Chapter 2
প্ৰাক -ঐতিহাসিক চিকাৰজীৱী সংগ্ৰাহকসকল
(Pre-historic Hunter-Gatherers)
অতি চমু প্ৰশ্নঃ
১। 'On the of Species' শীৰ্ষক গ্ৰন্থখনি কোনে ৰচনা কৰিছিল।
উত্তৰঃ on the of Species শীৰ্ষক গ্ৰন্থখিনি চাৰ্লচ ডাৰউইনে ৰচনা কৰিছিল ।
২। Pre-history শব্দটো প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল ?
উত্তৰঃ Pre-History শব্দটো প্ৰথম প্ৰয়োগ হৈছিল ১৮৫১ চনত কানাডাৰ ডেনিয়েল উইলচন নামৰ ব্যক্তিজনে ।
৩। আদি প্ৰস্তৰ যুগ আৰু মধ্য প্ৰস্তৰ যুগৰ মানৱ কেনেকুৱা আছিল ?
উত্তৰঃ আদি প্ৰস্তৰ যুগ আৰু মধ্যপ্ৰস্তৰ যুগৰ মানৱ আছিল খাদ্য সংগ্ৰাহক , চিকাৰী আৰু অঘৰী ।
৪। ইংৰাজী ভাষাৰ 'Paleolithic' শব্দটো ক'ৰ পৰা আহিছে ?
উত্তৰঃ ইংৰাজী ভাষাৰ Paleolithic শব্দটো গ্ৰীক ভাষাৰ Palaios আৰু Lithos শব্দৰ পৰা আহিছে ।
৫। এছিয়া মহাদেশৰ হ'মিনিডৰ অৱশেষ প্ৰথম কেতিয়া উদ্ধাৰ হৈছিল ?
উত্তৰঃ ১৯৬৬ চনত এছিয়া মহাদেশৰ হমিনিডৰ অৱশেষ প্ৰথম উদ্ধাৰ হৈছিল ।
চমুপ্ৰশ্নঃ
১। আদি প্ৰস্তৰ যুগৰ দুখন ঠাই নাম লিখা ।
উত্তৰঃ আদি প্ৰস্তৰ যুগৰ দুখন ঠাইৰ নাম হল
ক) কাশ্মীৰ আৰু লাডাখ ।
খ) পাঞ্জাৱ শিৱালিক ।
২। ১৮৭৪ খ্ৰীষ্টাব্দত ব্ৰঞ্জৰ যুগক কোনে কেইটা ভাগত বিভক্ত কৰিছিল ।
উত্তৰঃ ১৮৭৪ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ পুৰাতত্ত্ববিদ চাৰ জন ইভানছে ব্ৰঞ্জৰ যুগক তিনিটা ভাগত বিভক্ত কৰিছিল ।
৩। মধ্যভাৰতত মধ্যপ্ৰস্তৰ যুগৰ দুখন গুৰুত্বপূৰ্ণ স্থানৰ নাম লিখা।
উত্তৰঃ মধ্যভাৰতত মধ্যপ্ৰস্তৰ যুগৰ দুখন গুৰুত্বপূৰ্ণ স্থানৰ নাম হল
ক) মধ্যপ্ৰদেশৰ হচঙ্গাবাদ জিলাত অৱস্থিত আদমগড় ।
খ) সিদ্ধি জিলাৰ বাঘমৰা II ।
৪। ৰিচাৰ্ড লিকিয়ে 'The origin of Humankind' ত মানৱ জাতিৰ বিকাশৰ বিষয়ে উল্লেখ কৰা দুটা পৰ্যায় লিখা।
উত্তৰঃ ৰিচাৰ্ড লিকিয়ে The origin of HumanKind' ত মানৱ জাতিৰ বিকাশৰ বিষয়ে উল্লেখ কৰা দুটা পৰ্যায় হল
ক) প্ৰথম পৰ্যায় হৈছে যেতিয়া প্ৰায় ৭ নিযুত বছৰ পূৰ্বে দুই ভৰিৰে বা দণ্ডায়মান বান্দৰ প্ৰজাতিৰ বিকাশ ।
খ) দ্বিতীয় পৰ্যায়ত ৩ নিযুত আৰু ২ নিযুত বছৰ পূৰ্বৰ ভিতৰত ভিন্ন প্ৰাকৃতিক বাতাবৰণেৰেঅভ্যস্ত দুই ভৰিৰ কেবাটাও এপৰ প্ৰজাতিৰ হয় ।
চমুটোকাঃ
১। মধ্যপ্ৰস্তৰ যুগৰ অৰ্থনীতি।
উত্তৰঃ ;চিকাৰ কৰা, মাছধৰা আৰু খাদ্যসংগ্ৰহ কাৰ্যত মধ্যপ্ৰস্তৰ যুগৰ মানৱ জীৱনৰ অধিকাংশ বা অধিক সময় পাৰ হৈ গৈছিল । যিহেতু মধ্যপ্ৰস্তৰ যুগে আদি প্ৰস্তৰ যুগ আৰু নৱপ্ৰস্তৰ যুগৰ মাজৰ এক পৰিৱৰ্তনশীল কালক প্ৰতিনিধিত্ব কৰে গতিকে এই যুগৰ পাছৰ পৰ্যায়ত মানৱ সীমিত পৰিমাণে হলেও পশুপালন, আৰু কৃষি বৃত্তিত জড়িত হোৱাৰো প্ৰমাণ পোৱা যায় । সাগৰত উদ্ধাৰ হোৱা মধ্য প্ৰস্তৰ যুগৰ পুৰাতাত্ত্বিক তথ্যই প্ৰমাণ কৰিছে যে এই অঞ্চলত প্ৰাৰম্ভিক পৰ্যায়ত চিকাৰ আছিল জীৱিকা নিৰ্বাহৰ মূল বা প্ৰধান উ ৎস । কিন্তু দ্বিতীয় পৰ্যায়ত জন্তুৰ হাড়, আৰু শিলৰ আহিলাৰ সীমিত অৱস্থিতিয়ে চিকাৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস পোৱা আৰু খাদ্যবস্তু উ ৎপাদনৰ ওপৰত বৰ্দ্ধিত নিৰ্ভৰশীলতাৰ কথাকে সূচায় । মাটিৰ বাচন-বৰ্তন, ধাতুৰ আহিলা, অলংকাৰৰ ব্যৱস্থাৰ তথা সমৃদ্ধ মানৱ সমাধিসমূহে এক সুস্থিৰ আৰু নিৰাপদ অৰ্থনীতিৰ ইংগিত বহন কৰে ।
লিংগভিত্তিক কৰ্ম বিভাজন মধ্যপ্ৰস্তৰ যুগত দেখা পোৱা যায় । ইয়াৰ প্ৰমাণ হিচাপে ভীমবেতকাৰ শিলা চিত্ৰাসমূহক আঙুলিয়াব পাৰি । এই অঞ্চলৰ পৰা উদ্ধাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ চিত্ৰসমূহৰ বহুততে বয়স্ক আৰু কমবয়সীয়া পুৰুষ-মহিলাৰ চিত্তও পোৱা গৈছে । পুৰুষৰ চিকাৰ কৰা দৃশ্য আৰু মহিলাই খাদ্য সংগ্ৰহ কৰি প্ৰস্তুত কৰা তথা পটাত খাদ্য গুড়ি কৰা আদি দৃশ্য চিত্ৰসমূহত সহজলভ্য অৱশ্যে পুৰুষৰ সৈতে মহিলায়ো চিকাৰ কাৰ্যত সহযোগিতা কৰাৰ দৃশ্যও পোৱা গৈছে ।
২। শিলত অলংকিত চিত্ৰ।
উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ এক বিশেষ বৈশিষ্ট্য হৈছে বিভিন্ন অঞ্চলৰ পৰা প্ৰাপ্ত কলাত্মক নিদৰ্শনাসমূহ । কোনো কোনো স্থানত প্ৰকৃততে উচ্চ আদিপ্ৰস্তৰ যুগৰ শেষৰফালে কলাকৃতি তথা গুহা আৰু শিলত অংকিত চিত্ৰশিল্পৰ বিকাশ ঘটে । প্ৰস্তৰ যুগৰ কলাৰ নমুনা প্ৰধানকৈ সংৰক্ষিত হৈ আছে শিল আৰু গুহাচিত্ৰৰ ৰূপত । আদিম মানৱে বসবাসৰ বাবে ব্যৱহাৰ কৰা গুহাৰ দেৱাল, মুধচ আৰু মজিয়াৰ পৰা প্ৰাক-ঐতিহাসিক চিত্ৰকলাৰ বিকাশৰ যথেষ্ট প্ৰমাণ উদ্ধাৰ হৈছে । অধিক অংশ চিত্ৰকলাৰ বিষয়বস্তু জীৱ-জন্তু বা পৰিৱেশৰ অন্য উপাদান । সীমিত পৰিমাণে মানৱ চিত্ৰও পোৱা যায় । মানৱৰ চিকাৰ দৃশ্য সহজলভ্য । পুৰুষ, মহিলা, শিশুসকলৰ চিত্ৰ আদিও পোৱা যায় । চিত্ৰবোৰ সাধাৰণতে ৰেখাংকন । কিছুমানত বিভিন্ন ৰঙেৰে চিত্ৰৰ খালি ঠাইবোৰ পূৰোৱা হৈছিল । ৰঙা, বগা, হালধীয়া, সেউজীয়া, কলা আদি, বিভিন্ন ৰঙবোৰ প্ৰকৃতিৰ পৰাই প্ৰস্তুত কৰা হৈছিল । সম্ভৱতঃ ক্ষুদ্ৰ মাৰি, ব্ৰাচ জাতীয় আহিলা, সম্ভৱতঃ জন্তুৰ নেজ, নোম আদিৰ পৰা আৰু হাতৰ আঙুলিৰ পৰশেৰে চিত্ৰবোৰ তৈয়াৰ কৰা হৈছিল । এই চিত্ৰবোৰে মধ্যপ্ৰস্তুৰ যুগত মানৱ বিৱৰ্তন আৰু তেওঁলোকৰ সামাজিক সাংস্কৃতিক জীৱনশৈলী তথা পৰিৱেশৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে ।
ভাৰতীয় উপমহাদেশবোৰত প্ৰায় ১৫০ খনতকৈ অধিক স্থানৰ পৰা মধ্যপ্ৰস্তৰ যুগৰ গুহা চিত্ৰ উদ্ধাৰ হৈছে ।
ৰচনাধৰ্মী প্ৰশ্নঃ
১। ভাৰতবৰ্ষত আদি প্ৰস্তৰ যুগৰ বিকাশৰ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ ভাৰতীয় উপমহাদেশত ভিন্ন ভূ-প্ৰাকৃতিক অৱস্থানত আদিম মানৱৰ বিৱৰ্তনৰ প্ৰমাণ পোৱা যায় । প্ৰস্তৰ যুগৰ এনে স্থানসমূহ পাৰ্বত্য অঞ্চলৰ পৰা সমতলভূমি, উপকূলভূমি পৰ্যন্ত সিচৰতি হৈ আছে । আদি প্ৰস্তৰ যুগক প্ৰযুক্তিগত বিকাশৰ ভিত্তিত নিম্ন, মধ্য আৰু উচ্চ আদি প্ৰস্তৰ যুগত বিভাজন কৰাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰি অহা হৈছে । এই বিৱৰ্তনৰ ধাৰণাসমূহ ভাৰতীয় আদিপ্ৰস্তৰ যুগৰ স্থানসমূহতো সু-স্পষ্ট ।
বিশ্বৰ আন প্ৰান্তৰ দৰে ভাৰতীয় উপমহাদেশসমূহতো প্ৰাক-ঐতিহাসিক মানৱ বিকাশৰ কোনো নিৰ্ধাৰিত একক সময়সীমা নাই । তদুপৰি উদ্ধাৰ হোৱা ভিন্ন জাতৰ জীৱাশ্মসমূহৰ সাধাৰণ বৈশিষ্ট্যত কিছুমান আঞ্চলিক তাৰতম্যও পৰিলক্ষিত হয় । ঐতিহাসিক উপীন্দৰ সিঙে আদি প্ৰস্তৰ যুগত মানৱ বিৱৰ্তনক নিম্নলিখিত উপভাগসমূহত বিভক্ত কৰিছে ।
ক) নিম্ন আদিপ্ৰস্তৰ যুগ - ২ নিযুত বছৰৰ পৰা ১,০০,০০০ বছৰৰ পূৰ্বে ।
খ) মধ্য আদি প্ৰস্তৰ যুগ -- ১,০০,০০০ --৪০,০০০ বছৰৰ পূৰ্বে ।
গ) উচ্চ আদিপ্ৰস্তৰ যুগ - ৪০,০০০-১০,০০০ বছৰৰ পূৰ্বে ।
ভাৰতবৰ্ষত প্ৰস্তৰ যুগত মানৱ বিৱৰ্তনৰ ধাৰাসমূহ অধ্যয়ন কৰিবলৈ যাওতে এটা অতিকৈ উচ্চাৰিত নাম হল ৰবাৰ্ট ব্ৰুছ ফ'টে । এইজন ব্ৰিটিছ ভূ-বিজ্ঞানীয়ে ১৮৬৩ চনৰ ৩০ মেত মাদ্ৰাজৰ পল্লভৰম গাঁৱত প্ৰথম এক প্ৰাক-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে । অৱশ্যে এই আৱিস্কাৰৰ বহু পূৰ্বে ১৮৪২ চনত প্ৰাইমৰ'জ কৰ্ণাটকৰ ৰাইচুৰ জিলাৰ লিংগসুগুৰ নামৰ স্থানত আৰু আন এজন ব্ৰিটিছ পুৰাতত্ত্ববিদ জন ইভানছে ১৮৫৩ চনত মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ তীৰত শিলৰ আহিলা উদ্ধাৰ কৰিছিল বুলি জনা যায় । কিন্তু ভূ-বিজ্ঞানী ফ'টেই তেওঁৰ জীৱনকালত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত কৰা পুৰাতাত্ত্বিক খনন আৰু অন্বেষণৰ জৰিয়তে ভাৰতীয় প্ৰস্তৰ যুগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।
প্ৰকৃতঅৰ্থত ৰবাৰ্ট ব্ৰুছ ফটে আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী । তেওঁ আছিল একাধাৰে এজন ভূ-বিজ্ঞানী, পুৰাতত্ত্বিদ, নৃতত্ত্বিদ, সংগ্ৰাহক তথা গৱেষক । ১৮৩৪ চনৰ ২২ ছেপ্তেম্বৰত ইংলেণ্ডত তেওঁৰ জন্ম আৰু ১৯১২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ৭৮ বছৰ বয়সত কলিকতাত তেখেতৰ মৃত্যু হৈছিল । তেওঁ পল্লভৰমৰ পৰা উদ্ধাৰ কৰা প্ৰাক-ঐতিহাসিক শিলৰ আহিলাটি আছিল এক হাত-কুঠাৰ । এই ঘটনাৰ প্ৰায় ৪ মাহৰ পাছত ১৮৬৩ চনৰ ২৮ ছেপ্তেম্বৰত পুনৰাই ফটে আৰু তেোঁৰ ঘনিষ্ঠ বন্ধু ইউলিয়াম কিংয়ে মাদ্ৰাজৰ তিৰুভল্লুৰ জিলাত আৰু কৰ্টালায়াৰ নদীৰ উপকন্ঠৰ আতিৰামপক্কম ত অধিক প্ৰাক-ঐতিহাসিক শিলৰ আহিলা উদ্ধাৰ কৰে । ফৰাছী বিজ্ঞানীৰ এটি দলে এই সঁজুলিসমূহ গৱেষণাৰ জৰিয়তে আনুমানিক ১.৫ নিযুত বছৰৰ পূৰ্বে ব্যৱহাৰ হৈছিল বুলি ঠাৱৰ কৰিছে ।
Type: Apurba Kakati
Author- Ali rani Kakati ( Ba in History Major)
Post ID : DABP005395