Chapter 3

খাদ্য উপাদন পদ্ধতিৰ আৰম্ভণ

(The advent of food production) 



MODEL QUESTION & ANSWER


অতি চমু প্ৰশ্নঃ

১। কোন যুগত মানৱে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী জীৱন নিৰ্বাহ প্ৰণালীৰ আৰম্ভণি ঘটায় ?

উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানৱে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী জীৱন-নিৰ্বাহ প্ৰণালীৰ আৰম্ভণি ঘটায় । 


২। কোন যুগত ধাতুবিদ্যাৰ বিকাশ আৰম্ভ হয় ? 

উত্তৰঃ তাম্ৰপ্ৰস্তৰ যুগত ধাতুবিদ্যাৰ বিকাশ আৰম্ভ হয় । 


৩। ইংৰাজী ভাষাৰ 'Neolithic' শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ ইংৰাজী ভাষাৰ Neolithic শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে । 

৪। Neolithic শব্দটো কোনে প্ৰথমে প্ৰচলন ঘটাইছিল ? 

উত্তৰঃ  Neolithic শব্দটো ইংলেণ্ডৰ চাৰ জন লুবকে পোনপ্ৰথমে প্ৰচলন ঘটাইছিল । 


৫। নৱপ্ৰস্তৰ যুগত কেনেকুৱা আকৃতিৰ শিলৰ কুঠা পোৱা গৈছে ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগত ইংৰাজী U বা V আকৃতিৰ শিলৰ কুঠা পোৱা গৈছে । 

চমু প্ৰশ্নঃ


১। উত্তৰ-পূৰ্বাঞ্চলত নৱ প্ৰস্তৰ যুগৰ সংস্কৃতিৰ দুটা মূল বিশেষত্ব লিখা ।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলত নৱপ্ৰস্তৰ যুগৰ সাংস্কৃতিৰ দুটা মূল বিশেষত্ব হল 

নিৰ্মাণ পৰম্পৰা আৰু ৰছীৰ চাপ থকা মাটিৰ পাত্ৰৰ অৱস্থিতি । 


২। তাম্ৰ প্ৰস্তৰ যুগৰ কৃষিজাত শস্য সমূহ কি কি আছিল ?

উত্তৰঃ  তাম্ৰপ্ৰস্তৰ যুগৰ কৃষিজাত শস্যসমূহ হল ধান, ঘেঁহু, যৱ আদি ।


৩। তাম্ৰ প্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা দুটা ধাতুৰ নাম লিখা ।

উত্তৰঃ তাম্ৰপ্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা দুটা ধাতুৰ নাম হল 

ক) তাম ।

খ) ব্ৰঞ্জ । 


৪। ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম ক'ত আৰু কেতিয়া উদ্ধাৰ হয় লিখা ।

উত্তৰঃ ভাৰতবৰ্ষত তামৰ আহিলাৰ ভাণ্ডাৰ প্ৰথম উদ্ধাৰ হৈছিল ১৮২২ খ্ৰীষ্টাব্দত উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ বিথুৰৰ পৰা । 

চমুটোকাঃ

১। তাম্ৰ প্ৰস্তৰ যুগ ।

উত্তৰঃ  ইংৰাজী Chalcolithic শব্দটো গ্ৰীকভাষাৰ Khalkos তাম আৰু Lithos বা শিলৰ পৰা আহিছে । তাম্ৰপ্ৰস্তৰ যুগক লেটিন ভাষাত তামৰ প্ৰতিশব্দ পৰা অহা বুলিও জনা যায় । বহুক্ষেত্ৰত তাম্ৰ্ৰ প্ৰস্তৰ যুগক নৱপ্ৰস্তৰ যুগৰে এটা অংশ হিচাপেও বিবেচনা কৰা হয় । নৱপ্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ এক যোগসূত্ৰৰূপে তাম্ৰ্ৰ প্ৰস্তৰ যুগক চিহ্নিত কৰা হয় । এই যুগৰ ধাতু শিল্প বিশেষতঃ তামৰ প্ৰভূত্ব আছিল । ১৮৮১ চনত ইংলেণ্ডৰ জন ইভানছ এ প্ৰথমবাৰলৈ তামক ব্ৰঞ্জৰ পূৰ্বসুৰীৰূপে চিনাক্ত কৰি তাম্ৰযুগ  আৰু ব্ৰঞ্জ যুগৰ মাজত বিভাজন আনিছিল । 

ধাতুৰ ভিতৰত মানৱে প্ৰথম ব্যৱহাৰ কৰিছিল তাম । তাম্ৰপ্ৰস্তৰ যুগত মানৱে তাম আৰু শিলৰ আহিলা একেসময়তে ব্যৱহাৰ কৰিছিল । শিলৰ পৰা ধাতুলৈ মানৱ সংস্কৃতিৰ উত্তৰণৰ প্ৰক্ৰিয়া আছিল ধীৰ অথচ ক্ৰমানুগত । তদুপৰি প্ৰাৰম্ভিক ধাতু আৰু নৱপ্ৰস্তৰ যুগৰ আহিলাৰ মাজত যথেষ্ট সাদৃশ্য থকা দেখা যায় ।  কিন্তু ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ধাতুৰ আৰম্ভণিৰ ক্ষেত্ৰত কোনো সামঞ্জস্যতো পৰিলক্ষিত নহয় । এই সময়ত মানৱে পশুপালন আৰু কৃষিকাৰ্যৰ যোগেদি জীৱন-যাপন কৰিছিল । কৃষিকাৰ্যৰ ক্ষেত্ৰত তাম্ৰপ্ৰস্তৰ যুগত মানৱ যথেষ্ট আগবাঢ়ি গৈছিল ভাৰতীয় উপমহাদেশত খ্ৰীষ্টপূৰ্ব ৩০০০ মানৰ পৰাই তাম ব্যৱহাৰৰ প্ৰমাণ পোৱা যায় । 

তাম্ৰপ্ৰস্তৰ যুগৰ সংস্কৃতি আছিল মূলতঃ গ্ৰামীণ সংস্কৃতি । ইয়াত অৱশ্যে নগৰীকৰণ আৰম্ভণিৰ প্ৰমাণ পোৱা যায় । তাম্ৰপ্ৰস্তৰ যুগৰ প্ৰায়বোৰ স্থল হৰপ্পা সভ্যতাৰ সমসাময়িক বা তাৰো পাছৰ আছিল । 

২। মালৱ সংস্কৃতি ।

উত্তৰঃ  মালৱ সংস্কৃতি মূলতঃ নৰ্মদা নদীৰ আৰু ইয়াৰ উপনদীসমূহ কেন্দ্ৰ কৰি গঢ়ি উঠিছিল । এই সংস্কৃতি মধ্যভাৰতৰ  এই সংস্কৃতি মধ্যভাৰতৰ অন্যতম প্ৰধান তাম্ৰপ্ৰস্তৰ সংস্কৃতি । এই সংস্কৃতি প্ৰথম উদ্ধাৰ হয় মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰৰ পৰা যাক পুৰাণত উল্লেখিত মহিশমতি ৰূপে চিনাক্ত কৰা হৈছে । এই সংস্কৃতিৰ উল্লেখযোগ্য উদাহৰণ হল নভদাটলী, এৰান, নাগদা, মহেশ্বৰ ইত্যাদি । 

খ্ৰীষ্টপূৰ্ব ১৯০০-১৪০০ৰ ভিতৰত মালৱ সংস্কৃতিয়ে প্ৰসাৰতা লাভ কৰিছিল । মালৱ সংস্কৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে মালৱ বা ক্ৰীম বা বাফ বা পৃষ্ঠত কলা বা গাঢ় মুগা বৰণীয়া ৰেখাচিত্ৰ খোদিত থাকে ।  এৰান আৰু নাগদাত ডাঙৰ দেৱাল পোৱা গৈছে । বাসিন্দাসকলে ইকৰা আৰু বোকা মাটিৰে নিৰ্মাণ কৰা ঘৰত বাস কৰিছিল । নাগদাত কেঁচা ইটা আৰু পোৰা ইটাৰ ব্যৱহাৰ দেখা যায় । কেইবাটাও কোঠালিৰ ঘৰ আৰু চৌকাও পোৱা গৈছে । নাগদাত মূলপথ আৰু উপপথৰ কাষত শাৰী-শাৰীকৈ বাসগৃহ নিৰ্মাণ কৰাৰ তথ্য পোৱা গৈছে । মালৱ সংস্কৃতিৰ অৰ্থনীতিৰ মূল আছিল কৃষি পশুপালন আৰু চিকাৰ । তেওঁলোকে শিলৰ আহিলাৰ লগতে তামৰ সঁজুলিৰ সৈতে অভ্যস্ত আছিল । তামৰ কুঠাৰ, বটালি, কাঁড়ৰ টুপ আদি আহিলাৰ উপৰিও তামৰ মণি, খাৰু আদি উদ্ধাৰ হৈছে । তেওঁলোকে ৰবি আৰু খাৰিফ শস্যৰ কৃষিকাৰ্য কৰাৰ উপৰিও বিভিন্ন জন্তুৰ পশুপালনেৰে জড়িত আছিল । মালৱ সংস্কৃতিৰ সাৰুৱা কলা-ভূমিয়ে কৃষিকাৰ্যৰ বাবে পৰ্যাপ্ত সুবিধা আগবঢ়াইছিল ।  ধান ঘেঁহু, যৱ আদি খাদ্য-শস্য ৰূপে গেৰহণ আৰু গৰু, ছাগলী আৰু ভেড়াপালনৰ প্ৰমাণ পোৱা যায় । মাছ, কাছ, তথা হৰিণ, কৃষ্ঞমৃগ, নীলগাই আদিৰ হাড়ৰ অৱশেষে প্ৰমাণ কৰে যে মাছ ধৰা আৰু চিকাৰ অৰ্থনীতিৰ বিভিন্ন অংগ আছিল । 


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰবৰ্ষত নৱ প্ৰস্তৰ যুগৰ বিকাশ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ ভাৰতীয় উপমহাদেশত অঞ্চল বিশেষে প্ৰাপ্ত নৱপ্ৰস্তৰ যুগৰ তথ্যত বিবিধতা পৰিলক্ষিত হয় । উত্তৰ বিন্ধ্য অঞ্চলকে ধৰি কিছুমান অঞ্চলত নৱপ্ৰস্তৰ যুগৰ সংস্কৃতি মধ্যপ্ৰস্তৰ যুগৰে উত্তৰণ যদিও আন কোনো অঞ্চল, যেনে উত্তৰ-পশ্চিম ভাৰতত মানৱ সমাজ আৰম্ভ হৈছে নৱপ্ৰস্তৰ যুগৰ পৰাহে । আকৌ কিছুমান অঞ্চল সম্পূৰ্ণৰূপে নৱপ্ৰস্তৰ যুগৰ স্বাক্ষৰ বহনকাৰী স্থান যদিও আন কিছুমানত নৱপ্ৰস্তৰ যুগ আৰু তাম্ৰপ্ৰস্তৰ যুগৰ সাংস্কৃতিক উপাদান উপৰা-উপৰি হোৱা পৰিলক্ষিত হয় । নৱপ্ৰস্তৰ যুগৰ মৌলিক উপাদানৰ লগতে এনে অঞ্চলত ধাতু, বিশেষকৈ তামৰ বহুল প্ৰচলন হোৱা দেখা যায় । 

ভাৰতীয় উপমহাদেশৰ  পৰা পোনপ্ৰথমবাৰৰ বাবে ঘেঁহু আৰু যৱ ধানৰ খেতিৰে ভেড়া আৰু ছাগলীৰ পশুপালনসহ এক স্থায়ী কৃষিজীৱী মানৱ জীৱনৰ প্ৰমাণ বেলুচিস্তানৰ অন্তৰ্গত বলান  নদীৰ উপকন্ঠৰ মেহৰগড়ৰ পৰা পোৱা যায় । .পুৰাতাত্ত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ এই স্থানত প্ৰথম খননকাৰ্য চলিছিল । সেই একেদৰে মেহৰগড়ত প্ৰায় ২০০ হেক্টৰ জোৰা এক বিস্তৃত অঞ্চলত প্ৰাপ্ত পুৰাতাত্ত্বিক সমলৰ অধ্যয়নে ভাৰতীয় উপমহাদেশত মানৱ জীৱনৰ বিকাশৰ বহুতো অজ্ঞাত তথ্য পোহৰলৈ অনাত সহায় কৰিছে । এই স্থানত ১৯৭৪ চনৰ পৰা ১৯৮৫ চনলৈ আৰু ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ পুৰাতাত্ত্বিক খননকাৰ্য চলিছিল । খ্ৰীষ্টপূৰ্ব ৭০০০ বছৰৰ পূৰ্বৰ পৰা বিভিন্ন সময়ৰ মানৱ জীৱন বিকাশৰ কাহিনী ব্যাখ্যা কৰা মেহৰগড়ে খ্ৰীষ্টপূৰ্ব ২৬০০লৈ কেইবাটাও পৰ্যায় মানৱ বসতিৰ প্ৰমাণ পোৱা যায় । ইয়াৰ প্ৰথম যুগলৈকে চিকাৰ আৰু খাদ্যসংগ্ৰহৰ পৰা জীৱন-নিৰ্বাহৰ বাবে মানৱৰ পশুপালন আৰু কৃষিকাৰ্যত বৰ্দ্ধিত নিৰ্ভৰশীলতাৰ তথ্য পোহৰলৈ আহে । দ্বিতীয় যুগত হস্তনিৰ্মিত আৰু চাকত নিৰ্মাণ কৰা মাটিৰ পাত্ৰ আৰু তৃতীয় যুগত ডাঙৰ সমাধিক্ষেত্ৰৰ লগতে এক হাৰত চাকত নিৰ্মিত অংকন কৰা পাত্ৰ, পোৰা মাটিৰ বলদ গৰু, তামৰ অৱশেষ, মূল্যৱান শিল, লেপিজ লজোলি, কাৰ্নেলিয়ন, টাৰকইজ, এগেট আদিৰ অলংকাৰ উদ্ধাৰ হৈছে ।  চতুৰ্থ যুগৰ পৰা মেহৰগড়ৰ আৱাসস্থলৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে বাঢ়ি অহা কৃষিকাৰ্য আৰু কলাত্মক কাৰ্যকলাপৰ আভাস পোৱা যায় । ইতিহাসবিদৰ মতে মেহৰগড়ৰ চতুৰ্থ যুগৰ কাষৰীয়া সিন্ধু সভ্যতাৰ স্থান নৌচাৰোৰ আৰম্ভণিৰো পৰ্বৰ ।

Author- Ali rani Kakati ( Ba in History Major) 





Post ID : DABP005396