়া যুদ্ধ সংঘটিত হৈছিল ১৩৩৭ চনত । এই যুদ্ধখন আৰম্ভ হৈছিল ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত । দুয়োটা পক্ষই বহুতো মিত্ৰ গোটাই লৈ অকল্পনীয় হাৰত যুদ্ধৰ প্ৰস্তুতি চলাই যুদ্ধত লিপ্ত হৈছিল । ৫টা প্ৰজন্মলৈ চলা এইখন যুদ্ধই পশ্চিম ইউৰোপৰ এটা বিশাল অঞ্চল সামৰি লৈছিল । এই দীঘলীয়া যুদ্ধত বিভিন্ন নতুন নতুন যুদ্ধ কৌশল উদ্ভাৱন কৰাৰ উপৰিও নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি উন্নত অস্ত্ৰ-শস্ত্ৰ সাজি উলিওৱা হৈছিল । তাৰ ফলত ভূ-স্বামীৰ কৃষিক্ষেত্ৰত কৃষকৰ অভাৱ হৈছিল । যিখিনি বাকী আছিল তেওঁলোকৰ ওপৰত কামৰ বোজা অধিক বৃদ্ধি পোৱাত ইয়াৰ পুৰা মুক্তি লাভ কৰিবৰ কাৰণে বহুতে নগৰলৈ  পলায়ন কৰিছিল বা পলাই গৈছিল ।

৪। ১৪ শতিকাৰ  ইউৰোপীয় বাণিজ্যিক পতন ।
উত্তৰঃ  উন্নত জীৱন-যাপনৰ কেন্দ্ৰ  এই নগৰবোৰ লাহে-লাহে বিভিন্ন মানুহেৰে ভৰি পৰিল । লগৰবোৰ অস্বাস্থ্যকৰ পৰিৱেশলৈ পৰিণত হৈ পৰিছিল । নগৰৰ কোনো মানুহে পৰিস্কাৰ -পৰিচ্ছন্নতাৰ নীতি-নিয়ম মানি চলা নাছিল বা নীতি-নিয়ম পালন কৰা নাছিল । সেই সময়ৰ প্ৰায়বোৰ মানুহে কেইবামাহো একেৰাহে গা-ধুৱা বা কাপোৰ-কানি ধুৱা নাছিল ।আনকি সঘনাই কাপোৰ সলনিও কৰা নাছিল । যতে-ততে থু-খেকাৰ, লেতেৰা,জাৱৰ-জোথৰৰ দম আছিল । আনকি মহানগৰীত বাস কৰা আৱাসীসকলে ঘৰৰ খিৰিকীৰে জাবৰ-জোথৰ ৰাস্তালৈ দলিয়াইছিল । তাৰ ফলত এই চহৰসমূহত ব্যাপক হাৰত মাখি আৰু নিগনিৰ মাত্ৰা বৃদ্ধি পাইছিল ।
১৩ আৰু ১৪ শতিকাৰ ইউৰোপ মহাদেশত কুষ্ঠ এটা প্ৰধান ৰোগ আছিল । এনে সময়তে ১৪ শতিকাৰ প্ৰথমভাগত পশ্চিম এছিয়াৰ পৰা ঘুৰি অহা ইউৰোপীয় বেপাৰীসকলৰ সামগ্ৰীৰ লগত অহা ৰোগাক্ৰান্ত নিগনিয়ে প্লেগ বেমাৰৰ বীজাণু  ইউৰোপ মহাদেশলৈ কঢ়িয়াই আনে । ইতিহাসবিদসকলে ধাৰণা কৰিছিল যে কৃষ্ণ সাগৰৰ কাষত বাণিজ্য। কৰি ঘুৰি অহা ইটালিৰ বাণিজ্যিক জাহাজ এখনে ১৩৪৭ চনত চিচিলত অৱস্থান কৰাৰ পিছতে ইউৰোপত এই মহামাৰীৰ আৰম্ভ হয়।এই প্লেগ বেমাৰক কলা মৃত্যু নামেৰে জনা গৈছিল ।এই মৃত্যুৰ পৰা হাত সাৰিবৰ বাবে ইউৰোপৰ নগৰ-চহৰৰ মানুহে গাৱলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল । 

৫ । প’ল চুইজি
উত্তৰঃৰাজনৈতিক কৰ্মী, প্ৰকাশক আৰু দীৰ্ঘদিন প্ৰচলিত থকা মাহেকীয়া, আলোচনী Monthly Reviewৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল পল মেৰলৰ চুইজি । কুৰি শতিকাৰ এগৰাকীৰ বিখ্যাত আমেৰিকান মাক্সীয় অৰ্থনীতিবিদ আছিল । তেওঁ কেবাখনো গ্ৰন্থ ৰচনা কৰিছিল । 
চুইজিয়ে অৰ্থনীতিবিদ ডবৰ সামন্তবাদৰ চিনাক্তকৰণ আৰু ইয়াৰ পৰিৱৰ্তনৰ ব্যাখ্যাত আপত্তি দৰ্শাইছে । 

৬। জৰ্জ ডুবে ।
উত্তৰঃজৰ্জ ডুবে ফৰাচী ইতিহাসবিদ ডুবে মধ্যযুগৰ ইউৰোপৰ ইতিহাসৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰত বিশেষজ্ঞ আছিল । তেওঁক কুৰি শতিকাৰ ৭০ দশকৰ এগৰাকী বিশিষ্ট মধ্যযুগৰ ইতিহাসবিদ আৰু বুদ্ধিজীৱী বুলি জনা যায় । 
পেৰিচত জন্মগ্ৰহণ কৰা ডুবে প্ৰথমতে ঐতিহাসিক  ভূগোল বিষয়ত অধ্যয়ন কৰে যদিও পিছলৈ ইতিহাসকে মুখ্য বা প্ৰধান বিষয় কৰি লয় । তেওঁ কিছুমান বিশ্ববিদ্যালয়ত পাঠদান কৰিছিল যদিও শেষত হিষ্টৰী অৱ মেডিয়েভেল ছচাইটী ইন দি কলেজ দি কলেজ দি ফ্ৰান্সত সভাপতি পদত দীৰ্ঘদিন দায়িত্ব সম্পাদন কৰে । তেও বহুতো গুৰুত্বপূৰ্ণ প্ৰৱন্ধ, পৰ্যালোচনা আৰু গ্ৰন্থ লিখিছিল । ১৯৫২ চনত ৰচিত ছচাইটী ইন দি ইলিভেন্ট এণ্ড টুৱেলভ চেঞ্চুৰি ইন মাইকনাইচ ৰিজন নামৰ গ্ৰন্থখনৰ যোগেদি তেওঁ যথেষ্ট প্ৰসিদ্ধি লাভ কৰে । বিভিন্ন তথ্যৰ সমলবোৰ অধ্যয়ন কৰি তেওঁ মাকন আৰু দিজন অঞ্চলৰ ব্যক্তিগত আৰু সামাজিক সম্বন্ধৰ জটিল সামাজিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ বিশ্লেষণ আগবঢ়াইছিল । 

৭। ব্ৰেনাৰ বিতৰ্ক ।
উত্তৰঃ পুজিবাদ কি এই বিষয়টোক লৈ ১৯৭০ৰ শেষ ভাগ আৰু ১৯৮০ ৰ প্ৰথম ভাগৰ মাজত মাক্সীয় ইতিহাসবিদসকলৰ মাজত প্ৰৱল বিতৰ্ক হয় ।এই বিতৰ্কক পৰিৱৰ্তনৰ বিতৰ্ক বা ডব-চুইজি বিতৰ্ক বা ব্ৰেনাৰ বিতৰ্ক বুলি কোৱা হয় ।

ৰচনাধৰ্মী প্ৰশ্ন
১। সামন্তবাদ বুলিলে কি বুজা?  সামন্তবাদৰ পতনৰ কাৰণসমূহ উল্লেখ কৰা ।
উত্তৰঃ  সামন্তবাদ হল মধ্যযুগীয় ইউৰোপীয় সমাজব্যৱস্থাৰ এটা অতি উল্লেখযোগ্য ব্যৱস্থা । 
সামন্তবাদৰ পতনৰ কাৰণসমূহ হল 
ক) ১২ আৰু ১৩ শতিকাৰ ভিতৰত ইংলেণ্ডত ঘটা কিছুমান অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে সেই দেশত সামংন্তবাদ ব্যৱস্থা দুৰ্বল কৰি তুলিছিল । এই সময়ত মাগনা কাৰ্টা নামৰ নামৰ এখন গুৰুত্বপূৰ্ণ চনদ পালিত কৰা হয় । এই লিখিত দলিলখনৰ দ্বাৰা ইংলেণ্ডৰ ৰজাৰ ক্ষমতা হ্ৰাস কৰা হয় । ফলত অভিজাত বিষয়াসকলৰ ক্ষমতা বৃদ্ধি পায় । মাগনা কাৰ্টা চনদৰ জৰিয়তে ইংলেণ্ডৰ সকলো আৱাসীৰ ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

খ) সামন্তবাদৰ সফলতাৰ বাবে যথেষ্ট শ্ৰম শক্তিৰ প্ৰয়োজন হৈছিল । তলতীয়া সামন্ত বিষয়া আৰু কৃষক- চাৰ্ফসকলে  বছৰ বছৰ ধৰি গোটেই জীৱন ভূ-স্বামীৰ মেনৰীয় অৰ্থব্যৱস্থাৰ স্বচ্ছলতাৰ কাৰণে শ্ৰম কৰিব লাগিছিল । কিন্তু ১৩৩৭ চনত প্ৰতিবেশী ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত এলানি ১০০ বছৰীয়া যুদ্ধৰ আৰম্ভ হয় । দুয়োটা পক্ষই বহুতো মিত্ৰশক্তি গোটাই লৈ অকল্পনীয় হাৰত যুদ্ধৰ প্ৰস্তুতি চলাই গৈছিল । ৫টা প্ৰজন্মলৈ চলা এই যুদ্ধই পশ্চিম ইউৰোপৰ এটা বিশাল অঞ্চল সামৰি লৈছিল । এই দীঘলীয়া যুদ্ধখনত বিভিন্ন নতুন-নতুন যুদ্ধ-কৌশল উদ্ভাৱন কৰাৰ উপৰিও নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি উন্নতমানৰ অস্ত্ৰ-শস্ত্ৰ সাজি উলিওৱা হৈছিল । এই যুদ্ধখনত দুয়োপক্ষৰে বহুতো ক্ষয়-ক্ষতি হৈছিল । যুদ্ধক্ষেত্ৰত  বহু কৃষক সৈন্যৰ মৃত্যু হৈছিল । 

গ) ৰাজনৈতিক ঘটনাসমূহৰ উপৰিও এশবছৰীয়া যুদ্ধৰ আৰম্ভণিৰ প্ৰায় ১০ বছৰৰ পিছত ১৩৪৬ চনত ইউৰোপত এটা অতি সংক্ৰামক প্লেগ মহামাৰীয়ে দেখা দিয়ে । ইতিহাসবিদসকলৰ মতে মধ্য এছিয়া সম্ভৱতঃ চীন দেশত আৰম্ভ হোৱা এই মহামাৰীৰ বীজাণু ভাৰত, পশ্চিম এছিয়া হৈ ইউৰোপ মহাদেশত প্ৰৱেশ কৰে ।  সেই সময়ত এছিয়া আৰু কৃষ্ণ সাগৰ হৈ যোৱা ৰেচমী পথৰে হোৱা বেহা-বেপাৰৰ বেপাৰীৰ মাধ্যমেৰে এই বেমাৰ ইউৰোপ মহানগৰত প্ৰৱেশ কৰিছিল । প্ৰথম জাহাজেৰে ইটালিলৈ যোৱা মানুহৰ পৰা ইটালিক প্ৰথমে সংক্ৰমিত কৰি ইংলেণ্ডত প্ৰৱেশ কৰে । মাখি আৰু এন্দুৰৰ  জৰিয়তে মানুহৰ শৰীৰত বিয়পি পৰা এই বীজাণুৱে সেই সময়ৰ ইউৰোপৰ লেতেৰা আৱৰ্জনা পৰিৱেশত  সহজে বিস্তাৰিত বা সম্প্ৰসাৰিত হোৱাৰ সুযোগ পাইছিল । এই ৰোগ বা প্লেগত আক্ৰান্ত হোৱা লোকসকলৰ জ্বৰ, বমি, কাহ, হাঁচি হোৱাৰ উপৰিও গাৰ ছাল ৰঙা হৈ উখহি পৰিছিল । সেই সময়ৰ মানুহে কৰ পৰা কেনেকৈ এই বেমাৰ ইউৰোপলৈ আহিল বা কেনকৈ সংক্ৰমিত হয়, সেই বিষয়ে জনা নাছিল । সাধাৰণ জনসাধাৰণে এই ৰোগটোৰ কাৰণে গ্ৰহ-নক্ষত্ৰ, কুষ্ঠৰোগী, আৰু ইহুদীসকলক দোষী সজাইছিল বা দোষী বুলি ভাৱিছিল ।



২। ১৩/১৪ শতিকাৰ ইউৰোপৰ নগৰ-চহৰসমূহৰ উত্থান আৰু পতনৰ কাৰণসমূহ বৰ্ণনা কৰা ।
উত্তৰঃ ৰোমান সাম্ৰাজ্য পতন হোৱাৰ পিছত মধ্যযুগৰ শেষৰফালে প্ৰথমবাৰৰ কাৰণে বাণিজ্যিক শ্ৰী বৃদ্ধি মন কৰিবলগীয়াকৈ হৈছিল । একাদশ শতিকাৰ আৰম্ভণিৰ পৰা ইউৰোপ মহাদেশত অধিক হাৰত জনসংখ্যা বৃদ্ধি পাব ধৰিলে । উন্নত পদ্ধতিত খেতি-বাতি আৰম্ভ কৰাৰ ফলত কৃষকসকলে যথেষ্ট খাদ্য-শস্য কৰিবলৈ সক্ষম  হৈছিল ।ইউৰোপৰ ব্যৱসায়ীসকলে পূবত উৎপাদন হোৱা সামগ্ৰীৰ লগত পশ্চিমীয়া সামগ্ৰীৰ বিনিময় কৰিছিল । 
সেইদৰে আৰম্ভ হোৱা ব্যৱসায় মধ্যযুগৰ শেষৰফালে ব্যাপক ৰূপ ধাৰণ কৰিছিল আৰু কেবাটাও বাণিজ্যিক কেন্দ্ৰৰূপে গঢ় লৈ উঠিছিল । তেনেকৈ গঢ় লৈ উঠা দুখন অতি গুৰুত্বপূৰ্ণ বাণিজ্যিক চহৰ হল 
ক) ভেনিচ, আৰু ফ্লেণ্ডাৰচ ।
সাগৰীয় বাণিজ্যৰ শ্ৰী বৃদ্ধিৰ লগে-লগে ইউৰোপৰ আন আন ঠাইত বাণিজ্যিক ক্ষেত্ৰসমূহৰো শ্ৰী বৃদ্ধি হবলৈ ধৰিলে । ব্যৱসায়ীসকলে স্থলপথেৰে ইউৰোপৰ বিভিন্ন ঠাইলৈ সামগ্ৰী পৰিবহণ কৰিবলৈ লয় । এঠাইৰ পৰা আন ঠাইলৈ সঘনাই ঘুৰি ফুৰিব লগা হোৱা বাবে দুঃসাহসী ব্যক্তিসকলেহে এই বৃত্তিটো গ্ৰহণ কৰিছিল । ডকাইট আদিৰ  আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ লগত লৈ জুম বান্ধি বেহা-বেপাৰ কৰিছিল । এওঁলোকে ঘোঁৰাৰে টনা ওপৰভাগ মুক্ত গাড়ীত সামগ্ৰী পৰিবহণ কৰিছিল ।এইদৰে মুখ্য পথেৰে বণিকসকলে ইউৰোপৰ বিভিন্ন অঞ্চললৈ গৈছিল । এই অঞ্চলসমূহত বছৰত এবাৰ মেলা অনুষ্ঠিত কৰা হৈছিল -- যত বেপাৰী আৰু সেই ঠাইৰ অভিজাত আৰু সাধাৰণ মানুহে বিভিন্ন সামগ্ৰী কিনা-বেচা কৰিছিল ।  ধন ধাৰে দিছিল আৰু লৈছিল । এই সময়ছোৱাত বণিকসকলে লাহে-লাহে বিনিময়ৰ সলনি মূল্যৱান ধাতুৰ বিনিময়ত সামগ্ৰী বেচিবলৈ লয় । ইটালিৰ ধন পৰিৱৰ্তনকাৰীসকলে বিভিন্ন ওজনৰ মুদ্ৰা নিৰ্মাণ কৰিছিল । 
সময় আগবাঢ়ি যোৱাৰ লগে-লগে বেপাৰীসকলে ঘুৰি-ফুৰি ভাগৰি পৰিছিল আৰু তেওঁলোকে ইয়াৰ বিকল্প বিচাৰিছিল । সেইকাৰণে জলপথৰ কাষৰ বাণিজ্যিক পথ বা চাৰিআলিৰ পদপথসমূহৰ কাষত এই বেপাৰীসকল স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰীসমূহ ভৰালত জমা ৰাখে । তদুপৰি তেওঁলোকে কোনো দুৰ্গ বা মঠ-মন্দিৰৰ কাষতো বাস কৰিবলৈ চেষ্টা কৰিছিল । কাৰণ ইয়াৰ ফলত তেওঁলোক ডকাইতৰ আক্ৰমণ বা অভিজাতসকলৰ মাজত হোৱা সংঘৰ্ষৰ মাজৰ পৰা ৰক্ষা পৰিছিল । ব্যৱসায়ীসকলে স্থায়ীভাৱে বাস কৰা অঞ্চলতে মধ্যযুগত প্ৰায়বোৰ নগৰ গঢ়ি উঠিছিল । 
উন্নত জীৱন-যাপনৰ প্ৰাণকেন্দ্ৰ এই নগৰবোৰ লাহে-লাহে বিভিন্ন মানুহেৰে ভৰি পৰিছিল । তাৰ ফলত নগৰবোৰ অস্বাস্থ্যকৰ হৈ পৰিছিল । নগৰৰ কোনো মানুহে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ নীতি-নিয়ম পালন কৰা নাছিল । সেই সময়ৰ প্ৰায় সকলো লোকে কেইবামাহো একাধাৰে গা-ধোৱা বা কাপোৰ ধোৱা নাছিল । আনকি সঘনে কাপোৰ সলনি কৰা নাঠিল । যতে-ততে লেতেৰা বস্তুৰ দম আছিল । আৱাসীসকলে ঘৰৰ খিৰিকীৰে জাবৰ-জোথৰ ৰাস্তালৈ দলিয়াই পেলাইছিল । তাৰ ফলতে এই চহৰসমূহত বহুতো হাৰত মাখি আৰু নিগনিৰ বৃদ্ধি হৈছিল । অস্বাস্যকৰ পৰিৱেশ আৰু ঘন বসতিপূৰ্ণ হৈ উঠা কাৰণে এই নগৰসমূহ সঘনাই বিভিন্ন সোচৰা বা সংক্ৰামক ৰোগত আক্ৰান্ত হবলৈ ধৰে  । এই ৰোগসমূহৰ ভিতৰত আছিল বৰ আই, সৰু আই , পলিঅ, কুষ্ঠ আৰু জ্বৰ । সাধাৰণ স্বাস্থ্যবিধি ,যেনে খোৱাৰ সময়ত হাত ধোৱা, পৰিস্কাৰ-পৰিচ্ছন্ন আদি হৈ থাকিলে যে বহু বেমাৰ-আজাৰৰ পৰা হাত সাৰিব পাৰি । এই কথাটো সেইসময়ত মানুহে বুজা নাছিল । তাৰ ফলত এই বেমাৰসমূহত আক্ৰান্ত হৈ বহু মানুহ চিৰদিনৰ ঘুণীয়া হৈছিল বা মৃত্যুমুখত পৰিছিল । সোঁচৰা ৰোগৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় আছিল অকলশৰীয়াকৈ থকা । এনে সময়ত মানুহে প্ৰথমবাৰৰ বাবে কুষ্ঠ ৰোগীৰ পৰা আতৰত থাকিব শিকিছিল । ১৩ আৰু ১৪ শতিকাৰ ইউৰোপ মহাদেশত কুষ্ঠ এটা প্ৰধান ৰোগ আছিল । 
এনে সময়তে ১৪ শতিকাৰ প্ৰথমভাগত পশ্চিম  এছিয়াৰ পৰা ঘুৰি অহা ইউৰোপীয় বেপাৰীসকলৰ সামগ্ৰীৰ লগত অহা ৰোগাক্ৰান্ত নিগনিয়ে প্লেগ বেমাৰৰ বীজাণু ইউৰোপ মহাদেশলৈ কঢ়িয়াই আনে । ইতিহাসবিদসকলে ধাৰণা কৰিছিল যে কৃষ্ণ সাগৰৰ কাষত বাণিজ্য কৰি ঘুৰি অহা সময়তে ইটালীৰ বাণিজ্যিক জাহাজ এখনে ১৩৪৭ চনত চিচিলত অৱস্থান কৰাৰ পিছত ইউৰোপত এই মহামাৰীৰ আৰম্ভ হয় । এই মৃত্যুৰ পৰা হাত সাৰিবৰ বাবে  ইউৰোপৰ নগৰ-চহৰৰ মানুহে গাঁৱলৈ পলাই যাবলৈ বাধ্য হৈছিল । তাৰ ফলত বাণিজ্য আৰু কৃষিকে ধৰি অৰ্থনীতিৰ সকলো দিশতে এই বেমাৰে বেয়াকৈ প্ৰভাৱ পেলাইছিল । কৃষকসকলে কৃষিভূমিত খেতি কৰিব পৰা নাছিল আৰু যিখিনি খাদ্য-শস্য খাবৰ কাৰণে কৰিছিল তাৰ পৰিমাণো তেনেই নিম্ন আছিল । এই দীৰ্ঘদিন ধৰি চলি থকা মহামাৰীত শাসক পক্ষই একো কৰিব নোৱাৰি নিৰ্বিকাৰ হৈ বহি থকাৰ বাহিৰে আন একোৱে উপায় নাছিল । তেওঁলোকে ইয়াৰ প্ৰতিকাৰৰ কাৰণে গীৰ্জাত প্ৰাৰ্থনা কৰিছিল আৰু মানুহৰ পাপে হল এই মহামাৰীৰ প্ৰধান কাৰণ । তেওঁলোকে প্ৰজাৰ পৰা সঠিকভাৱে কৰ আদায় কৰিব পৰা নাছিল । তাৰ ফলত বণিকসকলে ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰা বাবে তেওঁলোকৰ হাতত ধনৰ পৰিমাণ হ্ৰাস পাইছিল । তাৰ ফলত সেই সময়ত চলি থকা ১০০ বছৰীয়া যুদ্ধৰ লগতে বেহা-বেপাৰো বন্ধ হৈ পৰিছিল । তেনেদৰে একালৰ ইউৰোপীয় মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ নগৰ-চহৰসমূহত ব্যাপক হাৰত মহামাৰীত মানুহৰ মৃত্যু হোৱা বাবে, একাংশৰ প্ৰাণৰক্ষাৰ বাবে গাঁও অঞ্চললৈ পলায়ন কৰা বাবে আৰু বাকী অংশৰে আয়ৰ কোনো উপায় নথকাৰ বাবে সাময়িকভাৱে ইয়াত এটা স্থবিৰতা আহি পৰিছিল । 

৩। মৌৰইচ হাৰব্ৰেট ড’বৰ ইউৰোপৰ সামন্তবাদৰ ঠাইত পুঁজিবাদৰ সূচনা হোৱাৰ যুক্তিসমূহ ালোচনা কৰা ।
উত্তৰঃ  নৱজাগৰণৰ লগতে আন বহুতো উপাদানৰ বাবে ইউৰোপীয় অৰ্থনৈতিক আৰু সমাজব্যৱস্থা লাহে-লাহে সামন্তবাদ এৰি পুঁজিবাদলৈ পৰিৱৰ্তন হবলৈ ধৰে ।  সেইদৰে ইউৰোপীয় সমাজখন কেনেকৈ বা কিহে সামন্তবাদৰ পৰা পুঁজিবাদী সমাজলৈ পৰিৱৰ্তন কৰিলে এই বিষয়টোক লৈ পণ্ডিতসকলৰ মাজত পৰৱৰ্তীকালত এটা প্ৰৱল বিতৰ্ক হয় । এই বিতৰ্কটোক সাধাৰণতে আমি পৰিৱৰ্তনৰ তৰ্ক  নামেৰে জনা যায় । জাৰ্মান দাৰ্শনিক , অৰ্থনীতিবিদ, আৰু বিপ্লৱী সমাজবাদী কাৰ্লমাক্সৰ আদৰ্শ অনুগামী দুই পণ্ডিতৰ মাজত প্ৰথমে ডব আৰু চুইজিৰ বিতৰ্ক প্ৰথমে আৰম্ভ হয় । পিছত এই বিষয়টোক লৈ মাক্সীয় আৰু অমাক্সীয় পণ্ডিতসকলৰ মাজত বিৰ্তক আৰম্ভ হয় । বিতৰ্কৰ মূল বিষয় আছিল কিহৰ বাবে এই পৰিৱৰ্তন আৰম্ভ হৈছিল , এই কাৰণবোৰ আভ্যন্তৰীণ 


Type: Hirok Jyoti Bora
Answer Type- Ali rani kakati



Post ID : DABP003800