Chapter 5

পৰিৱৰ্তনৰ ধাৰাত সংস্কৃতি 

(Cultures is Transition) 

MODEL QUESTION & ANSWER 

অতি চমু প্ৰশ্নঃ

১। India's Ancient Past গ্ৰন্থখন কাৰ ৰচনা ?

উত্তৰঃ-  India's Ancient past গ্ৰন্থখন ইতিহাসবিদ ৰামচৰণ শৰ্মাৰ ৰচনা । 

২। ইউৰোপীয় সূত্ৰটো কোনে প্ৰচলন কৰিছিল ?

উত্তৰঃ  চাৰ ডব্লিউ জ'নছে ১৭৮৬ খ্ৰীঃত ইউৰোপীয় সূত্ৰটো প্ৰচলন কৰিছিল । 

৩। মধ্য় এছীয় সূত্ৰটো কোনে বিকাশ ঘটাইছিল ?

উত্তৰঃ মধ্য-এছীয় সূত্ৰটো সমাজতত্ত্ববিদ মেক্সমূলাৰে বিকাশ ঘটাইছিল । 

৪। তিব্বতীয় সূত্ৰৰ প্ৰবক্তা কোন ?

উত্তৰঃ তিব্বতীয় সূত্ৰৰ প্ৰবক্তা হল স্বামী দয়ানন্দ সৰস্বতী । 

৫। দ্ৰাবিণ কি ?

উত্তৰঃ-   দ্ৰাবিণ হল দ্ৰাবিড়ীয় লোকসকল । 

৬। কেতিয়া অজাতশক্ৰৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ-খ্ৰীষ্টপূৰ্ব ৪৬১ বৰ্ষত অজাতশত্ৰুৰ মৃত্যু হৈছিল । 

৭। নন্দ বংশৰ শেষ ৰজা কোন আছিল ?

উত্তৰঃ নন্দ বংশৰ শেষ ৰজা আছিল ধননন্দ । 

৮। জৈন ধৰ্মৰ মূল তত্ত্ব কি ?

উত্তৰঃ জৈনধৰ্মৰ মূল তত্ত্ব হল জীৱ বা আত্মাৰ মুক্তি  । 

চমু প্ৰশ্ন ঃ

১। সংগম যুগ বুলিলে কি বুজা ? 

উত্তৰঃ যি সময়ত সংগম সাহিত্যৰ বিকাশ হৈছিল সেই সময়খিনিকে সংগম যুগ বুলি কোৱা হয়। 

২। সংগম যুগৰ প্ৰধান কেন্দ্ৰস্থল ক'ত ক'ত আছিল ? 
উত্তৰঃ-  

৩। সংগম যুগৰ দুখন মহাকাব্য় নাম লিখা ।
উত্তৰঃ- সংগম যুগৰ দুখন মহাকাব্য হল 
ক) টোলকাপিয়ম ।
খ) নাৰীন্নাই । 

৪। মহাজনপদ বুলিলে কি বুজা ।
উত্তৰঃ-   

৫। মগধৰ উত্থানৰ দুটা কাৰণ উল্লেখ কৰা । 
উত্তৰঃ মগধৰ উত্থানৰ দুটা কাৰণ হল 
ক) মগধ আৰু ইয়াৰ আশে-পাশে ধলভূম -সিংহভূম অঞ্চলত থকা প্ৰচুৰ খনিজ সম্পদ মূলতঃ লো আৰু তামৰ খনিয়ে দেশখনক অধিক উ ৎপাদনৰ পৰা যুদ্ধ-বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল ।
খ) নদীমাতৃক ৰাজ্য মগধে আন্তঃ আৰু বহিঃ বাণিজ্যত শক্তিশালী ভূমিকা পালন কৰিছিল । 

৬। মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটা কি কি ? 
উত্তৰঃ- মগধত ৰাজত্ব কৰা ৰাজবংশ তিনিটা সেইকেইটা হল 
ক) হৰ্ষাংক বংশ ।
খ) শিশুনাগ বংশ ।
গ) নন্দ বংশ । 
চমুটোকা ঃ 

১।  অশ্বক বা অশ্মক । 
উত্তৰঃ গোদাবৰী নদীৰ পাৰত অশ্বক বা অশ্মক কাজ্য অৱস্থিত আছিল । ইয়াৰ ৰাজধানী পোতলি বা পোদন । বৰ্তমান অন্ধপ্ৰদেশৰ বোধন নামৰ ঠাইৰ লগত এই পোদন চিনাক্ত কৰা হৈছে । বায়ুপুৰাণৰ পৰা জনা যায় যে  ইক্ষবাকুসকলৰ এটা ঠালে ইয়াত শাসন কৰিছিল । জাতকত অৰুণ নামৰ অশ্মক ৰজা এজনৰ নামো উল্লেখ পোৱা যায় । মন্ত্ৰী নন্দীসেনৰ সাহায্যত তেওঁ কলিংগ জয় কৰিছিল । দক্ষিণ ভাৰতৰ দিশলৈ অশ্মকেই সমসাময়িক কালত শেষ ৰাজ্য আছিল । ইয়াৰ সিপাৰে বৰ্তমানৰ তামিলনাডু, কৰ্ণাটক আৰু কেৰেলাত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ৰাজ্য উদ্ভৱ হোৱাৰ তথ্য পোৱা নাযায় ।


২। নন্দ বংশ । 
উত্তৰঃ  আনুমানিক খ্ৰীষ্টপূৰ্ব ৩৬৪ বৰ্ষত শিশুনাগ বংশ পতন ঘটাত তাৰ ঠাইত নন্দবংশৰ উত্থান হৈছিল । পুৰাণসমূহৰ মতে প্ৰথম নন্দ ৰজা আছিল মহাপদ্ম বা মহাপদ্মপতি । বৌদ্ধ সাহিত্য মহাবংশত  তেওঁক উগ্ৰসেন বুলি উল্লেখ কৰিছে । নন্দবংশৰ ৰজাসকল সমাজৰ নিম্নস্তৰৰ লোক আছিল বুলি জৈনগ্ৰন্থ পৰিশিষ্টপাৰ্বণত পোৱা পায় । মহাপদ্মনন্দৰ উত্তৰাধিকাৰীসকলৰ  বিষয়ে সবিশেষ তথ্য পোৱা নাযায় । মহাপদ্মৰ পুত্ৰসকলে মুঠতে বাৰবছৰ ৰাজত্ব কৰিছিল ।  বৌদ্ধগ্ৰন্থ মহাবোধিবংশত শেষ নন্দবংশৰ ৰজাজনৰ নাম ধননন্দ আছিল বুলি উল্লেখ কৰা হৈ আছে । আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত নন্দৰাজ ধননন্দৰ সেনাবাহিনীত ২০,০০০ অশ্বাৰোহী, ২,০০০,০০০ লাখ পদাতিক আৰু ২০০ খন ৰথ, আৰু ৩,০০০ হস্তী বাহিনী আছিল বুলি গ্ৰীক পণ্ডিতসকলে উল্লেখ কৰি গৈছে । 
সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৩২১ বৰ্ষত  নন্দবংশৰ অৱসান ঘটিছিল । ভাৰতৰ ইতিহাসত নন্দ ৰাজবংশৰ গুৰুত্ব অপৰিসীম আছিল । বিম্বিসাৰ , অজাতশত্ৰু আৰু শিশুনাগে মগধক যি অধিক আঞ্চলিক পৰিসৰ প্ৰদান কৰাৰ সপোন দেখিছিল সেয়া বাস্তবায়িত হৈছিল নন্দবংশৰ ৰাজত্বকালত । সাম্ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদো নন্দসকলে গঢ় দিছিল । ৰাজনীতি, দেশ পৰিচালনা, দেশ প্ৰতিৰক্ষাৰ, সাম্ৰাজ্যবাদ আদি বিষয়বোৰ যে বৰ্ণভিত্তিক নহয় সেই কথাও নন্দসকলে প্ৰতিষ্ঠা কৰি লৈছিল । 

৩। মহাবীৰ । 
উত্তৰঃ  খ্ৰীষ্টপূৰ্ব ৫৪০ ত বৈশালীৰ উপকন্ঠ অঞ্চল কুণ্ডগাঁৱত এক অভিজাত পৰিয়ালত মহাবীৰৰ জন্ম হৈছিল । মহাবীৰৰ আচল নাম আছিল বৰ্ধমান । কল্পসূত্ৰ, ভাগৱতীসূত্ৰ আদি জৈন গ্ৰন্থসমূহত মহাবীৰৰ জীৱন বৃত্তান্ত পোৱা যায় । তেওঁৰ পিতৃ সিদ্ধাৰ্থ জ্ঞাতৃক নামৰ ক্ষত্ৰিয় গোষ্ঠীৰ মুখিয়াল আছিল । মাক আছিল লিচ্ছবী পৰিয়ালৰ কন্যা ত্ৰিশালা আৰু পত্নী আছিল যশোদা আৰু কন্যা অণজ্জা বা প্ৰিয়দৰ্শনা । পিতৃ-মাতৃ বিয়োগৰ পিছত ত্ৰিশ বছৰ বয়সত অগ্ৰজ নন্দিবৰ্মনৰ অনুমতি লৈ বৰ্ধমানে সংসাৰ ত্যাগ কৰি প্ৰচণ্ড শীতক নেওচি পৰিধান বস্ত্ৰ বিসৰ্জন দি দিগম্বৰ পৰিব্ৰাজকৰ জীৱন আকোঁৱালি লৈছিল । বাৰ বছৰ কঠোৰ সাধনাৰ অন্তত ঋজুপালিকা নদীৰ তীৰৰ জম্ভিক গাঁৱৰ কাষৰ এক শালগছৰ তলত ধ্যান কৰি কেৱল জ্ঞান লাভ কৰিছিল । এই জম্ভিক গাঁৱৰ ভৌগোলিক অৱস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতবিৰোধ আছে । মহাবীৰে উত্তৰ ভাৰতৰ চম্পা, বৈশালী, ৰাজগৃহ, মিথিলা, শ্ৰাৱস্তী, পাবাপুৰী আদি ঠাই পৰিভ্ৰমণ কৰি জৈনধৰ্ম প্ৰচাৰ কৰিছিল । মগধৰ ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুৱে মহাবীৰৰ কাৰ্যত পৃষ্ঠপোষকতা আগবঢ়াইছিল । সুদীৰ্ঘ বিয়াল্লিছ বছৰ জৈন ধৰ্ম প্ৰচাৰ কৰি খ্ৰীষ্টপূৰ্ব ৪৬৮ বৰ্ষত বাসত্তৰ বছৰ বয়সত পাটনা জিলাৰ পাবাপুৰীত তেওঁৰ দেহাৱসান ঘটে । 
 


৪। বৌদ্ধ ধৰ্ম । 
উত্তৰঃ-বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ । গৌতমৰ পিতৃৰ নাম আছিল শুদ্ধোধন । শুদ্ধোধন আছিল উত্তৰ প্ৰদেশৰ উত্তৰে আৰু নেপালৰ দক্ষিণে থকা প্ৰজাতান্ত্ৰিক শাক্য জনগোষ্ঠীৰ মূৰব্বী আৰু সেইসূত্ৰে গৌতম আছিল ক্ষত্ৰিয়সকলৰ বংশজাত । খ্ৰীষ্টপূৰ্ব ৫৬৬ বৰ্ষত গৌতম বুদ্ধৰ জন্ম হৈছিল ।  সংসাৰৰ দুখ-যন্ত্ৰণা দেখি ৰাজকুমাৰৰ দৰে জীৱন-যাপন কৰা গৌতমে এসময়ত দুখ-যন্ত্ৰণাৰ পৰা মানুহৰ মুক্তিৰ অনুসন্ধান কৰিলে আৰু পৰিয়াল পৰিজন আত্মীয়-স্বজন এৰি সন্ন্যাসী হৈ প্ৰায় ৬ বছৰ কাল ঘুৰি ফুৰিছিল । কিন্তু সন্ন্যাসতত্ত্বই তেওঁৰ মনৰ প্ৰশ্নসমূহৰ সমাধান আনিব নোৱাৰাত গৌতমে পিছৰ পৰ্যায়ত গভীৰ তপস্যাত ব্ৰতী হল আৰু এই তপস্যাৰে ৪৯ তম দিনত বিহাৰৰ গয়াৰ কাষৰ উৰুবিম্ব নামৰ ঠাইত মহাজ্ঞান বা পৰমসত্য লাভ কৰিলে আৰু বুদ্ধ বা জ্ঞানী নামেৰে তেওঁ জনাজাত হৈ পৰিছিল । গৌতমে যি ঠাইত এই জ্ঞান লাভ কৰিছিল, তেতিয়াৰ পৰা সেই ঠাইৰ নাম হল বোধগয়া । আৰু যিজোপা বটগছৰ তলত বহি তেওঁ এই মহাতপস্যা আৰম্ভ কৰিছিল সেই গছৰ নাম হল বোধিবৃক্ষ । জ্ঞানলাভ  কৰি বুদ্ধই তেওঁ লাভ কৰা পৰম সত্যৰ কথা প্ৰথম প্ৰচাৰ কৰে বিহাৰৰ সাৰনাথত । ইয়াৰ পিছৰ প্ৰায় ৪৫ বছৰ কাল তেওঁ ধৰ্ম প্ৰচাৰ কৰি ৮০ বছৰ বয়সত খ্ৰীষ্টপূৰ্ব ৪৮৩ ত কুশীনগৰত দেহত্যাগ কৰিছিল । 

৫। চোল ৰাজ্য । 
উত্তৰঃ-  সংগম সময়ৰ উল্লেখনীয় শাসক বংশৰ ভিতৰত চোলসকল অন্যতম । পেনাৰা আৰু ভেলাৰু নদীৰ মধ্যৱৰ্তী  অংশত গঢ়ি উঠা এই ৰাজ্যৰ ৰাজধানীবোৰ আছিল ক্ৰমে উত্তৰ মান্তুৰ , উৰায়ুৰ আৰু তাঞ্জোৰ । 
চোলসকল চোলমণ্ডলম বা কৰমণ্ডল অঞ্চলত ব্যৱসায়-বাণিজ্যৰ সমৃদ্ধিৰ যোগেদি বসবাস কৰিছিল । 
কাৰিকল চোলসকলৰ উল্লেখযোগ্য ৰজা আছিল । ১৯০ খ্ৰীঃত তেওঁ পৰম প্ৰতাপেৰে ৰাজত্ব কৰিছিল । যি ভেনীৰ যুদ্ধত ১১ জন শাসকৰ মিত্ৰজোটক পৰাজিত কৰাৰ উপৰিও বাহাইপাৰানদালাই নামৰ ঠাইত ৯ জন ৰজাক পৰাভূত কৰি হিমালয় পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰিছিল । তেওঁৰ ৰাজ্যৰ আৰ্থ-সামাজিক স্থিতি বিশেষকৈ কৃষিক্ষেত্ৰৰ উন্নতিত গুৰুত্ব আৰোপ কৰিছিল । তেওঁ জলসিঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ উপৰিও বনাঞ্চল মোকলাই কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাইছিল । পৰৱৰ্তী চোল শাসকসকলো বল-বিক্ৰমত অদ্বিতীয় আছিল । শ্ৰী লংকা পৰ্যন্ত তেওঁলোকৰ গৰিমাৰ প্ৰসাৰ ঘটিছিল । 

ৰচনাধৰ্মী প্ৰশ্ন ঃ 
১। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰসাৰৰ কাৰণসমূহ আলোচনা কৰা । 
উত্তৰঃ-  জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰসাৰৰ কাৰণসমূহ হল 

ক) বৰ্ণপ্ৰথা ঃ বৈদিক সমাজখন চাৰিটা বৰ্ণত ভাগ কৰা আছিল । এই সমাজত ব্ৰাহ্মণসকলে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰিছিল । সেইকাৰণে এই  সমাজত থকা বাকী তিনিটা বৰ্ণই কতো আগভাগ লোৱাৰ সুবিধা পোৱা নাছিল । এইকাৰণে সমাজখনত বৰ্ণবৈষম্য ভাবৰ সৃষ্টি হৈছিল । আনহাতে , ক্ষত্ৰিয় বা ৰজাসকলে ৰাজ্য আৰু সৈন্যবাহিনী পৰিচালনা কৰিছিল । তথাপি তেওঁলোকৰ স্থান ব্ৰাহ্মণসকলৰ তলত আছিল । সেয়েহে তেওঁলোকৰ মাজৰ এচামে পৰিৱৰ্তনশীল মনোভাৱৰ দ্বাৰা ব্ৰাহ্মণসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল । জৈনধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ আৰু বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ ক্ষত্ৰিয় আছিল আৰু তেওঁলোকৰ বৈদিক পৰম্পৰাৰ ওপৰত কোনো বিশ্বাস নাছিল । 

খ) অৰ্থনৈতিক কাৰণ ঃ জৈনধৰ্ম আৰু বৌদ্ধধৰ্ম প্ৰসাৰৰ মূল কাৰণ আছিল অৰ্থনৈতিক । আৰ্যসকল প্ৰথমে  পশুপালনৰ সৈতে জড়িত আছিল ।  পিছলৈ তেওঁলোকে কৃষিকাৰ্যৰ লগত জড়িত হৈছিল । বৈদিক নিয়মবোৰৰ ভিতৰত পশুবলিও অন্তৰ্গত আছিল । যেতিয়ালৈকে আৰ্যসকল পশুপালনৰ লগত জড়িত আছিল তেতিয়ালৈ বহু পশু লগত ৰাখিছিল আৰু তাৰে মাজৰ কিছুমানক বলি দিছিল । কিন্তু কৃষিৰ লগত জড়িত হোৱাৰ পিছত তেওঁলোকে খেতিৰ প্ৰতি আকৃষ্ট হল আৰু পশুপালনৰ সংখ্যা কমাই দিছিল । ৱগতে খেতিৰ বাবে তেওঁলোকে বলধজাতীয় পশুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হল । সেইবাবে তেওঁলোকৰ পোহনীয়া জন্তুবোৰ তেওঁলোকৰ কাৰণে অধিক মূল্যৱান হৈ পৰিছিল । বৈদিক নিয়ম অনুসৰি এতিয়া পশুবলি দিয়াটো তেAXলোকৰ কাৰণে কঠিন হৈ পৰিছিল । সেয়েহে, লোকসকলে আন উপায় বিচাৰিব ধৰিলে বা সহজ ধৰ্মীয় পন্থাৰ প্ৰতি আকৃষ্ট হবলৈ ধৰিলে । 

গ) নগৰৰ বিস্তাৰঃ নগৰবোৰেই আছিল বাণিজ্যৰ কেন্দ্ৰ । বাণিজ্যৰ বিস্তাৰৰ লগে লগে বৈশ্যসকল যেনে কাৰিকৰ, ব্যৱসায় আদি লোকৰ গুৰুত্ব বাঢ়িব ধৰিছিল । কিন্তু বৈদিকভাৱে কৰা সমাজ বিভাজনত তেওঁলোকক তৃতীয় বৰ্ণৰ অন্তৰ্গত কৰা হৈছিল । সেয়েহে, তেওঁলোকে এনেকোৱা এটা ধৰ্ম বিচাৰিলে যে যত তেওঁলোক সামাজিকভাৱে উচ্চ হব পাৰে বা সমাজত নিজৰ পৰিচয় ভালদৰে দিব পাৰে । 
তৃতীয়তে শান্তিপূৰ্ণভাৱে যাতে ব্যৱসায় চলাই নিব পাৰে, তাৰ কাৰণেও বৈশ্য বৰ্ণৰ লোকসকলে ভাবিব ধৰিলে । সেই সময়তে মহাবীৰ আৰু গৌতম বুদ্ধই অহিংস বা শান্তিপূৰ্ণ সমাজৰ কথা কৈছিল । সেয়েহে বণিকসকল জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট হবলৈ ধৰিলে । 

ঘ) আন ভাগসমূহৰ প্ৰতিক্ৰিয়া ঃ কৃষিৰ প্ৰচলনৰ লগে লগে কিছুমান মানুহে বিশেষকৈ ৰাজ্যবোৰৰ ক্ষমতাশালী মানুহবোৰে নিজৰ ওচৰত অধিক ভূমি ৰখা আৰম্ভ কৰিছিল । তাৰবাবে কিছুমান ধনী হল আৰু কিছুমান দুখীয়া । সেয়েহে সমাজত সমতা নাইকিয়া হৈছিল । সমাজৰ কিছুমান শ্ৰেণীৰ লোকে এনেকোৱা বৈষম্য ভালপোৱা নাছিল । তেওঁলোকে্ আগৰ সমাজ ব্যৱস্থালৈ উভতি যাব বিচাৰিছিল । তেনেস্থলত জৈনধৰ্ম আৰু বৌদ্ধধৰ্ম উভয়ে সাধাৰণ জীৱন-যাপনৰ উপদেশ দিছিল ।  যিবিলাক মানুহে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত নিজকে খাপ খুৱাব পৰা নাছিল , তেওঁলোকে জৈনধৰ্ম আৰু বৌদ্ধধৰ্মক আকোৱালি লৈছিল । 

জৈনধৰ্ম ঃ জিন শব্দৰ পৰা অহা উদ্ভৱ হৈছে । কাম , ক্ৰোধ, আদি ৰিপুক জয় কৰা  জনেই হল জিন বা সিদ্ধপুৰুষ ।  জিনসকলৰ দ্বাৰা প্ৰচাৰিত ধৰ্মই ধৰ্মই হল জৈনধৰ্ম । জৈনধৰ্ম বৌদ্ধধৰ্মতকৈ কিছু পুৰণি । জৈন ধৰ্মত বা সাহিত্যত চৌবিশজন তীৰ্থাংকৰ বা ধৰ্মগুৰুৰ নাম পোৱা যায় । সংসাৰ সাগৰৰূপী তীৰ্থ যি তাৰণ বা পাৰ কৰিছে তেৱেই তীৰ্থাংকৰ । 

ক) পাৰ্শ্বনাথৰ জীৱন আৰু মত ঃ খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ ৰচনা ভৱদেৱসুৰীৰ পাশ্বনাথ চৰিতত পাৰ্শ্বনাথৰ জীৱন-বৃত্তান্ত পোৱা যায় । বাৰানসীৰ এক অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্শ্বনাথে ত্ৰিশবছৰ বয়সত সংসাৰ ত্যাগ কৰি তপস্যাৰ মাৰ্গ দৰ্শন কৰে । চৌৰাশীদিন তপস্যা কৰাৰ অন্তত তেওঁ কেৱল জ্ঞান লাভ কৰিছিল । সুদীৰ্ঘ সত্তৰ বছৰ তেওঁ উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত ধৰ্মমত প্ৰচাৰ কৰিছিল । তেওঁৰ মূলমত আছিল চতুযাম বা চাৰিটা বিধান-- অহিংসা, সুনৃত, অস্তেয় বা অপৰিগ্ৰহ । এই চাৰি বিধানৰ অৰ্থ আছিল ক্ৰমে জীৱহত্যা নকৰা, সত্যকথা কোৱা, দান গ্ৰহণৰ অধিকাৰ আৰু চুৰ নকৰা, আৰু আসক্তিৰ নিবৃত্তি । পাৰ্শ্বনাথে সাধু-সন্তসকলক শ্বেত বস্ত্ৰ পৰিধানৰ বিধান দিছে । এশবছৰ বয়সত সন্মেতশিখৰত  পাৰ্শ্বনাথে নশ্বৰ দেহত্যাগ কৰিছিল । 

খ) জৈনধৰ্মৰ মূল তত্ত্ব ঃ জৈনধৰ্মৰ মূল তত্ত্ব হল জীৱ বা আত্মাৰ মুক্তি । কৰ্মৰ বাবেই আত্মাৰ ভিতৰত নানা ধৰণৰ আকাংক্ষৰ জন্ম হয় । আকাংক্ষাৰ পৰিতৃপ্তিৰ বাবেই আত্মাই দেহ গঠন কৰে । এই জড় দেহ অসংখ্য পৰমাণুৰ সমষ্টি মাত্ৰ । পুদগল হৈছে এই পৰমাণু । মোক্ষ লাভ কৰিবলৈ হলে পুদগলৰ পৰা মুক্তি পাব লাগিব । সম্যক দৰ্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰ --- এই ত্ৰিৰত্নৰ অনুশীলনীৰ দ্বাৰা পুদগলৰ পৰা মুক্তি সম্ভৱ । সম্যক দৰ্শনৰ অৰ্থ শ্ৰদ্ধা আৰু বিশ্বাস, এই শ্ৰদ্ধা আৰু বিশ্বাস হল তীৰ্থাংকৰসকলৰ তত্ত্ব আৰু শিক্ষাৰ প্ৰতীক । তীৰ্থাংকৰসকল সম্যক জ্ঞানৰ আধাৰ । তেওঁলোকৰ উপদেশাৱলীৰ অধ্যয়ন আৰু অনুশীলনৰ দ্বাৰা সম্যক জ্ঞান অৰ্জন হয় । সম্যক জ্ঞানৰ আলোকেৰে জীৱন যাপনৰ নাম হল সম্যক চৰিত্ৰ । ইয়াৰ বাবে প্ৰয়োজন হয় পাচটা মহাব্ৰত-- অহিংসা, সুনৃত, অস্তেয়, অপৰিগ্ৰহ আৰু ব্ৰহ্মচৰ্যৰ । গৃহস্থীসকলৰ বাবে জৈন ধৰ্মত সুকীয়া আচৰণ বিধি আছে- অনুব্ৰত, গুণব্ৰত আৰু শিক্ষাব্ৰত । অনুব্ৰত হল পঞ্চ মহাব্ৰতৰ সহজ আৰু শিথিলৰূপ । ভোগলিপ্সা, পাপচিন্তা আৰু অধৰ্মকাৰ্যৰ পৰা বিৰত থকাৰ বাবে গুণব্ৰত বিধান কৰা হৈছে । তদুপৰি গৃহস্থীৰ প্ৰতি চাৰিটা বিশেষ বিধান আছে । 

গ) জৈনধৰ্মঃ বৌদ্ধধৰ্মৰ দৰে জৈন ধৰ্মতো সংঘ আছিল । সংঘ গঠন প্ৰক্ৰিয়া বোধহয় পাৰ্শ্বনাথৰ দিনৰ পৰাই আছিল । মহাবীৰে তাক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল । জৈন ধৰ্মত পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথককৈ সংগঠন আছিল । সংঘ পৰিচালনাৰ দায়িত্ব মহাবীৰে তেওঁৰ প্ৰধান শিষ্য বা গণধৰসকলৰ হাতত ন্যস্ত কৰিছিল । প্ৰতিজন গণধৰৰ  দায়িত্ব নিৰ্দিষ্ট আছিল ।
মহাবীৰৰ সময়ত জৈন ধৰ্ম প্ৰধানতঃ গংগা উপত্যকাতেই প্ৰচাৰিত হৈছিল । পিছৰফালে গুজৰাট আৰু ৰাজস্থানকে ধৰি পশ্চিম ভাৰত, উত্তৰ ভাৰতৰ কোনো কোনো অংশ আৰু দক্ষিণ ভাৰতলৈকে ই বিয়পি পৰিছিল । জৈন সাহিত্যসমূহৰ পৰা জনা যায় যে মৌৰ্য ৰজা চন্দ্ৰগুপ্তই জৈনধৰ্ম গ্ৰহণ কৰিছিল আৰু দক্ষিণৰ মহীশূৰত তেওঁ শেষ জীৱন অতিবাহিত কৰিছিল । 
ব্যৱসায় শ্ৰেণীৰ মাজত এই ধৰ্মই অধিক জনপ্ৰিয়তা লাভ কৰিছিল । কাৰণ অহিংসাৰ ওপৰত ইমানেই গুৰুত্ব  দিয়া হৈছিল যে কৃষকেই হওক বা শিল্পী কাৰিকৰেই হওক, সম্পূৰ্ণ অহিংসা মানি চলিব পৰাটো সম্ভৱ নাছিল । ফলত চহৰীয়া লোকৰ মাজতহে এই ধৰ্মৰ প্ৰসাৰণ ঘটিছিল । প্ৰয়োজনতকৈ অধিক সম্পত্তি ৰখাৰ নিয়ম এই ধৰ্মত নাছিল ।  তেওঁলোকে কৰ্মফল আৰু জন্মান্তৰবাদতো বিশ্বাস কৰিছিল । 

২। পুৰু আৰু হাইদাপাছৰ যুদ্ধৰ সম্পৰ্কে লিখা । 

উত্তৰঃ-  তক্ষশীলাৰ পৰাই আলেকজেণ্ডাৰে পুৰুৰ ওচৰলৈ দূত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ হেচা প্ৰয়োগ কৰিছিল । ঝিলাম আৰু চেনাব নদীৰ মধ্যৱৰ্তী অঞ্চলত পুৰুৰ ৰাজ্য আছিল । আলেকজেণ্ডাৰৰ প্ৰস্তাৱত পুৰু ৰাজী হোৱা নাছিল আৰু নিজ বাহুবলেৰে আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ মুখামুখি হোৱাৰ সিদ্ধান্ত হৈছিল । ইয়াৰ বাবে পুৰুৱে ৩০ হাজাৰ পদাতিক, ৪ হাজাৰ অশ্বাৰোহী , ৩০০ ৰথ আৰু ২০০ হাতীৰে এক বিশাল সৈন্য-বাহিনী যুদ্ধৰ বাবে প্ৰস্তুত কৰি ৰাখিছিল । খ্ৰীষ্টপূৰ্ব ৩২৬ ত পুৰু আৰু আলেকজেণ্ডাৰৰ মাজত ঝিলাম নদীৰ পাৰত হাইদাপাছৰ যুদ্ধ সংঘটিত হৈছিল । 
বৰ্ষাকাল আসন্ন বুলি জানিও আলেকজেণ্ডাৰে তক্ষশীলাত ৰৈ নাথাকিল । ফিলিপৰ নেতৃত্বত এদল সৈন্য তাতে ৰাখি আলেকজেণ্ডাৰে সসৈন্য দক্ষিণ-পূব হৈ অগ্ৰসৰ হৈ ঝিলাম বা হাইদাপাছ নদীৰ পাৰত উপস্থিত হল । নদীৰ সিটো পাৰে পুৰুৱেও সসৈন্যৰে আলেকজেণ্ডাৰৰ আক্ৰমণৰ অপেক্ষাত ৰৈ আছিল । আসন্ন বাৰিষাক নেওচি আলেকজেণ্ডাৰে প্ৰৱল বৰষুণৰ মাজতো পুৰুৰ ৰাজ্য আক্ৰমণ কৰিছিল ।  শীতকালতহে আলেকজেণ্ডাৰে আক্ৰমণ কৰিব পাৰে বুলি ভাবি থকা পুৰুৰ বাবে ই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে । আলেকজেণ্ডাৰে মূল বাহিনীক ক্ৰটেৰচৰ নেতৃত্বত পূৰ্ব স্থানতে ৰাখি নিজে মাত্ৰ ১১ হাজাৰ সৈন্যৰে এক অগ্ৰগামী দল লৈ প্ৰৱল বৰষুণৰ মাজত সকলোৱে অলক্ষিতে ১৯ কিলোমিটাৰ উত্তৰে ঝিলাম নৈ পাৰ হৈ পুৰুৰ ৰাজ্যত প্ৰৱেশ কৰিলে । পুৰুৰ জেষ্ঠ পুত্ৰই ২০০০ অশ্বাৰোহী আৰু ১২০ খন ৰথেৰে আলেকজেণ্ডাৰক বাধা দিবলৈ গৈ যুদ্ধক্ষেত্ৰত প্ৰাণ হেৰুৱালে ।  তেনে অৱস্থাত যুদ্ধৰ বাবে পুৰুই নিজেই সসৈন্য আগুৱাই আহিছিল । মেচিডেনিয়া অশ্বাৰোহী সৈন্যৰ আক্ৰমণত পুৰুৰ বিশাল সৈন্যদলো ব্যৰ্থ হৈ গৈছিল ।  ইতিমধ্য গ্ৰীক সৈন্যৰ মূল বাহিনী ক্ৰটেৰচৰ নেতৃত্বত আহি আলেকজেণ্ডাৰৰ লগ লগাত যুদ্ধৰ গতি পুৰুৰ প্ৰতিকূলে ঢাল লৈছিল । পুৰুক বন্দী কৰি আলেকজেণ্ডাৰৰ সন্মুখত থিয় কৰোৱা হৈছিল । আলেকজেণ্ডাৰে বন্দী পুৰুক তেওঁৰ পৰা কেনে ব্যৱহাৰ আশা কৰে বুলি সোধাত পুৰুৱে এজন ৰজাৰ দৰে ব্যৱহাৰ আশা কৰে বুলি প্ৰত্যুত্তৰ দিছিল ।  পুৰুৰ বীৰোচিত আৰু  উচিত মৰ্যাদাসম্পন্ন প্ৰশ্নৰ উত্তৰত আলেকজেণ্ডাৰ অতিকৈ অভিভূত হৈছিল । আলেকজেণ্ডাৰ সন্তুষ্ট হৈ পুৰুক তেওঁৰ ৰাজ্য ঘুৰাই দিয়াৰ উপৰিও আৰু কেইবাখনো ৰাজ্য উপহাৰ হিচাপে পাইছিল । উভয় পক্ষৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল । পুৰুৱে আলেকজেণ্ডাৰৰ আনুগত্য স্বীকাৰ কৰি পৰৱৰ্তী কেবাটাও অভিযানত আলেকজেণ্ডাৰক সহায় কৰিছিল । পুৰুৰ প্ৰতি আলেকজেণ্ডাৰৰ এই উদাৰতা এফালে যিদৰে তেওঁৰ মহানুভৱতা প্ৰকাশ পাইছিল, আনফালে তেনেকৈ গভীৰ ৰাজনৈতিক জ্ঞানৰ পৰিচয় ফুটি উঠিছিল । ভাৰতবৰ্ষত আলেকজেণ্ডাৰৰ কৰ্তৃত্ব বজাই ৰাখিবলৈ হলে পুৰুৰ দৰে এজন শক্তিশালী আৰু তেজস্বী দেশীয় ৰজাৰ সাহাৰ্য্য একান্তই প্ৰয়োজন , এই সত্য আলেকজেণ্ডাৰে অনুভৱ কৰিছিল । বিজয়ৰ চিন হিচাপে  আলেকজেণ্ডাৰে ঝিলাম নদীৰ তীৰত বুকিফেলা আৰু নিকিয়া নামৰ দুখন নগৰ স্থাপন কৰিছিল । 
ইয়াৰ পিছত আলেকজেণ্ডাৰে গ্লৌগনিকৈ, কনিষ্ঠ পুৰুৰ ৰাজ্য, কঠ আদি আক্ৰমণ কৰি অধিকাৰ কৰিছিল । এই ৰাজ্যবোৰ পুৰুৰ শাসনাধীন কৰা হৈছিল । কঠসকলৰ বিৰুদ্ধে কৰা অভিযানত ৰণহস্তী আৰু ছয় হাজাৰ সৈন্যৰে পুৰুৱে আলেকজেণ্ডাৰক সহায় কৰিছিল । অধৃষ্ট নামৰ প্ৰজাতন্ত্ৰই বিনা যুদ্ধেই আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল । আলেকজেণ্ডাৰে অধিক পূবলৈ অগ্ৰসৰ হৈ সৌভূতি আৰু ভগল নামে দুজন ৰজাৰ আনুগত্য লাভ কৰিছিল । এইদৰে আলেকজেণ্ডাৰে সদলবলে বিপাশা নদীৰ পাৰত উপস্থিত হৈছিল । 
আলেকজেণ্ডাৰে অধিক পূবলৈ অগ্ৰসৰ হবলৈ বিচাৰিছিল যদিও তেওঁৰ সৈন্যবাহিনী আগবাঢ়িবলৈ মান্তি হোৱা নাছিল । দীৰ্ঘদিনীয়া যুদ্ধ, সুদীৰ্ঘ দিন ধৰি মাতৃভূমিৰ পৰা আঁতৰি থকা  আদি ঘটনাই গ্ৰীক সৈনিকসকলক নিৰাশ কৰি পেলাইছিল । 



Author : Ali rani Kakati ( Ba in History Major) 





Post ID :DABP005398