Chapter 4 

হৰপ্পা সভ্যতা

 (The Harappan Civilization)


MODEL QUESTION & ANSWER 

অতি চমু প্ৰশ্নঃ 

১। কিমান চনত হৰপ্পাত খননকাৰ্য্য চলিছিল ?

উত্তৰঃ ১৯২১-২২ চনত হৰপ্পাত খননকাৰ্য চলিছিল । 

২। খননকাৰ্যৰ জৰিয়তে উদ্ধাৰ হোৱা হৰপ্পা সভ্যতাৰ অৱস্থান কেনেকুৱা ? 

উত্তৰঃ খননকাৰ্যৰ জৰিয়তে উদ্ধাৰ হোৱা হৰপ্পা সভ্যতাৰ অৱস্থান অতি পুৰণি আছিল । 

৩। কোনে ৰেডিঅ' কাৰ্বন পদ্ধতি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ  চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড ডব্লিউ . ওফ. লিবিয়ে ৰেডিঅ কাৰ্বন পদ্ধতি আৱিস্কাৰ কৰিছিল ।      

৪। হৰপ্পা সভ্যতা কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

উত্তৰঃ   হৰপ্পা সভ্যতা প্ৰাচীন ভগ্নাৱশেষ আৰু মুদ্ৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল । 

৫। হৰপ্পা সভ্যতাত কেনেকুৱা ধৰণৰ ইটা প্ৰস্তুত কৰা হৈছিল ?

উত্তৰঃ  হৰপ্পা সভ্যতাত সৰু সৰু ইটা প্ৰস্তুত কৰা হৈছিল । 

৬। হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান খেল কি ?

উত্তৰঃ হৰপ্পা সভ্যতাৰ জনসাধাৰণৰ প্ৰধান খেল আছিল বল আৰু পাশাখেল । 

৭। হৰপ্পা সভ্যতাৰ সবাতোকৈ ডাঙৰ চহৰ খনৰ নাম কি ?

উত্তৰঃ  হৰপ্পা সভ্যতাৰ সবাটোকৈ ডাঙৰ চহৰখনৰ নাম হল ঢৌলাবিৰা । 

চমু প্ৰশ্নঃ 

১। নগৰীয়া হৰপ্পা সংস্কৃতিৰ পূৰ্বৰ ধ্বসাংৱশেষবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি লিখা ।

 উত্তৰঃ 

২। কোনসকলৰ দ্বাৰা হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ? 

উত্তৰঃ  দয়াৰাম চাহানী, ৰাসাল দাস বেনাৰ্জী, আৰু চাৰ জন মাৰ্চাল এই তিনিজন লোকৰ দ্বাৰা হৰপ্পা সভ্যতা গঢ়ি উঠিছিল । 

৩। হৰপ্পা সভ্যতা পতনৰ কাৰণ সমূহ কি কি ?

উত্তৰঃ  হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ হল 

ক) প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ আৰু 

খ) বিদেশীৰ আক্ৰমণ ।

অনুমাণ কৰিব পাৰি যে হৰপ্পা সংস্কৃতিৰ পতনত প্ৰকৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । আগতেই উল্লেখ কৰা হৈছে যে বহুদিনীয়া প্ৰাকৃতিক অনুগ্ৰহৰ অন্ততহে এই অঞ্চলত সভ্যতা গঢ় লৈ উঠিছিল ।  চিল-মোহৰবোৰত দেখা পোৱা জীৱ-জন্তুবোৰ থাকিব পৰাকৈ এই অঞ্চলত প্ৰাকৃতিক পৰিৱেশ আছিল । পৰ্যাপ্তভাৱে গছ-গছনি আছিল আৰু বহুতো  নদ-নদীয়ে এই অঞ্চল পলসুৱা কৰি তুলিছিল । 

কিন্তু সভ্যতাৰ ক্ৰমবিকাশ আৰু নগৰীকৰণৰ প্ৰতিক্ৰিয়াত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল । গতিকে প্ৰাকৃতিক দুৰ্যোগ   

৪। হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুটা বৈশিষ্ট্য হল 

ক) হৰপ্পা  সভ্যতাৰ ঘৰবোৰ মজবুত আৰু জীৱন-নিৰ্বাহৰ বাবে প্ৰায়বোৰ সুবিধাৰে সমৃদ্ধ আছিল । 

খ) হৰপ্পা সভ্যতাৰ ঘৰবোৰ ঢিপসদৃশ অঞ্চলত নিৰ্মাণ কৰা ধাৰণাটো এই সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য । 

চমুটোকাঃ

১। নগৰ নিৰ্মাণ । 

উত্তৰঃ- হৰপ্পা সভ্যতাৰ নগৰ বিন্যাস আছিল অদ্বিতীয় , যত পৰিপক্ক অভিযান্ত্ৰিক শৈলী, আচনি আৰু দক্ষতা প্ৰতিফলিত হৈছিল । নগৰবোৰ উপযুক্ত যাতায়তৰ বাবে আহল-বহল পথ-উপপথৰে পৰিপূৰ্ণ আছিল । মূল পথলানি ১তৰ পৰা ৩৩ শতাংশ বহল হোৱাৰ বিপৰীতে উপপথসমূহ ৯ৰ পৰা ১২ শতাংশ আছিল । সাধাৰণতে সমান্তৰালভাৱে থকা পথবোৰ নগৰৰ প্ৰধান অঞ্চলসমূহত লম্বভাৱে কটাকটি কৰিছিল আৰু পথৰ দুয়োকাষে আছিল পৰিকল্পিতভাৱে নিৰ্মাণ কৰা গৃহলানি । 

সাধাৰণতে ঘৰবোৰত একোটা গা-ধোৱা ঘৰ, ৰান্ধনিশাল থকাৰ ওপৰিও তিনি-চাৰিটামান কোঠালি আছিল । প্ৰত্যেক ঘৰতে একোটাকৈ কুঁৱাৰ অস্তিত্ব পোৱা গৈছে । ডাঙৰ ঘৰবোৰত ৩০ কোঠালি পৰ্যন্ত, বহুমূলীয়া আছিল । উদ্ধাৰ হোৱা খটখটিসমূহে এই বহুমূলীয়া গৃহলানিৰ কথা প্ৰতিপন্ন কৰে ।  

জল নিৰ্গমন ব্যৱস্থাৰ বাবে হৰপ্পা সভ্যতা বিশেষভাৱে চমক লগা । যিটো ব্যৱস্থা বিশ্বৰ সমসাময়িক অন্যান্য সভ্যতাবোৰত পৰিলক্ষিত নহয় । নগৰৰ নলাসমূহ ইটাৰে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল । কোনো কোনো নলা-নৰ্দমা নিৰ্মাণত জিপচাম আৰু বিটুমিনৰ দৰে ধাতু ব্যৱহাৰ হোৱা দেখা যায় । নগৰৰ প্ৰতিটো ঘৰৰ পৰা ব্যৱহাৰ কৰা পানীখিনি ওলাই যাব পৰাকৈ মূল বা প্ৰধান নলাবোৰৰ সৈতে সংযোগী নলাৰ ব্যৱস্থা আছিল । সকলো নলা-নৰ্দমাকে ঢাকি থোৱাৰ ব্যৱস্থাটোৱে সাম্প্ৰতিক সময়ৰ নগৰবোৰৰ দৰেই যে সেই সময়ৰ জল নিৰ্গমন ব্যৱস্থা আছিল তাকে বুজায় । অৱশ্যে কোনো ক্ষেত্ৰত নলা-নৰ্দমাবোৰ পানীখোৱা কুঁৱাৰ ওচৰেদি পাৰ হৈ যোৱাত অপৰিস্কাৰ পানীয়ে ব্যৱহৃত জলভাগক প্ৰদুষিত কৰিছিল ।  

২।  কৃষিভিত্তিক অৰ্থনীতি । 

উত্তৰঃ- হৰপ্পা সভ্যতা কৃষি আৰু বাণিজ্যৰ ওপৰত প্ৰতিষ্ঠিত । গ্ৰাম্য অঞ্চলত উদ্ভৱ হোৱা শস্যই নগৰৰ চাহিদা পূৰণৰ উপৰি ৰপ্তানিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । কাৰণ পৰ্যান্ত শস্য উৎপাদন নহলে নগৰীয়া সভ্যতা একোটাৰ বিকাশ অসম্ভৱ আৰু হৰপ্পাত যিদৰে নগৰীকৰণে বিকাশ লাভ কৰিছিল তাৰ অন্তৰালত আছিল সু-স্বাস্থ্যৰ অধিকাৰী নাগৰিক তথা পোষক খাদ্য ।  হৰপ্পা সভ্যতাৰ ভূ-ভাগ বিভিন্ন নদীৰ সমীপত অৱস্থিত হোৱাত এই ঠাইবোৰ সাৰুৱা, উপযুক্ত বৰষুণেৰে পুষ্ট আছিল । হৰপ্পা সভ্যতাৰ বিস্তৃতি অধ্যয়ন কৰিলে দেখা যাব যে ইয়াত কোমল মাটি, পাহাৰ, সমভূমি, আৰু উপকূল খণ্ড অন্তৰ্ভক্ত আছিল । পাহাৰ আৰু বালিয়া সাগৰীয় উপকূলক বাদ দি বাকী অঞ্চলবোৰত উৎ,পাদন হোৱা উদ্ধৃত শস্যই হৰপ্পাৰ নগৰীয়া জীৱন বিকাশত গুৰুত্বপূৰ্ণ ভমিকা লৈছিল । শস্য উৎ,পাদনৰ সমান্তৰালভাৱে পশুপালন আৰু চিকাৰ কাৰ্যও চলি আছিল । হৰপ্পা সভ্যতাৰ লগত সাঙোৰ খাই থকা এনেবোৰ তথ্য খননকাৰ্যৰ জৰিয়তে পোহৰলৈ আহিছে । 

কৃষিৰ সমান্তৰালভাৱে পশুপালন বৃত্তিয়েও তদানীন্তন সমাজত যথেষ্ট ভূমিকা লৈছিল । সাধাৰণতে ষাঁড়, গৰু, গাহৰি, হাতী, গাধ, ছাগলী, ভেড়া, ইত্যাদি জন্তু তেওঁলোকে পুহিছিল । সুৰকটাদাত উদ্ধাৰ হোৱা ঘোঁৰাৰ হাড়ে হৰপ্পা সভ্যতাৰ পশুপালনৰ ক্ষেত্ৰত আন বিভিন্ন বিষয়বোৰ প্ৰতিপন্ন কৰিছে । কাৰণ আৰ্যসভ্যতা বিন্যাসৰ যোগেদিহে ঘোঁৰা ব্যৱহাৰ ভাৰতত হৈছিল বুলি পূৰ্বতে ঐতিহাসিকসকলে মতপোষণ কৰিছিল । 

৩। বাণিজ্য । 

উত্তৰঃ- হৰপ্পা সভ্যতাত বেহা-বেপাৰে বিশেষ অগ্ৰগতি লাভ কৰিছিল । জলপথ, স্থলপথ, উভয় পৰিবহণ মাধ্যমেদি বেহা-বেপাৰ চলিছিল । যত গৰুগাড়ী, জীৱ-জন্তু, স্থল পৰিবহণৰ উপকৰণ হিচাপে ব্যৱহাৰ হোৱাৰ বিপৰীতে সাগৰীয় বাণিজ্য-জাহাজ, নাৱেৰে সম্ভৱ বেহা-বেপাৰ হৈছিল । আন্তঃদেশীয় আৰু বহিঃউভয় বাণিজ্যই বিস্তৃতি লাভ কৰা হৰপ্পা সভ্যতাৰ সৈতে চুমেৰ , মেছোপটেমীয়া আদি ঠাইৰ যোগাযোগ চলিছিল । কাশ্মীৰ, দক্ষিণ আৰু পূব ভাৰতৰ বিভিন্ন অংশৰ পৰা এই অঞ্চললৈ বিভিন্ন ধাতু, দ্ৰব্যৰ সৰবৰাহ হৈছিল । দেখা যায় যে ৰাজস্থানৰ পৰা টিন, তাম, সীহ সৰবৰাহ হোৱাৰ বিপৰীতে দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ পৰা এই অঞ্চললৈ সোণ আমদানি হৈছিল । একেদৰে মধ্যপ্ৰাচ্যৰ বিভিন্ন অংশ, মেছোপটেমীয়া, আফগানিস্থানৰ সৈতে হৰপ্পা সভ্যতাৰ প্ৰতক্ষ্য যোগাযোগ আছিল ।  মেছোপটেমীয়া সাহিত্যত থকা মেলুহা শব্দই সিন্ধু উপত্যকাৰ কথা সূচাইছে বুলি ঐতিহাসিকসকলে ব্যাখ্যা কৰে । 

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সিন্ধু উপত্যকা বৈশিষ্ট্য বোৰ আলোচনা কৰা ?

উত্তৰঃ- সিন্ধু উপত্যকা সভ্যতা ভাৰতৰ প্ৰথম নগৰীয়া সভ্যতা । সিন্ধু নদীৰ বিস্তীৰ্ণ সাৰুৱা ভূমিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সভ্যতাৰ অধ্যয়নে প্ৰাচীন ভাৰতবৰ্ষক সমৃদ্ধিশালী ইতিহাস উদ্ধাৰ কৰে । মূলতঃ সিন্ধু উপত্যকা সভ্যতা আৰু হৰপ্পা সভ্যতাক সমাৰ্থকভাৱেহে ব্যৱহাৰ কৰা হয় ।  সিন্ধু উপত্যকাৰ মানুহৰ সাজ-পাৰ ব্যৱহাৰৰ কোনো স্পষ্ট চিহ্ন পোৱা নাই । সেই সময়ত কাপোৰজাতীয় কোনো সামগ্ৰী নাছিল । কিন্তু ধাতুৰ ওপৰত অকা নক্সাৰ পৰা প্ৰমাণ কৰিব পাৰি যে পুৰুষ আৰু মহিলা উভয়েই দুই টুকুৰা কাপোৰ সাধাৰণ পোছাক হিচাপে ব্যৱহাৰ কৰিছিল । তাৰোপৰি অসংখ্য শলাৰ আৱিস্কাৰেও প্ৰমাণ কৰে যে সেই সময়ত কাপোৰ বোৱাৰ বাবে কপাহ ব্যৱহাৰ কৰিছিল । সিন্ধু সভ্যতাৰ মানুহে ধুতিসদৃশ এবিধ পোছাক দেহৰ নিম্নাংশত পিন্ধিছিল আৰু এখন কাপোৰ বাওঁহাতৰ ওপৰেৰে আৰু সোহাতৰ তলেৰে ব্যৱহাৰ কৰিছিল ।অৱশ্যে বৰ্তমান হৰপ্পা সভ্যতাৰ বাসিন্দাসকলৰ ক্ষেত্ৰত থকা সকলো বিবাদ ওৰ পেলাই ঐতিহাসিকসকলে এক দৃঢ় মতপোষণ কৰে যে সিন্ধু নদীক কেন্দ্ৰ কৰি বিকাশ হোৱা প্ৰথম ভাৰতীয় নগৰীয়া সভ্যতাটোৰ সৃষ্টিৰ অন্তৰালত স্থানীয় লোকসকলেই বিশেষ ভূমিকা পালন কৰিছিল । নগৰীয়া সভ্যতাটোৰ বিকাশৰ নেপত্যত আছিল যাযাবৰী গোটসমূহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ প্ৰৱণতা । ঐতিহাসিক ৰংগনাথ ৰাও আৰু গুইয়ে খননকাৰ্যত উদ্ধাৰ হোৱা কংকালৰ অৱশেষসমূহৰ ভিত্তিত এই সভ্যতা কেবাটাও নৃ-গোষ্ঠীয় গোটৰ সানমিহলি প্ৰচেষ্টাত গঠিত হৈছিল বুলি কব খোজে য'ত প্ৰট' অষ্টলয়ড , মংগোলয়ড আৰু আলপাইনৰ দৰে গোটসমূহৰ অস্তিত্ব প্ৰকাশ পাইছে । নৃতাত্ত্বিক ডি.কে সেনৰ মতে হৰপ্পা, মহেঞ্জোদাৰো আৰু লোথালত উদ্ধাৰ হোৱা মানুহৰ লাওখোলাবোৰৰ পৰা জানিব পাৰি যে এই অধিবাসীসকলৰ নাক চেপেটা আছিল, যিটো লক্ষণ সদ্যহতে সিন্ধু আৰু পঞ্জাৱৰ লোকসকলৰ মাজতো পৰিলক্ষিত হয় । 

২। হৰপ্পা সভ্যতাৰ লোকসকলৰ বৈশিষ্ট্য বোৰ লিখা । 

উত্তৰঃ- হৰপ্পা সভ্যতাৰ জনজীৱনৰ সন্দৰ্ভত উদ্ধাৰ কৰা লিখিত সমলসমূহে কোনো নিৰ্দিষ্ট সূত্ৰ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই । পাঠোদ্ধাৰ কৰিব নোৱাৰা এই সমলসমূহে  সমসাময়িক সমসাময়িক বিশেষ তথ্য দৰ্শোৱা নাই যদিও দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সঁজুলি , নগৰীয়া সভ্যতাৰ কলা-সংস্কৃতি, জোখ-মাখৰ উপকৰণে এই কথা বুজায় যে হৰপ্পা সভ্যতাৰ অধিবাসীসকল যথেষ্ট আগবঢ়া আছিল । 

খননকাৰ্যত উদ্ধাৰ হোৱা মূৰ্তিসমূহৰ গঠন বিশ্লেষণ কৰি এই সভ্যতাৰ বাসিন্দাসকলে লিংগভেদে কেনেধৰণৰ পোছাক-পৰিচ্চদ , আ-অলংকাৰ পৰিধান কৰিছিল সেই বিষয়ে জানিব পাৰি । তেওঁলোকে দুবিধ অংগবস্ত্ৰৰ এবিধ শৰীৰৰ নিম্ন অংশত আৰু আনবিধ শৰীৰৰ উৰ্ধঅংশত উত্তৰীয়াৰ দৰে পৰিধান কৰিছিল । কপাহী, উল উভয় বস্ত্ৰ ব্যৱহাৰ আছিল আৰু খননকাৰ্যত বেজী উদ্ধাৰ হোৱাটোৱে এই কথা বুজায় যে তেওঁলোকে সাজ-পোছাক প্ৰস্তুত কৰি পিন্ধিছিল । উদ্ধাৰ হোৱা মূৰ্তিসমূহত পুৰুষ-মহিলাৰ পোছাকৰ মাজত বিশেষ কোনো পাৰ্থক্য দেখা পোৱা নাছিল । মহিলাসকলে প্ৰায়ে এটা চুটি চোলা পিন্ধিছিল । অতি আকৰ্ষণীয় ধৰণেৰে খোপা বান্ধিব জনা সেই সময়ৰ মহিলাসকলে খোপাত বিচনী আকৃতিৰ বাঁহ আৰু ধাতুৰে নিৰ্মিত অলংকাৰ পিন্ধিছিল । সেয়েহে দুৰৰ পৰা মহিলাসকলে পাগুৰি পিন্ধি থকা নিচিনা লাগিছিল । অলংকাৰৰ ক্ষেত্ৰত মহিলাসকলে কাণফুলি, বালা, চন্দ্ৰহাৰ, কিংকিণী , আঙঠি আদি পৰিধান কৰিছিল । সোণ, ৰূপ, তাম, শংখৰে নিৰ্মিত এনে অলংকাৰসমূহৰ গুৰুত্ব অধিক আছিল । 

মহিলাসকলৰ দৰে পুৰুষসকলেও সাজ-পোছাক পৰিধান কৰাত যথেষ্ট গুৰুত্ব দিছিল । কোনো কোনো ক্ষেত্ৰত তেওঁলোকে পাগুৰি পিন্ধিলেও সচৰাচৰ খালী মূৰেৰেই চলা-ফুৰা কৰিছিল । আনহাতে সেওঁতা ফালি কৰা কেশসজ্জাৰ আৰ্হি তেওঁলোকে জানিছিল । খননকাৰ্যৰ পৰা উদ্ধাৰ হোৱা জনপ্ৰিয় মূৰ্তি পুৰোহিত ৰজাৰ কেশসজ্জাই চুলি ফনিওৱাৰ সু-স্পষ্ট ধাৰণা দিয়ে । পোছাকৰ ক্ষেত্ৰত পুৰুষে নিম্নাশত ধুতি আৰু ওপৰ অংশত এখন আলোৱান ব্যৱহাৰ কৰিছিল । কান্ধৰ ওপৰেদি কাষলতিৰ তলেদি পাক মাৰি আলোৱান মেৰিয়াই লোৱা কায়দা তেওঁলোকে জানিছিল । সৰহসংখ্যকেই মোহ ৰাখিছিল আৰু খাৰু, আঙঠি আদি অলংকাৰ পৰিধান কৰিছিল । 

খনন কাৰ্যত উদ্ধাৰ হোৱা পোৰামাটিৰ বিভিন্ন পুতলাবোৰে সেই সময়ৰ শিশুসকলে কেনেধৰণৰ সা-সজুলিৰ সৈতে উমলিছিল তাকে দৰ্শোৱা হৈছে । পুতলাৰ ভিতৰত বল, সুতুলি, সৈন্যৰ প্ৰতিমা, ৰথ আদি উল্লেখযোগ্য । মাটিৰ মাৰ্বল, জীৱ-জন্তুৰ, মূৰ্তি আদিও খেলা-ধূলাৰ বস্তু হিচাপে ব্যৱহাৰ কৰা হৈছিল । 

সমাজত পৰিয়াল আছিল প্ৰাথমিকসমূহ । একেদৰে  পৰিয়ালসমূহ মাতৃতান্ত্ৰিক আছিল বুলি ঐতিহাসিকসকলে কব বিচাৰে । কাৰণ ধৰ্মীয় পূজাত মাতৃ পূজাক আগস্থান দিয়া হৈছিল । আনহাতে অৰ্থনৈতিক ব্যৱস্থা আৰু শ্ৰম বিভাজনৰ স্বাৰ্থত সমাজ ব্যৱস্থা আছিল স্তৰীকৃত শ্ৰেণীভিত্তিক । লোকসকলক পৰিস্থিতি অনুসৰি চাৰিটা ভাগত ভগোৱা হৈছিল পণ্ডিত, যোদ্ধা, বণিক আৰু শ্ৰমিক । ইয়াৰে প্ৰথম স্তৰৰ লোকসকলৰ ভিতৰত শিক্ষক, লেখক, পুৰোহিত , যাদুকৰ অন্তৰ্ভূক্ত আছিল । 

Author-  Ali rani Kakati ( Ba in History Major) 





Post ID : DABP005397