উৎপাদক আৰু গুণিতক 


উৎপাদক আৰু গুণিতকঃ ধৰা হ'ল x এটা সংখ্য়া, আৰু ই m আৰু n ৰ দ্বাৰা বিভাজ্য়। গতিকে x হৈছে m আৰু nৰ গুণিতক আৰু m আৰু n হৈছে x ৰ উৎপাদক। উদাহৰণস্বৰূপে 6 ৰ উৎপাদক হৈছে — 1, 2 আৰু 3 ।

উদাহৰণঃ তলৰ সংখ্য়াবোৰৰ উৎপাদক উলিওৱাঃ

45, 15, 26, 28, 35, 54, 36

উত্তৰঃ 


     


































এই পদ্ধতি ক বৃক্ষ পদ্ধতি বুলি কোৱা হয়।

গৰিষ্ঠ সাধাৰণ উৎপাদকঃ যিকোনো দুটা সংখ্য়াৰ উমৈহতীয়া উৎপাদক সমূহৰ ভিতৰত আটাইতকৈ ডাঙৰটোক গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কোৱা হয়। ইয়াক চমুকৈ গঃসাঃউঃ বুলি কোৱা হয়।

উদাহৰণঃ তলৰ সংখ্য়াকেইযোৰৰ গঃসাঃউঃ উলিওৱাঃ

52 আৰু 39,    78 আৰু 72

উত্তৰঃ 

52 = 2 x 2 x 13

39 = 3 x 13

গতিকে 52 আৰু 39 গঃসাঃউঃ হৈছে ㅡ 13

78 = 2 x 3 x 13

72 = 2 x 2 x 2 x 3 x3

গতিকে 78 আৰু 72 ৰ গঃসাঃউঃ হৈছে ㅡ 2 x 3 = 6


লঘিষ্ঠ সাধাৰণ গুণিতকঃ যিকোনো দুটা সংখ্য়াৰ উমৈহতীয়া গুণিতক সমূহৰ ভিতৰত আটাইতকৈ সৰুটোক লঘিষ্ঠ সাধাৰণ গণিতক বুলি কোৱা হয়। ইয়াক চমুকৈ লঃসাঃগুঃ বুলি কোৱা হয়।

উদাহৰণঃ তলৰ সংখ্য়াকেইযোৰৰ লঃসাঃগুঃ উলিওৱাঃ

52 আৰু 39, 78 আৰু 72

উত্তৰঃ

52 =  2 x 2 x 13

39 = 3 x 13

গতিকে 52 আৰু 39 লঃসাঃগুঃ হৈছে ㅡ 2 x 2 x 3 x 13 = 156

78 = 2 x 3 x 13

72 = 2 x 2 x 2 x 3 x3

গতিকে 78 আৰু 72 ৰ লঃসাঃগু হৈছে ㅡ 936


    যিকোনো দুটা অখণ্ড সংখ্য়া a, b ৰ ক্ষেত্ৰত গঃসাঃউঃ( a, b ) x লঃসাঃগুঃ( a, b ) = a x b

প্ৰমাণঃ ধৰা হ'ল a = 45 আৰু b = 60

এতিয়া,

45 = 3 x 3 x 5

60 = 2 x 2 x 3 x 5

গতিকে, গঃসাঃউঃ( 45 , 60 ) = 15

আৰু লঃসাঃগুঃ( 45, 60 ) = 180

L.H.S; 

গঃসাঃউঃ (45, 60 ) x লঃসাঃগুঃ ( 45, 60 )

= 15 x 180

= 2700


R.H.S; 

45 x 60 

= 2700

গতিকে L.H.S = R.H.S

 - Hiru Moni Bora