বাস্তৱবাদ

অনুশীলনী

1. উত্তৰ দিয়াঃ

(a) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়ে বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে/ নাই।

উত্তৰঃ আছে।

(b) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয়/ নহয়।

উত্তৰঃ নহয়।

2. চমু উত্তৰ দিয়াঃ

(a) বাস্তৱবাদ কি?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তৱবাদ বোলে।

(b) বাস্তৱবাদ প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰঃ বাস্তৱবাদ ৪ প্ৰকাৰৰ। সেইবোৰ হল-

    (1) সৰল বাস্তৱবাদ।

    (2) বিজ্ঞানসন্মত বাস্তৱবাদ।

    (3) নব্য- বাস্তৱবাদ।

    (4) নব্য-সবিচাৰ-বাস্তৱবাদ।

(c) তিনিজন বাস্তৱবাদী দাৰ্শনিকৰ নাম লিখা?

উত্তৰঃ তিনিজন বাস্তৱবাদী দাৰ্শনিক হল- জন লক, হোল্ট, আৰু পেৰী।

3. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তৱবাদ বোলে।

    জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সন্দৰ্ভত সততে প্ৰশ্ন উথাপন হয় এই যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে নে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰসংগত বাস্তৱবাদৰ সমৰ্থকসকলে সাব্যস্ত কৰিছে যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে দেখা যায় যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰুপিত নহয়।

4. বাস্তৱবাদৰ বৈশিষ্ট্য় কি কি? আলোচনা কৰা। 

উত্তৰঃ বাস্তৱতাবাদৰ বৈশিষ্ট বোৰ হল -

    (১) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তিত্বশীল হৈ পৰে। নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব অন্যনিৰপেক্ষ।

    (২) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে। জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব নিৰুপণ কৰে। মনৰ লগত কোনো ধৰণৰ সম্বন্ধ নথকাকৈও বস্তু স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব পাৰে।

    (৩) বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তনিহিত সম্পৰ্ক নাই। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্ক সম্পূৰ্ণ বাহ্যিক। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মননিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তনিহিত সম্পৰ্ক নাই।

    (৪) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰুপিত নহয়। অৰ্থাৎ কোনোবাই জনা বা নজনাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে। উদাহৰণ স্বৰুপে কোনো এজন মানুহে গুৱাহাটী বিশ্ববিদ্যালয় দেখা নাই। সেই মানুহজনে গুৱাহাটী বিশ্ববিদ্যালয় নেদেখাৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয় নাই বুলি কব নোৱাৰি। কোনোবাই দেখক বা নেদেখক, জানক বা নাজানক এখন বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় আছে আৰু থাকিব। জ্ঞানৰ বিষয়বস্তু হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্ব কোনো জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰুপিত নহয়।

    (৫) বাস্তৱবাদীসকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে। অৰ্থাৎ বিভিন্ন বস্তুৰে পৰিপূৰ্ণ এই জগতখন কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰশীল নহয়। বস্তুময় এই জগতখনৰ প্ৰতিটো বস্তু মনৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে। মনৰ লগত বস্তুৰ সম্পৰ্ক ঘটক বা নঘটক, ই বস্তুৰ অস্তিত্বক কোনো ধৰণে প্ৰভাৱিত নকৰে। গতিকে মনৰ বাহিৰত এখন স্বতন্ত্ৰ বস্তুময় জগত আছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answered by: Leena Kakati