পাঠ  ১ 


ঔপনিবেশিক শক্তিৰ আগ্ৰাসন আৰু দৃঢ়ীকৰণ


MODEL QUESTION & ANSWER

চমু প্ৰশ্ন ঃ

১। পলাশী যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰঃ  ১৭৫৭ খ্ৰীষ্টাব্দত পলাশী যুদ্ধ হৈছিল । 

২। ভাস্কো-ডা-গামা ভাৰতবৰ্ষত কেতিয়া উপস্থিত হৈছিল ?

উত্তৰঃ ১৪৯৮ খ্ৰীষ্টাব্দৰ ২০ মেত ভাস্কো-ডা-গামা ভাৰতবৰ্ষত উপস্থিত হৈছিল । 


৩।  কিমান চনত পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ পৰা মছলা ৰপ্তানি কৰিছিল ।

উত্তৰঃ  ১৫০১ খ্ৰীষ্টাব্দৰ পৰা ১৫০৫ খ্ৰীষ্টাব্দৰ ভিতৰত পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ পৰা মছলা ৰপ্তানি কৰিছিল । 

৪। ডাচ ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৬০২ খ্ৰীষ্টাব্দৰ ২০ মাৰ্চত ডাচ ইষ্ট-ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল । 


৫। ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ  ১৬৬৪ খ্ৰীষ্টাব্দৰ ১ ছেপ্তেম্বৰত ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল । 


৬। ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ তত্ত্বাৱধায়ক কোন আছিল ?

উত্তৰঃ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ তত্ত্বাৱধায়ক  আছিল চতুদৰ্শ লুইৰ অৰ্থসচিব কালবাৰ্ট । 

৭। ফৰাচী বণিকগোষ্ঠীয়ে কিমান চনত আৰু কাৰ নেতৃত্বত চুৰাটত বাণিজ্য কোঠ স্থাপন  কৰিছিল ?

উত্তৰঃ  ১৬৬৭ খ্ৰীষ্টাব্দত ফৰাচী বণিকগোষ্ঠীয়ে ফ্ৰাচোৱা কেৰণ নামৰ বিষয়াজনৰ নেতৃত্বত চুৰাটত বাণিজ্য কোঠ স্থাপন কৰিছিল । 


৮।  ফৰাচী বণিকসকলৰ দ্বিতীয়টো  বাণিজ্য কোঠ ক'ত অৱস্থিত ।

উত্তৰঃ ফৰাচী বণিকসকলৰ দ্বিতীয়টো বাণিজ্য কোঠ  মছলিপট্টনমত অৱস্থিত । 


৯। কিমান চনত আৰু কত নবছৰীয়া  যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰঃ ১৬৮৮-৯৭ চনত ইউৰোপত নবছৰীয়া যুদ্ধ সংঘটিত হৈছিল । 


১০। নবছৰীয়া যুদ্ধৰ অৱসান ঘটাৰ পিছত কি চুক্তি সংঘটিত হৈছিল ?

উত্তৰঃ  নবছৰীয়া যুদ্ধৰ অৱসান ঘটাৰ পিছত ৰাইছউইক মৈত্ৰী-চুক্তি সংঘটিত হৈছিল ।

১১। ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল   ?

উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দৰ ৩১ ডিচেম্বৰত ইষ্ট-ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল । 


১২। ফৰাচীসকলে কেতিয়া কাৰিকল দখল কৰিছিল ।

উত্তৰঃ  ১৭৩৯ খ্ৰীষ্টাব্দত ফৰাচীসকলে কাৰিকল দখল কৰিছিল । 

১৩। ফৰাচী ৱেষ্ট ইণ্ডিজ কোম্পানী কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৭১৯ খ্ৰীষ্টাব্দত ফৰাচী ৱেষ্ট-ইণ্ডিজ কোম্পানী গঠন কৰা হৈছিল । 


১৪। স্পেইনৰ শক্তিশালী নৌ শক্তিৰ নাম কি ?

উত্তৰঃ  স্পেইনৰ শক্তিশালী নৌ-শক্তিৰ নাম হল আৰ্মাদা । 

১৫। কিমান চনত ফ্ৰান্সিছ ড্ৰেকে সাগৰীয় পথেদি পৃথিৱী ভ্ৰমণ কৰিছিল ?

উত্তৰঃ  ১৫৮০ চনত ফ্ৰান্সিছ ড্ৰেকে  সাগৰীয় পথেদি পৃথিৱী ভ্ৰমণ কৰিছিল । 


১৬। ভাৰতৰ এটা মুখ্য বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা ।

উত্তৰঃ  ভাৰতৰ এটা মুখ্য বাণিজ্যিক কেন্দ্ৰৰ নাম হল বোম্বাই । 


১৭। বোম্বাই চহৰখন কোনে কেতিয়া  যৌতুক হিচাপে লাভ কৰিছিল ।

উত্তৰঃ ব্ৰিটেইনৰ শাসক দ্বিতীয় চালৰ্ছৰ লগত পৰ্টুগীজ ৰাজকন্যা কেথেৰিণৰ বিবাহ সম্পন্ন হোৱাত ব্ৰিটিছে বোম্বাই চহৰখন যৌতুক হিচাপে লাভ কৰিছিল । 


১৮। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আন এটা বাণিজ্যিক কোঠৰ নাম কি আছিল?

উত্তৰঃ  ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আন এটা বাণিজ্যিক কোঠৰ নাম হল কলিকতা । 

১৯। দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ ৰবাৰ্ট ক্লাইবে দ্বৈত শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । 


২০। লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম কি ?

উত্তৰঃ লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম হল স্বত্ববিলোপ নীতি । 


২১। বণিকবাদ শব্দটো কোনে কেতিয়া পোন-প্ৰথমে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ১৭৭৬ খ্ৰীষ্টাব্দত অৰ্থনীতিবিদ আডাম স্মিথে বণিকবাদ শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল । 


২২। মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল The prince ।


২৩। কিমান চনত ব্ৰিটিছ বণিকে সাগৰীয় উপমহাদেশত অৱতৰম কৰিছিল ?

উত্তৰঃ 


২৪। চুৰাটত বাণিজ্যিক কুঠি কিমান খ্ৰীঃত স্থাপন কৰাৰ অনুমতি পাইছিল ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ।

উত্তৰঃ 

২৫। বংগদেশত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰাৰম্ভিক কুঠিৰ নাম কি আছিল ?

উত্তৰঃ। বংগদেশত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰাৰম্ভিক কুঠিৰ নাম আছিল হুগলী । 


২৬। ফৰ্ট উইলিয়াম দূৰ্গ ক'ত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ফৰ্ট উইলিয়াম দুৰ্গ কলিকতাত নিৰ্মাণ কৰা হৈছিল । 

২৭। বংগৰ নৱাব আলিবৰ্দী খাঁৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দী খাঁৰ মৃত্যু হৈছিল । 


২৮। বক্সাৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ 

চমু প্ৰশ্নঃ

১। ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতিসমূহ কি কি ?

উত্তৰঃ ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতিসমূহ হল 

ক) প্ৰথমাৱস্থাত ইষ্ট-ইণ্ডিয়া কোম্পানী এটা ব্যৱসায়িক সন্থা আছিল আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ ৰাজনৈতিক দুৰ্বলতাৰ সুবিধা লৈ প্ৰশাসনতন্ত্ৰ হস্তগত কৰিছিল ।

খ)  ভাৰতত ব্ৰিটিছ প্ৰশাসন দৃঢ়তাৰে সংৰোপন কৰাত একাংশ বিষয়াৰ ঐকান্তিক প্ৰচেষ্টা জড়িত হৈ আছিল । তাৰ ভিতৰত ৰবাৰ্ট ক্লাইবৰ দ্বৈত শাসন লৰ্ড ৱেলেছলীৰ বশ্যতামূলক মিত্ৰতা নীতি আৰু লৰ্ড ডেলহাউছীৰ স্বত্ববিলোপ নীতি উল্লেখযোগ্য । 


২। লৰ্ড ৱেলেছলীৰ সাম্ৰাজ্যবাদী নীতিসমূহ কি আছিল ?


উত্তৰঃ
লৰ্ড ৱেলেছলীৰ সাম্ৰাজ্যবাদী নীতিসমূহ আছিল 

ক) বহিঃ শত্ৰুৰ দ্বাৰা আক্ৰমণ কৰাৰ সময়ত বশ্যতামূলক মিত্ৰতা নীতিত আবদ্ধ ৰাজ্যখনক ব্ৰিটিছ সৈন্যই যথোচিত প্ৰতিৰক্ষা আগবঢ়াব । 

খ) বশ্যতামূলক মিত্ৰতা নীতিত আবদ্ধ ৰাজ্যখনত এটা ব্ৰিটিছ সেনাদল মনোনীত কৰা হব ।

গ) ব্ৰিটিছ সেনাদলটোৰ পৰিচালনাৰ দায়িত্ব কোম্পানীৰ বিষয়াৰ হাততে থাকিব ।

ঘ) কোম্পানীৰ সেনা বাহিনীৰ যাৱতীয় খা-খৰছ দেশীয় শাসকজনে কৰিব লাগিব ।

ঙ) বশ্যতামূলক মিত্ৰতানীতিত আবদ্ধ ৰাজ্যৰ ৰাজধানীত এজন ব্ৰিটিছ অভিকৰ্তা থাকিব ।

চ) ব্ৰিটিছৰ অবিহনে অন্য কোনো ইউৰোপীয় শক্তিৰ লগত মিত্ৰতা কৰিব নোৱাৰিব । 

ছ) ৰাজ্যত অন্য ইউৰোপীয় নাগৰিকৰ বসবাস নিষিদ্ধ কৰিব লাগিব । 



৩। লৰ্ড ডেলহাউচিয়ে ভাৰতৰ ৰাজ্যসমূহক কেইটা  ভাগত ভাগ কৰিছিল আৰু কি কি /

উত্তৰঃ 


৪। বণিকবাদৰ উন্মেষৰ কাৰণসমূহ কি কি ?

উত্তৰঃ বণিকবাদৰ উন্মেষৰ কাৰণসমূহ হল 

ক) নৱজাগৰণ ।

খ) ভৌগলিক অন্বেষণ ।

গ) জনসংখ্যা বৃদ্ধি । 

ঘ) ধৰ্মীয় পৰিৱৰ্তন ।

ঙ) আৰ্থিক পৰিৱৰ্তন ।

চ) ৰাজনৈতিক চিন্তাধাৰাৰ পৰিৱৰ্তন । 


৫।  ব্ৰিটিছ ঔপনিবেশবাদে ভাৰতবৰ্ষক কেইটা পৰ্যায়ত ভাগ কৰিছিল আৰু কি কি ?

উত্তৰঃ


৪। ফাৰুকছিয়াৰে  কিমান খ্ৰীঃত জাননী জাৰি কৰিছিল আৰু সেইজাননীখনক পিছত কি  ৰুপে জনাজাত হৈছিল ?

উত্তৰঃ 

৫। কিমান খ্ৰীষ্টাব্দত দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল ।

উত্তৰঃ ১৭৬৫ খ্ৰীষ্টাব্দত বক্সাৰ যুদ্ধৰ পাছত দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল । 

৬। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক অৱসান কেতিয়া ঘটোৱা হৈছিল ।

উত্তৰঃ 


৭। আলিবৰ্দী খা কোন আছিল ?

উত্তৰঃ আলিবৰ্দী খা বংগৰ নৱাব আছিল । 

৮। আলিবৰ্দী খাৰ মৃত্যুৰ পাছত কোন বংগৰ নৱাব হৈছিল ।

উত্তৰঃ আলিবৰ্দী খাৰ মৃত্যুৰ পাছত বংগৰ নৱাৱ চিৰাজ-উদ-দ্দৌলা হৈছিল । 


৯। ঘাচিতি বেগম কোন আছিল ।

উত্তৰঃ  ঘাচিতি বেগম আলিবৰ্দী খাৰ ডাঙৰ ছোৱালী আছিল । 

১০। চিৰাজ-উদ-দৌল্লা কোন আছিল ।

উত্তৰঃ চিৰাজ-উদ-দ্দৌলা আছিল আলিবৰ্দী খাৰ পৰৱৰ্তী বংগৰ নবাৱ ।


১১। চিৰাজ-উদ-দৌল্লাক কোনে হত্যা কৰিছিল ।

উত্তৰঃ চিৰাজ-উদ-দ্দৌলাক মীৰজাফৰৰ পুতেক মিৰাণে হত্যা কৰিছিল । 


১২। মণিহাৰি যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত চিৰাজ-উদ-দ্দৌলা আৰু চৌকত জঙৰ  মাজত মণিহাৰি যুদ্ধ হৈছিল । 


১৩। ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগ শাসন কৰিবলৈ পঠাই দিয়া দুজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগ শাসন কৰিবলৈ পঠাই দিয়া দুজন ব্যক্তিৰ নাম হল 

ক) এডমিৰেল ৱাটছন ।

খ) ৰবাৰ্ট ক্লাইব । 

১৪। ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু বংগৰ নৱাব চিৰাজ-উদ- দৌল্লাৰ মাজত হোৱা সংঘাটৰ মূল কাৰণ কেইটা আৰু কি কি /

উত্তৰঃ  ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু বংগৰ নৱাব চিৰাজ-উদ-দৌল্লাৰ মাজত হোৱা সংঘাটৰ মূল কাৰণ চাৰিটা আৰু সেইকেইটা হল 

ক) অবৈধভাৱে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগত দূৰ্গ সজোৱাই নিজাববীয়া প্ৰশাসনিক ক্ষেত্ৰ গঢ়ি তুলিছিল ।

খ) মোগল প্ৰশাসনে কোম্পানীক প্ৰদান কৰা দস্তকৰ অপব্যৱহাৰ কৰি ব্ৰিটিছ বিষয়াসকলে ব্যৱহাৰ কৰাত বংগৰ নৱাবে নিৰ্ধাৰিত ৰাজহ আহৰণ কৰিব পৰা নাছিল । 

গ) কলিকতাত থকা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ কোঠত বংগৰ পৰা পলায়ন কৰা কেইজনমান দেশদ্ৰোহীক শৰণ দিয়াত চিৰাজ-উদ-দ্দৌলা ক্ষুব্ধ হৈছিল ।

ঘ) কলিকতালৈ চিৰাজ-উদ-দ্দৌলাই প্ৰেৰণ কৰা কটকী নাৰায়ণ দাসক কোম্পানীৰ বিষয়াই অপমান কৰি ঘুৰাই পঠোৱাত নৱাব ক্ষুব্ধ হৈছিল । 


১৫। চিৰাজ-উদ-দৌল্লাই কোম্পানীৰ ফৰ্ট উইলিয়াম দুৰ্গ কেতিয়া অধিকাৰ কৰিছিল ।

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দৰ ৪ জুনত চিৰাজ-উদ-দ্দৌলাই কোম্পানীৰ ফৰ্ট উইলিয়াম দুৰ্গ অধিকাৰ কৰিছিল । 

১৬। আলিনগৰ চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৭৫৭ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে ৰবাৰ্ট ক্লাইব আৰু বংগৰ নৱাব চিৰাজ-উদ-দ্দৌলাৰ মাজত আলিনগৰ চুক্তি হৈছিল । 


১৭ পলাশী যুদ্ধৰ পিছত বংগৰ  গৱৰ্ণৰ কোন আছিল ।

উত্তৰঃ পলাশী যুদ্ধৰ পিছত বংগৰ গৱৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইব । 

১৮। পলাশী যুদ্ধৰ পিছত বংগৰ নৱাব কোন আছিল .

উত্তৰ- পলাশী যুদ্ধৰ পিছত বংগৰ নৱাব আছিল মীৰজাফৰ । 

১৯। মীৰজাফৰক বংগৰ নৱাব পতাৰ মূল কাৰণ কেইটা আৰু কি কি ?

উত্তৰ- মীৰজাফৰক বংগৰ নৱাব পতাৰ মূল কাৰণ চাৰিটা সেইকেইটা হল 

ক) ইষ্ট-ইণ্ডিয়া কোম্পানীক নিয়মিতভাৱে বংগৰ ৰাজহ আদায়ৰ প্ৰতিশ্ৰুতি ।

খ) কোম্পানীক ২৪ পৰগণাৰ জমিদাৰী স্বত্ব প্ৰদান ।

গ) কোম্পানীৰ বিৰোধিতা কৰা ভাৰতীয়সকলক প্ৰশ্ৰয় নিদি সেইসকলকো নিজৰ শত্ৰু হিচাপে বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি ।

ঘ) কোম্পানীৰ সামৰিক বাহিনীৰ ভৰণ-পোষণৰ বাবদ বংগৰ ৰাজকোষৰ পৰা অনুদান প্ৰদান । 


২০। মীৰকাচিমক বংগৰ নৱাব হিচাপে কেতিয়া মনোনীত কৰা হৈছিল ।

উত্তৰঃ  ১৭৬০ খ্ৰীষ্টাব্দত মীৰকাচিমক বংগৰ নৱাব হিচাপে মনোনীত কৰা হৈছিল । 


২১। মীৰকাচিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা চুক্তিৰ চৰ্তসমূহ কি আচিল ।
উত্তৰ
মীৰকাচিম আৰু ইষ্ট-ইণ্য়িয়া কোম্পানীৰ মাজত হোৱা চুক্তিৰ চৰ্তসমূহ হল 

ক) মীৰকাচিমে বুৰদোৱান, মেদিনীপুৰ, আৰু চিতাংগ কোম্পানীক গটাই দিছিল ।

খ) চিলেট জিলাৰ অৰ্ধেক ৰাজহ কোম্পানীৰ কোষলৈ গৈছিল ।

গ) মীৰকাচিমে কোম্পানীৰ শত্ৰুসকলক নিজৰ শত্ৰুবুলি গণ্য কৰিবলগীয়া হৈছিল ।

ঘ) কোম্পানীৰ বাহিনীয়ে কৰ্ণাটকত ফৰাছী সৈন্যৰ বিৰুদ্ধে চলোৱা অভিযান কোষলৈ মীৰকাচিমে ২৫ লাখ টকা দান দিছিল ।

ঙ) বংগত অবৈধ ভূমি অধিগ্ৰহণৰ পৰা কোম্পানীৰ বিষয়াসকল আঁতৰি আছিল । 


২২। মীৰকাচিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা কাজিয়াৰ কাৰণসমূহ কি আছিল ।

উত্তৰ- মীৰকাচিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা কাজিয়াৰ কাৰণসমূহ হল 

বংগৰ নৱাব মীৰকাচিম আৰু কোম্পানীৰ কলিকতাত অৱস্থিত পৰিষদৰ সৈতে সংঘাত হোৱাতো অৱধাৰিত আছিল । মীৰকাচিমৰ পৰিৱৰ্তনশীল আঁচনিত কলিকতাৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পৰিষদ বিতুষ্ট হৈছিল । বাস্তৱতে, ১৭৫৭ খ্ৰীষ্টাব্দত কোম্পানীৰ বিষয়াসকলে বিনাদ্বিধাই বংগত বাণিজ্য কৰাৰ স্বত্বৰ ওপৰত মীৰকাচিমে নিষেধাজ্ঞা জাৰি কৰি কোম্পানীক কৰ পৰিশোধ কৰিবলৈ বাধা কৰাত বিষয়াবৰ্গ ক্ষোভিত হৈছিল । এনে পৰিস্থিতিত কোম্পানীৰ বদমেজাজী বিষয়া, পাটনাৰ অধীক্ষক ইলিছ চাহাবৰ নিৰ্দেশত মীৰকাচিমৰ কোঠৰ ওপৰত সামৰিক অভিযান চলোৱা হৈছিল যদিও সেয়া ব্যৰ্থ হৈছিল । ইয়াৰ পাছত ক্ৰমে এলানি যুদ্ধ, যেনে- কাটৱা, ঘেৰিয়া আৰু উথুৱানালত মীৰকাচিম পৰাস্ত হৈছিল । মীৰকাচিমৰ এই সামৰিক বিপৰ্যয়ে সমকালীন দেশীয় শাসকবৰ্গৰ অপূৰ্ণতাক প্ৰতিফলিত কৰিছিল । যি কি নহওক, ইষ্ট-ইণ্ডিয়া কোম্পানীক ভালদৰে এসেকা দিয়াৰ মানসৰে মীৰকাচিমে অযোধ্যাৰ নৱাব চুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় চাহ আলমৰ সৈতে জোট বান্ধি নতুন উদ্যমেৰে প্ৰস্তুত হৈছিল । এই মৈত্ৰী শক্তিক ভেটিবলৈ বা আগভেটি ধৰিবলৈ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে মেজৰ হেক্টৰ মনৰক প্ৰদান কৰাত ১৭৬৪ খ্ৰীষ্টাব্দৰ ২২ অক্টোৱৰত বক্সাৰ নাামৰ ঠাইত উভয় পক্ষৰ মাজত প্ৰৱল যুদ্ধ বা সংঘৰ্ষ হৈছিল । 

ক) ১৭৬৩ ৰ জুনত পাটনা আক্ৰমণ, ব্ৰিটিছ বিষয়া ইলিছ । মীৰকাছিম জয়ী ।

খ) ১৭৬৩ ৰ ৯ জুলাইত ব্ৰিটিছ বিষয়াা আডামৰ দ্বাৰা কাটৱা আক্ৰমণ ।মীৰকাচিমৰ পৰাজয় । 

গ) ১৭৬৩ ৰ ২ আগষ্টত পুনৰ আডামৰ দ্বাৰা ঘেৰিয়া আক্ৰমণ । মীৰকাচিম পৰাভূত ।

ঘ) ১৭৬৫ ৰ ৫ ছেপ্তেম্বৰ উথুৱানালা যুদ্্ধ । মীৰকাচিমৰ পৰাজয় ।

ঙ) বক্সাৰ যুদ্ধ ২২ ছেপ্তেম্বৰ ১৭৬৪ খ্ৰীষ্টাব্দ । ব্ৰিটিছ সেনানায়ক মেজৰ ভেক্টৰ মনৰ' । মীৰকাচিমৰ মৈত্ৰী শক্তি পৰাজিত । 



২৩। কিমান খ্ৰীষ্টাব্দত প্ৰথম ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৭৬৭-৬৯ খ্ৰীষ্টাব্দত প্ৰথম-ইংগ-মহীশূৰ যুদ্ধ হৈছিল । 

২৪। কিমান খ্ৰীষ্টাব্দত দ্বিতীয় ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৭৮০-৮৪ খ্ৰীষ্টাব্দত দ্বিতীয়-ইংগ-মহীশূৰ যুদ্ধ হৈছিল । 


২৫। তৃতীয় ইংগ-মহীশূৰ যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৭৯০ খ্ৰীঃত তৃতীয়-ইংগ-মহীশূৰ যুদ্ধ হৈছিল । 

২৬। কিমান খ্ৰীষ্টাব্দত চতুৰ্থ ইংগ মহীশূৰ যুদ্ধ আৰম্ভ হৈছিল ।

উত্তৰঃ  ১৭৯৮ খ্ৰীষ্টাব্দত চতুৰ্থ-ইংগ মহীশূৰ যুদ্ধ আৰম্ভ হৈছিল । 


২৭। প্ৰথম ইংগ-মাৰঠা যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ প্ৰধান কাৰণ কি আছিল ?

উত্তৰঃ ১৭৭৫ খ্ৰীষ্টাব্দত প্ৰথম ইংগ-মাৰাঠা যুদ্ধ হৈছিল ইয়াৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছৰ আগ্ৰাসন নীতি আৰু মাৰাঠা শক্তিৰ মাজৰ পাৰস্পৰিক দ্বন্দ্ব । 


২৮। দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰঃ ১৮০৩ খ্ৰীষ্টাব্দত দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধ হৈছিল । 

 

২৯। বেচিন চুক্তিৰ কেইটামান ধাৰাৰ বিষয়ে লিখা ।

উত্তৰঃ বেচিন চুক্তিৰ কেইটামান ধাৰা হল 

ক) পেছোৱাই বাৰ্ষিক ২৬ লাখ খাজনা আহৰণকাৰী চাৰিখন প্ৰদেশ ক্ৰমে- গুজৰাট, তাপ্তিৰ দক্ষিণ অঞ্চল, তাপ্তি আৰু নৰ্মদাৰ মাজৰ সমভূমি, তুংগভদ্ৰাৰ সাৰুৱা উপত্যকা ব্ৰিটিছক প্ৰদান কৰিছিল । 

খ) ব্ৰিটিছৰ শত্ৰু হিচাপে গণ্য ইউৰোপীয় শক্তিৰ সৈতে মাৰাঠা শক্তিয়ে আলচ কৰিব নোৱাৰিব । 

গ)  পেছোৱাৰ সুৰক্ষাৰ বাবে ৬,০০০ দেশীয় পদাতিক বাহিনী মকৰল কৰা যাব আৰু ইয়াৰ মাজত এদল ব্ৰিটিছ চিপাহীত থাকিব । 

৩০। দেওগাঁও চুক্তিৰ দফাসমূহ কি আছিল লিখা ।

উত্তৰঃ দেওগাওঁ চুক্তিৰ দফাসমূহ আছিল 

ক) ভোসলেই উৰিষ্যা প্ৰদেশখন ব্ৰিটিছক গতাই দিছিল । 

খ) পশ্চিম বেৰাৰ ভোঁসলেই নিজামক অৰ্পণ কৰিছিল । 

গ) বাৰ্ধা নৈৰ পৰা দক্ষিণৰ পাৰ্বত্য ভূমিলৈকে সকলো ক্ষেত্ৰ ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত হৈছিল । 


৩১। চাৰ্জে অঞ্জন গাঁও চুক্তি কিমান খ্ৰীঃত হৈছিল ।

উত্তৰঃ ১৮০৩ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰত চাৰ্জে অঞ্জন গাঁও চুক্তি হৈছিল । 

৩২। চাৰ্জে অঞ্জন গাঁও চুক্তিত মিলিত হোৱা ব্ৰিটিছ সৈন্যই লাভ কৰা সুবিধাসমূহ কি কি ?

উত্তৰঃ  চাৰ্জে অঞ্জন গাওঁ চুক্তিত মিলিত হোৱা ব্ৰিটিছ সৈন্যই লাভ কৰা সুবিধাসমূহ হল 

ক) বেচিন চুক্তিক মান্যতা প্ৰদান ।

খ) যমুনা আৰু গংগা নদীৰ মাজৰ সমতল ভূমি ব্ৰিটিছক অৰ্পণ ।

গ) আহমদনগৰ, ব্ৰছ অজন্তা আৰু গোদাবৰীৰ মাজত থকা ভূমিস্বত্ব পৰিহাৰ । 

ঘ) ব্ৰিটিছৰ সৈতে স্বাক্ষৰিত পূৰ্বৰ সকলো চুক্তিত সন্মতি প্ৰদান ।

ঙ) নামমাত্ৰ মোগল সাম্ৰাজ্যৰ ওপৰত থকা কতৃৰ্ত্ব পৰিহাৰ । 


৩৩। ৰাজপূৰঘাট চুক্তি কেতিয়া হৈছিল ।

উত্তৰঃ ১৮০৫ খ্ৰীষ্টাব্দৰ ২৫ ডিচেম্বৰত ৰাজপুৰঘাট চুক্তি হৈছিল । 


৩৪। ৰাজপূৰঘাট চুক্তিৰ ধাৰাসমূহ কি আছিল ।

 উত্তৰঃ ৰাজপুৰঘাট চুক্তিৰ ধাৰাসমূহ আছিল এনেধৰণৰ 

ক) চম্বল, পুনা আৰু বুন্দেলখণ্ডৰ ওপৰত থকা মাৰাঠা শক্তিৰ কৰ্তৃত্বৰ অৱসান ।

খ) অম্বৰ, চান্দোৰ আৰু ছেৰগাওঁ দুৰ্গ হোলকাৰক অপৰ্ণ ।

গ) ব্ৰিটিছৰ ব্যতিৰেকে সকলো ইউৰোপীয় শক্তিৰ পৰা হোলকাৰ আঁতৰি থকাটো বাধ্যতামূলক ।

উল্লেখযোগ্য যে, ৰাজপুৰঘাট চুক্তি স্বাক্ষৰ কৰাৰ সময়ত লৰ্ড ৱেলেছলীয়ে দায়িত্বভাৰ সামৰি স্বদেশলৈ ঘুৰি যোৱাত নতুন গৱৰ্ণৰ জেনেৰেল ছাৰ জৰ্জ কাৰ্লোৱে হোলকাৰৰ সৈতে চুক্তিত মিলিত হৈছিল । 


৩৫। তৃতীয় ইংগ-মাৰাঠা যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ   ১৮১৭-১৯ খ্ৰীষ্টাব্দত তৃতীয় ইংগ -মাৰাঠা যুদ্ধ হৈছিল । 


৩৬। চিতালবন্দী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৮১৭ চনৰ নৱেম্বৰ মাহত নাগপুৰৰ আপ্পা চাহেব ভোঁসলে আৰু ব্ৰিটিছৰ মাজত চিতালবন্দী যুদ্ধ হৈছিল । 


৩৭। মাহিদপুৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ।

উত্তৰঃ১৮১৭ চনৰ ২১ ডিচেম্বৰত মাহিদপুৰ যুদ্ধ সংঘটিত হৈছিল । 


৩৮। খিৰকি যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৮১৭ চনৰ ৫ নৱেম্বৰ তাৰিখে খিৰকি যুদ্ধ হৈছিল । 

চমুটোকা লিখা 

অযোধ্যা

উত্তৰঃ  ইতিপূৰ্বে বক্সাৰ যুদ্ধৰ পাছত ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতি, বিশেষতঃ বংগ তথা অযোধ্যাৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোকপাত কৰা হৈছিল । উল্লেখযোগ্য যে ১৭৬৫ খ্ৰীষ্টাব্দৰ ১৬ আগষ্টত ৰবাৰ্ট ক্লাইব আৰু অযোধ্যাৰ নৱাব চুজাউদ্দৌলাৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধি অনুযায়ী চুজাউদ্দৌলাই বংগ ৰাজ্যখন ঘুৰাই পাইছিল যদিও তাৰ বিনিময়ত ৫০ লাখ টকা, কাৰা আৰু এলাহাবাদ প্ৰদেশ দুখন ইষ্ট-ইণ্ডিয়া কোম্পানীক এৰি দিয়াৰ উপৰি বিনাশুল্কে অযোধ্যাত ব্যৱসায় কৰাৰ পৰম্পৰা আৰম্ভ কৰাত কোম্পানী প্ৰশাসন আৰু চুজাউদ্দৌলাৰ মাজত সংঘাত আৱশ্যম্ভাৱী আছিল । ১৭৬৮ খ্ৰীষ্টাব্দৰ মেত ব্ৰিটিছ বণিকে অযোধ্যা আৰু বাৰানসীৰ চুজাউদ্দৌলাৰ বিৰোধিতা কল্পেই ব্যৱসায় কৰিবলৈ এৰি দিছিল । ১৭৭১ খ্ৰীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে প্ৰণয়ন কৰা বাণিজ্য নীতিত অযোধ্যাৰ অৰ্থনীতিৰ পৰিপন্থী বিষয়ক কেতবোৰ সিদ্ধান্ত প্ৰকাশ পোৱাত চুজাই প্ৰৱল প্ৰতিবাদ কৰাৰ পিছতেই তদানীন্তন গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছ আৰু চুজাউদ্দৌলাৰ মাজত ১৭৭৩ খ্ৰীষ্টাব্দত সহযোগিতামূলক বাণিজ্যিক চুক্তি সম্পাদন হৈছিল । 

১৭৭৫ খ্ৰীষ্টাব্দত চুজাউদ্দৌলাৰ মৃত্যুৰ পাছত তেওঁৰ  পুত্ৰ আছফ-উদ-দ্দৌলা অযোধ্যাৰ শাসক হিচাপে মনোনীত হৈছিল ।  আছফ-উদ্দৌলাৰ ওপৰত কোম্পানীয়ে তীব্ৰ চাপ প্ৰয়োগ কৰিছিল । যাৰ ফলত নতুন নৱাৱে বছৰি পৰিশোধ কৰা পূৰ্বৰ ৰাজহতকৈ ৫০ হাজাৰ টকা অধিক কোম্পানীক পৰিশোধ কৰিবলৈ বাধ্য হৈছিল । 

২। শিখসকল 

উত্তৰঃ  ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পঞ্জাৱ উপত্যকাৰ অত্যন্ত সাহসী আৰু যোদ্ধা । শিখসকলে ১৭৬৭-৭৩ খ্ৰীষ্টাব্দৰ মাজৰ সময়ছোৱাত এক দৃঢ় ৰাজনৈতিক মতাদৰ্শ প্ৰতিষ্ঠা কৰিছিল । মহাৰাজা ৰঞ্জিত সিঙে অতি দক্ষতাৰে শিখসকলৰ মাজত থকা ১২ টা বিভাজন বা শ্ৰেণীক একজোট কৰি এক নতুন শিখ শক্তিৰ প্ৰভূত্ব বিস্তাৰ কৰিছিল । 

প্ৰথম অৱস্থাত ব্ৰিটিছ আৰু ৰঞ্জিত সিঙৰ মাজত সৌৰ্হাদ্যপূৰ্ণ সম্পৰ্ক আছিল । ব্ৰিটিছে কাশ্মীৰ পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰাৰ স্বাৰ্থত ৰঞ্জিত সিঙৰ সহযোগিতা আৱশ্যকীয় বুলিয়েই এই নীতি লৈছিল । আনহাতে, আভ্যন্তৰীণ প্ৰতিপক্ষ বা ব্যৱসায়িক প্ৰতিদ্ধন্দী ফৰাছী বাহিনী অথবা নেপোলিয়নে সম্ভাব্য ভাৰত আক্ৰমণ কৰে, তেন্তে সেয়া বাধা দিবলৈ ৰঞ্জিত সিঙৰ বন্ধুত্ব আৱশ্যকীয় বুলি ১৮০৬ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰীত ব্ৰিটিছে লাহোৰ চুক্তি স্বাক্ষৰিত কৰিছিল । লাহোৰ চুক্তিৰ পাছতো ব্ৰিটিছসকলে ৰঞ্জিত সিঙক সহজভাৱে লোৱা নাছিল । সেয়েহে ১৮০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিলত অমৃতসৰ চুক্তিত স্বাক্ষৰ কৰি দুয়ো পক্ষই চুটলেজ নদীক শিখ আৰু ব্ৰিটিছৰ সাম্ৰাজ্যৰ সীমাৰেখা হিচাপে নিৰ্ধাৰণ কৰিছিল । ইয়াৰ পাছতে ৰঞ্জিত সিঙে এখন দৰবাৰ আয়োজন কৰি গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকক উস্ম আদৰণি জনাইছিল । ১৮৩৮ খ্ৰীষ্টাব্দত ৰঞ্জিত সিঙ, আফগানিস্থানৰ বহিস্কৃত শাসক চাহছুজা আৰু লৰ্ড অকলেণ্ডৰ মাজত পুনৰ এখন মৈত্ৰী সন্ধি স্থাপিত হৈছিল । 


৩। প্ৰথম ইংগ-শিখ যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৪৫-৪৬ খ্ৰীষ্টাব্দত প্ৰথম ইংগ-শিখ যুদ্ধ হৈছিল । 



৪। ইংগ-সিন্ধু উপত্যকাৰ সম্পৰ্কৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ পশ্চিম সীমান্তৰ সবাতোকৈ প্ৰয়োজনীয় প্ৰদেশ তথা উপত্যকা সিন্ধুৱে সমকালীন আন্তৰ্জাতিক ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । ইংগ-ৰুছিয়া মতদ্বন্দ্বৰ ফলস্বৰূপে ৰুছিয়াই আফগানিস্তান বা পাৰস্য আক্ৰমণ কৰিব বুলি সচেষ্ট হৈ ব্ৰিটিছে সিন্ধু উপত্যকাত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ আগবাঢ়িছিল । 
১৭৭৫ খ্ৰীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে সিন্ধু উপত্যকাত এটা উদ্যোগ প্ৰতিষ্ঠা কৰিছিল যদিও ১৭৯২ খ্ৰীষ্টাব্দত সেই ঠাই ত্যাগ কৰিছিল । লৰ্ড মিন্টোৱে সিন্ধু উপত্যকালৈ বাণিজ্যিক কাৰ্যসূচী প্ৰেৰণ কৰিছিল । একেদৰে ১৮০৯ খ্ৰীষ্টাব্দত উভয়পক্ষৰ মাজত মৈত্ৰীপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ১৮২০ খ্ৰীষ্টাব্দত একেখন চুক্তিয়েই সংবৰ্ধিত হৈছিল । যাৰ অনুচ্ছেদ অনুযায়ী সিন্ধুত থকা আমেৰিকাৰ নাগৰিকসকলক আতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল । 
১৮৩২ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিলত ব্ৰিটিছ আৰু সিন্ধু উপত্যকাৰ আমীৰসকলৰ মাজত বাণিজ্যিক চুক্তি সম্পাদিত হৈছিল । ১৮৩৪ খ্ৰীষ্টাব্দত মহাৰাজা ৰঞ্জিত সিঙে ১৮৩২ খ্ৰীষ্টাব্দত সম্পাদিত চুক্তিৰ কেতবোৰ অধিনিয়ম বিৰোধিতা কৰি সিন্ধু আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আমীৰসকলে ব্ৰিটিছৰ লগত এখন প্ৰতিৰক্ষামূলক চুক্তি কৰিছিল । ১৮৩৯ খ্ৰীষ্টাব্দৰ চুক্তি মৰ্মে ব্ৰিটিছৰ এটা সামৰিক বাহিনী শিখৰপুৰ আৰু বুখাৰত থাকিব । আমীৰসকলেই উত্ক বাহিনীৰ খা-খৰচ পৰিশোধ কৰিব লাগিব । সিন্ধুত মুক্ত বাণিজ্য প্ৰৱৰ্তন হব আৰু এখন ব্ৰিটিছ অভিকৰ্তাই সিন্ধুত থাকি পৰিস্থিতি চোৱাচিতা কৰিব । 
আফগান যুদ্ধৰ সময়ত সিন্ধু-উপত্যকাক ব্ৰিটিছে সামগ্ৰী পৰিবহণৰ পথ বা বুলনী হিচাপে ব্যৱহাৰ কৰিছিল । ১৮৪২ খ্ৰীষ্টাব্দত লৰ্ড অকলেণ্ডৰ ঠাইত এলেন বৰুজ গৱৰ্ণৰ জেনেৰেল হিচাপে অধিস্থিত হৈছিল । উল্লেখযোগ্য যে ইংগ-আফগান যুদ্ধত সিন্ধু উপত্যকাৰ উপযোগিতাৰ কথা বিবেচনা কৰি ব্ৰিটিছ অঞ্চলটো অধিকাৰ কৰিবলৈ আলোচনা কৰিছিল । 


Type: Apurba Kakati

Author- Ali rani Kakati (Ba in History Major) 






Post ID : DABP005401